GU BA 6th Sem History Chapter 5 Solution 2026 | Paper Code: -HIS – 0600104 | GU BA 6th Sem History Chapter 5 Answer

Chapter 5

অসমত ভাৰত ত্যাগ আন্দোলন….ৰ পৰা, লাইন ব্যৱস্থা আৰু অসমৰ সমসাময়িক ৰাজনীতিৰওপৰত ইয়াৰ প্ৰভাৱ 

অতি চমু প্রশ্নোত্তৰ

১। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ আগষ্ট মাহত।

২। ভাৰত ত্যাগ আন্দোলন কাৰ নেতৃত্বত হৈছিল?

উত্তৰ: ভাৰত ত্যাগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল।

৩। ভাৰত ত্যাগ আন্দোলনৰ তৎকালীন কাৰণ কি?

উত্তৰ : দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাপানীসকলৰ ভাৰত আক্ৰমণৰ শংকা আৰু ক্রিপচ মিচনৰ ব্যৰ্থতাই সৰ্ব-ভাৰতীয় কংগ্ৰেছ সমিতিক ভাৰত ত্যাগ আন্দোলন আৰম্ভকৰিবলৈ বাধ্য কৰিছিল।

৪। কেবিনেট মিচন প্লেনৰ প্রতিবাদ স্বৰূপে কোনে প্রত্যক্ষ সংগ্রাম দিবস পালন কৰিছিল?

উত্তৰঃ মুছলীম লীগ।

৫। গ্রুপিং নীতিৰ সময়ত অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ গোপীনাথ বৰদলৈ।

৬। পাকিস্তান শব্দটোৰ ৰচক কোন?

উত্তৰঃ চৌধুৰী ৰহমত আলী।

৭। কেবিনেট মিশ্যনৰ প্ৰস্তাৱত কি কি পৰামৰ্শ আছিল?

উত্তৰ: কেবিনেট মিশ্যনৰ প্ৰস্তাৱত কেন্দ্ৰত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰি ধৰ্মৰ ভিত্তিত প্রদেশসমূহক একো একোটা আঞ্চলিক গোট বা সমষ্টিত ভাগ কৰি লবলৈ পৰামৰ্শ আছিল।

৮। শুদ্ধ উত্তৰটো বাচি উলিওবাঃ

(ক) কেবিনেট মিচন ১৯৪৫/১৯৪৬/১৯৪৭ চনৰ ২৪ মাৰ্চত ভাৰতলৈ আহিছিল।

উত্তৰঃ ১৯৪৬ চন।

(খ) চাৰ পেথিক লৰেন্স/চাৰ ষ্টাফর্ড ক্রিপচ/এ. ভি আলেকজেণ্ডাৰে কেবিনেট মিচনৰ নেতৃত্ব দিছিল।

উত্তৰঃ চাৰ পেথিক লৰেন্স।

৯। খালী ঠাই পূৰ কৰাঃ

(ক) ভাৰতৰ জাতীয় কংগ্ৰেছৰ         অধিবেশনে ১৯৪২ চনত ভাৰত ত্যাগ প্রস্তাব গ্রহণ কৰিছিল।

উত্তৰঃ বোম্বে।

(খ) গহপুৰত কনকলতা বৰুৱাৰ লগত        ক গুলিয়াই হত্যা কৰা হৈছিল।

উত্তৰঃ মুকুন্দ কাকতি।

(গ)        ক সৰুপথাৰৰ ৰেল লাইনচ্যুত কৰাৰ লগত জড়িত থকাৰ অপৰাধত ফাঁচি দিয়া হৈছিল।

উত্তৰঃ কুশল কোঁৱৰ।

চমু প্রশ্নোত্তৰ

১। ভাৰত ত্যাগ আন্দোলনৰ অসমৰ দুজন শ্বহীদৰ নাম উল্লেখ কৰা।

উত্তৰ: সাহসিকতাৰে এক বৃহৎ সমদলক নেতৃত্ব প্রদান কৰি গহপুৰ আৰক্ষী থানাত পতাকা উৰুৱাবলৈ হাতত ত্ৰিৰংগ পতাকা লৈ সাহসেৰে আগুৱাই যোৱা কনকলতা নামৰ গহপুৰৰ ১৮ বছৰীয়া এগৰাকী যুৱতী আৰু বেল লাইনচ্যুত কৰাৰ অপৰাধত অভিযুক্ত কৰি দেশদ্রোহিতাৰ অপৰাধ জাপি দি যোৰহাট কাৰাগাৰত ফাঁচীকাঠত ওলমোৱা কুশল কোঁৱৰ আদি।

২। কেবিনেট মিছনৰ নেতৃত্বত কোন আছিল?

উত্তৰঃ ১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহত বৃটিছ চৰকাৰে কেবিনেট মিছন গঠনৰ প্ৰস্তাৱ ল’লে। ১৯৪৬ চনৰ মাৰ্চ মাহত কেবিনেট মিচন ভাৰতলৈ আহে। তিনিজনীয়া কেবিনেট মিছনৰ নেতৃত্বত আছিল ছাৰ পেথিক লৰেন্স, ষ্টাফৰ্ড ক্রীপচ আৰু এ.ভি. আলেকজেণ্ডাৰ।

৪। চমুটোকা লিখাঃ

(ক) ভাৰত ত্যাগ প্রস্তাৱৰ মূল লক্ষ্যসমূহ।

উত্তৰ: ১৯৪২ চনৰ ৮/৯ আগষ্ট তাৰিখে বোম্বে (মুম্বাই) কংগ্রেছ অধিবেশনত ভাৰত ত্যাগ প্রস্তাৱটো গৃহীত হৈছিল। ভাৰত ত্যাগ প্রস্তাৱৰ মূল লক্ষ্যসমূহ হ’ল-

(১) নির্দিষ্ট দিনত হৰতাল পালন কৰাৰ লগতে ২৪ ঘণ্টীয়া অনশন আৰু উপসনা ব্রত পালন কৰা, হৰতালৰ বাবে কোনো ব্যৱসায়ীক জোৰ-জুলুম নকৰা, লগতে হৰতালৰ দিনা সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰি সত্যাগ্রহ সম্পর্কে ব্যাখ্যা দাঙি ধৰা।

(২) লোণ আইন ভংগ কৰি দেশীয়ভাৱে লোণ উৎপাদন কৰা।

(৩) ভূমি ৰাজহ আদায় নিদিয়া। অৱশ্যে কোনো জমিদাৰে আন্দোলনত অংশগ্রহণ কৰিলে তেওঁৰ ফালৰ ৰাজহখিনি তেওঁক দিবলৈ কোৱা হৈছিল। আনহাতে চৰকাৰৰ পক্ষ লোৱা জমিদাৰক কোনো ৰাজহ নিদিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছিল।

(৪) দেশৰ স্বাধীনতাৰ স্বাৰ্থত কংগ্ৰেছী কিম্বা অকংগ্রেছী সকলো লোকে আন্দোলনত অংশগ্রহণ কৰা আদি দিশসমূহ আছিল ভাৰত ত্যাগ আন্দোলনৰ প্ৰধান লক্ষ্য।

(খ) কেবিনেট মিছন আৰু গ্রুপিং।

উত্তৰঃ ব্রিটেইনৰ প্রধানমন্ত্রী ক্লিমেট এট্লীয়ে ভাৰতৰ স্বাধীনতাৰ ক্ষমতা হস্তান্তৰৰ বিষয়টো আলোচনা কৰিবৰ বাবে পেথিক লৰেন্স, ষ্টেফৰ্ড ক্ৰিন্থ, এ ভি আলেকজেণ্ডাৰক ভাৰতলৈ পঠিয়ায়। ‘কেবিনেট মিছন’ হিচাপে খ্যাত এই আঁচনিৰ প্ৰধান উদ্দেশ্য আছিল কেন্দ্রত এখন কার্যপালিকা পৰিষদ আৰু এখন বিধান পৰিষদ স্থাপন, ইংৰাজৰ অধীন অঞ্চল আৰু দেশীয় ৰাজ্যক লৈ ভাৰতীয় ৰাষ্ট্ৰ গঠন, সংবিধান সভা গঠন, সংবিধান ৰচনা নোহোৱাপর্যন্ত অন্তবর্তীকালীন কেন্দ্ৰীয় চৰকাৰ গঠন আৰু প্ৰদেশসমূহে নিজৰ ইচ্ছা অনুসৰি

