Might Learn Logo Might Learn Shop Might Learn

ASSEB Class 12 Geography Chapter 12 Question Answer 2026-2027

ভাৰতৰ জনপ্ৰৱজনৰ পৰিক্ৰম

ক. অতি চমু প্ৰশ্নোত্তৰ

১। ভাৰতত সৰ্বাধিক নিট আন্তঃৰাজ্যিক প্ৰব্ৰজন লাভ কৰা ৰাজ্য কোনখন?

A) বিহাৰ
B) দিল্লী
C) মহাৰাষ্ট্ৰ
D) উত্তৰ প্ৰদেশ

উত্তৰঃ C) মহাৰাষ্ট্ৰ।

২। ভাৰতত পুৰুষ প্ৰব্ৰজনৰ মুখ্য কাৰণ কি?

A) শিক্ষা
B) কৰ্মসংস্থান
C) বিবাহ
D) ঘৰ সলনি

উত্তৰঃ B) কৰ্মসংস্থান।

৩। ভাৰতত মহিলা প্ৰব্ৰজনৰ মুখ্য কাৰণ কি?

উত্তৰঃ বিবাহ।

৪। ২০০১ চনৰ তথ্য অনুসৰি কোন নগৰীয় সমষ্টিয়ে সৰ্বাধিক in-migrant লাভ কৰিছিল?

A) মুম্বাই
B) বেংগালুৰু
C) দিল্লী
D) চেন্নাই

উত্তৰঃ A) মুম্বাই।

৫। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত মুঠ আন্তঃৰাষ্ট্ৰীয় অভিবাসীৰ সংখ্যা প্ৰায় কিমান আছিল?

উত্তৰঃ প্ৰায় ৫.১৫ নিযুত।

৬। ভাৰতলৈ সৰ্বাধিক অভিবাসী কোন দেশৰ পৰা আহিছিল?

উত্তৰঃ বাংলাদেশৰ পৰা।

৭। বাংলাদেশৰ পিছত কোন দেশৰ পৰা অধিক অভিবাসী ভাৰতলৈ আহিছিল?

উত্তৰঃ পাকিস্তানৰ পৰা।

৮। আভ্যন্তৰীণ প্ৰব্ৰজন কি?

উত্তৰঃ এখন দেশৰ সীমাৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ বাসস্থান সলনি কৰাকে আভ্যন্তৰীণ প্ৰব্ৰজন বোলে।

৯। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন কি?

উত্তৰঃ এখন দেশৰ সীমা অতিক্ৰম কৰি আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলে।

১০। প্ৰব্ৰজন কিয় মানৱ জীৱনৰ অবিচ্ছেদ্য অংশ?

উত্তৰঃ শিক্ষা, চাকৰি, বিবাহ, বাণিজ্য, পৰিয়াল, নিৰাপত্তা আদি কাৰণত মানুহে জীৱনৰ বিভিন্ন সময়ত বাসস্থান সলনি কৰিবলগীয়া হয়।

১১। ভাৰতৰ পুৰুষ প্ৰব্ৰজনৰ কিমান শতাংশ প্ৰায় কৰ্ম/নিয়োগৰ বাবে হৈছিল?

উত্তৰঃ প্ৰায় ৩৮ শতাংশ।

১২। ভাৰতৰ মহিলা প্ৰব্ৰজনৰ কিমান শতাংশ প্ৰায় বিবাহৰ বাবে হৈছিল?

উত্তৰঃ প্ৰায় ৬৫ শতাংশ।

১৩। ভাৰতৰ মুখ্য বহিৰ্গামী আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ উৎস ৰাজ্য দুটা কি কি?

উত্তৰঃ উত্তৰ প্ৰদেশ আৰু বিহাৰ।

১৪। ১৯৯১–২০০১ সময়ছোৱাত মহাৰাষ্ট্ৰৰ নিট in-migration প্ৰায় কিমান আছিল?

উত্তৰঃ প্ৰায় ২.৩ নিযুত।

১৫। প্ৰব্ৰজনৰ দুটা মুখ্য কাৰক কি কি?

