AHSEC Class 11 Political Science Chapter 2 মৌলিক অধিকাৰ পাঠটোৰ উত্তৰ

মৌলিক অধিকাৰ

১। তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানৰ নহয় ?

(ক) সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰে ।

(খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে।

(গ) সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবোৰ স্পষ্ট কৰি দিয়ে ।

(ঘ) সংবিধানে কেতবোৰ মূল্যবোধৰ প্ৰকাশ কৰে ।

উত্তৰঃ (খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে।

২। তলত উল্লেখ কৰা কোনটো যুক্তিয়ে ভালদৰে প্ৰতিপন্ন কৰে যে সংসদতকৈ সংবিধানৰ কৰ্তৃত্ব উচ্চ ?

(ক) সংসদ গঠনৰ আগতে সংবিধানৰ ৰচনা কৰা হৈছিল।

(খ) সংবিধান ৰচকসকল সংসদৰ সদস্যসকলতকৈ অধিক খ্যাতিসম্পন্ন নেতা ।

উত্তৰঃ (ক) সংসদ গঠনৰ আগতে সংবিধানৰ ৰচনা কৰা হৈছিল।

৩। ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা । মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি নে ?

উত্তৰঃ ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত লিপিবদ্ধ কৰা আছে। ভাৰতীয় নাগৰিকে ছয় প্ৰকাৰৰ মৌলিক অধিকাৰ ভোগ কৰে। সেইবোৰ তলত বৰ্ণনা কৰা হ’ল—

(ক) সমতাৰ অধিকাৰ (অনুচ্ছেদ ১৪ ৰ পৰা ১৮ লৈ)
এই অধিকাৰৰ অন্তৰ্ভুক্ত হৈছে আইনৰ দৃষ্টিত সকলো নাগৰিকৰ সমতা, আইনৰ সম সুৰক্ষা, ধৰ্ম, জাতি, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধকৰণ, ৰাজহুৱা ঠাইসমূহত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা, অস্পৃশ্যতা বৰ্জন আৰু উপাধি প্ৰদান নিষিদ্ধ কৰা।

(খ) স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ১৯ ৰ পৰা ২২ লৈ)
ইয়াৰ অন্তৰ্ভুক্ত হৈছে বাক্‌ আৰু মতামত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতা, সংঘ বা সংস্থা গঠন কৰাৰ অধিকাৰ, দেশৰ ভিতৰত অবাধ গমন আৰু বসবাস কৰাৰ স্বাধীনতা তথা জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ।

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ (অনুচ্ছেদ ২৩ আৰু ২৪)
এই অধিকাৰ অনুসৰি মানুহৰ ক্ৰয়-বিক্ৰয়, বেগাৰ বা বিনা বেতনৰ শ্ৰম, জোৰ-জোলোম কৰি শ্ৰম আদায় কৰা নিষিদ্ধ কৰা হৈছে। লগতে ১৪ বছৰৰ তলৰ শিশুক বিপদসংকুল কামত নিয়োগ কৰাটোও নিষিদ্ধ।

(ঘ) ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ২৫ ৰ পৰা ২৮ লৈ)
এই অধিকাৰ মতে নাগৰিকে নিজৰ ইচ্ছামতে ধৰ্ম পালন, প্ৰচাৰ আৰু ধৰ্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰে।

(ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (অনুচ্ছেদ ২৯ আৰু ৩০)
এই অধিকাৰ অনুসৰি চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ ক্ষেত্ৰত কোনো নাগৰিকক বঞ্চিত কৰিব নোৱাৰি। লগতে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে নিজৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ লাভ কৰে।

(চ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ (অনুচ্ছেদ ৩২ আৰু ২২৬)
এই অধিকাৰ অনুসৰি মৌলিক অধিকাৰসমূহ ৰক্ষা কৰাৰ বাবে নাগৰিকে উপযুক্ত লেখ জাৰি কৰিবলৈ ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে। এই অধিকাৰক সংবিধানৰ “আত্মা” বুলি কোৱা হয়।

মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰি, কিন্তু সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে নহয়। ইয়াৰ বাবে সংবিধান সংশোধনৰ বিশেষ প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগে।

৪। মৌলিক অধিকাৰ কাক বোলে ? ভাৰতীয় নাগৰিকে উপভোগ কৰা মৌলিক অধিকাৰবোৰ আলোচনা কৰা ।

উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বসবাস কৰা নাগৰিকসকলৰ ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰা আৰু তেওঁলোকৰ প্ৰতিভাৰ পূৰ্ণ বিকাশ নিশ্চিত কৰাৰ বাবে কিছুমান অধিকাৰ প্ৰদান কৰা অত্যন্ত প্ৰয়োজন। এই অধিকাৰসমূহক সাধাৰণতে মৌলিক অধিকাৰ বুলি কোৱা হয়। ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত এই মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে। ভাৰতীয় নাগৰিকে উপভোগ কৰা মৌলিক অধিকাৰসমূহ তলত আলোচনা কৰা হ’ল—

(ক) সমতাৰ অধিকাৰ (অনুচ্ছেদ ১৪ ৰ পৰা ১৮ লৈ)
এই অধিকাৰৰ অন্তৰ্ভুক্ত হৈছে আইনৰ দৃষ্টিত সকলো নাগৰিকৰ সমতা আৰু আইনৰ সম সুৰক্ষা। ধৰ্ম, জাতি, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে। ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদি ঠাইত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা, অস্পৃশ্যতা বৰ্জন আৰু শিক্ষাগত উপাধিৰ বাহিৰে অন্য উপাধি প্ৰদান নিষিদ্ধ কৰাটোও ইয়াৰ অন্তৰ্ভুক্ত।

(খ) স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ১৯ ৰ পৰা ২২ লৈ)
এই অধিকাৰৰ অধীনত নাগৰিকে বাক্‌ আৰু মতামত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতা, সংঘ বা সংস্থা গঠন কৰাৰ অধিকাৰ আৰু জীৱন তথা ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ লাভ কৰে।

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ (অনুচ্ছেদ ২৩ আৰু ২৪)
এই অধিকাৰ অনুসৰি মানুহৰ ক্ৰয়-বিক্ৰয়, বেগাৰ বা বিনা বেতনৰ শ্ৰম, জোৰ-জোলোম কৰি শ্ৰম আদায় কৰা নিষিদ্ধ কৰা হৈছে। লগতে ১৪ বছৰৰ তলৰ শিশুক বিপদসংকুল কামত নিয়োগ কৰাটো নিষিদ্ধ।

(ঘ) ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ (অনুচ্ছেদ ২৫ ৰ পৰা ২৮ লৈ)
এই অধিকাৰ মতে নাগৰিকে নিজৰ ইচ্ছামতে ধৰ্ম পালন, প্ৰচাৰ আৰু ধৰ্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ স্বাধীনতা লাভ কৰে।

(ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (অনুচ্ছেদ ২৯ আৰু ৩০)
এই অধিকাৰ অনুসৰি চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত কোনো নাগৰিকক বঞ্চিত কৰিব নোৱাৰি। লগতে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে নিজৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰে।

(চ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ (অনুচ্ছেদ ৩২ আৰু ২২৬)
এই অধিকাৰৰ অধীনত নাগৰিকে নিজৰ মৌলিক অধিকাৰসমূহ ৰক্ষা কৰিবলৈ ন্যায় বিচাৰি ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে আৰু উপযুক্ত লেখ জাৰি কৰাৰ আবেদন কৰিব পাৰে।

৫। ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা, ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ।

(খ) স্বাধীনতা আন্দোলনত অনুপ্ৰেৰণা যোগোৱা মহান আদৰ্শক পোষন আৰু অনুসৰণ কৰা ।

(গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা অক্ষুন্ন ৰখা ।

(ঘ) দেশখনক ৰক্ষা কৰা ।

(ঙ) সকলোৰে মাজত সমন্বয় আৰু ভ্ৰাতৃত্বভাবৰ সৃষ্টি কৰা ।

(চ) আমাৰ মিশ্ৰিত সংস্কৃতিৰ মূল্যৱান ঐতিহ্যৰ ওপৰত মূল্য আৰোপ কৰা আৰু তাৰ সংৰক্ষণ কৰা ।

(ছ) প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰা তথা জীৱিত প্ৰাণীৰ প্ৰতি দয়া প্ৰদৰ্শন কৰা ।

(জ) বৈজ্ঞানিক দৃষ্টিভংগী, মানৱতাবাদ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা ।

(ঝ) ব্যক্তিগত আৰু সামূহিক সকলো দিশৰ উৎকৰ্ষ সাধনৰ বাবে যত্নৱান হোৱা ।

(ঞ) অভিভাৱকসকলে তেওঁলোকৰ ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক শিক্ষাগ্ৰহণৰ সুযোগৰ ব্যৱস্থা কৰা ।

৬। ভাৰতৰ সংবিধানত কি কি বিষয়ৰ স্বাধীনতাৰ অধিকাৰ দিয়া হৈছে ? সেইবোৰৰ সীমাবদ্ধতাৰ বিষয়ে চমু আভাস দিয়া ।

উত্তৰঃ ভাৰতৰ সংবিধানত ১৯নং অনুচ্ছেদৰ পৰা ২২নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিবিষ্ট আছে। এই অনুচ্ছেদৰ অধীনত বৰ্তমান ছয় প্ৰকাৰৰ অধিকাৰ অন্তৰ্ভুক্ত আছে। এই অধিকাৰসমূহ হ’ল-

(ক) কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা ।

(খ) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ স্বাধীনতা ।

(গ) সংস্থা আৰু সংঘ গঠন কৰাৰ স্বাধীনতা ।

(ঘ) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ ।

(ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস আৰু স্থায়ীভাৱে থকাৰ অধিকাৰ ।

(চ) যিকোনো চাকৰি নাইবা জীৱন নিৰ্বাহৰ উপায়, বাণিজ্য তথা ব্যৱসায় কৰিৰ অধিকাৰ। ইয়াৰ উপৰিও অভিযুক্ত বা আচামীৰ অধিকাৰ, জীয়াই থকাৰ আাৰু ব্যক্তি স্বাধীনতা ইয়াৰ অৰ্ন্তগত অধিকাৰ।

এই অধিকাৰসমূহৰ কিছুমান সীমাবদ্ধতাও আছে। সেইবোৰ হ’ল-

(ক) স্বাৰ্থ আৰু সামাজিক শান্তি তথা নিৰাপত্তা, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব তথা অখণ্ডতা ৰক্ষাৰ পৰিপন্থী হ’লে চৰকাৰে আইন প্ৰণয়ন কৰি ন্যায়সংগত তথা যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে ।

(খ) দেশত জৰুৰী অৱস্থা চলি থকা সময়ত এনেঅধিকাৰৰ ওপৰত চৰকাৰে বাধা আৰোপ কৰিলে, ন্যায় বিচাৰি আদালত ওচৰ চাপিব পৰা নাযায় ।

৭। মৌলিক অধিকাৰসমূহৰ সীমাবদ্ধতাৰ বিষয়ে বহলাই লিখা ।

উত্তৰঃ মৌলিক অধিকাৰসমূহ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ। এই অধিকাৰসমূহ নাগৰিকৰ ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰে যদিও এইবোৰ সম্পূৰ্ণ অবাধ নহয়। সমাজৰ শান্তি, শৃংখলা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধানে মৌলিক অধিকাৰসমূহৰ ওপৰত কিছুমান যুক্তিসংগত সীমাবদ্ধতা আৰোপ কৰিছে। মৌলিক অধিকাৰসমূহৰ সীমাবদ্ধতাসমূহ তলত বহলাই আলোচনা কৰা হ’ল—

(ক) জৰুৰীকালীন অৱস্থাত অধিকাৰৰ সীমাবদ্ধতাঃ
ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে কিছুমান মৌলিক অধিকাৰৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰিব পাৰে। এনে অৱস্থাত নাগৰিকৰ কিছুমান অধিকাৰ স্থগিত বা সংকুচিত হ’ব পাৰে।

(খ) বাক্‌ আৰু মতামত প্ৰকাশৰ স্বাধীনতাৰ সীমাবদ্ধতাঃ
সংবিধানে নাগৰিকক বাক্‌ আৰু মতামত প্ৰকাশৰ স্বাধীনতা প্ৰদান কৰিছে যদিও ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, অখণ্ডতা, ৰাষ্ট্ৰীয় নিৰাপত্তা, সামাজিক শৃংখলা, নৈতিকতা আৰু জনস্বাৰ্থ ৰক্ষাৰ স্বাৰ্থত চৰকাৰে এই অধিকাৰৰ ওপৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

(গ) সমবেত হোৱাৰ অধিকাৰৰ সীমাবদ্ধতাঃ
নাগৰিকে নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতা লাভ কৰে। কিন্তু যদি এনে সমবেত হোৱাই সামাজিক শান্তি, জনসুৰক্ষা বা ৰাষ্ট্ৰীয় অখণ্ডতা বিপন্ন কৰে, তেন্তে ৰাষ্ট্ৰই আইন অনুসৰি এই অধিকাৰৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰিব পাৰে।

(ঘ) সংস্থা বা সংঘ গঠনৰ স্বাধীনতাৰ সীমাবদ্ধতাঃ
ভাৰতীয় সংবিধানে নাগৰিকক সংস্থা বা সংঘ গঠনৰ স্বাধীনতা প্ৰদান কৰিছে। তথাপি, যদি এনে সংস্থা বা সংঘৰ কাৰ্যকলাপে সামাজিক শৃংখলা, নৈতিকতা বা ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু অখণ্ডতা ক্ষুণ্ণ কৰে, তেন্তে চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰি এই অধিকাৰৰ ওপৰত সীমাবদ্ধতা আনিব পাৰে।

(ঙ) পেচা, বাণিজ্য আৰু ব্যৱসায়ৰ অধিকাৰৰ সীমাবদ্ধতাঃ
সংবিধানে নাগৰিকক যিকোনো পেচা গ্ৰহণ কৰা, বাণিজ্য বা ব্যৱসায় কৰাৰ অধিকাৰ দিছে। কিন্তু জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা, উপযুক্ত অৰ্হতাৰ অভাৱ অথবা নিয়ন্ত্ৰণৰ প্ৰয়োজন দেখা দিলে চৰকাৰে আইন অনুসৰি এই অধিকাৰৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰিব পাৰে।

এইদৰে, মৌলিক অধিকাৰসমূহ নাগৰিকৰ স্বাধীনতা ৰক্ষা কৰে যদিও সমাজ আৰু ৰাষ্ট্ৰৰ সামগ্ৰিক কল্যাণৰ বাবে এই অধিকাৰসমূহৰ ওপৰত যুক্তিসংগত সীমাবদ্ধতা আৰোপ কৰা হৈছে।

৮। জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ কৰাৰ বাবে ন্যায়ালয়ে জাৰি কৰিব পৰা লেখবোৰ কি কি ? সেইবোৰৰ প্ৰত্যেকটোৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ বাবে ন্যায়ালয়ে কিছুমান বিশেষ লেখ (Writs) জাৰি কৰিব পাৰে। এই লেখসমূহৰ জৰিয়তে নাগৰিকৰ অধিকাৰ ৰক্ষা কৰা হয়। ন্যায়ালয়ে জাৰি কৰিব পৰা মুখ্য লেখসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) বন্দী প্ৰত্যক্ষীকৰণ (Habeas Corpus)
এই লেখ অনুসৰি, যদি কোনো ব্যক্তিক অবৈধভাৱে গ্ৰেপ্তাৰ বা আটক কৰা হয়, তেন্তে আদালতে আটককাৰীক নিৰ্দেশ দিয়ে যে আটক কৰা ব্যক্তিজনক আদালতৰ সন্মুখত উপস্থিত কৰি গ্ৰেপ্তাৰৰ উপযুক্ত কাৰণ দৰ্শাব লাগিব। উপযুক্ত কাৰণ দেখুৱাব নোৱাৰিলে আটক হোৱা ব্যক্তিজনে মুক্তি লাভ কৰে। এই লেখে ব্যক্তিগত স্বাধীনতা সুৰক্ষিত কৰে।

(খ) পৰমাধিদেশ (Mandamus)
পৰমাধিদেশ হ’ল আদালতে চৰকাৰ বা চৰকাৰী বিষয়াক তেওঁলোকৰ সাংবিধানিক কৰ্তব্য পালন কৰিবলৈ অথবা অসাংবিধানিক কামৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশ।

(গ) নিষেধাজ্ঞা (Prohibition)
এই লেখৰ জৰিয়তে উচ্চ ন্যায়ালয়ে নিম্ন আদালত বা ন্যায়িক সংস্থাক নিজৰ ক্ষমতাৰ সীমা অতিক্ৰম কৰি কোনো মোকৰ্দমা চলোৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে।

(ঘ) উৎপ্ৰেষণ (Certiorari)
উৎপ্ৰেষণ লেখৰ জৰিয়তে উচ্চ ন্যায়ালয়ে নিম্ন আদালত বা ন্যায়িক সংস্থাৰ বিচাৰাধীন বা ইতিমধ্যে নিষ্পত্তি হোৱা মোকৰ্দমাৰ নথিপত্ৰ তলব কৰি ভুল সিদ্ধান্ত বাতিল কৰিব পাৰে।

(ঙ) কৈফিয়ৎ তলবী (Quo Warranto)
যদি কোনো ব্যক্তিয়ে অবৈধভাৱে বা কৰ্তৃত্ববিহীনভাৱে কোনো ৰাজহুৱা পদ দখল কৰি থাকে, তেন্তে আদালতে কৈফিয়ৎ তলবী লেখ জাৰি কৰি সেই ব্যক্তিজনৰ পৰা পদ দখল কৰাৰ বৈধতা প্ৰমাণ কৰিবলৈ কয়।

এইদৰে, এই লেখসমূহৰ জৰিয়তে ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰি গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰে।

৯। ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহৰ এটা বিৱৰণ দিয়া । এইবোৰক কিয় মৌলিক বুলি কোৱা হয়।

উত্তৰঃ (ক) সমতাৰ অধিকাৰ (১৪ৰ পৰা ১৮ নম্বৰ অনুচ্ছেদলৈ): আইনৰ দৃষ্টিত সকলো সমান, আইনৰ সম সুৰক্ষা,ধৰ্মৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ,ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদিত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন,অস্পৃশ্যতা বৰ্জন, শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অৰ্ন্তগত।

(খ) স্বাধীনতাৰ অধিকাৰ (১৯ৰ পৰা ২২নম্বৰ অনুচ্ছেদলৈ): বাক্‌ আৰু মতামত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণ সমবেত হোৱাৰ স্বাধীনতা, সংস্থা আৰু সংঘ গঠন, জীয়াই থকাৰ অধিকাৰ আদি ইয়াৰ অৰ্ন্তগত ।

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ (২৩ৰ পৰা ২৪নম্বৰ অনুচ্ছেদলৈ): এই অধিকাৰ মতে মানুহক ক্ৰয়-বিক্ৰয়, বিনা বেতনত নিয়োগ,জোৰ-জোলোম কৰি শ্ৰম আদায় কৰা নিষিদ্ধ কৰা হৈছে, ১৪বছৰৰ কম বয়সীয়া শিশুক বিপদসংকুল কামত নিয়োগ কৰা নিষিদ্ধ কৰিছে ।

(ঘ) ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ (২৫ৰ পৰা২৮নং অনুচ্ছেদলৈ): নাগৰিকে নিজৰ ইচ্ছামতে ধৰ্মীয় কামত যোগদান, ধৰ্মীয় অনুষ্ঠান স্থাপন আৰু পৰিচালনা আদি ইয়াৰ অৰ্ন্তগত ।