একোটা গ্রুপত অন্তর্ভুক্ত হোৱাৰ সুবিধা প্ৰদান কৰা। ‘গ্রুপিং’ নামেৰে খ্যাত এনে আঁচনিৰ বিৰুদ্ধে অসমত গোপীনাথ বৰদলৈয়ে কেবিনেট মিছনৰ আগত অসন্তুষ্টি ব্যক্ত কৰিছিল।

গ্রুপিঙত সমগ্ৰ ভাৰতবৰ্ষক তিনিটা শাখাত ভাগ কৰা হৈছিল। এই তিনিটা শাখা আছিল ক্রমে ক শাখাত হিন্দু প্রধান ৰাজ্য মাদ্রাজ, বোম্বাই, মধ্যপ্রদেশ, বিহাৰ, উৰিষ্যা আৰু উত্তব প্রদেশ; খ শাখাত মুছলমান প্রধান বাজ্য পঞ্জাব, সিন্ধু, উত্তৰ পশ্চিম সীমান্ত প্রদেশ আৰু বেলুচিস্তান আৰু গ শাখাত অসম আৰু বংগ। গ্রুপিঙৰ সূত্র অনুসৰি অসম আৰু বংগৰ সংবিধান ৰচনাৰ কর্তৃত্ব দিয়া হ’ব গ শাখাক। কংগ্ৰেছ আৰু মুছলীম লীগে এই আঁচনিক সমর্থন জনায় যদিও গোপীনাথ বৰদলৈৰ মন্ত্রীসভাই অসমক বংগৰ সৈতে একেটা গ্ৰুপতে ৰখাৰ প্ৰতিবাদ জনায়। বৰদলৈয়ে কমিটীক জনায় যে তেওঁলোকে গ্রুপ ত সোমোৱা-নোসোমোৱাৰ সিদ্ধান্ত নিজে ল’ব। এয়া বাধ্যতামূলক বুলি কেবিনেটে কোৱাত অসম কংগ্রেছে গণ বিক্ষোভৰ সিদ্ধান্ত ল’লে। অসমবাসীৰ প্ৰতিবাদৰ প্ৰতি সমর্থন জনাই মহাত্মা গান্ধীয়েও অসমক গ শাখাত অন্তর্ভুক্ত নকৰিবলৈ পৰামৰ্শ দিয়ে। অৱশেষত মুছলমানপ্রধান বংগৰ সৈতে অসমক একেটা গ্ৰুপত নৰখাৰ সিদ্ধান্ত লোৱা হয়। অৱশ্যে পৰৱৰ্তী সময়ত কংগ্ৰেছ আৰু মুছলীম লীগ উভয়ে ‘কেবিনেট মিছন’ৰ প্ৰস্তাৱক প্রত্যাখ্যান কৰে। কেবিনেট মিছন বিফল হোৱাৰ পিছত ১৯৪৬ চনৰ ১৬ আগষ্টত মুছলীম লীগে ‘প্রত্যক্ষ সংঘাতৰ দিন’ ঘোষণা কৰে আৰু ভাৰতৰ বিভাজন হোৱাটো নিশ্চিত হয়।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। অসমত ভাৰত ত্যাগ আন্দোলন কিদৰে পৰিচালনা কৰা হৈছিল আলোচনা কৰা। 

উত্তৰ: আগষ্ট প্ৰস্তাৱৰ পিছত ব্ৰিটিছ প্রধানমন্ত্রী উইষ্টন চার্চিলে ব্রিটিছ সংসদৰ সমৰ পৰিষদৰ সদস্য চাৰ ষ্টেফ’ৰ্ড ক্ৰীপছৰ নেতৃত্বত মন্ত্রী মিছনৰ দল এটি ভাৰতলৈ প্রেৰণ কৰে। কিন্তু ক্ৰীপছৰ প্ৰস্তাৱত ভাৰতৰ পূৰ্ণ স্বাধীনতাৰ কথা উল্লেখ নথকাত কংগ্রেছে এই প্রস্তাব প্রত্যাখ্যান কৰে। আনহাতে সুকীয়া পাকিস্তান ৰাষ্ট্ৰৰ ইয়াত উল্লেখ নথকাত মুছলীম লীগৰ কাৰণেও এনে প্রস্তাৱ গ্রহণযোগ্য নহ’ল। শেষত ১৯৪২ চনৰ ৮ আগষ্টত কংগ্ৰেছৰ বোম্বাই (মুম্বাই) অধিবেশনত ঐতিহাসিক ‘ভাৰত ত্যাগ’ প্রস্তাৱ গ্ৰহণ কৰে। গান্ধীজীৰ -নেতৃত্বত হোৱা এই ভাৰত ত্যাগ আন্দোলনত দেশবাসীক অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনায়। আগষ্ট মাহত এই আন্দোলন আৰম্ভ হৈছিল কাৰণে ইয়াক ‘আগষ্ট বিপ্লৱ’ হিচাপেও জনা যায়। আন্দোলন আৰম্ভ হোৱাৰ লগে লগে চৰকাৰে গান্ধী প্ৰমুখ্যে নেতাসকলক বন্দী কৰি কাৰাৰুদ্ধ কৰে আৰু কংগ্ৰেছক বে-আইনী বুলি ঘোষণা কৰে।

ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা: বিয়াল্লিছৰ গণ আন্দোলন বা ভাৰত ত্যাগ আন্দোলনত ভাৰতবৰ্ষৰ আন আন ঠাইৰ দৰে অসমৰ জনসাধাৰণেও সক্রিয়ভাবে

অংশগ্ৰহণ কৰিছিল। কংগ্ৰেছৰ অধিবেশনত অংশ গ্রহণ কৰি উভতি অহাৰ পথত গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মাক পুলিচে বাটতে আটক কৰে। অৱশ্যে মহেন্দ্ৰমোহন চৌধুৰী, শংকৰ বৰুৱা, বিমলাপ্ৰসাদ চলিহা, ব্রজ শর্মা আদি কিছুমান নেতাই পুলিচৰ চকুত ধূলি দি আত্মগোপন কৰি থাকে আৰু আন্দোলন ব্যাপক কৰি তোলে। আন্দোলনকাৰীসকলে কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আদি ঠাইত টেলিফোন সংযোগ ব্যৱস্থা বিচ্ছিন্ন কৰে আৰু বহু ঠাইত ৰে’ল লাইন উঠাই দিয়ে। সৰভোগ, বৰপেটা, নগাঁও, গুৱাহাটী আদি ঠাইত থকা সামৰিক ঘাটিবোৰত অগ্নিসংযোগ কৰি লুট-পাত আৰম্ভ কৰে। ছাত্ৰ আৰু যুৱকসকলে শোভাযাত্রা কৰি গাঁৱে গাঁৱে কংগ্ৰেছৰ আদৰ্শ প্ৰচাৰ কৰে।

অসমৰ ছাত্ৰসকলৰ ভূমিকা: ভাৰত ত্যাগ আন্দোলনত অসমৰ ছাত্ৰসকলৰ ভূমিকাও আছিল অতি উল্লেখযোগ্য। ‘সদৌ অসম ছাত্র ফেডাৰেচন’ৰ মাধ্যমেৰে ভাৰতৰ। স্বাধীনতা আন্দোলনৰ সকলো পর্যায়তে অসমৰ ছাত্ৰসকলে অংশগ্রহণ কৰিছিল। উল্লেখযোগ্য যে সেই সময়ত অসমত গঢ় লৈ উঠা ধুবুৰীৰ অসম বচ কোম্পানীৰ শ্রমিক আন্দোলন, ডিগবৈৰ অসম অইল কোম্পানীৰ শ্রমিক আন্দোলন আদিয়ে ছাত্রসকলক বিপুলভাৱে অনুপ্ৰেৰণা যোগাইছিল। ছাত্রসকলে উগ্রপন্থী বিপ্লৱী নেতাসকলৰ লগত সংযোগ ৰাখিছিল আৰু কংগ্ৰেছী শান্তিবাহিনী গঠন কৰিছিল। ৰাইজক ৰাজপথলৈ উলিয়াই নিয়া, ডাক-তাঁৰ, টেলিগ্রাফ-টেলিফোনৰ সংযোগ বিচ্ছিন্ন কৰা আৰু ৰে’ল লাইনত কুটাঘাতমূলক কার্য ছাত্রসকলৰ দ্বাৰা সংঘটিত হৈছিল। ছাত্ৰসকলৰ এনে কাৰ্যৰ বাবে পুলিচে লাঠি চালনা কৰে। ইয়াৰ ফলত বহুতো ছাত্র আহত আৰু ঘুণীয়া হ’ব লগা হয়। ছাত্ৰসকলৰ ওপৰত কৰা এনে অত্যাচাৰৰ প্ৰতিবাদত চাৰিওফালে হৰতাল পালন কৰা হয়। ছাত্রসকলে শ্রেণী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বিয়াল্লিছৰ গণ আন্দোলনৰ সময়তো বহুতো নেতাই আত্মগোপন কৰি আন্দোলনৰ হকে প্ৰচাৰ কাৰ্য চলাইছিল। সেইসকলৰ ভিতৰত মহেন্দ্ৰনাথ হাজৰিকা, লক্ষী প্রসাদ গোস্বামী, জ্যোতিপ্ৰসাদ আগৰৱালা, গগন চন্দ্ৰ গোস্বামী, শৰৎচন্দ্ৰ বৰুৱা আদি উল্লেখযোগ্য আছিল। এইসকল অসমীয়া বিপ্লৱীয়ে সৰ্বভাৰতীয় নেতৃত্বত থকা কৃপালনী, অৰুণা আশ্রফ আলী, জয়প্রকাশ নাৰায়ণ আদি সৰ্ভভাৰতীয় নেতাৰ লগত যোগাযোগ কৰিছিল। সেই সময়ত তেওঁলোকে গঠন কৰি লোৱা বিপ্লৱী সংগঠনসমূহৰ ভিতৰত বজালীৰ কৰ্ম পৰিষদ আৰু নগাঁৱৰ মৃত্যু বাহিনী উল্লেখযোগ্য আছিল। ইংৰাজ চৰকাৰে চাৰ চৈয়দ ছাদুল্লাৰ নেতৃত্বত এখন মন্ত্রীসভা গঠন কৰিছিল। কিন্তু এই মন্ত্রীসভাখন চৰকাৰৰ হাতৰ পুতুলা সদৃশ আছিল। কাৰণ চৰকাৰৰ নিৰ্দেশত ছাদুল্লা মন্ত্রীসভাই সমৰ পুঁজিলৈ ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ কৰি চৰকাৰৰ পৃষ্ঠপোষকতা কৰিছিল। চৰকাৰৰ সহযোগত ছাদুল্লা মন্ত্রীসভাই আন্দোলনকাৰীৰ ওপৰত দমন নীতি প্রয়োগ কৰিছিল।

গতিকে দেখা যায় যে ভাৰত ত্যাগ আন্দোলনত অসমৰ জনসাধাৰণেও সম্পূৰ্ণভাৱে অংশগ্ৰহণ কৰি স্বাধীন ভাৰত গঢ়াৰ ক্ষেত্ৰত অমূল্য বৰঙণি আগবঢ়াইছে।

২। গ্রুপিং নীতি কি? গ্রুপিং নীতিৰ বিৰুদ্ধে অসমৰ প্ৰতিক্রিয়া কি আছিল আলোচনা কৰা।

উত্তৰঃ ১৯৪৫ চনত বৃটিছ সংসদত লেবাৰ পার্টি জয়ী হৈছিল আৰু বৃটেইনৰ ৰাজনৈতিক পৰিস্থিতি ভাৰতৰ স্বাধীনতাৰ পক্ষত মোৰ লৈছিল। লেবাৰ চৰকাৰে ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ বিষয়টো নিষ্পত্তি কৰিবলৈ এক উচ্চস্তৰৰ কেবিনেট মিছন ভাৰতলৈ পঠাইছিল। কেবিনেট মিছনৰ মূল উদ্দেশ্য আছিল ভাৰতৰ ৰাজনৈতিক সংকট সমাধা কৰা, স্বাধীন ভাৰতৰ বাবে এখন সংবিধান প্ৰস্তুত কৰা আৰু অন্তবর্তীকালীন চৰকাৰৰ কাৰণে প্রয়োজনীয় যা-যোগাৰ কৰা। মিছনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম আছিল ক্ষমতা হস্তান্তৰ কৰাৰ কাৰণে পদ্ধতি প্রস্তুত কৰা আৰু সংবিধান ৰচনা কৰাৰ কাৰণে সমিতি গঠনৰ পৰামৰ্শ আগবঢ়োৱা আৰু লগতে অন্তর্বর্তীকালীন চৰকাৰ স্থাপন কৰা। কেবিনেট মিছন ভাৰতলৈ ১৯৪৬ চনৰ ২৪ মাৰ্চত আহিছিল।

তিনিজনীয়া কেবিনেট মিছনৰ নেতৃত্বত আছিল ছাৰ পেথিক লৰেন্স, ষ্টাফর্ড ক্রীপচ আৰু এ.ভি. আলেকজেণ্ডাৰ। মিছনৰ সদস্য সকলে বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকল, ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্যসকল আৰু ক্ষুদ্ৰ ৰাজ্যৰ শাসক সকলৰ লগত আলোচনা কৰি প্ৰথম তিনি সপ্তাহ অতিবাহিত কৰিছিল। এই সকলোৰে লগত আলোচনাৰ পাছত কেবিনেট মিছনে ১৯৪৬ চনৰ ১৬ মে’ত ইয়াৰ অনুমোদন ঘোষণা কৰিলে।

কেবিনেট মিছনৰ গ্রুপিং নীতিয়ে দেশখনক A, B & C তিনিটা গ্ৰুপত ভাগ কৰিছিল।. A গ্রুপত মাদ্রাজ, বোম্বে, উত্তৰপ্ৰদেশ, বিহাৰ, উৰিষ্যা আৰু মধ্যপ্রদেশ আৰু হিন্দু অধ্যুষিত অঞ্চল অন্তর্ভূক্ত আছিল। B গ্ৰুপৰ গোটত পাঞ্জাৱ, সিন্ধ, উত্তৰ পশ্চিম সীমান্ত প্রদেশ, বেলুচিস্তান আৰু মুছলীম অধ্যুষিত অঞ্চল অন্তর্ভূক্ত আছিল। C গ্রুপত বেংগল আৰু অসম অন্তর্ভূক্ত আছিল। কেবিনেট মিছনৰ গ্রুপিং নীতিয়ে অসমক বেংগলৰ সৈতে একে গ্রুপ কৰা কাৰ্যই অসমত বহল ভিত্তিত বিৰূপ ভাৱৰ সৃষ্টি কৰিছিল কিয়নো পূর্ব ভাৰতত প্রধানকৈ মুছলীম অধ্যুষিত অঞ্চল সৃষ্টি কৰাই ইয়াৰ উদ্দেশ্য আছিল।

অসম প্রদেশ কংগ্রেছ সমিতিয়ে গ্রুপিং নীতিক কঠোৰ ভাবে সমালোচনা কৰিছিল। এইটো শংকা কৰা হৈছিল যে অসমে নতুন ৰাজনৈতিক ভাগ বটোৱাৰাত ইয়াৰ পৰিচয় আৰু স্বকীয়তা হেৰুৱাব। অসমৰ বিভিন্ন প্রান্তত শ শ প্রতিবাদী সভা অনুষ্ঠিত হৈছিল। এই নীতিৰ বিৰুদ্ধে কৰা প্ৰতিবাদত অসম জাতীয় মহাসভাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। সভাই আনকি কিছুমান নথি-প্ৰত্ৰ সংগ্ৰহ কৰি গোপনে লীগৰ ষড়যন্ত্র ফাদিল কৰিছিল। বিষয়টোরে ব্রহ্মপুত্র উপত্যকাৰ কামৰূপ, নগাঁও আৰু গোৱালপাৰা জিলা আৰু বৰাক উপত্যকাৰ চিলেট আৰু কাছাৰ জিলাত জটিল ৰূপ ধাৰণ কৰিছিল।

১৯৪৬ চনৰ ১৬ জুলাইত গোপীনাথ বৰদলৈৰ মন্ত্রীসভাই গ্রুপিং নীতিৰ প্ৰতি ইয়াৰ সবল অসম্মতি প্রকাশ কৰিছিল আৰু অসমৰ দহজন প্রতিনিধি সাংবিধানিক সভালৈ পঠিয়াই অসমৰ সংবিধানৰ আঁচনিৰ ক্ষেত্ৰত অন্যান্য প্রদেশৰ লগত একেলগে নবহিবলৈ আৰু অসমৰ লগত জড়িত যিকোনো প্রশ্নৰ সমাধানৰ ক্ষেত্ৰত অন্যান্য প্রদেশৰ যিকোনো গোটত অংশ নল’বলৈ নির্দেশ দিছিল। কিন্তু ইয়াক মৌলানা বাসানী আৰু মুছলীম লীগৰ অন্যান্য নেতাই প্রত্যাহ্বান জনাইছিল যে সদনৰ এনেধৰণৰ নিৰ্দেশ প্রদান কৰাৰ কর্তৃত্ব আছেনে আৰু এনে ধৰণৰ প্ৰস্তাৱত বিধানসভাই সন্মতি জনাব পাৰেনে?চাদ্দুল্লাই গ্রুপিং নীতিক সমর্থন জনাই মন্তব্য আগবঢ়াইছিল যে যদি অসম বেংগলৰ লগত চামিল হয় তেতিয়া অর্থনৈতিকভাবে লাভৱান হ’ব। কিন্তু বৰদলৈয়ে চাদ্দুল্লাৰ মতক বিৰোধিতা কৰিছিল আৰু কৈছিল যে অসমৰ স্বায়ত্ব শাসনৰ ক্ষমতা যিকোনো পৰিস্থিতিতে বিসর্জন দিয়া নহ’ব। বৃটিছ চৰকাৰে ১৯৪৬ চনৰ ৬ ডিচেম্বৰ তাৰিখে এটা ঘোষণা কৰিছিল যে যুক্তৰাষ্ট্ৰৰ ন্যায়ালয়ে বিবাদমান গ্রুপিঙৰ ক্ষেত্ৰত মীমাংসাৰ ব্যৱস্থা গ্রহণ কৰিব। যিহেতু সিদ্ধান্তটো অসমৰ বাবে ক্ষতিকাৰক হ’ব, অসম প্রদেশ কংগ্রেছ সমিতিয়ে কংগ্ৰেছৰ হাইকমাণ্ডক ৬ ডিচেম্বৰৰ বিবৃতিটো নাকচ কৰিবলৈ এটা প্রতিনিধি দল প্ৰেৰণ কৰিছিল। এই বিষয়ত স্থিতি স্পষ্ট কৰিবলৈ কংগ্ৰেছ রকিং কমিতিয়ে সময় লৈছিল। গোপীনাথ বৰদলৈয়ে এক বলিষ্ঠ পদক্ষেপ লৈ কংগ্ৰেছৰ সভাপতি জৱাহৰলাল নেহৰুক জনাইছিল যে অসমে গান্ধীজীৰ পৰামৰ্শ ক্রমে “নিজৰ সংবিধান প্রণয়ন কৰা আৰু সেইমতে গ্রুপিং নির্ধাৰণ কৰাৰ” পক্ষ ল’ব।

গোপীনাথ বৰদলৈয়ে গান্ধীজীক লগ কৰি গ্রুপিং নীতিৰ কাৰণ আৰু ফলাফলৰ বিষয়ে আলোচনা কৰিছিল। গান্ধীজীয়ে বৃটিছ কেবিনেট মিছন পৰিকল্পনাৰ বিৰুদ্ধে জনতাৰ সংগ্ৰামক তীব্ৰতৰ কৰি তুলিবলৈ পৰামৰ্শ দিছিল। তেওঁ খোলাখুলিকৈ ঘোষণা কৰিছিল যে প্রয়োজন হ’লে অসম কংগ্ৰেছৰপৰা আঁতৰি থাকিব আৰু কেবিনেট প্লেনৰ বিৰুদ্ধে অহিংস আন্দোলন তীব্ৰতৰ কৰি তুলিব। গান্ধীজীয়ে বৰদলৈক কৈছিল যে যদি কংগ্রেছ রকিং কমিটিয়ে স্পষ্ট নেতৃত্ব দিব নোৱাৰে, অসমক শাখাত অন্তৰ্ভূক্ত কৰাটো উচিত নহ’ব। তেওঁ বৰং কৈছিল যে ই কংগ্ৰেছৰ হিতৰ কাৰণে কংগ্ৰেছৰ বিপক্ষে এক প্ৰকাৰৰ সত্যাগ্রহ হ’ব। তেওঁ নিশ্চিতি দিছিল যে অসমে শাখাত অন্তর্ভুক্ত হ’বলৈ যোৱাত অমান্তি হোৱা কাৰ্যই ভাৰতক স্বাধীনতাৰ অভিমুখেহে লৈ যাব, বিপৰীতে নহয়।

অসমৰ প্রতিনিধিসকলে নেহৰু আৰু আজাদক লগ কৰি এই গুৰুত্বপূর্ণ বিষয়টো আলোচনা কৰিছিল। তেওঁলোক দুয়োরে অসমৰ প্রতিনিধিবৰ্গৰ সৈতে মিটমাট কৰিবলৈ চেষ্টা কৰিছিল।

অন্যহাতেদি, মহাত্মা গান্ধীয়ে তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ নিশ্চিতি প্রদান কৰিছিল। কংগ্ৰেছ আৰু ছাত্ৰসকলৰ যুটীয়া প্রচেষ্টাত ১৯৪৬ চনৰ ১৯ ডিচেম্বৰত গুৱাহাটীৰ জুবিলী গার্ডেনত এক সভা অনুষ্ঠিত হৈছিল। বিজয় চন্দ্র ভাগবতীয়ে সভাত অংশ গ্রহণ কৰি গান্ধীজীৰ বাৰ্তা প্ৰচাৰ কৰিছিল। সভাই যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ হস্তক্ষেপৰ বিৰোধীতা কৰি এক প্রস্তাব গ্রহণ কৰিছিল আৰু অসমৰ জনসাধাৰণক এক আন্দোলনৰ কাৰণে প্রস্তুত হ’বলৈ আহ্বান জনাইছিল।