উত্তৰঃ বিকৰ্ষক কাৰক আৰু আকৰ্ষক কাৰক।

১৬। বিকৰ্ষক কাৰক কি?

উত্তৰঃ যিবোৰ অসুবিধাই মানুহক নিজৰ বাসস্থান ত্যাগ কৰিবলৈ বাধ্য কৰে, সেইবোৰক বিকৰ্ষক কাৰক বোলে।

১৭। আকৰ্ষক কাৰক কি?

উত্তৰঃ যিবোৰ সুবিধাই মানুহক নতুন ঠাইলৈ যাবলৈ আকৰ্ষণ কৰে, সেইবোৰক আকৰ্ষক কাৰক বোলে।

১৮। গ্ৰামৰ পৰা নগৰলৈ হোৱা প্ৰব্ৰজনৰ ফলত কি পৰিৱৰ্তন ঘটে?

উত্তৰঃ জনসংখ্যাৰ পুনৰ্বিতৰণ, নগৰীকৰণ আৰু নগৰীয় জনসংখ্যাৰ বৃদ্ধি ঘটে।

খ. পুৰুষ আৰু মহিলা প্ৰব্ৰজনৰ কাৰণ

১। পুৰুষ আৰু মহিলা প্ৰব্ৰজনৰ মুখ্য কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ
ভাৰতত পুৰুষ আৰু মহিলা প্ৰব্ৰজনৰ কাৰণত স্পষ্ট পাৰ্থক্য দেখা যায়।

পুৰুষৰ ক্ষেত্ৰত

  • কৰ্মসংস্থান — প্ৰায় ৩৮%
  • ঘৰ সলনি — প্ৰায় ২৫%
  • অন্যান্য — প্ৰায় ১৬%
  • জন্মৰ পিছত স্থানান্তৰ — প্ৰায় ১০%
  • শিক্ষা — প্ৰায় ৬%
  • বাণিজ্য — প্ৰায় ৩%
  • বিবাহ — প্ৰায় ২%

মহিলাৰ ক্ষেত্ৰত

  • বিবাহ — প্ৰায় ৬৫%
  • ঘৰ সলনি — প্ৰায় ১৯%
  • অন্যান্য — প্ৰায় ৭%
  • জন্মৰ পিছত স্থানান্তৰ — প্ৰায় ৫%
  • কৰ্মসংস্থান — প্ৰায় ৩%
  • শিক্ষা — প্ৰায় ১%

সেয়েহে ভাৰতত পুৰুষ প্ৰব্ৰজনত কৰ্মসংস্থান আৰু মহিলা প্ৰব্ৰজনত বিবাহ মুখ্য কাৰণ।

গ. ভাৰতৰ পৰা বিদেশলৈ প্ৰব্ৰজন

১। ভাৰতৰ পৰা অন্য দেশলৈ প্ৰব্ৰজনৰ মুখ্য কাৰণসমূহ লিখা।

উত্তৰঃ
ভাৰতৰ পৰা বিদেশলৈ প্ৰব্ৰজনৰ ইতিহাস অতি পুৰণি।

প্ৰাচীন যুগত বাণিজ্য, ধৰ্মপ্ৰচাৰ আৰু সাংস্কৃতিক সম্পৰ্কৰ বাবে দক্ষিণ-পূব এচিয়া আৰু শ্ৰীলংকাৰ সৈতে ভাৰতীয়সকলৰ চলাচল হৈছিল।

ঔপনিবেশিক যুগত ব্রিটিছ, ফৰাচী আৰু অন্য ইউৰোপীয় শক্তিসকলে ভাৰতীয় শ্রমিকক চাহ, কুঁহিয়াৰ আৰু অন্য ৰোপণ কৃষিত কাম কৰিবলৈ বিদেশলৈ লৈ গৈছিল।

