Chapter 20
লক্ষ্মণ মূৰ্ছা গ’ল
অনুশীলনীঃ
(১) লক্ষ্মণ আৰু মেঘনাদৰ যুদ্ধৰ বৰ্ণনা কৰা।
উত্তৰঃ পিছদিনাৰ যুদ্ধৰ কথা মেঘনাদে ৰামৰ ওপৰত দুগুণ সেনাৰ লৈ আক্ৰমন চলালে। তেওঁ বৰ পৰাক্ৰমী ৰাক্ষস আছিল আৰু অতি মায়াবী আছিল। সিদিনাখন তেওঁ লক্ষ্মণৰ মুখামুখি হ’ল। দুয়ােৰে মাজত প্রচণ্ড ৰণ হ’ল। লক্ষ্মণে মেঘনাদৰ ৰথ টুকুৰা – টুকুৰ কৰি পেলালে। তেওঁৰ সাৰথিক বধ কৰিলে। তেতিয়া মেঘনাদে অতি তীক্ষ বাণ লক্ষ্মণৰ ওপৰত নিক্ষেপ কৰিলে। সেই বাণ লক্ষ্মণৰ বুকুত লাগিল। তেওঁৰ বেদনা অসহনীয় হৈ উঠিল। তেওঁ মূৰ্ছা গ’ল। মেঘনাদে লক্ষ্মণক দাঙি নিব খুজিলে। সেই সময়ত হনুমান উপস্থিত হোৱাত মেঘনাদ পলাল। এনেদৰে লক্ষ্মণ আৰু মেঘনাদৰ লগত যুদ্ধৰ হৈছিল।
(২) লক্ষ্মণ মূৰ্ছা যোৱাত ৰাম কিয় ব্যাকুল হৈ পৰিছিল ?
উত্তৰঃ লক্ষ্মণ মূৰ্ছা যোৱাত ৰাম ব্যাকুল হৈছিল কাৰণ মাতৃ সুমিত্ৰাই লক্ষ্মণক তেওঁৰ হাতত অৰ্পণ কৰিছিল। ৰামে ভাবিবলৈ ধৰিলে-এতিয়া মাতৃ সুমিত্রাই কিদৰে মুখ দেখুৱাম এই বুলি ব্যাকুল হৈছিল।
(৩) খালী ঠাই পূৰ কৰা-
(ক) লঙ্কাৰ প্ৰাসাদৰ চাৰিখন ডাঙৰ দুৱাৰ আছিল।
(খ) পশ্চিমৰ দুৱাৰ ৰক্ষা ৰাৱনৰ পুত্ৰ মেঘানদে কৰিছিল।
(গ) মেঘনাদৰ বুকুত হনুমানে গোৰ মাৰিছিল।
(ঘ) লক্ষ্মণৰ বুকুত তীক্ষ্ণ বাণ লগাত মূৰ্ছা গ’ল।
(৪) বাক্য ৰচনা কৰা-
তয়াময়া ৰণ, টুকুৰা-টুুকুৰ কৰা, হাহাকাৰ লগা, বিলাপ কৰা |
উত্তৰঃ
তয়াময়া ৰণঃ শৰাইঘাট যুদ্ধত আহোম আৰু মোগলৰ মাজত তয়াময়া ৰণ হৈছিল।
টুকুৰা-টুকুৰ কৰাঃ বতাহ-বৰষুণে ৰহিম হতৰ গাওঁ খনৰ ঘৰবোৰ টুকুৰা-টুকুৰ কৰি পেলালে।
হাহাকাৰ লগাঃ Covid 19 বেমাৰ টোয়ে গোটেই পৃথিৱীত হাহাকাৰ সৃষ্টি কৰিলে।
বিলাপ কৰাঃ ৰামে লক্ষ্মণৰ তীক্ষ্ণ বাণ লগা শোকত ”হা লক্ষ্মণ” বুলি বিলাপ কৰিছিল।
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post