SVN Class 5 Social Science Chapter 12 Answer 2026 | স্বায়ত্তশাসিত জিলা পৰিষদ । Lesson 12 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান পঞ্চম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |

পাঠ ১২
স্বায়ত্তশাসিত জিলা পৰিষদ

১। চমু উত্তৰ দিয়া-
(ক) জনজাতি কাক বােলে? জনজাতীয় লােকসকলৰ বৈশিষ্ট্য কি?
উত্তৰঃ সাধাৰণতে একোটা অঞ্চলত আদিম কালৰে পৰা বাস কৰি থকা একোটা সামাজিক গোটক জনজাতি বোলা হয়।
জনজাতীয় লােকসকলৰ বৈশিষ্ট্য হৈছে তেওঁলােকৰ নিজা ভাষা , ৰীতি-নীতি আৰু সংস্কৃতি আছে। তেওঁলােকৰ জীৱন – নির্বাহৰ পদ্ধতি , সামাজিক ব্যৱস্থা আৰু পৰম্পৰাবােৰাে সুকীয়া ।

(খ) স্বায়ত্ত শাসন ব্যৱস্থা বুলিলে কি বুজা? ইয়াৰ উদ্দেশ্য কি?
উত্তৰঃ একোখন জনজাতীয় সমাজৰ উন্নয়নৰ বাবে অঞ্চলটোৰ শাসনভাৰ জনজাতিটোৰ নিৰ্বাচিত প্ৰতিনিধিৰ হাতত অৰ্পণ কৰা হয়, এই ব্য়ৱস্থাটোৱে হৈছে স্বায়ত্ব শাসন ব্য়ৱস্থা।

(গ) অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম লিখা।
উত্তৰঃ অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বয়ত্ব শাসিত জিলা পৰিষদৰ নাম হৈছে- কাৰ্বি আংলং স্বায়ত্ব শাসিত জিলা পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য় জিলা পৰিষদ।

(ঘ) অসমৰ ভৈয়াম অঞ্চলত থকা তিনিখন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা।
উত্তৰঃ অসমৰ ভৈয়াম অঞ্চলত থকা তিনিখন স্বায়ত্ব শাসিত পৰিষদৰ নাম হৈছে- বি টি এ ডি বা বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ; এই পৰিষদৰ ভিতৰতে অসমৰ চাৰিখন জিলা অন্তৰ্গত। সেইখন হৈছে- কোকৰাঝাৰ,, চিৰাং, বাকসা আৰু ওদালগুৰি।

(ঙ) বি টি এ ডিৰ জিলাকেইখনৰ নাম লিখা।
উত্তৰঃ বি টি এ ডিৰ জিলাকেইখনৰ নাম হৈছে- কোকৰাঝাৰ, চিৰাং, বাকসা আৰু ওদালগুৰি।

২। খালী ঠাই পূৰণ কৰা-
(ক) পাহাৰীয়া স্বায়ত্ত জিলা পৰিষদ দুখন ১৯৫৫ চনত গঠিত হৈছিল।
(খ) ২০০৩ চনত বি টি এ ডি পৰিষদ গঠন কৰা হৈছিল।
(গ) স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যবাহী সদস্য ভােটাৰসকলে বাছি দিয়ে।
(ঘ) স্বায়ত্তশাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক কাৰ্যবাহী সদস্য়সকলে সকলে বাছি দিয়ে।
(ঙ) স্বায়ত্তশাসিত পৰিষদত জনজাতীয় লোকসকলে সকলে কিছুমান বিশেষ সুবিধা ভােগ কৰিব পাৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top