AHSEC Class 11 Geography Chapter 7 প্ৰাকৃতিক বিপৰ্যয় আৰু দুৰ্যোগ পাঠটোৰ উত্তৰ

১। তলত দিয়া উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা।

(ক) তলত উল্লেখ কৰা কোনখন ৰাজ্যত বানপানী সঘনে হ’য়?

(১) বিহাৰ।

(২) পশ্চিম বঙ্গ।

(৩) অসম।

(৪) উত্তৰ প্ৰদেশ।

উত্তৰঃ (৩) অসম।

(খ) উত্তৰাঞ্চল ৰাজ্যত, তলত উল্লেখ কৰা কোখন জিলাত মালপা ভূমিস্খলন সংঘটিত হৈছে?

(১) বাগেশ্বৰ।

(২) চম্পাৱত।

(৩) আলমেৰা।

(৪) পিথোৰাগড়।

উত্তৰঃ (৪) পিথোৰাগড়।

(গ) তলৰ কোনখন ৰাজ্যত শীতকালিও বানপানী হ’য়?

(১) অসম।

(২) পশ্চিম বঙ্গ।

(৩) কেৰেলা।

(৪) তামিলনাডু।

উত্তৰঃ (৪) তামিলনাডু।

(ঘ) তলৰ কোনটো নদীৰ মাজত মাজুলী দ্বিপ অৱস্থিত?

(১) গঙ্গা।

(২) ব্ৰহ্মপুত্ৰ।

(৩) গোদাৱৰী।

(৪) সিন্ধু নদী।

উত্তৰঃ (২) ব্ৰহ্মপুত্ৰ।

(ঙ) শীতল ধুমুহা, তলৰ কোন প্ৰকাৰ প্ৰকৃতিক দুৰ্য্যোগৰ অৰ্ন্তভূক্ত?

(১) বায়ুমণ্ডলীয়।

(২) জলসম্পৰ্কীয়।

(৩) পাৰ্থিব।

(৪) জৈৱিক।

উত্তৰঃ (১) বায়ুমণ্ডলীয়।

২। ৩০ শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(১) বিপদ এটাক কেতিয়া দুৰ্যোগ বুলি কোৱা হ’য়?

উত্তৰঃ যেতিয়া কোনো বিপদজনক ঘটনা হঠাতে আৰু আগজাননী নোহোৱাকৈ সংঘটিত হৈ মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু ফলস্বৰূপে ব্যাপক জীৱনহানি, সম্পত্তিৰ ক্ষতি আৰু সামাজিক–অৰ্থনৈতিক ব্যাঘাত সৃষ্টি কৰে, তেতিয়াই সেই বিপদটোক দুৰ্যোগ বুলি কোৱা হয়।

(২) ভাৰতবৰ্ষৰ হিমালয় অঞ্চল আৰু উত্তৰ-পূৱ অঞ্চলত অধিক পৰিমাণে ভূমিকম্প হ’য় কিয়?

উত্তৰঃ ভাৰতীয় ফলক উত্তৰ আৰু উত্তৰ-পূৱ দিশলৈ ধীৰ গতিত আগবাঢ়ি ইউৰেছীয় ফলকৰ লগত সংঘৰ্ষত লিপ্ত হৈছে। এই সংঘৰ্ষৰ ফলত দুয়োখন ফলক একেলগে আৱদ্ধ হৈ পৰে আৰু ভিতৰত বৃহৎ পৰিমাণৰ শক্তি সঞ্চিত হয়। যেতিয়া এই সঞ্চিত শক্তি হঠাতে মুক্ত হয়, তেতিয়াই হিমালয় পাৰ্বত্য অঞ্চল আৰু উত্তৰ-পূৱ ভাৰতত ভূমিকম্পৰ সৃষ্টি হয়। সেইবাবেই এই অঞ্চলসমূহত ভূমিকম্পৰ ঘটনা অধিক দেখা যায়।

(৩) ঘূৰ্ণী ধুমুহা সৃষ্টি হ’বলৈ মৌলিক প্ৰয়োজনবোৰ কি?