(ঙ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (২৯ৰ পৰা ৩০নং অনুচ্ছেদলৈ): এই অধিকাৰ মতে চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা কোনো নাগৰিকক বঞ্চিত কৰিব নোৱাৰিব, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰিব ।

(চ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ (৩২ৰ পৰা ২২৬নং অনুচ্ছেদলৈ): নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ নাগৰিকে যথোচিত ন্যায় বিচাৰি আৰু লেখ জাৰি কৰাৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে ।

এনে অধিকাৰবোৰক মৌলিক অধিকাৰ বুলি কোৱাৰ কাৰণ হ’ল অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰা থাকে আৰু সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব নোৱাৰি। আনহাতে অধিকাৰবোৰক মৌলিক বুলি কোৱাৰ আন এটা কাৰণ হ’ল- এইবোৰ বাদযোগ্য অৰ্থাৎ ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পৰা যায় আৰু ৰাষ্ট্ৰৰ সকলো শ্ৰেণীৰ নাগৰিকে উপভোগ কৰিব পাৰে। মৌলিক অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰি ৰখাৰ ফলশ্ৰুতিত চৰকাৰৰ বাবে অলংঘনীয় হয় ।

চমু উত্তৰৰ প্ৰশ্ন:

১।ভাৰতীয় সংবিধানত উল্লেখ কৰা সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ এটি টোকা লিখা ।

উত্তৰঃ সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত বিভিন্ন শ্ৰেণীৰ ভাৰতীয় নাগৰিককৰ কৃষ্টি, সংস্কৃতি আৰু শিক্ষাৰ স্বাধীনতাৰ বিষয়ে নিশ্চয়তা কৰা হৈছে ।

সংবিধানৰ ২৯ নং অনুচ্ছেদত ভাৰতবৰ্ষৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত বসবাস কৰা সকলো নাগৰিকৰ নিজৰ নিজৰ ভাষা, লিপি আৰু সংস্কৃতি ৰক্ষা কৰিব পৰা অধিকাৰৰ বিষয়ে বৰ্ণিত আছে ।

সংবিধানৰ ৩০ নং অনুচ্ছেদত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলে নিজৰ পছন্দ অনুসৰি শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰিব পাৰিব ।

২। আমাৰ মৌলিক অধিকাৰ ভোগৰ ওপৰত আৰোপ কৰা পাঁচটা সীমাবদ্ধতা বৰ্ণনা কৰা ।

উত্তৰঃ ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ ভোগৰ ওপৰত আৰোপ কৰা পাঁচটা সীমাবদ্ধতা তলত উল্লেখ কৰা হ’ল

(ক) জৰুৰীকালীন অৱস্থা: ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৫২নং অনুচ্ছেদ অনুসৰি জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে আৰু সেই সময়ত মৌলিক অধিকাৰসমূহৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰিব পাৰে।

(খ) বাক্‌ আৰু প্ৰকাশৰ স্বাধীনতাৰ সীমাবদ্ধতা: নাগৰিকক কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা প্ৰদান কৰা হৈছে, কিন্তু ৰাষ্ট্ৰই যুক্তিসংগত কাৰণ দেখুৱাই এই অধিকাৰৰ ওপৰত আইনগত সীমাবদ্ধতা আৰোপ কৰিব পাৰে।

(গ) সমবেত হোৱাৰ স্বাধীনতাৰ সীমাবদ্ধতা: নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ স্বীকৃত যদিও যদি সামাজিক শান্তি বা নিৰাপত্তা, দেশৰ সাৰ্বভৌমত্ব বা অখণ্ডতা ক্ষতিগ্ৰস্ত হয়, তেন্তে চৰকাৰে সীমাবদ্ধতা আৰোপ কৰিব পাৰে।

(ঘ) সংস্থা বা সংঘ গঠনৰ স্বাধীনতাৰ সীমাবদ্ধতা: নাগৰিকক সংস্থা বা সংঘ গঠনৰ অধিকাৰ দিয়া হৈছে, কিন্তু যদি সেই সংস্থা বা সংঘৰ কাৰ্যই সামাজিক শৃংখলা, নৈতিকতা বা ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব ক্ষতিগ্ৰস্ত কৰে, তেন্তে চৰকাৰে সীমাবদ্ধতা আৰোপ কৰিব পাৰে।

(ঙ) জীৱিকা আৰু ব্যৱসায়ৰ অধিকাৰৰ সীমাবদ্ধতা: নাগৰিকক চাকৰি, বাণিজ্য বা ব্যৱসায় কৰাৰ অধিকাৰ দিয়া হৈছে, কিন্তু জনসাধাৰণৰ স্বাৰ্থৰক্ষা বা উপযুক্ত অৰ্হতাৰ অভাৱ থাকিলে চৰকাৰে এই অধিকাৰৰ ওপৰত সীমাবদ্ধতা আনিব পাৰে।

৩। মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰভেদ লিখা ।

উওৰঃ মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰধান প্ৰভেদ তলত উল্লেখ কৰা হ’ল—

(ক) বাদযোগ্যতা: মৌলিক অধিকাৰসমূহ নাগৰিকে ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পাৰে, সেয়া বাদযোগ্য। আনহাতে, নিৰ্দেশক নীতি সমূহ বাদযোগ্য নহয়, অৰ্থাৎ নাগৰিকৰ বাবে সিধাসিধা বলবৎ নহয়, কিন্তু চৰকাৰক সেইবোৰ পালন কৰাৰ বাবে নিৰ্দেশ দিয়ে।

(খ) কাৰ্যকৰিতা: মৌলিক অধিকাৰ ব্যক্তিগত স্বাধীনতা আৰু সুৰক্ষা নিশ্চিত কৰে। কিন্তু চৰকাৰৰ নীতি-নিয়ম বা আৰ্থিক নীতিৰ ক্ষেত্ৰত যি দিশসমূহ মৌলিক অধিকাৰত উল্লেখ নহয়, সেইবোৰৰ বাবে নিৰ্দেশক নীতি চৰকাৰক ৰাষ্ট্ৰৰ ন্যায়সংগত আৰু সামাজিক উন্নয়নমূলক কাম-কাজ কৰিবলৈ পথপ্ৰদৰ্শক হিচাপে কাম কৰে।

৪। চমুটোকা লিখাঃ স্বাধীনতাৰ অধিকাৰ

উত্তৰঃ ভাৰতৰ সংবিধানত ১৯নং অনুচ্ছেদৰ পৰা ২২নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিবিষ্ট আছে । এই অনুচ্ছেদৰ অধীনত বৰ্তমান ছয় প্ৰকাৰৰ অধিকাৰ অন্তৰ্ভুক্ত আছে । এই অধিকাৰসমূহ হ’ল-

(ক) কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা ।

(খ) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ স্বাধীনতা ।

(গ) সংস্থা আৰু সংঘ গঠন কৰাৰ স্বাধীনতা ।

(ঘ) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ ।

(ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস আৰু স্থায়ীভাৱে থকাৰ অধিকাৰ ।

(চ) যিকোনো চাকৰি নাইবা জীৱন নিৰ্বাহৰ উপায়,বাণিজ্য তথা ব্যৱসায় কৰিৰ অধিকাৰ। ২০নং অনুচ্ছেদত অভিযুক্ত ব্যক্তি বা আচামীৰ বাবে আৰু ২১নং অনুচ্ছেদত জীয়াই থকাৰ অধিকাৰ আদিৰ বিষয়ে উল্লিেখ আছে।

এই অধিকাৰসমূহৰ কিছুমান সীমাবদ্ধতাও আছে । সেইবোৰ হ’ল-

(ক) স্বাৰ্থ আৰু সামাজিক শান্তি তথা নিৰাপত্তা,ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব তথা অখণ্ডতা ৰক্ষাৰ পৰিপন্থী হ’লে চৰকাৰে আইন প্ৰণয়ন কৰি ন্যায়সংগত তথা যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।

