প্রশ্ন: বিজ্ঞান মানে কি?
উত্তৰ : প্ৰাকৃতিক ঘটনাৱলী আৰু সেইবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সমন্ধে পৰীক্ষা আৰু পৰ্যবেক্ষণৰ মাধ্যমেৰে পোৱা সুশৃংখল জ্ঞানকেই বিজ্ঞান বুলি কোৱা হয়।
প্রশ্ন: সৌৰ জগত বুলিলে আমি কি বুজিব পাৰোঁ?
উত্তৰ : সূৰ্যৰ লগত পোনপটীয়াকৈ সম্পর্ক থকা গ্রহ-উপগ্রহ আৰু নানা জ্যোতিষ্কক লৈয়েই যিখন সৌৰ সংসাৰ গঢ়ি উঠিছে তাৰ নামেই সৌৰজগত। সৌৰজগত মহাবিশ্বৰ এটা অংশ।।
প্রশ্ন: সূর্য কি?
উত্তৰ: হাতীপতি বা মিল্কিওৱে নামৰ আমাৰ অতি ওচৰত থকা জ্যোতিস্ক মণ্ডলীটোৰ এমূৰে থকা এটা মধ্যম আকাৰৰ নক্ষত্র।
প্রশ্ন: নক্ষত্র বুলিলে আমি কি বুজো?
উত্তৰ: মহাশূন্যত অৱস্থিত নিজা পোহৰেৰে উজ্জ্বলি থকা এটা জ্যোতিষ্ক। ইহঁতৰ চেহেৰা অতি বিশাল।’
প্রশ্ন: কোনটো লক্ষ-কোটি নক্ষত্ৰৰ এক বিশাল সমষ্টি?
উত্তৰ : তাৰকা ৰাজ্য।
প্রশ্ন: সূৰ্যৰ ব্যাস কিমান?
উত্তৰ: ৮ লাখ ৬৬ হাজাৰ মাইল।
প্রশ্ন: এক পাৰছেকত কিমান আলোকবর্ষ?
উত্তৰ : ৩.২৬ আলোকবর্ষ।
প্রশ্ন: ব্রহ্মাণ্ডত থকা তৰাৰ সংখ্যা কিমান?
উত্তৰ : প্ৰায় ১০২২
প্রশ্ন: এতিয়ালৈকে আৱিষ্কাৰ হোৱা সূৰ্যৰ গ্ৰহৰ সংখ্যা কিমান আৰু সেইবোৰ কি কি?
উত্তৰ : গ্ৰহ ৯ টা। বুধ, শুক্র, বৃহস্পতি, মংগল, শনি, পৃথিৱী, ইউৰেনাছ, নেপচুন আৰু প্লুটো।
প্রশ্ন : পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান?
উত্তৰ : ১৪ কোটি ৯৭ লাখ ৩০ হাজাৰ কিলোমিটাৰ।
প্রশ্ন : পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান?
উত্তৰ : ৩ লাখ ৮২ হাজাৰ কিলোমিটাৰ।
প্রশ্ন: সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময়ৰ প্রয়োজন হয়?
উত্তৰ : ৮ মিনিট ২০ চেকেণ্ড।
প্রশ্ন : পৃথিৱীৰ তুলনাত সূৰ্য কিমান ডাঙৰ?
উত্তৰ: তেৰ লাখ গুণ ডাঙৰ।
প্রশ্ন: সূর্য পৃষ্ঠৰ উষ্ণতা কিমান?
উত্তৰ : ৬০০০° ছেলছিয়াছ।
প্রশ্ন : সূৰ্যৰ শক্তিৰ উৎস কি বাৰু?
উত্তৰ : নিউক্লীয় সংযোজন।
প্রশ্ন: সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ : বুধ।
প্রশ্ন: সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ : শনি।
প্রশ্ন: সৌৰজগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি?
উত্তৰ : বৃহস্পতি।
প্রশ্ন: পূবৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহটোৰ নাম কি?
উত্তৰ: ইউৰেনাছ।
প্রশ্ন: আমাৰ কোনটো গ্রহক পুঁৱতি তৰা বা সন্ধা তৰা বুলি কোৱা হয়?
উত্তৰ: শুক্র গ্রহক।
প্রশ্ন: উপগ্রহ বুলিলে আমি কি বুজো?
উত্তৰ: সূৰ্যৰ চাৰিওফালে যেনেকৈ গ্রহবোৰ ঘূৰে তেনেকৈ গ্ৰহৰ চাৰিওফালে যিবোৰ বস্তু পিণ্ড ঘূৰি থাকে সেইবোৰকে উপগ্রহ বোলে।
প্রশ্ন: কোন গ্ৰহৰ কিমান উপগ্রহ আছে?
উত্তৰ : পৃথিৱীৰ ১টা চন্দ্ৰ, মংগলৰ দুটা, বৃহস্পতিৰ ১৪টা, প্লুটোৰ ১টা, বুধ আৰু শুক্ৰৰ কোনো উপগ্রহ নাই।
প্রশ্ন: আমি বাস কৰা পৃথিৱীখনৰ বয়স কিমান?
উত্তৰ: প্রায় ৮০০ কোটি বছৰ।
প্রশ্ন: কোনটো গ্ৰহৰ উপগ্ৰহ নাই?
উত্তৰ : বুধ গ্ৰহৰ।
প্রশ্ন: সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কোন গ্রহক আটাইতকৈ বেছি সময় লাগে?
উত্তৰ: প্লুটোৰ। ২৪৭.৭ বছৰ লাগে।
প্রশ্ন: পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ চন্দ্ৰক কিমান সময় লাগে?
উত্তৰ: ২৭.৩ দিন।
প্রশ্ন: সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি?
উত্তৰ : গেনিমেড।
প্রশ্ন: আমি দেখি থকা ধ্রুব তৰা বা Pale Star ব বৈজ্ঞানিক নাম কি?
উত্তৰ : আলফা আৰচি মাইনৰিছ।
প্রশ্ন: এতিয়ালৈকে আৱিষ্কৃত ব্ৰহ্মাণ্ডৰ সকলোতকৈ ডাঙৰ তৰাটোৰ নাম কি?
উত্তৰ : এপছাইলন অৰিগি। ইয়াৰ ব্যাস সূর্যতকৈ ৩০০০ গুণ বেছি।
প্রশ্ন: আমি দেখি থকা চন্দ্ৰটোৰ ব্যাস কিমান?
উত্তৰ : ২১৬২ মাইল।
প্রশ্ন: চন্দ্ৰৰ ওপৰভাগ সমতলনে?
উত্তৰ : নহয়। চন্দ্ৰৰ ওপৰ ভাগ ওখ-চাপৰ, সৰু-ডাঙৰ,
প্রশ্ন: এণ্ডোমিতা বুলিলে আমি কি বুজো?
উত্তৰ : এটা নিহাৰিকাৰ নাম। এই জলন্ত বাষ্পপিণ্ডৰ ওজন সূর্যতকৈ তিনি হাজাৰ গুণ বেছি।
প্রশ্ন: আমি বাস কৰা পৃথিৱীখনৰ ব্যাস আৰু আয়তন কিমান?
উত্তৰ: পৃথিৱীৰ ব্যাস ৭৯৭২ মাইল আৰু আয়তন ১৯৬৫৫০ মাইল।
প্রশ্ন: চন্দ্ৰত জীৱ আছেনে? যদি আছে কেনে ধৰণৰ জীৰ?
উত্তৰ: চন্দ্ৰত কোনো ধৰণৰ জীৱ নাই। ইয়াত বতাহ নাই, আবহাওৱা নাই। ৰ’দ পৰা ঠাইত প্ৰচুৰ গৰম, ৰ’দ নপৰা ঠাইত প্রচণ্ড চেঁচা। গতিকে তাত জীর থকাটো সম্ভৱ নহয়।
প্রশ্ন: পৃথিৱীৰ গতিবেগ কিমান?
উত্তৰ: চেকেণ্ডত ১৮৫ মাইল।
প্রশ্ন: ধুমকেতু কি?
উত্তৰ : গ্রহবোৰৰ দৰে সূৰ্যক প্রদক্ষিণ কৰা এবিধ জ্যোতিষ্ক। ধুমকেতুৱে সূৰ্যৰ ওচৰ চাপিলে সূৰ্যৰ তাপত গেছৰ আয়তন বঢ়াৰ বাবে দুমুখীয়া নেজৰ সৃষ্টি কৰে। এফালে মূৰ, এফালে নেজ। নেজ সদায় সূৰ্যৰ ওলোটা ফালে থাকে।
প্রশ্ন: হেলীৰ ধুমকেতু শেহতীয়াকৈ কিমান চনত দেখা গৈছিল?