উত্তৰঃ ঘূৰ্ণী ধুমুহা সৃষ্টি হ’বলৈ কিছুমান মৌলিক প্ৰাকৃতিক অৱস্থাৰ প্ৰয়োজন হয়। সেইবোৰ হ’ল—

(ক) যথেষ্ট পৰিমাণে গৰম আৰু জলীয়ভাপযুক্ত বতাহৰ নিৰবচ্ছিন্ন যোগান, যাৰ ফলত অধিক পৰিমাণে সুপ্ত উষ্ণতা মুক্ত হয়।

(খ) শক্তিশালী কোৰিওলিচ বলৰ উপস্থিতি, যিয়ে নিম্নচাপৰ কেন্দ্ৰত বতাহৰ ঘূৰ্ণন ঘটাত সহায় কৰে।

(গ) ট্ৰপোস্ফিয়াৰত বায়ুৰ অস্থিৰ অৱস্থা, যাৰ ফলত স্থানীয় নিম্নচাপ সৃষ্টি হৈ বৃহৎ ধুমুহাৰ বিকাশ ঘটে।

(ঘ) শক্তিশালী উলম্বিক বতাহৰ ওৱেজ (Vertical Wind Shear) ৰ অনুপস্থিতি, যাতে উষ্ণতা আৰু শক্তিৰ উলম্বিক পৰিবহণ ব্যাহত নহয়।

(৪) পূৱ ভাৰতত হোৱা বানপানী আৰু পশ্চিম ভাৰতত হোৱা বানপানাৰ পাৰ্থক্যবোৰ কি?

উত্তৰঃ পূৱ ভাৰতত হোৱা বানপানী আৰু পশ্চিম ভাৰতত হোৱা বানপানীৰ পাৰ্থক্যবোৰ হ’ল-

(ক) পূৱ ভাৰতৰ বানপানী অতি শক্তিশালী। আনহাতে পশ্চিম ভাৰতৰ বানপানী শক্তিশালী নহয়।

(খ) পূৱ ভাৰতৰ বানপানীৰ ফলত জীৱ-জন্তু বা মানুহৰ মৃত্যু হোৱাও দেখিবলৈ পোৱা যায়। আনহাতে পশ্চিম ভাৰতৰ বানপানী ফলত জীৱ-জন্তু বা মানুহৰ ক্ষতি হোৱা দেখিবলৈ পোৱা নাযায়। কিয়নো পূৱ ভাৰতৰ বানপানী দৰে পশ্চিম ভাৰতৰ ইমান শক্তিশালী নহয়।

(৫) মধ্য আৰু পশ্চিম ভাৰতত খৰাং অৱস্থাৰ আধিক্য হোৱাৰ কাৰণ কি?

উত্তৰঃ মধ্য আৰু পশ্চিম ভাৰতত খৰাং অৱস্থাৰ আধিক্য হোৱাৰ প্ৰধান কাৰণবোৰ হ’ল-

ক) জলীয় ভাপ বাহী মৌচুমী বায়ুৰ প্ৰভাৱ এই অঞ্চলবোৰত তেনেই কম । যাৰ ফলত অধিক বৰষুণ দিয়াৰ ক্ষমতা নাথাকে ।

খ) ভাৰতৰ এই অঞ্চলত শুকান বতাহৰ প্ৰকোপ অধিক হোৱা দেখা যায় ।

গ) মধ্য আৰু পশ্চিম ভাৰত সাগৰ মহাসাগৰৰ পৰা বহু দূৰত হোৱা বাবে খৰাং অৱস্থাৰ সৃষ্টি হয় ।

৩। ১২৫ টা শব্দৰ ভিতৰত উত্তৰবোৰ দিয়া।

(১) ভাৰতৰ ভূমিস্খলন প্ৰৱণতাৰ অঞ্চলবোৰ চিনাক্ত কৰা আৰু তাক প্ৰশমিত কৰাৰ উপায় কিছুমান আগবঢ়োৱা।

উত্তৰঃ ভূমিস্খলন বুলিলে পাহাৰীয়া বা এঢলীয়া অঞ্চলত মাটি, শিল আৰু শিলাখণ্ড হঠাতে তললৈ খহি পৰাক বুজায়। ভাৰতৰ বিভিন্ন অংশত ভূ-অৱয়ব, বৰষুণ, ভূমিকম্প আৰু মানৱ কাৰ্যকলাপৰ ফলত ভূমিস্খলনৰ ঘটনা দেখা যায়।

ভাৰতৰ ভূমিস্খলন প্ৰৱণতাৰ অঞ্চলসমূহ—

(ক) অতি উচ্চ প্ৰৱণ মণ্ডল: এই মণ্ডলৰ ভিতৰত নতুন হিমালয় অঞ্চল, উত্তৰ-পূৱ ভাৰত, আন্দামান–নিকোবৰ দ্বীপপুঞ্জ, পশ্চিমঘাট আৰু নীলগিৰি পাহাৰৰ অধিক বৰষুণ হোৱা থিয় ঢালসমূহ অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ভূমিকম্প প্ৰৱণ অঞ্চল আৰু অধিক মানৱ কাৰ্যকলাপ (যেনে— ৰাস্তা নিৰ্মাণ, বান্ধ নিৰ্মাণ আদি) থকা অঞ্চলসমূহো এই শ্ৰেণীত পৰে।

(খ) উচ্চ প্ৰৱণ মণ্ডল: হিমালয় অঞ্চলৰ ৰাজ্যসমূহ আৰু উত্তৰ-পূৱ ভাৰতৰ অধিকাংশ অঞ্চল (অসম সমভূমি বাদ দি) এই মণ্ডলৰ অন্তৰ্গত। এই অঞ্চলসমূহত ভূমিস্খলনৰ সম্ভাৱনা অধিক যদিও অতি উচ্চ প্ৰৱণ মণ্ডলৰ তুলনাত কিছু কম।

(গ) মধ্যমীয়া পৰা নিম্ন প্ৰৱণ মণ্ডল: লাডাখ আৰু স্পিতি অঞ্চল, কম বৰষুণ হোৱা আৰাৱলী অঞ্চল, পশ্চিমঘাট আৰু পূৰ্বঘাটৰ বৃষ্টিছায়া অঞ্চল, দাক্ষিণাত্য মালভূমি, জাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, গোৱা আৰু কেৰেলা আদি অঞ্চল এই শ্ৰেণীত পৰে।

(ঘ) অন্যান্য অঞ্চল: ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবঙ্গ, অসম সমভূমি আৰু দক্ষিণ ভাৰতৰ উপকূলীয় অঞ্চলসমূহত সাধাৰণতে ভূমিস্খলন নঘটে। সেয়ে এই অঞ্চলসমূহক অন্যান্য অঞ্চল হিচাপে ধৰা হয়।

(২) ভেদ্যতা মানে কি? খৰাং বতৰৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক প্ৰকৃতিক দুৰ্য্যোগ প্ৰৱণতাৰ মণ্ডলক ভাগ কৰা আৰু তাক প্ৰশমিত কৰাৰ কেইটামান উপায় আগবঢ়োৱা।

উত্তৰঃ ভেদ্যতা (Vulnerability) বুলিলে কোনো অঞ্চল বা সমাজে প্ৰাকৃতিক দুৰ্যোগৰ ফলত কিমান সহজে ক্ষতিগ্ৰস্ত হ’ব পাৰে, সেই সম্ভাৱনাক বুজায়। অৰ্থাৎ মানুহ, সম্পদ আৰু জীৱন-জীৱিকাই দুৰ্যোগৰ সন্মুখীন হ’লে কিমান বিপদত পৰে তাকেই ভেদ্যতা বোলে। ভেদ্যতাৰ জৰিয়তে আগতীয়াকৈ দুৰ্যোগৰ সম্ভাৱ্য বিপদৰ বিষয়ে জনসাধাৰণক সতৰ্ক কৰা হয়, যাতে ক্ষতি কমাব পৰা যায়।

খৰাং বতৰৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ প্ৰাকৃতিক দুৰ্যোগ প্ৰৱণতাৰ মণ্ডলসমূহ—

(ক) অতি বেছি খৰাং অঞ্চলঃ এই অঞ্চলত বৰষুণ অতি কম হয়। ইয়াৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল— ৰাজস্থানৰ অধিকাংশ অঞ্চল, বিশেষকৈ আৰাৱলী পৰ্বতৰ পশ্চিমাংশ (থৰ মৰুভূমি) আৰু গুজৰাটৰ কচ্ছ অঞ্চল।

(খ) বেছি খৰাং অঞ্চলঃ এই অঞ্চলসমূহত খৰাং ঘনঘন দেখা যায়। ইয়াৰ অন্তৰ্গত— ৰাজস্থানৰ পূৱ অংশ, মধ্য প্ৰদেশৰ অধিকাংশ অঞ্চল, মহাৰাষ্ট্ৰৰ পূৱ অংশ, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল, তামিলনাড়ুৰ উত্তৰৰ ভিতৰুৱা অংশ, জাৰখণ্ডৰ দক্ষিণ অংশ আৰু ওডিশাৰ ভিতৰুৱা অঞ্চল।

