BA 1st Semester Sociology Chapter 6 Question Answer | সংস্কৃতি আৰু সমাজ

সংস্কৃতি আৰু সমাজ

অনুশীলনী

১) সমাজ আৰু সংস্কৃতিৰ সম্পৰ্ক নিৰ্ণয় কৰা।

উত্তৰঃ– সংস্কৃতি আৰু সমাজৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। সংস্কৃতিয়ে আমাৰ চৌপাশৰ সামাজিক জগতখনক প্ৰতিফলিত আৰু গঢ় দিয়ে। সংস্কৃতিসমূহক কিবা এটাৰ স্বতন্ত্ৰ বৈশিষ্ট্য বা বৈশিষ্ট্য হিচাপে সংজ্ঞায়িত কৰিব পাৰি আৰু সমাজৰ প্ৰেক্ষাপটত ইয়াৰ দ্বাৰা বহুতো উপাদানক বুজাব পাৰি। য’ত অন্তৰ্ভুক্ত আছে –

(ক) সামাজিক নীতি-নিয়ম আৰু মূল্যবোধঃ– এইবোৰেই হৈছে সমাজৰ ভিতৰৰ আচৰণক পথ প্ৰদৰ্শন কৰা, ভাগ কৰা, বিশ্বাস আৰু আশা। সংস্কৃতিয়ে এই নীতি আৰু মূল্যবোধসমূহক প্ৰতিফলিত কৰিব পাৰে। ইয়াক শক্তিশালী কৰিব পাৰে। উদাহৰণস্বৰূপে, কিছুমান বিশেষ ফেশ্বন ট্ৰেণ্ডৰ প্ৰাদুৰ্ভাৱক সৌন্দৰ্য্য আৰু মৰ্যাদাৰ চাৰিওফালে থকা সমাজৰ মূল্যবোধৰ প্ৰতিফলন হিচাপে চাব পাৰি।

(খ)সামাজিক গাঁথনি আৰু প্ৰতিষ্ঠানঃ– এইবোৰেই হৈছে সমাজ গঢ় দিয়া সংগঠিত ব্যৱস্থা আৰু সংগঠন। যেনে – পৰিয়াল, বিদ্যালয়, চৰকাৰ, ব্যৱসায় ইত্য়াদি। এই গাঁথনি আৰু প্ৰতিষ্ঠানসমূহৰ ভিতৰত বৈশিষ্ট্যসমূহ নিহিত কৰিব পাৰি। ইয়াৰ কাৰ্য্যকলাপ আৰু ফলাফলক প্ৰভাৱিত কৰিব পাৰি। উদাহৰণস্বৰূপে, ৰাজহুৱা স্থানৰ সৌন্দৰ্য সামাজিক পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু নিয়োজিততাৰ আৰ্হিক প্ৰভাৱিত কৰিব পাৰে।

(গ) সাংস্কৃতিক প্ৰথা আৰু পৰম্পৰাঃ– এইবোৰ হৈছে সমাজৰ সদস্যসকলৰ মাজত থকা ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু বিশ্বাস। সংস্কৃতিসমূহ এই সাংস্কৃতিক উপাদানসমূহৰ প্ৰকাশ হ’ব পাৰে। পৰিচয় আৰু অৰ্থৰ স্পষ্ট প্ৰকাশ প্ৰদান কৰে। উদাহৰণস্বৰূপে, পৰম্পৰাগত সাজ-পোছাকৰ শৈলীয়ে সাংস্কৃতিক ঐতিহ্য আৰু মূল্যবোধক প্ৰতিনিধিত্ব কৰিব পাৰে।

         পাছলৈ সমাজেও সংস্কৃতি গঢ় দিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰে। সমাজৰ পছন্দ, প্ৰয়োজন আৰু বাধাই সংস্কৃতিসমূহৰ বিকাশ, গ্ৰহণ আৰু ব্যৱহাৰত প্ৰভাৱ পেলায়। সংস্কৃতি আৰু সমাজৰ মাজৰ আন্তঃক্ৰিয়া এক গতিশীল আৰু চলি থকা প্ৰক্ৰিয়া। সংস্কৃতিসমূহৰ বিকাশৰ লগে লগে ই সমাজৰ নীতি-নিয়ম, গাঁথনি আৰু প্ৰথাক প্ৰভাৱিত কৰিব পাৰে। আনহাতে সমাজৰ প্ৰয়োজন আৰু পছন্দই সংস্কৃতিসমূহৰ বিকাশ আৰু কাৰ্যকৰীকৰণক গঢ় দি থাকে। এই পাৰস্পৰিক সম্পৰ্কই বৈশিষ্ট্য আৰু ইহঁতে বাস কৰা সামাজিক জগতখনৰ মাজৰ গভীৰ সংযোগক উজ্জ্বল কৰি তোলে।

           সংস্কৃতি আৰু সমাজৰ মাজত কেনেকৈ পৰস্পৰৰ সম্পৰ্ক আছে তাৰ কিছুমান নিৰ্দিষ্ট উদাহৰণ দিয়া হ’ল –

