Gauhati University BA 5th Sem History (Major course) Chapter 1 “সমাজ (১৩ শতিকাৰ পৰা ১৬ শতিকাৰ মাজভাগলৈ” Solution | FYUGP 5th Sem History Paper 11 Chapter 1 Answer | সমাজ (১৩ শতিকাৰ পৰা ১৬ শতিকাৰ মাজভাগলৈ)

 সমাজ (১৩ শতিকাৰ পৰা ১৬ শতিকাৰ মাজভাগলৈ

১। গ্ৰাম্য সমাজত কোনে মধ্যস্থতাৰ ভূমিকা লৈছিল?

উত্তৰঃ খট, মুকদ্দম আৰু চৌধুৰীসকলে সমাজত মধ্যস্থতাৰ ভূমিকা লৈছিল।

২। কবিৰ কোন ধৰণৰ ঈশ্বৰৰ পূজা কৰিছিল?

উত্তৰঃ কবিৰে নিৰ্গুণ একেশ্বৰবাদেৰ উপাসনা কৰিছিল।

৩। উলেমাসকলৰ মুখ্য দায়িত্ব কি আছিল?

উত্তৰ: উলেমাসকলে ধৰ্মীয় শিক্ষা, আইন আৰু সামাজিক নীতি নিৰ্ধাৰণত মুখ্য ভূমিকা পালন কৰিছিল।

৪। মহিলাসকলে ভক্তি আন্দোলনত কেনে ভূমিকা লৈছিল?

উত্তৰ: আনেক মহিলা ভক্ত যেনে মীৰাবাঈয়ে আন্দোলনত সক্ৰিয়ভাবে অংশ লৈছিল।

৫। মুছলমান আগমনে ভাৰতীয় সমাজত কি পৰিবৰ্তন আনিলে?

উত্তৰঃ পৰ্দা প্ৰথা, বাল্যবিবাহ, দাস প্ৰথা আৰু খাদ্য-সাজপোছাকত পৰিবৰ্তন আনিছিল।

৬। দক্ষিণ ভাৰতত ভক্তি আন্দোলনৰ সূচনা কোনে কৰিছিল?

উত্তৰ: শংকৰাচাৰ্যই দক্ষিণ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল।

৭। মীৰাবাঈ কাহানক প্ৰেমিক হিচাপে পূজা কৰিছিল?

উত্তৰঃ মীৰাবাঈয়ে শ্ৰীকৃষ্ণক নিজৰ প্ৰেমিক হিচাপে পূজা কৰিছিল।

৮। সগুণ ঈশ্বৰৰ উপাসনাত কি গুৰুত্বপূৰ্ণ?

উত্তৰঃ সগুণ উপাসনাত ঈশ্বৰক গুণযুক্ত আৰু সাকাৰ ৰূপত পূজা কৰা হয়।

৯। নাথপন্থীৰ স্ৰষ্টা কোন আছিল?

উত্তৰঃ গোৰক্ষনাথ।

১০। আন্দাল কোন ঠাইৰ মহিলা ভক্ত আছিল?

উত্তৰ: আন্দাল আছিল দক্ষিণ ভাৰতৰ এগৰাকী তামিল বিষুভক্ত।

১১। উলেমাসকলে কোন ধৰ্মৰ বিধান ব্যাখ্যা কৰিছিল?

উত্তৰ: উলেমাসকলে ইছলাম ধৰ্মৰ চৰিয়ত আৰু হাদিছ ব্যাখ্যা কৰিছিল।

১২। জহৰ ব্ৰত কি?

উত্তৰঃ মহিলা দেৱতাৰ উপাসনা।

১৩। বাহমণি ৰাজ্যৰ ৰাজধানী কি?

উত্তৰঃ গুলবৰ্গা।

চমু প্ৰশ্ন উত্তৰঃ

১। চুলতানী যুগত নতুন অভিজাত শ্ৰেণীৰ উত্থান কেনেকৈ ঘটিছিল?

উত্তৰঃ তেৰ শতিকাৰ পৰা যোল্ল শতিকাৰ মাজভাগত ভাৰতত ৰাজনৈতিক পৰিৱৰ্তনৰ ফলত এক নতুন অভিজাত শ্ৰেণীৰ উত্থান দেখা যায়। দিল্লী চুলতানী শাসনৰ সময়ত তুৰ্কী, আৰব, পাৰস্য আৰু ভাৰতীয় মুছলমানসকলক লৈ এক সামৰিক আৰু প্ৰশাসনিক অভিজাত শ্ৰেণী গঠিত হৈছিল। তেওঁলোকে অধিক ধন-সম্পত্তিৰে বিলাসিতাৰে জীৱন কটাইছিল।

২। ভক্তি আন্দোলনে সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল?