(গ) মধ্যমীয়া ধৰণৰ খৰাং অঞ্চলঃ এই অঞ্চলসমূহত মাজে মাজে খৰাং পৰিস্থিতি দেখা যায়। ইয়াৰ অন্তৰ্গত—
ৰাজস্থানৰ উত্তৰ অংশ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দক্ষিণৰ জিলাসমূহ, গুজৰাট, কংকন অঞ্চল বাদ দি মহাৰাষ্ট্ৰ, জাৰখণ্ড, তামিলনাড়ুৰ কোইমবাতুৰ মালভূমি আৰু কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল। ভাৰতবৰ্ষৰ বাকী অঞ্চলসমূহ সাধাৰণতে খৰাং বতৰৰ প্ৰভাৱৰ পৰা মুক্ত।

খৰাং দুৰ্যোগ প্ৰশমিত কৰাৰ উপায়সমূহ—

জল সংৰক্ষণ আৰু বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থা গঢ়ি তোলা।

খাল, পুখুৰী আৰু জলাশয়সমূহ পুনৰুদ্ধাৰ কৰা।

খৰাং-সহিষ্ণু শস্য আৰু আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰা।

বন সংৰক্ষণ আৰু বৃক্ষৰোপণ বৃদ্ধি কৰা।

আগতীয়াকৈ সতৰ্কতা ব্যৱস্থা আৰু দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰয়োগ কৰা।

কৃষকৰ বাবে পানী সঞ্চয় আৰু সেচ সুবিধা উন্নত কৰা।

(৩) কেতিয়া উন্নয়নমুখী কাৰ্য্যও দুৰ্য্যোগৰ কাৰণ হ’ব পাৰে?

উত্তৰঃ প্ৰাকৃতিক শক্তিবোৰেই সকলো দুৰ্য্যোগৰ একমাত্ৰ কাৰণ নহয়। বহু সময়ত মানুহে কৰা উন্নয়নমুখী কাৰ্য্যসমূহো বিভিন্ন ধৰণৰ দুৰ্য্যোগৰ মূল কাৰণ হৈ উঠিব পাৰে। যেতিয়া উন্নয়ন কাৰ্যসমূহ পৰিকল্পনাহীন, অবৈজ্ঞানিক আৰু পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰা ধৰণে কৰা হয়, তেতিয়াই সেইবোৰ দুৰ্য্যোগ সৃষ্টিৰ কাৰণ হয়।

মানুহে কৰা এনে কিছুমান কাৰ্য্যৰ ফলত সৃষ্টি হোৱা দুৰ্য্যোগসমূহ হ’ল—

(ক) ভূপাল গেচ দুৰ্য্যোগ, যি এটা শিল্পজনিত দুৰ্য্যোগ।

(খ) চাৰনোবিল পাৰমাণবিক বিপদ, যি পাৰমাণবিক শক্তিৰ অবৈজ্ঞানিক ব্যৱহাৰৰ ফল।

(গ) যুদ্ধ আৰু CFC গেছৰ ব্যৱহাৰৰ ফলত ওজোন স্তৰৰ ক্ষয়।

(ঘ) সেউজগৃহ গেছৰ বৃদ্ধি আৰু পৰিৱেশ প্ৰদূষণ যেনে— বায়ু, পানী, শব্দ আৰু মাটিৰ প্ৰদূষণ।

এইবোৰ মানৱসৃষ্ট কাৰ্য্যৰ ফলত কিছুমান প্ৰাকৃতিক দুৰ্য্যোগো পৰোক্ষভাৱে অধিক ভয়ংকৰ হৈ উঠে। উদাহৰণস্বৰূপে— হাবি কটা, অবৈজ্ঞানিক ভূমি ব্যৱহাৰ, পাহাৰীয়া অঞ্চলত নিৰ্মাণ কাৰ্য চলোৱা আদি কাৰণত ভূমিস্খলন আৰু বানপানীৰ দৰে দুৰ্য্যোগৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি পায়।

সেয়েহে কোৱা যায় যে পৰিকল্পনাহীন আৰু পৰিৱেশ-বিৰোধী উন্নয়নমুখী কাৰ্য্য কেতিয়াবা প্ৰাকৃতিক দুৰ্য্যোগতকৈও অধিক ভয়ংকৰ দুৰ্য্যোগৰ সৃষ্টি কৰিব পাৰে।

Scroll to Top