Might Learn Logo Might Learn Shop Might Learn

GU BA 1st Semester Education Sec paper Chapter 3 Solution 2026 | মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন আৰু গুৰুত্ব | Gauhati University FYUGP 1st Sem Sec Education “মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন আৰু গুৰুত্ব “|

 Chapter 3 – 

মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন আৰু গুৰুত্ব 

► অতি চমু প্রশ্নোত্তৰ:

১। মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা কোন?

উত্তৰঃ- ডাব্লিউ. বিয়াৰ (W. Beers)।

২। ক্ৰো আৰু ক্ৰোৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ- ক্ৰো আৰু ক্ৰোৰ মতে,“মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এনে এক বিজ্ঞান, যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ সকলো ক্ষেত্ৰ সামৰি লয়।”

৩। হেডফিল্ডৰ মতে, মানসিক স্বাস্থ্যবিজ্ঞান কি?

উত্তৰ:- হেডফিল্ডৰ মতে,“মানসিক স্বাস্থ্যবিজ্ঞান হৈছে মানসিক স্বাস্থ্য সংৰক্ষণ আৰু মানসিক বিকাৰ প্ৰতিৰোধৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত এক বিজ্ঞান।”

৪। মানসিক স্বাস্থ্য বিজ্ঞানে কি অধ্যয়ন কৰে?

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানে তলত দিয়া বিষয়সমূহ অধ্যয়ন কৰে—

  1. মানসিক ৰোগৰ কাৰণসমূহৰ বিষয়ে অধ্যয়ন কৰে।
  2. মানসিক ৰোগ নিৰাময় কৰাৰ উপায়সমূহৰ বিষয়ে অধ্যয়ন কৰে।
  3. মানসিক সুস্বাস্থ্য ৰক্ষা কৰাৰ উপায়সমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰে।

৫। হাইজিন শব্দটো মূলত শব্দ। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ- গ্ৰীক্ ভাষাৰ।

চমু প্রশ্নোত্তৰ:

১। স্বাস্থ্য বিজ্ঞান শব্দটো ব্যৎপুত্তিগত অর্থ লিখা।

উত্তৰঃ- স্বাস্থ্য বিজ্ঞানৰ ইংৰাজী পৰিভাষা হৈছে Hygiene। ‘Hygiene’ শব্দটো গ্ৰীক ভাষাৰ ‘Hygieia বা ‘Hygiene’ শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে ‘স্বাস্থ্যৰ সৈতে জড়িত’ (of health)।

স্বাস্থ্য বিজ্ঞান বুলিলে ৰোগ-ব্যাধি আৰু বেমাৰ-আজাৰ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে নিজকে আৰু নিজৰ পৰিৱেশক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ প্ৰক্ৰিয়াক বুজায়। আন কথাত, স্বাস্থ্য ৰক্ষা আৰু সুস্বাস্থ্য বজাই ৰখাৰ বাবে প্ৰয়োজনীয় কলা-কৌশল আৰু নিয়ম-কানুনৰ জ্ঞান প্ৰদান কৰা বিজ্ঞানেই স্বাস্থ্য বিজ্ঞান।

লোকবিশ্বাস অনুসৰি, ‘Hygiene’ শব্দটোৰ সৈতে গ্ৰীক দেৱী ‘Hygeia’ (হাইজেইয়া)-ৰ নাম জড়িত হৈ আছে। পৌৰাণিক কাহিনী অনুসৰি, Hygeia আছিল স্বাস্থ্য আৰু স্বাস্থ্যৱান জীৱন-নিৰ্বাহৰ দেৱী।

২। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰ:- মনোবিজ্ঞানীসকলে মানসিক স্বাস্থ্য বিজ্ঞানৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে। ইয়াৰে উল্লেখযোগ্য কেইটামান সংজ্ঞা তলত দিয়া হ’ল—

(ক) কোভিলৰ মতে:
“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক অসুস্থতাৰ ঘটনা হ্ৰাস বা প্ৰতিৰোধ কৰা, শীঘ্ৰ চিকিৎসাৰ ব্যৱস্থা কৰা আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ বাবে উপযুক্ত কাৰ্যপন্থা সন্নিৱিষ্ট কৰা বিজ্ঞান।”

(খ) সিঙৰ মতে:
“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক ৰোগ আৰোগ্য আৰু প্ৰতিৰোধ কৰা, ব্যক্তিত্বৰ বিশৃংখলা দূৰ কৰা, সমাযোজন প্ৰক্ৰিয়াক ভাৰসাম্যপূৰ্ণ কৰি তোলা, অন্যান্য অস্বাভাৱিকতা আঁতৰ কৰা আৰু ব্যক্তিত্বৰ সুন্দৰ বিকাশ সাধনৰ বাবে ব্যৱহৃত উপায়সমূহৰ সৈতে জড়িত বিজ্ঞান।”

(গ) ক্ৰো আৰু ক্ৰোৰ মতে:
“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এক বিজ্ঞান, যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ সকলো ক্ষেত্ৰ সামৰি লয়।”

(ঘ) হেডফিল্ডৰ মতে:
“মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক স্বাস্থ্য সংৰক্ষণ আৰু মানসিক বিকাৰ প্ৰতিৰোধৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত এক বিজ্ঞান।”

সামৰণিঃ সেয়েহে, মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল উদ্দেশ্য হৈছে মানসিক ৰোগ প্ৰতিৰোধ কৰা, মানসিক স্বাস্থ্য সংৰক্ষণ কৰা, ব্যক্তিত্বৰ সুস্থ বিকাশ সাধন কৰা আৰু ব্যক্তিক সুস্থভাৱে সমাযোজন কৰাত সহায় কৰা।

৩। মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্যাবলী চমুকৈ লিখা।

উত্তৰঃ- মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিক মানসিক স্বাস্থ্যৰ বিভিন্ন দিশৰ বিষয়ে জ্ঞান প্ৰদান কৰা আৰু সুস্থ মানসিক জীৱন-যাপনত সহায় কৰা। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল—

(ক) মানসিক স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন সমস্যা সম্পৰ্কে জনা আৰু সেইবোৰ বুজাত সহায় কৰা।

(খ) সুস্থ মানসিক স্বাস্থ্য বজাই ৰখাৰ বাবে প্ৰয়োজনীয় নিয়ম-কানুন আৰু অনুশীলনসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

(গ) মানসিক অসুস্থতাৰ বিভিন্ন কাৰণ জনা আৰু তেনে সমস্যাৰ চিকিৎসা তথা প্ৰতিৰোধৰ পদ্ধতিসমূহ বুজাত সহায় কৰা।

(ঘ) সামাজিক পৰিৱেশৰ সৈতে সুন্দৰভাৱে সমাযোজন কৰাৰ প্ৰক্ৰিয়াসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

(ঙ) ভাৰসাম্যপূৰ্ণ আৱেগিকতা আৰু মানসিক সুস্থতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনা আৰু বুজাত সহায় কৰা।

(চ) সুস্থ, সুন্দৰ আৰু ভাৰসাম্যপূৰ্ণ মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় কলা-কৌশলসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰা।

৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্যসমূহ কি কি?

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ লক্ষ্যসমূহ অতি বহল আৰু বিস্তৃত। ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণ, ব্যক্তিত্বৰ সুস্থ বিকাশ আৰু পৰিৱেশৰ সৈতে সুন্দৰ সমাযোজন সাধন কৰাই ইয়াৰ মূল লক্ষ্য। ইয়াৰ প্ৰধান লক্ষ্যসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—

(ক) মানসিক স্বাস্থ্য সংৰক্ষণ আৰু সুস্থ মানসিক অৱস্থা বজাই ৰখাত সহায় কৰা।

(খ) পৰিৱেশৰ সৈতে সুন্দৰভাৱে সমাযোজন কৰিব পৰাকৈ ব্যক্তিত্বৰ সুস্থ বিকাশ সাধন কৰা।

(গ) ভাৰসাম্যপূৰ্ণ আৰু সু-সামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক দোষ-ত্ৰুটিসমূহ চিনাক্ত কৰি সেইবোৰ নিৱাৰণ কৰাৰ প্ৰচেষ্টা চলোৱা।

(ঘ) ব্যক্তিত্বৰ বিশৃংখলতা আৰু অন্যান্য মানসিক সমস্যাসমূহ, যিবোৰে মানসিক ৰোগৰ সৃষ্টি কৰিব পাৰে, সেইবোৰৰ চিকিৎসা আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা।

সামৰণিঃ সেয়েহে, মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল লক্ষ্য হৈছে ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণ, মানসিক বিকাৰ প্ৰতিৰোধ, সুস্থ ব্যক্তিত্বৰ বিকাশ আৰু পৰিৱেশৰ সৈতে সুন্দৰ সমাযোজন সাধন কৰা।

৫। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান কাৰ্য্যসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান কাৰ্যসমূহ মূলতঃ তিনিটা বিশিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে আলোচনা কৰিব পাৰি। সেইকেইটা হ’ল— (ক) প্ৰতিৰোধমূলক কাৰ্য, (খ) প্ৰতিকাৰমূলক কাৰ্য আৰু (গ) সংৰক্ষণমূলক কাৰ্য।

(ক) প্ৰতিৰোধমূলক কাৰ্য

মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্যতম প্ৰধান কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহ প্ৰতিৰোধ কৰা। মানসিক অসুস্থতাৰ কাৰণ, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহ বুজি পোৱাত মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে। লগতে এনে সমস্যাসমূহ প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া উপায় আৰু কৌশলৰ বিষয়েও জ্ঞান প্ৰদান কৰে।

মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যা প্ৰতিৰোধৰ বাবে উল্লেখযোগ্য উপায়সমূহ হ’ল—

(১) উপযুক্ত পুষ্টি প্ৰদান কৰা।

(২) কিশোৰ-কিশোৰীসকলৰ বাবে উপযুক্ত পূৰ্বৱৰ্তী শিক্ষাৰ ব্যৱস্থা কৰা।

(৩) আৱেগিক আৰু সামাজিক প্ৰয়োজনীয়তাৰ সুস্থ বিকাশ ঘটোৱা।

(৪) বৃত্তীয় সমাযোজনৰ ব্যৱস্থা কৰা।

(৫) উপযুক্তভাৱে জীৱন-নিৰ্বাহ কৰাৰ পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা।

(খ) প্ৰতিকাৰমূলক কাৰ্য

মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিকাৰমূলক কাৰ্যই মূলতঃ মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহৰ চিকিৎসা আৰু আৰোগ্যৰ পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই কেৱল মানসিক সমস্যাসমূহৰ কাৰণ আৰু স্বৰূপ বুজাতেই সহায় নকৰে, বৰং এই সমস্যাসমূহৰ পৰা ব্যক্তিক মুক্ত কৰাৰ বাবে প্ৰয়োজনীয় চিকিৎসামূলক কৌশল আৰু উপায়সমূহৰ বিষয়েও জ্ঞান প্ৰদান কৰে।

(গ) সংৰক্ষণমূলক কাৰ্য

ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্য সংৰক্ষণ অতি গুৰুত্বপূৰ্ণ। সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন তথা সামাজিক জীৱনৰ সামগ্ৰিক উন্নতি সম্ভৱ নহয়। মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যই মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰোৱা আৰু ইয়াক সংৰক্ষণৰ বাবে গ্ৰহণ কৰিবলগীয়া উপায়, কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰে।

ব্যক্তিৰ মানসিক সুস্থতা বজাই ৰখাৰ লগতে সমাজৰ সুস্থ বিকাশ আৰু মানৱ জীৱন তথা মানৱ সমাজৰ কল্যাণ সাধন কৰাই সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।

সামৰণিঃ সেয়েহে, মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান কাৰ্যসমূহ হৈছে মানসিক সমস্যাৰ প্ৰতিৰোধ, সমস্যাগ্ৰস্ত ব্যক্তিৰ প্ৰতিকাৰ আৰু সুস্থ মানসিক স্বাস্থ্যৰ সংৰক্ষণ। এই তিনিওটা কাৰ্যৰ জৰিয়তে ব্যক্তিৰ সুস্থ ব্যক্তিত্ব আৰু সমাজৰ সামগ্ৰিক কল্যাণ সাধন কৰাত সহায় কৰে।

৬। মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞানৰ বিকাশৰ ইতিহাস সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ- মানসিক স্বাস্থ্য তথা মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণাৰ বিকাশ অতি প্ৰাচীন নহয়। ঊনবিংশ শতিকাৰ মাজভাগত মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণাই এক সুসংগঠিত ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বিকাশৰ ইতিহাস বিভিন্ন ব্যক্তি, সংস্থা আৰু আন্দোলনৰ সৈতে জড়িত। তলত ইয়াৰ বিকাশৰ প্ৰধান পৰ্যায়সমূহ আলোচনা কৰা হ’ল—

১। উইলিয়াম চুইটজাৰৰ অৱদান

১৮৪৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনোবিজ্ঞানী উইলিয়াম চুইটজাৰ (William Sweetzer)-এ প্ৰথমবাৰৰ বাবে ‘Mental Hygiene’ (মানসিক স্বাস্থ্যবিজ্ঞান) শব্দটো ব্যৱহাৰ কৰে বুলি উল্লেখ কৰা হয়। তেওঁ মানসিক স্বাস্থ্যৰ উন্নতি আৰু মানসিক অসুস্থতা প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

২। ড° জে. বি. গ্ৰেৰ অৱদান

আমেৰিকাৰ গৃহযুদ্ধৰ পিছত সৃষ্টি হোৱা অস্বাস্থ্যকৰ সামাজিক পৰিস্থিতিৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ড° জে. বি. গ্ৰে (J. B. Gray)-এ মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণাক গুৰুত্ব দিয়ে। শিক্ষা, সংস্কৃতি, ধৰ্ম আৰু জাতীয় জীৱনত গৃহযুদ্ধৰ নেতিবাচক প্ৰভাৱ যাতে নপৰে, তাৰ বাবে নাগৰিকসকলৰ সুস্থ মানসিক স্বাস্থ্য বজাই ৰখাৰ প্ৰচেষ্টা চলোৱা হৈছিল।

৩। ডোৰোথিয়া ডিক্সৰ অৱদান

ডোৰোথিয়া ডিক্স (Dorothea Dix) নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে মানসিকভাৱে অসুস্থ লোকসকলৰ দুৰৱস্থা আৰু সামাজিক অৱস্থানৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ প্ৰচেষ্টাই মানসিকভাৱে ৰোগগ্ৰস্ত লোকসকলৰ প্ৰতি মানৱীয় আৰু সহানুভূতিশীল দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰিছিল। এই আন্দোলনক ‘Mental Hygiene Movement-ৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় হিচাপে গণ্য কৰা হয়।

৪। এমিল ক্ৰেপেলিনৰ অৱদান

১৮৯৬ চনত এমিল ক্ৰেপেলিন (Emil Kraepelin)-এ মানসিক ৰোগসমূহৰ শ্ৰেণীবিভাজন বা Taxonomy প্ৰস্তুত কৰে। ইয়াৰ ফলত বিভিন্ন মানসিক ৰোগক বৈজ্ঞানিকভাৱে অধ্যয়ন কৰাৰ পথ অধিক সুগম হয়।

৫। ক্লিফোৰ্ড বিয়াৰ্ডৰ অৱদান

বিংশ শতিকাৰ আৰম্ভণিতে ক্লিফোৰ্ড বিয়াৰ্ড (Clifford Beers)-এ মানসিক স্বাস্থ্যবিজ্ঞানৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ নিজে মানসিক অসুস্থতাৰ চিকিৎসা লাভ কৰাৰ পিছত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি ১৯০৮ চনত ‘A Mind That Found Itself’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে।

এই গ্ৰন্থখনে আমেৰিকাত মানসিক ৰোগীসকলৰ চিকিৎসা আৰু যতনৰ ক্ষেত্ৰত এক নতুন চিন্তাধাৰাৰ সৃষ্টি কৰে। সেয়েহে ক্লিফোৰ্ড বিয়াৰ্ডক মানসিক স্বাস্থ্যবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়।

৬। এডলফ মায়াৰৰ অৱদান

এডলফ মায়াৰ (Adolf Meyer) আমেৰিকাৰ মানসিক স্বাস্থ্যবিজ্ঞান আন্দোলনৰ অন্যতম প্ৰধান প্ৰতিষ্ঠাপক আছিল। তেওঁ ব্যক্তিৰ জীৱনৰ ইতিহাস বা ‘Life Story’-ৰ ওপৰত গুৰুত্ব দি মানসিক ৰোগৰ কাৰণ আৰু ব্যক্তিত্বৰ বিকাশ অধ্যয়ন কৰাৰ পদ্ধতি আগবঢ়ায়।

৭। National Committee for Mental Hygiene

১৯০৮ চনত এডলফ মায়াৰ-ৰ উদ্যোগত আমেৰিকাত National Committee for Mental Hygiene গঠন কৰা হয়। এই কমিটিৰ মূল উদ্দেশ্য আছিল মানসিক ৰোগ প্ৰতিৰোধ, মানসিক ৰোগীৰ যতন, মানসিক ৰোগীৰ প্ৰতি হোৱা অৱহেলা আৰু অপব্যৱহাৰ ৰোধ কৰা তথা মানসিক স্বাস্থ্যৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা।

একেটা সময়তে উইলিয়াম এইচ. ৱেলচ (William H. Welch)-এ এই আন্দোলনৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৮। থমাছ ডব্লিউ. ছেলমনৰ অৱদান

১৯১২ চনত Thomas W. Salmon-এ National Committee for Mental Hygiene-ৰ Medical Director হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ আমেৰিকাৰ মানসিকভাৱে অসুস্থ লোকসকলৰ বিষয়ে তথ্য সংগ্ৰহ আৰু অধ্যয়ন কৰাত গুৰুত্ব দিয়ে।

প্ৰথম বিশ্বযুদ্ধৰ সময়তো ছেলমনে সামৰিক বাহিনীৰ মানসিক স্বাস্থ্যৰ সমস্যা অধ্যয়ন আৰু সমাধানৰ বাবে কাম কৰে।

৯। শিক্ষাৰ পাঠ্যক্ৰমত মানসিক স্বাস্থ্যবিজ্ঞান

উইলিয়াম এইচ. ৱেলচ আৰু উইটক্লিফ ৰোজ (Witcliffe Rose)-ৰ উদ্যোগত ১৯১৫ চনত Johns Hopkins School of Hygiene and Public Health-ত মানসিক স্বাস্থ্যবিজ্ঞানক অধ্যয়নৰ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ ফলত মানসিক স্বাস্থ্যবিজ্ঞান এক নিয়মীয়া অধ্যয়নৰ বিষয় হিচাপে অধিক গুৰুত্ব লাভ কৰে।

১০। বিদ্যালয় আৰু সামাজিক প্ৰতিষ্ঠানৰ ভূমিকা

১৯১৫ চনত এডলফ মায়াৰে মানসিক ৰোগ প্ৰতিৰোধ আৰু সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিদ্যালয়, খেলপথাৰ, গীৰ্জা, আইন প্ৰণয়নকাৰী সংস্থা আৰু অন্যান্য সামাজিক প্ৰতিষ্ঠানসমূহক একেলগে কাম কৰিবলৈ আহ্বান জনায়।

১১। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বিস্তাৰ

১৯১৯ চনৰ পৰা National Committee for Mental Hygiene-এ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্যকলাপ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ফ্ৰান্স, দক্ষিণ আফ্ৰিকা, ইটালী আদি দেশত মানসিক স্বাস্থ্যবিজ্ঞানৰ সৈতে জড়িত জাতীয় সংস্থা গঠন হয়। ইয়াৰ ফলত মানসিক স্বাস্থ্যবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় আন্দোলন অধিক শক্তিশালী হয়।

১২। প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন

১৯৩৩ চনত ‘The First International Congress on Mental Hygiene’ অনুষ্ঠিত হয়। এই সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল—

(১) মানসিকভাৱে ৰোগগ্ৰস্ত লোকসকলৰ যতন আৰু চিকিৎসাৰ উপযুক্ত ব্যৱস্থা কৰা।

(২) মানসিক ৰোগৰ নিবাৰণ আৰু প্ৰতিৰোধ কৰা।

(৩) মানসিক স্বাস্থ্য সংৰক্ষণ আৰু উন্নত কৰা।

১৩। জন হপকিন্সত মানসিক স্বাস্থ্যবিজ্ঞান গোট

১৯৩৪ চনত Johns Hopkins-ত মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা গোট স্থাপন কৰা হয় আৰু পূৰ্ণকালীন মানসিক স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ ফলত মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰশিক্ষণ আৰু সেৱামূলক কাৰ্য অধিক সুসংগঠিত হয়।

১৪। US National Committee for Mental Hygiene

১৯৩৭ চনত আমেৰিকাত US National Committee for Mental Hygiene-ৰ কাৰ্যকলাপ অধিক সুসংগঠিত হয়। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ আছিল—

(ক) প্ৰাথমিক পৰ্যায়ত মানসিক ৰোগ চিনাক্ত কৰি চিকিৎসা প্ৰদান কৰা।

(খ) প্ৰয়োজন অনুসৰি মানসিক ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰা।

(গ) মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত গৱেষণা কৰা।

(ঘ) মানসিক ৰোগীসকলৰ প্ৰতি সাধাৰণ জনতাৰ সহানুভূতি আৰু সমৰ্থন বৃদ্ধি কৰা।

(ঙ) ব্যক্তি আৰু দলক মানসিক স্বাস্থ্যৰ নীতি প্ৰয়োগৰ ক্ষেত্ৰত নিৰ্দেশনা দিয়া।

(চ) চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহৰ সৈতে সহযোগিতা কৰা।

১৫। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ‘Mental Health’ ধাৰণাৰ বিকাশ

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ‘Mental Hygiene’ শব্দৰ পৰিৱৰ্তে Mental Health’ (মানসিক স্বাস্থ্য) শব্দটোৰ ব্যৱহাৰ অধিক বৃদ্ধি পায়। ইয়াৰ ফলত কেৱল মানসিক ৰোগৰ চিকিৎসাৰ ওপৰত নহয়, মানসিক ৰোগ প্ৰতিৰোধ, সুস্থ মানসিক বিকাশ আৰু মানসিক স্বাস্থ্য সংৰক্ষণৰ ওপৰতো গুৰুত্ব দিয়া হয়।

মেৰি জহোদা (Marie Jahoda)-ই মানসিকভাৱে সুস্থ ব্যক্তিৰ বৈশিষ্ট্য বুজাবলৈ ছয়টা প্ৰধান দিশ উল্লেখ কৰিছিল। সেইবোৰ হ’ল—
(১) নিজৰ সম্পৰ্কে ধনাত্মক মনোভাৱ,
(২) ব্যক্তিগত বৃদ্ধি,
(৩) সংহতকৰণ,
(৪) স্বায়ত্তশাসন,
(৫) বাস্তৱতাৰ সত্যতা উপলব্ধি আৰু
(৬) পৰিৱেশৰ প্ৰতি সুস্থ মনোভাৱ।

১৬। ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বিকাশ

১৯৪৮ চনত National Mental Health Act গ্ৰহণৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হয়। ইয়াৰ ফলত National Institute of Mental Health স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হয়।

১৭। মানসিক স্বাস্থ্য আৰু জনস্বাস্থ্য

১৯৪৯ চনত মানসিক স্বাস্থ্য আৰু জনস্বাস্থ্যৰ মাজৰ সম্পৰ্কক অধিক গুৰুত্ব দিয়া হয়। মানসিক স্বাস্থ্য যে জনস্বাস্থ্যৰ এক অবিচ্ছেদ্য অংশ আৰু দুয়োটা পৰস্পৰৰ পৰিপূৰক—এই ধাৰণাই ক্ৰমে শক্তিশালী হৈ উঠে।

১৮। বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকা

১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization বা WHO) গঠন হোৱাৰ পিছত বিশ্বব্যাপী মানসিক স্বাস্থ্যৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। WHO-ৰ স্বাস্থ্যৰ সংজ্ঞাত শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাক সমান গুৰুত্ব দিয়া হৈছে।

WHO-ৰ মতে, স্বাস্থ্য কেৱল ৰোগ বা দুৰ্বলতাৰ অনুপস্থিতি নহয়; ই শাৰীৰিক, মানসিক আৰু সামাজিকভাৱে সম্পূৰ্ণ সুস্থ অৱস্থা।

১৯। আধুনিক যুগত মানসিক স্বাস্থ্য

পৰৱৰ্তী সময়ত মানসিক স্বাস্থ্যবিজ্ঞানৰ ক্ষেত্ৰখন যথেষ্ট বিস্তৃত হৈ পৰে। মানসিক ৰোগৰ চিকিৎসাৰ লগতে ৰোগ প্ৰতিৰোধ, মানসিক স্বাস্থ্য সংৰক্ষণ, পৰামৰ্শদান, বিদ্যালয়ভিত্তিক মানসিক স্বাস্থ্য, সম্প্ৰদায়ভিত্তিক মানসিক স্বাস্থ্য আৰু জনসচেতনতা আদিৰ ওপৰতো গুৰুত্ব দিয়া হয়।

২০। বিশ্ব মানসিক স্বাস্থ্য দিৱস

বিশ্বব্যাপী মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ১৯৯২ চনৰ পৰা প্ৰতি বছৰে ১০ অক্টোবৰত ‘বিশ্ব মানসিক স্বাস্থ্য দিৱস’ (World Mental Health Day) পালন কৰা হয়। এই দিৱসৰ জৰিয়তে মানসিক স্বাস্থ্যৰ গুৰুত্ব, মানসিক ৰোগ প্ৰতিৰোধ আৰু মানসিক ৰোগীৰ প্ৰতি সহানুভূতিশীল মনোভাৱ গঢ়ি তোলাৰ বাবে জনসচেতনতা সৃষ্টি কৰা হয়।

২১। সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপট

সাম্প্ৰতিক সময়ত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখন অধিক বিস্তৃত হৈছে। বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত মানসিক স্বাস্থ্যৰ গুৰুত্ব বিশ্বব্যাপী অধিক স্পষ্ট হৈ পৰে। মানসিক চাপ, উদ্বেগ, একাকিত্ব আদি সমস্যাৰ মোকাবিলা কৰিবলৈ বিভিন্ন স্বাস্থ্য সংস্থা আৰু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে।

সামৰণিঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ বিকাশ এক দীঘলীয়া ঐতিহাসিক প্ৰক্ৰিয়া। আৰম্ভণিতে ইয়াৰ মূল উদ্দেশ্য আছিল মানসিক ৰোগ প্ৰতিৰোধ আৰু চিকিৎসা কৰা। পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি পাই মানসিক স্বাস্থ্য সংৰক্ষণ, ব্যক্তিত্বৰ সুস্থ বিকাশ, সামাজিক সমাযোজন, জনসচেতনতা আৰু সামগ্ৰিক মানৱ কল্যাণলৈ বিস্তৃত হয়। বৰ্তমান মানসিক স্বাস্থ্যক ব্যক্তিৰ লগতে সমাজ আৰু সমগ্ৰ জনস্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়।

৭। মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰ:- দৈনন্দিন জীৱনত মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব অপৰিসীম। মানসিকভাৱে সুস্থ আৰু সবল ব্যক্তিয়ে জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যা, ঘটনা-পৰিঘটনা আৰু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন সাহসেৰে হ’ব পাৰে। ব্যক্তিৰ দৈহিক সুস্থতাও বহু পৰিমাণে মানসিক সুস্থতাৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে বাবে মানসিক স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ। মানসিক স্বাস্থ্যৰ প্ৰধান প্ৰয়োজনীয়তা আৰু গুৰুত্বসমূহ তলত আলোচনা কৰা হ’ল—

(১) ব্যক্তিৰ সম্ভাৱনীয়তা বাস্তৱায়িত কৰাত সহায়ক

প্ৰতিগৰাকী ব্যক্তিৰ মাজত কিছুমান জন্মগত ক্ষমতা, প্ৰতিভা আৰু সম্ভাৱনীয়তা সুপ্ত অৱস্থাত থাকে। উপযুক্ত চেষ্টা আৰু অনুশীলনৰ জৰিয়তে এই সম্ভাৱনীয়তাসমূহ বাস্তৱায়িত কৰিব পাৰি। ইয়াৰ বাবে সুস্থ মানসিক স্বাস্থ্য অতি প্ৰয়োজনীয়। মানসিকভাৱে সুস্থ শিশুৱে নিজৰ ক্ষমতা আৰু সম্ভাৱনীয়তা বিকাশৰ বাবে অধিক আগ্ৰহেৰে চেষ্টা কৰিব পাৰে। আনহাতে, মানসিকভাৱে অসুস্থ শিশুৱে বৌদ্ধিক দুৰ্বলতা, ব্যক্তিত্বৰ অসামঞ্জস্য আৰু অনুপযুক্ত আচৰণৰ বাবে নিজৰ সম্ভাৱনীয়তা সম্পূৰ্ণৰূপে বিকাশ কৰিব নোৱাৰে।

(২) মানসিক অসুস্থতা প্ৰতিৰোধত সহায়ক

দৈহিক স্বাস্থ্যই যেনেদৰে ব্যক্তিক বিভিন্ন শাৰীৰিক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে, তেনেদৰে সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক আচৰণৰ অস্বাভাৱিকতা, অপসমাযোজন আৰু বিভিন্ন মানসিক সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। সুস্থ মন আৰু ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বই জীৱনৰ প্ৰতিকূলতা, মানসিক চাপ আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলৈ ব্যক্তিক অধিক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। সেয়েহে মানসিক স্বাস্থ্যৰ সংৰক্ষণ আৰু উপযুক্ত শিক্ষাই মানসিক অসুস্থতা প্ৰতিৰোধত সহায় কৰে।

(৩) উপযুক্ত সমাযোজনত সহায়ক

মানসিকভাৱে সুস্থ ব্যক্তি সাধাৰণতে এজন সু-সমাযোজিত ব্যক্তি। এনে ব্যক্তিয়ে নিজৰ সৈতে, আন ব্যক্তিৰ সৈতে আৰু নিজৰ পৰিৱেশৰ সৈতে উপযুক্তভাৱে সমাযোজন কৰিব পাৰে। সমাজৰ পৰিস্থিতি, পৰিৱেশ আৰু প্ৰয়োজন অনুসৰি নিজকে খাপ খুৱাব পৰাটো মানসিক স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ ফল। সেয়েহে মানসিক স্বাস্থ্যই ব্যক্তিক নিজৰ আৰু পৰিৱেশৰ মাজত সুসম্পৰ্ক স্থাপন কৰাত সহায় কৰে।

(৪) জীৱনৰ লক্ষ্য অন্বেষণত সহায়ক

জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্য লাভৰ বাবে প্ৰচেষ্টা চলোৱাত মানসিক স্বাস্থ্যই ব্যক্তিক সহায় কৰে। ব্যক্তিৰ জীৱনশৈলী আৰু জীৱন-দৰ্শনৰ ওপৰত ভিত্তি কৰি লক্ষ্য ভিন্ন হ’ব পাৰে। কিন্তু যিয়েই লক্ষ্য নহওক, সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক আত্মবিশ্বাস আৰু পূৰ্ণ শক্তিৰে সেই লক্ষ্য অৰ্জনৰ বাবে আগবাঢ়িবলৈ সহায় কৰে। লগতে নিজৰ আৰু আনৰ সুখ-সন্তুষ্টিক গুৰুত্ব দি অৰ্থপূৰ্ণ জীৱন যাপন কৰাত সহায় কৰে।

(৫) বাঞ্ছনীয় ব্যক্তিত্বৰ বিকাশত সহায়ক

মানসিক স্বাস্থ্যই সুস্থ, ভাৰসাম্যপূৰ্ণ আৰু সমন্বিত ব্যক্তিত্বৰ বিকাশত সহায় কৰে। এনে ব্যক্তিয়ে নিজৰ প্ৰয়োজন আৰু সমাজৰ প্ৰয়োজনৰ মাজত সঠিক ভাৰসাম্য বজাই ৰাখিব পাৰে। লগতে নিজৰ ক্ষমতা, আৱেগ আৰু আচৰণক উপযুক্তভাৱে নিয়ন্ত্ৰণ কৰি এক সুসংগঠিত আৰু সমন্বিত ব্যক্তিত্ব গঢ়ি তুলিব পাৰে।

(৬) উপযুক্ত নৈতিক বিকাশত সহায়ক

সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী ব্যক্তিয়ে সাধাৰণতে সমাজৰ নৈতিক মূল্যবোধ আৰু নীতি-নিয়মসমূহ অনুসৰণ কৰে। তেওঁলোকে সততা, দায়িত্ববোধ আৰু সু-চৰিত্ৰৰ পৰিচয় দিয়ে। সুস্থ বৌদ্ধিক বিকাশে ব্যক্তিক অনৈতিক আৰু অসামাজিক আচৰণৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে। লগতে ব্যক্তিয়ে নিজৰ আৱেগক যুক্তিসংগতভাৱে নিয়ন্ত্ৰণ কৰি ভাল আৰু গঠনমূলক কামত নিজৰ শক্তি প্ৰয়োগ কৰিব পাৰে।

(৭) সঠিক সামাজিক বিকাশত সহায়ক

মানসিক স্বাস্থ্যই ব্যক্তিক আনৰ সৈতে সুস্থ আৰু উপযুক্ত সামাজিক সম্পৰ্ক স্থাপন কৰাত সহায় কৰে। যিসকল ব্যক্তিৰ নিজৰ মন আৰু ব্যক্তিত্বৰ ভিতৰত অধিক দ্বন্দ্ব বা সংঘাত নাথাকে, তেওঁলোকে আনৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিবলৈ অধিক সময় আৰু মানসিক শক্তি লাভ কৰে। ইয়াৰ ফলত ব্যক্তিৰ সামাজিক আচৰণ উন্নত হয় আৰু সামাজিক সমাযোজন সুন্দৰভাৱে সম্পন্ন হয়।

(৮) সমাজৰ প্ৰগতিৰ বাবে সহায়ক

মানসিক স্বাস্থ্যই ব্যক্তিক ভাৰসাম্যপূৰ্ণ, দায়িত্বশীল আৰু সচেতন নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰে। এনে ব্যক্তিয়ে নিজৰ অধিকাৰ আৰু দায়িত্বৰ বিষয়ে সচেতন হয়। ব্যক্তিয়ে নিজৰ বিকাশ আৰু জীৱন-যাপনৰ বাবে সমাজৰ পৰা যিখিনি গ্ৰহণ কৰে, তাৰ বিনিময়ত সমাজৰ প্ৰগতি আৰু উন্নয়নৰ বাবেও নিজৰ অৱদান আগবঢ়াবলৈ প্ৰস্তুত থাকে। সেয়েহে সমাজৰ শান্তি, সমৃদ্ধি, প্ৰগতি আৰু সুখৰ বাবে সমাজৰ সদস্যসকলৰ সুস্থ মানসিক স্বাস্থ্য অতি প্ৰয়োজনীয়।

সামৰণিঃ

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব অপৰিসীম। ই ব্যক্তিৰ সুস্থ ব্যক্তিত্ব গঠনত, উপযুক্ত সমাযোজনত, নৈতিক আৰু সামাজিক বিকাশত আৰু জীৱনৰ লক্ষ্য অৰ্জনত বিশেষ সহায় কৰে। শিক্ষাৰ্থীৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যই শিক্ষণৰ প্ৰতি আগ্ৰহ, আত্মবিশ্বাস আৰু সুস্থ আচৰণ গঢ়ি তোলাত সহায় কৰে। আনহাতে, শিক্ষক-শিক্ষাৰ্থী উভয়ৰে সুস্থ মানসিক স্বাস্থ্যই শিক্ষণ-শিক্ষাদান প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ কৰি তোলে। ব্যক্তিগত আৰু সামাজিক জীৱনত শান্তি, শৃংখলা, সম্প্ৰীতি আৰু সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰতো মানসিক স্বাস্থ্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্যবোৰ কি কি আলোচনা কৰা।

উত্তৰ:- মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ সুস্থ মানসিক বিকাশ সাধন কৰা, মানসিক সমস্যাসমূহ প্ৰতিৰোধ আৰু প্ৰতিকাৰ কৰা, ব্যক্তিত্বৰ সুস্থ বিকাশ ঘটোৱা আৰু ব্যক্তিক জীৱনৰ বিভিন্ন পৰিৱেশৰ সৈতে সফলভাৱে সমাযোজন কৰিবলৈ সক্ষম কৰি তোলা। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ তলত আলোচনা কৰা হ’ল—

(১) নিজৰ সম্ভাৱনীয়তাসমূহৰ উপলব্ধি

প্ৰত্যেক ব্যক্তিয়েই কিছুমান বিশেষ সম্ভাৱনীয়তা, প্ৰতিভা আৰু অন্তৰ্নিহিত গুণ লৈ জন্মগ্ৰহণ কৰে। সেয়েহে মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্যতম উদ্দেশ্য হৈছে ব্যক্তিক নিজৰ অন্তৰ্নিহিত সম্ভাৱনীয়তা আৰু ক্ষমতাসমূহ উপলব্ধি কৰিবলৈ আৰু সেইবোৰৰ যথাযথ বিকাশ সাধন কৰিবলৈ সহায় কৰা।

(২) আত্ম-সন্মান আৰু আনৰ প্ৰতি সন্মান

এজন ব্যক্তিয়ে নিজকে সন্মান কৰিব পাৰিলেহে আনকো সন্মান কৰিব পাৰে। আত্ম-সন্মানৰ অভাৱ বা আত্ম-সন্মানবোধ হেৰুৱালে ব্যক্তিয়ে বিভিন্ন আৱেগিক সমস্যাত ভুগিব পাৰে। সেয়েহে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হৈছে ব্যক্তিক নিজক সন্মান কৰিবলৈ আৰু আনৰ প্ৰতি সন্মান, মৰম আৰু সহানুভূতি প্ৰদৰ্শন কৰিবলৈ শিকোৱা।

(৩) নিজৰ সীমাবদ্ধতা জনা আৰু আনৰ সীমাবদ্ধতা সহ্য কৰা

প্ৰতিগৰাকী ব্যক্তিৰে কিছুমান সবলতা আৰু সীমাবদ্ধতা থাকে। মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক নিজৰ সীমাবদ্ধতাসমূহ চিনাক্ত আৰু গ্ৰহণ কৰিবলৈ সহায় কৰে। লগতে আন ব্যক্তিৰ সীমাবদ্ধতাসমূহো বুজি লৈ সেইবোৰ সহনশীলভাৱে গ্ৰহণ কৰিবলৈ সহায় কৰে।

(৪) সামঞ্জস্যপূৰ্ণ বিকাশ

মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু আধ্যাত্মিক দিশৰ সামঞ্জস্যপূৰ্ণ বিকাশ সাধন কৰা। ইয়াৰ ফলত ব্যক্তিয়ে নিজৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৈতে সুন্দৰভাৱে সমাযোজন কৰিব পাৰে।

(৫) সুখী মনোভাবৰ সৃষ্টি

ব্যক্তিৰ মনত ধনাত্মক আৰু আশাবাদী মনোভাব গঢ়ি তোলাও মানসিক স্বাস্থ্যবিজ্ঞানৰ এক উদ্দেশ্য। এনে মনোভাবে ব্যক্তিক জীৱনৰ বিভিন্ন সমস্যা আৰু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাহস দিয়ে আৰু সুখী, স্বচ্ছন্দ আৰু সন্তুষ্ট জীৱন যাপন কৰাত সহায় কৰে।

(৬) সঠিক তথা সফল সমাযোজন

মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্যতম উদ্দেশ্য হৈছে ব্যক্তিক জীৱনৰ বিভিন্ন স্তৰ আৰু পৰিৱেশৰ সৈতে সফলভাৱে সমাযোজন কৰিবলৈ সক্ষম কৰি তোলা। যেনে— গৃহ পৰিৱেশ, বিদ্যালয় পৰিৱেশ, সামাজিক পৰিৱেশ, কৰ্মক্ষেত্ৰ আৰু বৃত্তীয় জীৱন আদিৰ সৈতে উপযুক্তভাৱে সমাযোজন কৰিব পৰাকৈ ব্যক্তিক প্ৰস্তুত কৰা।

(৭) নিজকে চিনি পোৱা

নিজৰ সম্ভাৱনীয়তা, ক্ষমতা, সবলতা, দুৰ্বলতা আৰু সীমাবদ্ধতাসমূহৰ বিষয়ে জ্ঞান লাভ কৰাটো সুস্থ ব্যক্তিত্বৰ বাবে অতি প্ৰয়োজনীয়। সেয়েহে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হৈছে ব্যক্তিক নিজকে ভালদৰে চিনি পোৱাত আৰু নিজৰ ক্ষমতাসমূহৰ সঠিক মূল্যায়ন কৰাত সহায় কৰা।

(৮) মানসিক ৰোগৰ চিকিৎসা

মানসিক স্বাস্থ্যবিজ্ঞানৰ এটা প্ৰধান উদ্দেশ্য হৈছে বিভিন্ন মানসিক ৰোগ আৰু বিকাৰৰ স্বৰূপ নিৰ্ণয় কৰা আৰু উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা। ইয়াৰ জৰিয়তে মানসিক ৰোগগ্ৰস্ত ব্যক্তিক সুস্থ কৰি তোলা আৰু স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাত সহায় কৰা হয়।

(৯) আৱেগিক নিয়ন্ত্ৰণত সহায়

মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক নিজৰ আৱেগ আৰু অনুভূতিসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰে। আৱেগিক অস্থিৰতা নিয়ন্ত্ৰণ কৰিব পাৰিলে ব্যক্তিয়ে নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱনত সুন্দৰভাৱে সমাযোজন কৰিব পাৰে আৰু জীৱনৰ বিভিন্ন সমস্যাৰ যথাযথভাৱে সমাধান কৰিব পাৰে।

বি. এফ. স্কীনাৰৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য

আমেৰিকাৰ বিশিষ্ট মনোবিদ বি. এফ. স্কীনাৰ (B. F. Skinner)-এ মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্যসমূহক দুটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল—

(১) ধনাত্মক উদ্দেশ্যঃ
এই উদ্দেশ্য অনুসৰি মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ বিভিন্ন মানসিক ৰোগৰ কাৰণ আৰু উৎসৰ বিষয়ে অনুসন্ধান কৰে আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।

(২) ঋণাত্মক উদ্দেশ্যঃ
এই উদ্দেশ্যৰ মূল লক্ষ্য হৈছে ব্যক্তিক মানসিক ৰোগ আৰু বিকাৰৰ পৰা ৰোগমুক্ত কৰি তোলা। ইয়াৰ বাবে মানসিক ৰোগৰ প্ৰতিকাৰ আৰু চিকিৎসাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয়।

A. J. Rosanoff-ৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য

মনোবিজ্ঞানী A. J. Rosanoff-এ মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা প্ৰধান উদ্দেশ্যৰ কথা উল্লেখ কৰিছে। সেইকেইটা হ’ল—

(১) ব্যক্তিৰ সুপ্ত জন্মগত গুণ, ক্ষমতা আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে তথ্য আহৰণ কৰা।

(২) ব্যক্তিৰ জন্মগত গুণ, ক্ষমতা আৰু শক্তিৰ সহায়ত তেওঁৰ শাৰীৰিক, সামাজিক, শৈক্ষিক আৰু বৃত্তীয় ক্ষেত্ৰত সুস্থ সমাযোজন সাধন কৰাত সহায় কৰা।

(৩) ব্যক্তিৰ বিভিন্ন মানসিক ৰোগ আৰু বিকাৰৰ প্ৰতিকাৰ আৰু চিকিৎসা কৰা।

সামৰণিঃ

সামগ্ৰিকভাৱে ক’ব পাৰি যে, মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কেৱল মানসিক ৰোগৰ চিকিৎসাতে সীমাবদ্ধ নহয়। ই ব্যক্তিৰ সুস্থ ব্যক্তিত্বৰ বিকাশ, আত্ম-সন্মান, আৱেগিক নিয়ন্ত্ৰণ, নিজৰ সম্ভাৱনীয়তাৰ উপলব্ধি, সফল সমাযোজন আৰু মানসিক ৰোগ প্ৰতিৰোধ তথা প্ৰতিকাৰৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ জৰিয়তে ব্যক্তিক সুস্থ, সুখী, ভাৰসাম্যপূৰ্ণ আৰু সমাজোপযোগী জীৱন যাপন কৰিবলৈ সক্ষম কৰি তোলা হয়।

৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰয়োজন আৰু গুৰুত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰঃ-মানসিক স্বাস্থ্য মানুহৰ আচৰণৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। মানুহে জীৱনৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে। মানুহৰ সামগ্ৰিক আচৰণ, চিন্তা, অনুভূতি আৰু সামাজিক সম্পৰ্কৰ বিভিন্ন দিশ মানসিক স্বাস্থ্যবিজ্ঞানে অধ্যয়ন কৰে। সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক শিকিবলৈ, যুক্তিসংগতভাৱে চিন্তা কৰিবলৈ, কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ, আনৰ সৈতে সুস্থ সম্পৰ্ক স্থাপন কৰিবলৈ আৰু পৰিৱেশৰ প্ৰতি উপযুক্ত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিবলৈ সক্ষম কৰি তোলে।

সুস্থ জীৱন-যাপনৰ এক গুৰুত্বপূৰ্ণ বিজ্ঞান হিচাপে মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ শান্তিপূৰ্ণ আৰু সুস্থ জীৱন-যাপনৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰে। ই মনোবিজ্ঞানৰ এক উল্লেখযোগ্য শাখা, যিয়ে ব্যক্তিৰ সুস্থ সামাজিক জীৱন আৰু সুসমন্বিত ব্যক্তিত্ব গঠনত সহায় কৰে।

মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ বৌদ্ধিক, আৱেগিক আৰু শাৰীৰিক দিশৰ মাজত সুসমন্বয় স্থাপন কৰাত সহায় কৰে। ইয়াৰ ফলত ব্যক্তি সন্তুষ্ট, আত্মবিশ্বাসী আৰু আশাবাদী হৈ উঠিব পাৰে। সেয়েহে ব্যক্তিৰ সুস্বাস্থ্য আৰু স্বাস্থ্যবিধিৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্ব অতি বেছি।

মানসিক স্বাস্থ্যবিজ্ঞানে স্বাস্থ্যবিধি সম্পৰ্কে ব্যক্তিক সঠিক জ্ঞান প্ৰদান কৰে। ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বসমূহ তলত আলোচনা কৰা হ’ল—

(১) সুস্বাস্থ্য ৰক্ষাত সহায়ঃ
মানসিক স্বাস্থ্যবিজ্ঞান সুস্বাস্থ্য ৰক্ষাৰ সৈতে জড়িত। ই মানসিক অসুস্থতাৰ বিভিন্ন কাৰণ চিনাক্ত কৰাত আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাৰ উপায় জানিবলৈ সহায় কৰে।

(২) সুস্থ জীৱন-যাপনৰ কলা শিকোৱাঃ
সুস্থ আৰু সুখী জীৱন-যাপনৰ বাবে উপযুক্ত জীৱন-ধাৰণৰ পদ্ধতি জনাটো অতি প্ৰয়োজনীয়। মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক সুস্থ জীৱন-যাপনৰ কলা আৰু নীতি-নিয়মৰ বিষয়ে সচেতন কৰি তোলে।

(৩) শৰীৰ আৰু মনৰ ভাৰসাম্য ৰক্ষাঃ
শৰীৰ আৰু মন সুস্থ থাকিলে সুস্থ চিন্তা, উন্নত কৰ্মক্ষমতা আৰু সু-আচৰণৰ বিকাশ ঘটে। এইবোৰেই ভাৰসাম্যপূৰ্ণ জীৱনৰ লক্ষণ। সেয়েহে শৰীৰ আৰু মনৰ সুস্থতাৰ জৰিয়তে উন্নত আৰু ভাৰসাম্যপূৰ্ণ জীৱন-যাপন কৰিবলৈ মানসিক স্বাস্থ্যবিজ্ঞানে বিশেষ সহায় কৰে।

(৪) মানসিক সমস্যাৰ চিকিৎসা আৰু নিদানঃ
মানসিক বিকাৰ বা মানসিক সমস্যাত ভোগা ব্যক্তিৰ চিকিৎসা আৰু নিদানৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্ব অতি বেছি। পৰামৰ্শদান, মনোচিকিৎসা আদি বিভিন্ন পদ্ধতিৰ সহায়ত ব্যক্তিক মানসিক সমস্যাৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰা হয়।

(৫) মানসিক স্বাস্থ্যকৰ্মীৰ প্ৰশিক্ষণঃ
ব্যক্তিৰ মনোবৈজ্ঞানিক সমস্যা বুজি তেওঁলোকক উপযুক্ত সহায় আগবঢ়াবলৈ মানসিক স্বাস্থ্যকৰ্মীসকলৰ বিশেষ জ্ঞান আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰতো মানসিক স্বাস্থ্যবিজ্ঞানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(৬) অস্বাভাৱিক আচৰণৰ কাৰণ নিৰ্ণয়ঃ
ব্যক্তিৰ স্বাভাৱিক আচৰণত কেতিয়াবা বিভিন্ন অস্বাভাৱিকতা দেখা যায়। যেনে—সামান্য সমস্যাৰ সমাধান কৰিব নোৱাৰা, অযথা ভয় খোৱা, অত্যধিক চিন্তা কৰা আদি। এনে আচৰণৰ কাৰণ নিৰ্ণয়, প্ৰতিকাৰৰ উপায় বিচৰা আৰু এই বিষয়ে গৱেষণা কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যবিজ্ঞানৰ বিশেষ প্ৰয়োজন আছে।

(৭) সামাজিক সমাযোজনত সহায়ঃ
ব্যক্তিৰ সামাজিক জীৱনত হিংসাপৰায়ণতা, প্ৰতিশোধপৰায়ণতা, উশৃংখলতা, লাজকুৰীয়া স্বভাৱ আদি বিভিন্ন আচৰণ দেখা যাব পাৰে। এই আচৰণসমূহৰ অন্তৰ্নিহিত আৱেগিক কাৰণ উদ্ঘাটন কৰি ব্যক্তিক সমাজৰ সৈতে সুস্থ সমাযোজন কৰিবলৈ মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে। লগতে ব্যক্তিৰ সামাজিকতাবোধৰ বিকাশতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(৮) শিশুৰ সুস্থ মানসিক বিকাশঃ
ব্যক্তিৰ শৈশৱকালীন অভিজ্ঞতাই ভৱিষ্যৎ জীৱনৰ মানসিক স্বাস্থ্যত গভীৰ প্ৰভাৱ পেলায়। সেয়েহে শিশুৰ পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠসকলৰ আচৰণ, শিশুৰ বিভিন্ন চাহিদাৰ পৰিতৃপ্তি, দৈনন্দিন অভিজ্ঞতা আৰু পৰিৱেশ আদি দিশৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। শিশুৰ সুস্থ মানসিক বিকাশৰ বাবে এনে দিশসমূহৰ অধ্যয়ন মানসিক স্বাস্থ্যবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ অংশ।

সামৰণিঃ
সামগ্ৰিকভাৱে ক’বলৈ গ’লে, মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব অপৰিসীম। ই ব্যক্তিৰ মানসিক স্বাস্থ্য সংৰক্ষণৰ লগতে ব্যক্তিত্বৰ সুষম বিকাশ, সুস্থ আচৰণ, সামাজিক সমাযোজন আৰু মানসিক সমস্যাৰ প্ৰতিকাৰত সহায় কৰে। বিশেষকৈ ক’ভিড-১৯ৰ দৰে সংকটকালত ব্যক্তিৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ প্ৰয়োজনীয়তা অধিক স্পষ্ট হৈ পৰিছিল। মানসিক স্বাস্থ্যবিজ্ঞানে সমাযোজনৰ কৌশলৰ বিষয়ে জ্ঞান প্ৰদান কৰি উত্তেজনা, উদ্বিগ্নতা আদি মানসিক সমস্যাৰ মোকাবিলা কৰাত সহায় কৰে। সেয়েহে সুস্থ, সুখী আৰু ভাৰসাম্যপূৰ্ণ জীৱনৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞান অতি গুৰুত্বপূৰ্ণ।

১০। মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ মাজৰ সম্বন্ধ কি? আলোচনা কৰা।

উত্তৰ:- মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞান ইটোৱে সিটোৰ পৰিপূৰক। মানসিক স্বাস্থ্য বুলিলে ব্যক্তিৰ মনৰ সুস্থ, স্বাভাৱিক আৰু ভাৰসাম্যপূৰ্ণ অৱস্থাক বুজোৱা হয়। আনহাতে, মানসিক স্বাস্থ্যবিজ্ঞান হৈছে মানসিক স্বাস্থ্যৰ সংৰক্ষণ, উন্নতি, মানসিক ৰোগৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা বিষয়।

মানসিক স্বাস্থ্যই ব্যক্তিৰ চিন্তা, আৱেগ, অনুভূতি আৰু আচৰণৰ মাজত ভাৰসাম্য বজাই ৰখাত সহায় কৰে। এজন মানসিকভাৱে সুস্থ ব্যক্তিয়ে নিজৰ আৱেগ-অনুভূতি নিয়ন্ত্ৰণ কৰিব পাৰে, বাস্তৱ পৰিস্থিতিৰ সৈতে সুস্থভাৱে সমাযোজন কৰিব পাৰে আৰু সমাজৰ আন লোকৰ সৈতে সন্তোষজনক সম্পৰ্ক বজাই ৰাখিব পাৰে। তেওঁ নিজৰ দৈনন্দিন জীৱনৰ দায়িত্বসমূহ সঠিকভাৱে পালন কৰাৰ লগতে জীৱনৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে।

