Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 18 Answer বিজ্ঞানী ড°ৰোহিণীকান্ত বৰুৱা

বিজ্ঞানী ড°ৰোহিণীকান্ত বৰুৱা

Chapter 18

অনুশীলনী

১। শব্দ-অৰ্থঃ
গৱেষণা – কোনো এটা বিশেষ বিষয়ৰ আঁতিগুৰি মাৰি জানিবলৈ কৰা অধ্যায়ন।
বৌদ্ধিক – পঢ়া-শুনাৰ মাজেৰে লাভ কৰা জ্ঞান সম্পৰ্কীয়।
‘ষ্টাৰ মাৰ্ক’ – শিক্ষান্ত পৰীক্ষাত মুঠতে শতকৰা ৭৫ নম্বৰ লাভ কৰিলে ‘ষ্টাৰ মাৰ্ক’ পোৱা বুলি কোৱা হয়।
জলপানি – পঢ়া-শুনাৰ খৰচৰ বাবে খোৱা আৰ্থিক সাহাৰ্য্য।
‘লেটাৰ মাৰ্ক’- শিক্ষান্ত পৰীক্ষাত কোনো এটা বিষয়ত শতকৰা ৮০ নম্বৰ পালে বিষয়টোত ‘লেটা মাৰ্ক’ পোৱা বুলি কোৱা হয়।অনাৰ্ছ শ্ৰেণী – কলেজত কোনো এটা বিষয় খৰচি মাৰি পঢ়িবলৈ লোৱা বিশেষ অনাৰ্ছ শ্ৰেণী বুলি কোৱা হৈছিল। এতিয়া এই শ্ৰেণীটোক ‘মেজৰ’ বা ‘প্ৰধান’ বুলি কোৱা হয়।প্ৰশাসনিক সেৱা পৰীক্ষা – এই পৰীক্ষাত উত্তীৰ্ণ হ’লে উচ্চপদস্থ চৰকাৰী বিষয়াৰূপে নিযুক্তি পাব পাৰি।বিপাকীয় ক্ৰিয়া – জীৱদেহত ঘটি থকা জৈৱৰাসায়নিক পৰিৱৰ্তনবোৰ।
জীৱৰসায়ন – জীৱদেহত ঘটা ৰাসায়নিক পৰিৱৰ্তনবোৰৰ সম্বদ্ধে অধ্যয়ন কৰা বিষয়টো।

২। ড° ৰােহিণীকান্ত বৰুৱা কোন আছিল?

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱা অসমৰ এগৰাকী খ্যাতনামা ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ আৰু সাহিত্যক আছিল।

৩। ড° ৰােহিণীকান্ত বৰুৱাৰ গৱেষণাৰ বিষয় কি আছিল? তেওঁ বিদেশৰ কোন বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল?

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাৰ গৱেষণাৰ বিষয় আছিল ভিটামিন -এ আৰু মানৱ দেহৰ বিপকীয় ক্ৰিয়াৰ ওপৰত ইয়াৰ প্ৰভাৱ।

৪। ভিটামিন-এ কোন কোন খাদ্যত থাকে? এই ভিটামিনৰ অভাৱত মানুহৰ কি কি ৰােগ হ’ব পাৰে?

উত্তৰঃ- ভিটামিন-এ কণী, গাখীৰ, কড মাছৰ যকৃৎত থাকে।

৫। কেৰ’টিনইড কি আৰু ই ক’ত থাকে? কেৰ’টিনইডে আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে?

উত্তৰঃ- কেৰ’টিনইড হৈছে আমাৰ শৰীৰৰ বিপাকীয় ক্ৰিযাত ভিটামিন-এ উৎপন্ন কৰা পদাৰ্থ আৰু ই গাজৰ অমিতা আদিত থাকে।

৬। ড° ৰােহিণীকান্ত বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা।

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম হ’ল পৰম ক্ষুধা আৰু পমিলিৰ পৰিয়াল।

৭। ড° ৰােহিণীকান্ত বৰুৱাৰ ছদ্মনাম কি আছিল আৰু তেওঁ কোন কোন আলােচনীত লিখিছিল?