উত্তৰ: ইংৰাজী ১৯৮৬ চনত।
প্রশ্ন: পৃথিৱীৰ আটাইতকৈ নিকটবর্তী গ্ৰহটোৰ নাম কি?
উত্তৰ : শুক্র।
প্রশ্ন: নক্ষত্ৰৰ সমষ্টিৰ সজ্জাটোক কি বুলি কোৱা হয়?
উত্তৰ: নক্ষত্র পুঞ্জ।
প্রশ্ন: কোনটো গ্রহ ভূ-গ্রহ নহয়?
উত্তৰ : বৃহস্পতি।
প্রশ্ন: কোনটো গ্রহ জভিয়ান গ্রহ নহয়?
উত্তৰ: মংগল গ্রহ।
প্রশ্ন: সৌৰ জগতৰ উজ্জ্বলতম নক্ষত্ৰটোৰ নাম কি?
উত্তৰ : চিৰিয়াছ।
প্রশ্ন: বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি সম্বন্ধীয় মহাবিস্ফোৰণ বাদ নামৰ তত্ত্বটো আগবঢ়োৱা বিজ্ঞানীজনৰ নাম কি?
উত্তৰ: হাবল।
প্রশ্ন: মহাকাশৰ ক্ষুদ্রতম নক্ষত্ৰটোৰ নাম কি?
উত্তৰ: ক্ৰাক্চ এষ্ট্র’লিছ।
প্রশ্ন: মহাকাশৰ ৰঙা গ্রহ কোনটো?
উত্তৰ: মঙ্গলগ্রহ।
প্রশ্ন: গ্ৰহৰ গতিসূত্ৰবোৰ কোনে উত্থাপন কৰিছিল?
উত্তৰ: কেপ্লাবে।
প্রশ্ন: “নেবুলাৰ প্ৰকল্প” নামেৰে আমাৰ সৌৰ জগতৰ উৎপত্তি ব্যাখ্যা কৰিবলৈ আগবঢ়োৱা তত্ত্বটো কোনে উত্থাপন কৰিছিল?
উত্তৰ: লেপ্লেছে।
প্রশ্ন: বেছি ভাগ ধুমকেতু কিহেৰে গঠিত?
উত্তৰ: শীতল পানী, কার্বন ডাই-অক্সাইড আৰু মিথেনেৰে।
প্রশ্ন: সৌৰ জগতত সূৰ্যৰ ভৰৰ শতাংশ কিমান?
উত্তৰ: প্রায় ৯৯.৮৬।
প্রশ্ন: কোন গৰাকী বিজ্ঞানীয়ে জ্যোতি বিজ্ঞান সম্বন্ধীয় পর্যবেক্ষণত পোন প্রথমে দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল?
উত্তৰ: গেলিলিঅ’।
প্রশ্ন: টাইটান, ফব’ছ, আলফা চেণ্টাউৰি আৰু গেনিমেডৰ ভিতৰত কোনটো নক্ষত্র?
উত্তৰ: আলফা চেণ্টাউৰি ।
প্রশ্ন’: স্বচক্ষে পর্যবেক্ষণ কৰাৰ আগতে পূর্বানুমান কৰা গ্ৰহটোৰ নাম কি?
উত্তৰ : ইউৰেনাছ।
প্রশ্ন: উল্কাক সাধাৰণতে কি বুলি কোৱা হয়?
উত্তৰ: শুটিং ষ্টাৰ।
প্রশ্ন: নেপচুন গ্রহটো কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: গেলিলিঅ’বে।
প্রশ্ন: ইউৰেনাছ গ্ৰহটোৰ আৱিষ্কাৰক কোন?
উত্তৰ: হাৰ্টকেল।
প্রশ্ন: আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক কি বোলা হয়?
উত্তৰ: ফট ‘ছফিয়েৰ।
প্রশ্ন: আজি পর্যন্ত চিনাক্ত কৰা নক্ষত্ৰ পুঞ্জৰ সংখ্যা কিমান?
উত্তৰ: ৮৮টা।
প্রশ্ন: কোন মাহৰ কোন তাৰিখে সূৰ্য্য আৰু পৃথিবীৰ মাজৰ দূৰত্ব সৰ্বাধিক হয়?
উত্তৰ : ৩ জুলাই।
প্রশ্ন: কোনটো গ্রহ আৰু পৃথিৱীক যমজ বুলি কোৱা হয়?
উত্তৰ: শুক্র গ্রহ।
প্রশ্ন: টাউৰাছ, সপ্তর্ষিমণ্ডল, অৰিঅ’ন আৰু চিৰিয়াছৰ কোনটো নক্ষত্রপুঞ্জ নহয়?
