Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 8 Answer ওলোম ৰজাৰ চোলােম মন্ত্রী

Chapter 8

ওলোম ৰজাৰ চোলােম মন্ত্রী

১। ওলোম ৰজাৰ সম্পূর্ণ নাম কি আছিল ?

উত্তৰঃ শ্ৰীযুক্ত ওলােমচন্দ্র ভূপ বাহাদুৰ ।

২। ৰজা আৰু মন্ত্ৰীৰ উচ্চতা কিমান আছিল ?

উত্তৰঃ ৰজাৰ উচ্চতা তিনি ফুট আৰু মন্ত্ৰীৰ উচ্চতা ছফুট আছিল ।

৩। সপােনৰ কথা কেতিয়াও মিছা নহয় বুলি ৰজাক কোনে কৈছিল ?

উত্তৰঃ সপােনৰ কথা কেতিয়াও মিছা নহয় বুলি ৰজাক জলকুঁৱৰীয়ে কৈছিল ।

৪। মন্ত্রীয়ে অন্তেষপুৰৰ পৰা কাষলতিৰ তলত কি লুকুৱাই আনিছিল ?

উত্তৰঃ ওলােম ৰজাৰ হলৌ চোলা এটা লুকুৱাই আনিছিল ।

৫। জলকুঁৱৰীৰ ৰাণীয়ে পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহজন বুলি কাৰ কথা কৈছিল ?

উত্তৰঃ ৰজা শ্ৰীযুক্ত ওললামচন্দ্র ভূপ বাহাদুৰৰ কথা কৈছিল ।

৬। ৰজা আৰু মন্ত্ৰীৰ এটি শাৰিৰীক বর্ণনা দিয়া ।

উত্তৰঃ ওলােম ৰজা চুটি – চাপৰ , ঘুটুমুটীয়া আছিল । তেওঁৰ উচ্চতা আছিল মাত্র তিনিফুট ।চোলােম মন্ত্রী আছিল ওখ – পাখ , ডাঙৰ – দীঘল মানুহ । তেওঁৰ উচ্চতা আছিল ছফুট । মন্ত্রীৰ পেটটো ঢােলােৰ নিচিনা ডাঙৰ আৰু মুখত একোচা দীঘল দাড়ি আছিল ।

৭। ওলােম ৰজাই মন্ত্রীক কি বস্তু আনি দিবলৈ কৈছিল ? তেওঁ বিচৰা বস্তুপদ শেষত পালেনে ?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহজনে পিন্ধা চোলাটো আনি দিবলৈ কৈছিল । তেওঁ বিচৰা বস্তুপদ নাপালে ।

৮। জ্ঞানী মানুহৰ চোলা আনিবলৈ মন্ত্রীয়ে কি বুদ্ধি সাজিছিল ? ৰজাই মন্ত্রীক শেকি বঁটা দিছিল ?

উত্তৰঃ সপােন দেখাৰ বুদ্ধি সাজিছিল । সপােনত এজনী জলকুঁৱৰীৰ ৰাণীয়ে ওলােম ৰজাই পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহ বুলি কোৱা বুলি কৈ মন্ত্ৰীয়ে ৰজাক তেওঁৰ নিজৰেই হলৌ চোলা এটা আনি দিছিল । ৰজাই মন্ত্রীক শেষত এচৰু সােণ – ৰূপ দিছিল ।

৯। ৰজা আৰু মন্ত্ৰীৰ প্ৰকৃততে কোন জ্ঞানী আছিল ?

উত্তৰঃ ৰজা আৰু মন্ত্ৰীৰ প্ৰকৃততে মন্ত্রী জ্ঞানী আছিল ।

১০। চোলােম মন্ত্ৰীৰ সপােনটো তােমাৰ নিজৰ ভাষাত লিখা ।

উত্তৰঃ মন্ত্রী চোলােম চন্দ্রই শুই থাকোতে এটি সপােন দেখিলে – এজনী জলকুঁৱৰীৰ ৰাণী আহি তেওঁৰ আগত ওলাল । মন্ত্রীয়ে জলকুঁৱৰীৰ ভৰিত দীঘল দি পৰি পৃথিৱীত আটাইতকৈ জ্ঞানী মানুহ কোন বুলি সুধিলে । জলকুঁৱৰীয়ে শ্রীশ্ৰীশ্ৰীযুক্ত ওলােমচন্দ্র ভূপ বাহাদূৰেই পৃথিৱীৰ আটাইতকৈ জ্ঞানী মানুহ বুলি মন্ত্রী চোলােম চন্দ্রক ক’লে । জলকুঁৱৰীয়ে লগতে এইটোও ক’লে যে ওলােমচন্দ্ৰই নিজৰ চোলাটো পিন্ধিলেই সুখী হ’ব।

১১। ৰজাই গমহ-গমহ কৰি সিংহাসনত কিয় ভৰি মাৰিছিল ?

উত্তৰঃ ৰজাই মন্ত্ৰীক পিছদিনাখন পুৱাতে চোলা আনিবলৈ কৈছিল । কিন্তু পিছদিনাখন বহু পলমকৈহে মন্ত্রী আহি ৰজাৰ সন্মুখত উপস্থিত হৈছিল । মন্ত্রীয়ে পলমকৈ অহা বাবেই ৰজাই খঙতে গমহ-গমহকৈ সিংহাসনত ভৰি মাৰিছিল ।

১২। জ্যোতিপ্ৰসাদ আগৰৱালাই চৈধ্য বছৰ বয়সতে লিখা নাটক খনৰ নাম কি ?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই চৈধ্য বছৰ বয়সতে লিখা নাটক খনৰ নাম শাণিতকুঁৱৰী ‘ ।

১৩। ‘ চার্টিফিকেট অৱ মেৰিট ’ সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি ?

উত্তৰঃ ‘ চার্টিফিকেট অৱ মেৰিট ’ সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম ‘ পিয়লি ফুকন ‘ ।

প্রশ্ন ১৪। ভাৰতৰ স্বাধীনতা আন্দোলনত যুঁজ দিয়া অসমৰ দুগৰাকী মুক্তি যুঁজাৰুৰ নাম লিখা ।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বলােৰাম বসুমতাৰী ।

১৫। লিংগ পৰিবৰ্তন কৰা –

        জলকেঁৱৰ , মহাৰজা , লিগিৰী , সম্রাট , কোঁৱৰ , শিক্ষক । 

উত্তৰঃ

জলকোৱৰ – জলকুঁৱৰী ।

মহাৰজা – মহাৰাণী ।

লিগিৰী – লিগিৰা ।

সম্রাট – সম্রাজ্ঞী ।

কোৱৰ – কুঁৱৰী ।

শিক্ষক – শিক্ষয়িত্রী ।

১৬। এটা শব্দত প্ৰকাশ কৰা –

( ক ) যি লােকৰ পেট ওলােৱা ― ।

উত্তৰঃ পেটুৱা ।

( খ ) ভাত বেছিকৈ খােৱা লােক ― ।

উত্তৰঃ ভতুৱা ।

( গ ) ৰাজকাৰেঙৰ ভিতৰ চ’ৰা — ।

উত্তৰঃ অন্তেষপুৰ ।

( ঘ ) ডিঙিৰ পৰা ভৰিলৈকে পৰা দীঘল চোলা —।

উত্তৰঃ হলৌচোলা ।

( ঙ ) ৰজাৰ বার্তা আদান – প্রদান কৰোঁতা ―।

উত্তৰঃ দূত ।

প্রশ্ন ১৭। অনুৰূপ শব্দ বুলিলে কি বুজা ? পাঁচটা অনুৰূপ শব্দ লিখা ।

উত্তৰঃ কেতিয়াবা একোটা শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ বা অর্থ স্পষ্ট কৰিবলৈ শব্দৰ পিছত একেধৰণৰ আন এটা শব্দ ব্যৱহাৰ কৰা হয় । এনেবােৰ শব্দক অনুৰূপ শব্দ বুলি কোৱা হয় । পাঁচটা অনুৰূপ শব্দৰ উদাহৰণ হৈছে — গাড়ী মটৰ , কাগজ কলম , বন্ধু – বান্ধৱ , ভাত – চাহ , মানুহ – দুনুহ ।

প্রশ্ন ১৮। দ্বিঘক্ত শব্দ কাক বােলে , উদাহৰণসহ লিখা ।

উত্তৰঃ একেটা শব্দ দুবাৰ ব্যৱহাৰ হলে তাক দ্বিঘক্ত শব্দ বুলি কোৱা হয়।যেনে — ঘনে – ঘনে , বাৰে বাৰে মনে – মনে ইত্যাদি ।

প্রশ্ন ১৯। চমুটোকা লিখা –

( ক ) বিষ্ণুপ্ৰসাদ ৰাভা ।

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে ঢাকাত জন্ম লাভ কৰে । সুন্দৰ , সুস্থ শৰীৰৰ বিষ্ণু ৰাভা প্রখৰ মেধাসম্পন্ন আৰু সৃষ্টিশীল মনৰ অধিকাৰী আছিল । তেওঁ একাধাৰে কবি , গীতিকাৰ , গায়ক , অভিনেতা , নৃত্যশিল্পী , চিত্রশিল্পী , খেলুৱৈ , বিপ্লৱী আৰু সমাজ সংগঠক আছিল । চিৰ মুক্তিকামী , বিপ্লৱী চেতনাৰ জাগ্রত প্রতীক বিষ্ণুৰাভাই ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া বাবে ব্রিটিছৰ ৰােষত পৰিব লগা হৈছিল । আনকি আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পাছতাে, এই স্বাধীনতা প্রকৃত স্বাধীনতা নহয় বুলি , কৃষক – বনুৱা , হালােৱা – হজুৱা সমন্বিতে সর্বসাধাৰণৰ প্রকৃত মুক্তিৰ বাবে এহাতত কলম আৰু এহাতত বন্দুক লৈ বিপ্লৱৰ নেতৃত্ব দিয়া বাবে দেশীয় চৰকাৰেও তেওঁক বন্দী কৰি জেলত ভৰাইছিল । আজীৱন সাধাৰণ জনতাৰ কল্যাণৰ হকে দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা জনতাৰ হিয়াৰ আমঠু এইগৰাকী চিৰ নমস্য মহান ব্যক্তিৰ ১৯৬৯ চনৰ ২০ জুন তাৰিখে জীৱন বন্তি নির্বাপিত হয় ।

( খ ) নটসূর্য ফণী শৰ্মা ।

উত্তৰঃ নটসূর্য ফণী শৰ্মা অসমীয়া নাটক আৰু বােলছবি জগতৰ এজন কিংবদন্তি পুৰুষৰূপে খ্যাত । ১৯১০ চনত তেজপুৰৰ কলিবাৰীত জন্মলাভ কৰা ফণী শৰ্মাদেৱে সৰুৰে পৰা নাট – ভাওনাৰ লগত জড়িত হৈ পৰিছিল । জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ জয়মতী ’ ছবিৰ গাঁঠি হাজৰিকাৰ চৰিত্ৰত তেওঁ অভিনয় কৰি এক ইতিহাস গঢ়ি থৈ গৈছে ফণী শর্মাই বিষ্ণুৰাভাৰ সৈতে ১৯৪৮ চনত মুক্তি লাভ কৰা ‘ চিৰাজ ’ চিনেমাখন পৰিচালনা কৰিছিল । এইজনা কলাৰ সাধকে ওৰে জীৱন নাট্যাভিনয়ৰ লগত জীৱন কটাই ১৯৭০ চনত গুৱাহাটীত মৃত্যুবৰণ কৰে ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects