GU BA 2nd Sem Education Chapter 4 Question Answer | বুদ্ধি, সৃজনীশীলতা আৰু ব্য়ক্তিত্ব পাঠটোৰ প্ৰশ্ন উত্তৰ

 GU BA 2nd Sem

Education

Chapter 4 Question Answer

বুদ্ধি, সৃজনীশীলতা আৰু ব্য়ক্তিত্ব

► অতি চমু প্রশ্নোত্তৰ :

১। বুদ্ধি বুলিলে কি বুজা?

উত্তৰঃ বুদ্ধি হ’ল মানুহৰ এক বিশেষ মানসিক শক্তি। বুদ্ধি হ’ল মানুহৰ অমূৰ্ত চিন্তন কৰিব পৰাৰ সামর্থ।

২। বুদ্ধিমাত্ৰা ধাৰণাটো প্রথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ ষ্টান আৰু কুলমেনে।

৩। বুদ্ধিৰ বহুকাৰক তত্ত্বটো কোনে উলিয়াইছিল?

উত্তৰ : বুদ্ধিৰ বহুকাৰক তত্ত্বটো এডৱাৰ্ড লী থর্নডাইকে উলিয়াইছিল।

৪। থর্নডাইকে বহুকাৰক তত্ত্বটো কোনখন গ্ৰন্থত লিখিছিল?

উত্তৰ: থর্নডাইকে বহুকাৰক তত্ত্বটো “The Measurement of Intelligence” গ্রন্থত লিখিছিল।

৫। লেটিন ভাষাৰ Persona শব্দটোৰ অৰ্থ কি?

উত্তৰ: লেটিন ভাষাৰ Persona শব্দৰ অৰ্থ হৈছে মুখা বা ‘musk’।

৬। ব্যক্তিৰ গুণ বা ব্যক্তিৰ সংলক্ষণ মানে কি?

উত্তৰঃ যিবিলাক উপাদান লগ হৈ ব্যক্তিত্ব সৃষ্টি হয় সেই উপাদানবিলাকক ব্যক্তিৰ গুণ বা ব্যক্তিৰ সংলক্ষণ বুলি কোৱা হয়।

৭। ব্যক্তিৰ আচৰণৰ সামগ্রিক প্রকৃতিয়ে হ’ল ব্যক্তিত্ব- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ উক্ত কথাষাৰ উদৱৰ্থে কৈছিল।

৮। ৰ’ৰছা অভীক্ষাত মুঠতে কেইখন মহীচিহ্ন কার্ড আছে?

উত্তৰ : ৰ’ৰছা অভীক্ষাত মুঠতে ১০খন মহীচিহ্ন কার্ড আছে।

৯। আৰ্নষ্ট ক্ৰেমাৰে ব্যক্তিত্বক কিদৰে ভাগ কৰিছে?

উত্তৰ: ক্ৰেমাৰে ব্যক্তিৰ আকাৰ-আকৃতিৰ ওপৰত অধ্যয়ন কৰি ব্যক্তিৰ চাৰিটা ভাগ কৰিছে। সেইকেইটা হৈছে- গোলকায়, দীর্ঘকায়, পুষ্টকায় আৰু বিকৃতকায়।

১০। ব্যক্তিত্ব নির্ধাৰণকাৰী দিশ দুটা কি কি?

উত্তৰঃ ব্যক্তিত্ব নির্ধাৰণকাৰী দিশ দুটা হৈছে- (ক) বংশগতি আৰু (খ) পৰিৱেশ।

১১। খালী ঠাই পূৰণ কৰাঃ

(i)  চিন্তন ক্ষমতাই হ’ল বুদ্ধি।

উত্তৰ : বিমূর্ত

(ii) ব্যক্তিৰ বিভিন্ন সংলক্ষণৰ সমষ্টিয়েই হ’ল ।

উত্তৰঃ ব্যক্তিত্ব।

(iii) সৃজনশীলতা ৰ দ্বাৰা প্ৰভাৱান্বিত হয়।

উত্তৰঃ বুদ্ধি।

(iv)  ৰ মতে ‘বুদ্ধি হ’ল এবিধ মানসিক ক্রিয়া সম্পাদনৰ ক্ষমতা।’

উত্তৰঃ স্পিয়েৰমেন।

(v) সৃজনশীলতাৰ পৰিসৰ  । 

উত্তৰঃ ব্যাপক।

১২। তলত দিয়া উক্তিকেইটাৰ শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰা।(i) বুদ্ধি জন্মগত আৰু আপেক্ষিকভাৱে স্থায়ী।

উত্তৰ: শুদ্ধ।

(ii) প্রতিভাশালী শিশুৰ বুদ্ধ্যাংক ১৪০ৰ ওপৰত।

উত্তৰ: শুদ্ধ।

(iii) বুদ্ধি অভীক্ষাৰ এটা প্ৰকাৰ হৈছে দলীয় অভীক্ষা। 

উত্তৰ: শুদ্ধ।

(iv) ইংৰাজী প্রতিশব্দ ‘Personality’ লেটিন ভাষাৰ পাৰ্ছনা (Persona) শব্দৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ শুদ্ধ।

(v) কেটেলে কৈছে ‘ব্যক্তিত্ব এক জৈৱিক সত্তা।’

উত্তৰ: অশুদ্ধ।

(vi) ব্যক্তিত্ব গতিশীল। 

উত্তৰঃ শুদ্ধ।

(vii) ব্যক্তি এজনৰ ব্যক্তিত্ব স্থিতিশীল।

উত্তৰঃ অশুদ্ধ।

► চমু প্রশ্নোত্তৰ :

১। বুদ্ধি মানে কি?

উত্তৰঃ বুদ্ধি হৈছে এক বহল পৰিসৰৰ সাধাৰণ গুণ, যিয়ে এজন লোকৰ দৈহিক আৰু মানসিক গাঁথনি শক্তিশালী আৰু কৰ্মক্ষম কৰি তোলে। বুদ্ধি জন্মগত আৰু অনার্জিত মানসিক সম্পদ। এই শক্তি শিক্ষা আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ নকৰে। ই হৈছে ব্যক্তিৰ সহজাত যোগ্যতা যাৰদ্বাৰা পৰিবেশৰ পৰা অভিজ্ঞতা আহৰণ কৰি এজন ব্যক্তিয়ে তাৰ উপযুক্ত প্রয়োগ কৰিব পাৰে।

২। বুদ্ধিৰ এটা জনপ্রিয় সংজ্ঞা দি ব্যাখ্যা কৰা।

উত্তৰ: আমেৰিকান মনোবিজ্ঞানী ডেভিড ৱেছলাৰৰ মতে, “বুদ্ধি হৈছে ব্যক্তিৰ এক সামগ্রিক অথবা জাগতিক ক্ষমতা, যাৰদ্বাৰা তেওঁ উদ্দেশ্যপূৰ্ণভাৱে কাম কৰিব পাৰে। যুক্তিপূর্ণভাৱে চিন্তা কৰিব পাৰে আৰু পৰিৱেশৰ লগত আদান-প্রদান কৰিব পাৰে।”

উপৰোক্ত সংজ্ঞাটোৰ পৰা ক’ব পাৰি যে বুদ্ধি হৈছে চিন্তন কৰিব পৰা ক্ষমতা আৰু শিকাৰ সামৰ্থ। ইনতুন পৰিৱেশৰ লগত সমাযোজন কৰাত ব্যক্তি এজনক উপযুক্ত কনি তোলে। এই গুণে এজন লোকৰ দৈহিক আৰু মানসিক গাঁথনি শক্তিশালী আৰু কৰ্মক্ষম কৰি তোলে। ই হৈছে ব্যক্তিৰ সহজাত এক বিশিষ্ট গুণ, যাৰ সহায়ত পৰিৱেশৰ পৰা অভিজ্ঞতা আহৰণ কৰি এজন ব্যক্তিয়ে তাৰ উপযুক্ত প্ৰয়োগ কৰিব পাৰে। এজন লোকে পৰিৱেশত সম্মুখীন হোৱা সমস্যাৰ প্ৰতি কেনেদৰে সচেতন হয়, কিদৰে সেয়া অধ্যয়ন কৰে আৰু সমাধানৰ চেষ্টা চলাই উপায় উদ্ভাৱন কৰে, এই সকলো কথা ব্যক্তিজনৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে।

৩। বুদ্ধিৰ দ্বি-কাৰক তত্ত্ব কি?

উত্তৰ: ইংৰাজ মনোবিজ্ঞানী চাৰ্লচ স্পিয়েৰমেনে বুদ্ধিৰ দ্বিকাৰক তত্ত্বটো আগবঢ়াইছিল। এই তত্ত্বৰ মতে, বুদ্ধিৰ দুটা প্ৰধান কাৰক হৈছে ‘জি’ কাৰক অথবা সাধাৰণ মানসিক ক্ষমতা আৰু ‘এছ’ কাৰক অথবা বিশিষ্ট্য মানসিক ক্ষমতাসমূহ। ‘জি’ হ’ল এটি সাধাৰণ শক্তি অর্থাৎ সকলো বৌদ্ধিক কামতেই ইয়াৰ প্ৰয়োগ হয়, কিন্তু, কামৰ প্ৰকৃতি অনুসৰি নিয়োজিত ‘জি’ৰ পৰিমাণ বেলেগ বেলেগ। ‘এছ’ কাৰক ব্যক্তি অনুসৰি পৃথক হয় আৰু একেজন ব্যক্তিৰেই ভিন্ন ভিন্ন বিষয়ৰ ক্ৰিয়াত ই পৃথকৰূপে দেখা দিয়ে।

৪। সৃজন ক্ষমতা কি?

উত্তৰ: সৃজন ক্ষমতা হৈছে ব্যক্তিৰ নিজ চিন্তা আৰু ক্ৰিয়াৰ যোগেৰে নতুনৰ উদ্ভাৱন কৰিব পৰা ক্ষমতা। জে ই ড্ৰেভদেহলৰ মতে, সৃজনশীলতা হৈছে এজন লোকৰ এনে এক ক্ষমতা যাৰ যেগেদি তেওঁ ৰচনা কৰিব পাৰে, ধাৰণা উৎপাদন কৰিব পাৰে, যি মূলতঃ নতুন বা অভিনৱ আৰু উৎপাদকৰ বাবে পূর্বজ্ঞানহীন।

৫। শ্বেল্ডনৰ ব্যক্তিত্বৰ শ্ৰেণীবিভাগ তত্ত্বটোৰ বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ শ্বেল্ডনে শাৰীৰিক লক্ষণৰ ওপৰত ভিত্তি কৰি ব্যক্তিত্বৰ তিনিটা শ্ৰেণীবিভাগ কৰিছে। তেওঁ চিনাক্ত কৰা তিনিবিধ দেহৰ আকৃতিক নাম দিয়ে গোলাকৃতি, আয়তাকৃতি আৰু দীর্ঘাকৃতি। সেই অনুক্রমে তিনিবিধ ব্যক্তিত্বৰ নাম দিয়া হয় উদৰপ্ৰধান, শৰীৰ প্ৰধান আৰু মস্তিষ্ক প্রধান। ইয়াৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) উদৰ প্ৰধান: এনে প্ৰকাৰৰ ব্যক্তিসকল শকত-আৱত, সামাজিক আৰু আৰামপ্রিয় হয়। এনে লোকৰ পেট, কঁকাল আৰু দেহৰ মাজ অংশ বেছিকৈ শকত হয়। এনে লোক সমাজপ্রিয় হয় আৰু সমাজত নিজকে ভালদৰে খাগ খুৱাব পৰা হয়। এনে লোক আৱেগিক সমস্যাৰপৰা মুক্ত।

(খ) শৰীৰ প্ৰধান: এই প্ৰকাৰৰ ব্যক্তিসকল সুস্থ-সবল, স্বাস্থ্যৱান আৰু সুগঠিত হয়। এওঁলোকৰ শৰীৰৰ শক্তিয়ে মনৰ দৃঢ়তা প্রদান কৰে। তেওঁলোকে দুঃসাহসিক কাম কৰি ভাল পায়। এই প্ৰকাৰৰ লোক দৃঢ় প্রতিজ্ঞ আৰু জেদী হয়।

