Chapter 30
স্বৰ্গাৰোহণ
অনুশীলনীঃ
(১) অশ্বমেধ যজ্ঞৰ উদ্দেশ্য কি আছিল ?
উত্তৰঃ অশ্বমেধ যজ্ঞৰ উদ্দেশ্য হ’ল আগৰ কালত ৰজাই নিজৰ সাম্ৰাজ্যৰ সংগঠনৰ বাবে অশ্বমেধ যজ্ঞৰ কৰিছিল।
(২) প্ৰজাই ৰামক কি অনুৰোধ কৰিছিল ?
উত্তৰঃ প্ৰজাই ৰামক ”সীতা মাতৃ পৰম পৱিত্ৰ | আপুনি তেওঁক গ্ৰহণ কৰক বুলি অনুৰোধ কৰিছিল।
(৩) সীতাই নিজৰ জীৱন-লীলা কিদৰে শেষ কৰিছিল ?
উত্তৰঃ সীতাই নিজৰ জীৱন-লীলা এনেদৰে শেষ কৰিলে যে যদি মই মন-বচন-কৰ্মেৰে পতিব্ৰতা হওঁ তেনেহ’লে পৃথিৱী মাতৃয়ে মোক ঠাই দিয়ক। সীতাই এইবুলি কোৱাৰ লগতে বসুমতীয়ে ফাট মেলিলে আৰু সীতাক লগত লৈ গ’ল এনেদৰে জীৱন-লীলা শেষ কৰিছিল।
(৪) ৰামে নিজৰ সাম্ৰাজ্যৰ কি ব্যৱস্থা কৰিলে ?
উত্তৰঃ ৰামে নিজৰ সাম্ৰাজ্যৰ আঠ ভাগ কৰি সেইবোৰ লৱ, কুশ, ভৰত, শত্ৰুঘ্নৰ পুত্ৰসকলৰ মাজত ভগাই দিলে।
(৫) ৰামে তিনিজওজন ভায়েকৰ লগত কিদৰে স্বৰ্গাৰোহণ কৰিলে ?
উত্তৰঃ ৰামে তিনিজওজন ভায়েকৰ লগত সৰযু নদী পাৰলৈ গ’ল । তাত প্ৰজাই তেওঁলোকক অভিনন্দন জনালে । তাৰ পাছত চাৰিও ভ্ৰাতৃ সৰযু নদীৰ পানীত নামিল আৰু এজন এজনকৈ অদৃশ্য হৈ গ’ল এনেদৰে স্বৰ্গাৰোহণ কৰিলে ।
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post