পিছৰ সময়ত মধ্যপ্ৰাচ্যৰ তেল উৎপাদক দেশ, দক্ষিণ-পূব এচিয়া আৰু আফ্ৰিকালৈ অর্ধদক্ষ আৰু দক্ষ শ্রমিকৰ প্ৰব্ৰজন বৃদ্ধি পায়।

আধুনিক সময়ত চিকিৎসক, অভিযন্তা, বিজ্ঞানী, তথ্য-প্ৰযুক্তিবিদ, ব্যৱস্থাপক আৰু বিত্তীয় বিশেষজ্ঞসকল অধিক আয়, উন্নত চাকৰি আৰু জীৱনমানৰ বাবে বিদেশলৈ যায়।

ঘ. ভাৰতৰ পৰা হোৱা প্ৰব্ৰজনৰ তৃতীয় তৰংগ

১। ভাৰতৰ পৰা হোৱা প্ৰব্ৰজনৰ তৃতীয় তৰংগ কি?

উত্তৰঃ
বিশেষকৈ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়া, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ বিভিন্ন দেশলৈ দক্ষ আৰু অর্ধদক্ষ কৰ্মীৰ বৃহৎ প্ৰব্ৰজন আৰম্ভ হয়।

থাইলেণ্ড, মালয়েছিয়া, ছিংগাপুৰ, ব্রুনেই আৰু মধ্যপ্ৰাচ্যৰ তেল উৎপাদক দেশসমূহলৈ খনি, উদ্যোগ, নিৰ্মাণ, বাণিজ্য, পৰিবহণ আৰু সেৱাখণ্ডত কাম কৰিবলৈ বহু ভাৰতীয় যায়।

এই প্ৰব্ৰজনৰ মুখ্য উদ্দেশ্য আছিল নিজ দেশৰ তুলনাত অধিক আয় আৰু উন্নত কৰ্মসংস্থাপন লাভ কৰা।

ঙ. ভাৰতৰ প্ৰব্ৰজনৰ আঞ্চলিক প্ৰতিৰূপ

১। ভাৰতৰ প্ৰব্ৰজনৰ আঞ্চলিক প্ৰতিৰূপ আলোচনা কৰা।

উত্তৰঃ
ভাৰতত প্ৰব্ৰজনৰ আঞ্চলিক প্ৰতিৰূপ অসম।

উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দৰে ৰাজ্যৰ পৰা বৃহৎ সংখ্যক লোক মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট আৰু হাৰিয়ানাৰ দৰে অধিক উদ্যোগিক আৰু নগৰায়িত অঞ্চললৈ প্ৰব্ৰজন কৰে।

১৯৯১–২০০১ দশকত মহাৰাষ্ট্ৰই প্ৰায় ২.৩ নিযুত নিট in-migrant লাভ কৰি প্ৰথম স্থান দখল কৰিছিল। ইয়াৰ পিছত দিল্লী, গুজৰাট আৰু হাৰিয়ানা আছিল।

আনহাতে উত্তৰ প্ৰদেশৰ নিট out-migration প্ৰায় ২.৬ নিযুত আৰু বিহাৰৰ প্ৰায় ১.৭ নিযুত আছিল।

নগৰীয় সমষ্টিসমূহৰ ভিতৰত Greater Mumbai-এ সৰ্বাধিক in-migrant লাভ কৰিছিল।

চ. ভাৰতত প্ৰব্ৰজনৰ সাধাৰণ প্ৰতিৰূপ

১। ভাৰতত প্ৰব্ৰজনৰ সাধাৰণ প্ৰতিৰূপৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ
ভাৰতত প্ৰব্ৰজনৰ চাৰিটা মুখ্য ধাৰা দেখা যায়—

  1. গ্ৰামৰ পৰা গ্ৰামলৈ
  2. গ্ৰামৰ পৰা নগৰলৈ
  3. নগৰৰ পৰা নগৰলৈ
  4. নগৰৰ পৰা গ্ৰামলৈ

ইয়াৰ ভিতৰত বিবাহৰ ফলত হোৱা গ্ৰামৰ পৰা গ্ৰামলৈ মহিলা প্ৰব্ৰজনৰ সংখ্যা যথেষ্ট বেছি।