(ক) ১৫ শতিকাত ছপাশালৰ আৱিষ্কাৰে যোগাযোগ আৰু তথ্যৰ প্ৰৱেশত বৈপ্লৱিক পৰিৱৰ্তন আনি সাক্ষৰতা, শিক্ষা আৰু ধাৰণা প্ৰসাৰক লালন-পালন কৰি সমাজত গভীৰ প্ৰভাৱ পেলায়।

(খ) একবিংশ শতিকাত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ উত্থানে সামাজিক যোগাযোগৰ ৰূপান্তৰ ঘটাইছে। সংযোগ, যোগাযোগ, আৰু ছ’চিয়েল গোট গঠনৰ নতুন পথৰ সৃষ্টি কৰিছে।

(গ) পথ আৰু ৰেলপথৰ দৰে পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়নে মানৱ বসতি আৰু গতিশীলতাৰ আৰ্হি গঢ় দিছে। যিয়ে অৰ্থনৈতিক উন্নয়ন আৰু সাংস্কৃতিক বিনিময়ক প্ৰভাৱিত কৰিছে।

(ঘ) অট্টালিকা, ৰাস্তা, উদ্যানকে ধৰি নগৰীয়া স্থানৰ সৌন্দৰ্যই সামাজিক আচৰণক প্ৰভাৱিত কৰিব পাৰে। পাৰস্পৰিক ক্ৰিয়া-কলাপ, সুৰক্ষা আৰু সম্প্ৰদায়ৰ সংহতিক প্ৰসাৰিত বা বাধা দিব পাৰে।

২) সহযোগিতা বুলিলে কি বুজা? ইয়াৰ ভাগসমূহ কি কি ? আলোচনা কৰা।

উত্তৰঃ– সামাজিক প্ৰক্ৰিয়াসমূহৰ  ভিতৰত সহযোগিতা এটা অতি ব্য়াপক প্ৰাথমিক তথা ধাৰাবাহিক প্ৰক্ৰিয়া। সহযোগিতাৰ অবিহনে সমাজৰ কথা কল্পনা কৰিব নোৱাৰি। সকলো কৰ্মক্ষেত্ৰতেই সহযোগিতামূলক আন্তঃক্ৰিয়া ঘটি থকা দেখা যায়। আনকি প্ৰতিযোগিতা বা সংঘাতমূলক কাৰ্যতো সহযোগিতা থকা দেখা যায়। গতিকে দেখা যায় যে সহযোগিতাৰ অবিহনে সমাজ অসম্ভৱ। সাধাৰণ অৰ্থত সহযোগিতা বুলিলে কেইবাজনো ব্য়ক্তিয়ে এটা নিৰ্দিষ্ট লক্ষ্য়ত উপনীত হ’বৰ বাবে একেলগে কৰা কাৰ্যকে বুজায়। সহযোগিতাৰ ইংৰাজী প্ৰতিশব্দ হৈছে “Co-operation” । এই শব্দটোৰ মূল লেটিন ভাষাৰ। লেটিন ভাষাৰ শব্দ ‘co’ আৰু ‘operari’ ৰ সংমিশ্ৰণত “Co-operation” শব্দটো গঠন হৈছে। লেটিন ভাষাত ‘co’ মানে ‘একেলগে’ আৰু ‘operari’ মানে ‘কাম কৰা’। অৰ্থাৎ, সহযোগিতা মানে ‘একেলগে কাম কৰা’।

            সহযোগিতাৰ অৰ্থ প্ৰকাশ কৰিবলৈ গৈ সমাজতত্ত্ববিদ এলড্ৰিজ আৰু মেৰিলে কৈছে, “উমৈহতীয়া লক্ষ্য় সাধনৰ বাবে দুজন বা ততোধিক ব্য়ক্তিয়ে কৰা সামাজিক আন্তঃক্ৰিয়া পদ্ধতিয়েই হৈছে সহযোগিতা।”    

            সহযোগিতাক প্ৰধানকৈ পাঁচটা ভাগত ভাগ কৰা হৈছে। ভাগসমূহ হ’ল – (১) প্ৰত্য়েক্ষ সহযোগিতা (২) পৰোক্ষ সহযোগিতা (৩) প্ৰাথমিক সহযোগিতা (৪) দ্বিতীয়ক সহযোগিতা (৫) তৃতীয়ক সহযোগিতা। এই ভাগসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ’ল – 

(ক) প্ৰত্য়েক্ষ সহযোগিতাঃ– মুখামুখিভাৱে কাম কৰি যি সহযোগ আগবঢ়োৱা হয় তাকে প্ৰত্য়ক্ষ সহযোগ বোলা হয়। এনে সহযোগত সদস্য়সকলৰ মাজত ভৌতিক সান্নিধ্য়ৰ আৱশ্য়ক। সামাজিক জীৱনত বিভিন্ন ক্ষেত্ৰ, যেনে – একেলগে খেলা-ধূলা কৰা, খেতি-বাতি কৰা, বিভিন্ন ধৰ্মীয় উৎসৱ পালন কৰা আদিত ব্য়ক্তিসকলে ভৌতিক সান্নিধ্য়ৰ মুখামুখিভাৱে সহযোগিতা আগবঢ়ায়। গতিকে এনে সহযোগিতাক প্ৰত্য়ক্ষ সহযোগিতা বুলিব পাৰি।

(খ) পৰোক্ষ সহযোগিতাঃ-পৰোক্ষ সহযোগিতাত সদস্য়সকলে মুখামুখি সম্পৰ্কক গৌণ কৰি সম উদ্দেশ্য় সাধনৰ বাবে প্ৰচেষ্টা চলায়। এনে সহযোগিতাত সদস্য়সকলে ভৌতিক সান্নিধ্য়ক বিশেষ গুৰুত্ব নিদিয়ে। ইয়াৰ বিপৰীতে, তেওঁলোকে বিভিন্ন দিশৰ পৰা বিভিন্ন ভূমিকা পালন কৰি উদ্দেশ্য় সাধনতহে গুৰুত্ব দিয়ে। গতিকে একে লক্ষ্য় বা উদ্দেশ্য় পূৰণৰ বাবে ব্য়ক্তিসকলে অভৌতিকভাৱে আৰু মুখামুখি সম্বন্ধক উলাই কৰি যি সহযোগ স্থাপন কৰে তাকে পৰোক্ষ সহযোগিতা বুলিব পাৰি। সেয়েহে পৰোক্ষ সহযোগিতাত এটা নিৰ্দিষ্ট সমূহৰ সদস্য়সকলে এজনে আনজনক ব্য়ক্তিগতভাৱে চিনি নোপোৱোটোও অস্বাভাৱিক নহয়।

(গ) প্ৰাথমিক সহযোগিতাঃ– সাধাৰণ অৰ্থত স্বাভাৱিক আৰু স্বতস্ফূৰ্তভাৱে গঢ় লোৱা সহযোগিতাকে প্ৰাথমিক সহযোগিতা আখ্য়া দিয়া হয়। যদি দুজন ব্য়ক্তি একেলগে বসবাস কৰাৰ ফলত তেওঁলোকৰ মাজত কোনো নীতি-নিয়মৰ তাগিদাত নপৰি স্বাভাৱিকভাৱে সহযোগিতা গঢ় লৈ উঠে তেন্তে তেনে সহযোগিতাক প্ৰাথমিক সহযোগিতা বোলে। প্ৰাথমিক সমূহ, যেনে – পৰিয়াল, ওচৰ-চুবুৰীয়া, সমনীয়া সমূহ ইত্য়াদিৰ সদস্য়সকলৰ মাজত যি সহযোগিতা সৃষ্টি হয় তাকে প্ৰাথমিক সহযোগিতা বোলে।  

(ঘ) দ্বিতীয়ক সহযোগিতাঃ– প্ৰাথমিক সহযোগিতাৰ বিপৰীত প্ৰকৃতিৰ সহযোগিতাকে দ্বিতীয়ক সহযোগিতা বুলিব পাৰি। দ্বিতীয়ক সহযোগিতাত সদস্য়সকলৰ মাজত ভৌতিক সান্নিধ্য়, আন্তৰিক বুজা-পৰা বা সহূদয়তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নহয়। অৰ্থাৎ, দ্বিতীয়ক সহযোগিতা নৈৰ্ব্য়ক্তিক আৰু ইয়াত নিৰ্ধাৰিত নীতি-নিয়ম জড়িত হৈ থাকে। দ্বিতীয়ক সহযোগিতাৰ আন এটা উল্লেখযোগ্য় দিশ হ’ল যে ই আনুষ্ঠানিকভাৱে সম্পন্ন হয়। তদুপৰি এনে সহযোগিতাত বিশেষীকৰণৰ জৰিয়তে সদস্য়সকলৰ মাজত কামৰ বিভাজন কৰা হয় আৰু সদস্য়সকলে নিজৰ নিজৰ কাৰ্য সুচাৰুৰূপে পালন কৰি নিৰ্ধাৰিত লক্ষ্য়ত উপনীত হ’বলৈ চেষ্টা কৰে। 

(ঙ) তৃতীয়ক সহযোগিতাঃ– দুটা বা ততোধিক বৃহৎ সমূহৰ মাজত যেতিয়া সহযোগিতাৰ সৃষ্টি হয় তাক তৃতীয়ক সহযোগিতা বোলা হয়। সাধাৰণতে এনে সহযোগিতা বিভিন্ন ৰাজনৈতিক দল, জাতি, জনজাতি, ধৰ্মীয় গোট আদিত দেখিবলৈ পোৱা যায়। কেতিয়াবা দেখা যায় যে, দুটা বা ততোধিক ৰাজনৈতিক দলে তৃতীয় পক্ষক পৰাজিত কৰাৰ উদ্দেশ্য় একেলগ হৈ কাম কৰে। ইয়াক তৃতীয়ক সহযোগিতাৰ উদাহৰণ হিচাপে গ্ৰহণ কৰিব পাৰি। অৰ্থাৎ, ব্য়ক্তিগতভাৱে সহযোগিতা নকৰি সমূহীয়াভাৱে যি সহযোগিতা আগবঢ়োৱা হয় তাকে তৃতীয়ক সহযোগিতা বুলিব পাৰি। 

৩) প্ৰতিযোগিতাৰ অৰ্থ প্ৰকাশ কৰা। ইয়াৰ প্ৰকাৰসমূহ আলোচনা কৰা।

উত্তৰঃ– সামাজিক প্ৰক্ৰিয়াৰ অন্য় এক গুৰুত্বপূৰ্ণ ৰূপ হ’ল প্ৰতিযোগিতা। পৃথিৱীৰ সকলো সমাজতে কম-বেছি পৰিমাণে প্ৰতিযোগিতাৰ অস্তিত্ব দেখিবলৈ পোৱা যায়। সেইবাবে প্ৰতিযোগিতা এক বিশ্বজনীন সামাজিক প্ৰক্ৰিয়া বুলিব পাৰি। 

             প্ৰতিযোগিতাক সামাজিক সংঘৰ্ষৰ মৌলিক ৰূপ বুলিব পাৰি। জীয়াই থকাৰ বাবে যি সংঘৰ্ষ তাৰ স্বাভাৱিক ফলাফলেই হৈছে প্ৰতিযোগিতা। সমাজত প্ৰতিযোগিতা সৃষ্টিৰ মূলতেই হৈছে যে মানুহে কেতিয়াও তেওঁলোকৰ সকলো আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰে। আনহাতে যেতিয়াই মানুহৰ জীৱন নিৰ্বাহৰ বাবে সচৰাচৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যথোপযুক্ত যোগানৰ অভাৱ হয় তেতিয়াই প্ৰতিযোগিতাৰ সৃষ্টি হয়। কাৰণ মানুহৰ অভাৱৰ তুলনাত অভাৱ মোচনৰ উপায়সমূহ সীমিত। এনেদৰে, সীমিত উপায়েৰে নিৰ্দিষ্ট অভাৱ পূৰণৰ বাবে দুজন বা ততোধিক ব্য়ক্তিৰ অহৰহ প্ৰচেষ্টাই হৈছে প্ৰতিযোগিতা। অন্য় অৰ্থত যেতিয়া কোনো এক নিৰ্দিষ্ট লক্ষ্য়ত উপনীত হ’বলৈ দুজন বা ততোধিক ব্য়ক্তিৰ পৃথকে পৃথকে প্ৰচেষ্টা চলাই তাকে প্ৰতিযোগিতা বুলিব পাৰি। সাধাৰণতে সামাজিক জীৱনৰ বিভিন্ন দিশ, যেনে – ধন-সম্পদ আহৰণ, অৰ্থনৈতিক ক্ষমতা, ৰাজনৈতিক ক্ষমতা, সামাজিক প্ৰস্থিতি, সামাজিক স্বীকৃতি, যোগ্য়তা আহৰণ আদিৰ বাবেই সমাজত প্ৰতিযোগিতা চলা দেখা যায়। 

              প্ৰতিযোগিতা প্ৰধানকৈ পাঁচ প্ৰকাৰৰ। সেইয়া হৈছে – 

(ক) অৰ্থনৈতিক প্ৰতিযোগিতা,

(খ) সামাজিক প্ৰতিযোগিতা,

(গ) ৰাজনৈতিক প্ৰতিযোগিতা,

(ঘ) সাংস্কৃতিক প্ৰতিযোগিতা,

(ঙ) প্ৰজাতীয় প্ৰতিযোগিতা।

             প্ৰতিযোগিতাৰ এই প্ৰকাৰসমূহৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ’ল –

(ক) অৰ্থনৈতিক প্ৰতিযোগিতাঃ– সাধাৰণ অৰ্থত মানুহৰ অৰ্থনৈতিক দিশত যিবোৰ প্ৰতিযোগিতা হয় তাকে অৰ্থনৈতিক প্ৰতিযোগিতা বুলিব পাৰি। এই প্ৰতিযোগিতা বিশেষকৈ উৎপাদন, বিতৰণ, বিনিয়োগ আৰু উপভোগৰ লগত জড়িত। মানুহৰ জীৱনত অৰ্থনৈতিক প্ৰভাৱ অসীম। সেয়ে এই প্ৰতিযোগিতাক আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয়। অৰ্থনৈতিক জীৱনৰ বিভিন্ন ক্ষেত্ৰ যেনে – বৃত্তি, মুনাফা অৰ্জন, মজুৰি বা দৰমহা,সম্পদ আদি লাভৰ বাবে মানুহে সততে প্ৰতিযোগিতাত লিপ্ত হয়।  

(খ) সামাজিক প্ৰতিযোগিতাঃ– মানুহে সামাজিক জীৱনত প্ৰতিষ্ঠা লাভৰ বাবে যি প্ৰচেষ্টা চলায় তাকে সামাজিক প্ৰতিযোগিতা বোলে। মানুহে সমাজত দুই ধৰণেৰে প্ৰস্থিতি বা প্ৰতিষ্ঠা লাভ কৰিব পাৰে। যেনে – জন্মগতভাৱে আৰু স্বলব্ধভাৱে। যিবোৰ সমাজত ব্য়ক্তিৰ নিজৰ দক্ষতা তথা শিক্ষাৰ জড়িয়তে প্ৰস্থিতি লাভ কৰিব পাৰে তেনে সমাজত প্ৰতিযোগিতাৰ মাত্ৰা বেছি হয়। গতিকে নিজস্ব প্ৰচেষ্টাৰে সমাজত উচ্চ প্ৰস্থিতি লাভ কৰিবৰ বাবে যি প্ৰতিযোগিতা হয় তাকে সামাজিক প্ৰতিযোগিতা বুলিব পাৰি।