মানসিক স্বাস্থ্যই কেৱল মানসিক ৰোগৰ অনুপস্থিতিকেই নুবুজায়; ইয়াৰ সৈতে ব্যক্তিৰ আৱেগিক, সামাজিক আৰু আচৰণগত সুস্থতাও জড়িত। শৰীৰ, মন আৰু সামাজিক জীৱনৰ মাজত সুসমন্বয় বজাই ৰাখি সুষম আৰু সন্তোষজনক জীৱন-যাপন কৰিব পৰা অৱস্থাক সুস্থ মানসিক স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ লক্ষণ বুলি ক’ব পাৰি।

আনহাতে, মানসিক স্বাস্থ্যবিজ্ঞান মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ দিশ। ই ব্যক্তিৰ মানসিক অৱস্থা, মানসিক ৰোগৰ কাৰণ, প্ৰতিৰোধ, প্ৰতিকাৰ, মানসিক স্বাস্থ্যৰ সংৰক্ষণ আৰু সুস্থ সমাযোজনৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। ব্যক্তিৰ মানসিক স্বাস্থ্য উন্নত কৰাৰ বাবে পৰামৰ্শদান, মনোচিকিৎসা, উপযুক্ত পৰিৱেশ সৃষ্টি আৰু অন্যান্য সহায়ক ব্যৱস্থাৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে জ্ঞান প্ৰদান কৰে।

সেয়েহে মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। এই সম্পৰ্কৰ উল্লেখযোগ্য দিশসমূহ তলত আলোচনা কৰা হ’ল—

(১) সুস্থ মানসিক স্বাস্থ্যৰ বৈশিষ্ট্য ব্যাখ্যাঃ
মানসিক স্বাস্থ্যবিজ্ঞানে সুস্থ মানসিক স্বাস্থ্যৰ বিভিন্ন বৈশিষ্ট্য, যেনে—আৱেগিক ভাৰসাম্য, সুস্থ আচৰণ, আত্মবিশ্বাস, সামাজিক সমাযোজন আৰু বাস্তৱ পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলাৰ ক্ষমতা আদিৰ বিষয়ে ব্যাখ্যা কৰে।

(২) মানসিক ৰোগৰ কাৰণ আৰু প্ৰতিকাৰঃ
ব্যক্তিৰ মানসিক ৰোগ বা মানসিক সমস্যাৰ বিভিন্ন কাৰণ উদ্ঘাটন কৰি সেইবোৰৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ উপায় মানসিক স্বাস্থ্যবিজ্ঞানে নিৰ্ধাৰণ কৰাত সহায় কৰে।

(৩) মানসিক সমস্যাৰ পৰা মুক্তিৰ উপায়ঃ
মানসিক চাপ, উদ্বিগ্নতা, আৱেগিক সমস্যা, সমাযোজনৰ অসুবিধা আদি বিভিন্ন মানসিক সমস্যাৰ পৰা মুক্তি লাভ কৰাৰ বাবে প্ৰয়োজনীয় উপায় আৰু কৌশলৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে জ্ঞান প্ৰদান কৰে।

(৪) মানসিক ৰোগৰ পৰা আৰোগ্য লাভৰ সম্ভাৱনাঃ
মানসিক ৰোগত আক্ৰান্ত ব্যক্তিয়ে উপযুক্ত চিকিৎসা, পৰামৰ্শ আৰু মনোচিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰিব পাৰে। মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগৰ প্ৰতিকাৰ আৰু পুনৰ সুস্থ জীৱনলৈ ঘূৰি অহাৰ বিষয়ে অধ্যয়ন কৰে।

(৫) সুস্থ ব্যক্তিত্বৰ বিকাশঃ
মানসিক স্বাস্থ্যবিজ্ঞান ব্যক্তিৰ সুস্থ দেহ, সুস্থ মন আৰু সুস্থ সামাজিক আচৰণৰ মাজত সমন্বয় স্থাপন কৰাত সহায় কৰে। ইয়াৰ ফলত ব্যক্তিৰ সুষম আৰু সুৰুচিপূৰ্ণ ব্যক্তিত্বৰ বিকাশ ঘটে আৰু তেওঁ সমাজৰ সৈতে সুস্থভাৱে সমাযোজন কৰিব পাৰে।

সামৰণিঃ
মুঠতে, মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ মাজত অতি ঘনিষ্ঠ আৰু পৰস্পৰপূৰক সম্পৰ্ক আছে। মানসিক স্বাস্থ্যই ব্যক্তিৰ সুস্থ মানসিক অৱস্থাক বুজায়, আনহাতে মানসিক স্বাস্থ্যবিজ্ঞানে সেই মানসিক স্বাস্থ্য সংৰক্ষণ, উন্নতি, প্ৰতিৰোধ আৰু প্ৰতিকাৰ কৰাৰ বিজ্ঞানসন্মত উপায়সমূহৰ বিষয়ে অধ্যয়ন কৰে। সেয়েহে মানসিক স্বাস্থ্যৰ বিষয়ে বিজ্ঞানসন্মত জ্ঞান আৰু আলোচনা অবিহনে মানসিক স্বাস্থ্যবিজ্ঞানৰ অধ্যয়ন সম্পূৰ্ণ নহয়। এই দুয়োটা বিষয় ইটোৱে সিটোৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।

১১। মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ মাজত কি কি প্রভেদ পৰিলক্ষিত হয়, আলোচনা কৰা।

উত্তৰঃ- মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞান পৰস্পৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আৰু দুয়োটাৰে উদ্দেশ্য ব্যক্তিৰ মানসিক সুস্থতা বজাই ৰখা। তথাপি দুয়োটা বিষয়ৰ অৰ্থ, স্বৰূপ আৰু পৰিসৰৰ ক্ষেত্ৰত কিছু পাৰ্থক্য আছে। তলত মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ মাজৰ প্ৰধান প্ৰভেদসমূহ আলোচনা কৰা হ’ল—

(১) অৰ্থৰ ক্ষেত্ৰত প্ৰভেদঃ
মানসিক স্বাস্থ্য বুলিলে ব্যক্তিৰ সুস্থ-সবল আৰু ভাৰসাম্যপূৰ্ণ মানসিক অৱস্থাক বুজোৱা হয়। আনহাতে, মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক সুস্থতা ৰক্ষা আৰু উন্নত কৰাৰ বিভিন্ন নীতি, পদ্ধতি আৰু কৌশলৰ বিষয়ে অধ্যয়ন কৰে।

(২) ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰভেদঃ
মানসিক স্বাস্থ্য ৰক্ষা আৰু উন্নত কৰাৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানে নিৰ্ধাৰণ কৰা বিভিন্ন নীতি, পদ্ধতি আৰু কৌশল ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ, মানসিক স্বাস্থ্য হৈছে লক্ষ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞান হৈছে সেই লক্ষ্যত উপনীত হোৱাৰ সহায়ক বিজ্ঞান।

(৩) স্বৰূপৰ ক্ষেত্ৰত প্ৰভেদঃ
মানসিক স্বাস্থ্য সাধাৰণ অৰ্থত ব্যক্তিৰ মানসিক সুস্থতাক বুজায়। কিন্তু মানসিক স্বাস্থ্যবিজ্ঞানত মানসিক সুস্থতাৰ লগতে মানসিক ৰোগৰ প্ৰতিৰোধ, চিকিৎসা আৰু অন্যান্য মনোবৈজ্ঞানিক তথা চিকিৎসাবিজ্ঞান-সম্পৰ্কীয় দিশসমূহো সামৰি লোৱা হয়।

(৪) ব্যক্তিৰ সম্ভাৱনীয়তা আৰু সমাযোজনৰ ক্ষেত্ৰত প্ৰভেদঃ
মানসিক স্বাস্থ্যই ব্যক্তিয়ে নিজৰ সম্ভাৱনীয়তাসমূহ উপলব্ধি কৰি পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰাৰ ওপৰত গুৰুত্ব দিয়ে। আনহাতে, মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক নিজৰ আত্মবোধ আৰু সম্ভাৱনীয়তাসমূহ বুজি পোৱাত সহায় কৰে আৰু সেই সম্ভাৱনীয়তাসমূহৰ সঠিক ব্যৱহাৰৰ জৰিয়তে মানসিক স্বাস্থ্য ৰক্ষাৰ জ্ঞান প্ৰদান কৰে।

(৫) বিকাশৰ ক্ষেত্ৰত প্ৰভেদঃ
মানসিক স্বাস্থ্যবিজ্ঞানৰ ধাৰণাৰ বিকাশ মানসিক স্বাস্থ্যৰ ধাৰণাতকৈ তুলনামূলকভাৱে পুৰণি। মানসিক স্বাস্থ্যৰ বিষয়ে ব্যাপক সজাগতা তুলনামূলকভাৱে পিছত বৃদ্ধি পাইছে। মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্যৰ ধাৰণা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰাত সহায় কৰে।

(৬) ব্যক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰভেদঃ
মানসিক স্বাস্থ্য ব্যক্তিৰ নিজস্ব মানসিক সুস্থতাৰ সৈতে অধিক জড়িত। আনহাতে, মানসিক স্বাস্থ্যবিজ্ঞান হৈছে মানসিক স্বাস্থ্য সম্পৰ্কে জ্ঞান আহৰণ, অধ্যয়ন আৰু শিক্ষাৰ এক বিজ্ঞানসন্মত ক্ষেত্ৰ। মানসিক স্বাস্থ্যবিজ্ঞানৰ জ্ঞান আৰু নীতি-নিয়মৰ সহায়ত ব্যক্তিয়ে সুস্থ মানসিক স্বাস্থ্য বজাই ৰাখিব পাৰে।

(৭) পৰিসৰৰ ক্ষেত্ৰত প্ৰভেদঃ
মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগৰ কাৰণ, প্ৰকাৰ, প্ৰতিৰোধ আৰু নিৰাময়ৰ লগতে মানসিক স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন বিষয় সামৰি লয়। সেয়েহে ইয়াৰ পৰিসৰ যথেষ্ট ব্যাপক। আনহাতে, মানসিক স্বাস্থ্য মূলতঃ ব্যক্তিৰ মানসিক সুস্থতা আৰু মনোবৈজ্ঞানিক অৱস্থাৰ সৈতে জড়িত হোৱা বাবে ইয়াৰ পৰিসৰ তুলনামূলকভাৱে সীমিত।

(৮) আচৰণৰ ক্ষেত্ৰত প্ৰভেদঃ
মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা কৰাৰ লগতে আচৰণজনিত বিসংগতি চিনাক্ত, প্ৰতিৰোধ আৰু দূৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। আনহাতে, মানসিক স্বাস্থ্যই ব্যক্তিৰ সামগ্ৰিক মনোবৈজ্ঞানিক সুস্থতা, আচৰণ, আৱেগ আৰু চিন্তাৰ ভাৰসাম্যপূৰ্ণ অৱস্থাক বুজায়।

সামৰণিঃ
মুঠতে, মানসিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যবিজ্ঞান ইটোৱে সিটোৰ সৈতে ওতপ্ৰোতভাৱে জড়িত যদিও দুয়োটাৰ মাজত স্পষ্ট পাৰ্থক্য আছে। মানসিক স্বাস্থ্য হৈছে ব্যক্তিৰ সুস্থ আৰু ভাৰসাম্যপূৰ্ণ মানসিক অৱস্থা, আনহাতে মানসিক স্বাস্থ্যবিজ্ঞান হৈছে সেই মানসিক স্বাস্থ্য ৰক্ষা, উন্নতি, প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়ন। সেয়েহে সুস্থ আৰু সুষম ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত দুয়োটাৰে গুৰুত্ব অপৰিসীম।

১২। মানসিক স্বাস্থ্যবিজ্ঞানৰ দিশ তথা কামসমূহ কি কি আলোচনা কৰা।

উত্তৰঃ- মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ মানসিক স্বাস্থ্য সুস্থ-সবল কৰি ৰখা, মানসিক সমস্যাৰ পৰা ৰক্ষা কৰা আৰু সুস্থ ব্যক্তিত্বৰ বিকাশত সহায় কৰা। ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত পৰিয়াল, ঘৰুৱা পৰিৱেশ, শাৰীৰিক স্বাস্থ্য, খাদ্য-পুষ্টি, মৰম-আদৰ আৰু নিৰাপত্তা আদি বিভিন্ন দিশে প্ৰভাৱ পেলায়। মানসিক স্বাস্থ্যবিজ্ঞানৰ দিশ তথা কামসমূহ তলত আলোচনা কৰা হ’ল—

(১) পৰিয়ালৰ মৰম আৰু আদৰ-যত্নঃ
পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদস্যসকলৰ মৰম, আদৰ-যত্ন, নিৰাপত্তা আৰু স্বীকৃতিয়ে ব্যক্তিৰ, বিশেষকৈ শিশুৰ, মানসিক স্বাস্থ্য সুস্থ-সবল কৰি তোলাত বিশেষ ভূমিকা পালন কৰে।

(২) শান্তিপূৰ্ণ ঘৰুৱা পৰিৱেশঃ
সুস্থ আৰু শান্তিপূৰ্ণ ঘৰুৱা পৰিৱেশে শিশুৰ সুস্থ ব্যক্তিত্ব গঠনত সহায় কৰে। এনে পৰিৱেশত শিশুৱে নিজৰ আৱেগ-অনুভূতি নিয়ন্ত্ৰণ কৰিবলৈ শিকে আৰু মানসিকভাৱে সবল হৈ উঠে।