কৰ্মসংস্থানৰ বাবে গ্ৰামৰ পৰা নগৰলৈ পুৰুষ প্ৰব্ৰজন বিশেষ উল্লেখযোগ্য।

উন্নত উদ্যোগ, শিক্ষা, চিকিৎসা আৰু উচ্চ আয়ৰ সুযোগ থকা মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট, হাৰিয়ানা আদি অঞ্চল অধিক আকৰ্ষক গন্তব্য।

বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ পৰা অধিক লোক বহিৰ্গমন কৰে।

ছ. প্ৰব্ৰজনৰ আকৰ্ষক আৰু বিকৰ্ষক কাৰক

১। ভাৰতত প্ৰব্ৰজনৰ আকৰ্ষক আৰু বিকৰ্ষক কাৰকসমূহ বিশ্লেষণ কৰা।

উত্তৰঃ
প্ৰব্ৰজনৰ কাৰকসমূহ মূলত দুটা ভাগত বিভক্ত—বিকৰ্ষক আৰু আকৰ্ষক।

বিকৰ্ষক কাৰক

  • দৰিদ্ৰতা
  • নিবনুৱা
  • কৃষিভূমিৰ অভাৱ
  • কম মজুৰি
  • শিক্ষা আৰু চিকিৎসাৰ অভাৱ
  • সামাজিক বৈষম্য
  • খৰাং
  • বানপানী
  • নদী খহনীয়া
  • ঘূৰ্ণীবতাহ
  • ৰাজনৈতিক অস্থিৰতা

আকৰ্ষক কাৰক

  • উন্নত চাকৰি
  • অধিক মজুৰি
  • উচ্চ শিক্ষা
  • উন্নত চিকিৎসা
  • উন্নত পৰিবহণ
  • নগৰীয় সুবিধা
  • উন্নত বাসস্থান
  • বাণিজ্যিক সুযোগ
  • সামাজিক সুৰক্ষা

গ্ৰামাঞ্চলৰ বিকৰ্ষক কাৰক আৰু নগৰৰ আকৰ্ষক কাৰকে মিলি গ্ৰাম-নগৰ প্ৰব্ৰজন বৃদ্ধি কৰে।

জ. প্ৰব্ৰজনৰ অৰ্থনৈতিক পৰিণতি

১। প্ৰব্ৰজনৰ অৰ্থনৈতিক পৰিণতি আলোচনা কৰা।

উত্তৰঃ
প্ৰব্ৰজনৰ অৰ্থনৈতিক প্ৰভাৱ উৎস আৰু গন্তব্য দুয়ো অঞ্চলতে দেখা যায়।

প্ৰব্ৰজনকাৰীসকলে উপাৰ্জনৰ এটা অংশ নিজ গৃহ অঞ্চললৈ পঠায়। ইয়াক remittance বোলে। ইয়াৰ ফলত পৰিয়ালৰ আয় বৃদ্ধি, শিক্ষা, স্বাস্থ্য, বাসস্থান আৰু সঞ্চয় উন্নত হয়।

বিদেশত থকা ভাৰতীয়সকলে পঠোৱা বৈদেশিক মুদ্ৰাই ভাৰতৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আনহাতে, উৎস অঞ্চলৰ কৰ্মক্ষম আৰু দক্ষ লোক অধিক হাৰত ওলাই গ’লে শ্রমিকৰ অভাৱ বা brain drain হ’ব পাৰে।

গন্তব্য অঞ্চলত প্ৰব্ৰজনকাৰীয়ে শ্রমৰ যোগান, উৎপাদন আৰু বাণিজ্য বৃদ্ধি কৰে; কিন্তু অত্যধিক প্ৰব্ৰজনে চাকৰি, বাসস্থান আৰু নগৰীয় সুবিধাৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে।

ঝ. প্ৰব্ৰজনৰ জনসাংখ্যিক পৰিণতি

১। প্ৰব্ৰজনে জনসংখ্যাৰ গাঁথনিত কেনে প্ৰভাৱ পেলায়?

উত্তৰঃ
প্ৰব্ৰজনে উৎস আৰু গন্তব্য অঞ্চলৰ জনসংখ্যাৰ আকাৰ, বয়স আৰু লিংগ গাঁথনি সলনি কৰে।

কৰ্মক্ষম বয়সৰ লোক অধিক হাৰত নগৰলৈ গ’লে নগৰত কৰ্মক্ষম জনসংখ্যা বৃদ্ধি পায়, কিন্তু গাঁৱত বৃদ্ধ, শিশু আৰু মহিলাৰ আপেক্ষিক অনুপাত বৃদ্ধি পাব পাৰে।

পুৰুষ-প্ৰধান প্ৰব্ৰজনৰ ফলত উৎস আৰু লক্ষ্য দুয়ো অঞ্চলত লিংগ অনুপাতৰ ভাৰসাম্য সলনি হ’ব পাৰে।

গ্ৰামৰ পৰা নগৰলৈ প্ৰব্ৰজন নগৰীকৰণৰ এক মুখ্য কাৰণ।

ঞ. প্ৰব্ৰজনৰ সামাজিক আৰু সাংস্কৃতিক পৰিণতি

১। প্ৰব্ৰজনৰ সামাজিক পৰিণতি আলোচনা কৰা।

উত্তৰঃ
প্ৰব্ৰজনৰ ফলত বিভিন্ন অঞ্চল, ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ মানুহ একেলগে বসবাস কৰিবলৈ আৰম্ভ কৰে।

ই খাদ্যাভ্যাস, পোছাক, ভাষা, চিন্তাধাৰা, শিক্ষা, স্বাস্থ্য সচেতনতা আৰু সামাজিক আচৰণৰ আদান-প্ৰদান বৃদ্ধি কৰে।

নগৰাঞ্চলৰ নতুন জ্ঞান, পৰিয়াল কল্যাণ, শিক্ষা আৰু আধুনিক উৎপাদন কৌশল প্ৰব্ৰজনকাৰীৰ মাধ্যমেৰে গ্ৰামাঞ্চললৈ বিয়পি যাব পাৰে।

ই যৌগিক সংস্কৃতি সৃষ্টি আৰু সংকীৰ্ণ সামাজিক ধাৰণা ভাঙিবলৈ সহায় কৰে।

কিন্তু সামাজিক সংহতি নাথাকিলে ভাষা, জাতি বা সাংস্কৃতিক পাৰ্থক্যৰ পৰা সংঘাত, বৈষম্য আৰু সামাজিক বিচ্ছিন্নতাও সৃষ্টি হ’ব পাৰে।

ট. প্ৰব্ৰজনৰ পৰিৱেশগত বা ভৌগোলিক পৰিণতি

১। প্ৰব্ৰজনৰ ভৌগোলিক আৰু পৰিৱেশগত পৰিণতি আলোচনা কৰা।

উত্তৰঃ
অধিক গ্ৰাম-নগৰ প্ৰব্ৰজনৰ ফলত নগৰৰ জনসংখ্যা অতি দ্রুত বৃদ্ধি পায়।

ফলত বাসগৃহৰ নাটনি, বস্তি, যানজঁট, পানীৰ অভাৱ, পয়ঃনিষ্কাশনৰ সমস্যা আৰু নগৰীয় সুবিধাৰ ওপৰত চাপ বৃদ্ধি পায়।

ভূগৰ্ভস্থ পানীৰ অধিক ব্যৱহাৰ, গছ-গছনি ধ্বংস, জলাশয় ভৰোৱা আৰু মাটি দখল বৃদ্ধি পাব পাৰে।

যানবাহন, উদ্যোগ আৰু আৱৰ্জনাৰ ফলত বায়ু, পানী আৰু মাটিৰ দূষণ বৃদ্ধি হয়।

সেয়েহে নিয়ন্ত্ৰণহীন নগৰমুখী প্ৰব্ৰজনে নগৰৰ ভৌতিক পৰিৱেশ আৰু জীৱনমান দুয়োটাকেই প্ৰভাৱিত কৰে।

ঠ. জনপ্ৰব্ৰজনৰ কাৰণ আৰু পৰিণতি

১। জনপ্ৰব্ৰজনৰ কাৰণ আৰু পৰিণতিৰ বিষয়ে এটি বিস্তৃত টোকা লিখা।

উত্তৰঃ
প্ৰব্ৰজন হৈছে মানুহে স্থায়ী বা অৰ্ধ-স্থায়ীভাৱে এঠাইৰ পৰা আন ঠাইলৈ বাসস্থান সলনি কৰা প্ৰক্ৰিয়া।

প্ৰব্ৰজনৰ কাৰকসমূহ মূলত বিকৰ্ষক আৰু আকৰ্ষক।

দৰিদ্ৰতা, নিবনুৱা, কৃষিভূমিৰ অভাৱ, কম মজুৰি, সামাজিক বৈষম্য, বান, খৰাং, নদী খহনীয়া আদি মানুহক নিজৰ স্থান এৰিবলৈ বাধ্য কৰে। এইবোৰ বিকৰ্ষক কাৰক।

আনহাতে উন্নত চাকৰি, অধিক মজুৰি, শিক্ষা, চিকিৎসা, বাসস্থান আৰু উন্নত জীৱনমানৰ সুবিধাই নতুন স্থানলৈ মানুহক আকৰ্ষণ কৰে।

প্ৰব্ৰজনৰ ফলত জনসংখ্যাৰ পুনৰ্বিতৰণ ঘটে। গন্তব্য অঞ্চলত কৰ্মশক্তি বৃদ্ধি পায় আৰু উৎস অঞ্চলত remittance আহে।

সামাজিকভাৱে সাংস্কৃতিক বিনিময়, নতুন চিন্তা আৰু দক্ষতা বিস্তাৰ হয়। কিন্তু নগৰত অতিৰিক্ত প্ৰব্ৰজনে বস্তি, যানজঁট, নিবনুৱা আৰু দূষণৰ দৰে সমস্যাও সৃষ্টি কৰে।

ড. প্ৰব্ৰজনৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ

ইতিবাচক প্ৰভাৱ

  • কৰ্মসংস্থান বৃদ্ধি
  • পৰিয়াললৈ ধন প্ৰেৰণ
  • দক্ষতা আৰু জ্ঞানৰ আদান-প্ৰদান
  • সাংস্কৃতিক সংমিশ্ৰণ
  • নগৰ আৰু উদ্যোগৰ বিকাশ
  • বৈদেশিক মুদ্ৰা আহৰণ

নেতিবাচক প্ৰভাৱ

  • Brain drain
  • উৎস অঞ্চলত কৰ্মশক্তিৰ অভাৱ
  • নগৰত বস্তি
  • যানজঁট
  • পানী আৰু বাসস্থানৰ সংকট
  • সামাজিক সংঘাত
  • বায়ু, পানী আৰু মাটি দূষণ

ঢ. গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নোত্তৰ

১। Net Migration কি?

উত্তৰঃ কোনো অঞ্চললৈ অহা আৰু সেই অঞ্চলৰ পৰা যোৱা লোকৰ সংখ্যাৰ পাৰ্থক্যক Net Migration বোলে।

২। In-migration কি?

উত্তৰঃ কোনো অঞ্চললৈ বাহিৰৰ পৰা মানুহ আহি বসবাস কৰাকে in-migration বোলে।

৩। Out-migration কি?

উত্তৰঃ কোনো অঞ্চলৰ পৰা মানুহ আন অঞ্চললৈ গুচি যোৱাকে out-migration বোলে।

৪। Immigration কি?

উত্তৰঃ বিদেশৰ পৰা কোনো দেশলৈ আহি বসবাস কৰাকে immigration বোলে।

৫। Emigration কি?

উত্তৰঃ নিজ দেশ এৰি আন দেশলৈ গৈ বসবাস কৰাকে emigration বোলে।

৬। Remittance কি?

