ভোলাৰ ভ্ৰমণ
পাঠ-চাৰি
ক্ৰিয়া-কলাপ
◯অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
লাপুং = সোলা (নিন্দাৰ্থত)
আহৰি = আজৰি
পাঙি = ভাবি
[ ১] কবিতাটো পঢ়ি তোমাৰ কথাৰে কাহিনীৰ ৰূপ দিয়াঁ।
[ ২] তলৰ পশ্নবোৰৰ উত্তৰ লিখাঁঃ
ক) ভোলা স্বভাৱত কেনেকুৱা?
উত্তৰঃ ভোলা স্বাভাৱত হোলা আছিল।
খ) আদ বয়সত ভোলাৰ কি হ’ল?
উত্তৰঃ আদ বয়সত ভোলাৰ দাঁত সৰি লাপুং সোলা হল।
গ) এদিনাখন ভোলাই কি বুলি কৈ ওলাই গৈছিল?
উত্তৰঃ এদিনাখন ভোলাই দেশ ভ্ৰমণ কৰোঁ বুলি কৈ ওলাই গৈছিল।
ঘ) ভোলাৰ কেনেদৰে যাবৰ মন আছিল?
উত্তৰঃ ভোলাৰ উৰামটৰত যাবৰ মন আছিল।
ঙ) ভোলাই মনত দুখ পাই কাক দূষিলে?
উত্তৰঃ ভোলাই মনত দুখ পাই নিজৰ কপালখনক দূষিলে।
চ) ভোলাই কেনেকৈ দেশ-দুনিয়া চাব বুলি ভাবিলে?
উত্তৰঃ ভোলাই ৰেলৰ পিঠিত উঠি দেশ-দুনিয়া চাব বুলি ভাবিলে।
ছ) ভোলাই ৰে’লক কিয় বদমাচ বুলি ক’লে?
উত্তৰঃ ৰেল খন নৰখোৱা কাৰণে ভোলাই ৰেলক বদমাচ বুলি কলে।
ঝ) নতুন বুধি মতে ভোলাই কি কৰিলে?
উত্তৰঃ নতুন বুধি মতে ভোলাই ডাক টিকট কিনি আনি কপালত লগাই ললে।
ঞ) শেষত ভোলাৰ কেনে দশা হ’ল?
উত্তৰঃ শেষত ভোলাৰ টকা-কড়ি শেষ হল আৰু ভোকতে জীউ উৰি যাওঁ কৰিলে, ভোলাৰ দেশ ভ্ৰমণ সেইখিনিতে সামৰি ঘৰলৈ উভতি আহিল।
[ ৩] তোমাৰ মনত থকা ভ্ৰমন-কাহিনী এটাৰ বিষয় চমুকৈ লিখাঁ।
[ ৪] বাক্য ৰচনা কৰাঁঃ
হোলাৰ ভাই মোলা-ভোলাৰ হোলা ভাই মোলা আছিল।
দেশ-দুনিয়া- ভোলাই ৰেলৰ পিঠিত উঠি দেশ-দুনিয়া চাম বুলি ভাৱিছিল।
ফোঁ-ফোঁৱাই- ৰেলবোৰ ফোঁ-ফোঁৱাই যোৱা দেখি ভোলাৰ খং উঠিছিল।
[ ৫] বুজা আৰু লিখাঁঃ
দেশ—– দেশী
বিদেশ— .বিদেশী……….
স্বদেশ — .স্বদেশী………..
সুখ ——- …সুখী……..
দুখ——- …..দুখী………
Type: Nayan Moni Deka
Post ID : DABP005894
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post