(৩) সুস্থ শৰীৰ আৰু সুস্থ মনঃ
শাৰীৰিক আৰু মানসিক স্বাস্থ্য ইটোৱে সিটোৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। সেয়েহে সুস্থ শৰীৰৰ বাবে উপযুক্ত খাদ্য, পুষ্টি, বস্ত্ৰ, বিশ্ৰাম আৰু অন্যান্য প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে মানসিক সুস্থতাৰ বাবেও উপযুক্ত যত্ন লোৱা প্ৰয়োজন।

(৪) ঘৰুৱা বিশৃংখলতাৰ পৰা সুৰক্ষাঃ
বিশৃংখল, অশান্তিপূৰ্ণ বা অসুৰক্ষিত ঘৰুৱা পৰিৱেশে ব্যক্তিৰ, বিশেষকৈ শিশুৰ, মানসিক বিকাশত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত ভৱিষ্যতে বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেয়েহে সুস্থ মানসিক বিকাশৰ বাবে সুস্থ ঘৰুৱা পৰিৱেশ অতি প্ৰয়োজনীয়।

(৫) মানসিক প্ৰয়োজন পূৰণঃ
শাৰীৰিক স্বাস্থ্যৰ বাবে খাদ্য, বস্ত্ৰ আৰু অন্যান্য মৌলিক প্ৰয়োজন পূৰণ কৰাৰ দৰে মানসিক স্বাস্থ্যৰ বাবেও মৰম, স্নেহ, আদৰ-যত্ন, নিৰাপত্তা, স্বীকৃতি আৰু মানসিক সমৰ্থনৰ প্ৰয়োজন। এই প্ৰয়োজনসমূহ পূৰণে ব্যক্তিৰ মানসিক সুস্থতা বজাই ৰখাত সহায় কৰে।

(৬) চিকিৎসকৰ পৰামৰ্শ গ্ৰহণঃ
শাৰীৰিক বা মানসিক স্বাস্থ্যজনিত কোনো সমস্যা দেখা দিলে সময়মতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। উপযুক্ত চিকিৎসা আৰু পৰামৰ্শৰ জৰিয়তে বহুতো স্বাস্থ্যজনিত সমস্যা প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিব পাৰি।

(৭) সামগ্ৰিক স্বাস্থ্যৰ সংৰক্ষণঃ
মানসিক স্বাস্থ্যবিজ্ঞানে কেৱল মানসিক ৰোগৰ প্ৰতিকাৰৰ ওপৰতেই গুৰুত্ব নিদিয়ে; ই ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিক সুস্থতাৰ মাজত সমন্বয় স্থাপনতো সহায় কৰে। ইয়াৰ জৰিয়তে ব্যক্তিয়ে সুস্থ, শান্তিপূৰ্ণ আৰু ভাৰসাম্যপূৰ্ণ জীৱন-যাপন কৰিব পাৰে।

সামৰণিঃ
মুঠতে, মানসিক স্বাস্থ্যবিজ্ঞানৰ দিশ আৰু কামসমূহ ব্যক্তিৰ সামগ্ৰিক সুস্থতাৰ সৈতে জড়িত। পৰিয়ালৰ মৰম-আদৰ, নিৰাপত্তা, স্বীকৃতি, শান্তিপূৰ্ণ ঘৰুৱা পৰিৱেশ, সুস্থ শাৰীৰিক স্বাস্থ্য আৰু সময়মতে চিকিৎসা গ্ৰহণ আদিয়ে মানসিক স্বাস্থ্য সুস্থ-সবল কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে সুস্থ ব্যক্তিত্ব আৰু ভাৰসাম্যপূৰ্ণ জীৱন গঠনৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয়।

বহলাই লিখা

(ক) শিক্ষক আৰু মানসিক স্বাস্থ্য।

উত্তৰঃ- শৈক্ষিক কাৰ্যসূচীৰ মূল কেন্দ্ৰবিন্দু হৈছে শিক্ষক। সেয়েহে বিদ্যালয়ত শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য গঠনৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এগৰাকী সুস্থ, সুস্থিৰ আৰু সুসামঞ্জস্যপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী শিক্ষকে বিদ্যালয়ৰ সুস্থ পৰিৱেশত শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ সুষম বিকাশ সাধন কৰিব পাৰে।

যিগৰাকী শিক্ষক মানসিক উদ্বিগ্নতা, অস্থিৰতা আৰু দুশ্চিন্তাৰ পৰা মুক্ত হৈ নিজৰ দৈনন্দিন দায়িত্ব আৰু কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰিব পাৰে, তেওঁ শিক্ষাৰ্থীৰ জীৱনত এক ইতিবাচক প্ৰভাৱ পেলাব পাৰে। শিক্ষকে শিক্ষাৰ্থীৰ সৈতে মৰম, সহানুভূতি আৰু বন্ধুত্বপূৰ্ণ আচৰণেৰে ব্যৱহাৰ কৰিলে তেওঁলোকৰ আত্মবিশ্বাস আৰু মানসিক নিৰাপত্তাবোধ বৃদ্ধি পায়।

শিক্ষাৰ্থীক সুস্থ আৰু সুসামঞ্জস্যপূৰ্ণ মানসিক স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ হ’লে শিক্ষকৰ নিজৰ মানসিক স্বাস্থ্যও সুস্থ আৰু শক্তিশালী হোৱাটো নিতান্তই প্ৰয়োজনীয়। সেয়েহে শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে সুস্থ মানসিক স্বাস্থ্য গঠনৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

(খ) মানসিক বিপৰ্যয়ৰ বিভিন্ন প্ৰকাৰ।

উত্তৰঃ- মানসিক বিপৰ্যয় বা মানসিক বিসংগতি বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। এইবোৰে ব্যক্তিৰ চিন্তা, অনুভূতি, আচৰণ আৰু দৈনন্দিন কাৰ্যক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। তলত কিছুমান উল্লেখযোগ্য মানসিক বিপৰ্যয়ৰ প্ৰকাৰ আলোচনা কৰা হ’ল—

(১) চিকিৎসাজনিত হতাশাঃ
কোনো ব্যক্তি দীৰ্ঘ সময় ধৰি হতাশাত ভুগি থাকিলে তেওঁ নিজৰ দৈনন্দিন কাম-কাজৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। ইয়াৰ ফলত কৰ্মক্ষমতা হ্ৰাস পোৱাৰ লগতে পৰৱৰ্তী সময়ত বিভিন্ন মানসিক জটিলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

(২) উৎকণ্ঠাজনিত বিসংগতিঃ
অত্যধিক উদ্বিগ্নতা, ভয়, চিন্তা আৰু দুশ্চিন্তাৰ প্ৰভাৱত ব্যক্তিৰ মানসিক অৱস্থা বিঘ্নিত হ’ব পাৰে। ইয়াৰ ফলত দৈনন্দিন কাম-কাজ আৰু স্বাভাৱিক জীৱন-যাপনত বাধাৰ সৃষ্টি হয় আৰু মানসিক সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়।

(৩) দ্বিপাক্ষিক বিসংগতিঃ
এই বিসংগতিত ব্যক্তিৰ মানসিক অৱস্থা বা মেজাজ সঘনে সলনি হৈ থাকে। কেতিয়াবা অত্যধিক আশা, উৎসাহ বা আনন্দ আৰু কেতিয়াবা গভীৰ নিৰাশা, হতাশা আৰু উদ্বিগ্নতা দেখা দিব পাৰে। এনে ধৰণৰ সঘন মানসিক পৰিৱৰ্তনে ব্যক্তিৰ স্বাভাৱিক জীৱন-যাপন আৰু মানসিক স্থিৰতাত প্ৰভাৱ পেলায়।

(৪) পাহৰণি বা উন্মাদগ্ৰস্ততাঃ
অত্যধিক মানসিক চাপ, বয়সজনিত সমস্যা বা অন্যান্য কাৰণত কেতিয়াবা ব্যক্তিৰ স্মৃতিশক্তি আৰু স্বাভাৱিক মানসিক কাৰ্যক্ষমতা বিঘ্নিত হ’ব পাৰে। ইয়াৰ ফলত পাহৰণিৰ সমস্যা, দৈনন্দিন কাম-কাজত অসুবিধা আৰু সামাজিক জীৱনত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

(৫) মনঃসংযোগৰহিত বিসংগতিঃ
বিভিন্ন মনোদৈহিক আৰু আৰ্থ-সামাজিক কাৰণত কোনো ব্যক্তিৰ মনঃসংযোগৰ ক্ষমতা হ্ৰাস পাব পাৰে। ফলত তেওঁ কোনো কামত মনোযোগ দিব নোৱাৰে আৰু হতাশা, উদ্বিগ্নতা আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে। অধিক মাত্ৰাত এই অৱস্থাই ব্যক্তিৰ স্বাভাৱিক মানসিক কাৰ্যকলাপত বাধাৰ সৃষ্টি কৰিব পাৰে।

(৬) স্কিজোফ্ৰেনিয়াঃ
স্কিজোফ্ৰেনিয়া এক গুৰুতৰ মানসিক বিসংগতি, যাৰ ফলত ব্যক্তিৰ চিন্তা, অনুভূতি, উপলব্ধি আৰু আচৰণত উল্লেখযোগ্য পৰিৱৰ্তন দেখা দিব পাৰে। ব্যক্তিৰ বাস্তৱতাৰ প্ৰতি ধাৰণা বিঘ্নিত হ’ব পাৰে আৰু ভ্ৰান্ত ধাৰণা বা অস্বাভাৱিক অনুভূতিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত ব্যক্তিৰ দৈনন্দিন জীৱন, সামাজিক সম্পৰ্ক আৰু কৰ্মক্ষমতা যথেষ্ট প্ৰভাৱিত হ’ব পাৰে।

সামৰণিঃ
মুঠতে, বিভিন্ন মানসিক বিপৰ্যয়ে ব্যক্তিৰ চিন্তা, অনুভূতি, আচৰণ আৰু দৈনন্দিন জীৱনত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়েহে মানসিক সমস্যাৰ লক্ষণসমূহ সময়মতে চিনাক্ত কৰি উপযুক্ত সহায়, পৰামৰ্শ আৰু চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা অতি প্ৰয়োজনীয়।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ: কৰা।

 ১। সুস্থ মানসিক স্বাস্থ্য বুলিলে কি বুজা? সুস্থ মানসিক স্বাস্থ্যৰ নীতিসমূহ আলোচনা কৰা ।

উত্তৰ:- শৰীৰৰ স্বাস্থ্য থকাৰ দৰে মনৰো স্বাস্থ্য থাকে। দেহৰ বাহ্যিক আৰু অভ্যন্তৰীণ অংগ-প্ৰত্যংগসমূহে যদি স্বাভাৱিকভাৱে কাম নকৰে, তেন্তে শাৰীৰিক স্বাস্থ্য ব্যাহত হয়। একেদৰে ব্যক্তিৰ মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু চিন্তা-ভাবনাসমূহ সুচাৰুৰূপে নচলিলে মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।

ব্যক্তিয়ে জন্মগতভাৱে লাভ কৰা শক্তি-সামৰ্থ্যসমূহ উপযুক্তভাৱে বিকশিত কৰি কোনো অপসংগতি বা অযথা সংঘাতৰ সৃষ্টি নকৰাকৈ সুস্থ, আনন্দময় আৰু কাৰ্যকৰী জীৱন-যাপন কৰিবলৈ সক্ষম হোৱাটোৱেই সুস্থ মানসিক স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ লক্ষণ। সুস্থ মানসিক স্বাস্থ্যই ব্যক্তিক নিজৰ সৈতে আৰু পৰিৱেশৰ সৈতে সুস্থ সমাযোজন কৰাত সহায় কৰে।

যিদৰে শাৰীৰিক স্বাস্থ্য বজাই ৰাখিবলৈ কিছুমান নীতি মানি চলিব লাগে, ঠিক তেনেদৰে মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈও কিছুমান নীতি অনুসৰণ কৰা প্ৰয়োজন। এজন ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰতি সন্তুষ্টি লাভ কৰাৰ লগতে পৰিৱেশৰ সৈতে সুস্থভাৱে সমাযোজন কৰিব পাৰিলেহে সুস্থ মানসিক স্বাস্থ্য উপভোগ কৰিব পাৰে।

সেয়েহে সুস্থ মানসিক স্বাস্থ্যৰ নীতিসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি—

(ক) নিজৰ লগত কৰা সমাযোজনৰ নীতি।
(খ) পৰিৱেশৰ লগত কৰা সমাযোজনৰ নীতি।

এই দুয়োটা নীতিৰ অন্তৰ্গত প্ৰধান দিশসমূহ তলত আলোচনা কৰা হ’ল—

(১) নিজক আৰু আনক বুজি পোৱাঃ
এজন ব্যক্তিয়ে কেৱল নিজকে বুজিলেই নহয়, আন ব্যক্তিকো সঠিকভাৱে বুজিবলৈ চেষ্টা কৰিব লাগে। আনক বুজিব পাৰিলেহে তেওঁলোকৰ শক্তি আৰু সীমাবদ্ধতা, প্ৰয়োজন আৰু কামনা, আগ্ৰহ আৰু মনোভাৱ, পছন্দ আৰু স্বভাৱ অনুসৰি উপযুক্ত আচৰণ প্ৰদৰ্শন কৰিব পাৰি।

