GU BA 6th Sem History Chapter 3 Solution 2026 | Paper Code: -HIS – 0600104 | GU BA 6th Sem History Chapter 3 Answer

Chapter 3

অসমত চিফ কমিছনাৰৰ শাসন প্ৰবৰ্তন….ৰ পৰা ১৯১৯ চনৰ ভাৰত চৰকাৰ আইন ঃ অসমত দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন  

অতি চমু প্রশ্নোত্তৰ

১। অসমৰ প্ৰথমজন চীফ কমিছনাৰৰ দায়িত্বভাৰ কোনে গ্রহণ কৰিছিল?

উত্তৰঃ লেফটেনেন্ট কর্ণেল আৰ এইচ কীটিং।

২। জেনকিন্সে কেতিয়া অসমৰ কমিছনাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল?

উত্তৰ : ৰবাৰ্টছনৰ পৰৱৰ্তী কমিচনাৰ হিচাপে জেনকিন্সে ১৮৩৪ খ্রীঃত অসমৰ কমিচনাৰ’ৰ দায়িত্বভাৰ লৈছিল।

৩। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰ: গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা, পূর্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা আদি ৰায়ত সভাৰ মুখ্য উদ্দেশ্য আছিল।

৪। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৩ চনত।

৫। আহোম সভাৰ সম্পাদক কোন আছিল?

উত্তৰঃ পদ্মনাথ গোঁহাই বৰুৱা।

৬। অসমৰ প্ৰথম ৰাজনৈতিক সংস্থা যোৰহাট সার্বজনিক সভাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ: নৰনাৰায়ণ সিংহ।

৭। যোৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।

৮। যোৰহাট সার্বজনিক সভাৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ জগন্নাথ বৰুৱা।

৯। অসম এচ ‘চিয়েচন কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ ১৯০৩ চনত মানিক চন্দ্ৰ বৰুৱাই অসম এচ’চিয়েচন গঠন কৰিছিল।

১০। অসম এচ ‘চিয়েচনৰ প্ৰতিস্থাপক কোন আছিল?

উত্তৰ: মাণিক চন্দ্ৰ বৰুৱা।

১১। অসম এচ ‘চিয়েচনৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ গৌৰীপুৰৰ ৰাজা প্রভাত চন্দ্ৰ বৰুৱা।

১২। অসম এচ ‘চিয়েচনৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ প্রথম অধিবেশন ১৯০৫ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল।

১৩। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰ।

১৪। মিঃ ৰেলী (Reilly) কোন আছিল?

উত্তৰ: সহকাৰী আৰক্ষী অধীক্ষক।

১৫। লাচিমা ক’ত অৱস্থিত?

উত্তৰ: লাচিমা সৰুক্ষেত্ৰী মৌজাৰ অধীনৰ এখন গাঁও।

১৬। মেককেবে কোন আছিল?

উত্তৰঃ কামৰূপ জিলাৰ উপায়ুক্ত।

১৭। পথৰুঘাট ক’ত অৱস্থিত?

উত্তৰঃ দৰং জিলাৰ মঙলদৈ মহকুমাত।

১৮। জে.আৰ বেৰিংটন কোন আছিল?

উত্তৰঃ পথৰুঘাটৰ বিদ্ৰোহৰ সময়ত সীমান্ত পুলিচৰ সেনাধ্যক্ষ আছিল।

চমু প্রশ্নোত্তৰ

১। ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱ হৈছিল?

উত্তৰ: ঊনবিংশ শতিকাৰ ত্ৰিশ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক সম্পূর্ণ নতুন ৰাজহ ব্যৱস্থাৰে কৰ-কাটল সংগ্ৰহতহে বেছি গুৰুত্ব প্রদান কৰিছিল। ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্ৰজাই এই সুদখোৰ মহাজন শ্ৰেণীৰপৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল।

২। কৃষকসকলৰ ওপৰত আৰোপ কৰা কেতবোৰ কৰৰ নাম উল্লেখ কৰা।

উত্তৰ: ব্ৰিটিছসকলৰ দিনত কঠোৰভাৱে বলবৎ কৰা শোষণমূলক কৰ সংগ্ৰহৰ ব্যৱস্থাই কৃষকসকলৰ অৱস্থা শোচনীয় কৰি তুলিছিল। এই কৰসমূহৰ ভিতৰত- ভূমিৰ ওপৰত লগোৱা কৰ, কৃষকে হালবোৱাৰ কৰ, কোৰ মৰা কৰ, গাইগুটীয়া কৰ, জাতিৰ ভিত্তিত কৰ দিবলগীয়া হৈছিল। ১৮৫১-৫২ চনত কানিৰ ওপৰত কৰ আৰু ১৮৬০ চনত প্রবর্তন কৰা আয়কৰ প্ৰৱৰ্তন কৰা হয়। নৈপৰীয়া ভূমিৰ ওপৰত কৰ আৰোপ কৰাৰ উপৰি পাহাৰীয়া জনজাতিৰ ক্ষেত্ৰত গৃহ কৰ আৰোপ কৰা হৈছিল। কামৰূপ, দৰং, নগাঁও আদি ঠাইসমূহত মদৰ ওপৰত আবকাৰী কৰ বহুৱায়। সোণ কমোৱা, বিলত মাছ ধৰি ব্যবসায় কৰা আদি বৃত্তিমূলক কামবোৰত কৰ লগায়। আনকি চাপৰি বা চৰণীয়া পথাৰত গৰু-ম’ই চৰোৱাৰ বাবদ গ্রেজিং বা চৰণীয়া পথাৰৰ কৰ দিবলগীয়া হয়।

৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।

উত্তৰ: পদ্মনাথ গোহাঁইবৰৱা আৰু আন কিছুমান শিক্ষিত লোকে আহোম জনগোষ্ঠীৰ মাজত এক সামাজিক-ৰাজনৈতিক সংগঠন গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰি আহিছিল। ইয়াৰে ফলশ্রুতি হিচাপে ১৮৯৩ চনত ‘আহোম সভা’ৰ জন্ম হৈছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক দিশৰ উন্নতি সাধন কৰাই আছিল এই সভাৰ মূল লক্ষ্য আৰু উদ্দেশ্য।

এই সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰুৱা। তেওঁৰ নেতৃত্বত এই সভা ১৯৪৫ চনলৈ বর্তি আছিল। অসমৰ ভালেমান ঠাইত ইয়াৰ জিলাভিত্তিক শাখা সংগঠন গঢ়ি উঠিছিল। এই শাখাসমূহৰ ভিতৰত উত্তৰ লখিমপুৰ, তেজপুৰ, যোৰহাট, নগাঁও, গোলাঘাট, নাজিৰা, ডিব্ৰুগড়, শদিয়া আৰু উত্তৰ গুৱাহাটী শাখা আছিল অতি উল্লেখযোগ্য। আহোম সভাই আহোম জনগোষ্ঠীৰ মানুহৰ মাজত প্রচলিত কানিৰ ব্যৱহাৰ আঁতৰাবলৈ চেষ্টা কৰিছিল।

১৯২৬ চনৰ পৰা আহোম সভাত ৰাজনীতিৰ প্ৰভাৱ পৰে। ১৯২৬ চনত হিতেশ বৰবৰুৱাৰ সভাপতিত্বত নগাঁৱত অনুষ্ঠিত আহোম সভাৰ সন্মিলনত পোন প্রথমবার কাৰণে কংগ্ৰেছী ৰাজনীতিৰ অনুপ্রবেশ ঘটে। পদ্মনাথ গোহাঁইবৰুৱাৰ বাহিৰে বান নেতাসকলৰ লাহে লাহে আহোম সভাৰ প্ৰতি আকর্ষণ নোহোৱা হৈ পৰিছিল। ইয়ার ফলস্বৰূপে ১৯৪১ চনত আহোম সভাৰ বিভাজন ঘটে। পদ্মনাথ গোহাইবৰুৱা মূল আহো সভাত থাকিল যদিও ইয়াৰে এটা অংশ ওলাই গৈ ‘জাতীয়তাবাদী আহোম সম্মিলন’ নামে আন এটা সংগঠনৰ জন্ম দিয়ে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত মৃদ্ধ আহোম সভাই এই আন্দোলনত অংশগ্রহণ কৰা নাছিল যদিও জাতীয়তাবাদী আহো। সম্মিলনে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল।

৪। অসম এছচিয়েচন কেনেকৈ গঠন কৰা হৈছিল? এই সংগঠনৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ ১৯০৩ চনত অসম এছচিয়েচন গঠন কৰা হৈছিল। ইয়াৰ প্ৰথম সভাখনত সভাপতিত্ব কৰিছিল প্রভাতচন্দ্ৰ বৰুৱাই। ১৮৮৫ খ্রী.ত জাতীয় কংগ্রেছ প্রতিষ্ঠা হৈছিল যদিও ইয়াত কোনো অসমীয়া সদস্য নাছিল। জাতীয় কংগ্ৰেছৰ আদৰ্শকে সাৰোগত কৰি অসম এছচিয়েচন গঠন কৰা হৈছিল। মাণিক চন্দ্ৰ বৰুৱা, ঘনশ্যাম বৰুৱা, জগন্নাথ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আদি আগশাৰীৰ নেতা অসম এছচিয়েচনৰ লগত জড়িত আছিল।

অসমীয়া মানুহৰ মাজত জাতীয় চেতনাৰ ভাব জাগ্ৰত কৰা, কানি ব্যৱসায়ৰ বিৰুদ্ধাচৰণ কৰা, গ্রেজিং কৰৰ বিৰোধিতা কৰা, অসমক স্বায়ত্ব শাসন দিয়া’ আদি অসম এছচিয়েচনৰ উদ্দেশ্য আছিল।

৫। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?