৩। লাইন প্রথা কি? অসমৰ ৰাজনীতিত লাইন প্রথাই কিদৰে প্ৰভাৱ পেলাইছে আলোচনা কৰা

উত্তৰ: মূলতঃ ব্ৰিটিছৰ উদ্দেশ্য সিদ্ধিৰ বাবে অন্যান্য ঠাইৰ পৰা অসমলৈ প্রব্রজিত লোকসকলক এক নিৰ্দিষ্ট সীমাৰ মাজত ৰাখিবলৈ লাইন প্রথা প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ আলমত পমুৱাসকল আৰু বাগানৰ শ্ৰমিকসকলক সু-সংগঠিতভাৱে বসতি স্থাপনৰ ব্যৱস্থা লোৱা হৈছিল।

এই প্ৰথাৰে আঁৰৰ মুখ্য উদ্দেশ্য দুটা হ’ল-

(ক) প্রব্রজিত লোকসকলে যাতে থলুৱা অসমবাসীৰ সংশ্রৱলৈ আহিব নোৱাৰে আৰু ঔপনিৱেশিক উৎপাদনৰ স্বাৰ্থত তেওঁলোকক যাতে ইচ্ছানুযায়ী ব্যৱহাৰ কৰিব পৰা যায়।

(খ) প্ৰব্ৰজনৰ ফলত উদ্ভৱ হোৱা ভূমি সমস্যাই যাতে থলুৱা লোকসকলক সংকটত পেলাব নোৱাৰে।

১৯৩৮ চনত ‘ৰিপ’ৰ্ট অব দ্য লাইন ছীষ্টেম কমিটি’-এ আগবঢ়োৱা তথ্যৰ ভিত্তিত এই ব্যৱস্থাই সামৰি লোৱা প্ৰব্ৰজনকাৰীসকলক চিনাক্ত কৰিব পৰা গৈছিল। ইয়াত ‘অনুপ্রৱেশকাৰী’ বা ‘Immigrant’ শব্দটোৰ অৰ্থ এনেদৰে বিচাৰ কৰা হৈছে, “… all persons coming from the districts of Bengal and Surma Valley, but not including the tea-garden coolies and ex-coolies” অর্থাৎ এই কমিটীৰ মতে অসমত লাইন প্রথাত কেবল পূর্ব বংগৰ প্ৰব্ৰজিত পমুৱাসকলেহে অন্তর্ভুক্ত কৰা হৈছিল। সচৰাচৰ বানপানী অধ্যুষিত, নিম্ন জলাহ অঞ্চলত খেতি-বাতি কৰাৰ স্বাৰ্থত ব্রিটিছে এই লোকসকলক সংস্থাপিত কৰিছিল।

এই প্ৰথাৰ আলমত চৰকাৰে অসমৰ খেতিমাটিক তিনিটা ভাগত ভাগ কৰি দিছিল-

(ক) পূর্ব বংগীয় প্রব্রজিত পমুৱা বসতিপ্রধান অঞ্চল।

(খ) পূর্ব বংগীয় পমুৱাসকলে বসতি স্থাপন কৰিব নোৱাৰা অঞ্চল।

(গ) এক নির্দিষ্ট ভৌগোলিক সীমাবদ্ধতাৰ মাজে মাজে এই প্ৰথাৰ দ্বাৰা বিভাজিত হৈ থকা প্রব্রজিত আৰু বনুৱা লোকৰ বসতিপ্রধান অঞ্চল।

অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থৰ বিপৰীতে ছাদুল্লা চাহাবে পমুৱা প্ৰব্ৰজনকাৰীসকলৰ প্ৰতি সহমর্মিতা কৰাই নহয়, লাইন প্ৰথাৰ নামত প্রচলিত তথাকথিত বিভাজনৰ দূৰ কৰি সকলোকে একাকাৰ কৰাৰ ৰাজনীতি আৰম্ভ কৰিছিল। ইয়াৰ ফলত ব্রিটিথে আর্থ-সামাজিক স্বার্থত প্রয়োগ কৰা লাইন প্রথাত সাম্প্রদায়িকতাৰ বিষাক্ত বীজে পোখা মেলিবলৈ আৰম্ভ কৰিছিল। থলুৱা অসমীয়াকে ধৰি স্থানীয় জনজাতিসকলেও নিম্নলিখিত বহুকেইটা কাৰণত লাইন প্রথা বাহাল ৰখাৰ সপক্ষে মতপোষণ কৰিছিল-

(ক) সাম্প্রতিক ঘটনাৱলীৰ পৰা থলুৱা অসমীয়াসকলে বুজি উঠিছিল যে পূর্ব বংগৰ পৰা অহা পমুৱাসকলে পৰম্পৰাগতভাৱেই অপৰাধপ্ৰৱণতা বহন কৰি আহিছে। এই প্ৰথাৰ সন্দৰ্ভত প্ৰস্তুত কৰা ১৯৩৮ চনৰ কমিটীৰ সন্মুখত বক্তব্য দাঙি ধৰা নামনি অসমৰ কেইজনমান নেতৃস্থানীয় লোকৰ মন্তব্যতো এই কথাৰ উমান পাব পাৰি। গতিকে লাইন ব্যবস্থা আঁতৰালে পূর্ব বংগীয় পমুৱাই অসমত ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিব বুলি শংকা কৰিয়েই থলুৱা অসমীয়াসকলে এই প্রথা বর্তাই ৰখাৰ বাবে চৰকাৰক আর্জি দিছিল।

(খ) লাইব্যৱস্থা উঠাই দিলে পূর্ববংগীয় লোকৰ দ্বাৰা অসমীয়া ভাষা-সংস্কৃতি ক্ষতিগ্রস্ত হ’ব বুলি অসমবাসীয়ে ধাৰণা কৰিছিল। পমুৱা মাতব্বৰ আৰু তেনেধৰণৰ একাংশ লোকে গোপনে পুঁজি সংগ্ৰহকৰি অসমবিৰোধী মন্তব্যসম্বলিত প্ৰচাৰ পত্রিকা প্রকাশ কৰি বংগীয় ভাষা-সাহিত্য অসমত প্ৰচাৰ কৰিবলৈ ধৰিছিল। এই কার্যই অসমবাসীৰ সন্দেহ অধিক ঘনীভূত কৰিছিল।

(গ) প্ৰব্ৰজনকাৰী পমুৱাসকলে খিলঞ্জীয়া লোকসকলৰ কৃষিভূমি আৰু বসতিস্থলসলমূহত আধিপত্য স্থাপনৰ বাবে চলোৱা প্ৰচেষ্টাত শংকিত হৈ লাই ব্যৱস্থা বৰ্তি থকাৰ ওপৰত অসমবাসীয়ে অধিক জোৰ দিছিল। ইয়াৰ অন্যথা অসমীয়া খেতিয়কসকলে খেতিমাটিও হেৰুৱাব লাগিব বুলি ভয় কৰিছিল।

(ঘ) থলুৱা অসমীয়াৰ বাদেও সেই সময়ৰ প্ৰশাসনিক বিষয়াসকলে আশংকা কৰিছিল যে লাই প্রথা বাতিল কৰাৰ ফলত থলুৱা অসমীয়া আৰু প্রব্রজিত পমুৱাৰ মাজত যথেষ্ট কাজিয়া-পেচাল বা দ্বন্দ্বৰ সৃষ্টি হ’ব। ইয়াৰ ফলত প্রদেশখনত শন্তি বিঘ্নিত হ’বআৰু সঘনাই আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ’ব।

(ঙ) লাইন ব্যৱস্থা আঁতৰালে প্ৰব্ৰজনকাৰীসকলে যিকোনো মূল্য দি হ’লেও থলুৱা অসমীয়াৰ মাটি দখল কৰাৰ অভিসন্ধি অমূলক নাছিল। অসমীয়া লোক পমুৱাৰ দৰে কর্মোদ্যমী বা কষ্টসহিষ্ণু নোহোৱাত লাইন প্ৰথাৰ অনুপস্থিতিয়ে সমুদায় কৃষিভূমি দখল কৰাৰ আশংকা আছিল। তদুপৰি জনজাতীয় লোকসকল স্বভাৱতে সৰল প্ৰকৃতিৰ হোৱা বাবে তেওঁলোকে পমুৱা আগ্রাসনৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱাৰ আশংকা সর্বাধিক আছিল। এই প্ৰব্ৰজনকাৰীসকল সংখ্যাত অসমীয়া লোকতকৈ কম যদিও থলুৱা লোকসকলৰ দুৰ্বলতা আৰু ঐক্যৰ অভাৱৰ বাবে ইয়াৰ সুযোগ ল’বলৈ প্রব্রজিতসকল তৎপৰ হৈ পৰিব পাৰে।

লাইন প্রথাক কেন্দ্ৰ কৰি কুৰি শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকৰ অসমৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছিল। কংগ্ৰেছ আৰু জাতীয়তাবাদী সংগঠনসমূহে এই প্রথা কঠোৰভাৱে প্ৰৱৰ্তন কৰাৰ দাবী জনোৱাৰ বিপৰীতে মুছলিম লীগ আৰু কমিউনিষ্টসকল ইয়াৰ ঘোৰ বিৰোধী আছিল। অসম প্রাদেশিক মুছলিম লীগৰ সভাপতি মৌলানা হামিদ খান ভাচানীয়ে ছাদুল্লাৰ পক্ষত থিয় দি লাইন প্ৰথাৰ বিৰোধিতা কৰি সাম্প্রদায়িক ৰাজনীতিৰ পোহাৰ মেলিছিল।

১৯৩৪ চনত নগাঁও জিলাৰ উপায়ুক্ত মাৰাৰ চাহাবে লাইন প্রথা কঠোৰভাৱে বলবৎ কৰি বেদখলকাৰীক উচ্ছেদ কৰি থলুৱা অসমীয়াক কৃষিৰ বাবে ভূমি দিছিল। তদুপৰি তেওঁ কচুৱা অঞ্চলো থলুৱাৰ বাবে আছুতীয়াকৈ বাখি থৈছিল। কিন্তু সোৰোপা অসমীয়াই খেতি কৰিবলৈ নোযোৱাত এইবোৰ ভূমিও পমুৱাৰ কবলত পৰিছিল। তদুপৰি একাংশ দুর্নীতিগ্রস্ত আমোলা, থলুৱা বিষয়া আদিয়ে বিভিন্ন কৌশল খটুৱাই লাইন প্ৰথাৰ নীতি-নিয়ম উলংঘা কৰি পমুৱাক ভূমি বন্দোবস্তি দি অবাধ হাৰত ধন ঘটিছিল। এইসকলৰ সহযোগত এচাম ধনবান অসমীয়াই কম মূল্যত মাটি কিনি উচ্চ হাৰত পমুৱাক বিক্ৰী কৰিছিল।

একাংশ অসমীয়া মুছলমান নেতাও প্ৰব্ৰজনকাৰীসকলৰ প্ৰতি সহানুভূতিশীল আছিল। ইয়াৰ মূল কাৰণ আছিল ৰাজনৈতিক স্বার্থ। নগাঁৱৰ খান বাহাদুৰ নুরুদ্দিন আহমেদে কাউন্সিলত মত প্রকাশ কৰিছিল যে প্ৰব্ৰজনকাৰীসকল অসমীয়া সমাজত জাহ যোৱাৰ ক্ষেত্রত এক বৃহৎ বাধা হ’ল এই লাইন প্রথা। যি কি নহওক, এই অবাধ প্ৰব্ৰজনৰ সোঁতত ভেটা দিবৰ কাৰণে গোপীনাথ বৰদলৈ নেতৃত্বাধীন কংগ্ৰেছ সংযুক্ত চৰকাৰে সিদ্ধান্ত লৈছিল যে ১৯৩৮ চনৰ ১ জানুৱাৰীৰ পিছৰ প্ৰব্ৰজনকাৰীসকলক মাটিৰ পট্টা দিয়া নহয়। এই ঘোষণাৰ পিছতে চাৰিওফালে হৈ-চৈ লাগিছিল আৰু মুছলমান ৰাজনীতিবিদসকলৰ উপৰ্যপুৰি হেঁচাৰ বাবেই চৰকৰে লাইন প্রথা কিছু পৰিমাণে শিথিল কৰি দিবলৈ বাধ্য হৈছিল। এই অনুপ্রবেশকাৰীসকলক লৈ কংগ্ৰেছৰ শীর্ষ নেতৃত্বও মুঠেই চিন্তিত নাছিল। এই প্রসংগত জৱাহৰলাল নেহৰুৱে প্রদেশ কংগ্ৰেছৰ সভাপতিলৈ লিখিছিল, “… immigration is desirable. The real problem is how to control and organise this immigration… immigration was, therefore bound to take pace as an economic necessity. No amount of sentiment, not even laws, would stop it.” এনে মনোভাৱৰ পৰিণতিস্বৰূপে লাহে লাহে গোৱালপাৰা, বৰপেটা, নগাঁও আদি জিলাৰ ৰাজনীতিত বংগমূলীয় মুছলমানসকল এক উল্লেখযোগ্য শক্তি হৈ পৰিছিল। ইয়াৰ ফলত খিলঞ্জীয়া মুছলমানসকল অধিক ক্ষতিগ্রস্ত হৈছিল। বংগমূলীয় মুছলমানসকলে সংখ্যাৰ জোৰতে মুছলমানৰ বাবে সংৰক্ষিত সমম্সিমূহৰ পৰা তেওঁলোকৰ প্ৰতিনিধি বিধানসভালৈ পঠিয়াব পাৰিছিল। নগাঁৱতে বঙলা মূলৰ মুছলমান প্রার্থী আমিৰুদ্দিন আহমেদ আৰু ওচমাম আলীৰ হাতত দুগৰাকী খিলঞ্জীয়া মুছলমান প্রার্থী পৰাজিত হৈছিল। এই সংখ্যাৰ জোৰৰ বাবে হামিদ খান ভাচানীয়ে পূর্ব বংগৰ পৰা গোৱালপাৰালৈ আহি অনায়াসে বিধায়ক হৈছিল। পমুৱা মুছলমানসকলক উচটাই অসমত সাম্প্রদায়িক ৰাজনীতিৰ বিষবাষ্প বিয়পোৱা এইগৰাকী নেতা স্বাধীনতাৰ সময়লৈকে অসমৰ ৰাজনীতিৰ এক উলাই কৰিব নোৱাৰা শক্তিত পৰিণত হৈছিল।

১৯৩৯ চনত পুনর্গঠিত অসম প্রদেশ মুছলিম লীগৰ তেওঁ উপ-সভাপতি আছিল, ছাদুল্লা আছিল সভাপতি। মৌলানা ভাচানীয়ে পূর্ব বংগৰ শোষিত কৃষকৰ নামত সংগ্ৰাম আৰম্ভকৰি ধৰ্মৰাষ্ট্র পাকিস্তানৰ বাবে চলোৱা সংগ্ৰাম আৰু শেষত তালৈ প্রত্যাগমনৰ যোগেদি ভাৰতত তেওঁ ৰাজনৈতিক জীৱনৰ পৰিসমাপ্তি ঘটায়।

গোপীনাথ বৰদলৈ নেতৃত্বাধীন সংযুক্ত চৰকাৰ ক্ষমতাত থাকোতে লাইন প্রথা অধিক সক্ৰিয় কৰিবলৈ বৰদলৈয়ে এটা নতুন প্ৰচৰণ নীতি তৈয়াৰ কৰি ১৯৩৯ চনৰ ৪ নৱেম্বৰত বিধানসভাত গৃহীত কৰাইছিল।

এই প্ৰস্তাৱৰ মূল দফাকেইটা আছিল-

(ক) গাঁও অঞ্চল আৰু চৰণীয়া পথাৰৰ মাটি পমুৱাৰ বেদখলমুক্ত কৰা।

(খ) পতিত মাটি কেৱল ন্যায়সংগত পমুৱাক বিতৰণ কৰা।

(গ) একোটা পৰিয়ালক ৩০ বিঘাতকৈ বেছি মাটি দিয়াটো বন্ধ কৰা।

(ঘ) ঘোষিত জনজাতি এলেকাৰ পৰা অবৈধ পমুৱাক উচ্ছেদ কৰা।

এই যুগান্তকাৰী প্ৰস্তাৱকেইটা পৰৱৰ্তী চৰকাৰসমূহেও মানি ল’বলৈ বাধ্য হৈছিল। পৰৱৰ্তী সময়ত বৰদলৈয়ে পুনৰ প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্রী) পদ লোৱা সময়ত এই প্রস্তাৱ আৰু ত্ৰিপাক্ষিক চুক্তিৰ আধাৰত তেওঁ দৃঢ় প্ৰচৰণ নীতি গ্রহণ কৰিব পাৰিছিল। ইয়াৰ আধাৰত অসমত বেল্ট আৰু ব্লক গঠন হৈছিল। ইয়াৰ যোগেদি বৰদলৈয়ে ৰূপনাথ ব্রহ্মা, ভীমবৰ দেউৰী, নিক ৰয় আদি জনজাতীয় নেতাসকলক কংগ্ৰেছৰ অধিক ওচৰ চপাই অনাত সক্ষম হৈছিল।

১৯৩৯ চনৰ ছাদুল্লাৰ তৃতীয় চৰকাৰৰ সময়ত মুছলিম লীগৰ দাবী অনুসৰি পমুৱাৰ প্রতি সহানুভূতি থকা মোনোৱাৰ আলীক ৰাজহ মন্ত্ৰী পাতি দিয়া হৈছিল। এইগৰাকী ৰাজহ মন্ত্ৰীয়েই ইতিপূর্বে লাই ব্যৱস্থা বিলোপ কৰিবলৈ সদনত এটা প্রস্তাৱ উত্থাপন কৰি পিছত প্রত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল। পমুৱা প্ৰব্ৰজনক অধিক সূচল কৰাৰ স্বাৰ্থতে ছাদুল্লা মন্ত্রীসভাই ‘অধিক শস্য উৎপাদন আঁচনি’ গ্রহণ কৰিছিল। অবিৰত প্ৰব্ৰজনৰ হাৰ দেখিয়েই অসমৰ এগৰাকী প্রাক্তন ৰাজ্যপাল ৰবাৰ্ট ৰীডে লিখিছিল, “এই প্রব্রজনে মুছলমানসকলক হয়তো সন্তোষিত কৰিছে। কিন্তু হিন্দুসকলক নহয়। অসমত যিমানেই মুছলমানৰ সংখ্যা বাঢ়িব সিমানেই পাকিস্তান দাবী জোৰদাৰ হ’ব।”

১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন হোৱা নতুন কংগ্ৰেছী মন্ত্রীসভাই গ্ৰহণ কৰা পমুৱা উচ্ছেদ সংক্রান্তীয় প্রস্তাৱটো মুছলিম লীগ আৰু বংগৰ তদানীন্তন মুখ্যমন্ত্ৰী এইচ এছ চুৰাৱদীয়ে তীব্র প্রতিবাদ কৰিছিল। তথাপিও অসম চৰকাৰে উচ্ছেদ কাৰ্যত দৃঢ়তা প্রদর্শন কৰিছিল আৰু বৰপেটা আৰু তেজপুৰ অঞ্চলত উচ্ছেদ কার্যত বাধা দিয়াসকলক গুলীবর্ষণৰো নির্দেশ দিয়া হৈছিল। সাম্প্রদায়িক নেতা ভাচানীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু ইয়াৰ ফলত বেদখল কিছু নিয়ন্ত্রণলৈ আহিছিল। উচ্ছেদ অভিযানৰ সময়ত ভাচানীয়ে গঠন কৰা ‘ফৌজ-এ ইছলামিয়া কিল্লা’ নামৰ দলটোৱে

বহু ঠাইত সাম্প্রদায়িক উত্তেজনাৰো সৃষ্টি কৰিছিল। স্থানীয় মুছলমানসকলেও বহু ক্ষেত্রত মুছলিম লীগৰ কাৰ্যাৱলীক সমর্থন জনোৱাত সমান্তৰালভাৱে চলি থকা ভাৰতৰ স্বাধীনতা আন্দোলনত সেই সময়ৰ অসমীয়া মুছলমানসকলে বৰকৈ অংশগ্ৰহণ কৰা নাচিল।

ইতিমধ্যে ‘মাউন্টবেটন আঁচনি’ ঘোষণাৰ পিছত ১৯৪৭ চনৰ ১ জুন তাৰিখে মুছলিম লীগে সমগ্ৰ ভাৰততে ধ্বংসাত্মক আন্দোলন প্রত্যাহাৰ কৰিছিল। এই সময়তে ভাচানীকো যোৰহাট কাৰাগাৰৰ পৰা মুক্তি দিয়াত তেওঁ পূর্ববংগলৈ গুচি গৈছিল। স্বাধীনতাৰ পিছত ১৯৪৮ চনৰ ৩ জুনত অসম প্রাদেশিক মুছলিম লীগ ভংগ কৰি দিয়া হৈছিল আৰু লাইন প্রথাও ক্রমে অপ্রাসংগিক হৈ পৰিছিল। এনেদৰেই অসমে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে স্বাধীনতা লাভ কৰি এক নতুন যুগত ভৰি দিছিল আৰু উন্নয়নৰ দিশত ধাৱমান হৈছিল ।

৪। ইনাৰ লাইন ৰেগুলেশ্যন কি আলোচনা কৰা।

উত্তৰঃ ৰাজ্য পুনৰ গঠন আয়োগৰ মতে, ‘প্রয়োজনীয় হস্তক্ষেপ পার্যমানে কমোৱা আৰু জনজাতীয় লোকসকলক অর্থনৈতিক শোষণ ৰোধ কৰা’ ব্ৰিটিছ আমোলৰ ইনাৰ লাইন ৰেগুলেশ্যনৰ (Inner Line Regulation) মুখ্য উদ্দেশ্য আছিল। প্রকৃততে ‘সেই অঞ্চলৰ মানুহবোৰে ভৈয়াম অঞ্চলৰ মানুহৰ সৈতে কোনোধৰণৰ যোগাযোগ যাতে ৰাখিব নোৱাৰে’ তাৰ বাবেই ইয়াৰ প্ৰৱৰ্তন হৈছিল। অভিলেখাগাৰত সংৰক্ষিত তথ্য-পাতি বিশ্লেষণ কৰি চালে দেখিবলৈ পোৱা যাব যে পার্বত্য অঞ্চলৰ লোকসকলক ভৈয়ামৰ লোকৰ পৰা ৰক্ষা কৰাটো ৰেগুলেশ্যনৰ লক্ষ্য আছিল। ‘অত্যুৎসাহী সামৰিক বিষয়া এজনে বিপজ্জনক আৰু মুক্ত অঞ্চলবোৰলৈ যাব যাতে নোৱাৰে’ সেইটোৱেই আছিল ইয়াৰ মূল উদ্দেশ্য। এনেধৰণৰ যাতায়াতৰ সীমান্তত বাস কৰা জনজাতীয়সকলৰ সৈতে সৃষ্টি হোৱা উত্তেজনা বৃদ্ধি হ’ব। এনে সীমাপর্যন্ত আৰু তাৰ বাহিৰলৈ কটকটীয়া শাস্ত্র সম্প্ৰসাৰিত নকৰিবলৈ জিলা শাসনৰ দায়িত্বত থকা বিষয়াসকলক সতৰ্ক কৰি দিয়া হৈছিল।

জনজাতীয় লোকসকলক তেওঁলোকৰ নিজৰ নিজৰ কাম চলাবলৈ সুবিধা দিব লাগে। আমাৰ প্ৰাধিকাৰীসকলে তেওঁলোকৰ বিষয়বোৰত ৰাজনৈতিক দিশৰ পৰা যিমানখিনি মাত্র হস্তক্ষেপ কৰিব লাগে যাৰ ফলত মুখিয়াল আৰু জনজাতীয় লোকসকলৰ মাজত তেওঁলোকৰ মংগলৰ বাবে ব্যক্তিগত প্ৰভাৱ স্থাপন কৰিব পাৰি। আমাৰ অধীনৰ জিলাকেইখন আৰু ব্ৰহ্মদেশৰ মাজৰ অঞ্চলসমূহ আনকি সামান্যভাৱেও হ’লেও আমাৰ প্রত্যক্ষ শাসনৰ অধীনলৈ আনিবলৈ চেষ্টা কৰাটো অথবা ব্ৰিটিছ ৰাজ্য হিচাপে শাসন কৰিবলৈ চেষ্টা কৰাটো ধীৰে ধীৰে অথচ দৃঢ়ভাবে বাধা দিব লাগে।

অৱশ্যে সীমান্তৰ সিপাৰে থকা জনজাতীয় লোকসকলে আমাৰ প্ৰশাসনৰ গোটবোৰক আক্ৰমণ কৰিবলৈ আৰু হত্যাকাণ্ড চলাবলৈ চেষ্টা কৰিলে কর্তৃত্বশীলসকল-হাত সাবটি বহি থাকিব নোৱাৰে। এনেধৰণৰ বহুতো ঘটনা সীমান্তৰ সিপাৰতেই সংঘটিত হয়। নিজস্ব স্বাৰ্থ আৰু মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা বিষয়টো বিচাৰ কৰা হৈছিল। ইয়াৰ ফলত শাসনাধীন

অঞ্চল বৃদ্ধি হ’বলৈ ধৰিছিল আৰু ‘ইনাৰ লাইন’ আগবঢ়াই নিয়া হৈছিল। স্বাভাবিকতে। বিষয়টো সহজ কৰি লোৱা হৈছিল। ১৮৭৫ চনত ৰাজনৈতিক কাৰণতকৈও অর্থনৈতিক কাৰণৰ বাবেই ভাৰত চৰকাৰে এই বিশেষ ব্যবস্থা (Regulation) দৰং আৰু লখিমপুৰ জিলালৈকে সম্প্ৰসাৰণ কৰিছিল। বর্তমান ইয়াৰ মূলতে থকা উদ্দেশ্যতকৈও ‘লোলুপ ব্রিটিছ বিষয়াসকলৰ গতি-বিধি নিয়ন্ত্রিত কৰাৰ উপৰিও উদ্দেশ্য আৰু জনজাতীয় লোকসকলৰ বাবে কোনো বাধাৰ সৃষ্টি নকৰিবৰ বাবেই’ ইয়াক প্রয়োগ কৰা হৈছিল। জনজাতীয় লোকসকলৰ স্বকীয় পৰিচয় আৰু সংস্কৃতি ৰক্ষাৰ এইটো ফলপ্রদ উপায় বুলি ভবা বৈছিল। ১৯৯৫ চনত যেতিয়া গৃহমন্ত্রী এছ বি চরনে কেন্দ্ৰীয় চৰকাৰৰ ইনাৰ লাইন ৰেগুলেশান উঠাই দিয়াৰ অভিপ্ৰায়ৰ কথা ঘোষণা কৰিলে, যাতে জনজাতীয় লোকসকলে নতুনকৈ অর্থনৈতিক নীতিৰ সা-সুবিধাবোৰ ল’ব পাৰে, পার্বত্য ৰাজ্যবোৰৰ মুখ্য মন্ত্ৰীসকলে লগে লগে ইয়াৰ বিৰোধিতা কৰিছিল। সিবিলাকে ভাবিছিল, ইয়াৰ ফলত সমগ্র অঞ্চলটো বহিৰাগতসকলৰ বাবে ‘বাণিজ্যিক আৰু ঔদ্যোগিক প্রকল্পবোৰ স্থাপন কৰিবৰ বাবে মুক্ত হৈ ভূমিপুত্ৰসকলৰ স্বাৰ্থত আঘাত পৰিব আৰু বিদেশীৰ আগমনৰ ফলত জনসংখ্যা গঠনৰ ভাৰসাম্য ওলট-পালট হৈ পৰিব।’ ইনাৰ লাইনৰ ফলত জনজাতীয় লোকসকলৰ অতিকৈ মৰমৰ মাটিখিনি ৰক্ষা পৰিব। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে কৈছিল- ‘ইনাৰ লাইনৰ স্থানত অন্যান্য ৰক্ষণাবেক্ষণ প্রদান নকৰালৈকে এই ব্যৱস্থাত সন্মতি জনাব নোৱাৰো। মিজোসকলে কেন্দ্রীয় গৃহমন্ত্রীক কৈছিল ‘জনজাতীয় লোকসকলে জনজাতি হিচাপে জীয়াই থাকিব খোজে। উন্নয়ন হৈছে আমাৰ বাবে দ্বিতীয় কথা।’

এটা কথা অনস্বীকার্য যে উত্তৰ-পূব ভাৰতৰ ভৌগোলিক আৰু প্ৰশাসনিক একীকৰণ অথবা অবিভক্ত অসম এটা কৃত্রিম ব্যৱস্থাহে, এটা প্রকৃত ব্যৱস্থা নহয়। ঐতিহাসিক, ভাষিক, সামাজিক আৰু সাংস্কৃতিক দৃষ্টিকোণৰ পৰা পাহাৰীয়া অঞ্চলবোৰৰ বাসিন্দাসকলৰ ভৈয়ামবাসীসকলৰ সৈতে কোনো সাদৃশ্য নাই। ১৯১৯ চনৰ ভাৰত চৰকাৰৰ আইন মতে জনজাতি অধ্যুষিত অঞ্চলসমূহৰ প্ৰশাসন ৰাজ্যপালৰ অধীনলৈ আহিছিল আৰু ই কোনো মন্ত্ৰীৰ ক্ষমতাৰ এলেকাৰ ভিতৰত নাছিল। পিছপৰা অঞ্চল হিচাপে পৰিচিত অঞ্চলবোৰ আনকি ১৯৩৫ চনৰ সংবিধান আইন (Constituent Act.) প্রয়োগৰ সৈতে সাঙুৰি নলৈছিল। ছাইমন আয়োগে (Simon Commission) কৈছিল: এইঅঞ্চলবোৰতবাস কৰা লোকসকলে উন্নয়নৰ ক্ষেত্ৰত এনে এটা স্তৰত আছে যে তেওঁলোকৰ ক্ষেত্ৰত বাহিৰৰ আন ঠাইৰ দৰে প্রতিনিধিত্ব প্রদানৰ প্ৰণালীবোৰ প্ৰয়োগ কৰাটো অসম্ভৱ হৈ পৰিব। তেওঁলোকে আত্মনিয়ন্ত্ৰণৰ সুবিধা বিচৰা নাই, ভূমি পট্টনৰ ক্ষেত্ৰতহে নিৰাপত্তা বিচাৰিছে আৰু চিৰাচৰিত প্ৰাচীন নীতি-নিয়মবোৰ চলাই যাবলৈ স্বাধীনতা বিচাৰিছে। দ্রুত গতিত ৰাজনৈতিক অগ্ৰসৰতা লাভ কৰিব নোৱাৰাটো তেওঁলোকৰ আক্ষেপ নহয়, চুবুৰীয়াসকলৰ অৰ্থনৈতিক আধিপত্যৰ পৰা ৰক্ষা পোৱাটোৱেই তেওঁলোকৰ একমাত্র চিন্তা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top