(২) আনৰ ব্যক্তিত্বক সন্মান কৰাঃ
প্ৰত্যেক ব্যক্তিৰ নিজস্ব ব্যক্তিসত্তা, জীৱনশৈলী আৰু ব্যক্তিত্বৰ বৈশিষ্ট্য থাকে। আমি যেনেকৈ নিজৰ ব্যক্তিত্ব আৰু সত্তাৰ সন্মান বিচাৰোঁ, ঠিক তেনেদৰে আনৰ ব্যক্তিত্ব আৰু সত্তাকো সন্মান কৰা উচিত। অযথা সংঘাত, উত্তেজনা বা অন্তৰ্দ্বন্দ্বৰ সৃষ্টি নকৰি আনৰ শক্তি আৰু সীমাবদ্ধতা, ভাল আৰু বেয়া অভ্যাস আদি গ্ৰহণ কৰি তেওঁলোকৰ সৈতে সুস্থ সমাযোজন কৰিবলৈ চেষ্টা কৰিব লাগে।

(৩) সামাজিকীকৰণৰ বিকাশঃ
যিসকল ব্যক্তিৰ সামাজিক সম্পৰ্ক স্থাপন, সমাযোজন আৰু অভিযোজনৰ ক্ষমতা অধিক, তেওঁলোকৰ মানসিক স্বাস্থ্য সাধাৰণতে অসামাজিক, অহংকেন্দ্ৰিক আৰু অকলশৰীয়া ব্যক্তিৰ তুলনাত অধিক সুস্থ হয়। সেয়েহে ছাত্ৰ-ছাত্ৰীৰ মাজত সুস্থ মানসিক স্বাস্থ্য বিকাশৰ এক উত্তম উপায় হৈছে সুস্থ সামাজিকীকৰণৰ অভ্যাস গঢ়ি তোলা।

(৪) প্ৰয়োজনসমূহৰ সন্তুষ্টিঃ
মানুহৰ বিভিন্ন জৈৱিক আৰু আৰ্থ-সামাজিক প্ৰয়োজন থাকে। অক্সিজেন, পানী আৰু আহাৰৰ দৰে কিছুমান প্ৰয়োজন জীৱনধাৰণৰ বাবে অতি মৌলিক। ইয়াৰ উপৰি ব্যক্তিৰ মানসিক আৰু সামাজিক বিকাশৰ বাবে মৰম, ভালপোৱা, স্বাধীনতা, স্বীকৃতি, নিৰাপত্তা আদি প্ৰয়োজন। ব্যক্তিৰ মানসিক স্বাস্থ্য বহু পৰিমাণে এই প্ৰয়োজনসমূহৰ উপযুক্ত সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে মানসিকভাৱে সুস্থ ব্যক্তি গঢ়ি তুলিবলৈ তেওঁৰ প্ৰয়োজনসমূহৰ প্ৰতি যথোচিত গুৰুত্ব দিয়া উচিত।

(৫) আৱেগিক শক্তিৰ সঠিক নিয়ন্ত্ৰণ আৰু প্ৰকাশঃ
ব্যক্তিৰ প্ৰগতি আৰু বিকাশৰ ক্ষেত্ৰত আৱেগিক শক্তি এক গুৰুত্বপূৰ্ণ উপাদান। আৱেগৰ স্বাভাৱিক প্ৰকাশত বাধা দিলে বা আৱেগ নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনহাতে, আৱেগক সম্পূৰ্ণৰূপে দমন কৰিলেও ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। সেয়েহে আৱেগক সুস্থভাৱে প্ৰকাশ কৰিবলৈ শিকি সেই আৱেগিক শক্তিক গঠনমূলক কামত ব্যৱহাৰ কৰা উচিত। উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে আৱেগক ইতিবাচক আৰু সৃষ্টিশীল দিশলৈ পৰিচালিত কৰিব পাৰি।

সামৰণিঃ
মুঠতে, সুস্থ মানসিক স্বাস্থ্য হৈছে ব্যক্তিৰ সুস্থ, আনন্দময়, ভাৰসাম্যপূৰ্ণ আৰু কাৰ্যকৰী জীৱন-যাপনৰ এক গুৰুত্বপূৰ্ণ আধাৰ। নিজৰ লগত আৰু পৰিৱেশৰ লগত সুস্থ সমাযোজন, আনৰ ব্যক্তিত্বৰ প্ৰতি সন্মান, সামাজিকীকৰণ, প্ৰয়োজনসমূহৰ উপযুক্ত সন্তুষ্টি আৰু আৱেগৰ সঠিক নিয়ন্ত্ৰণ আদি নীতি মানি চলিলে সুস্থ মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ সহায় হয়। জীৱনৰ প্ৰতি ইতিবাচক মনোভাব গঢ়ি তুলি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ চেষ্টা কৰিলেই এজন ব্যক্তি সুখী আৰু ভাৰসাম্যপূৰ্ণ জীৱন-যাপন কৰিব পাৰে।

২। স্বাস্থ্য আৰু শিক্ষাৰ সম্পৰ্ক আৰু স্বাস্থ্যৰ ওপৰত শিক্ষাৰ প্রভাব ব্যাখ্যা কৰা।

উত্তৰ:- স্বাস্থ্য আৰু শিক্ষাৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছে। শিক্ষা যেনেদৰে ব্যক্তিৰ জ্ঞান, বুদ্ধি আৰু সচেতনতা বৃদ্ধি কৰে, তেনেদৰে সুস্থ স্বাস্থ্যই ব্যক্তিক নিয়মীয়াভাৱে শিক্ষা গ্ৰহণ আৰু দৈনন্দিন কাম-কাজ সম্পাদন কৰিবলৈ সক্ষম কৰি তোলে। সেয়েহে শিক্ষা আৰু স্বাস্থ্য ইটোৱে সিটোৰ পৰিপূৰক।

স্বাস্থ্য আৰু শিক্ষাৰ মাজৰ সম্পৰ্ক বুজিবলৈ ‘National Health Interview Survey’-ৰ তথ্যৰ ওপৰত Cutler and Lleras-Muney-এ কৰা বিশ্লেষণ উল্লেখযোগ্য। তেওঁলোকৰ অধ্যয়নত ২৫ বছৰৰ তলৰ ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, কাৰণ সাধাৰণতে এই বয়সৰ ভিতৰত ব্যক্তিয়ে নিজৰ আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰে।

এই অধ্যয়নত মৃত্যুৰ হাৰ আৰু শিক্ষাগত অৰ্হতাৰ মাজত থকা সম্পৰ্ক পৰ্যবেক্ষণ কৰা হৈছিল। দেখা গৈছিল যে সাক্ষাৎকাৰৰ প্ৰায় পাঁচ বছৰৰ ভিতৰত মৃত্যু হোৱা উচ্চ শিক্ষিত ব্যক্তিৰ হাৰ তুলনামূলকভাৱে কম। ইয়াৰ পৰা শিক্ষাৰ সৈতে সুস্বাস্থ্যৰ এক ইতিবাচক সম্পৰ্ক থকাৰ ইংগিত পোৱা যায়।

অধ্যয়নৰ পৰা এইটোও দেখা গৈছিল যে উচ্চ শিক্ষিত লোকসকলৰ মাজত স্বাস্থ্য সম্পৰ্কে সজাগতা তুলনামূলকভাৱে অধিক। উচ্চ শিক্ষিত লোকসকলৰ মাজত হৃদৰোগৰ প্ৰৱণতা কম হোৱা আৰু ধূমপানৰ হাৰো তুলনামূলকভাৱে কম দেখা যায়। আনহাতে, যুৱসমাজৰ মাজত বেআইনী ড্ৰাগ সেৱনৰ প্ৰৱণতা অধিক হোৱা দেখা গৈছিল। অৱশ্যে উচ্চশিক্ষিত আৰু কমশিক্ষিত লোকৰ মাজত স্বাস্থ্যৰ এনে পাৰ্থক্য কেৱল এটা স্বাস্থ্যজনিত কাৰকৰ দ্বাৰা ব্যাখ্যা কৰিব নোৱাৰি।

Cutler and Lleras-Muney-এ স্বাস্থ্য আৰু শিক্ষাৰ সম্পৰ্কৰ বিষয়ে তিনিটা গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে। সেইবোৰ হ’ল—

(১) বেয়া স্বাস্থ্যই শিক্ষাত বাধা দিয়ে।
বেয়া স্বাস্থ্যৰ অৱস্থাই বিদ্যালয়লৈ যোৱা, নিয়মীয়াকৈ পঢ়া-শুনা কৰা আৰু শৈক্ষিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাত বাধা সৃষ্টি কৰিব পাৰে। অসুস্থতাৰ বাবে বহুতো শিশু নিয়মীয়াকৈ বিদ্যালয়লৈ যাব নোৱাৰে। ফলত তেওঁলোকৰ শিক্ষাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।

(২) পৰিয়ালৰ অৱস্থাই স্বাস্থ্য আৰু শিক্ষাত প্ৰভাৱ পেলায়।
পৰিয়ালৰ আৰ্থ-সামাজিক অৱস্থা, জীৱন-যাপন পদ্ধতি আৰু ঘৰুৱা পৰিৱেশে ব্যক্তিৰ শিক্ষা আৰু স্বাস্থ্য দুয়োটাতে যথেষ্ট প্ৰভাৱ পেলায়। সুবিধাজনক পৰিয়ালিক পৰিৱেশে শিশুৰ শিক্ষাগ্ৰহণ আৰু সুস্বাস্থ্য দুয়োটাৰে বিকাশত সহায় কৰে।

(৩) শিক্ষাই স্বাস্থ্যৰ উন্নতি সাধন কৰে।
এজন ব্যক্তিয়ে শিক্ষা লাভ কৰাৰ লগে লগে তেওঁৰ স্বাস্থ্য সম্পৰ্কীয় জ্ঞান আৰু সচেতনতা বৃদ্ধি পায়। শিক্ষিত ব্যক্তিয়ে স্বাস্থ্যসন্মত জীৱন-যাপন, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টি, ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা আদি বিষয়ে অধিক জ্ঞান লাভ কৰিব পাৰে। ফলত তেওঁ নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হৈ সুস্থ জীৱন-যাপন কৰিবলৈ সক্ষম হয়।

সামৰণিঃ
মুঠতে, স্বাস্থ্য আৰু শিক্ষাৰ মাজত দ্বিমুখী আৰু ঘনিষ্ঠ সম্পৰ্ক আছে। বেয়া স্বাস্থ্যই শিক্ষাগ্ৰহণত বাধা দিয়ে, আনহাতে শিক্ষা লাভে ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় জ্ঞান আৰু সচেতনতা বৃদ্ধি কৰি সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে। লগতে পৰিয়ালৰ আৰ্থ-সামাজিক অৱস্থায়ো স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। সেয়েহে ব্যক্তিৰ সামগ্ৰিক বিকাশৰ বাবে সুস্বাস্থ্য আৰু মানসম্পন্ন শিক্ষা দুয়োটাই সমানে প্ৰয়োজনীয়।

৩। শিক্ষা আৰু মানসিক স্বাস্থ্যৰ সম্বন্ধৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰঃ-শিক্ষা আৰু মানসিক স্বাস্থ্যৰ মাজত এক ঘনিষ্ঠ আৰু পাৰস্পৰিক সম্পৰ্ক আছে। উপযুক্ত শিক্ষাই শিক্ষাৰ্থীৰ সুস্থ মানসিক স্বাস্থ্য গঢ়ি তোলা আৰু সংৰক্ষণ কৰাত বিশেষ ভূমিকা পালন কৰে। শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীক আত্ম-জ্ঞান, আত্ম-স্বীকৃতি, আত্ম-নিয়ন্ত্ৰণ, সমাযোজন, আবেগ নিয়ন্ত্ৰণ আৰু ব্যক্তিত্বৰ সন্তুলিত বিকাশৰ বিষয়ে জ্ঞান প্ৰদান কৰিব পাৰি। সেয়েহে সুস্থ মানসিক স্বাস্থ্যৰ নীতি আৰু মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰা বিভিন্ন উপাদানসমূহ জনা, বুজা আৰু বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পৰাকৈ শিক্ষাৰ্থীক প্ৰস্তুত কৰাটো অতি গুৰুত্বপূৰ্ণ।

শিক্ষাৰ জৰিয়তে সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ নীতিসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। যেনে—

(ক) নিজে নিজৰ লগত সমাযোজন স্থাপনৰ নীতি আৰু
(খ) নিজৰ পৰিৱেশৰ লগত সমাযোজনৰ নীতি।

তলত এই নীতিসমূহ আলোচনা কৰা হ’ল।

(ক) নিজে নিজৰ লগত সমাযোজন স্থাপনৰ নীতি

এই নীতিৰ অন্তৰ্গত প্ৰধান নীতিসমূহ হ’ল—

(১) আত্ম-জ্ঞানৰ নীতি

সুস্থ মানসিক স্বাস্থ্যৰ অন্যতম প্ৰধান নীতি হৈছে আত্ম-জ্ঞান। অৰ্থাৎ ব্যক্তিয়ে নিজকে জনা, নিজৰ সবলতা-দুৰ্বলতা, যোগ্যতা, সামৰ্থ্য আৰু সীমাবদ্ধতাসমূহ বুজি পোৱা। আত্ম-জ্ঞানৰ জৰিয়তে ব্যক্তিয়ে নিজৰ সামৰ্থ্য অনুযায়ী লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে আৰু আন ব্যক্তি তথা পৰিৱেশৰ লগত সুস্থভাৱে সমাযোজন কৰিবলৈ সক্ষম হয়। সেয়েহে উপযুক্ত শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীক নিজকে সম্পূৰ্ণৰূপে চিনি পাবলৈ আৰু নিজৰ বিষয়ে বাস্তৱ জ্ঞান লাভ কৰিবলৈ সহায় কৰিব লাগে।

(২) আত্ম-স্বীকৃতিৰ নীতি

মানসিক স্বাস্থ্যৰ আন এক গুৰুত্বপূৰ্ণ নীতি হৈছে আত্ম-স্বীকৃতি। শিক্ষাৰ্থীয়ে নিজৰ সবলতা, দুৰ্বলতা, যোগ্যতা আৰু সামৰ্থ্যক স্বীকাৰ কৰিব লাগে। আত্ম-স্বীকৃতিয়ে ব্যক্তিক নিজৰ যোগ্যতা আৰু সামৰ্থ্য অনুযায়ী কাম কৰিবলৈ আত্মবিশ্বাস প্ৰদান কৰে। সেয়েহে শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীক নিজৰ সামৰ্থ্যক স্বীকাৰ কৰিবলৈ আৰু সেই অনুযায়ী কাম সম্পাদন কৰিবলৈ উৎসাহিত কৰিব লাগে। আত্ম-স্বীকৃতি লাভ কৰিলে শিক্ষাৰ্থীৰ সুস্থ মানসিক স্বাস্থ্য গঢ়ি উঠে।

(৩) আত্ম-নিৰ্মাণৰ নীতি

এই নীতি অনুসৰি শিক্ষাৰ্থীক নিজৰ ইচ্ছাৰ বিৰুদ্ধে কোনো নিৰ্দিষ্ট জীৱনপথ গ্ৰহণ কৰিবলৈ বাধ্য কৰা উচিত নহয়। বৰঞ্চ উপযুক্ত শিক্ষা, উৎসাহ, নিৰ্দেশনা আৰু পৰামৰ্শৰ জৰিয়তে নিজৰ ভৱিষ্যৎ নিজে নিৰ্ধাৰণ কৰিবলৈ উদ্বুদ্ধ কৰিব লাগে। ইয়াৰ ফলত শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু সুস্থ মানসিক স্বাস্থ্য গঢ় লৈ উঠে।

(৪) স্বাভাৱিকভাৱে নিজকে প্ৰকাশ কৰাৰ নীতি

এই নীতি অনুসৰি এজন ব্যক্তিয়ে নিজৰ প্ৰকৃত ব্যক্তিত্ব আৰু স্বভাৱ অনুযায়ী স্বাভাৱিকভাৱে আচৰণ কৰিব লাগে। কৃত্ৰিমভাৱে আনক অনুকৰণ কৰি নিজৰ ব্যক্তিত্বৰ বৈশিষ্ট্য হেৰুৱাব নালাগে। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীক নিজৰ ব্যক্তিত্বৰ স্বকীয়তা বজাই ৰাখি স্বাভাৱিকভাৱে নিজকে প্ৰকাশ কৰিবলৈ শিকাব আৰু উৎসাহিত কৰিব লাগে। ইয়াৰ ফলত তেওঁলোকৰ সুস্থ আৰু সন্তুলিত মানসিক স্বাস্থ্য গঢ়ি উঠে।

(৫) আত্ম-নিয়ন্ত্ৰণৰ নীতি

সুস্থ মানসিক স্বাস্থ্যৰ বাবে আত্ম-নিয়ন্ত্ৰণ অতি প্ৰয়োজনীয়। ব্যক্তিয়ে নিজৰ চিন্তা, আবেগ, ইচ্ছা আৰু আচৰণ নিজে নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। কেৱল বাহ্যিক নিয়ন্ত্ৰণ বা কঠোৰ অনুশাসনৰ ওপৰত নিৰ্ভৰ কৰিলে শিক্ষাৰ্থীৰ আচৰণত নেতিবাচক প্ৰতিক্ৰিয়া দেখা দিব পাৰে। সেয়েহে শিক্ষাৰ্থীক আত্ম-নিয়ন্ত্ৰিত আৰু দায়িত্বশীল হ’বলৈ শিক্ষা প্ৰদান কৰিব লাগে।

(৬) আত্ম-একীকৰণৰ নীতি

এই নীতি অনুসৰি শিক্ষাৰ্থীক নিজৰ চিন্তা, ইচ্ছা, অনুভূতি আৰু আকাংক্ষাৰ মাজত সামঞ্জস্য স্থাপন কৰিবলৈ উৎসাহিত কৰিব লাগে। তেওঁলোকক অনিশ্চয়তা, নিৰ্ণয়হীনতা আৰু অনৰ্থক চিন্তাৰ দ্বাৰা অধিক প্ৰভাৱিত নহ’বলৈ শিকাব লাগে। নিজৰ বিভিন্ন মানসিক দিশৰ মাজত একতা আৰু সামঞ্জস্য স্থাপন কৰিব পাৰিলে ব্যক্তিৰ মানসিক স্বাস্থ্য সুস্থ থাকে।

(৭) ইচ্ছা-আকাংক্ষাৰ স্তৰ সন্তুলিত কৰাৰ নীতি

শিক্ষাৰ্থী বা ব্যক্তিৰ ইচ্ছা আৰু আকাংক্ষাৰ স্তৰ অত্যধিক বা অতি কম হোৱা উচিত নহয়। বাস্তৱ সামৰ্থ্য আৰু পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি ইচ্ছা-আকাংক্ষা গঢ়ি তুলিব লাগে। সেয়েহে শিক্ষা, নিৰ্দেশনা আৰু পৰামৰ্শদানৰ জৰিয়তে শিক্ষাৰ্থীক নিজৰ ইচ্ছা-আকাংক্ষাৰ স্তৰ সন্তুলিত কৰি ৰাখিবলৈ শিকাব লাগে।

(৮) বিকাশৰ দিশ সন্তুলিত কৰাৰ নীতি

এই নীতি অনুসৰি শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ সৰ্বাংগীণ আৰু সন্তুলিত বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আবেগিক, নান্দনিক আৰু নৈতিক বিকাশ সাধন কৰিব লাগে। এইদৰে সৰ্বাংগীণ বিকাশে শিক্ষাৰ্থীৰ সুস্থ মানসিক স্বাস্থ্য গঢ়ি তোলাত সহায় কৰে।

(খ) নিজৰ পৰিৱেশৰ লগত সমাযোজনৰ নীতি

সুস্থ মানসিক স্বাস্থ্যৰ বাবে ব্যক্তিয়ে কেৱল নিজৰ লগতেই নহয়, নিজৰ চৌপাশৰ পৰিৱেশৰ সৈতেও সুস্থ সমাযোজন স্থাপন কৰিব লাগিব। এই নীতিৰ অন্তৰ্গত প্ৰধান দিশসমূহ হ’ল—

(১) ধনাত্মক দৃষ্টিভংগীৰ নীতি

জীৱনৰ প্ৰতি ধনাত্মক বা যোগাত্মক দৃষ্টিভংগীয়ে ব্যক্তিৰ মানসিক স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পেলায়। এনে দৃষ্টিভংগীয়ে ব্যক্তিক জীৱনৰ বাস্তৱ সমস্যাসমূহ সাহস, উৎসাহ আৰু আত্মবিশ্বাসেৰে মোকাবিলা কৰাত সহায় কৰে। সেয়েহে শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীক বাস্তৱ পৰিৱেশৰ লগত খাপ খাব পৰাকৈ ধনাত্মক দৃষ্টিভংগী গঢ়ি তুলিবলৈ শিক্ষা দিব লাগে।

(২) সক্ৰিয় দৃষ্টিভংগীৰ নীতি

সুস্থ মানসিক স্বাস্থ্য আৰু সম্পূৰ্ণ সমাযোজনৰ বাবে ব্যক্তিয়ে সক্ৰিয় হৈ থাকিব লাগে। বিভিন্ন উপযোগী কাম-কাজত অংশগ্ৰহণে ব্যক্তিৰ আবেগিক আৰু সামাজিক সন্তুষ্টি বৃদ্ধি কৰে। সেয়েহে শিক্ষাৰ্থীক বিভিন্ন শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু সৃষ্টিশীল কাৰ্যত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে। ইয়াৰ ফলত তেওঁলোক আত্মনিৰ্ভৰশীল আৰু সক্ৰিয় হৈ উঠিব পাৰে।

মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান দিশ তথা কামসমূহ

শিক্ষা আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্কৰ লগতে মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান কামসমূহো তলত উল্লেখ কৰিব পাৰি—

(১) নিৰ্ণয়াত্মক দিশ

সমাজ আৰু পৰিৱেশৰ লগত স্বাভাৱিকভাৱে সমাযোজন কৰিব নোৱাৰাৰ ফলত কিছুমান ব্যক্তিৰ অপসমাযোজনমূলক আচৰণ দেখা দিব পাৰে। এনে আচৰণৰ প্ৰকৃত কাৰণ, মানসিক সমস্যাৰ প্ৰকাৰ আৰু তাৰ উৎস নিৰ্ণয় কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ কাম। উদাহৰণস্বৰূপে, কৈশোৰকালত কিছুমান ল’ৰা-ছোৱালীৰ মাজত অপৰাধমূলক বা অসামাজিক প্ৰৱণতা দেখা দিব পাৰে। এনে আচৰণৰ অন্তৰ্নিহিত কাৰণ নিৰ্ণয় কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।

(২) প্ৰতিষেধাত্মক বা প্ৰতিৰোধমূলক দিশ

যিসকল ব্যক্তিৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হোৱাৰ সম্ভাৱনা থাকে, তেওঁলোকৰ সমস্যা আগতীয়াকৈ চিনাক্ত কৰি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্যতম প্ৰধান কাম। ব্যক্তিৰ আচৰণ, সমস্যা আৰু বিশেষ বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

মানসিক স্বাস্থ্য বিপন্ন হোৱাৰ আগতেই ইয়াৰ সম্ভাব্য কাৰণসমূহ চিনাক্ত কৰি প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা উচিত। ফ্ৰয়ডৰ মনোবিশ্লেষণাত্মক মত অনুসৰি, ব্যক্তিৰ কিছুমান আবেগ, অনুভূতি আৰু কামনা-বাসনা অত্যধিকভাৱে দমন কৰি ৰাখিলে মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেয়েহে শিশুৰ ইচ্ছা, অনুভূতি আৰু কামনা-বাসনাক সুস্থ আৰু গ্ৰহণযোগ্য পথেৰে প্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰিলে মানসিক অশান্তি প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

(৩) সংৰক্ষণাত্মক বা সংৰক্ষণমূলক দিশ

মানসিকভাৱে অসুস্থ ব্যক্তি সুস্থ হৈ উঠাৰ পিছত যাতে পুনৰ একে সমস্যাত নপৰে, তাৰ বাবে উপযুক্ত সংৰক্ষণমূলক ব্যৱস্থা গ্ৰহণ কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ আন এক গুৰুত্বপূৰ্ণ কাম।

শিশুৰ স্বাভাৱিক মানসিক বিকাশৰ বাবে সুস্থ আৰু স্বাভাৱিক পৰিৱেশ অতি প্ৰয়োজনীয়। অস্বাভাৱিক বা প্ৰতিকূল পৰিৱেশে শিশুৰ আচৰণ আৰু মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত শিশুৰ মাজত অসামাজিকতা, উচ্ছৃংখলতা, অমনোযোগিতা আদি সমস্যা দেখা দিব পাৰে।

সেয়েহে ঘৰ, বিদ্যালয়, খেলপথাৰ, বয়স্কসকলৰ মনোভাৱ আৰু আচৰণ, শ্ৰেণীকোঠাৰ সংগঠন, শিকন পদ্ধতি আৰু শিক্ষক-শিক্ষাৰ্থীৰ সম্পৰ্ক আদি পৰিৱেশৰ বিভিন্ন দিশ যাতে শিশুৰ মানসিক বিকাশৰ বাবে অনুকূল হয়, তাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।

(৪) আৰোগ্যকাৰী বা প্ৰতিকাৰমূলক দিশ

যিসকল ব্যক্তিৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হৈছে বা মানসিক সমস্যাত আক্ৰান্ত হৈছে, তেওঁলোকৰ মানসিক স্বাস্থ্যক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে উপযুক্ত প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্যতম প্ৰধান কাম।

ইয়াৰ বাবে ব্যক্তিক উপযুক্ত দিহা-পৰামৰ্শ, কাউন্সেলিং আৰু প্ৰয়োজন অনুসৰি চিকিৎসা সেৱা প্ৰদান কৰিব লাগে। লগতে ব্যক্তিয়ে যাতে নিজৰ সমস্যাসমূহ বুজি পায় আৰু সুস্থভাৱে মোকাবিলা কৰিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণো প্ৰদান কৰিব লাগে।

সামৰণিঃ

সামগ্ৰিকভাৱে ক’ব পাৰি যে শিক্ষা আৰু মানসিক স্বাস্থ্যৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছে। উপযুক্ত শিক্ষাই শিক্ষাৰ্থীৰ আত্ম-জ্ঞান, আত্ম-স্বীকৃতি, আত্ম-নিয়ন্ত্ৰণ, ধনাত্মক দৃষ্টিভংগী আৰু সমাযোজন ক্ষমতা বৃদ্ধি কৰে। একে সময়তে মানসিক স্বাস্থ্যবিজ্ঞানৰ নিৰ্ণয়াত্মক, প্ৰতিৰোধমূলক, সংৰক্ষণমূলক আৰু প্ৰতিকাৰমূলক ব্যৱস্থাই ব্যক্তিৰ সুস্থ মানসিক জীৱন গঢ়ি তোলাত সহায় কৰে। সেয়েহে শিক্ষাৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য হ’ল সুস্থ, সন্তুলিত আৰু সুসমাযোজিত ব্যক্তিত্ব গঢ়ি তোলা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
🎓 My Class

My Subjects