সংবিধান প্ৰস্ততকৰণ
১। তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানৰ নহয়?
(ক) সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰে।
(খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে।
(গ) সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবোৰ স্পষ্ট কৰি দিয়ে।
(ঘ) সংবিধানে কেতবোৰ মূল্যবোধৰ প্ৰকাশ কৰে।
উওৰঃ (খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে।
২। তলত উল্লেখ কৰা কোনটো যুক্তিয়ে ভালদৰে প্ৰতিপন্ন কৰে যে সংসদতকৈ সংবিধানৰ কৰ্তৃত্ব উচ্চ ?
(ক) সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল।
(খ) সংবিধান ৰচকসকল সংসদৰ সদস্যতকৈ অধিক খ্যাতি সম্পন্ন নেতা।
(গ) সংসদ কেনেদৰে গঠিত হ’ব আৰু ইয়াৰ ক্ষমতাবোৰ কেনেধৰণৰ হ’ব সংবিধানে নিৰ্ধাৰণ কৰি দিয়ে।
(ঘ) সংসদে সংবিধান সংশোধন কৰিব নোৱাৰে।
উত্তৰঃ (গ) সংসদ কেনেদৰে গঠিত হ’ব আৰু ইয়াৰ ক্ষমতাবোৰ কেনেধৰণৰ হ’ব সংবিধানে নিৰ্ধাৰণ কৰি দিয়ে।
৩। আমাক সংবিধানৰ প্ৰয়োজন কিয় ?
উত্তৰঃ এখন ৰাষ্ট্ৰ সুচাৰুৰূপে পৰিচালিত কৰিবলৈ হ’লে প্ৰত্যেক ৰাষ্ট্ৰৰেই একোখন সংবিধান থকাটো অতিশয় প্ৰয়োজন।
৪। সংবিধানত সাধাৰণ নাগৰিকৰ অধিকাৰবোৰ লিপিবদ্ধ কৰা থাকে নে ?
উত্তৰঃ সংবিধানত সাধাৰণতে নাগৰিকৰ কেতবোৰ অধিকাৰ লিপিবদ্ধ কৰা থাকে,যিয়ে নাগৰিকৰ অধিকাৰবোৰ সুনিশ্চিত কৰে।
৫। সংবিধান যুক্তৰাষ্ট্ৰীয় শাসন ব্যবস্থাৰ বাবে কিয় প্ৰয়োজন?
উত্তৰঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত সংবিধান থকাটো নিতান্তই প্ৰয়োজন। কাৰণ এই ধৰণৰ শাসন ব্যৱস্থাত দুখন চৰকাৰ— কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ— একেলগে কাৰ্যনিৰ্বাহ কৰে। ফলস্বৰূপে, ক্ষমতাক কেন্দ্ৰ কৰি এই দুয়ো চৰকাৰৰ মাজত সংঘাত সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। কিন্তু সংবিধানে এই সংঘাতসমূহ মীমাংসা কৰাৰ উপযুক্ত ব্যৱস্থা আগবঢ়ায়। লগতে, সংবিধানৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ স্পষ্ট বিভাজন কৰা হোৱাৰ বাবে সংঘাতৰ সম্ভাৱনা যথেষ্ট পৰিমাণে হ্ৰাস পায়। এই কাৰণেই যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত সংবিধান অতি আৱশ্যক।
৬। সংবিধানে নাগৰিকৰ মৌলিক পৰিচয়টো নিশ্চিত কৰে নে?
উত্তৰঃ নাগৰিকৰ মৌলিক পৰিচয়টো সংবিধানে নিশ্চিত কৰে।
৭। সংবিধানে চৰকাৰৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিয়ে নে ?
উত্তৰঃ সংবিধানে চৰকাৰৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত সীমিবদ্ধতা আনি দিয়ে।
৮। ভাৰতবৰ্ষৰ সংবিধানখন কোনে প্ৰণয়ন কৰিছিল ?
উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানখন সংবিধান সভাই প্ৰণয়ন কৰিছিল।
৯। দেশ বিভাজনৰ ফলশ্ৰুতিত সংবিধান সভাৰ কাৰ্যত ব্যাঘাত জন্মিছিল নে ?
উত্তৰঃ দেশ বিভাজনৰ ফলশ্ৰুতিত সংবিধান সভাৰ কাৰ্যত ব্যাঘাত জন্মিছিল।
১০। “কেবিনেট মিশ্বন” ভাৰতবৰ্ষত কোন চনত আহিছিল ?
উত্তৰঃ “কেবিনেট মিশ্বন” ভাৰতবৰ্ষত ১৯৪৬ চনত আহিছিল।
১১। “ভাৰতৰ স্বাধীনতা আইন,১৯৪৭”কোন সংসদত গৃহীত হৈছিল ?
উত্তৰঃ “ভাৰতৰ স্বাধীনতা আইন,১৯৪৭” বৃটিছ সংসদত গৃহীত হৈছিল।
১২। মুছলিম লীগৰ নেতাজনৰ নাম কি ?
উত্তৰ মুছলিম লীগৰ নেতাজনৰ নাম হ’ল মি: জিন্না।
১৩। সংবিধান সভাৰ সভাপতিজনৰ নাম কি ?
উত্তৰঃ সংবিধান সভাৰ সভাপতিজনৰ নাম হ’ল ড° ৰাজেন্দ্ৰ প্ৰসাদ।
১৪। ভাৰতৰ সংবিধানখন কোন চনৰ পৰা কাৰ্যকৰী হৈছিল ?
উত্তৰঃ ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল।
১৫। ভাৰতবৰ্ষৰ সংবিধানৰ উৎস এটা উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ উৎস এটা হ’ল বৃটিছ সংবিধান।
১৬। ভাৰতবৰ্ষ বিভাজনৰ মূল নায়ক কোন ?
উত্তৰঃ ভাৰতবৰ্ষ বিভাজনৰ মূল নায়ক হ’ল লৰ্ড মাউণ্টবেটেন ।
চমু উত্তৰৰ প্ৰশ্ন:
১। সংবিধানৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ এখন ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দেশত এখন সংবিধানৰ অতি আৱশ্যক। সংবিধানৰ দ্বাৰাই ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ গাঁথনি নিৰ্ধাৰণ কৰা হয় আৰু গণতান্ত্ৰিক ব্যৱস্থাক সংৰক্ষণ কৰা হয়। ই এখন লিখিত দলিল, য’ত চৰকাৰৰ ক্ষমতা আৰু দায়িত্বসমূহ স্পষ্টভাৱে লিপিবদ্ধ থাকে। সংবিধানে প্ৰদত্ত ক্ষমতাৰ সীমাৰ বাহিৰত চৰকাৰে কোনো কাম কৰিলে, ন্যায়ালয়ে সেই কামক অ-সাংবিধানিক বুলি ঘোষণা কৰি চৰকাৰক নিয়ন্ত্ৰণ কৰিব পাৰে। এইদৰে সংবিধানে চৰকাৰৰ অত্যাচাৰী শাসন ৰোধ কৰি নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতা সুৰক্ষিত কৰে।
২। সংবিধানে সমন্বয় আৰু প্ৰতিশ্ৰুতিক অনুমোদন দিয়ে।ব্যাখ্যা কৰা।
উত্তৰঃ সংবিধানে সমন্বয় আৰু প্ৰতিশ্ৰুতিক অনুমোদন দিয়ে। সংবিধানৰ মূল কাৰ্য হ’ল কিছুমান মৌলিক নীতি নিৰ্ধাৰণ কৰা, যিবোৰ নীতিৰ জৰিয়তে ৰাষ্ট্ৰ এখনৰ সকলো শ্ৰেণীৰ লোকৰ মাজত নূন্যতম সমন্বয় স্থাপন কৰা যায়। ৰাষ্ট্ৰৰ প্ৰত্যেক নাগৰিকে কিছুমান মৌলিক নীতি আৰু নিয়মৰ ক্ষেত্ৰত উমৈহতীয়া সন্মতি প্ৰকাশ কৰে আৰু সেইবোৰ মানি চলাটো সকলোৰে বাবে বাধ্যতামূলক হয়। যদি কোনো ব্যক্তি বা গোটে এই নীতি-নিয়ম অমান্য কৰে, তেন্তে সংবিধান অনুসাৰে শাস্তিৰ ব্যৱস্থা থাকে। এইদৰে সংবিধানৰ জৰিয়তে সকলোৱে দিয়া এনে প্ৰতিশ্ৰুতিয়ে ৰাষ্ট্ৰখনত সামাজিক আৰু ৰাজনৈতিক সমন্বয় স্থাপন কৰাত সহায় কৰে।
৩। সংবিধানে চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আনে।ব্যাখ্যা কৰা।
উত্তৰঃ সংবিধানে চৰকাৰৰ ক্ষমতাৰ ওপৰত স্পষ্ট সীমাবদ্ধতা আৰোপ কৰে। সংবিধানৰ দ্বাৰাই চৰকাৰে কিমান দূৰলৈকে ক্ষমতা প্ৰয়োগ কৰিব পাৰিব, সেইটো নিৰ্ধাৰণ কৰা হয়। সেইবাবে চৰকাৰে নিজৰ ক্ষমতাৰ সীমা অতিক্ৰম কৰি নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে। সংবিধানে নাগৰিকৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰি চৰকাৰক নিয়ন্ত্ৰণত ৰাখে। যদিও সংবিধানে আইন প্ৰণয়ন বা নীতি গ্ৰহণৰ বাবে কোনো নিৰ্দিষ্ট কৰ্তৃপক্ষক ক্ষমতা প্ৰদান কৰে, তথাপি সেই ক্ষমতা সংবিধান নিৰ্ধাৰিত সীমাৰ ভিতৰতেই থাকিব লাগিব। জনসাধাৰণৰ ক্ষতি কৰা এনে কোনো আইন বা সিদ্ধান্ত কৰ্তৃপক্ষই গ্ৰহণ কৰিব নোৱাৰে।
৪। সংবিধানে সমাজ এখনৰ আশা-আকাংক্ষা কেনেদৰে পূৰণ কৰে ?