উত্তৰ: অসমৰ কথা সামগ্রিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত পুনৰ আছাম এছ’চিয়েছনে নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশনত গৌৰীপুৰৰ ৰাজা প্ৰভাতচন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱা উপ-সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল। আছাম এছ’চিয়েছনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। এই এছ’চিয়েছনে শান্তিপূর্ণ, সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। এছ’চিয়েছনৰ কেইবাজনো সদস্য আইন সভাৰো সদস্য হোৱা বাবে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কাৰ্যকৰী কৰোৱাৰ সুবিধা পাইছিল। আছাম এছ’চিয়েছনে কৰা কামৰ কেইটামান হ’ল-

(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।

(২) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল।

(৩) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰপৰা পৃথক কৰিবলৈ ১৯০৭চনত এছ’চিয়েছনে চৰকাৰৰ ওচৰত স্মাৰক-পত্র দাখিল কৰিছিল। কিন্তু পিছত এছ’চিয়েছনেও সার্বজনিক সভাৰ দৰে একে ভূমিকা গ্রহণ কৰিছিল। এছ’চিয়েছনে বিধানসভাত প্রতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। ১৯১৮ চনৰ মণ্টেগ’-ছেমছফ’ৰ্ড ৰিপ ৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল। সেই উদ্দেশ্যেৰে ১৯১৭ চনত কলিকতালৈ এটি সাতজনীয়া সঁজাতী দল পঠিওৱা হৈছিল। আনকি এছ’চিয়েছনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্নকুমাৰ বৰুৱাক সঁজাতী হিচাপে লণ্ডনলৈ পঠিয়াইছিল। এছ’চিয়েছনৰ হেঁচাত অসম মণ্টেগ’ সংস্কাৰ আঁচনিৰ অন্তর্ভুক্ত হৈছিল। ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল।

১৯২১ চনৰ অসহযোগ আন্দোলনত এছ’চিয়েছনে সক্রিয়ভাবে যোগদান কৰিছিল। ভাৰতীয় জাতীয় আন্দোলনত সক্রিয়ভাৱে যোগদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ১৯১৬ চনত এছ’চিয়েছনে জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰপৰা প্রতিনিধি পঠিয়াই এক যোগসূত্র স্থাপন কৰিছিল। নাগপুৰ অধিৱেশনতো এছ’চিয়েছনৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিছিল। এইদৰে জাতীয় কংগ্ৰেছৰ প্ৰভাৱ বাঢ়িবলৈ ধৰাত ১৯২১ চনত এছ’চিয়েছান নিজস্ব স্বতন্ত্র পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্রাদেশিক কংগ্ৰেছ কমিটার লগত চামিল হ’ল।

১। চমু টোকা লিখাঃ

(ক) অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যবস্থা।

উত্তৰ: কেপ্তেইন ফ্রেঞ্চিছ জেনকিন্সে ১৮৩৪ চনৰ এপ্রিল মাহৰপৰা ১৮৬১ চনৰ ফেব্ৰুৱাৰী মাহলৈ প্রায় সুদীর্ঘ ২১ বছৰ কাল ধৰি অসম তথা উত্তৰ পূব সীমান্তৰ প্ৰশাসনিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

জেনকিন্সৰ আমোলত ভূমি বন্দোবস্তী আৰু ৰাজহ সংগ্ৰহ আৰু সংস্কাৰৰ ক্ষেত্ৰতো যথেষ্ট সক্রিয় ভূমিকা লৈছিল আৰু ইয়াৰ ফলত ভূমি ৰাজহৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছিল।

অসমত চাহ খেতিৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে চৰকাৰে জেনকিন্সৰ আমোলতে প্রথম ১৮৩৮ চনৰ মাৰ্চ মাহত “বেষ্ট লেচ্ গ্রেন্টচ্ ৰূল প্ৰৱৰ্তন কৰে, আৰু দ্বিতীয়তে ১৮৫৪ চনৰ অক্টোবৰ মাহত তাতকৈও উজু চৰ্ত সম্বলিত “ওল্ড আচাম ঝল” নামেৰে এখন পৰিচিত নতুন বিধি তৈয়াৰ কৰে।

জেনকিন্সৰ আমোলত অন্যান্য ভালেমান শিতানত নতুনকৈ কৰ-কাটল প্ৰৱৰ্তন কৰা হৈছিল। নদীৰ বালিৰপৰা সোণ কমোৱাৰ বাবে ঠিকাদাৰী প্যৱস্থা, নদীৰ পৰা মাছ মৰাৰ বাবে জলকৰ আদায়ৰ ক্ষেত্ৰত “ডাক” ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। তদুপৰি কাঠৰ ওপৰত গোৰখাটী, খেৰ-ইকৰাৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ ওপৰত খুছাৰী আদি কৰ বহুওৱা হৈছিল। ১৮৫৮ চনত অসমত টিকট শুল্ক প্ৰৱৰ্তন কৰি তাৰ জৰিয়তেও চৰকাৰী আয়ৰ পথ মোকলোৱা হৈছিল।

এইবিলাক কৰ কাটলৰ উপৰি জেনকিন্সৰ আমোলত পোন প্রথমে কামৰূপৰ জিলা আবকাৰী শুল্ক প্ৰৱৰ্তন কৰা হৈছিল আৰু অসমত চৰকাৰী কানি বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হয়। বৃটিছৰ আমোলত কানি অসমৰ জনসাধাৰণৰ সৰ্বাত্মক ব্যধিত পৰিণত হয়। জেনকিলে অসমত ১৮৬০ চনৰপৰা থলুৱাভাবে আফু খেতি কৰি কানি প্ৰস্তুত কৰাটো নিষেধ কৰিছিল।

ব্ৰিটিছসকলৰ দিনত কঠোৰভাৱে বলৱৎ কৰাশোষণমূলক কৰ সংগ্ৰহৰ ব্যৱস্থাই কৃষকসকলৰ অৱস্থা শোচনীয় কৰি তুলিছিল।

খেল ব্যৱস্থাৰ বিলুপ্তিৰ ফলত ভূমিৰ নাটনিৰ বাবে কৰৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছিল। শিৱসাগৰ আৰু লখিমপুৰ ভূমি কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে এই কৰৰ পৰিমাণ আৰু অধিক বৃদ্ধি পায়। ভূমিৰ ওপৰত কৰৰ লগতে কৃষকে হালবোৱাৰ কৰ, কোৰ মৰা আদিৰো কৰ আদায় দিবলগীয়া হৈছিল। ১৮৩৭-৩৮ চনলৈকে গাইগুটীয়া কৰৰ লগতে এজন ব্যক্তিয়ে জাতিৰ ভিত্তিতো কৰ-কাটল দিবলগীয়া হৈছিল। সময় সাপেক্ষে মূল্যায়নৰ হাৰৰো সঘন পৰিৱৰ্তন হৈছিল যাৰ ফলত ৰাইজৰ মাজত তীব্র ক্ষোভৰ সৃষ্টি হৈছিল। ১৮৫১-৫২ চনত কানিৰ ওপৰত কৰৰ প্ৰৱৰ্তন হয়।

১৮৮৬ চনৰ ভূমি সংশোধনী আইনৰ দ্বাৰা বিভিন্ন প্ৰকাৰৰ ভূমি সম্পৰ্কৰ প্ৰৱৰ্তন হয়। এই অনুসৰি তিনি শ্ৰেণীৰ লোক আছিল- জমিদাৰ, মধ্যস্থতাকাৰী আৰু কৃষক শ্রেণী। নিজৰ ভূমি হেৰুৱাবলগীয়া হোৱাৰ বাবে কৃষকসকলে চৰম দাৰিদ্ৰ্যৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল।

(খ) উনবিংশ শতিকাৰ অসমৰ কৃষক বিদ্রোহ।

উত্তৰ: দেশাধিকাৰ লাভ কৰাৰ পিছত ব্ৰিটিছ চৰকাৰে অসমত আহোমৰ আমোলত প্রচলিত ভূমি ৰাজহ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাইছিল। ৰাজহৰ সম্প্ৰসাৰণ আৰু বৃদ্ধিকৰণ চৰকাৰী আৰ্থিক নীতিৰ মূল লক্ষ্য আছিল। ইয়াক ৰূপায়ণ কৰিবলৈ কৰা উচ্চ হাৰৰ খাজনাই জনসাধাৰণৰ জীৱন দুর্বিষহ কৰি তুলিছিল। বিশেষকৈ মুদ্রা অর্থনীতিত অনভ্যস্ত প্রজাসাধাৰণে টকাৰ মাধ্যমত খাজনা দিব লগা হোৱাত তেওঁলোকৰ আৰ্থিক ব্যৱস্থা শোচনীয় হৈপৰিছিল। ভূমি ৰাজহৰ উপৰিও সোণ কমোৱা লোক, মাছমৰীয়া লোক, গৰু-ম’হ চৰোৱা লোকসকলৰ ওপৰতো কৰ আৰোপিত হৈছিল। তদুপৰি ১৮৫৮ চনৰ ষ্টাম্প কৰ আৰু ১৮৬১ চনৰ আয়কৰ এনে পৰিস্থিতিত ৰাইজৰ বাবে অতিৰিক্ত বোজা

হৈ পৰিছিল। অধিক মুনাফা লুটাৰ প্ৰচেষ্টাত অসমত স্থানীয়ভাৱে কৰা আফু খেতি নিষিদ কৰি চৰকাৰী আবকাৰী কানিৰ প্ৰৱৰ্তন কৰা হৈছিল। এইসমূহৰ সমান্তৰালভাৱে বৃদ্ধি হৈছিল দৰিদ্রতা, কৃষি ব্যৱস্থাৰ অধোগতি, হস্ত-শিল্পৰ ধ্বংস সাধন, আকাল, দুর্ভিক্ষ আর মহামাৰী। ইয়াৰ পৰিণতিস্বৰূপে অসমৰ জনসাধাৰণে ৰাইজমেল সংগঠিত কৰি এই চৰকাৰী শোষণ-বঞ্চনাৰ তীব্র প্রতিবাদ কৰিছিল আৰু ৰাইজ মেলৰ নেতৃত্বতেই উনবিংশ শতিকাত অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল।

প্রকৃততে ৰাইজমেলসমূহ আছিল কৃষকৰ দ্বাৰা সংগঠিত আৰু পৰিচালিত এক গণ সংগঠন। আহোম স্বৰ্গদেউ লক্ষ্মীনাথ সিংহৰ দিনতেই ইয়াৰ অস্তিত্বৰ কথা প্ৰথম পোহৰলৈ আহে। তেতিয়া দৰঙৰ প্ৰজাসকলে ৰাইজ মেল সংগঠিত কৰি খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰিছিল আৰু সফলতাও লাভ কৰিছিল। পৰৱৰ্তী কালত অসম ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তর্ভুক্ত হোৱাৰপিছত চৰকাৰে সৰু-সুৰা দেৱানী আৰু ফৌজতাৰী গোচৰৰ বিচাৰৰ বাবে স্থানীয় প্রভাৱশালী ব্যক্তিসকলক লৈ কিছুমান গোট গঠন কৰি দিছিল, যিসমূহক পঞ্চায়ত বোলা হৈছিল। ক্রমান্বয়ে এই পঞ্চায়তসমূহ কোনো এক এলেকাৰ ৰাইজৰ সম্মিলিত মঞ্চ বা ৰাইজ মেললৈ ৰূপান্তৰিত হ’ল। ৰাজহৱা স্বার্থজড়িত বিভিন্ন আর্থ-সামাজিক বিষয়ো এই ৰাইজ মেলসমূহে বিশদভাবে আলোচনা কৰিছিল। ব্ৰিটিছ শাসনৰ প্ৰথম অৱস্থাত ৰাইজ মেলসমূহ প্রশাসনৰ এক স্বীকৃত সংগঠন আছিল। এই সময়ছোৱাত চৰকাৰ আৰু ৰাইজ মেলৰ মাজত কোনো বিশেষ শত্রুতা পৰিলক্ষিত নহয়, বৰঞ্চ এইসমূহৰ উপস্থিতি চৰকাৰৰ বাবে কিছুক্ষেত্রত সুবিধাজনকহে আছিল। লাহে লাহে এই ৰাইজ মেলসমূহ একোটা অঞ্চলতে সীমাবদ্ধ নাথাকি দাঁতিকাষৰীয়া কেইবাটাও অঞ্চলৰ জনসাধাৰণক সামৰি গঠিত হৈছিল। ১৮৫৭ চনৰ পিছত ভূমি ৰাজহ বৃদ্ধিকে ধৰি চৰকাৰে নতুন নতুন কৰ-কাটল আৰোপ কৰি জনসাধাৰণক জুৰুলা কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ৰাইজ মেলসমূহে চৰকাৰী ৰাজহনীতিৰ বিৰুদ্ধে তীব্র প্রতিবাদ কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ নেতৃত্বতে কৃষকসকলে গণসংগ্ৰামৰ পথত অৱতীৰ্ণ হৈছিল। ৰাইজ মেলসমূহৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল এয়ে যে ইয়াত ‘নেতা’ বা ‘নেতৃত্ব’ শব্দৰ কোনো অস্তিত্ব নাছিল। ব্যক্তিকেন্দ্রিক স্বাৰ্থৰ পৰা ইবহু দূৰৈত অৱস্থান কৰিছিল। প্ৰতিখন ৰাইজ মেল সামূহিক নেতৃত্বৰ দ্বাৰা পৰিচালিত হৈছিল। তদুপৰি ইয়াত জাত-পাত, উচ্চ-নীচ, হিন্দু-মুছলমান আদি কোনোধৰণৰ ভেদ-ভাবৰ স্থান নাছিল। ৰাইজ মেলৰ নেতৃত্বত সংঘটিত বিদ্ৰোহকেইটাৰ অংশগ্রহণকাৰীসকললৈ মন কৰিলেই এই কথাৰ উমান পোৱা যায়। এনেদৰে ঊনবিংশ শতিকাৰ দ্বিতীয়ার্ধত বিশেষকৈ নামনি অসমত এই ৰাজই মেলসমূহে বহুসময়ত ব্ৰিটিছ চৰকাৰৰ নিদ্ৰাহৰণ কৰিছিল।

ব্ৰিটিছ চৰকাৰৰ আমোলত পোনপ্রথমে ১৮৩৬-৩৭ চনতে নগাঁও জিলাত প্রথমটো কৃষক বিদ্রোহ সংঘটিত হৈছিল। চৰকাৰে বাৰী-বস্তিৰ ওপৰতো খাজনা বহুওৱাবলৈ চেষ্টা কৰাত জিলাখনৰ একাংশ কৃষকে সংগঠিতহৈ মুকলিভাবে বিদ্রোহ কৰিছিল। অবশ্যে প্রশাসনে কঠোৰ হাতেৰে এই বিদ্রোহ দমন কৰি জনতাক চৰকাৰী নীতি মানি চলিবলৈ বাধ্য কৰায়।

(গ) ফুলগুৰি ধাৰা।

উত্তৰঃ ইংৰাজৰ অৰ্থনৈতিক দুর্নীতিৰ বিৰুদ্ধে ১৮৬১ খ্রীঃত বৰ্তমান নগাঁও চহৰৰ পৰা ১২১ কি.মি. অন্তৰৰ ফুলগুৰি অঞ্চলত কৃষক বিদ্ৰোহৰ সূচনা হয়। ১৮৬০ খ্রীঃত চৰকাৰে আফু খেতিৰ প্ৰচলন বন্ধ কৰে। এই খেতিৰ অধিক প্রচলন আছিল নগাঁও অঞ্চলত। ফলত বিশেষকৈ নগাঁৱৰ খেতিয়কসকলৰ অশেষ ক্ষতি সাধন হয়। তদুপৰি তামোল-পাণৰ ওপৰত কৰ বহুওৱাৰ প্ৰস্তুতি চলোৱাত লালুং সম্প্ৰদায়ৰ ক্ষোভ বাঢ়িল।

এই সকলো সমস্যাৰ সমাধানকল্পে প্রায় ১৫০০ কৃষকে ১৮৬১ খ্ৰীৰ অক্টোবৰ মাহত নগাঁৱৰ ডেপুটি কমিচনাৰ হার্বার্ট স্কন্সৰ ওপৰত এক আবেদন দাখিল কবে কিন্তু কমিচনাকে এই সন্দর্ভত কোনো সংহাৰি নজনোৱা দেখি ফুলগুৰিত ৰাইজে মেল পাতি প্রায় পাঁচ দিন ধৰি চৰকাৰী নীতিৰ প্রতিবাদ জনায়। এনেদবে ক্রমান্বয়ে পরিস্থিতি বৰ জটিল হৈ আহে ইংৰাজ কমিচনাৰ লেফটেনেন্ট জি.বি. চিঙ্গাৰক হত্যা কৰে। বিদ্রোহীসকলৰ এনে কার্যত আৰু শেষত কৃষক আৰু চৰকাৰী পলিচৰ মাজত সংঘর্ষ হয়। এই ঘটনাত বিদ্রোহীসকলে চৰকাৰ ক্ষুন্ন হয় আৰু কৃষকসকলৰ ওপৰত নানাধৰণৰ অত্যাচাৰ কৰে। চৰকাৰী অত্যাচাৰৰ ফলত কমেও ৫৪ জন কৃষকৰ মৃত্যু হয়। আনহাতে চিঙ্গাৰৰ হত্যাৰ লগত জড়িত ৯ জন লোকৰ ৬ জনক দীপান্তৰিত আৰু ২ জনক ১৪ বছৰৰ বাবে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাৰ লগতে বাকী ১ জনক সাত বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হয়।

