Gauhati University BA 5th Sem History (Major course) Chapter 2 “অর্থনীতি (১৩ শতিকাৰ পৰা ১৬ শতিকাৰ মাজভাগলৈ)” Solution | FYUGP 5th Sem History Paper 11 Chapter 2 Answer | অর্থনীতি (১৩ শতিকাৰ পৰা ১৬ শতিকাৰ মাজভাগলৈ)

অৰ্থনীতি (১৩ শতিকাৰ পৰা ১৬ শতিকাৰ মাজভাগলৈ )

অতি চমু প্ৰশ্নোত্তৰ

১। আলাউদ্দিন খিলিজীয়ে মূল্য নিয়ন্ত্ৰণৰ বাবে কি ব্যবস্থা গ্ৰহণ কৰিছিল?

উত্তৰঃ আলাউদ্দিন খিলিজীয়ে নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ, বজাৰ ব্যৱস্থা, যোগান আৰু পৰিবহণৰ ওপৰত নিয়ন্ত্ৰণমূলক অধ্যাদেশ জাৰি কৰিছিল।

২। ইক্টা পদ্ধতি কি আছিল?

উত্তৰঃ ইক্টা আছিল দিল্লীৰ চুলতানৰ দ্বাৰা সামৰিক বিষয়া আৰু অভিজাতসকলক ৰাজহ সংগ্ৰহৰ অধিকাৰসহ ভূমি আবণ্টন দিয়া ব্যৱস্থা।

৩। ইনাম ভূমি কাক বোলা হৈছিল?

উত্তৰঃ যি ভূমিৰ পৰা ৰাজহ সংগ্ৰহ নকৰা আৰু ধৰ্মীয় বা সমাজসেৱাৰ উদ্দেশ্যে দান কৰা হ’ল, তাক ইনাম ভূমি বোলা হৈছিল।

৪। আলাউদ্দিন খিলিজীয়ে কেনেকৈ ৰাজহ ব্যৱস্থাত সংস্কাৰ আনিছিল?

উত্তৰ: তেওঁ ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিছিল, ভূমিদানসমূহ বাতিল কৰিছিল আৰু ‘দিৱান-ই-মুস্তাখৰাজ’ বিভাগ স্থাপন কৰিছিল।

৫। মিল্ক আৰু ইনামৰ মাজত মূল পাৰ্থক্য কি? যত ভাল।

উত্তৰঃ মিল্ক ব্যক্তিগত মালিকানাৰ ভূমি আছিল; ইনাম আছিল ধৰ্মীয় বা সমাজসেৱাৰ উদ্দেশ্যে দান কৰা ৰাজহ-মুক্ত ভূমি।

৬। ফিৰোজ শাহ টোঘলকৰ কৃষি উন্নয়নৰ অন্যতম পদক্ষেপ কি আছিল?

উত্তৰঃ ফিৰোজ শাহ টোঘলকে ১৫০খন কুঁৱা খন্দাই আৰু বহু খাল নিৰ্মাণ কৰি জলসিঞ্চন ব্যৱস্থা উন্নত কৰিছিল।

৭। ভাস্কো-ডা-গামাই কেতিয়া কালিকট বন্দৰত উপস্থিত হৈছিল?

উত্তৰঃ ১৪৯৮ খ্ৰীষ্টাব্দত।

৮। মধ্যযুগত ভূমিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ কোন পদ্ধতি ব্যৱহাৰ হৈছিল?

উত্তৰঃ শস্য ঘূৰ্ণন পদ্ধতি (crop rotation) আৰু প্ৰাকৃতিক সাৰৰ ব্যৱহাৰে উৰ্বৰতা বৃদ্ধি কৰা হৈছিল।

৯। ফিৰোজ টোঘলকে গঢ় এখন গুৰুত্বপূৰ্ণ নগৰৰ নাম কি?

উত্তৰঃ ফিৰোজাবাদ।

১০। টংকা’ কোন ধৰণৰ মুদ্ৰা আছিল?

উত্তৰঃ সোণ বা ৰূপৰ মুদ্ৰা।

১১। দিল্লীৰ চুলতানী যুগৰ আয়ৰ প্ৰধান উৎস কি আছিল?

উত্তৰঃ ভূমি কৰ।

১২। কোন মৌচুমী বায়ু সামুদ্ৰিক বাণিজ্যত সহায়ক আছিল?

উত্তৰঃ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূৱ মৌচুমী বায়ু।

১৩। মধ্যযুগত ভাৰতৰ স্থলপথ বাণিজ্য কোন সামগ্ৰীলৈ বিখ্যাত আছিল?

উত্তৰঃ কপাহী কাপোৰ, মছলা, নীল।

১৪। ইট্টা শব্দটো কি ভাষাৰ শব্দৰ পৰা আহিছে?

উত্তৰঃ আৰবী শব্দ।

চমু প্ৰশ্ন উত্তৰঃ

১। ইক্টাৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ ইক্টাৰ প্ৰধান ভাগ দুটা হ’ল- (ক) বৃহৎ ইক্টা আৰু (খ) ক্ষুদ্ৰ ইক্টা। বৃহৎ ইক্টাৰ দায়িত্বত আছিল প্ৰাদেশিক শাসক, যিয়ে প্ৰশাসনিক আৰু সামৰিক কাম-কাজ চাব লাগিছিল। ক্ষুদ্ৰ ইক্টা আছিল সৰু সামৰিক একক, য’ত খুট বা মুকন্দমে নেতৃত্ব দিছিল।

২। ইক্টাদাৰসকলৰ দুটা কাম উল্লেখ কৰা।

উত্তৰঃ (ক) নিজৰ ইল্লাৰ পৰা ৰাজহ সংগ্ৰহ কৰা।

(খ) চুলতানক সৈন্য সহায় প্ৰদান কৰা।

৩। ভাৰতৰ সামুদ্ৰিক বাণিজ্যৰ দুটা বন্দৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ (ক) কালিকট আৰু (খ) কোচিন

৪। ফিৰোজ টোঘলকে সংগ্ৰহ কৰা চাৰিবিধ নতুন কৰ কি কি?

উত্তৰঃ   (ক) খাৰাজ    (খ) জাকাত    (গ) জিজিয়া     (ঘ) খামছ.

৫। তেৰ শতিকাৰ পৰা ষোল্ল শতিকাৰ সময়ছোৱাত ভাৰতে আমদানি কৰা দ্ৰব্যসমূহ কি কি?

‘উত্তৰঃ ঘোঁৰা, সোণ, চিল্ক, চিনামাটি, সুৰা, সুগন্ধি, বিলাসী সামগ্ৰী, দাস, অস্ত্ৰ-সস্ত্ৰ আদিৰ আমদানি হৈছিল।

৬। দিল্লীৰ চুলতানী আমোলৰ ৰাজহ মুক্ত ভূমিবোৰ কি কি আছিল?

উত্তৰঃ (ক) ইনাম, (খ) মিল্ক, (গ) বাজিফা আৰু (ঘ) ইদাৰ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top