উত্তৰঃ ভক্তি আন্দোলনে হিন্দু ধৰ্মীয় পৰম্পৰাৰ নতুন ৰূপ দিয়ে আৰু সমাজৰ গভীৰ পৰিৱৰ্তন ঘটায়। একেশ্বৰবাদ, জাতিৰ সমতা, অস্পৃশ্যতাৰ বিৰোধিতা- এইবোৰ মূলমন্ত্ৰ আছিল। দক্ষিণ আৰু উত্তৰ ভাৰতত চৈতন্য, ৰামানুজ, কবীৰ, নানক, মীৰা বাঈ আদি সন্তসকলে সমতা আৰু ধৰ্মীয় ভ্ৰাতৃত্বত বিশ্বাসী আছিল।

৩। তেৰ পৰা ষোল্ল শতিকালৈ সাংস্কৃতিক ক্ষেত্ৰত কি ধৰণৰ বিকাশ পৰিলক্ষিত হৈছিল?

উত্তৰঃ এই সময়ছোৱাত ভাৰতীয় সংস্কৃতিত মুছলমান প্ৰভাৱ বৃদ্ধি পাই এক নতুন মিশ্ৰিত ধাৰা গঢ়ি উঠে। কলা, স্থাপত্য আৰু সাহিত্যত ভাৰতীয় আৰু ইছলামিক শৈলীৰ সংমিশ্ৰণ পৰিস্ফুটিত হয়। দিল্লী, আগ্ৰা, বিজয়নগৰ আদি মহানগৰীত স্থাপত্য কলাৰ সৰ্বোচ্চ বিকাশ লক্ষ্য কৰা যায়। ভাষাৰ ক্ষেত্ৰতো হিন্দী, উৰ্দু, মাৰাঠী, বঙালী, মৈথিলী আদি ভাষাৰ বিকাশ আৰু সমৃদ্ধি পৰিলক্ষিত হয়, যিয়ে সাহিত্য আৰু সাংস্কৃতিক পৰম্পৰাক সমৃদ্ধ কৰে।

৪। মধ্যযুগত বাহমণি আৰু মালব ৰাজ্যত স্থাপত্যশৈলীৰ বিকাশ কেনেকৈ হৈছিল?

উত্তৰঃ বাহমণি ৰাজ্যৰ গুলবৰ্গ নগৰত ৰাজপ্ৰাসাদ, মছজিদ, অট্টালিকাসমূহ উন্নত স্থাপত্যৰ নিদৰ্শন আছিল। মালব ৰাজ্যতো জামা মছজিদ, হিন্দ’লা মহল, জাহাজ মহল আদি স্থাপত্যে স্থানীয় সম্পদ আৰু জলবায়ুক প্ৰতিফলিত কৰিছিল। 

৫। চিত্ৰকলা, সংগীত আৰু হস্তশিল্পৰ ক্ষেত্ৰত কি ধৰণৰ বিকাশ ঘটিছিল?

উত্তৰঃ এই সময়ত পাৰস্য আৰু স্থানীয় সংমিশ্ৰণৰ ফলত নতুন ধৰণৰ চিত্ৰকলা, সংগীত আৰু হস্তশিল্প বিকশিত হয়। অঞ্চলভেদে হস্তশিল্পৰ নিজস্বতা গঢ়ি উঠে। চুফী-ভক্তি প্ৰভাৱৰ লগে লগে লোকশিল্প আৰু সংগীতৰো বিকাশ ঘটে। স্থানীয় উপাদান, ধাৰণা আৰু বিশ্বাসৰ ওপৰত আধাৰিত এই কলাসমূহে অঞ্চলভিত্তিক পৰিচয় শক্তিশালী কৰে।

৬। ভক্তি আন্দোলন কি আৰু ইয়াৰ মূল বৈশিষ্ট্য কি আছিল?

উত্তৰঃ ভক্তি আন্দোলন মধ্যযুগীয় ভাৰতত জন্ম লোৱা এক ধৰ্মীয় আন্দোলন আছিল।

ইয়াত পূজা-পাৰ্বণতকৈ ব্যক্তিগত ভক্তি, ঈশ্বৰপ্ৰেম আৰু একেশ্বৰবাদত গুৰুত্ব দিয়া হৈছিল। জাতিভেদ, মূৰ্তিপূজা আৰু ধৰ্মীয় আনুষ্ঠানিকতাৰ বিৰোধিতা কৰা হৈছিল। ভক্তি আন্দোলনে গুৰুক আদৰ্শ হিচাপে মানি চলিছিল আৰু মুক্তিলাভৰ পথ হিচাপে ভক্তিক স্বীকাৰ কৰিছিল। এই আন্দোলনে দেশীয় ভাষাত ভক্তিগীত ৰচনাৰে জনসাধাৰণক আকৃষ্ট কৰিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top