(ঘ) লচিমাৰ কৃষক বিদ্রোহ।

উত্তৰঃ ব্ৰিটিছ প্ৰশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো ৰঙিয়াৰ কৃষক বিদ্রোহ অন্যান্য অঞ্চললৈ বিয়পি পৰিছিল। বৰমাত ৰাইজমেল বৰ শক্তিশালী আছিল আৰু তাত এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তোলাৰ লগতে যোগাযোগৰ সুবিধাৰ অর্থে ডাক-পিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল। বজালী অঞ্চলত লচিমা, চৌখুঁটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি আদিত হেজাৰ হেজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল। এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন বহিছিল পানাগাঁৱৰ চাপৰিত (পানাগাঁও টুপত)। এই বাইজমেলত আনকি ৰঙিয়া, নলবাৰী, ধৰ্মপুৰ, বজালী আদি উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষকে যোগ দিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ ওচৰৰ কাপ্পা গাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধব চন্দ্ৰ বৰদলৈয়ে ৭৫জন লোকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি শিবিৰলৈ (Rest camp) লৈ যায়। প্রায় ৩০০০ লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত তেওঁ আটক কৰা বন্দীসকলক মুক্ত কৰিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেক কেবে ৩০জনমান পুলিচ আৰু গোর্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯জন বিদ্রোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোকৰ অস্থায়ী জেলত ভৰাই থয়। ২৫ তাৰিখৰ আবেলিলৈ প্রায় ৬০০০ লোকে বন্দীসকলৰ মুক্তি বিচাৰি ৬০০০ লোকৰ স্বাক্ষৰিত এখন আবেদন উপায়ুক্তৰ শিবিৰলৈ গৈ দাখিল কৰে। মেক কেবে কোনো সঁহাৰি নজনায় আৰু শক্তি প্রয়োগ কৰি ৰাইজক খেদি পঠিয়ায়। পুলিচে আটক কৰাসকলৰ ভিতৰত গোসাঁই দলৈ আৰু কেইবাজনো মুখীয়াল লোক আছিল। বন্দীসকলক গৰুৰ দৰে কান্ধত যুঁৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভবিষ্যতে কোনেও বিদ্রোহ কৰিবলৈ সাহস কৰিব নোৱাৰে। লচিমাত কৃষক বিদ্রোহ সংগঠিত কৰা আৰু হলিবাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত ১৬জনক বিভিন্ন শাস্তি বিহা হৈছিল। পিছত কলিকতা হাইক’ৰ্টৰ নিৰ্দেশত এইসকল লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল। বিদ্রোহত নেতৃত্ব দিয়া আৰু অংশগ্ৰহণ কৰাৰ অপৰাধত পুষ্পৰাম কলিতা, দেবী দত্ত শর্মা, জয়ন্তী বেজ, নিভার্যা কলিতা, নাউচাকু কলিতা আৰু মংগলু কলিতাই দুবছৰকৈ সশস্ত্ৰ কাৰাদণ্ড ভোগ কৰিব লগা হৈছিল।

(ঙ) তেজপুৰ ৰায়ত সভা।

উত্তৰ: অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত ৰাইজমেলবোৰ অস্থায়ী অনুষ্ঠান আছিল। তার বাবে স্থায়ীভাবে সদস্য ভর্তিকৰণৰ কোনো ব্যৱস্থা নাছিল। এইবোৰ দোষ আঁতৰাবৰ বাবে অসমত স্থায়ী কৃষক সংগঠনৰ কাৰণে কেইজনমান লোক আগবাঢ়ি আহে। এনেকৈয়ে ৰায়ত সভা নামৰ কৃষক সংগঠন এটাৰ জন্ম হয়। এই সংগঠনৰ সদস্য ভৰ্তিৰ লগতে স্থায়ী বিষয়ববীয়াও নির্বাচিত কৰা হৈছিল। লক্ষ্মীনাথ বৰ কাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা আদি ব্যক্তিসকলে তেজপুৰত ৰায়ত সভা এখনৰ সংগঠন কৰে। তেওঁলোকৰ যত্নত অতি কম দিনৰ ভিতৰতে গাঁৱত যথেষ্ট সংখ্যক নিৰক্ষৰ কৃষকক সংগঠিত কৰিছিল। ইয়াৰ নেতৃত্বত আছিল মধ্যবিত্ত শ্ৰেণীৰ আগশাৰীৰ লোককেইজনমান। এই সভাই ৰাইজমেলৰ দৰে সংগ্ৰামী পথ এৰি চৰকাৰৰ ওচৰত আবেদন আৰু নিবেদনেৰে ৰাইজৰ অভাৱ-অভিযোগ দূৰ কৰাৰ ব্যৱস্থা কৰিছিল।

(চ) নগাঁও বায়ত সভা।

উত্তৰঃ ১৮৮৬-৮৭ চনত নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। এই সভাৰ আৰম্ভণিতে কোনে নেতৃত্ব লৈছিল, তাৰ বিষয়ে সবিশেষ জনা নাযায়। এইটো ঠিকমতে ভবা যায় যে চৰকাৰৰ দ্বাৰা প্ৰবৰ্তিত ভূমি ৰাজহ ব্যৱস্থাই অসমীয়া মধ্যবিত্ত শ্রেণীক কিছু আঘাত দিছিল। তাৰোপৰি ১৮৮৩ চনত ১০ বছৰীয়া ভূমি বন্দৱস্তি নীতি আৰু কেডেট্রেল জৰীপ ব্যৱস্থাৰ প্ৰবৰ্তন কৰাত তেওঁলোকে চৰকাৰৰ উদ্দেশ্যৰ প্ৰতি সন্দিহান হৈছিল- তেনেকৈয়ে ৰায়ত সভাৰ জন্ম হৈছিল। গাঁওবোৰৰ হাজাৰ হাজাৰ কৃষকৰ সমাৱেশ হৈছিল- তাত চৰকাৰৰ ভূমি নীতিৰ ওপৰত আলোচনা আদি কৰা হৈছিল আৰু বর্ধিত ৰাজহ আদায় নিদিবলৈ ব্যবস্থা লৈছিল। পিছলৈ ৰায়ত সভাক কংগ্ৰেছৰ পতাকাৰ তলত সংগঠিত কৰাত

কৃতকার্য হৈছিল। আনহাতে ১৮৯৩-৯৪ চনৰ কৃষক বিদ্ৰোহৰ সময়ত এই সভাই কৃষকৰ স্বাৰ্থৰ বিপৰীত সৈ চৰকাৰৰ লগত বুজাবুজি কৰি সেই বিদ্রোহ দমনত প্রত্যক্ষ ভূমিকা লৈছিল।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। উনবিংশ শতিকাৰ অসমৰ ভূমি ৰাজহ ব্যৱস্থা সম্পর্কে লিখা।

উত্তৰ: ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে অসমত শাসন প্ৰৱৰ্তন কৰাৰ পিছত অসমৰ প্রচলিত ভূমি নীতি আৰু ব্যৱস্থাটোৰ এক আমূল পৰিৱৰ্তন ঘটোৱাটো প্রাথমিক কর্তব‍্য বুলি বিবেচনা কৰিছিল। যিহেতু ভূমি উৎপাদনৰ মূল আহিলা হোৱাৰ লগতে চৰকাৰী আয়ৰো প্ৰধান উৎস গতিকে এই সমগ্র ব্যৱস্থাটো সু-সংগঠিত কৰি তোলাত তেওঁলোকে সর্বাধিক গুৰুত্ব দিছিল। অৱশ্যে ইয়াৰ লগতে ব্যৱসায়িক ভিত্তিত চাহ বাগিচা খোলাৰ বাবে ভূমি আবণ্টন দিয়াৰ স্বাৰ্থটোও জড়িত হৈ আছিল।

দেশাধিকাৰ কৰাৰ সূত্রে ব্রিটিছ অসমৰ ভূমি মালিক হোৱাৰ লগে লগে কৃষককে ধৰি বাকীসকল ৰায়ত হৈ পৰিল। অৱশ্যে ৰায়তসকলে চৰকাৰৰ পৰা ভোগ কৰা ভূমিৰ ওপৰত ধাৰ্য কৰা খাজনা নিয়মীয়াকৈ দি থকাৰ চৰ্তসাপেক্ষে ব্যক্তিগত মালিকীস্বত্ব লাভকৰিছিল। বংগদেশত থকা কোম্পানীৰ শীৰ্ষ কর্তৃপক্ষৰ সিদ্ধান্তমর্মে অসমৰ ক্ষেত্ৰত ব্ৰিটিছ শাসনৰ আৰম্ভণিৰে পৰা ১৮৭২ চনলৈকে একচনীয়া বন্দোবস্তিৰ মাধ্যমত ভূমিৰ মালিকীস্বত্ব প্রদান কৰা হৈছিল।

অসমত প্ৰৱৰ্তিত ভূমি স্বত্বৰ ব্যৱস্থাটোক বায়তৱাৰী ব্যৱস্থা বা বন্দোবস্তি বুলি জনা যায়। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ এনেধৰণৰ-

(ক) বায়তকাৰী ব্যৱস্থাত মধ্যস্বত্বভোগীৰ কোনো ব্যৱস্থা নাই। ইয়াত বন্দোবস্তি পোনপটীয়াকৈ চৰকাৰ আৰু ৰায়তৰ মাজত সম্পন্ন হয়।

(খ) এই ব্যৱস্থাত বায়ত এজনে তেওঁৰ ভূমিত বংশানুক্রমিক স্বত্বৰ অধিকাৰ লাভকৰাৰ লগতে প্রয়োজন সাপেক্ষে বেলেগক বিক্রী বা দান সূত্ৰে দিব পৰা অধিকাৰৰ গৰাকী হয়।

(গ) বায়তৱাৰী বন্দোবস্তিত খাজনাৰ নিৰিখ অপৰিৱৰ্তিত আৰু স্থায়ী হৈ থাকিব।

(ঘ) বায়তসকলে খাজনা দি থকালৈকে নির্বিবাদে নিজে ভূমি ভোগ দখল কৰি থাকিব পাৰিব, সেই ভূমিৰ পৰা ৰায়তক উচ্ছেদ কৰিব নোৱাৰিব।

(ঙ) চৰকাৰে যদি জলসিঞ্চনৰ ব্যৱস্থা বা মাটিৰ শ্ৰীবৃদ্ধিৰ কাৰণে কোনো ব্যবস্থা লয় তেতিয়া খাজনাৰ পৰিমাণ কিছু বৃদ্ধি কৰিব পাৰিব।

১৮৮৬ চনৰ ১ জুলাইত ব্ৰিটিছ চৰকাৰে ‘অসম ভূমি আৰু ভূমি ৰাজহ অধিনিয়ম’খন গ্ৰহণ কৰাৰ লগে লগে বায়তৱাৰী বন্দোৱস্তি তথা অসমৰ ভূমি নীতিয়ে আইনগত স্বীকৃতি লাভ কৰে। অৱশ্যে হাল্টাৰৰ মতে অসমৰ ৰায়তৱাৰী বন্দোবস্তি ভাৰতৰ অন্য স্থানত প্রচলিত ৰায়তৱাৰী ব্যৱস্থাতকৈ সামান্য পৃথক আছিল।