(গ) মস্তিষ্ক প্রধানঃ এওঁলোক দৈহিকভাৱে ক্ষীণ, দুৰ্বল আৰু দীঘল আৰু হাত-ভবি পেশীহীনবিধৰ হয়। এওঁলোকে অকলশৰীয়া হৈ থাকি ভাল পায় আৰু জনসমাগম বেয়া পায়। এই লোকসকল আৱেগিকভাৱে অবদমিত, অসামাজিক আৰু আত্ম-সংকুচিতবিধৰ।

▶ ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। সৃজন ক্ষমতা কি? ইয়াক চিনাক্ত কৰিব পৰা প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। বুদ্ধি আৰু সৃজন ক্ষমতাৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ সৃজন ক্ষমতা হৈছে ব্যক্তিৰ নিজ চিন্তা আৰু ক্ৰিয়াৰ যোগেৰে নতুনৰ উদ্ভাৱন কৰিব পৰা ক্ষমতা। জে ই ড্ৰেভদেহলৰ মতে, সৃজনশীলতা হৈছে এজন লোকৰ এনে এক ক্ষমতা যাৰ যেগেদি তেওঁ ৰচনা কৰিব পাৰে, ধাৰণা উৎপাদন কৰিব পাৰে, যি মূলতঃ নতুন বা অভিনৱ আৰু উৎপাদকৰ বাবে পূর্বজ্ঞানহীন।সৃজনশীলতাৰ বৈশিষ্ট্যসমূহ -(ক) সৃজনশীলতা ব্যক্তিৰ জন্মলব্ধ ক্ষমতা যদিও ইয়াক পৰিবেশৰ অভিজ্ঞতাৰদ্বাৰা পুষ্টিসাধন কৰি তুলিব পাৰি।(খ) সৃজনশীলতা হৈছে ব্যক্তিয়ে নতুন চিন্তা কৰিব পৰা আৰু সৃষ্টি কৰিব পৰা এক বিশিষ্ট অসাধাৰণ ক্ষমতা।(গ) সৃজন ক্ষমতাই সমাজৰ সমস্যাসমূহক সমাধান কৰি উন্নতি আৰু প্ৰগতি নিশ্চিত কৰি তোলে।(ঘ) সৃজনশীল লোকৰ চিন্তা, ক্ৰিয়া আৰু আচৰণত অস্বাভাৱিকতা প্রকাশ পায়।

বুদ্ধি আৰু সৃজনশীলতাৰ

পাৰ্থক্য: বুদ্ধি আৰু সৃজনশীলতা ব্যক্তি বিশেষত মানসিক সামর্থ বুলি জনা যায় যদিও দুয়োটাৰে মাজত পাৰ্থক্য বিদ্যমান। বুদ্ধি হৈছে ব্যক্তি এজনৰ সহজাত ক্ষমতা বা যোগ্যতা, আনহাতে সৃজনশীলতা হ’ল এক বিশেষ প্ৰকাৰৰ চিন্তন। ব্যক্তি এজনৰ ক্ষমতা আৰু বুদ্ধি বা বৌদ্ধিক যোগ্যতা একে গুণ বিশিষ্ট অৱস্থা নহয়। এজন সৃজনশীল ব্যক্তি সচৰাচৰ বৌদ্ধিকভাৱে উচ্চমান বিশিষ্ট হয়। বুদ্ধিহীন লোক সৃজনশীল হৈ উঠিব নোৱাৰে। অৱশ্যে বৌদ্ধিকভাবে উন্নতমানৰ ব্যক্তি মাত্রেই সৃষ্টি প্রতিভাসম্পন্ন হোৱাটো আশা কৰিব নোৱাৰি। উন্নত বুদ্ধিৰ লোকৰ সৃজনক্ষমতা নাথাকিবও পাৰে। বুদ্ধি অভীক্ষা ধৰাবন্ধা সময়সীমা আৰু কটকটীয়া নীতি-নিয়মৰ মাজত আবদ্ধ থাকি পৰিচালনা কৰা হয়। কিন্তু এনে অভীক্ষাত অভীক্ষাৰ্থীৰ সৃজনশীল গুণসমূহ অৱনমিত হৈ থাকিবলৈ বাধ্য হয়।

২। শিশুৰ সংহতিপূর্ণ ব্যক্তিত্বৰ বিকাশত এজন শিক্ষকে কেনেধৰণে সহায় কৰিব পাৰে?

উত্তৰঃ বিদ্যালয়ত শিশুৰ ব্যক্তিত্ব গঠনত শিক্ষকে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। খুব কম বয়সৰ পৰাই শিক্ষানুষ্ঠানত শিক্ষকে বহুত ল’ৰা-ছোৱালীৰ ওপৰত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। বিদ্যালয়ত সন্তোষজনক অৱস্থান, আকর্ষণীয় ঘৰ-দুৱাৰ, আচবাব- পত্র, বিদ্যালয়ৰ যথোপযুক্ত অনুশাসন, মনোগ্রাহী পাঠ্যক্রম, উপযুক্ত শিক্ষাদান পদ্ধতি, বিভিন্ন সহঃপাঠ্যক্রমিক কার্যাবলী, পৰীক্ষা পদ্ধতি, শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত সম্বন্ধ, শিক্ষক-ছাত্ৰৰ মাজৰ সম্বন্ধ, শিক্ষক-ছাত্ৰ আৰু অভিভাৱকৰ মাজত সম্বন্ধ আদি সন্তোষজনক হ’লে ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ জৰিয়তে এক আদৰ্শমূলক জীৱনৰ প্ৰতি আকর্ষিত হয়। এই শিক্ষানুষ্ঠানত শিক্ষকৰ জৰিয়তেই ছাত্ৰ-ছাত্ৰীৰ উপযুক্ত শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক, বৌদ্ধিক, সামাজিক আদি বিভিন্ন দিশৰ বিকাশ সাধন হয়। এইসমূহৰ সুস্থ বিকাশৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ৰাপ, ৰুচি, বোধ, বুদ্ধি, দক্ষতা আদিৰ লগতে সামঞ্জস্য ৰাখি জীৱনৰ বাবে নির্দিষ্ট দিশ বাছি লৈ সমাজৰ প্ৰতি ক্ষেত্ৰতে সুন্দৰভাৱে সমাযোজন কৰিব পাৰে। এই ক্ষেত্ৰত ছাত্র-ছাত্ৰীয়ে প্রয়োজন অনুসৰি নিজকে প্রস্তুত কৰা প্ৰয়োজন। লগতে এনে গধুৰ দায়িত্ব পালনত সহায়ক হ’ব পৰাকৈ বিশেষকৈ মাধ্যমিক স্তৰত শৈক্ষিক আৰু বৃত্তিমূলক নির্দেশনাৰ সুবিধা থাকিব লাগে।শিক্ষাৰ্থীৰ সুস্থ ব্যক্তিত্ব গঢ়ি তোলাত বিদ্যালয়ে এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। বিদ্যালয়ত ঘৰ-দুৱাৰ, নীতি-নিয়মবিলাকৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ আনুগত্য, বিদ্যালয়ৰ উপযুক্ত নিয়ম-শৃঙ্খলা, অনুশাসন আদি থকা উচিত। বিদ্যালয়ত শিক্ষার্থীৰ মাজত সহযোগিতা, শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত সম্বন্ধ, শিক্ষক-শিক্ষার্থীৰ মাজত সম্বন্ধ, শিক্ষক-অভিভাৱকৰ মাজত সম্বন্ধ থাকিব লাগে যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান লাভ কৰিব পাৰে। কিয়নো শিক্ষক-শিক্ষয়ত্ৰীৰ সম্পৰ্কৰ জৰিয়তে শিক্ষার্থীর সামাজিকীকৰণ সুচল হয়। শিক্ষক-শিক্ষয়ত্ৰীৰ লগত সামাজিক আন্তঃক্রিয়া বঢ়াবৰ বাবে বিদ্যালয়ে বিভিন্ন ধৰণৰ কাৰ্যকলাপ হাতত লোৱাৰ চিন্তা কৰিব লাগে। জ্ঞান দানৰ উপৰিও ছাত্র-ছাত্রীক সামাজিক শিক্ষা, আচাৰ-ব্যৱহাৰ আয়ত্ত কৰোৱা বিদ্যালয়ৰ এক প্রধান দায়িত্ব। এই দায়িত্ব যথাযথভাৱে পালন কৰিব নোৱাৰিলে বহু ব্যক্তি অবাটে যোৱাৰ আশংকা থাকে। সেইবাবে শিক্ষার্থীসকলৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি হ’ব পৰাকৈ বিদ্যালয়ে বিভিন্ন সহঃপাঠ্যক্রমিক কাৰ্য্যসূচী হাতত লোৱা উচিত।বিদ্যালয় আৰু পৰিয়ালৰ উমৈহতীয়া প্ৰচেষ্টাতহে ল’ৰা-ছোৱালীৰ সু-সংহত বিকাশ সম্ভৱ হৈ উঠে। সেইবাবে বিদ্যালয়ত শিক্ষক আৰু অভিভাৱকৰ মাজত নিয়মীয়া আৰু অর্থপূর্ণ আদান-প্রদানৰ সুবিধা থাকিব লাগে।ঘৰুৱা পৰিৱেশত আহৰণ কৰা আচৰণসমূহৰ উন্নতিসাধন আৰু পৰিৱৰ্তন কৰিব পাৰে কেৱল শিক্ষকে। সেয়ে কিছুমান বদ স্বভাৱৰ ল’ৰা-ছোৱালীকো শিক্ষকে উপযুক্ত শিক্ষা দি একোজন মহান ব্যক্তি হ’ব পৰাকৈ তেওঁলোকৰ ব্যক্তিত্বক গঢ়ি তোলাত শিক্ষানুষ্ঠানবিলাকেও বিশেষভাৱে সহায় কৰিব পাৰে।

৩। ব্যক্তিত্ব পৰিমাপ কৰা পদ্ধতি কেইটা ব্যাখ্যা কৰা।

উত্তৰঃ বহলভাৱে বিশ্লেষণ কৰিলে ব্যক্তিৰ মূল্যায়নৰ সমূহ পদ্ধতিক তিনিটা বহল ভাগত ভাগ কৰিব পাৰি। এই কেইটা হ’ল-(ক) সমগ্রতাবাদী মূল্যাংকন, (খ) প্রক্ষেপী মূল্যাংকন আৰু (গ) লক্ষণ মূল্যাংকনএই তিনিটা পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

(ক) সমগ্রতাবাদী মূল্যাংকন: কোনোবাই এটা চৰাইৰ ফালে আঙুলিয়াই “এইটো কি?” বুলি সুধিলে সকলোৱে ‘চৰাই’ বুলি উত্তৰ দিব। ইয়াত এটা নিদিষ্ট বস্তু আৰু সকলোৱে চিনি পোৱা বস্তু আৰু সেইবাবে ইয়াৰ সকলোৱে একেটা উত্তৰকে দিব। কিন্তু বস্তুটোরৰ পৰিস্থিতিটো যদি অনির্দিষ্ট হয় তেন্তে সকলোৰে উত্তৰবিলাক বেলেগ বেলেগ হ’ব। উদাহৰণস্বৰূপে আকাশত আমি বিভিন্ন আকৃতিৰ আৰু বিভিন্ন ৰঙৰ ডাৱৰ দেখিবলৈ পোৱা যায়। ডাৱৰ দৃশ্য এক অনির্দিষ্ট পৰিস্থিতি। এচপৰা ডাৱৰ কেতিয়াবা বহি থকা এটা বাঘৰ দৰে, কেতিয়াবা উৰি যোৱা এটা চৰাইৰ দৰে বা কেতিয়াবা অসমৰ মেপখনৰ দবে দেখি। এজনে বাঘ দেখা ডাৱৰ চপৰাক অন্য এজনে হয়তো এজোপা গছৰ দৰেহে দেখিব পাৰে। বেলেগ বেলেগ দেখাৰ মূলতে হ’ল প্রত্যেকে বিভিন্ন ধৰণেৰে কৰা কল্পনা। সন্মুখত থকা বস্তু এটা বা পৰিস্থিতিটো যিমানে বেছি বুজিব নোৱাৰা বা অর্থহীন হ’ব সিমানে মানুহৰ আৰু কল্পনাই ক্রিয়া কৰিবলৈ বেছি অৱকাশ পাব আৰু সিমানেই আমাৰ প্রতিক্রিয়া বা উত্তৰবিলাক বেছি অমিল হ’ব।

(খ) প্রক্ষেপী মূল্যাংকন: এটা পৰিস্থিতিৰ বিষয়ে চিন্তা কৰোঁতে বা অনুমান বা কল্পনা কৰোঁতে মানুহৰ মনোভাব, অভিৰুচী ভয়, সংশয়ৰ ভাব, আত্মবিশ্বাস, মানসিক সংঘাত আদি নানা সংলক্ষণে আপোনা-আপুনি প্রভাৱ বিস্তাৰ কৰে। সেয়েহে আগ-গুৰি নোেহাৱা এটা পৰিস্থিতি বৰ্ণনা কৰোঁতে তাত আমাৰ মনৰ নিভৃত কোণত থকা নানান ভাব-চিন্তা আদি আমি ক’ব নোৱাৰাকৈয়ে ব্যক্ত হৈ পৰে। আন কথাত ক’বলৈ গ’লে, এটা অনির্দিষ্ট পৰিস্থিতি বৰ্ণনা কৰিবলৈ যাওঁতে তাত আমি নিজস্ব মানসিক প্রকৃতি প্রক্ষেপ কৰি দিওঁ। এই প্রক্ষেপ কৰা প্ৰক্ৰিয়াকে প্রক্ষেপণ বোলা হয়। প্রক্ষেপণ প্রক্রিয়াক ব্যক্তিত্ব পৰিমাপনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰি, ইয়াকে প্রক্ষেপী মূল্যায়ন বোলা হয়। এই মূল্যাংকন পদ্ধতিত ব্যক্তিজনক এটা অনির্দিষ্ট পৰিস্থিতিৰ সন্মুখীন কৰোৱা হয় আৰু তেওঁক এই পৰিস্থিতিটো বিশ্লেষণ কৰিবৰ সম্বন্ধে বহুতো কথা জানিব পাৰে।প্রক্ষেপী মূল্যাংকনৰ বাবে বহুতো বিভিন্ন ধৰণৰ অভীক্ষা আছে, তাৰে কেইটামানৰ নাম তলত উল্লেখ কৰা হ’ল(ক) শব্দ অনুসংগ অভীক্ষা
(খ) বাক্য সম্পূৰণ অভীক্ষা(গ) চিত্রগত হতাশা অভীক্ষা(ঘ) মহীচিহ্ন অভীক্ষা(ঙ) কাহিনী সংবোধন অভীক্ষা।

(গ) লক্ষণ মূল্যাংকন: এই পদ্ধতিত সম্পূর্ণ ব্যক্তিত্ব জোখৰ পৰিৱৰ্তে ব্যক্তিৰ বিভিন্ন লক্ষণ এটা এটাকৈ বেলেগ বেলেগে জোখা হয়। ব্যক্তিত্ব-লক্ষণবিলাকক বহু সময়ত ব্যক্তিৰ তৰল গুণ বুলি কোৱা হয়। এইবিলাকৰ পৰা ব্যক্তিৰ প্ৰকৃত ভাৱ-চিন্তা আদি বুজিব নোৱাৰি। অৱশ্যে বহুসংখ্যক লক্ষণ জোখাৰ পাছত আৰু সেইবিলাকৰ পৰিমাপনৰ পাৰস্পৰিক সম্বন্ধ তুলনা আদিৰ বিশ্লেষণ কৰি ব্যক্তিৰ মূল লক্ষণ সম্বন্ধেও যথেষ্ট কথা উলিয়াব পাৰি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top