GU BA 2nd Sem Philosophy Chapter 4 Question Answer | এৰিষ্ট’টল পাঠটোৰ প্ৰশ্ন উত্তৰ

  GU BA 2nd Sem

Philosophy

Chapter 4 Question Answer

এৰিষ্ট’টল 

►► অতি চমু প্রশ্নোত্তৰঃ

১। যুক্তিবিদ্যাৰ জনক কোন?

উত্তৰঃ এৰিষ্ট ‘টল।

২। এৰিষ্টট’ল কোনগৰাকী বিখ্যাত দার্শনিকৰ শিষ্য আছিল?

উত্তৰঃ প্লেটোৰ।

৩। এৰিষ্টট’ল কোনগৰাকী দিগ্বিজয়ী বীৰৰ শিক্ষাগুৰু আছিল?

উত্তৰঃ আলেকজেণ্ডাৰৰ।

৪। এৰিষ্টট’লৰ মতে উপাদান কি?

উত্তৰঃ উপাদানে ‘বস্তুটো কিহৰদ্বাৰা নিৰ্মিত’ তাক নির্দেশ কৰে। কলহ নিৰ্মাণৰ ক্ষেত্ৰত মাটিক উপাদান কাৰণ হিচাপে ধৰা হয়।

৫। এৰিষ্টট’লৰ মতে চাৰি প্ৰকাৰৰ কাৰণ কি কি?

উত্তৰঃ উপাদান কাৰণ, আকাৰগত কাৰণ, নিমিত্ত কাৰণ আৰু উদ্দেশ্য কাৰণ

▶▶ চমু প্রশ্নোত্তৰঃ

১। এৰিষ্টট’লৰ চাৰি প্ৰকাৰৰ কাৰণ কি কি? উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

উত্তৰঃ এৰিষ্টট ‘লব কাৰ্যকাৰণ সম্বন্ধীয় তত্ত্বটোক ‘চাৰি কাৰণৰ তত্ত্ব’ বুলি জনা যায়। এৰিষ্টট’লৰ মতে কাৰণ কি আৰু কাৰণ কিমান প্ৰকাৰৰ আছে এই সম্বন্ধে জনাটো আমাৰ বাবে প্রয়োজনীয়। এৰিষ্টট’লে চাৰি প্ৰকাৰৰ কাৰণৰ বিষয়ে বর্ণনা কৰিছে। এই চাৰি প্ৰকাৰৰ কাৰণ হ’ল- (ক) উপাদান কাৰণ (খ) আকাৰিক কাৰণ (গ) নিমিত্ত কাৰণ (ঘ) উদ্দেশ্য বা চূড়ান্ত কাৰণ।

উদাহৰণস্বৰূপে, মাটিৰ কলহ আৰু ইয়াৰ নির্মাণ পদ্ধতি ধৰা হওক। যি মাটিবে কলহটো নির্মাণ কৰা হৈছে সেই মাটি কলহ কার্যটোৰ উপাদান কাৰণ। মাটিৰপৰা কলহ নির্মাণ হোবা কার্যত উপাদান কাৰণ মাটি পৰিবৰ্তনবো বিষয়। কলহৰ আকাৰৰ যি ধাৰণা লৈ কুমাৰে কাম আৰম্ভ কৰিলে সেয়া হ’ল আকাবিক কাৰণ। কুমাৰে কলহ নিৰ্মাণৰ কাৰণে যি শক্তি আৰু যন্ত্রপাতি ব্যৱহাৰ কৰিছে সেয়া হ’ল নিমিত্ত কাৰণ। যি উদ্দেশ্য সাধনৰ কাৰণে কলহ নিৰ্মাণৰ কাৰ্যটো সম্পন্ন কৰা হৈছে সেয়া হ’ল উদ্দেশ্য বা চূড়ান্ত কাৰণ। এইক্ষেত্রত ‘পানী কঢ়িওবা আৰু জমা কৰি বখা’ হ’ল উদ্দেশ্য বা চূড়ান্ত কাৰণ।

২। এৰিষ্টট ‘লৰ চমু পৰিচয় আগবঢ়োৱা।

উত্তৰঃ খ্রীঃপূঃ ৩৮৪ত থ্রেছ প্ৰদেশৰ স্ট্র্যাগিৰিয়াত এৰিষ্টট’লৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল নিকোমেকাছ (Nichomachus) এজন ঘৰুৱা চিকিৎসক। উত্তৰাধিকাৰ সূত্রে এৰিষ্টট’লৰ পিতৃ মেচিডনিয়াৰ (Macedonia) দ্বিতীয় ৰজা এমিণটোছৰ (Amyntas) পাৰিবাৰিক চিকিৎসকৰ পদ লাভ কৰে। একেবাৰে শিশু হৈ থকাৰপৰাই তেখেতৰ পিতৃয়ে চিকিৎসা বিষয়ক নানা তত্ত্বৰ শিক্ষা দিছিল তেওঁক। এথেন্সত একাডেমীৰ সদস্যভুক্ত হোৱাৰ পিছত তেওঁ প্লেটোৰ শিষ্যৰূপে স্বীকৃতি লাভ কৰে। এজন উপযুক্ত পথ প্রদর্শক ৰূপে প্লেটোৱে এবিষ্টট’লক সন্মান জনাইছিল। এৰিষ্টট’ল আছিল স্বাধীন মনৰ, মৌলিক চিন্তাৰে পৰিপুষ্ট এজন ব্যক্তি। যদিও প্লেটোৰ দৰ্শনৰ প্রভাৱ আছে, তথাপি একধৰণৰ নিজস্ব দর্শন আৰু চিন্তাৰে এৰিষ্টট’লৰ মাজত সৃজনীমূলক চিন্তাৰ উন্মেষ আছিল প্ৰচুৰ পৰিমাণৰ, সেয়েহে গুৰু প্লেটোৰ অৱদানৰ লগতে নিজস্ব চিন্তাৰ সংযোগ ঘটাই এক ধৰণৰ নতুন চিন্তাৰ বাট মুকলি কৰিছিল তেওঁ।৩৪৩ খ্রীঃপূঃত ম্যাছিডনৰ ৰজা ফিলিপে তেওঁৰ পুত্ৰ আলেকজেণ্ডাৰক শিক্ষাদানৰ বাবে এৰিষ্টট’লক আমন্ত্রণ জনায়। পাঁচ বছৰ কাল তেওঁক এৰিষ্টট’লে শিক্ষাদান কৰে। আলেকজেণ্ডাৰক প্রভাবিত কৰিবলৈ সক্ষম হৈছিল এৰিষ্টট’লে। তথ্য অনুসৰি ৰাজা ফিলিপ আৰু আলেকজেণ্ডাৰ উভয়ৰ প্ৰতি গভীৰ সন্মান আৰু শ্ৰদ্ধাৰ ভাব আছিল। ফিলিপৰ মৃত্যুৰ পিছত আলেকজেণ্ডাৰ ৰজা হয় আৰু এৰিষ্টট’লে এথেন্স পৰিত্যাগ কৰে। এৰিষ্টট’লে লিছিয়াম নামে ঠাইত শিক্ষাদানৰ অনুষ্ঠান প্রতিষ্ঠা কৰে। শিক্ষকসকলৰ নিয়মিত বক্তৃতা প্রদান গৱেষণা কার্য আদিৰ ই অনেক খ্যাতি লাভ কৰিছিল। ইয়াক চতুষ্পাঠী নামেৰে অভিহিত কৰা হৈছিল। ইয়াত দার্শনিক আৰু বৈজ্ঞানিক দুয়োটাৰে সমন্বয় ঘটিছিল। এথেন্সত এৰিষ্ট টলে তেৰ বছৰ পুনৰ পাৰ কৰাৰ আঁচনি লৈ এই শিক্ষানুষ্ঠানত ব্যস্ত হৈ পৰিছিল। এৰিষ্টট’লৰ দর্শন শিক্ষা ভ্রাম্যমাণ দর্শন নামেৰে জনাজাত হৈছিল। কাৰণ শিষ্যসকলক শিক্ষাদান কৰাৰ সময়ত তেওঁ ইফালে-সিফালে খোজকাঢ়ি ফুৰি পাঠদান কৰি ভাল পাইছিল। ৬৩ বছৰ বয়সত খ্ৰীঃপূঃ ৩২২ত তেওঁৰ মৃত্যু ঘটে।

▶▶ ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। এৰিষ্টটলৰ কাৰণতত্ত্বৰ সমালোচনাত্মক মন্তব্য দিয়া। 

উত্তৰঃ এৰিষ্টট’লৰ কাৰণতত্ত্বৰ ওপৰত মন্তব্য কৰি বহুতে অভিযোগ কৰিছে যে এৰিষ্টট’লৰ কাৰণ আচলতে কাৰণ নহয়, এইবোৰ উপকাৰণহে (Conditions) তেওঁলোকৰ মতে, কোনো ঘটনা বা বস্তু, স্পষ্ট ভাষাত কার্য সদায় এটা সৰল ঘটনাৰদ্বাৰা উৎপন্ন নহয়, কেতিয়াবা কেতিয়াবা কার্যটো সবল ঘটনাক যুক্ত কৰি যি জটিল ঘটনাৰ সৃষ্টি হয় তাৰদ্বাৰা সংঘটিত হয়। গতিকে কোনো এটা কাৰ্যৰ কাৰণ হ’ব জটিল ঘটনা আৰু জটিল ঘটনা যিবিলাক সবল ঘটনা দি গঠিত সেইবোৰ হ’ব কাৰণৰ অপৰিহার্য অংগ বা অংশ। কাৰণৰ এনে অপৰিহার্য অংশক তর্কবিজ্ঞানত উপকাৰণ বোলা হয়। তর্কবিজ্ঞানত কাৰণ হ’ল ঘটনা সমষ্টি বা সমবায়, কোনো এটা বিশেষ ঘটনা নহয়। কাৰণৰ অন্তর্ভুক্ত এই বিভিন্ন ঘটনাবোৰৰ প্ৰত্যেকটোৱে একো একোটাকৈ উপকাৰণ। তেনেহ’লে সহজ কথাত কাৰণ বুলিলে বুজায় উপকাৰণ সমষ্টি বা চর্ত সমষ্টি। এইক্ষেত্ৰত আমাৰ মিলৰ কথা মনত পৰে। মিলৰ মতে ‘উপকাৰণ হৈছে অনুকূল আৰু প্রতিকূল উপকাৰণৰ সমষ্টি’ (Cause is the sum total of all conditions… positive and negative) এনেক্ষেত্রত এৰিষ্টট’লে যি চাৰিটা কাৰণৰ উল্লেখ কৰিছে সেইবোৰক প্ৰকৃততে কাৰণ হিচাপে পৰিগণিত কৰিব নোৱাৰি, সেইবোৰ হ’ল কাৰণৰ অন্তর্ভুক্ত বিভিন্ন অপৰিহাৰ্য অংশ, অর্থাৎ উপকাৰণ। এই উপকাৰণ বা চর্তসমূহ সংযুক্ত হৈহে কোনো এটা কাৰ্যৰ উৎপন্ন কৰে। যেনে- মাৰ্বল পাথৰেৰে ভূপেন হাজৰিকাৰ মূর্তি নিৰ্মাণৰ ক্ষেত্ৰত মার্বল পাথৰ, মূৰ্তিৰ আকাৰ, ভাস্কৰ আৰু মূৰ্তিটো নিৰ্মাণ কাৰৰ আঁৰত যি স্মৃতি ৰক্ষাৰ উদ্দেশ্য আদি আটাইবোৰে হৈছে উপকাৰণ আৰু এই উপকাৰণৰ সমষ্টিয়েই হৈছে ভূপেন হাজৰিকাৰ মূৰ্তিটোৰ কাৰণ। গতিকে এৰিষ্টট’লৰ কাৰণ দৰাচলতে উপকাৰণৰ বাহিৰে আন একো নহয়।

২। এৰিষ্টট’লৰ উপাদান আৰু আকাৰ সম্বন্ধীয় মতবাদটোৰ সমালোচনাত্মক প্রবন্ধ যুগুত কৰা।

উত্তৰঃ এৰিষ্টট’ লব দর্শনত দুটা মূল পদাৰ্থক (categories) স্বীকাৰ কৰা হৈছে উপাদান আৰু আকাৰ। এই দুয়োটাই ভিন্ন স্বভাবৰ আৰু বিৰুদ্ধ ধর্মী। কিন্তু বিৰুদ্ধ স্বভাৱৰ হ’লেও দুয়োটাৰ মাজত অবিচ্ছেদ্য সম্বন্ধ আছে। কিন্তু প্রশ্ন হ’ল- এনে বিৰুদ্ধ স্বভাবৰ দুটা পদাৰ্থৰ মাজত অবিচ্ছেদ্য সম্বন্ধ সম্ভৱ হয় কেনেকৈ? আচলতে আকাৰ আৰু উপাদানৰ মাজত থকা ব্যৱধান এবিষ্টট’লে আঁতৰাব পৰা নাই। জগতৰ এটা সন্তোষজনক ব্যাখ্যা দিয়াৰ বাবে আমি এটা পৰম সত্তাক স্বীকাৰ কৰিব লাগিব আৰু পৰম সত্তাৰ স্বীকৃতিৰ মাধ্যমত এৰিষ্টট লে জগতক সঠিকভাবে ব্যাখ্যা কৰিব পাৰিলেহেঁতেন। এবিষ্টট’ লৰ দৰ্শনত এনে অদ্বৈতবাদ বা পৰম সত্তাক স্বীকৃতি নথকাৰ ফলত উপাদান আৰু আকাৰৰ সহায়ত জগতক ব্যাখ্যা কৰা সম্ভৱ নহ’ল।

এৰিষ্টট’লৰ উপাদান আৰু আকাৰ সম্বন্ধীয় মতবাদ অনুসৰি উপাদান আৰু আকাৰৰ সমন্বয়ত জাগতিক বস্তু গঠিত। জগতত এনে কোনো বস্তু নাই য’ত উপাদান আছে কিন্তু আকাৰ নাই; অথবা আকাৰ আছে কিন্তু উপাদান নাই। কিন্তু এই এৰিষ্টট’লৰ এই মতবাদ স্ববিৰোধী। এৰিষ্টট লে নিজেই স্বীকাৰ কৰিছে যে সত্তাৰ সৰ্বনিম্ন স্তৰত আছে আকাৰহীন উপাদান (formless matter) আৰু সর্বোচ্চ স্তৰত আছে বিশুদ্ধ উপাদানহীন আকাৰ (matterless pure form), যাক তেওঁ ঈশ্বৰ বুলি অভিহিত কৰিছে।

আমি জানো এৰিষ্টট’লে প্লেটোৰ ধাৰণাতত্ত্বক কঠোৰভাৱে সমালোচনা কৰিছে। প্লেটোৰ ধাৰণাতত্ত্বৰ আলোচনা সর্বজন জ্ঞাত। প্লেটোৰ ধাৰণাতত্বত প্লেটোৱে আকাৰ বা ধাৰণাকে (Idea) সবাতোকৈ উচ্চ স্থান দিছে। এৰিষ্টট’লেও উপাদান আৰু আকাৰ দুটা মূল পদাৰ্থৰ কথা উল্লেখ কৰিলেও অৱশেষত আকাৰৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিছে। এৰিষ্টট’লৰ মতে, লক্ষ্য বা উদ্দেশ্য হিচাপে, গতি বা পৰিৱৰ্তনৰ বাহক হিচাপে আকাৰ প্ৰথমৰপৰাই উপাদানৰ মাজত প্রচ্ছন্নভাবে নিহিত থাকে। আকাৰৰ প্ৰতি এৰিষ্টট’লৰ এনে গুৰুত্বই ইয়াকে প্রমাণ কৰে যে তেওঁ পৰোক্ষভাবে প্লেটোৰ ধাৰণাতত্ত্বকেই সমর্থন কৰিছে।

গ্রীক দৰ্শনৰ ইতিহাস ৰচিয়তা জেলাৰে (Zeller) এই সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ কৈছে যে উপাদান আৰু আকাৰ সম্পৰ্কে এৰিষ্টট’লৰ বক্তব্য অস্পষ্ট। কাৰণ জেলাৰৰ মতে প্লেটোৰ অধিবিদ্যাক প্ৰৱণতাৰপৰা এৰিষ্টট’লে নিজকে সম্পূর্ণভাৱে মুক্ত কৰিব পৰা নাই। প্লেটোৰ ওচৰত ধাৰণাৰ যিমান অধিবিদ্যাক অস্তিত্ব আছে, এৰিষ্টট’লৰ ওচৰত সিমানেই অস্তিত্ব আছে আকাৰৰ। সেই কাৰণে অধ্যাপক স্টেচে মন্তব্য কৰিছে- এৰিষ্টট’লক যিমান প্লেটোবিৰোধী বুলি ভবা, আচলতে এবিষ্টটল সিমান প্লেটোবিৰোধী নাছিল।

৩। প্লেটোৰ ধাৰণাতত্ত্বৰ সমালোচনাত্মক মন্তব্য দিয়া।

উত্তৰঃ প্লেটোৰ ধাৰণাতত্ত্ব অনুসৰি ধাৰণাবোৰ নিত্য, শাশ্বত, অপৰিৱৰ্তনীয় আৰু পৰম সত্তা। ইয়াৰ বিপৰীতে বিশেষ বিশেষ বস্তুবোৰ ধাৰণাৰ আদৰ্শত সৃষ্ট পৰিৱৰ্তনীয়, অনিত্য আৰু ধাৰণাৰ প্ৰতিলিপি বা নকল সত্তা। একমাত্ৰ ধাৰণাই সত্য, বিশেষ বস্তুবোৰ মিথ্যা। ধাৰণাৰ জ্ঞান বুদ্ধিগ্রাহ্য, কিন্তু ইন্দ্রিয় প্রত্যক্ষৰে বিশেষ বস্তুৰ জ্ঞান লাভ কৰা যায় যিবোৰ ধাৰণাৰ অনুকৰণত উৎপত্তি হয়। বিশেষ বস্তুবোৰ দেশ আৰু কালত থাকে, সেইবাবে এইবোৰৰ উৎপত্তি আৰু ধ্বংস আছে। কিন্তু ধাৰণাবোৰ দেশ-কাল ঊর্দ্ধত, সেইবাবে এইবোৰ উৎপত্তি আৰু বিনাশ ৰহিত। ইন্দ্ৰিয়গ্রাহ্য বস্তুবোৰ আকাৰ বা ধাৰণাত অংশগ্ৰহণ কৰে। ধাৰণাৰ বাস্তৱ সত্তা আছে, কিন্তু বিশেষ বস্তুবোৰৰ নাই। গতিকে প্লেটোৰ মতে, জগত দুখন – এখন বুদ্ধিগ্রাহ্য আৰু আনখন ইন্দ্রিয়গ্রাহ্য, অধিক স্পষ্টকৈ ক’বলৈ গ’লে এখন ধাৰণাৰ জগত আৰু আনখন বিশেষ বস্তুৰ জগত। ধাৰণাৰ জগত একমাত্র সত্য, বিশেষ বস্তুৰ জগত অলীক বা সম্পূর্ণ মিথ্যা।এৰিষ্টটল প্লেটোৰ ধাৰণাতত্ত্বক স্বীকাৰ কৰিও প্লেটোৰ ধাৰণাতত্ত্বক খণ্ডন কৰিছে। এৰিষ্টটল প্লেটোৰ ধাৰণা বা আকাৰৰ বাস্তৱ সত্তাক স্বীকাৰ কৰিছে, কিন্তু প্লেটোরে ধাৰণাৰ জগত আৰু বিশেষ বস্তুৰ জগতৰ মাজত যি ব্যৱধানৰ সৃষ্টি কৰিছে এবিষ্ট ‘টলে তাক অস্বীকাৰ কৰিছে। এৰিষ্টটলৰ মতে, ধাৰণাৰ জগত বা আদর্শ জগত ইন্দ্রিয়গ্রাহ্য বিশেষ বস্তুৰ মাধ্যমেদি প্রকাশিত হয়। ধাৰণা আৰু বিশেষ বস্তুৰ মাজত অবিচ্ছেদ্য সম্বন্ধ আছে। এবিষ্ট টলে প্লেটোৰ ধাৰণাতত্বৰ বিৰুদ্ধে সর্বমুঠ ২৩ টা যুক্তি প্রদান কৰিছে তেওঁৰ Metaphysics গ্রন্থত। আমি তাৰে ভিতৰ প্রধান প্রধান কেইটামান যুক্তি উল্লেখ কৰিলোঁঃ(১) প্লেটোৰ মতে, ধাৰণাবোৰ ইন্দ্ৰিয়াতীত আৰু বিশেষ বস্তুবোৰ ইন্দ্রিয়গ্রাহ্য। কিন্তু এৰিষ্ট টলৰ মতে, প্লেটোৰ ধাৰণা প্রকৃততে বিশেষ বস্তুৰ দৰেই ইন্ন্দ্রিগ্রাহ্য। ইন্দ্রিয়গ্রাহ্য জগতখনক ব্যাখ্যাৰ বাবে ইন্দ্রিয়াতীত সত্তাৰ সন্ধান কৰি পৰিশেষত প্লেটোৱে ইন্দ্রিগ্রাহ্য সত্তাকে ইন্দ্ৰিয়াতীত বুলি স্বীকাৰ কৰিছে। দৰাচলতে বিশেষ থোঁৰা আৰু ঘোঁৰাৰ ধাৰণা, বিশেষ মানুহ আৰু মানুহৰ ধাৰণাৰ মাজত কোনো পার্থক্য নাই। ঘোঁৰাৰ ধাৰণা বিশেষ ঘোঁৰাৰ দৰেই ইন্দ্রিয়গ্রাহ্য, মানুহৰ ধাৰণা চক্রেটিছৰ দৰেই ইন্দ্রিয়গ্রাহ্য। ধাৰণা হ’ল নৰৰূপী দেৱতা দৰে, দেৱতাসকল হ’ল অবিনশ্বৰ মানুহ আৰু ধাৰণা হ’ল অবিনশ্বৰ ইন্দ্রিয়গ্রাহ্য বিষয়। বস্তুবোৰক ধাৰণাৰ নকল বুলি নকৈ দৰাচলতে ধাৰণাবোৰকে বস্তুৰ নকল বুলি কোৱা উচিত।(২) প্লেটোৰ মতে, ধাৰণাবোৰৰ পৰা বিশেষ বস্তুৰ উৎপত্তি হয়। কিন্তু এৰিষ্ট’টলৰ অভিযোগ ‘পৰা’ (from) শব্দটোক যি অর্থতেই গ্রহণ কৰা নহওক কিয়, ধাৰণাৰ পৰা বিশেষ বস্তুবোৰ আহিব নোৱাৰে। ধাৰণাৰ পৰা বিশেষ বস্তুবোৰৰ উদ্ভৱ হ’লে আকৌ এবাৰ প্ৰশ্ন হয়, ধাৰণাৰ লগত বিশেষ বস্তুৰ সম্বন্ধ কি? ধাৰণাৰ লগত বিশেষ বস্তুৰ সম্বন্ধৰ ব্যাখ্যা সঠিককৈ প্লেটোৱে কৰিব পৰা নাই।(৩) প্লেটোৰ ধাৰণাই বস্তুৰ অস্তিত্বৰ ব্যাখ্যা কৰিব নোৱাবে। দৰ্শনৰ মূখ্য সমস্যা হ’ল ইন্দ্রিয়গ্রাহ্য বিশেষ বস্তুবোৰৰ অস্তিত্বৰ হেতু নির্দেশ কৰা। কিন্তু প্লেটোৰ ধাৰণাতত্ত্বত ইয়াৰ কোনো সদুত্তৰ নাই। বুদ্ধিগ্রাহ্য, নিত্য, শাশ্বত, অপৰিৱৰ্তনীয় সত্তাৰ পৰা কেনেকৈ মূর্ত জগতৰ অনিত্য আৰু পৰিৱৰ্তনীয় বিশেষ বস্তুবোৰৰ উৎপত্তি হয় তাৰ কোনো যথোচিত ব্যাখ্যা প্লেটোৰ দৰ্শনত নাই। উদাহৰণস্বৰূপে, শুভ্ৰতাৰ ধাৰণাৰ পৰা কেনেকৈ পৰিৱর্তশীল শুভ্র বস্তুবোৰৰ উৎপত্তি হয় তাৰ ব্যাখ্যা প্লেটোৱে দিব পৰা নাই।(৪) প্লেটোৰ মতে, ধাৰণাবোৰ অপৰিৱৰ্তনীয় (immutable) আৰু গতিহীন (motionless)। ধাৰণাবোৰৰ পৰাই গতিযুক্ত বিশেষ বস্তুবোৰৰ উৎপত্তি হয়। কিন্তু ইস্ব- বিৰোধী কথা। যদি ধাৰণাবোৰ অপৰিৱৰ্তনীয় আৰু গতিহীন হয়, তেনেহ’লে ধাৰণাৰ পৰা সৃষ্ট বিশেষ বস্তুবোৰো গতিহীন আৰু অপৰিবৰ্তনীয় হ’ব লাগিব। ফলত সমগ্র বিশ্বজগতেই স্থিৰ হ’ব। কিন্তু আমাৰ এই জগত গতিযুক্ত, সজীব আৰু পৰিৱর্তনশীল। এৰিষ্ট ‘টলৰ মতে, প্লেটোরে জাগতিক পৰিবর্তন আৰু গতিক ব্যাখ্যা কৰাৰ কোনো চেষ্টাই কৰা নাই। ইয়াক ব্যাখ্যা কৰিবলৈ হ’লে গতির নিয়ম বা সূত্র বুলি কিবা এটা থাকিব লাগিব। কিন্তু প্লেটোৰ দৰ্শনত ধাৰণাবোৰ গতিহীন আৰু অপৰিবৰ্তনীয়। 
(৫) প্লেটোৰ ধাৰণাবাদ অনুসাৰে য’তেই একাধিক বস্তুৰ মাজত কোনো সাধাৰণ ধৰ্মৰ সাদৃশ্য আছে, তাতেই একোটাকৈ ধাৰণা আছে। এনে ক্ষেত্রত প্লেটোরে কেবল ভাৱবাচক ধাৰণাকে স্বীকৃতি দিছে, অভাববাচক ধাৰণাক স্বীকৃতি দিয়া নাই। কিন্তু যেতিয়া একাধিক বস্তুৰ মাজত এটা বিষয় অভাব থাকে, তেতিয়া তাৰ সাদৃশ্যৰ ভিত্তিত ‘অভাব’ (negation) ধাৰণাক স্বীকৃতি দিব লাগিছিল। একে কথা সম্বন্ধৰ (relation) ক্ষেত্রতো প্রযোজ্য। যেতিয়াই একাধিক বস্তুৰ মাজত সম্বন্ধ স্থাপন হয়, তেতিয়া সেই সাদৃশ্যৰ ভিত্তি ‘সম্বন্ধ’ ধাৰণাক স্বীকৃতি দিব লাগে। কিন্তু সাধাৰণভাৱে ‘অভাৱ’ আৰু ‘সম্বন্ধ’ ধাৰণাৰ কথা চিন্তা কৰা নাযায়।(৬) প্লেটোৱে ধাৰণা আৰু সংখ্যাক অভিন্ন বুলি মন্তব্য কৰিছে আৰু ধাৰণাক জাগতিক বস্তুৰ কাৰণো বুলিছে। কিন্তু এৰিষ্ট’টলে প্লেটোৰ এই মতৰ বিৰুদ্ধে আপত্তি তুলিছে। এৰিষ্ট টলৰ মতে, ধাৰণাবোৰ যদি সংখ্যা হয়, তেনেহ’লে ধাৰণাবোৰ কাৰণ হয় কেনেকৈ? যদি ধৰি লোৱা হয় যে, অস্তিত্বশীল বস্তু হ’ল ‘অন্যান্য সংখ্যা’ (যেনেকৈ, ‘মানুহ’ ধাৰণাটো সংখ্যা আৰু বিশেষ মানুহও সংখ্যা), তেনেহ’লে মানি ল’ব লাগিব যে, এদল সংখ্যা আন এদল সংখ্যাৰ কৰাণ। কিন্তু এইটো সম্ভৱ কেনেকৈ? তাৰোপৰি, গাণিতিক সংখ্যাৰ কথা আমি জানোঁ, গতিকে গাণিতিক সংখ্যা আৰু ধাৰণাগত সংখ্যাৰ পাৰ্থক্যৰ ভিত্তিটো কি? সহজ কথাত, এৰিষ্ট’টলে কৈছে আমি এক ধৰণৰ সংখ্যাৰ কথাই জানোঁ আৰু সি হ’ল গাণিতিক সংখ্যা; গাণিতিক সংখ্যাৰ বাহিৰে ধাৰণাগত সংখ্যাৰ স্বীকৃতি অযুক্তিকৰ।(৭) ৰাছেলৰ মতে, প্লেটোৰ ধাৰণাতত্ত্বৰ বিৰুদ্ধে এৰিষ্ট টলৰ সবাতোকৈ শক্তিশালী যুক্তিটো হ’ল ‘তৃতীয় মানৱ’ৰ যুক্তি (the Third Man Argument)। যুক্তিটো এইৰূপ : যদি আদর্শ মানুহৰ লগত সাদৃশ্যপূৰ্ণ হোৱাৰ বাবে এজন ব্যক্তিক মানুহ বুলি কোৱা হয়, তেনেহ’লে বিশেষ মানুহ আৰু আদর্শ মানুহ উভয়ৰে সাদৃশ্যৰ বাবে আৰু এজন তৃতীয় মানুহৰ প্ৰয়োজন হয়। আকৌ, সেই তৃতীয় মানুহৰ লগত সাধাৰণ মানুহ উভয়ৰে সাদৃশ্যৰ বাবে আৰু এজন মানুহৰ প্ৰয়োজন হয়। এনেদৰে শেষতগৈ আমি অনাৱস্থা দোষত (ad infinitum) উপনীত হ’ম আৰু পৰিণতিত কোনো মানুহকে বিচাৰি নাপাম।    যুক্তিটোৰ অতিৰিক্ত ব্যাখ্যাৰ প্ৰয়োজন আছে। অতিৰিক্ত আলোচনাৰ প্ৰাকক্ষণত প্লেটোৰ ধাৰণাতত্ত্বৰ কথা মন কৰক। প্লেটোৰ ধাৰণাতত্ত্ব অনুসৰি বিশেষ বিশেষ বস্তুবোৰ ধাৰণাৰ প্রতিলিপি বা নকল। বিশেষ বস্তুবোৰ ধাৰণাৰ আদৰ্শত সৃষ্ট অথবা প্রত্যেক বিশেষ বস্তুৰ বিপৰীতে একোটাকৈ ধাৰণা থাকে। যেনে- বিশেষ বিশেষ সুন্দৰ বস্তুৰ বিপৰীতে আছে সৌন্দৰ্যৰ ধাৰণা, বিশেষ বিশেষ মানুহৰ বিপৰীতে আছে মানুহৰ ধাৰণা ইত্যাদি। তাৰোপৰি, একে জাতীয় বা শ্রেণীভূক্ত বস্তুৰ মাজত সাধাৰণ ধৰ্ম বা সাদৃশ্যৰ ভিত্তি একো একোটকৈ ধাৰণা গঠিত হয়। উদাহৰণস্বৰূপে, ৰাম, শ্যাম, যদু, মধু ইত্যাদি সকলো মানুহৰ মাজত এটা সাধাৰণ ধৰ্ম বা সাদৃশ্য থকাত ‘মানুহ’ নামৰ ধাৰণা পোৱা যায়। এতিয়া, একাধিক বস্তুৰ মাজত সাদৃশ্য বা সাধাৰণ ধর্ম থাকিলে যদি একোটাকৈ ধাৰণা থাকে, তেনেহ’লে বিশেষ মানুহ আৰু মানুহৰ মাজত নিশ্চয় এনে কোনো সাদৃশ্যগত উপাদান থাকিব, যাৰ ফলত আন এটা ধাৰণা তৃতীয় মানৱৰ প্রয়োজন হ’ব। আকৌ, সেই তৃতীয় মানৰ আৰু বিশেষ মানুহৰ মাজত নিশ্চয় আৰু কোনো সাধাৰণ উপাদানৰ সাদৃশ্য থাকিব, যাৰ ফলত এটা চতুৰ্থ মানৱৰ প্রয়োজন হ’ব। এনেদৰে অনন্তকাললৈ চলিয়ে থাকিব। গতিকে এৰিষ্ট টলৰ মতে, প্লেটোৰ ধাৰণাতত্ত্ব গ্রহণযোগ্য নহয়।কিন্তু এৰিষ্ট ‘টল প্রদত্ত ‘তৃতীয় মানব’ৰ যুক্তি ত্রুটিমুক্ত নহয়। এৰিষ্ট টল প্রদত্ত যুক্তিটো গ্রহণযোগ্য হ’লেহে তেন, যদিহে প্লেটোৱে ধাৰণাবোৰ ‘বস্তু’ বুলি অভিহিত কৰিলেহেতেন। কিন্তু প্লেটোৱে ধাৰণাক ‘বস্তু’ নুবুলি ‘চিন্তা’ বুলিছে। চিন্তা অবস্তুগত। অবস্তুগত চিন্তাক বিশেষ বস্তুৰ পৰ্যায়লৈ নমাই অনাটো অযৌক্তিক। এৰিষ্ট’টলে ধাৰণাবোৰক বস্তু বুলি বিবেচিত কৰি ওপৰোক্ত যুক্তিটো আগবঢ়াইছে। কিন্তু প্লেটোৰ ধাৰণাবোৰক বস্তু বুলি ভৱাটো সমীচীন নহয়। (৮) প্লেটোৱে বস্তুৰ লগত ধাৰণা সম্বন্ধ ব্যাখ্যা কৰিব পৰা নাই। প্লেটোৱে কেবল কৈছে বস্তুবোৰ হ’ল ধাৰণাৰ ‘নকল’ (copy) বা অনুকৰণ (imitation), অথবা বস্তুবোৰ ধাৰণাত ‘অংশগ্রহণ’ (participation) কৰে। প্লেটোৱে বস্তুবোৰ ধাৰণাৰ ‘নকল’, ‘অনুকৰণ’ বা ‘অংশগ্রহণ’ প্রভৃতি শব্দৰ দ্বাৰা ধাৰণা আৰু বস্তুৰ সম্বন্ধক বুজাব পৰা নাই। এৰিষ্ট’টলৰ মতে, প্লেটোৱে এই জাতীয় শব্দ ব্যৱহাৰ কৰি কেৱল কাব্যিক ৰূপকহে দিব পাৰিছে, কিন্তু ধাৰণা আৰু বস্তুৰ প্ৰকৃত সম্বন্ধক ব্যাখ্যা কৰিব নোৱাৰিলে।(৯) প্লেটোৰ ধাৰণাতত্ত্বৰ বিৰুদ্ধে এৰিষ্ট’টলৰ আন এটা গুৰুত্বপূর্ণ অভিযোগ হ’ল, ধাৰণা কেতিয়াও বিশেষ বস্তুবিহীন অস্তিত্বশীল নোৱাৰে। প্লেটোৰ মতে, ধাৰণাবোৰ বিশেষ বস্তুবোৰৰ সাৰধৰ্ম বা সাৰসত্তা (essence)। গতিকে সাৰসত্তা কেতিয়াও বিশেষ বস্তুৰ বাহিৰত অস্তিত্বশীল হ’ব নোৱাৰে। কিন্তু প্লেটোৰ ধাৰণাতত্ত্বত ধাৰণাবোৰ হ’ল বুদ্ধিগ্রাহ্য, পৰিৱৰ্তনশীল বিশেষ বস্তুবোৰৰ ঊর্দ্ধত ইয়াৰ অৱস্থান। উদাহৰণস্বৰূপে, বুদ্ধিগ্রাহ্য গৰুৰ ধাৰণা ইন্দ্ৰিয়গ্রাহ্য বিশেষ বিশেষ গৰুৰ পৰা পৃথক। কিন্তু এৰিষ্ট’টলৰ মতে, এইটো অযুক্তিকৰ। কাৰণ সাৰসত্তা হিচাপে ধাৰণা বিশেষ বিশেষ বস্তুৰ মাজতেই থাকিব লাগিব; বিশেষ বস্তুবিহীন ইয়াৰ কোনো স্বতন্ত্র সত্তা নাই। অধ্যাপক ষ্টেচ আৰু ওৱাই মাছিৰ মতে, এই যুক্তিটোও এৰিষ্ট’টলৰ এটা অন্যতম গুৰুত্বপূৰ্ণ যুক্তি।(১০) আমাৰ এই জগত অসংখ্য বস্তুৰে পৰিপূৰ্ণ আৰু এই অসংখ্য বস্তুৰ অস্তিত্বৰ ব্যাখ্যা দিয়াটো দৰ্শনৰ কাম। কিন্তু প্লেটোরে এই অসংখ্য বস্তুৰ ব্যাখ্যা দিয়াৰ বাবে অসংখ্য ধাৰণাৰ অস্তিত্ব স্বীকাৰ কৰিছে। গতিকে অসংখ্য ধাৰণাৰো ব্যাখ্যাৰ দৰকাৰ। ফলত ব্যাখ্যাত বিষয়বস্তুৰ সংখ্যা হ’ল দ্বিগুণ। এৰিষ্ট ‘টলৰ মতে, “প্লেটো এনে এজন ব্যক্তি যি অল্পসংখ্যক বস্তুক গণনা কৰিবলৈ অসমৰ্থ হৈ ভাবিছে যে গণনাৰ সংখ্যা দ্বিগুণ কৰিলে গণনাৰ সংখ্যা দ্বিগুণ কৰিলে গণনা কৰা সহজ হ’ব | 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top