আহোম আৰু মোগল শাসকসকলে সত্র, ব্রাহ্মণ-পুৰোহিত, পীৰ আদিক সম্পূর্ণ কৰবিহীনভাৱে দান কৰা লাখেৰাজ নামৰ ভূমি-সম্পত্তিৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল। কিয়নো নিষ্কৰ হিচাপে পৰিগণিত এনে ভূমিৰ পৰা চৰকাৰৰ আয় হ্রাস হোৱাৰ আশংকা কৰা হৈছিল। ১৮৩৪ চনৰ আগষ্ট মাহত কোম্পানী চৰকাৰৰ বংগ কর্তৃপক্ষই প্ৰেৰণ কৰা এক নির্দেশ পত্ৰ অনুসৰি লাখেৰাজ ভূমি সম্পর্কে অনুসন্ধন কৰিবলৈ পর্যায়ক্রমে কেপ্টেইন বগল, কর্নেল জেনকিন্স আৰু কেপ্টেইন মেথিক দায়িত্ব দিয়া হয়। তেওঁলোকে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি লাখেৰাজ ভূমিকা তিনিটা সুকীয়া ভাগত বিভক্ত কৰা হয়-

(ক) দেৱোত্তৰ বা ভোগধনী, (খ) ব্রহ্মোত্তৰ আৰু (গ) ধর্মোত্তৰ।

মঠ-মন্দিৰ আৰু সত্ৰানুষ্ঠানৰ প্ৰতি দান কৰা দেৱোত্তৰ ভূমিক সৰ্বকালৰ বাবে নিষ্কৰ বা কৰবিহীন ভূমিৰূপে স্বীকৃতি দিয়া হৈছিল। আনহাতে, ব্রাহ্মণ পুৰোহিতলৈ দান কৰা ব্রহ্মোত্তৰ আৰু দান সংক্রান্তীয় বা ধর্মীয় উদ্দেশ্য জড়িত ধর্মোত্তৰ ভূমিৰ ওপৰত প্ৰচলিত সাধাৰণ কৃষি খাজনাৰ অর্ধেক হাৰত খাজনা বহুওৱা হৈছিল। অর্থাৎ এই দুই শ্ৰেণীৰ ভূমিৰ নিষ্কৰ চৰিত্ৰৰ বিলোপ সাধন কৰা হৈছিল। তথাপিও উক্ত দুই শ্ৰেণীৰ ভূমিৰ দেবোত্তৰ ভূমিৰ লগত চৰিত্ৰ লৈ যথেষ্ট খেলিমেলি লাগি আছিল। এই আসোঁৱাহদূৰ কৰিবলৈ ১৮৭১ চনৰ পৰা এই দুই শ্ৰেণীৰ ভূমিক একেলগে নিজেিখৰাজ নামেৰে বুজোৱা হৈছিল।

লাখেৰাজ ভূমি সম্পৰ্কে চৰকাৰে কৰ অনুসন্ধানৰ ফলস্বৰূপে ৰাজকোষত যথেষ্ট পৰিমাণে ৰাহজ আহিছিল। তদুপৰি দান সংগ্ৰহ কৰা ব্যক্তিজনে উল্লেখ কৰা ভূমিতকৈ অধিক পৰিমাণৰ ভূমি দখল কৰি থকাটো ধৰা পৰিলে তেনে সমূদায় ভূমি বাজেয়াপ্ত কৰা হৈছিল।

১৮৭৪ চনত গোৱালপাৰাক অসম প্ৰদেশৰ লগত চামিল কৰা হৈছিল যদিও তাত ৰায়তৱাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পৰা চৰকাৰ বিৰত আছিল। শ্রীহট্টৰো অৱস্থা ঠিক তেনেকুৱাই আছিল। ১৭৯৩ চনত গৱৰ্নৰ জেনেৰেল লর্ড কৰ্ণৱালিছৰ আমোলত বংগদেশত চিৰস্থায়ী ভূমি বন্দোবস্তি আৰম্ভ কৰাৰ সময়ত কোৱালপাৰা বংগ প্ৰশাসনৰ অধীনত আছিল। হয়তো এই সূত্রে গোৱালপাৰাত চিৰস্থায়ী ভূমি বন্দোবস্তিৰ অধীনত জমিদাৰী ব্যৱস্থাৰ প্ৰচলন কৰা হৈছিল।

ব্ৰিটিছৰ দ্বাৰা অসমত প্রবর্তিত ভূমি ৰাজহ ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল নতুনকৈ গঢ় লৈ উঠা চাহশিল্পৰ বাবে প্রয়োজনীয় ভূমিৰ আবণ্টন ইয়াৰ বাবে চৰকাৰে পৃথক ভূমি নীতিৰ পোষকতা কৰিছিল। ইয়াক কাৰ্যকৰীকৰণৰ বাবে প্রথমে ১৮৩৮ চনৰ ৬ মার্চত ‘পতিত ভূমি আবণ্টন নীতি’ নামৰ এখন নতুন ভূমি আইন বলবৎ কৰা হয়। এই আইন অনুসৰি এজন চাহ খেতিয়কে ১০০ ৰ পৰা ১০,০০০ একৰলৈ ভূমি আবণ্টন পাবলৈ সক্ষম হৈছিল। তদুপৰি ইয়াৰ চাৰি ভাগৰ এক অংশ ভূমি লাভ কৰোঁতাজনে খাজনাবিহীনভাবে সর্বকালৰ বাবে ভোগ কৰিব পাৰিছিল। বাকী তিনিভাগ ভূমিৰ ক্ষেত্ৰত তেওঁ পাঁচ বছৰলৈ খজনা ৰেহাই পাইছিল আৰু ষষ্ঠ বছৰৰ পৰা অতি সামান্য হাৰত খাজনা দিব লাগিছিল। এই আইনৰ পিছত ইয়াতকৈয়ো সহজ চৰ্তত চাহ খেতিৰ বাবে ভূমি আবণ্টন কৰিবলৈ ১৮৫৪ চনৰ ২৩ অক্টোবৰত ‘Old Assam Rules’ নামৰ এখন নতুন আইন প্রণয়ন কৰা হয়। পর্যায়ক্রমে ১৮৬২ চনত ‘Fee Simple Rules’ আইন প্ৰৱৰ্তন কৰি ইউৰোপীয় চাহ খেতিয়কসকলক অসমত চাহ বাগিচা স্থাপনৰ বাবে অধিক উৎসাহী কৰাৰ পদক্ষেপ লোৱা হয়। এই আইনৰ অধীনত চাহখেতিৰ বাবে আবণ্টন কৰা ভূমি সম্পূৰ্ণভাৱে চিৰকালৰ বাবে খাজনীবিহীন কৰা হৈছিল। তদুপৰি এই আইনখন ১৮৭৪ আৰু ১৮৭৬ চনত পুনৰ সংশোধন কৰি চাহ খেতিয়কসকলক অধিক সুবিধা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। পৰৱৰ্তী কালত তৃতীয়বাৰৰ বাবে ১৮৮৬ চনৰ ‘অসম ভূমি আৰু খাজনা অধিনিয়ম’ৰ অধীনত ইয়াত পুনৰ সংশোধনী অনা হৈছিল আৰু ব্ৰিটিছে অসম ত্যাগ নকৰা পর্যন্ত এইসমূহৰ কোনো সালসলনি হোৱা নাছিল। এই আইনসমূহৰ পৰিণতিস্বৰূপে অসমত চাহ বাগিচাৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পাই আহিছিল।

গতিকে দেখা যায় যে ব্ৰিটিছ পুঁজিপতিসকলৰ স্বাৰ্থত অসমত ব্যৱসায়িক ভিত্তিত চাহ খেতি কৰিবলৈ সহস্রাধিক বিঘা মাটি খাজনাবিহীনভাবে আবণ্টন দিয়া হৈছিল। কিন্তু দুর্ভাগ্যজনক কথা এয়ে যে এনে বৃহৎ পৰিমাণৰ ভূমি চাহ খেতিৰ বাবে ব্যৱহাৰ কৰিলেই ইয়াৰ দ্বাৰা অসমৰ থলুৱা জনসাধাৰণ অলপো উপকৃত হোৱা নাছিল।

এনেদৰে চাহ খেতিৰ বাবে ব্যাপক হাৰত ভূমি আবণ্টন দিয়া কার্যই এফালে যেনেকৈ চাহ শিল্পৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছিল, আনহাতে ই কিছুমান নেতিবাচক দিশো কঢ়িয়াই আনিছিল। বহু চাহ খেতিয়কে আবণ্টন লাভ কৰা নিৰ্দিষ্ট পৰিমাণৰ ভূমিতকৈ বহু বেছি পৰিমাণৰ ভূমি দখল কৰি তাত ৰায়তক স্থাপন কৰি নিজৰ জমিদাৰী সৃষ্টি কৰি লৈছিল। প্রতাপী চাহ খেতিয়কসকলে বহু সময়ত কৃষকৰ কৃষিভূমি দখল কৰা কাৰ্যই ৰাজ্যৰ কৃষি অর্থনীতিতো কুপ্রভাব পেলাইছিল।

২। অসমত কৃষক বিদ্রোহৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ ১৮৫৭ খ্রীঃব চিপাহী বিদ্ৰোহৰ পিছৰ পৰা ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ সংসদৰ হাতলৈ যায়। কিন্তু শাসনৰ এনে পৰিৱৰ্তনে