উত্তৰ : চিৰিয়াছ।
প্রশ্ন: মহাজাগতিক এককত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান?
উত্তৰ : ১ এ ইউ।
প্রশ্ন: কোনবোৰ গ্ৰহৰ চাৰিওফালে আঙুঠি থাকে?
উত্তৰ : বৃহস্পতি, শনি আৰু ইউৰেনাছৰ।
প্রশ্ন: পানীত ওপঙাৰ সম্ভাৱনা কোন গ্ৰহৰ আছে?
উত্তৰ : শনি গ্ৰহৰ।
প্রশ্ন: আটাইতকৈ বেগী গ্রহ কোনটো?
উত্তৰ : বুধগ্রহ।
প্রশ্ন: সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্রহ কোনটো?
উত্তৰ : শুক্রগ্রহ।
প্রশ্ন: কিমান চনত প্লুটো গ্রহটো আবিষ্কাৰ কৰা হৈছিল?
উত্তৰ: ১৯৩০ চনত।
প্রশ্ন: কোনজন জ্যোতি বিজ্ঞানীয়ে নেপচুন গ্রহটো আৱিষ্কাৰ কৰিছিল।
উত্তৰ: জোচেফ চেভাৰিয়াৰ।
প্রশ্ন: আটাইতকৈ বিখ্যাত ধূমকেতু কোনটো?
উত্তৰ : হেলীৰ ধুমকেতু।
প্রশ্ন: চুপাৰ ন’ভা কি?
উত্তৰ : এটা পপীয়া তৰা।
প্রশ্ন : পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্রথম ব্যক্তিজন কোন আছিল?
উত্তৰ : ইৰাট’স্থেনিছ।
প্রশ্ন: সূৰ্যৰ ভৰ কিমান?
উত্তৰ : প্ৰায় ২০১০০০ কিঃগ্রাঃ।
প্রশ্ন: পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে দ্রুতি প্রতি মিনিটত কিমান বাৰু?
উত্তৰ : ১৫০০ কিঃমিঃ।
প্রশ্ন: আমাৰ পৃথিৱীৰ ওজন কিমান?
উত্তৰ: ৬×১০২৪ কিঃগ্রাঃ।
প্রশ্ন: সূর্য পৃষ্ঠত দাগ দেখা প্রথমজন বিজ্ঞানী কোন আছিল?
উত্তৰ: গেলিলিঅ’।
প্রশ্ন: “লাইফ অন মাৰ্চ” নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন আছিল?
উত্তৰ: ডঃ থিয়ড’ৰ ৰ’জবাৰি।
প্রশ্ন: পৃথিৱীৰ প্ৰদক্ষিণ কার্য কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : কপাৰনিকাছে।
প্রশ্ন: এনে এটি গ্রহ আছে যি নিজৰ অক্ষত পৰিভ্ৰমণ কৰোঁতে প্রায় পৃথিৱীৰ সমান সময় লয়। গ্ৰহটোৰ নাম কি?
উত্তৰ: মঙ্গল গ্রহ।
প্রশ্ন: শনিগ্রহৰ আঙঠিবোৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : গেলিলিঅ’ৱে (১৬১০)।
প্রশ্ন : পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান?
উত্তৰ : ১৫০×১০০ কিঃ মিঃ।
প্রশ্ন: আমাৰ হাতীপটি তাৰকা ৰাজ্যখন কোন শ্ৰেণীৰ তাৰকা ৰাজ্য?
উত্তৰ : সর্পিল তাৰকাৰাজ্য।
প্রশ্ন: ধ্ৰুৱ তৰা কোন নক্ষত্রপুঞ্জত অৱস্থিত?
উত্তৰ: কালপুৰুষ মণ্ডলত।
প্রশ্ন: সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰোঁতে কোনটো গ্রহক আটাইতকৈ কম সময় লাগে?
উত্তৰ : বুধগ্রহক।
প্রশ্ন: কোনটো উপগ্ৰহৰ নাম “চি অৱ ট্রেকুইলিটি” ৰখা হৈছে?
উত্তৰ : চন্দ্ৰৰ।
প্রশ্ন: সূৰ্যটো সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত বুলি কোনে পোন প্রথমে দেখুৱাইছিল?
উত্তৰ : কপাৰ্নিকাছে।
প্রশ্ন: ন’ভাকি?
উত্তৰ: তাৰকাৰাজ্য।
প্রশ্ন: সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ কোনটো?
উত্তৰ : বৃহস্পতি।
প্রশ্ন : খালী চকুৰে দেখিবলৈ পোৱা আটাইতকৈ দূৰৰ
বস্তু পিণ্ডটো কি বাৰু?
উত্তৰ : এন্ড্র ‘মিডা তাৰকাৰাজ্য।
প্রশ্ন: কোনজন বিজ্ঞানীক জ্যোতিবিজ্ঞানৰ পিতৃ বুলি জনা যায়?
উত্তৰ: কপাৰনিকাছ।
প্রশ্ন: ধ্রুব নক্ষত্রটো কোন নক্ষত্রপুঞ্জত আছে?
উত্তৰ: লঘু সপ্তর্ষিমণ্ডল।
প্রশ্ন: ধূমকেতুৰ নেজডাল সদায় কোন দিশে থাকে?
উত্তৰ : সূৰ্যৰ বিপৰীতমুৱাকৈ থাকে।
প্রশ্ন: নক্ষত্ৰ এটাৰ বৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ: ইয়াৰ পৃষ্ঠ ভাগৰ উষ্ণতাৰ ওপৰত।
প্রশ্ন: মেৰু-নক্ষত্ৰৰ ভাৰতীয় নাম কি বাৰু?
উত্তৰ: মৰিষী।
প্রশ্ন: পৃথিৱীৰ পৰা প্রক্সিমা চেষ্টাউৰি নামৰ নক্ষত্ৰটোৰ দূৰত্ব কিমান?
উত্তৰ : প্ৰায় ৪.৩ আলোকবর্ষ।
প্রশ্ন: ১৯৯৮ চনৰ ১৮ নৱেম্বৰ তাৰিখে কি নামৰ ধূমকেতুৰ পৰা প্ৰচণ্ডভাবে উল্কাপাত হৈছিল?
উত্তৰ: টেম্প’ল চাট’ল।
প্রশ্ন: ওপঙা বস্তু (floating bodies) সূত্র কোনে আৱিষ্কাৰ কৰিছিল।
উত্তৰ : আর্কিমিডিছ।
প্রশ্ন: বেৰ’মিটাৰ (Barometer) কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: টৰিছেলি।
প্রশ্ন: বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: থমাছ এডিছন।
প্রশ্ন: ৰেফ্ৰিজাৰেটৰ (Refrigerator) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: জে. ছেৰিশ্বন।
প্রশ্ন: চেলফোন (Cell-phone)ৰ উদ্ভাৱক কোন আছিল?.
উত্তৰ: চাৰ্লছ ক্ৰছ।
প্রশ্ন: বৈদ্যুতিক পাংখা কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ : এছ. হুইলাৰ।
প্রশ্ন: বৈদ্যুতিক মটৰ কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ : নিক’লা টেছলা।
প্রশ্ন: ফটোগ্রাফি (Photography – আলোকচিত্র গ্রহণ) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: জে. নিপছে।
প্রশ্ন: প্ৰেচাৰ বুকাৰ (Pressure Cooker) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: ডেনিছ পেপিন।
প্রশ্ন: পেৰাচুট (Parachut) কোনে উদ্ভাবন কৰিছিল?
উত্তৰ : এফ ব্লানকার্ড।
প্রশ্ন: দোলক ঘড়ী (Pendulum Clock) পোন প্রথমে কোনে নির্মাণ কৰিছিল?
উত্তৰ: চি. হাইজেন।
প্রশ্ন: জেট ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ : এফ হুইটল।
প্রশ্ন: পানী যে এবিধ যৌগ আৰু ই যে মৌল নহয়, সেইটো কোনে পোন প্রথমে আবিষ্কাৰ কৰিছিল?
উত্তৰ : এইছ, কেভিণ্ডিজ।
প্রশ্ন: দুটাকৈ ন’বেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানীজন’ কোন আছিল?
উত্তৰ : মেদাম কুৰী।
প্রশ্ন: অজ’ন (ozone) কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : চি. স্ক’নবেইন।
প্রশ্ন: জল গতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰ: টৰেছেলি।
প্রশ্ন: নিউটনে কোন চনত তেওঁৰ গতিসূত্র তিনিটা আৰু মাধ্যকৰ্ষণৰ তত্ত্বটো প্রতিষ্ঠা কৰিছিল?
উত্তৰ: ১৬৮৭ চনত।
প্রশ্ন: অতি বেগুনীয়া ৰশ্মি কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ: জে. ডব্লিউ. ৰিটাৰ।
প্রশ্ন: নিউক্লীয় পদার্থ বিজ্ঞানৰ পিতৃ স্বৰূপ বুলি কাক কোৱা হয়?
উত্তৰ : ৰাডাৰ ফৰ্ড।
প্রশ্ন: জুই নুমুৱা যন্ত্র কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: ডাঃ গডফ্রে।
প্রশ্ন: কার্বন কাগজ কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: আৰ. বেজউড।
প্রশ্ন: গেছ স্টোভ কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: জেমছ শ্বাপ।
প্রশ্ন: ভিডিঅ’ গেম কোনে উদ্ভাবন কৰিছিল?
উত্তৰ : এন বুশ্বনেল।
প্রশ্ন: পাৰমানৱিক ঘড়ী কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: উইলিয়াম এফ. লিবি।
প্রশ্ন: মিছা কথা ধৰা পেলোৱা যন্ত্র (lie detector) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: জন লাৰ্চেন।
প্রশ্ন: অশ্রু গেছ (tear gas) কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: ডাঃ ভন টেপেন।.
প্রশ্ন: এ.চি. (A.C.) মটৰ কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ : নিক’লা টেছলা।
প্রশ্ন: ট্রেন্সফৰ্মাৰ (Transformer) কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: উইলিয়াম ষ্টেল্লী।
প্রশ্ন: মেচিন গান (machine gun) কোনে উদ্ভাবন কৰিছিল?
উত্তৰ: আৰ. জে. গেটিঙ।
প্রশ্ন: কোনে পোন প্রথমে টাইপৰাইটাৰ (Type writer – মুদ্ৰালেখন যন্ত্র) আৱিষ্কাৰ কৰিছিল?
উত্তৰ : চি. এল. শ্ব’লছ।
প্রশ্ন : বৈদ্যুতিক ইস্ত্রী (Electric iron) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: হেনৰী ডব্লিউ. শ্বিলে।
প্রশ্ন: কোনে প্রথমতে কৃত্রিম ভাবে উৎপন্ন কৰা কাৰ্বনযুক্ত পানী তৈয়াৰ কৰিছিল?
উত্তৰ: জে. প্রিষ্টলী।
প্রশ্ন: ৰবৰ বেণ্ড কোনে প্রথমে নির্মাণ কৰিছিল?
উত্তৰ : ষ্টিফেন পেৰী।
প্রশ্ন: কোকা কোলা (coca cola) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ: ডাঃ জে. এছ. পেম্বাৰটন।
প্রশ্ন: “জাইৰস্ক’প” কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ : জিন ফকাল্ট।
প্রশ্ন: গেছৰ গতি তত্ত্ব কোনে আগবঢ়াইছিল?
উত্তৰ: আৰ. বয়ল।
প্রশ্ন: কোন তাৰিখে ন’বেল বঁটা প্ৰদান কৰা হয়?
উত্তৰ: ১০ ডিচেম্বৰ।
প্রশ্ন: সক আই (Small Pox)ব ছিটা কোনে প্রস্তুত কৰিছিল?
উত্তৰ : এডৱাৰ্ড জেনাৰ।
প্রশ্ন: “অনুজীব বিদ্যা” (Microbiology)ৰ জনক স্বৰূপে কাক জনা যায়?
উত্তৰ : লুই পাস্তৰ।
প্রশ্ন: হোমিঅ’পেথি (Homeopathy) উদ্ভাৱন কৰা জার্মান চিকিৎসক জনৰ নাম কি?
উত্তৰ: হেনিমেন।
প্রশ্ন: মধুমেহ ৰোগ (Diabetes)ৰ চিকিৎসাৰ ইনচুলিনৰ প্ৰয়োজনীয়তা সম্বন্ধে কোনে আৱিষ্কাৰ কৰে?
উত্তৰ: বেন্টিং।
প্রশ্ন: জলাতংক ৰোগৰ (Rabies) বিৰুদ্ধে প্রতিবেষক কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ : লুই পাস্তৰ।
প্রশ্ন: ৰসায়ন বিজ্ঞানত পোন প্রথমে কোনে ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ: জে. এইছ. ভল্টহফ।
প্রশ্ন: পদার্থবিদ্যাত পোন প্রথমে কোনে ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ: ডব্লিউ. কে. ৰঞ্জন।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post
BUY PDF