উত্তৰঃ প্ৰব্ৰজনকাৰীয়ে উপাৰ্জনৰ এটা অংশ নিজ গৃহ পৰিয়াল বা উৎস অঞ্চললৈ পঠোৱা ধনক remittance বোলে।

৭। Brain Drain কি?

উত্তৰঃ উচ্চশিক্ষিত আৰু দক্ষ লোক অধিক সুযোগৰ বাবে দেশ বা অঞ্চল এৰি যোৱাৰ ফলত উৎস অঞ্চলত দক্ষ মানৱ সম্পদ হ্ৰাস পোৱাকে Brain Drain বোলে।

৮। গ্ৰাম-নগৰ প্ৰব্ৰজন কিয় অধিক?

উত্তৰঃ নগৰত চাকৰি, শিক্ষা, চিকিৎসা, বাণিজ্য আৰু উন্নত জীৱনমানৰ সুযোগ অধিক বাবে।

৯। ভাৰতলৈ ২০০১ চনত অধিকাংশ বিদেশী অভিবাসী কোন অঞ্চলৰ পৰা আহিছিল?

উত্তৰঃ ভাৰতৰ চুবুৰীয়া দেশসমূহৰ পৰা; মুঠ আন্তঃৰাষ্ট্ৰীয় অভিবাসীৰ প্ৰায় ৯৫.৫% চুবুৰীয়া দেশৰ আছিল।

১০। বাংলাদেশৰ পৰা অহা অভিবাসীৰ অংশ প্ৰায় কিমান আছিল?

উত্তৰঃ চুবুৰীয়া দেশৰ পৰা অহা অভিবাসীৰ প্ৰায় ৫৯.৮ শতাংশ।

ণ. MCQ — ২০টা

১। ১৯৯১–২০০১ সময়ছোৱাত সৰ্বাধিক net in-migration লাভ কৰা ৰাজ্য—

A) বিহাৰ
B) মহাৰাষ্ট্ৰ
C) অসম
D) উত্তৰ প্ৰদেশ
উত্তৰঃ B) মহাৰাষ্ট্ৰ

২। পুৰুষ প্ৰব্ৰজনৰ মুখ্য কাৰণ—

A) কৰ্মসংস্থান
B) বিবাহ
C) ঘৰ সলনি
D) ধৰ্ম
উত্তৰঃ A) কৰ্মসংস্থান

৩। মহিলা প্ৰব্ৰজনৰ মুখ্য কাৰণ—

A) শিক্ষা
B) বাণিজ্য
C) বিবাহ
D) চাকৰি
উত্তৰঃ C) বিবাহ

৪। ২০০১ চনত সৰ্বাধিক in-migrant লাভ কৰা Urban Agglomeration—

A) দিল্লী
B) চেন্নাই
C) কলকাতা
D) Greater Mumbai
উত্তৰঃ D) Greater Mumbai

৫। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন মানে—

A) দেশৰ ভিতৰত স্থানান্তৰ
B) এখন দেশৰ পৰা আন দেশলৈ স্থানান্তৰ
C) গাঁওৰ ভিতৰত স্থানান্তৰ
D) ঘৰৰ ভিতৰত স্থানান্তৰ
উত্তৰঃ B) এখন দেশৰ পৰা আন দেশলৈ স্থানান্তৰ

৬। আভ্যন্তৰীণ প্ৰব্ৰজন ঘটে—

A) দেশৰ চাৰিসীমাৰ ভিতৰত
B) কেৱল বিদেশত
C) মহাসাগৰৰ মাজত
D) কেৱল ৰাজধানীত
উত্তৰঃ A) দেশৰ চাৰিসীমাৰ ভিতৰত

৭। ভাৰতলৈ সৰ্বাধিক অভিবাসী আহিছিল—

A) শ্ৰীলংকাৰ পৰা
B) নেপালৰ পৰা
C) বাংলাদেশৰ পৰা
D) চীনৰ পৰা
উত্তৰঃ C) বাংলাদেশৰ পৰা

৮। ১৯৯১–২০০১ সময়ছোৱাত মুখ্য net out-migrant ৰাজ্য—

A) মহাৰাষ্ট্ৰ
B) দিল্লী
C) গুজৰাট
D) উত্তৰ প্ৰদেশ
উত্তৰঃ D) উত্তৰ প্ৰদেশ

৯। প্ৰব্ৰজনৰ আকৰ্ষক কাৰক—

A) চাকৰিৰ সুযোগ
B) খৰাং
C) দৰিদ্ৰতা
D) যুদ্ধ
উত্তৰঃ A) চাকৰিৰ সুযোগ

১০। বিকৰ্ষক কাৰক—

A) উন্নত চিকিৎসা
B) নিবনুৱা
C) অধিক মজুৰি
D) উচ্চ শিক্ষা
উত্তৰঃ B) নিবনুৱা

১১। গ্ৰাম-নগৰ প্ৰব্ৰজনৰ ফলত—

A) নগৰীকৰণ বৃদ্ধি পায়
B) নগৰ জনসংখ্যা কমে
C) গাঁও ডাঙৰ হয়
D) কৃষিভূমি বৃদ্ধি পায়
উত্তৰঃ A) নগৰীকৰণ বৃদ্ধি পায়

১২। প্ৰব্ৰজনকাৰীয়ে ঘৰলৈ পঠোৱা ধন—

A) Dividend
B) Tax
C) Remittance
D) Interest
উত্তৰঃ C) Remittance

১৩। উচ্চশিক্ষিত লোক বিদেশলৈ যোৱাক কোৱা হয়—

A) Urbanisation
B) Brain Drain
C) Natural Increase
D) Density
উত্তৰঃ B) Brain Drain

১৪। মহিলাৰ প্ৰব্ৰজনৰ প্ৰায় ৬৫% কাৰণ—

A) শিক্ষা
B) কৰ্ম
C) ব্যৱসায়
D) বিবাহ
উত্তৰঃ D) বিবাহ

১৫। পুৰুষৰ প্ৰায় ৩৮% প্ৰব্ৰজন—

A) কৰ্মসংস্থানৰ বাবে
B) বিবাহৰ বাবে
C) জন্মৰ বাবে
D) অন্য কাৰণত
উত্তৰঃ A) কৰ্মসংস্থানৰ বাবে

১৬। ২০০১ চনত ভাৰতৰ মুঠ আন্তঃৰাষ্ট্ৰীয় অভিবাসী প্ৰায়—

A) ৫.১৫ নিযুত
B) ৫০ নিযুত
C) ২০ নিযুত
D) ১ নিযুত
উত্তৰঃ A) ৫.১৫ নিযুত

১৭। মহাৰাষ্ট্ৰৰ net in-migration প্ৰায়—

A) ১ নিযুত
B) ৫ নিযুত
C) ২.৩ নিযুত
D) ১০ নিযুত
উত্তৰঃ C) ২.৩ নিযুত

১৮। বিহাৰ আৰু উত্তৰ প্ৰদেশ মূলত—

A) in-migrant ৰাজ্য
B) out-migrant ৰাজ্য
C) বিদেশী দেশ
D) নগৰ ৰাজ্য
উত্তৰঃ B) out-migrant ৰাজ্য

১৯। প্ৰব্ৰজনে কি পৰিৱৰ্তন কৰে?

A) কেৱল নদী
B) জনসংখ্যাৰ স্থানিক বিতৰণ
C) পাহাৰৰ উচ্চতা
D) বৰষুণ
উত্তৰঃ B) জনসংখ্যাৰ স্থানিক বিতৰণ

২০। প্ৰব্ৰজনৰ সামাজিক সুফল—

A) সাংস্কৃতিক বিনিময়
B) পানী দূষণ
C) যানজঁট
D) বস্তি বৃদ্ধি
উত্তৰঃ A) সাংস্কৃতিক বিনিময়

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
🎓 My Class

My Subjects