উত্তৰঃ সংবিধানে সমাজ এখনৰ আশা-আকাংক্ষা পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই সমাজৰ কল্যাণ সাধন কৰি এখন ন্যায়সংগত আৰু সমতা ভিত্তিক সমাজ গঢ়াৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। সমাজৰ আশা-আকাংক্ষা বাস্তবায়নৰ উদ্দেশ্যে সংবিধানে চৰকাৰক কিছুমান সকাৰাত্মক পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষমতা আৰু দিশা প্ৰদান কৰিছে। উদাহৰণস্বৰূপে, সমাজৰ পৰা অসমতা আৰু জাতিগত বৈষম্য দূৰ কৰিবলৈ চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে। তদুপৰি, সমাজত বসবাস কৰা সকলো লোকৰ নূন্যতম মৰ্যাদা, আত্মসন্মান আৰু সন্মানজনক জীৱন যাপন নিশ্চিত কৰিবলৈ বিভিন্ন আঁচনি আৰু কল্যাণমূলক কাৰ্যসূচী গ্ৰহণৰ বাবে সংবিধানে নিৰ্দেশনা প্ৰদান কৰিছে।
৫।সংবিধান সভাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ বাবে এখন সংবিধান প্ৰণয়নৰ দায়িত্ব সংবিধান সভাৰ ওপৰত ন্যস্ত কৰা হৈছিল। কেবিনেট মিশ্বনৰ আঁচনি অনুসৰি ১৯৪৬ চনৰ মে’ মাহত সংবিধান সভা গঠনৰ প্ৰস্তুতি আৰম্ভ হয়। এই সভাই দীৰ্ঘ আলোচনা আৰু পৰ্যালোচনাৰ পিছত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধানখন চূড়ান্তভাৱে গ্ৰহণ কৰে। সেইদিনা সংবিধান সভাৰ ২৮৪ জন সদস্য উপস্থিত থাকি সংবিধানখনত স্বাক্ষৰ দান কৰিছিল। সংবিধান সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু খচৰা সমিতিৰ সভাপতি আছিল ড° বি. আৰ. আম্বেদকাৰ।
৬।জৱাহৰলাল নেহৰুৰ “উদ্দেশ্য সম্বলিত প্ৰস্তাৱ”যিকোনো তিনিটা নীতি উল্লেখ কৰা।
উত্তৰঃ জৱাহৰলাল নেহৰুয়ে উত্থাপন কৰা “উদ্দেশ্য সম্বলিত প্ৰস্তাৱ”ৰ যিকোনো তিনিটা নীতি তলত উল্লেখ কৰা হ’ল—
১। ভাৰতবৰ্ষক এখন স্বাধীন আৰু সাৰ্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ শাসন ব্যৱস্থাৰ বাবে এখন সংবিধান প্ৰণয়ন কৰা।
২। সংখ্যালঘু, অনুন্নত, জনজাতি লোকসকল তথা অনগ্ৰসৰ আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ লোকসকলৰ অধিকাৰ আৰু স্বাৰ্থৰ সুৰক্ষা প্ৰদান কৰা।
৩। সাৰ্বভৌম স্বাধীন ভাৰতবৰ্ষৰ সকলো ক্ষমতা আৰু কৰ্তৃত্ব জনসাধাৰণৰ পৰা আহিব বুলি ঘোষণা কৰা।
৭। ইংলেণ্ডৰ সংবিধানক অনুসৰণ কৰি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা তিনিটা নীতি উল্লেখ কৰা।
উত্তৰঃ ইংলেণ্ডৰ সংবিধানক অনুসৰণ কৰি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা তিনিটা নীতি তলত উল্লেখ কৰা হল-
১। সংসদীয় প্ৰথাৰ চৰকাৰ।
২। আইনৰ অনুশাসনৰ ধাৰণা।
৩। আইন প্ৰণয়নৰ পদ্ধতি।
৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা আনি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা দুটা নীতি উল্লেখ কৰা।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা আনি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা দুটা নীতি তলত উল্লেখ কৰা হল-
১। মৌলিক অধিকাৰ।
২। ন্যায়পালিকাৰ স্বাধীনতা আৰু ন্যায়িক সমীক্ষা।
৯। আয়াৰলেণ্ডৰ সংবিধানৰ পৰা কোনটো নীতি ধাৰ কৰি আনি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰঃ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ধাৰ কৰি আনি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা নীতিটো হৈছে- ৰাষ্ট্ৰৰ নিৰ্দ্দেশাত্মক নীতি।
১০। ভাৰতৰ সংবিধানত কানাডাৰ কোনবোৰ নীতি সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰঃ ভাৰতৰ সংবিধানত কানাডা সংবিধানৰ পৰা সন্নিবিষ্ট কৰা নীতিসমূহ হ’ল-
১। অৰ্দ্ধ-যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা।
২। শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ সৈতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা।
৩। অৱশিষ্ট ক্ষমতাৰ ধাৰণা।
১১। ফ্ৰান্সৰ সংবিধানৰ কোনবোৰ নীতি ভাৰতৰ সংবিধানত সন্মিবিষ্ট কৰা হৈছে ?
