অধ্য়ায়-আঠ
শিয়াল আৰু বগলী
১। বগলীটো ক’ত আছিল?
উত্তৰঃ বগলীটো এখন বিলৰ পাৰত আছিল।
২। শিয়ালে তাৰ ঘৰত এসাঁজ খাবলৈ কাক মাতিলে?
উত্তৰঃ শিয়ালে তাৰ ঘৰত এসাঁজ খাবলৈ বগলীক মাতিলে।
৩। বগলীয়ে শিয়ালক খুৱাবলৈ কি মাছৰ জোল ৰান্ধিছিল?
উত্তৰঃ বগলীয়ে শিয়ালক খুৱাবলৈ ৰৌ মাছৰ জোল ৰান্ধিছিল।
৪। শিয়ালে বগলীক কি খাবলৈ দিছিল?
উত্তৰঃ শিয়ালে বগলীক মাংস খাবলৈ দিছিল।
৫। বগলীয়ে খাব পাৰিলেনে?
উত্তৰঃ বগলীয়ে খাব নোৱাৰিলে।
৬। বাঁহৰ চুঙাত কোনে, কাক, কি খাবলৈ দিছিল?
উত্তৰঃ বাঁহৰ চুঙাত বগলীয়ে শিয়ালক ৰো মাছৰ জোল খাবলৈ দিছিল।
৭। শেষত শিয়ালে কি কৰিলে?
উত্তৰঃ শেষত শিয়ালে বাঁহৰ চুঙাত খাব নোৱাৰি বাহিৰ ফালেই এটা চেলেক মাৰি লাজে-অপমানে ঘৰমুৱা হ’ল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post