Chapter 3
“ব্যৱস্থাপনা (Management)”
অতি চমু প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: নিয়ন্ত্ৰণ কাৰ্যই কিহৰ মূল্যায়ন কৰে?
উত্তৰ: প্ৰকৃত কাৰ্য সম্পাদন (Actual performance) আৰু পূৰ্বনিৰ্ধাৰিত মানদণ্ডৰ (Standard performance) মাজৰ পাৰ্থক্য বা ব্যৱধান।
প্ৰশ্ন ২: বৈজ্ঞানিক ব্যৱস্থাপনাৰ (Scientific Management) প্ৰৱৰ্তক কোন?
উত্তৰ: এফ. ডব্লিউ. টেইলৰ (F. W. Taylor)।
প্ৰশ্ন ৩: সংগঠন (Organizing) প্ৰক্ৰিয়াৰ মূল ফলাফল কি?
উত্তৰ: প্ৰতিষ্ঠানখনত দায়িত্ব, অধিকাৰ আৰু সম্পৰ্কৰ এক স্পষ্ট গাঁথনি (Organizational Structure) গঢ়ি তোলা।
প্ৰশ্ন ৪: সমন্বয় সাধানক (Coordinating) ব্যৱস্থাপনৰ কি বুলি কোৱা হয়?
উত্তৰ: ব্যৱস্থাপনাৰ সাৰমৰ্ম (Essence of Management)।
প্ৰশ্ন ৫: উৎপাদন ব্যৱস্থাপনাৰ (Production Management) মূল উদ্দেশ্য কি?
উত্তৰ: কম খৰচত আৰু সঠিক সময়ত গুণগত মানসম্পন্ন সামগ্ৰী নিৰ্মাণ কৰা।
প্ৰশ্ন ৬: আধুনিক ব্যৱস্থাপনাৰ পিতৃ (Father of Modern Management) বুলি কাক জনা যায়?
উত্তৰ: হেনৰী ফেয়ল (Henri Fayol)।
প্ৰশ্ন ৭: কৰ্মী নিযুক্তি (Staffing) ৰ পৰিসৰত কি অন্তৰ্ভুক্ত হয়?
উত্তৰ: প্ৰতিষ্ঠানত প্ৰয়োজনীয় সঠিক পদত সঠিক ব্যক্তিক নিযুক্তি দিয়া।
প্ৰশ্ন ৮: ‘আদেশৰ ঐক্য’ (Unity of Command) নীতিৰ মূল কথা কি?
উত্তৰ: এজন কৰ্মচাৰীয়ে কেৱল এজন মাত্ৰ উৰ্ধতন বিষয়াৰ পৰাহে নিৰ্দেশ লাভ কৰিব লাগে।
প্ৰশ্ন ৯: বজাৰজাতকৰণ মিশ্ৰণৰ (Marketing Mix) ‘4 Ps’ কি কি?
উত্তৰ: Product (পণ্য), Price (মূল্য), Place (স্থান/বিতৰণ), আৰু Promotion (প্ৰচাৰ)।
প্ৰশ্ন ১০: নিয়ন্ত্ৰণ (Controlling) প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপটো কি?
উত্তৰ: কাৰ্য সম্পাদনৰ মানদণ্ড বা লক্ষ্য নিৰ্ধাৰণ কৰা (Setting performance standards)।
প্ৰশ্ন ১১: মানৱ সম্পদ ব্যৱস্থাপনাৰ (HRM) এটা মুখ্য কাৰ্য উল্লেখ কৰা।
উত্তৰ: প্ৰতিষ্ঠানৰ বাবে যোগ্য কৰ্মী নিযুক্তি আৰু তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
প্ৰশ্ন ১২: ব্যৱস্থাপনা (Management) ৰ সৰল সংজ্ঞা কি?
উত্তৰ: প্ৰতিষ্ঠান এটাৰ লক্ষ্য নিৰ্ধাৰিত সময়ত আৰু দক্ষতাৰে লাভ কৰিবলৈ মানুহ আৰু অন্যান্য সমলসমূহ ব্যৱহাৰ কৰি কাম সংগ্ৰহ আৰু সম্পাদন কৰোৱা কাৰ্যকে ব্যৱস্থাপনা বোলে।
প্ৰশ্ন ১৩: বিত্তীয় ব্যৱস্থাপনাৰ (Financial Management) প্ৰধান লক্ষ্য কি?