(গ) ৰাজনৈতিক প্ৰতিযোগিতাঃ– মানুহে সমাাজত ৰাজনৈতিক প্ৰস্তিতি লাভৰ বাবে যি প্ৰতিযোগিতা চলাায় তাকেই ৰাজনৈতিক প্ৰতিযোগিতা বুলিব পাৰি। ৰাজনৈতিক ক্ষমতা লাভ কৰিবৰ বাবে মানুহে দেশৰ নিৰ্বাচনৰ সময়ত নিজ নিজ ৰাজনৈতিক দলৰ প্ৰকাশ কৰি ক্ষমতা লাভৰ প্ৰচেষ্টা চলায়। এইদৰেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিভিন্ন ব্য়ক্তি তথা বিভিন্ন ৰাজনৈতিক দলৰ মাজত ৰাজনৈতিক প্ৰতিযোগিতা দেখিবলৈ পোৱা যায়।

(ঘ) সাংস্কৃতিক প্ৰতিযোগিতাঃ–  নিজস্ব সংস্কৃতি শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবৰ বাবে বিভিন্ন সাংস্কৃতিক সমূহৰ মাজত যি প্ৰতিযোগিতা চলে তাকে সাংস্কৃতিক প্ৰতিযোগিতা বুলিব পাৰি। মানৱ সমাজ মাত্ৰেই তাত বিভিন্ন জাতি-জনজাতি নৃগোষ্ঠীয়ে বসবাস কৰে আৰু এই প্ৰত্য়েক জাতি-জনজাতিয়ে নিজস্ব সংস্কৃতি আছে। সেইদৰে সংস্কৃতিৰ বিকিৰণৰ জৰিয়তে এখন সমাজৰ সংস্কৃতিয়ে আন আন সমাজত প্ৰভাৱ পেলায়। গতিকে, এনে অৱস্থাত নিজস্ব সংস্কৃতি ৰক্ষাৰ বাবে বিভিন্ন জনসমূহৰ মাজত প্ৰতিযোগিতা চলে। এইক্ষেত্ৰত যিটো সংস্কৃতিৰ প্ৰতি ব্য়ক্তি বেছিকৈ আকৃষ্ট হয় বা যিটো সংস্কৃতিৰ ৰীতি-নীতি সমূহৰ মানুহে বেছিকৈ পালন কৰে, সেইটো সংস্কৃতিয়েই সমাজত বেছিকৈ প্ৰসৰতা লাভ কৰে।  

(ঙ) প্ৰজাতিয় প্ৰতিযোগিতাঃ– অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত মানুহে যিদৰে প্ৰতিযোগিতাত লিপ্ত হয় তেনেদৰে বিভিন্ন প্ৰজাতিয় লোকসসকলৰ মাজতো নিজস্ব প্ৰয়োজনীয়তা বা সমূহতাত স্থিতি ৰক্ষাৰ বাবে প্ৰতিযোগিতা চলা দেখা যায়। বৰ্তমান সময়ত জনগোষ্ঠীয় আত্ম-পৰিচয় সংকট এটা প্ৰধান সমস্য়া। য’ত বিভিন্ন জনগোষ্ঠীসমূহে নিজ পৰিচয় ৰক্ষাৰ বাবে সমগ্ৰাম কৰিব লগা হৈছে। গতিকে এনে পৰিস্থিতিত বিভিন্ন প্ৰজাতিয় লোকসকলৰ মাজত অস্তিত্ব ৰক্ষাৰ প্ৰতিযোগিতা চলাটো স্বাভাৱিক।  

৪) সংঘৰ্ষ কি? ইয়াৰ ভাগসমূহ কি কি? প্ৰতিযোগিতা আৰু সংঘৰ্ষৰ পাৰ্থক্য়সমূহ আলোচনা কৰা।

উত্তৰঃ– মানৱ সমাজত সঘনে সংঘটিত হৈ থকা আন এটা সামাজিক প্ৰক্ৰিয়া হৈছে সংঘৰ্ষ বা সংঘাত। দুজন বা তাতকৈ অধিক ব্যক্তি বা গোটৰ মাজত মতানৈক্যৰ সৃষ্টি হ’লে সংঘাতৰ সৃষ্টি হয়। যাৰ ফলত ঘৰ্ষণ আৰু উত্তেজনাৰ সৃষ্টি হয়। এই মতানৈক্য, মূল্যবোধ, মতামত, প্ৰয়োজন, আগ্ৰহ বা আনকি ধাৰণাৰ পাৰ্থক্যৰ পৰাও উদ্ভৱ হ’ব পাৰে। যেতিয়া এই মতানৈক্যবোৰৰ সংঘৰ্ষ হয় আৰু অমীমাংসিত হৈ থাকে তেতিয়া সংঘাতৰ সৃষ্টি হয়। সংঘাত ব্যক্তিগত হ’ব পাৰে। ব্যক্তিক ঘনিষ্ঠ সম্পৰ্কত জড়িত হ’ব পাৰে, বা ই বৃহৎ হ’ব পাৰে। যিয়ে সমগ্ৰ সম্প্ৰদায় বা জাতিসমূহকো প্ৰভাৱিত কৰিব পাৰে। প্ৰায়ে নেতিবাচকভাৱে চোৱা হ’লেও সংঘাত ইতিবাচক পৰিৱৰ্তনৰ অনুঘটক হ’ব পাৰে। যদিহে গঠনমূলকভাৱে সমাধান কৰা হয় আৰু ইয়াক উমৈহতীয়া ভিত্তি বা আপোচ বিচাৰিবলৈ ব্যৱহাৰ কৰা হয়। নিৰ্দিষ্ট লক্ষ্য় সাধনৰ ক্ষেত্ৰত দুজন ব্য়ক্তি অথবা দুটা সমূহৰ মাজত হোৱা প্ৰতিহিংসামূলক প্ৰত্য়ক্ষ কাৰ্যই হ’ল সংঘৰ্ষ।                

              সংঘৰ্ষৰ অৰ্থ সম্পৰ্কে সমাজতত্ত্ববিদসকলে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল –

(ক) বিখ্য়াত সমাজতত্ত্ববিদ এ ডব্লিউ গ্ৰীনে সংঘৰ্ষ সম্পৰ্কে মত প্ৰকাশ কৰি কৈছে, “অন্য় এজনৰ বা আনৰ ইচ্ছাৰ বিৰুদ্ধাচৰণ, প্ৰতিবন্ধকতা বা দমন কৰিবলৈ কৰা ইচ্ছাকৃত প্ৰচেষ্টাই হৈছে সংঘৰ্ষ।”

(খ) আন দুজন সমাজতত্ত্ববিদ গিলিন আৰু গিলিনৰ মতে, “সংঘৰ্ষ হৈছে এটা সামাজিক প্ৰক্ৰিয়া, যিটো ব্য়ক্তিসকলে বা সমূহবিলাকে প্ৰতিদ্বন্দ্বীসকলক প্ৰত্য়ক্ষভাৱে হিংসা বা ভয় দেখুৱাই আত্মস্বাৰ্থ পূৰণ কৰিবলৈ প্ৰত্য়াহ্বান জনায় বা বাধ্য় কৰে।”

              সংঘৰ্ষক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। ভাগসমূহ হ’ল – (ক) সুপ্ত আৰু জাগ্ৰত সংঘৰ্ষ, (খ) ব্য়ক্তিবাচক আৰু সমবায় সংঘৰ্ষ। এই ভাগসমূহৰ বিষয়ে তলত  বহলাই আলোচনা কৰা হ’ল – 

(ক) সুপ্ত আৰু জাগ্ৰত সংঘৰ্ষঃ– যেতিয়া কোনো দুই বা ততোধিক ব্য়ক্তি, সমূহ বা সংগঠনৰ মাজত বাহ্য়িক  ৰূপত সংঘৰ্ষৰ সূত্ৰপাত হয় তেতিয়া তাক জাগ্ৰত সংঘৰ্ষ বুলিব পাৰি। যেনে – চীন-ভাৰতৰ মাজত যুদ্ধ, ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ আদি। আনহাতে যেতিয়া এনে ব্য়ক্তি, সংগঠন বা সমূহৰ মাজত আভ্য়ন্তৰীণভাৱে বিৰোধ ভাবৰ সৃষ্টি হৈ থাকে, সংঘৰ্ষৰ তেনে অৱস্থাক সুপ্ত সংঘৰ্ষ বুলিব পাৰি। অৰ্থাৎ, সুপ্ত সংঘৰ্ষই যেতিয়া বাহ্য়িক বা হিংসাত্মক ৰূপত আত্ম প্ৰকাশ কৰে তেতিয়া তাক জাগ্ৰত সংঘৰ্ষ বুলিব পাৰি। 

(খ) সমবায় আৰু ব্য়ক্তিবাচক সংঘৰ্ষঃ– সংঘৰ্ষত জড়িত দুটা পক্ষ যেতিয়া একোটা বৃহৎ সমূহ বা দেশ বা ৰাষ্ট্ৰ হয় তেতিয়া তাক সমবায় সংঘৰ্ষ বুলিব পাৰি। এনে সংঘৰ্ষত এজন ব্য়ক্তিয়ে আন এজনৰ লগত বিৰোধিতা নকৰি এটা সমূহে আন এটাৰ লগত বিৰোধমূলক কাৰ্যত জড়িত হয়। আনহাতে, ব্য়ক্তিবাচক সংঘৰ্ষ সমবায় সংঘৰ্ষৰ বিপৰীত ৰূপ। এনে সংঘৰ্ষ কেৱল ব্য়ক্তিৰ মাজতে সীমাবদ্ধ থাকে। 