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাৰ ছদ্মনাম লাজকুৰীয়া আছিল আৰু তেওঁ অকন, লাজকুৰীয়া আলােচনীত লিখিছিল।

৮। ‘আৱাহন’আলােচনীখনৰ প্ৰকাশৰ চন আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ নাম লিখা।

উত্তৰঃ- ‘আৱাহন’আলােচনীখনৰ ১৯২৯ চনত প্ৰকাশ আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ দীননাথ শৰ্মা।

৯। ড° ৰােহিণীকান্ত বৰুৱাই অনুবাদ কৰা পুথিকেইখন কি কি?

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাই অনুবাদ কৰা পুথিকেইখন হ’ল পৰম ক্ষুধা আৰু পমিলিৰ পৰিয়াল।

১০। ড° ৰােহিণীকান্ত বৰুৱা ব্যক্তি হিচাপে কেনেকুৱা আছিল?

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱা ব্যক্তি হিচাপে এজন হাড়ে-হিমজুৰে এজন নিষ্ঠাৱান শিক্ষাবিদ আছিল।

১১। চমু উত্তৰ দিয়াঃ
(ক) ড° মর্টনে ড° ৰােহিণীকান্ত বৰুৱাক কি বুলি অভিহিত কৰিছিল?

উত্তৰঃ- ড° মর্টনে ড° ৰােহিণীকান্ত বৰুৱাক “ভাৰতৰ জৈৱ ৰাসায়ন বিজ্ঞান গৱেষণাৰ অগ্ৰণী বিজ্ঞানী” বুলি অভিহিত কৰিছিল।

(খ) ড° ৰােহিণীকান্ত বৰুৱাৰ কোনবােৰ গুণ সকলােৱে ভাল পাইছিল?

উত্তৰঃ- ড° ৰােহিণীকান্ত বৰুৱাৰ মনোমোহা ব্যক্তিত্ব আৰু ভাস্বৰ প্ৰতিভাৰ গুণ সকলােৱে ভাল পাইছিল।

(গ) “অকণ’ আলােচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? এইখন কেনেধৰণৰ আলােচনী আছিল?

উত্তৰঃ- “অকণ’ আলােচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হেমচন্দ্ৰ গোস্বামী আছিল। এইখন শিশুৰ বাবে গল্প-কবিতাৰ আলােচনী আছিল।

(ঘ) গণিত’ আৰু ‘বিজ্ঞান বিষয় দুটা কেনেদৰে শিকাব লাগে বুলি ড° বৰুৱাই ভাবিছিল?

উত্তৰঃ- গণিত’ আৰু ‘বিজ্ঞান বিষয় দুটা খেলা-ধূলাৰ মাজেৰে শিকাব লাগে বুলি ড° বৰুৱাই ভাবিছিল।

১২। বাক্য ৰচনা কৰাঃ

(ক) একনিষ্ঠ – একনিষ্ঠ ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে।
(খ) প্রতিনিধি – ৰাজনৈতিক দলসমূহত বহুতো প্ৰতিনিধি থাকে।
(ঘ) সুদক্ষ – জুবিন গাৰ্গ এজন সুদক্ষ গায়ক।
(ঙ) স্বীকৃতি – ভাল কামৰ কাৰণে আজি কমলক স্বীকৃতি প্ৰদান কৰা হ’ল।(চ) হৃষ্টপুষ্ট – ৰাম এজন হৃষ্টপুষ্ট ব্যক্তি।

১৩। বিপৰীত শব্দৰ বিষয়ে শিকাঃ
ভাল – বেয়া
মেধাবী – ভোঁতা
প্রশংসা – নিন্দা
আশা – নিৰাশা
সুদক্ষ – অদক্ষ
অনুকূল – প্রতিকূল
গভীৰ – তৰল
সৃষ্টি – ধ্বংস

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects