SVN Class 4 Science Chapter 10 Answer 2026 | চৰাইৰ নীড়া বন্ধন আৰু শাৱক পালন | Lesson 10 | Class 4 Science Question and Answer Sankardev School | শংকৰদেৱ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ১০

চৰাইৰ নীড় বন্ধন আৰু শাৱক পালন

১। গছৰ খোৰোঙত বাহ সজা কেইবিধমান চৰাইৰ নাম লিখা। 

উত্তৰঃ গছৰ খোৰোঙত বাহ সজা কেইবিধমান চৰাইৰ নাম হৈছে – মাছৰোকা, ভাটৌ, ধনেশ, মইনা আদি।

২। গছৰ ফেৰেঙণিত কি কি চৰায়ে বাহ সাজে?

উত্তৰঃ গছৰ ফেৰেঙণিত কাউৰী, চিলনি, শগুণ আদি চৰায়ে বাহ সাজে।

৩। চৰায়ে কিয় গান গায়?

উত্তৰঃ চৰায়ে নিজৰ মাত আৰু গানৰ মাধ্য়মেদি ইটোৱে-সিটোলৈ বতৰা পঠিয়ায়। সিহঁতে গান আৰু মাতেৰে নিজৰ অস্তিত্ব জাহিৰ কৰে; প্ৰজননৰ সময়ত ইঙ্গিত দিয়ে আৰু বিপদৰ বতৰা দিয়ে।

৪। চৰাইৰ কন্ঠনলীক কি বুলি কোৱা হয়?

উত্তৰঃ চৰাইৰ কন্ঠনলীক ছাইৰিংক্স বুলি কোৱা হয়।

৫। চৰাইৰ মাত চিঁয়া কিয়?

উত্তৰঃ চৰাইৰ গানৰ প্ৰতি ছেকেণ্ডত চাৰিহাজাৰতকৈ অধিক কঁপনি সৃষ্টি হ’ব পাৰে। সেয়ে চৰাইৰ মাত চিঁয়া।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top