ভাৰতীয় জনসাধাৰণৰ কাৰণে সুফল কঢ়িয়াই আনিব নোৱাৰিলে। বৰঞ্চ শোষণ আৰু কৰৰ বোজা ক্রমে বাঢ়িবলৈহে ধৰিলে। ১৮৫৮ খ্ৰীঃত চৰকাৰে ‘ষ্টাম্প এক্ট’, ১৮৬০ খ্ৰীঃত আয়কৰ আৰু আমদানি কৰ আদি নতুনকৈ প্ৰৱৰ্তন কৰিলে। অসমৰো কামরূপ, দৰং, নগাঁও আদি ঠাইসমূহত মদৰ ওপৰত আবকাৰী কৰ বহুৱায়। সোণ কমোবা, বিলত মাছ ধৰি ব্যৱসায় কৰা আদি বৃত্তিমূলক কামবোৰত কৰ লগায়। আনকি চাপৰি বা চৰণীয়া পথাৰত গৰু-ম’হ চৰোৱাৰ বাবদ গ্রেজিং বা চৰণীয়া পথাৰৰ কৰ দিবলগীয়া হয়।

(ক) ফুলগুৰিৰ বিদ্ৰোহ বা ফুলগুৰিৰ ধেৱা (১৮৬১): ইংৰাজৰ অর্থনৈতিক দুর্নীতিৰ বিৰুদ্ধে ১৮৬১ খ্রীঃত বৰ্তমান নগাঁও চহৰৰ পৰা ১২১ কি.মি. অন্তৰৰ ফুলগুৰি অঞ্চলত কৃষক বিদ্ৰোহৰ সূচনা হয়। ১৮৬০ খ্রীঃত চৰকাৰে আফু খেতিৰ প্ৰচলন বন্ধ কৰে। এই খেতিৰ অধিক প্রচলন আছিল নগাঁও অঞ্চলত। ফলত বিশেষকৈ নগাঁৱৰ খেতিয়কসকলৰ অশেষ ক্ষতি সাধন হয়। তদুপৰি তামোল-পাণৰ ওপৰত কৰ বহুওৱাৰ প্রস্তুতি চলোৱাত লালুং সম্প্ৰদায়ৰ ক্ষোভ বাঢ়িল। বিদ্রোহীসকলে ইংৰাজ কমিচনাৰ লেফটেনেন্ট জি.বি. চিঙ্গাৰক হত্যা কৰে। বিদ্রোহীসকলৰ এনে কাৰ্যত চৰকাৰ ক্ষুণ্ণ হয় আৰু কৃষকসকলৰ ওপৰত নানাধৰণৰ অত্যাচাৰ কৰে। চৰকাৰী অত্যাচাৰৰ ফলত কমেও ৫৪ জন কৃষকৰ মৃত্যু হয়। আনহাতে চিঙ্গাৰৰ হত্যাৰ লগত জড়িত ৯ জন লোকৰ ৬ জনক দীপান্তৰিত আৰু ২ জনক ১৪ বছৰৰ বাবে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাৰ লগতে বাকী ১ জনক সাত বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হয়।

(খ) ১৮৬৮ চনৰ কৃষক বিদ্রোহ: ১৮৬১ জনত হেনৰী হপকিনছনে অসমৰ কমিচনাৰৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই অসমৰ ভূমিৰ ৰাজহ বৃদ্ধিৰ কাৰণে প্রস্তাৱ আগবঢ়ায়। এই অনুসৰি ১৮৬৭ জনৰ শেষৰ ফালে অসমত ভূমি ৰাজহ বৃদ্ধি কৰা হয়। ইয়াৰ ফলত ভূমি ৰাজহৰ পৰিমাণ ১৮৬৭-৬৮ চনতকৈ ১৮৬৮-৬৯ চনত ৬১.২৩ শতাংশ বৃদ্ধি পায়।

চৰকাৰৰ এনে টোগলকী কাৰ্যত অসমৰ কৃষকসকল গভীৰভাৱে অসন্তুষ্ট হৈ পৰে। বিশেষকৈ দৰং আৰু কামৰূপ জিলাৰ কৃষকসকলক ভীষণ উত্তেজিত কৰি তুলিছিল আৰু এনে বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ তেওঁলোক সততে ৰাইজমেলৰ জৰিয়তে মিলিত হৈছিল। ৰাইজমেলৰ নেতৃত্বত দৰঙৰ পথৰুঘাট আৰু কামৰূপ জিলাৰ বজালী, গোবিন্দপুৰ অঞ্চলৰ হাজাৰ হাজাৰ কৃষকে গণ আন্দোলনৰ কাৰণে অগ্ৰসৰ হৈছিল।

১৮৬৮ চনৰ নবেম্বৰ মাহত পথৰুঘাটত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ বহুতো কৃষকে চৰকাৰৰ বৰ্দ্ধিত ৰাজহৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু বৰ্দ্ধিত হাৰত খাজনা সংগ্ৰহ নকৰিবলৈ চৰকাৰক সকীয়াই দিছিল। ঠিক তেনেদৰে বজালী-গোবিন্দপুৰ অঞ্চলতো হাজাৰ হাজাৰ উত্তেজিত কৃষকে ১৮৬৯ চনৰ জানুৱাৰী মাহত ৰাইজমেলত মিলিত হৈ প্ৰতিৰোধ আন্দোলন গঢ়ি তুলিছিল। এনে ঘটনাই চৰকাৰীমহলত ভয়ৰ সঞ্চাৰ হৈছিল। ফলত পুলিচ বা আন কোনো চৰকাৰী বিষয়াই ৰাইজমেলৰ ওচৰ চাপিবলৈ সাহস কৰা নাছিল। অৱশ্যে পিছলৈ চৰকাৰে সামৰিক শক্তি প্রদর্শনেৰে এনে কৃষক বিদ্রোহ দমন কৰিছিল।

১৮৯২ চনৰ জুন মাহত সেই সময়ৰ অসমৰ চীফ কমিচনাৰ ছাৰ উইলিয়াম আবস্কাইন বার্ডে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূমিৰ নতুন শ্ৰেণী বিভাজন কৰে আৰু ৰাজহ বৃদ্ধিৰ কাৰণে চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰে। চৰকাৰেও এনে প্রস্তাবত অনুমোদন জনায়। ফলত ১৮৯৩-৯৪ চনত পূর্বতকৈ প্রায় ৩৫ শতাংশ ৰাজহ ব্ৰহ্মপুত্ৰ উপত্যকাত বৃদ্ধি পায়।

চৰকাৰৰ এনে কাৰ্যত পুনৰ খেতিয়কসকল গভীৰভাৱে অসন্তুষ্ট হৈ পৰে। সেয়ে তেওঁলোকে ৰাইজমেলৰ জৰিয়তে এনে বৰ্দ্ধিত ৰাজহৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনায়। উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলত শ শ কৃষকে ৰাইজমেলত মিলিত হৈ বৰ্দ্ধিত হাৰত খাজনা নিদিবলৈ সিদ্ধান্ত লয়।

১৮৯৩ চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু ইয়াৰ ওচৰ-পাঁজৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামুলপুৰৰ তহবিলদাৰ ৰাধানাথ বৰুৱাক অপমানিত কৰে। ঠিক তেনেদৰে নলবাৰীৰ ওচৰৰ কদমতল বোলা ঠাইত অনুষ্ঠিত এখন ৰাইজমেলৰ সিদ্ধান্ত অনুসৰি ১৮৯৪ চনৰ ১১ জানুৱাৰীৰ দিনা উত্তৰ কামৰূপৰ হাজাৰ হাজাৰ কৃষকৰ উপস্থিতিত ৰঙিয়াত এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰে। কনগোসাঁই নামৰ এজন লোকে এই সভাৰ সভাপতিত্ব কৰিছিল বুলি জনা যায়। আনহাতে ৰাইজমেল অনুষ্ঠিত কৰাত বাধা প্ৰদানৰ কাৰণে কামৰূপ জিলাৰ জিলাধিপতি আৰ.বি. মেকাবৰ নেতৃত্বত এটি চৰকাৰী দল কিছুদিন আগৰ পৰাই তাত অৱস্থান কৰি আছিল। ফলত দুয়োপক্ষৰ মাজত সংঘর্ষ লাগে। চৰকাৰী তথ্যমতে এনে সংঘর্ষত কোনো হতাহত হোৱা নাছিল। কিন্তু বেচৰকাৰী তথ্যমতে এই সংঘর্ষত কেবাজনো কৃষকৰ মৃত্যু হৈছিল আৰু বৰ্তমানৰ হৰদত্ত-বীৰদত্ত ভৱনৰ ভেটিত সেই মৃত কৃষকসকলক গাঁত খান্দি পুতি থৈছিল।

অত্যধিক বৰ্ধিত হাৰত বঢ়া ৰাজহৰ কবলৰ পৰা মুক্তি লাভ কৰাৰ কাৰণে ১৮৯৪ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্রোহ সংঘটিত হয়। ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ প্ৰায় তিনি দিন ধৰি কৃষক ৰাইজে গৈ তাত সমবেত হৈছিল। সেই সময়ত দৰং জিলাৰ মহকুমাধিপতি আছিল জে দি এণ্ডাৰচন। তেওঁ সমবেত হোৱা কৃষকসকলৰ পৰা হ’ব পৰা বিদ্ৰোহৰ প্ৰতি সজাগ হৈ পথৰুঘাটলৈ বহুতো সামৰিক লোকক প্ৰেৰণ কৰে। ইতিমধ্যে পথৰুঘাটৰ তহচিলদাৰে বৰ্দ্ধিত হাৰত খাজনা সংগ্রহ কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পিছত ৰায়তৰ সম্পত্তি ক্রোক কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হয়। চৰকাৰৰ এনে কাৰ্যত কৃষক ৰাইজ অধিক অসন্তুষ্ট হয়। ফলত দুয়োপক্ষৰ মাজত তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয়। পিছত হাজাৰ হাজাৰ কৃষক ৰাইজ চৰকাৰী ৰেষ্টকেম্পৰ সন্মুখত সমবেত হয়। এনে পৰিস্থিতিত জিলাধিপতি এণ্ডাৰচনে কৃষকসকলক আঁতৰি যাবলৈ নির্দেশ দিয়ে। কিন্তু কৃষকসকলে এনে আদেশৰ প্ৰতি কোনো কাণসাৰ নিদিলে।

হাজাৰ হাজাৰ কৃষক ৰাইজ ৰেষ্টকেম্পৰ পিনে গতি কৰে। পৰিস্থিতি বিষম যেন দেখি শেষত জিলাধিপতিয়ে কৃষকৰ ওপৰত গুলিবর্ষণ কৰাৰ কাৰণে আদেশ দিয়ে। লগে লগে চৰকাৰী পক্ষই নিৰীহ কৃষকৰ ওপৰত ধাৰাসাৰে গুলিবর্ষণ কৰে। ফলত বহুতো কৃষকৰ মৃত্যু ঘটাৰ লগতে বহুতো কৃষক ৰাইজ আঘাতপ্রাপ্ত হয়।

৩। ১৮৯৪ চনত দৰং জিলাৰ পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পর্কে আলোচনা কৰা।

উত্তৰ: অত্যধিক বৰ্ধিত হাৰত বঢ়া ৰাজহৰ কবলৰ পৰা মুক্তি লাভ কৰাৰ কাৰণে ১৮৯৪ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্রোহ সংঘটিত হয়। ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ প্রায় তিনি দিন ধৰি কৃষক ৰাইজে গৈ তাত সমবেদ হৈছিল। সেই সময়ত দৰং জিলাৰ মহকুমাধিপতি আছিল জে দি এণ্ডাবচন। তেওঁ সমবেত হোৱা কৃষকসকলৰ পৰা হ’ব পৰা বিদ্ৰোহৰ প্ৰতি সজাগ হৈ পথৰুঘাটলৈ বহুতো সামৰিক লোকক প্ৰেৰণ কৰে। ইতিমধ্যে পথৰুঘাটৰ তহচিলদাৰে বৰ্দ্ধিত হাৰত খাজনা সংগ্রহ কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পিছত ৰায়তৰ সম্পত্তি ক্রোক কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হয়। চৰকাৰৰ এনে কাৰ্যত কৃষক ৰাইজ অধিক অসন্তুষ্ট হয়। ফলত দুয়োপক্ষৰ মাজত তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয়। পিছত হাজাৰ হাজাৰ কৃষক ৰাইজ চৰকাৰী ৰেষ্টকেম্পৰ সন্মুখত সমবেত হয়। এনে পৰিস্থিতিত জিলাধিপতি এণ্ডাৰচনে কৃষকসকলক আঁতৰি যাবলৈ নির্দেশ দিয়ে। কিন্তু কৃষকসকলে এনে আদেশৰ প্ৰতি কোনো কাণসাৰ নিদিলে। হাজাৰ হাজাৰ কৃষক ৰাইজ ৰেষ্টকেম্পৰ পিনে গতি কৰে। পৰিস্থিতি বিষম যেন দেখি শেষত জিলাধিপতিয়ে কৃষকৰ ওপৰত গুলিবর্ষণ কৰাৰ কাৰণে আদেশ দিয়ে। লগে লগে চৰকাৰী পক্ষই নিৰীহ কৃষকৰ ওপৰত ধাৰাসাৰে গুলিবর্ষণ কৰে। ফলত বহুতো কৃষকৰ মৃত্যু ঘটাৰ লগতে বহুতো কৃষক ৰাইজ আঘাতপ্রাপ্ত হয়। এক বেচৰকাৰী হিচাপ মতে পথৰুঘাটৰ কৃষকসকলৰ ওপৰত কৰা গুলিবর্ষণৰ ফলত প্রায় ১৪০ জন কৃষকৰ মৃত্যু হয় আৰু ৭৫০ জন আহত হৈছিল। উল্লেখযোগ্য যে পুলিচৰ গুলিত মৃত্যুবৰণ কৰা আটাইবোৰ কৃষককে ওচৰৰে পুখুৰী এটাত পেলাই পুতি থোৱা হৈছিল। এনেদৰে পথৰুঘাটৰ কৃষক বিদ্রোহ ব্যর্থ হ’ব লগা হৈছিল। তথাপিও চৰকাৰী তথ্যমতে পথৰুঘাটৰ কৃষক বিদ্রোহ অত্যন্ত শক্তিশালী আৰু সু-সংগঠিত আছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে নৰোত্তম দাস ৰচিত ‘দলি পুৰাণ’ৰ পৰা পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কাহিনীৰ বিষয়ে বিস্তৃতভাৱে জানিব পাৰি।

৪। আসাম এছোচিয়েছন সম্পর্কে এটি আলোচনা লিখা।

উত্তৰ: ১৯০৩ চনত এচাম অসমীয়া শিক্ষিত ব্যক্তিয়ে গোটেই অসম সামৰি এক ৰাজনৈতিক অনুষ্ঠানৰ জন্ম দিয়ে। এই অনুষ্ঠানটোকে আসাম এছ’চিয়েছন বুলি কোৱা হয়। গৌৰীপুৰৰ জমিদাৰ প্ৰভাতচন্দ্ৰ বৰুৱাৰ সভাপতিত্বত ডিব্ৰুগড়ত ইয়াৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। প্রথম অৱস্থাত মাণিকচন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা, খৈজনুৰ আলি আদি তেতিয়াৰ শিক্ষিত ডেকাচাম জন্মলগ্নৰে পৰা এই অনুষ্ঠানৰ লগত জড়িত আছিল। মাণিকচন্দ্র বৰৱা ইয়াৰ প্ৰথম সম্পাদক আছিল। এই অনুষ্ঠানৰ জৰিয়তে আবেদন-নিবেদন তথা স্মাৰকপত্ৰ প্ৰদান কৰি সাংবিধানিক কাঠামোৰ ভিতৰত থাকিয়েই অসমীয়া লোকৰ দুর্গতি নিবাৰণৰ কাৰণে উপায় বিচাৰিছিল।

জনসাধাৰণৰ মাজত জাতীয় জাগৰণ সৃষ্টি কৰিবলৈ অসম এছোচিয়েছনে প্রচেষ্ট চলাইছিল। এই অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকল নৰমপন্থী আছিল। সেয়ে আবেদন-নিবেদনৰ জৰিয়তে চৰকাৰৰ নীতিৰ সমালোচনা কৰি সংস্কাৰৰ দাবী উত্থাপন কৰিছিল।

সেই সময়ৰ অসমৰ মধ্যবিত্ত শ্ৰেণীৰ অংশীদাৰসকল আৰু চৰকাৰী কৰ্মচাৰী আক ব্যৱসায়ীসকল প্রধানত এছ’চিয়েছনৰ লগত জড়িত হৈ আছিল। তেওঁলোকে এছ’চিয়েছার। মুখপত্র হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ বিভিন্ন ঠাইত এছ’চিয়েছনৰ ভালেমান শাখা গঠন কৰা হৈছিল। এই শাখাসমূহ হ’ল- গোৱালপাৰা, বৰপেটা, গুৱাহাটী, তেজপুৰ, নগাঁও, গোলাঘাট আৰু ডিব্ৰুগড়।

লর্ড কার্জনে প্ৰস্তাৱ কৰা বংগ-বিভাজনৰ আঁচনিৰ বিৰুদ্ধেও মাত মাতিছিল। এক প্ৰস্তাৱৰ জৰিয়তে এনে বিভাজনৰ ফলত অসমৰ ক্ষতি হ’ব বুলিও এছ’চিয়েছনে চৰকাৰক সকীয়াই দিছিল যাতে এই আঁচনিয়ে অসমৰ জনসাধাৰণৰ কোনো ক্ষতিসাধন নকৰে আৰু যাতে অসমৰ নামটো মানচিত্ৰৰ পৰা নোহোৱা হৈ নাযায়। ইয়াৰ উপৰি প্ৰশাসনৰ উচ্চ পদবীসমূহৰ ৭৫ শতাংশ আৰু আন আন সাধাৰণ পদসমূহৰ ৮০ শতাংশ অসমীয়া লোকৰ বাবে আছুতীয়াকৈ সংৰক্ষণ কৰাৰ কাৰণেও অসম এছ’চিয়েছনে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল।

এছ’চিয়েছনৰ দ্বিতীয় আৰু তৃতীয় অধিবেশন ক্রমে ১৯০৭ চনত ধুবুৰী আৰু ১৯১৪ চনত যোৰহাটত অনুষ্ঠিত হৈছিল। মাণিকচন্দ্ৰ বৰুৱাৰ মৃত্যু হোৱাৰ পিছত এছ’চিয়েছনৰ কাৰ্যালয় গুৱাহাটীৰ পৰা গোলাঘাটলৈ স্থানান্তৰিত কৰা হৈছিল। ১৯১৬ চনৰ অধিবেশনৰ পিছত এছ’চিয়েছনৰ চৰকাৰৰ লগত থকা নীতিৰ পৰিৱৰ্তন ঘটে। চন্দ্ৰনাথ শৰ্মা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীয়ে চৰকাৰৰ লগত আবোদন-নিবেদনৰ নীতি পৰিহাৰ কৰি সংঘৰ্ষৰ নীতিক সমর্থন জনায়।

১৯০৭ চনত শিৱসাগৰত বহা আসাম এছ’চিয়েছনৰ অধিবেশনত পোন প্ৰথমবাৰৰ বাবে অসমত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী উত্থাপন কৰা হৈছিল। সভাপতি সত্যনাথ বৰাই এই দাবী নিজে উত্থাপন কৰিছিল।

আসাম এছ’চিয়েছনে অসহযোগ আন্দোলনত অংশগ্রহণ কৰিছিল আৰু ১৯২০ চনত তেজপুৰত আৰু সেই বছৰৰে এপ্রিল মাহত যোৰহাটত অনুষ্ঠিত হোৱা আসাম এছ’চিয়েছনৰ অধিৱেশনত সংগঠনটোৰ কিছুমান সদস্যই কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু কিছুমান সদস্যৰ তীব্ৰ বিৰোধিতাৰ কাৰণে সেইটো সম্ভৱ হৈ নুঠিল। পিছত কংগ্ৰেছৰ প্ৰতি আকর্ষিত লোকসকলে এছ’চিয়েছন পৰিত্যাগ কৰে আৰু ১৯২০ চনৰ জুন মাহৰ ৫ তাৰিখে নবীনচন্দ্ৰ বৰদলৈৰ বাসভৱনত অসম প্রাদেশিক কংগ্রেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছ ৰাজনীতিৰ সূচনা কৰে আৰু স্বাধীনতা আন্দোলনৰ বিভিন্ন পর্যায়ত অংশগ্ৰহণ কৰে।

৫। আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অবদান সম্পর্কে লিখা।

উত্তৰঃ গুৱাহাটীৰ ইংলিছ চেমিনাৰী প্ৰাংগণত বহা এখন সভাত আছাম এছ’চিয়েশান নামৰ সংগঠন এটাৰ জন্ম হয় ১৮৬৭ চনত। তাত সভাপতিত্ব কৰিছিল গুৱাহাটীত আটক কৰি ৰখা কন্দপেশ্বৰ সিংহ আৰু সম্পাদকৰ দায়িত্ব দিয়া হৈছিল শিৱসাগৰৰ গংগা গোবিন্দ ফুকনৰ ওপৰত। ইয়াৰ পিছৰ ১৮৮০ চনৰ অধিৱেশন আৰু ১৮৮২ চনৰ অধিৱেশন শিৱসাগৰত বহে আৰু তাত সভাপতিত্ব কৰিছিল দীননাথ বেজবৰুৱাই। ইয়াৰ পিছত এই সংগঠনটোৰ বিষয়ে একো জনা নাযায়।

কিন্তু ১৯০৩ চনত আছাম এছ’চিয়েশ্যনক পুনর্জীৱিত কৰিলে। ইয়াত আগভাগ লৈছিল মাণিক চন্দ্ৰ বৰুৱাই। ইয়াত সভাপতিৰ দায়িত্ব দিয়া হৈছিল গৌৰীপুৰৰ জমিদাৰ প্ৰভাত চন্দ্ৰ বৰুৱা। উপসভাপতিৰ পদবীত আছিল ৰায়বাহাদুৰ জগন্নাথ বৰুৱা। সম্পাদকৰ দায়িত্বৰ ভাৰ মাণিক চন্দ্ৰ বৰুৱাৰ ওপৰতেই পৰিছিল। আৰু সহঃসম্পাদক আছিল অভয় নাথ চক্রবর্তী। এই এছ’চিয়েশ্যনৰ প্ৰথম সভাখন ডিব্ৰুগড়ত প্রভাত চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। এই এছ’চিয়েশ্যনৰ আত্মাস্বৰূপ আছি মাণিক চন্দ্ৰ বৰুৱা। তেওঁৰ মৃত্যুৰ (১৯১৫) সময়লৈকে তেওঁ নিজৰ দায়িত্ব সম্পূৰ্ণকৈ পালন কৰিছিল।

আছাম এছ’চিয়েছনে কৰা কামৰ কেইটামান উদাহৰণ হ’ল-

(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।

(২) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল।

(৩) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

প্ৰথমৰে পৰাই এছ’চিয়েশ্যনে চৰকাৰৰ নীতিৰ দেখদেখকৈ বিৰোধিতা কৰা নাছিল। চৰকাৰৰ পৰা স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা গঢ়ি তোলাত এছ’চিয়েশ্যনে সহযোগ বিচাৰিছিল। তাৰোপৰি নগৰপালিকাৰ উন্নয়ন সাধন, শিক্ষিত যুৱকৰ পাবে চৰকাৰী কাৰ্যালয়ত কর্মসংস্থানৰ ব্যৱস্থা কৰা, আধুনিক শিক্ষানুষ্ঠান পতা, ডেকাসকলক ব্যৱসায়-বাণিজ্যত অংশগ্রহণ আদি কার্যত এছ’চিয়েশ্যনে সততে গুৰুত্ব দিছিল। ই অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে কাম নকৰিবলৈ চৰকাৰক সকীয়নি দিছিল। এই এছ’চিয়েছন অসমৰ জাতীয়তাবাদী আন্দোলনত আওপকীয়াকৈ ভাগ লৈছিল। ১৯০৫ চনৰ পৰা ১৯১৭ চনলৈ অনুষ্ঠিত হোৱা এছ’চিয়েশ্যনৰ অধিৱেশনত নেতাসকলে চৰকাৰৰ লগত আবেদন-নিবেদন তথা স্মাৰক-পত্ৰ প্ৰদান কৰি সাংবিধানিক কাঠামোৰ ভিতৰত থাকিয়েই অসমীয়া লোকৰ দুখ-দুর্গতি নিবাৰণৰ কাৰণে উপায় বিচাৰি পাইছিল। ইয়াৰ মুখ্য কাৰ্যালয় আছিল গৌৰীপুৰ আৰু গুৱাহাটীত। তাদুপৰি শাখা কাৰ্যালয় কেবাখনো চহৰত খোলা হৈছিল।

মাজে-সময়ে অসমৰ অভিযোগবোৰ এই সংস্থাই চৰকাৰৰ ওচৰত দাঙি ধৰিছিল আৰু অসমে কি আশা কৰে তাকে চৰকাৰৰ ওচৰত ব্যক্ত কৰিছিল। মাণিক চন্দ্ৰ বৰুৱা, ঘনশ্যাম বৰুৱা, ফণীধৰ চলিহা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ আদি লোকে এছ’চিয়েশ্যনৰ সভ্য আছিল আৰু আনহাতে তেওঁলোকে অসমৰ বিধানসভাৰো সদস্য আছিল। সেয়ে এচোচিয়েচনৰ মূল লক্ষ্যবোৰ তেওঁলোকে আইন সভাত বক্তিতা আৰু আলোচনাৰ জৰিয়তে দাঙি ধৰিছিল আৰু চৰকাৰক সেই দাবীবোৰ মানি ল’বলৈ বাধ্য কৰিছিল। কেন্দ্ৰীয় বিধান পৰিষদতো এই দাবীবোৰ মানি ল’বলৈ এই সংস্থাৰ সভ্যসকলে দাবী তুলিছিল।

এচোচিয়েচনে ১৯১৭ চনৰ শিৱসাগৰৰ অধিৱেশনত অসমত এটা বিশ্ববিদ্যালয় স্থাপনৰ বাবে সজোৰে দাবী জনাইছিল, তাত সভাপতিত্ব কৰিছিল সাহিত্যিক সত্যনাথ বৰাদেবে।

মন্টেগো চেমচফৰ্ড ৰিপৰ্টৰ আধাৰত অসমকো অন্তর্ভুক্ত কৰিবলৈ আসাম এছ’চিয়েশ্যনে দাবী জনাইছিল ১৯১৭ চনত। সেই চনতেই এই সংস্থাই কলিকতালৈ ৭ জনীয়া সজাতি দল এটা পঠায়। তেওঁলোক আছিল গংগাগোবিন্দ ফুকন, তৰুণৰাম ফুকন, পদ্মনাথ গোহাঁই বৰুৱা, চত্ৰধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, প্রসন্ন কুমাৰ বৰুৱা আৰু ঘনশ্যাম বৰুৱা। তাতে তেওঁলোকে ব্রিটিছ ৰাজ্যপ্রতিনিধি লর্ড চেমচফৰ্ডক সাক্ষাৎ কৰি স্মাৰক পত্ৰ এখন প্ৰদান কৰিছিল। কিন্তু অসমৰ চীফ-কমিছনাৰ বিছন বিল আৰু ইউৰোপীয় চাহ খেতিয়কসকলে বিধি-পথালি দিয়াত অসমক সংস্কাৰ আঁচনিৰ অধীনলৈ অনা প্রচেষ্টা কোনো কামত নাহিল।

কিন্তু এছ’চিয়েশ্যনে নিজে টকা সংগ্ৰহ কৰি নবীন চন্দ্ৰ বৰদলৈকে লণ্ডনলৈ পঠাইছিল। বৰদলৈৰ যুক্তিত পতিয়ন গৈ শেষত অসমকো ইয়াৰ অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য হৈছিল ব্ৰিটিছ চৰকাৰে।

ইতিমধ্যে আসাম এছ’চিয়েশ্যনক কংগ্ৰেছ কমিটীলৈ ৰূপান্তৰিত কৰিবলৈ ভিতৰে-বাহিৰে এটা দাবী তোলা হৈছিল। শেষৰ দুটা অধিৱেশনত এই দাবী জোৰদাৰ হৈছিল যদিও সফল কাম হোৱা নাছিল। শেষত ১৯২০ চনত ই অসম কংগ্রেছ সংগঠনলৈ ৰূপান্তৰিত হৈছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top