Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 9 Answer ৰাক্ষসী শূৰ্পনখাৰ নাক কটা গ’ল

ৰাক্ষসী শূৰ্পনখাৰ নাক কটা গ’ল
অধ্যায় ৯
(১) চমু উত্তৰ দিয়া-
(ক) ৰাম, লক্ষ্মণে বাটত কোন মুনিৰ আশ্ৰম দেখিলে ?
উত্তৰঃ ৰাম, লক্ষ্মণে বাটত অগস্ত্য মুনিৰ আশ্ৰম দেখিলে।
(খ) অগস্ত্য মুনিয়ে ৰামক ক’ত কুটিৰ সাজি থাকিবলৈ পৰামৰ্শ দিলে ?
উত্তৰঃ অগস্ত্য মুনিয়ে ৰামক পঞ্চবটীত কুটিৰ সাজি থাকিবলৈ পৰামৰ্শ দিলে।
(গ) শূৰ্পনখা কোন আছিল ?
উত্তৰঃ শূৰ্পনখা ৰাৱণৰ ভনীয়েক আছিল।
(ঘ) লক্ষ্মণে শূৰ্পনখাৰ নাক-কাণ কিয় কাটিছিল ?
উত্তৰঃ এদিন শূৰ্পনখাৰ তালৈ আহিল তাই ৰাম-লক্ষ্মণৰ ৰূপত মোহিত হ’ল। তাই ৰামক বিয়াৰ প্ৰস্তাৱ দিলে। ৰামে তাইক লক্ষ্মণৰ ওচৰত পঠিয়ালে। লক্ষ্মণৰ তাইৰ প্ৰস্তাৱত মান্তি নহ’ল। সেয়ে তাই খঙতে তেওঁলোকক ভয় দেখুৱাবলৈ ধৰিলে। তাৰ ফলত লক্ষ্মণৰ খং উঠিল আৰু শূৰ্পনখাৰ নাক-কাণ কাটি দিলে।
(ঙ) খৰ-দূষণ কোন আছিল ?
উত্তৰঃ খৰ-দূষণ শূৰ্পনখা খুড়াকৰ পুতেক আছিল।
(চ) ৰামে অকলে ৰাক্ষসৰ সেনাবোৰ কিদৰে নাশ কৰিছিল ?
উত্তৰঃ ৰামৰ ৰাক্ষসবোৰৰ লগত তয়াময়া ৰণ হ’ল ৰামৰ শৰৰ আগত কোনো টিকি থাকিব নোৱাৰিলে এনেদৰে ৰামে অকলে ৰাক্ষসক বোৰ নাশ কৰিলে।
(২) খালী ঠাই পূৰ কৰা-
(ক) পঞ্চৱটী গোদাবৰী নৈৰ পাৰত আছিল।
(খ) শূৰ্পনখা ৰাৱণ ৰ ভনীয়েক আছিল।
(গ) অগস্ত্য মুনিয়ে ৰামক ধনু আৰু বাণ দিলে।
(৩) বাক্য ৰচনা কৰা-
মোহিত হোৱা, মান্তি নোহোৱা, হতাশ হোৱা, চিন্তি হোৱা |
উত্তৰঃ
মোহিত হোৱাঃ শূৰ্পনখাই ৰামক দেখি মোহিত হোৱা হ’ল ।
মান্তি নোহোৱাঃ লক্ষ্মণে শূৰ্পনখাৰ প্ৰস্তাৱত মান্তুি নহ’ল।
হতাশ হোৱাঃ ৰাহুলৰ পৰিক্ষা ৰিজাল্ট বেয়া হোৱা বাবে হতাশ হৈ পৰিল।
চিন্তি হোৱাঃ ৰামৰ বীৰত্বৰ কথা শুনি ৰাৱন চিন্তি হৈ পৰিল।
Question Answer By Bikash Bora

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects