Gauhati University BA 5th Sem Education (Major & Minor) Chapter 1 “শৈক্ষিক প্ৰযুক্তিবিদ্য” Solution | FYUGP 5th Sem Education Paper 9 Chapter 1 Answer | 2025-2026 |

শৈক্ষিক প্ৰযুক্তিবিদ্যা

১। শৈক্ষিক প্রযুক্তিবিদ্যা মানে কি?

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত প্রযুক্তিবিদ্যাৰ প্রয়োগ প্রক্রিয়াই হ’ল শৈক্ষিক প্রযুক্তিবিদ্যা।

২। শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ উপাদানবোৰক প্রধানতঃ কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰ: শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ উপাদানবোৰক প্রধানতঃ তিনিটা ভাগত ভাগ কৰিব পাবি। সেয়া হ’ল হার্ডৱেৰ বা কঠিনতাৰ অভিগমন, চফটৱেৰ বা কোমলতাৰ অভিগমন জাক পদ্ধতিগত অভিগমন।

৩। আঁচনিকৃত নির্দেশনাত ব্যৱহাৰ কৰা সৰু সৰু গোট বা অংশবোৰক কি বুলি কোৱা হয়?

উত্তৰঃ গঠন (Frame) বুলি কোৱা হয়।

৪। বিভিন্ন গঠনবোৰৰ দ্বাৰা সংগঠিত সমগ্ৰ বিষয়বস্তুক কি বুলি কোৱা হয়?

উত্তৰঃ বিভিন্ন গঠনবোৰৰ দ্বাৰা সংগঠিত সমগ্র বিষয়বস্তুক আঁচনি (Programme) বুলি কোৱা হয়।

৫। গিলবার্ট কোনটো আঁচনিৰ লগত সম্বন্ধিত?

উত্তৰঃ মেথেটিকচ আঁচনি।

৬। শাখাকৃত আঁচনিৰ উদ্ভাৱক কোন আছিল?

উত্তৰ: আমেৰিকাৰ মনোবিজ্ঞানী নৰমান এ. ক্ৰোডাৰ (Norman A. Crowder)।

৭। আঁচনিকৃত নির্দেশনা কোনটো তত্ত্বৰ ভিত্তিত গঢ় দি তোলা হৈছে?

উত্তৰঃ আঁচনিকৃত নির্দেশনা আমেৰিকাৰ মনোবিজ্ঞানী বি. এফ. স্কীনাৰৰ শিকণৰ ক্ৰিয়াত্মক অনুবন্ধন তত্ব (Operant Conditioning Theory) ৰ ভিত্তিত গঢ় দি তোলা হৈছে।

৮। প্রযুক্তিবিদ্যা কি?

উত্তৰঃ বুৎপত্তিগত অর্থত প্রযুক্তিবিদ্যা হ’ল কোনো এক কলা বা কৌশল সম্পর্কে বিজ্ঞানসন্মতভাৱে কৰা অধ্যয়ন।

৯। ‘শৈক্ষিক প্রযুক্তিবিজ্ঞান’ শব্দটো পোন প্রথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ: ‘শৈক্ষিক প্রযুক্তিবিজ্ঞান’ শব্দটো পোন প্রথমে ১৯৬৭ চনত ব্রাইনম’ৰ জ’নচ (Brynmor Jones) নামৰ ইংলেণ্ডৰ ব্যক্তি এজনে ব্যৱহাৰ কৰিছিল।

১০। শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ উপাদানবোৰক প্রধানতঃ কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰ: শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ উপাদানবোৰক প্রধানতঃ তিনিটা ভাগত ভাগ কৰিব পাবি। সেয়া হ’ল হার্ডৱেৰ বা কঠিনতাৰ অভিগমন, চফটৱেৰ বা কোমলতাৰ অভিগমন জাক পদ্ধতিগত অভিগমন।

১১। শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ প্ৰধান দিশ তিনিটা কি কি?

উত্তৰঃ শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ প্রধান দিশ তিনিটা। দিশকেইটা হ’ল- অন্তঃকৰণ (Input), প্রক্রিয়া (Process) আৰু বহিঃস্কৰণ (Output)।

১২। শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ 5M মানে কি?

উত্তৰ: এই 5M পাঁচটা হ’ল-যন্ত্র (Machines), সামগ্রী (Materials), মানুহ (Men), মাধ্যম (Media) আৰু পদ্ধতি (Method)।

১৩। ছফটৱেৰ (Software) প্রযুক্তিৰ ব্যৱহাৰে শিক্ষাৰ মনোবৈজ্ঞানিক ক্রিয়াকলাপ কিদৰে সক্রিয় কৰে?

উত্তৰ: ছফটৱেৰ (Software) প্রযুক্তিয়ে ছাত্ৰক নিজৰ গতিত শিকিবলৈ সুযোগ দিয়ে, তেওঁলোকৰ আগ্রহ, মনোযোগ আৰু কল্পনাশক্তিক উৎসাহিত কৰি সক্রিয় শিকনি (active learning) প্রদান কৰে।

চমু প্রশ্নোত্তৰ

১। প্রযুক্তিবিদ্যা মানে কি?

উত্তৰ: ‘প্রযুক্তি’ শব্দটোৰ ইংৰাজী ৰূপ Technology। এই শব্দটো আহিছে গ্ৰীক দুটা শব্দৰ পৰা — ‘Technic’ আৰু ‘Logia’। ‘Technic’ শব্দটোৰ অৰ্থ হৈছে art বা skill, অৰ্থাৎ কলা-কৌশল, নৈপুণ্য বা দক্ষতা। আনফালে, ‘Logia’ শব্দটোৰ অৰ্থ science বা study, অৰ্থাৎ বিজ্ঞান বা অধ্যয়ন।         এইদৰে বিস্তৃত অৰ্থত Technology বুজায় — “The science or study of an art or skill”। মানে বিশেষ কোনো কলা-কৌশল বা দক্ষতাৰ বিষয়ে বিজ্ঞানসম্মত অধ্যয়নকেই প্রযুক্তিবিদ্যা বুলি কোৱা হয়।

২। শৈক্ষিক প্রযুক্তিবিদ্যাৰ দুটা বৈশিষ্ট্য কি কি?

উত্তৰঃ শৈক্ষিক প্রযুক্তিবিদ্যাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞানসম্মত নীতিসমূহৰ ব্যৱহাৰেই হ’ল শৈক্ষিক প্রযুক্তিবিদ্যা।

(খ) সংযোগ প্রযুক্তিবিদ্যাৰ সংযোগ প্রক্ৰিয়াৰ এক উপযুক্ত মাধ্যম।

৩। শৈক্ষিক প্রযুক্তিবিদ্যাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ শৈক্ষিক প্রযুক্তিবিজ্ঞানৰ সাধাৰণ উদ্দেশ্যবোৰ হ’ল-

(ক) শৈক্ষিক উদ্দেশ্য নির্ধাৰণ কৰা আৰু সেইবোৰ আচৰণগতভাবে সংজ্ঞায়িত কৰা।

(খ) নির্ধারিত উদ্দেশ্য উপলব্ধিৰ বাবে উপযুক্ত কৌশলৰ বাচনি আৰু প্রয়োগ কৰা।

(গ) প্রয়োগৰ পিছত উদ্দেশ্যৰ মূল্যায়ণ কৰা।

(ঘ) শিকণ একত্রিত কৰা, বিস্তাৰ কৰা আৰু বিকাশ কৰা আদি।

৪। শৈক্ষিক প্রযুক্তিবিদ্যাৰ এটা গুণাৱলী লিখা।

উত্তৰ: শৈক্ষিক প্রযুক্তিবিদ্যাৰ এটা গুণাৱলী হ’ল-

            ব্যক্তিগত নির্দেশনা: শৈক্ষিক প্রযুক্তিবিদ্যাই আত্মনির্দেশনামূলক কার্যসূচীৰ জৰিয়তে ব্যক্তিগত প্রচেষ্টাৰে শিক্ষা গ্রহণ কৰিব পৰাকৈ শিক্ষণীয় বিষয়বস্তু উপস্থাপন কৰে।

৫। শৈক্ষিক প্রযুক্তিবিদ্যাৰ ব্যষ্টিগত উদ্দেশ্য দুটা কি কি?

উত্তৰ: শৈক্ষিক প্রযুক্তিবিদ্যাৰ ব্যষ্টিগত উদ্দেশ্য দুটা হ’ল-

(ক) শিক্ষার্থীৰ শৈক্ষিক চাহিদাসমূহৰ বৈশিষ্ট্যৰাজি চিনাক্তকৰণ তথা বিশ্লেষণ কৰি চোৱা।

(খ) শ্রেণীকক্ষৰ বিশেষ উদ্দেশ্যসমূহ নিৰ্দ্ধাৰণ কৰা আৰু এইবোৰক আচৰণৰ ৰূপত ঠিক কৰি লোৱা।

৬। শৈক্ষিক প্রযুক্তিবিদ্যাৰ উপাদান কেইটা আৰু কি কি?

উত্তৰ: শৈক্ষিক প্রযুক্তিবিদ্যাৰ উপাদান দুটা-

(ক) শিক্ষা-প্রযুক্তিবিদ্যা।

(খ) শিক্ষণ প্রযুক্তিবিদ্যা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top