              প্ৰতিযোগিতা আৰু সংঘৰ্ষৰ মাজত থকা পাৰ্থক্য়সমূহ তলত আলোচনা কৰা হ’ল – 

(ক) প্ৰতিযোগিতা আৰু সংঘৰ্ষৰ প্ৰথম পাৰ্থক্য় হ’ল – লক্ষ্য় সাধন কৰাই প্ৰতিযোগিতাৰ মুখ্য় উদ্দশ্য়। কিন্তু সংঘৰ্ষত প্ৰতিদ্বন্দ্বীক বশীভূত কৰিবলৈহে বিচাৰে। 

(খ) প্ৰতিযোগিতা নিয়ন্ত্ৰণাধীন। নিৰ্দিষ্ট কিছুমান নীতি-নিয়মৰ মাধ্য়মেৰে প্ৰতিযোগিতাই ক্ৰিয়া কৰে। কিন্তু সংঘৰ্ষক নিয়ন্ত্ৰণাধীন বুলিব পৰা নাযায়। 

(গ) সংঘৰ্ষৰ লগত সংস্পৰ্শ জড়িত আছে, কিন্তু প্ৰতিযোগিতাৰ লগত নাই। সংঘৰ্ষত দুয়ো পক্ষই শাৰীৰিক শক্তি প্ৰয়োগ কৰি এটা পক্ষই আনটোক পৰাস্ত কৰিব বিচাৰে। আনহাতে প্ৰতিযোগিতাত শাৰীৰিক সংঘাত নঘটে। 

(ঘ) সংঘৰ্ষ পৰিজ্ঞাত। সেয়ে সংঘৰ্ষত লিপ্ত এজনে আনজনক ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰে। সেইদৰে সংঘৰ্ষত জড়িত দুয়ো পক্ষৰ এটাই আনটোক আগৰে পৰা জানে। কিন্তু প্ৰতিযোগিতা অজ্ঞাত। কোনে কাৰ লগত প্ৰতিযোগিতা কৰিব সেই বিষয়ে বহু ক্ষেত্ৰত আগতীয়াকৈ জনা নাযায়। 

(ঙ) সংঘৰ্ষ সমস্য়াযুক্ত। বিশেষ এটা সমস্য়া লৈহে সংঘৰ্ষ সৃষ্টি হয়। কিন্তু প্ৰতিযোগিতাৰ ক্ষেত্ৰত সমস্য়া জড়িত নহয়। নিজৰ যোগ্য়তা, সামৰ্থ্য়, পাৰদৰ্শিতা, জ্ঞান আদিৰ মহত্ত্ব প্ৰকাশ কৰিবৰ বাবেহে প্ৰতিযোগিতাত মানুহে অৱৰ্তীণ হয়। 

(চ) প্ৰতিযোগিতা সকলো ক্ষেত্ৰতে প্ৰেৰণাৰ উৎস। কিন্তু সংঘৰ্ষক প্ৰেৰণাৰ উৎস বুলিব নোৱাৰি। 

(ছ) প্ৰতিযোগিতা হিংসা-দ্বেষ আদিৰ পৰা মুক্ত, কিন্তু সংঘৰ্ষক সকলো ক্ষেত্ৰতে অহিংস বুলিব পৰা নহয়। 

(জ) সংঘৰ্ষ ধ্বংসমূলক। কিন্তু প্ৰতিযোগিতা গঠনমূলক। 

৫) উপযোগীকৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ– মানৱ সমাজত সংঘটিত হৈ থকা আন এটা সামাজিক প্ৰক্ৰিয়া হ’ল উপযোগীকৰণ।সমাজত দেখা দিয়া সংঘৰ্ষৰ পৰা সৃষ্ট অশান্তি বা বিশৃংখলতা নাইকিয়া কৰিবৰ বাবে উপযোগীকৰণ প্ৰক্ৰিয়াৰ প্ৰয়োজন। গতিকে আমি ক’ব পাৰো যে, যি প্ৰক্ৰিয়াৰে সংঘৰ্ষ বা বিবাদৰ অৱসান ঘটায় সমাজত শান্তি-শৃংখলাৰ পৰিৱেশ অটুট ৰাখিবলৈ চেষ্টা কৰে, সেই প্ৰক্ৰিয়াকে উপযোগীকৰণ বোলা হয়। অৰ্থাৎ, সংঘৰ্ষ বা বিবাদমুক্ত এখন সমাজ সম্ভৱ হ’লে সেই সমাজত উপযোগীকৰণ প্ৰক্ৰিয়া মূল্য়হীন হ’ব। কিয়নো উপযোগীকৰণে অস্থায়ীভাৱে হ’লেও সংঘৰ্ষৰ অৱসান ঘটাই সহযোগিতা বা সামাজিক বাতাৱৰণ সৃষ্টি কৰে। 

            উপযোগীকৰণৰ অৰ্থ সম্পৰ্কে সমাজতত্ত্ববিদসকলে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল –

(ক) সমাজতত্ত্ববিদ মেক আইভাৰৰ মতে, “উপযোগীকৰণ এনে এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ জৰিয়তে ব্য়ক্তিয়ে পৰিৱেশৰ লগত স্বতঃস্ফূৰ্তভাৱে খাপ খাই পৰে।”

(খ) সমাজতত্ত্ববিদ গিলিন আৰু গিলিনে তেওঁলোকৰ ‘Cultural Sociology’ নামৰ গ্ৰন্থত উপযোগীকৰণৰ অৰ্থ প্ৰকাশ কৰি কৈছে , “প্ৰতিযোগিতা বা সংঘৰ্ষৰ পৰা সৃষ্টি হোৱা অসুবিধাসমূহ দূৰ কৰি প্ৰতিযোগী বা সংঘৰ্ষত ব্য়ক্তি বা সমূহৰ মাজত আপোচ বা মিত-মাতেৰে সুন্দৰ সম্পৰ্কৰ সৃষ্টি কৰা প্ৰক্ৰিয়াটোৱেই হৈছে উপযোগীকৰণ।”

(গ) আন দুজন সমাজতত্ত্ববিদ হৰ্টন আৰু হাণ্টে উপযোগীকৰণৰ সম্পৰ্কে মতামত আগবঢ়াই কৈছে, “ব্য়ক্তি বা সমূহৰ মাজত সংঘৰ্ষৰ অৱসান ঘটাই উন্নতিমূলক কাম কৰিবলৈ অস্থায়ীভাৱে চুক্তিবদ্ধ হোৱা প্ৰক্ৰিয়াটোৱেই হৈছে উপযোগীকৰণ।”

৬) সদৃশীকৰণৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ– মানৱ সমাজত দেখিবলৈ পোৱা আন এটা প্ৰধান সামাজিক প্ৰক্ৰিয়া হ’ল সদৃশীকৰণ।এই সদৃশীকৰণৰ প্ৰক্ৰিয়াটো ঘাইকৈ সংস্কৃতিৰ লগত জড়িত। সমাজভেদে সংস্কৃতিৰ স্বৰূপ ভিন্ন ভিন্ন হয়। যেনে – জনজাতীয় আৰু অজনজাতীয়, গ্ৰাম্য় আৰু নগৰীয়া আদি সমাজৰ সংস্কৃতিৰ মাজত বহুতো প্ৰভেদ আছে। 

             সদৃশীকৰণ এনে এক প্ৰক্ৰিয়া যি দুটা পৃথক সংস্কৃতিৰ সমন্বয় সাধন কৰি পাৰস্পৰিক বৈসাদৃশ্য়খিনি আঁতৰ কৰে অথবা উভয়ৰে জীৱনাদৰ্শ আৰু জীৱন-প্ৰণালী এক কৰি পৰস্পৰ মাজত থকা অসমতাখিনি দূৰ কৰে। আৰু ইয়াৰ ফলত এক নতুন সংস্কৃতিৰ জন্ম হয় য’ত উভয়ে এৰা-ধৰাৰ মাধ্য়মেৰে কিছুমান ৰীতি-নীতি ত্য়াগ কৰি আন কিছুমানক আদৰি লয়। অন্য় অৰ্থত ক’বলৈ হ’লে এটা সংস্কৃতি অন্য় এটা সংস্কৃতিৰ সৈতে পাৰস্পৰিক সংমিশ্ৰণ হোৱা প্ৰক্ৰিয়াটোৱেই সদৃশীকৰণ। সদৃশীকৰণ প্ৰক্ৰিয়াত দুটা সংস্কৃতিৰ সংমিশ্ৰণ ঘটে বুলি ক’ব পাৰি। 

             তুলনামূলকভাৱে সদৃশীকৰণ এক লেহেমীয়া প্ৰক্ৰিয়া। দুটা পৃথক সমূহৰ সংস্কৃতিৰ সংমিশ্ৰণ অতি কম সময়তে সম্ভৱ নহয়। গতিকে অতি মন্থৰ গতিত আগবাঢ়ি দীৰ্ঘদিনৰ মূৰত সদৃশীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। 

              সদৃশীকৰণৰ অৰ্থ সম্পৰ্কে সমাজতত্ত্ববিদসকলে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল –

(ক) ইয়ং আৰু মেকৰ মতে, “সদৃশীকৰণ হৈছে পূৰ্বৰ দুটা পৃথক সমূহৰ সংস্কৃতিৰ মৌলিকতাসমূহৰ সংমিশ্ৰণত ঘটোৱা এক প্ৰক্ৰিয়া।”

(খ) সমাজতত্ত্ববিদ বগাৰদাছৰ মতে, “সদৃশীকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া, যিটোৱে বিভিন্ন ব্য়ক্তিৰ আচৰণ একত্ৰিত কৰি এক নতুন সন্মিলিত সমূহৰ জন্ম দিয়ে।”

(গ) অগবাৰ্ণ আৰু নিমকফৰ মতে, “সদৃশীকৰণ এনে এক প্ৰক্ৰিয়া, য’ত ব্য়ক্তি বা সমূহৰ বৈসাদৃশ্য়বোৰ আঁতৰাই  নিজৰ স্বাৰ্থ আৰু দৃষ্টিভংগীৰ মাজত সাদৃশ্য়তা আনে।” 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top