Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Social Science Chapter 16 Answer নতুন ভাবধাৰাৰ উদ্ভৱ

নতুন ভাবধাৰাৰ উদ্ভৱ

পাঠ নং- ১৫

১। উত্তৰ লিখাঃ

ক) কেতিয়াৰপৰা ভাৰতত ধৰ্ম চৰ্চাৰ নতুন ভাবধাৰাৰ উদ্ভৱ হৈছিল ?

উত্তৰঃ খ্ৰীঃ পূঃ ষষ্ঠ শতিকাৰ পৰা ভাৰতত ধৰ্ম চৰ্চাৰ নতুন ভাবধাৰাৰ উদ্ভৱ হৈছিল।

খ) বেদ কি ভাষাত ৰচিত ?

উত্তৰঃ বেদ সংস্কৃত ভাষাত ৰচিত।

গ) মহাবীৰৰ প্ৰকৃত নাম কি আছিল ?

উত্তৰঃ মহাবীৰৰ প্ৰকৃত নাম হ’ল বৰ্দ্ধমান।

ঘ) বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন ?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক হ’ল গৌতম বুদ্ধ।

ঙ) বৌদ্ধ সংঘ কি ?

উত্তৰঃ বৌদ্ধ সংঘ হৈছে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিবলৈ গঠন কৰা সংঘ।

২। সঁচা-মিছা নিৰূপণ কৰাঃ

ক) বৈদিক যুগৰ শেষ ভাগত যাগ-যজ্ঞ, কৰ্ম-কাণ্ড, পশু বলিৰ প্ৰচলনৰ অন্ত পৰিছিল?

উত্তৰঃ মিছা।

খ) মহাবীৰ আৰু গৌতম বুদ্ধ দুয়োজন ক্ষত্ৰিয় কুলৰ।

উত্তৰঃ সঁচা।

গ) জৈন ধৰ্মাৱলম্বীসকলে বেদক ঈশ্বৰৰ বাণী বুলি স্বীকাৰ কৰে।

উত্তৰঃ মিছা।

ঘ) বুদ্ধই প্ৰচাৰ কৰা ধৰ্মমতত ঈশ্বৰৰ উল্লেখ নাই।

উত্তৰঃ সঁচা।

ঙ) বুদ্ধই তেওঁৰ বাণীসমূহ সাৰনাথ নামৰ ঠাইপৰা প্ৰচাৰ কৰে।

উত্তৰঃ সঁচা।

চ) অসমত বৌদ্ধ ধৰ্মাৱলম্বী মানুহ নাই।

উত্তৰঃ মিছা।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা –

‘ক’ অংশ – ‘খ’ অংশ

ক) বেদ – গ) হিন্দু ধৰ্মৰ মূল গ্ৰন্থ।

খ) পাৰ্শ্বনাথ – ক) জৈন ধৰ্মৰ তীৰ্থংকৰ।

গ) শ্বেতম্বৰ আৰু দিগম্বৰ – চ) জৈন ধৰ্মৰ দুটা সম্প্ৰদায়।

ঘ) সিদ্ধাৰ্থ – ঙ) গৌতম বুদ্ধৰ আন এটা নাম।

ঙ) ত্ৰিপিটক – খ) বৌদ্ধ ধৰ্মগ্ৰন্থ।

চ) নালন্দা – ঘ) এখন বিশ্ববিদ্যালয়।

৪। চমুকৈ উত্তৰ লিখা –

ক) বৈদিক যুগৰ শেষৰফালে সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে ধৰ্মচৰ্চা কিয় সহজসাধ্য নাছিল ?

উত্তৰঃ বৈদিক যুগৰ শেষৰফালে পূজা-পাতল, দান-দক্ষিণা, বলি-বিধান আদি বৃদ্ধি হৈছিল। পূজা-পাতল, যাগ-যজ্ঞ আদি ক্ৰমাৎ ব্য়য়বহুল হৈ পৰিছিল। সাধাৰণ শ্ৰেণীৰ মানুহৰ বাবে এইবোৰ সহজসাধ্য় নাছিল।

খ) ক্ষত্ৰিয়সকলে কিয় ব্ৰাহ্মণৰ সমমৰ্যাদা দাবী কৰিছিল ?

উত্তৰঃ সমাজত ব্ৰাহ্মণ শ্ৰেণীৰ লোকসকলৰ প্ৰাধান্য় যথেষ্ট বেছি আছিল। কিন্তু জনপদ, মহাজনপদ, সাম্ৰাজ্য় আদিৰ সৃষ্টিৰ ফলত ক্ষত্ৰিয়সকলৰো ক্ষমতা বৃদ্ধি পাবলৈ ধৰিলে। ফলত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ মাজত সংঘাতৰ সৃষ্টি হ’বলৈ ধৰিলে আৰু ক্ষত্ৰিয়সকলে ব্ৰাহ্মণসকলৰ সমমৰ্যাদা দাবী কৰিবলৈ ল’লে।

গ) বিশ্বৰ কোনবোৰ ঠাইত নতুন চিন্তাধাৰাৰ আৱিৰ্ভাৱ হৈছিল ?

উত্তৰঃ চীন, জাপান, শ্ৰীলংকা, কোৰিয়া আৰু থাইলেণ্ড আদি এইবোৰ ঠাইত নতুন চিন্তাধাৰা আৱিৰ্ভাৱ হৈছিল।

ঘ) বৌদ্ধ ধৰ্মত দীক্ষা লোৱাৰ উপায় কি ?

উত্তৰঃ বৌদ্ধ ধৰ্মত শিক্ষা ল’বলৈ মাত্ৰ তিনিটা মন্ত্ৰৰ উচ্চাৰণেই ষথেষ্ট আছিল। সেইকেইটা হ’ল 一 বুদ্ধং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি, ধৰ্মং শৰণং গচ্ছামি।

ঙ) অসমৰ কোনবোৰ জনগোষ্ঠী বৌদ্ধ ধৰ্মাৱলম্বী।

উত্তৰঃ অসমৰ শ্য়াম, আইতনীয়া, চিংফৌ, খামতি আৰু ফাকিয়াল জনগোষ্ঠীৰ লোকসকল বৌদ্ধ ধৰ্মাৱলম্বী।

৫। জৈন ধৰ্মৰ মূল মতবোৰ কি?

উত্তৰঃ জৈন ধৰ্মৰ মূল মতবোৰ হৈছে 一 অহিংসা, সত্য়বাদিতা, চুৰি নকৰা, ত্য়াগ আৰু ব্ৰহ্মচৰ্য।

৬। গৌতম বুদ্ধৰ বিষয়ে ১৫টা বাক্যৰ এটি টোকা লিখা।

উত্তৰঃ গৌতম বুদ্ধই হিমালয়ৰ নামনি অঞ্চলৰ কপিলাবস্তু নামৰ নগৰৰ লুম্বিনী নামে ঠাইত খ্ৰীঃ পূঃ ৫৬৬ত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম শুদ্ধোধন আৰু মাতৃৰ নাম মায়াদেৱী। তেখেতৰ আচল নাম সিদ্ধাৰ্থ আছিল। মাহীমাক গৌতমীৰ নাম অনুসৰি তেওঁৰ গৌতম বুদ্ধ নাম হৈছিল। বুদ্ধদেৱে বোধগয়া নামৰ ঠাইত তপস্য়া কৰি দিব্য়জ্ঞান লাভ কৰে। তেওঁ যিজোপা গছৰ তলত দিব্য়জ্ঞান লাভ কৰিছিল, সেই গছজোপা বোধিদ্ৰুম বুলি খ্য়াত হয়। তেতিয়াৰে পৰা বুদ্ধগৌতম বুদ্ধ পৰমজ্ঞানীৰূপে জনাজাত হয়। শাক্য় বংশত জন্মলাভ কৰাৰ বাবে তেওঁৰ আন এটা নাম শাক্য়মুনি। গৌতম বুদ্ধই যি ধৰ্ম প্ৰচাৰ কৰিছিল, সেই ধৰ্মক বৌদ্ধ ধৰ্ম বুলি কোৱা হয়। বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ হৈছে ত্ৰিপিটক।

৭।বৌদ্ধ ধৰ্মমতৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ বৌদ্ধই যি মতবাদ প্ৰচাৰ কৰিছিল সেইবোৰ অতি সহজ-সৰল আৰু সাধাৰণ মানুহৰ বাবে উপযোগী আছিল। গৌতম বুদ্ধৰ মতে মানুহে দুখৰ পৰা পৰিত্ৰাণ পাবলৈ আঠটা উপায় অৱলম্বন কৰিব লাগিব। এয়াই হৈছে অষ্টাংগিক মাৰ্গ। এই অষ্টাংগিক মাৰ্গসমূহ হ’ল 一 সৎ চিন্তা, সৎ সিদ্ধান্ত, সৎ বাক্য়, সৎ আচৰণ, সৎ কৰ্ম, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্য়ান। বৌদ্ধ ধৰ্মৰ মতে হিংসা, বিদ্বেষ, ব্য়ভিচাৰ, মদ্য়পান, মিছা কথা কোৱা পাপ। জীৱ বধো মহাপাপ। বুদ্ধই প্ৰচাৰ কৰা ধৰ্মমতত ঈশ্বৰৰ উল্লেখ নাই। বৌদ্ধ ধৰ্মৰ মতে কৰ্মই ধৰ্ম। ইয়াত বেদৰ মাহাত্ম্য়ও স্বীকাৰ কৰা নহয়। বৌদ্ধ ধৰ্মত জাতিভেদ প্ৰথাৰ স্থান মাই।

৮। কোন কোন ৰজা বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক আছিল? পৃথিৱীৰ কোনবোৰ দেশত অধিকসংখ্যক বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে ?

উত্তৰঃ বিম্বিসাৰ, মহামতি অশোক, কনিষ্ক, হৰ্ষবৰ্দ্ধন আদি ৰজা বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক আছিল।

পৃথিৱীৰ চীন, জাপান, কোৰিয়া, শ্ৰীলংকা, থাইলেণ্ড আদি দেশত অধিকসংখ্য়ক বৌদ্ধধৰ্মী লোক আছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects