SVN Class 4 Science Chapter 14 Answer 2026 | বিদ্য়ুৎ আৰু চুম্বক | অধ্য়ায় ১৪ | Lesson 14 | Class 4 Science Solution Sankardev | Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ বিদ্য়ুৎ আৰু চুম্বক পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ১৪

বিদ্য়ুৎ আৰু চুম্বক

১। স্থিৰ  বিদ্য়ুৎ বুলিলে কি বুজা?

উত্তৰঃ যি বিদ্য়ুতৰ আধান স্থিৰ তাক স্থিৰ বিদ্য়ুৎ বোলে।

২। জলবিদ্য়ুৎ কেনেদৰে উৎপন্ন কৰে?

উত্তৰঃ পাহাৰ, পৰ্বত আদি ওখ ঠাইৰ পৰা জোৰেৰে নামি অহা পানীৰ সোঁতত ডাঙৰ ডাঙৰ চকৰি ঘূৰাই বহু বেছি পৰিমাণে বিদ্য়ুৎ শক্তি উৎপন্ন কৰে। পানীৰ পৰা উৎপাদন কৰা এনে বিদ্য়ুৎক জলবিদ্য়ুৎ বোলা হয়।

৩। টাৰবাইন কি?

উত্তৰঃ টাৰবাইন হৈছে বিদ্য়ুৎ শক্তি উৎপাদন কৰিবলৈ ব্য়ৱহাৰ কৰা ডাঙৰ চকৰি।

৪। ঘৰত বিজুলী শক্তিৰে চলোৱা কেইবিধমান আহিলাৰ নাম লিখা।

উত্তৰঃ ঘৰত বিজুলী শক্তিৰে চলোৱা কেইবিধমান আহিলাৰ নাম হৈছে 一 বাল্ব, পাংখা, ফ্ৰিজ, টেলিভিছন আদি।

৫। চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ পদাৰ্থ চুম্বকে আকৰ্ষণ কৰে, সেইবোৰ পদাৰ্থক চুম্বকীয় পদাৰ্থ বোলে। যেনে – লো, গজাল, বেজী, পিন আদি। আৰু যিবোৰ পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে, সেইবোৰ পদাৰ্থক অচুম্বকীয় পদাৰ্থ বোলে। যেনে – কাগজ, কাঠ, কাপোৰ আদি।

৬। এডাল চুম্বকৰ মেৰু কেইটা? কি কি?

উত্তৰঃ এডাল চুম্বকৰ মেৰু দুটা। সেইকেইটা হৈছে 一 উত্তৰ মেৰু আৰু দক্ষিণ মেৰু।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top