উত্তৰ: শ্বেয়াৰহোল্ডাৰসকলৰ সম্পদ বা মূল্য সৰ্বাধিক কৰা (Wealth Maximization)।
প্ৰশ্ন ১৪: নিৰ্দেশনা (Directing) ৰ এটা মূল উপাদান কি?
উত্তৰ: নেতৃত্ব (Leadership) বা প্ৰেৰণা (Motivation)।
প্ৰশ্ন ১৫: ব্যৱস্থাপনাৰ প্ৰথম আৰু প্ৰধান কাৰ্য কি?
উত্তৰ: পৰিকল্পনা (Planning)।
২. চমু প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: ব্যৱস্থাপনা ‘বিজ্ঞান’ নে ‘কলা’? সংক্ষেপে বুজাই লিখা।
উত্তৰ: ব্যৱস্থাপনা বিজ্ঞান আৰু কলা দুয়োটাৰে সমন্বয়। ইয়াৰ কিছুমান সু-নিৰ্ধাৰিত নীতি আৰু পদ্ধতি থকাৰ বাবে ই বিজ্ঞান। আকৌ, এই নীতিসমূহ বাস্তৱত প্ৰয়োগ কৰিবলৈ ব্যৱস্থাপকৰ দক্ষতা, অভিজ্ঞতা আৰু সৃষ্টিশীলতাৰ প্ৰয়োজন হোৱা বাবে ই কলাও।
প্ৰশ্ন ২: ‘কাৰ্য বিভাজন’ (Division of Work) নীতিটোৱে কাৰ্যদক্ষতা কেনেকৈ বৃদ্ধি কৰে?
উত্তৰ: কাৰ্য বিভাজনৰ দ্বাৰা এটা ডাঙৰ কামক কেইবাটাও সৰু কামত ভাগ কৰি উপযুক্ত কৰ্মচাৰীক দিয়া হয়। ফলত কৰ্মচাৰীৰ বিশেষীকৰণ বৃদ্ধি পায়, সময় ৰাহি হয় আৰু কাম অধিক দ্ৰুত আৰু নিখুঁতভাৱে সম্পন্ন হয়।
প্ৰশ্ন ৩: উৎপাদন ব্যৱস্থাপনা (Production Management) ৰ গুৰুত্ব কি?
উত্তৰ: উৎপাদন ব্যৱস্থাপনাই কেঁচামাল, শ্ৰমিক আৰু যন্ত্ৰপাতিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে উৎপাদন কাৰ্য সুচাৰুৰূপে চলায়। ই উৎপাদন ব্যয় কমোৱা, গুণগত মান বজাই ৰখা আৰু সময়মতে সামগ্ৰী যোগান ধৰাত সহায় কৰে।
প্ৰশ্ন ৪: বিত্তীয় ব্যৱস্থাপনাৰ (Financial Management) তিনিটা মূল সিদ্ধান্ত কি কি?
উত্তৰ: বিত্তীয় ব্যৱস্থাপনাৰ প্ৰধান তিনিটা সিদ্ধান্ত হ’ল—
(১) বিনিয়োগ সিদ্ধান্ত (Investment Decision),
(২) বিত্তযোগান সিদ্ধান্ত (Financing Decision), আৰু
(৩) লভ্যাংশ সিদ্ধান্ত (Dividend Decision)।
প্ৰশ্ন ৫: মানৱ সম্পদ ব্যৱস্থাপনা (HRM) ৰ মুখ্য কাৰ্যাৱলী কি কি?
উত্তৰ: HRM ৰ মুখ্য কাৰ্যসমূহ হ’ল— কৰ্মী পৰিকল্পনা, কৰ্মী সংগ্ৰহ আৰু নিৰ্বাচন, প্ৰশিক্ষণ আৰু বিকাশ, কাৰ্য সম্পাদনৰ মূল্যায়ন, পাৰিশ্ৰমিক প্ৰদান আৰু কৰ্মচাৰীসকলক প্ৰেৰণা যোগোৱা।
প্ৰশ্ন ৬: বজাৰজাতকৰণ ব্যৱস্থাপনা (Marketing Management) ৰ মূল লক্ষ্য কি?
উত্তৰ: বজাৰজাতকৰণ ব্যৱস্থাপনাৰ মূল লক্ষ্য হ’ল গ্ৰাহকৰ প্ৰয়োজন আৰু পছন্দ বুজি উপযুক্ত সামগ্ৰী প্ৰদান কৰা। লগতে প্ৰচাৰ আৰু বিতৰণৰ জৰিয়তে গ্ৰাহকৰ সন্তুষ্টি লাভ কৰি প্ৰতিষ্ঠানৰ লাভ বৃদ্ধি কৰা।
প্ৰশ্ন ৭: পৰিকল্পনাক (Planning) ‘ভৱিষ্যমুখী কাৰ্য’ বুলি কিয় কোৱা হয়?
উত্তৰ: পৰিকল্পনাত ভৱিষ্যতে কি কাম কৰা হ’ব, কোনে কৰিব আৰু কেনেদৰে কৰিব সেই বিষয়ে আগতীয়াকৈ সিদ্ধান্ত লোৱা হয়। ই ভৱিষ্যতৰ সম্ভাৱ্য পৰিস্থিতিৰ কথা বিবেচনা কৰি কামৰ দিশ নিৰ্ধাৰণ কৰে। সেয়েহে পৰিকল্পনা ভৱিষ্যমুখী কাৰ্য।
প্ৰশ্ন ৮: সংগঠন (Organizing) কাৰ্যৰ দুটা প্ৰধান সুবিধা লিখা।
উত্তৰ:
১. কাম আৰু দায়িত্ব কৰ্মচাৰীসকলৰ মাজত স্পষ্টভাৱে ভাগ কৰি দিয়ে।
২. অধিকাৰ আৰু দায়িত্বৰ সু-ব্যৱস্থা হোৱাৰ ফলত কাম পৰিচালনা আৰু নিয়ন্ত্ৰণ সহজ হয়।
প্ৰশ্ন ৯: কৰ্মী নিযুক্তি (Staffing) প্ৰক্ৰিয়া ব্যৱসায়ৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
উত্তৰ: Staffing ৰ জৰিয়তে প্ৰতিষ্ঠানৰ বাবে যোগ্য আৰু উপযুক্ত কৰ্মচাৰী নিৰ্বাচন কৰা হয়। সঠিক ব্যক্তিক সঠিক কামত নিযুক্ত কৰিলে কামৰ দক্ষতা বৃদ্ধি পায় আৰু প্ৰতিষ্ঠানৰ লক্ষ্য সফলভাৱে পূৰণ কৰাত সহায় হয়।
প্ৰশ্ন ১০: নিৰ্দেশনা (Directing) কাৰ্যত কি কি উপাদান সামৰি লোৱা হয়?
উত্তৰ: নিৰ্দেশনা কাৰ্যৰ চাৰিটা প্ৰধান উপাদান হ’ল— (১) তত্ত্বাৱধান (Supervision), (২) প্ৰেৰণা (Motivation), (৩) নেতৃত্ব (Leadership), আৰু (৪) যোগাযোগ (Communication)। এইবোৰৰ সহায়ত কৰ্মচাৰীসকলক সঠিক দিশ-নিৰ্দেশনা দিয়া হয়।
প্ৰশ্ন ১১: সমন্বয় সাধানক (Coordinating) ‘ব্যৱস্থাপনাৰ সাৰমৰ্ম’ বুলি কিয় কোৱা হয়?
উত্তৰ: সমন্বয় সাধনে প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগ আৰু কৰ্মচাৰীৰ কামৰ মাজত সামঞ্জস্য স্থাপন কৰে। ই সকলোকে একেটা লক্ষ্যৰ দিশে আগবঢ়াই নিয়ে আৰু ব্যৱস্থাপনাৰ সকলো কাৰ্যৰ সৈতে জড়িত হৈ থাকে। সেইবাবে ইয়াক ব্যৱস্থাপনাৰ সাৰমৰ্ম বুলি কোৱা হয়।
প্ৰশ্ন ১২: নিয়ন্ত্ৰণ কাৰ্য আৰু পৰিকল্পনাৰ মাজত সম্পৰ্ক কি?
উত্তৰ: পৰিকল্পনাই লক্ষ্য আৰু মানদণ্ড নিৰ্ধাৰণ কৰে, আনহাতে নিয়ন্ত্ৰণে প্ৰকৃত কাৰ্য সেই মানদণ্ড অনুসৰি হৈছে নে নাই পৰীক্ষা কৰে। সেয়েহে দুয়োটা কাৰ্য পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল আৰু ঘনিষ্ঠভাৱে জড়িত।
প্ৰশ্ন ১৩: ‘অধিকাৰ অৰ্পণ’ (Delegation of Authority) মানে কি?
উত্তৰ: উৰ্ধতন বিষয়াই নিজৰ কামৰ কিছু অংশ অধীনস্থ কৰ্মচাৰীক সম্পাদন কৰিবলৈ দিয়া আৰু সেই কাম সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় অধিকাৰ প্ৰদান কৰা প্ৰক্ৰিয়াকে অধিকাৰ অৰ্পণ বোলে।
প্ৰশ্ন ১৪: ‘কেন্দ্ৰীকৰণ’ (Centralization) আৰু ‘বিকেন্দ্ৰীকৰণ’ (Decentralization) ৰ পাৰ্থক্য কি?
উত্তৰ: সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ মূলতঃ উচ্চ পৰ্যায়ৰ ব্যৱস্থাপকৰ হাতত কেন্দ্ৰীভূত হৈ থাকিলে কেন্দ্ৰীকৰণ বোলে। আনহাতে, সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী বা ব্যৱস্থাপকৰ মাজত ভাগ কৰি দিলে বিকেন্দ্ৰীকৰণ বোলে।
প্ৰশ্ন ১৫: আনুষ্ঠানিক সংগঠন (Formal Organization) আৰু অনানুষ্ঠানিক সংগঠনৰ (Informal Organization) পাৰ্থক্য কি?
উত্তৰ: আনুষ্ঠানিক সংগঠন প্ৰতিষ্ঠানৰ নিয়ম, নীতি আৰু কৰ্তৃপক্ষৰ দ্বাৰা পৰিকল্পিতভাৱে গঠন কৰা হয়। আনহাতে, অনানুষ্ঠানিক সংগঠন কৰ্মচাৰীসকলৰ ব্যক্তিগত সম্পৰ্ক, বন্ধুত্ব আৰু সামাজিক যোগাযোগৰ ফলত স্বাভাৱিকভাৱে গঢ় লৈ উঠে।
৩. দীঘল প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: হেনৰী ফেয়লৰ (Henri Fayol) ব্যৱস্থাপনাৰ ১৪ টা নীতিৰ ভিতৰত যিকোনো ৫ টা প্ৰধান নীতি বহলাই আলোচনা কৰা।
উত্তৰ: হেনৰী ফেয়লে ব্যৱস্থাপনাক সুসংগঠিতভাৱে পৰিচালনা কৰিবলৈ ১৪টা নীতি আগবঢ়াইছিল। ইয়াৰে যিকোনো ৫টা গুৰুত্বপূৰ্ণ নীতি হ’ল—
১. কাৰ্য বিভাজন (Division of Work): কামক সৰু সৰু অংশত ভাগ কৰি কৰ্মচাৰীৰ যোগ্যতা অনুসৰি দিয়া হয়। ইয়াৰ ফলত বিশেষীকৰণ বৃদ্ধি পায় আৰু কাম অধিক দক্ষতাৰে সম্পন্ন হয়।
২. আদেশৰ ঐক্য (Unity of Command): প্ৰতিজন কৰ্মচাৰীয়ে এজন উৰ্ধতন বিষয়াৰ পৰাহে আদেশ গ্ৰহণ কৰিব লাগে। ইয়াৰ ফলত আদেশৰ ক্ষেত্ৰত বিভ্ৰান্তি নাথাকে।
৩. নিৰ্দেশনাৰ ঐক্য (Unity of Direction): একে লক্ষ্যৰ কামসমূহ একে পৰিকল্পনা আৰু একেজন নেতাৰ অধীনত পৰিচালিত হ’ব লাগে। ইয়াৰ ফলত কামত একতা থাকে।
৪. সাধাৰণ স্বাৰ্থৰ অগ্ৰাধিকাৰ: ব্যক্তিগত স্বাৰ্থতকৈ প্ৰতিষ্ঠানৰ সামগ্ৰিক স্বাৰ্থক অধিক গুৰুত্ব দিব লাগে। ইয়াৰ ফলত প্ৰতিষ্ঠানৰ লক্ষ্য সফলভাৱে পূৰণ হয়।
৫. সমতা বা ন্যায়পৰায়ণতা (Equity): ব্যৱস্থাপকে সকলো কৰ্মচাৰীৰ সৈতে ন্যায়সংগত আৰু ভদ্ৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ফলত কৰ্মচাৰীৰ বিশ্বাস আৰু উৎসাহ বৃদ্ধি পায়।
প্ৰশ্ন ২: ব্যৱস্থাপনাৰ মূল কাৰ্যাৱলীসমূহ চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: প্ৰতিষ্ঠানৰ লক্ষ্য পূৰণৰ বাবে ব্যৱস্থাপনাই বিভিন্ন কাৰ্য সম্পাদন কৰে। ইয়াৰ মূল কাৰ্যাৱলীসমূহ হ’ল—
১. উৎপাদন ব্যৱস্থাপনা (Production Management): কেঁচামাল, শ্ৰমিক আৰু যন্ত্ৰপাতিৰ সহায়ত গুণগত সামগ্ৰী উৎপাদনৰ ব্যৱস্থা কৰে।
২. বিত্তীয় ব্যৱস্থাপনা (Financial Management): প্ৰয়োজনীয় পুঁজি সংগ্ৰহ, উপযুক্ত বিনিয়োগ আৰু বিত্তীয় সম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰে।
৩. মানৱ সম্পদ ব্যৱস্থাপনা (HRM): উপযুক্ত কৰ্মচাৰী নিয়োগ, প্ৰশিক্ষণ, বিকাশ আৰু কৰ্মচাৰীৰ কল্যাণৰ ব্যৱস্থা কৰে।
৪. বজাৰজাতকৰণ ব্যৱস্থাপনা (Marketing Management): গ্ৰাহকৰ চাহিদা অনুসৰি সামগ্ৰী, মূল্য, প্ৰচাৰ আৰু বিতৰণৰ ব্যৱস্থা কৰি বিক্ৰী বৃদ্ধি কৰে।
প্ৰশ্ন ৩: ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ প্ৰধান পৰ্যায়সমূহ ক্ৰমান্বয়ে বৰ্ণনা কৰা।
উত্তৰ: ব্যৱস্থাপনা এটা অবিৰত প্ৰক্ৰিয়া। ইয়াৰ প্ৰধান পৰ্যায়সমূহ ক্ৰমে—
১. পৰিকল্পনা (Planning): প্ৰতিষ্ঠানৰ লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্য কেনেকৈ লাভ কৰিব তাৰ আগতীয়া সিদ্ধান্ত লোৱা হয়।
২. সংগঠন (Organizing): কাম, দায়িত্ব আৰু অধিকাৰ কৰ্মচাৰীসকলৰ মাজত উপযুক্তভাৱে ভাগ কৰি সংগঠনৰ গাঁথনি প্ৰস্তুত কৰা হয়।
৩. কৰ্মী নিযুক্তি (Staffing): বিভিন্ন পদৰ বাবে যোগ্য ব্যক্তিক সংগ্ৰহ, নিৰ্বাচন আৰু নিযুক্ত কৰা হয়।
৪. নিৰ্দেশনা (Directing): কৰ্মচাৰীসকলক নেতৃত্ব, প্ৰেৰণা, তত্ত্বাৱধান আৰু যোগাযোগৰ জৰিয়তে কাম কৰিবলৈ দিশ-নিৰ্দেশনা দিয়া হয়।
৫. নিয়ন্ত্ৰণ (Controlling): প্ৰকৃত কাৰ্য সম্পাদনক নিৰ্ধাৰিত মানদণ্ডৰ সৈতে তুলনা কৰি প্ৰয়োজন অনুসৰি সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হয়।
প্ৰশ্ন ৪: ‘সমন্বয় সাধানক ব্যৱস্থাপনাৰ সাৰমৰ্ম বুলি কোৱা হয়’ — ব্যাখ্যা কৰা।
উত্তৰ: সমন্বয় সাধন ব্যৱস্থাপনাৰ এক গুৰুত্বপূৰ্ণ অংশ। ই প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগ, কৰ্মচাৰী আৰু কাৰ্যকলাপৰ মাজত সামঞ্জস্য স্থাপন কৰি সকলোকে একে লক্ষ্যৰ দিশে আগবঢ়াই নিয়ে। সেইবাবে সমন্বয়ক ব্যৱস্থাপনাৰ সাৰমৰ্ম বুলি কোৱা হয়।
১. পৰিকল্পনাত: বিভিন্ন বিভাগৰ পৰিকল্পনাৰ মাজত সামঞ্জস্য স্থাপন কৰে।
২. সংগঠনত: কাম, দায়িত্ব আৰু অধিকাৰৰ মাজত সমন্বয় ৰাখে।
৩. কৰ্মী নিযুক্তিত: কৰ্মচাৰীৰ যোগ্যতা আৰু কামৰ প্ৰয়োজনীয়তাৰ মাজত মিল ঘটায়।
৪. নিৰ্দেশনাত: নেতা আৰু কৰ্মচাৰীৰ কাৰ্যকলাপক একেটা লক্ষ্যৰ সৈতে সংযুক্ত কৰে।
৫. নিয়ন্ত্ৰণত: নিৰ্ধাৰিত মানদণ্ড আৰু প্ৰকৃত ফলাফলৰ মাজত সামঞ্জস্য স্থাপন কৰাত সহায় কৰে।
সেয়েহে, সমন্বয় অবিহনে বিভিন্ন বিভাগৰ মাজত সংঘাত আৰু বিশৃংখলা সৃষ্টি হ’ব পাৰে আৰু প্ৰতিষ্ঠানৰ লক্ষ্য লাভ কৰাটো কঠিন হৈ পৰে।
প্ৰশ্ন ৫: পৰিকল্পনা (Planning) আৰু নিয়ন্ত্ৰণৰ (Controlling) মাজত থকা সম্পৰ্ক আৰু পাৰ্থক্য বহলাই আলোচনা কৰা।
উত্তৰ: পৰিকল্পনা আৰু নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ দুটা অতি গুৰুত্বপূৰ্ণ কাৰ্য। দুয়োটাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে।
পৰস্পৰৰ মাজত সম্পৰ্ক:
১. পৰিকল্পনাৰ ওপৰত নিয়ন্ত্ৰণ নিৰ্ভৰশীল: পৰিকল্পনাই লক্ষ্য আৰু মানদণ্ড নিৰ্ধাৰণ কৰে। নিয়ন্ত্ৰণে সেই মানদণ্ডৰ ভিত্তিত প্ৰকৃত কাৰ্যৰ মূল্যায়ন কৰে।
২. নিয়ন্ত্ৰণে পৰিকল্পনাক সফল কৰে: নিয়ন্ত্ৰণৰ দ্বাৰা বিচ্যুতি বা ভুল ধৰা পৰে আৰু প্ৰয়োজনীয় সংশোধনী ব্যৱস্থা ল’ব পাৰি।
৩. দুয়োটা পৰস্পৰৰ পৰিপূৰক: পৰিকল্পনা আৰু নিয়ন্ত্ৰণ একেলগে কাম কৰিলে প্ৰতিষ্ঠানৰ লক্ষ্য অধিক ফলপ্ৰসূভাৱে লাভ কৰিব পাৰি।
পাৰ্থক্য:
- পৰিকল্পনা: ই ব্যৱস্থাপনাৰ আৰম্ভণিৰ কাৰ্য আৰু ভৱিষ্যতৰ কামৰ বিষয়ে সিদ্ধান্ত লয়।
- নিয়ন্ত্ৰণ: ই কাৰ্য সম্পাদনৰ মূল্যায়ন কৰি বিচ্যুতি থাকিলে সংশোধনী ব্যৱস্থা গ্ৰহণ কৰে।
- পৰিকল্পনাৰ মূল উদ্দেশ্য: লক্ষ্য আৰু কাৰ্যপদ্ধতি নিৰ্ধাৰণ কৰা।
- নিয়ন্ত্ৰণৰ মূল উদ্দেশ্য: প্ৰকৃত ফলাফল নিৰ্ধাৰিত মানদণ্ডৰ সৈতে তুলনা কৰা।
সামৰণিত, পৰিকল্পনাই কামৰ দিশ নিৰ্ধাৰণ কৰে আৰু নিয়ন্ত্ৰণে সেই কাম সঠিক দিশত চলিছে নে নাই
নিশ্চিত কৰে।
*****
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post