AJB Class 7 History Chapter 11 Answer 2026 | পুৰণি অসমৰ খেল – ধেমালি | Lesson 11 | Class 7 History Question Answer | AJB |

অধ্যায়ঃ ১১ 

পুৰণি অসমৰ খেল-ধেমালি

 

 ১। খেল – ধেমালিৰ জৰিয়তে একোটা জাতিৰ কি কি কথা জানিব পৰা যায় ? 

উত্তৰঃ খেল-ধেমানিৰ যোগেদি  একোটা জাতিৰ মানসীকতা, চিন্তা-চৰ্চা, বিভিন্ন কাম-কাজ আৰু জাতিটোৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি অৱস্থা কিমান উন্নত, সেই কথা জানিব পৰা যায়।

২। অসমৰ জীৱ – জন্তু সম্পৰ্কীয় খেলৰ বিষয়ে লিখাঁ ।

উত্তৰঃ জীৱ-জন্তুৰ যুজ সমূহ হল-মহ যুঁজ , মেঠোন যুঁজ, হাতী যুঁজ আদি।

আহোম স্বৰ্গদেউ সকলৰ ৰাজত্বকালত এনে জীৱ-জন্তুৰ যুঁজবোৰ ৰজা ঘৰীয়া পৃষ্ঠপোষকতাৰ জৰিয়তে খেল-ধেমালী আৰু ৰং-ৰহইচ হিচাপে জনপ্ৰিয় হবলৈ ধৰিলে। এনে জন্তুৰ যুঁজবিলাকৰ ভিতৰত মহ যুঁজবৰ্তমান সময়তো মৰিঁগাও, আঁহতগুৰি আদি ঠাইত জনপ্ৰিয় হবলৈ ধৰিলে। 

৩। অসমৰ চৰাই সম্পর্কীয় খেলৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ চৰাই যুজত ব্য়ৱহাৰ হোৱা চৰাই সমূহ হল- শেন, কুকুৰা, মৰা, ভাটৌ, মইনা, বুলবুলি চৰাই আদি। চৰাইবোৰৰ নামেৰে যুঁজবোৰ নামকৰণ কৰা হৈছিল। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত এনে জন্তু আৰু চৰাই যুঁজৰ খেলবোৰ পতা হৈছিল।

৪। পুৰণি অসমত ঘৰৰ ভিতৰত খেলা তিনিবিধ খেলৰ নাম লিখা ।

উত্তৰঃ পুৰণি অসমত ঘৰৰ ভিতৰত খেলা তিনিবিধ  খেলৰ নাম হল-কড়ি খেল, কণী যুঁজ, হেতালি খেল আদি। 

৫। পুৰণি অসমৰ ধর্ম সম্পর্কীয় খেল – ধেমালিৰ বিষয়ে লিখা । 

উত্তৰঃ ধৰ্মীয় ৰীতি-নীতি সৈতে মানুহৰ  গভীৰ সম্পৰ্ক থাকে। সেইদৰা ধৰ্মীয় উতসৱ-পাৰ্ৱণৰ সময়ত খেল-ধেমালিৰ মাজেৰে তেনে উতসৱৰ আনন্দ উপভোগ কৰা হয়।  একো একোখন সমাজৰ লোক সকলৰ মাজত ভক্তিভাৱে প্ৰাধান্য় পায়। ফাকুৱা উতসৱত  ৰঙৰ খেল, শ্ৰীকৃষ্ঞ জন্মোতসৱ জন্মাষ্টমীৰ সময়ত খেলা বোকাখেল এনে ধৰ্ম সম্পৰ্কীয় খেলৰ শাৰীত পৰে। 

৬। পুৰণি অসমত ঘৰৰ বাহিৰত খেলা খেলৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰঃ পুৰণি অসমৰ ঘৰৰ খেলা-খেলক ইংৰাজীত আউটডৰ গেম  বোলা হয়। তেনে খেলৰ ভিতৰত নাও খেল অ্য়তম। পুৰণি অসমত প্ৰচলিত আন এবিধ খেল  হৈছে   গেন খেল। খেলবিধৰ সৈতে আজিকালিৰ হকী খেলৰ মিল আছে। মানুহৰ  মাজত প্ৰচলিত আন আন বাহিৰত খেলা জনপ্ৰিয় খেলবোৰ হৈছে- টাংগুটি, ঢোপ, হাও গুডু আদি। ঘিলা খেল, কণীযুঁজ, লাটুমখেল আদিও অতি জনপ্ৰিয় আছিল।  

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top