উত্তৰঃ ফ্ৰান্সৰ সংবিধানৰ পৰা ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা নীতিসমূহ হৈছে- স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ।
১২। সংবিধান সভাৰ কাৰ্যত দেশ বিভাজনে কেনেদৰে প্ৰভাৱ পেলাইছিল চমুকৈ লিখা।
উত্তৰঃ দেশ বিভাজনে সংবিধান সভাৰ কাৰ্যত গভীৰ প্ৰভাৱ পেলাইছিল। দেশ বিভাজনৰ ফলত দেশজুৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পাইছিল। ইয়াৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে চৰকাৰী আৰু বেচৰকাৰী সম্পত্তিৰ ব্যাপক ক্ষতি হৈছিল। এই অস্থিৰ পৰিস্থিতিয়ে সংবিধান সভাৰ কাম-কাজত যথেষ্ট ব্যাঘাত জন্মাইছিল।
ইয়াৰ উপৰি, দেশ বিভাজনৰ পাছত সংবিধান সভাৰ গঠনতো পৰিবৰ্তন আনিবলগীয়া হৈছিল। পাকিস্তানৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ পৰা নিৰ্বাচিত হ’বলগীয়া সদস্যসকল বাদ দিয়া হৈছিল। ১৯৪৭ চনৰ ৩১ ডিচেম্বৰত লোৱা সিদ্ধান্ত অনুসৰি প্ৰদেশসমূহৰ পৰা নিৰ্বাচিত সদস্য সংখ্যা ২২৯ জনলৈ হ্ৰাস কৰা হৈছিল। এইদৰে দেশ বিভাজনে সংবিধান সভাৰ কাৰ্যত গভীৰ প্ৰভাৱ পেলাইছিল।
১৩।ভাৰতৰ সংবিধানৰ তিনিটা উৎস লিখা ।
উত্তৰঃ ভাৰতৰ সংবিধানৰ তিনিটা মুখ্য উৎস তলত উল্লেখ কৰা হ’ল—
১। ভাৰত চৰকাৰৰ আইন, ১৯৩৫ঃ
ভাৰত চৰকাৰৰ আইন ১৯৩৫ ত উল্লেখ থকা ক্ষমতাৰ বিভাজন, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, স্বায়ত্তশাসন, জৰুৰীকালীন ক্ষমতা আৰু কিছুমান ৰাজ্যত দ্বি-সদনীয় বিধানমণ্ডলৰ নীতিসমূহ ভাৰতীয় সংবিধান ৰচয়িতাসকলে নিজৰ সংবিধানত সন্নিবিষ্ট কৰিছিল।
২। ব্ৰিটিছ সংবিধানঃ
ব্ৰিটিছ সংবিধানৰ পৰা ভাৰতীয় সংবিধান প্ৰণেতাসকলে সংসদীয় শাসন ব্যৱস্থাৰ ধাৰণা গ্ৰহণ কৰে। ইয়াৰ ফলস্বৰূপে ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যসমূহত সংসদীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। সেয়ে ভাৰতৰ সংসদীয় শাসন ব্যৱস্থাত ব্ৰিটিছ সংবিধানৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা যায়।
৩। স্বাধীনতা আন্দোলনঃ
ভাৰতীয় স্বাধীনতা আন্দোলনে সংবিধানৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ “উদ্দেশ্য সম্বলিত প্ৰস্তাৱ” ভাৰতীয় সংবিধান ৰচনাৰ মূল আধাৰ হিচাপে গ্ৰহণ কৰা হৈছিল। লগতে স্বাধীনতা আন্দোলনৰ সময়ত উত্থাপিত সমতা, নাগৰিকৰ স্বাধীনতা আৰু ধৰ্মনিৰপেক্ষতাৰ নীতিসমূহো সংবিধানত স্থান পাইছে।