(খ) দেশত জৰুৰী অৱস্থা চলি থকা সময়ত এনেঅধিকাৰৰ ওপৰত চৰকাৰে বাধা আৰোপ কৰিলে, ন্যায় বিচাৰি আদালত ওচৰ চাপিব পৰা নাযায়।

৫। ভাৰতীয় সংবিধানৰ ১৯নং অনুচ্ছেদত সন্নিবিষ্ট কৰা দুটা অধিকাৰ উল্লেখ কৰা। বা, ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ ‘স্বাধীনতা অধিকাৰত’সন্নিবিষ্ট তিনিটা সাংবাধানিক অধিকাৰ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ সংবিধানত ১৯নং অনুচ্ছেদৰ পৰা ২২নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সন্নিবিষ্ট আছে। ১৯ নং অনুচ্ছেদত থকা তিনিটা সাংবাধানিক অধিকাৰ হ’ল-

(ক) কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা ।

(খ) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰ স্বাধীনতা ।

(গ) সংস্থা আৰু সংঘ গঠন কৰাৰ স্বাধীনতা ।

৬। ভাৰতীয় নাগৰিকৰ দুটা মৌলিক অধিকাৰ উল্লেখ কৰা ।

উত্তৰঃ ভাৰতীয় নাগৰিকৰ দুটা মৌলিক অধিকাৰ হ’ল-

(ক) সমতাৰ অধিকাৰ।

(খ)সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ।

৭। ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা অধিকাৰবোৰক কিয় মৌলিক অধিকাৰ বুলি কোৱা হয় ? ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা অধিকাৰবোৰক মৌলিক অধিকাৰ বুলি কোৱাৰ কাৰণ হ’ল – অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰা থাকে আৰু সাধাৰণ আইন প্ৰণয়ন পদ্ধতিৰে সংশোধন কৰিব নোৱাৰি। আনহাতে অধিকাৰবোৰক মৌলিক বুলি কোৱাৰ আন এটা কাৰণ হ’ল- এইবোৰ বাদযোগ্য অৰ্থাৎ ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পৰা যায় আৰু ৰাষ্ট্ৰৰ সকলো শ্ৰেণীৰ নাগৰিকে উপভোগ কৰিব পাৰে। মৌলিক অধিকাৰবোৰ সংবিধানত লিপিবদ্ধ কৰি ৰখাৰ ফলশ্ৰুতিত চৰকাৰৰ বাবে অলংঘনীয় হয় ।

৮। সমতাৰ অধিকাৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সমতাৰ অধিকাৰ (১৪ৰ পৰা ১৮ নম্বৰ অনুচ্ছেদলৈ): আইনৰ দৃষ্টিত সকলো সমান, আইনৰ সম সুৰক্ষা, ধৰ্মৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি নিষিদ্ধ, ৰাজহুৱা দোকান, গা ধোৱা ঘাট, ভোজনালয় আদিত সম অধিকাৰ, নিয়োগৰ ক্ষেত্ৰত সমতা স্থাপন, অস্পৃশ্যতা বৰ্জন, শিক্ষাগত অধিকাৰৰ বাহিৰে আন উপাধি প্ৰদান নিষিদ্ধ আদি ইয়াৰ অৰ্ন্তগত।

৯। ধৰ্মৰ স্বাধীনতাৰ বিষয়ে লিখা ।

উত্তৰঃ

১০। ভাৰতীয় সংবিধানত থকা যিকোনো পাঁচটা মৌলিক কৰ্তব্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানত থকা যিকোনো পাঁচটা মৌলিক কৰ্তব্যসমূহ হ’ল-

(ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা, ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা

(খ) স্বাধীনতা আন্দোলনত অনুপ্ৰেৰণা যোগোৱা মহান আদৰ্শক পোষন আৰু অনুসৰণ কৰা ।

(গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা অক্ষুন্ন ৰখা ।

(ঘ) দেশখনক ৰক্ষা কৰা ।

(ঙ) সকলোৰে মাজত সমন্বয় আৰু ভ্ৰাতৃত্বভাবৰ সৃষ্টি কৰা ।

১১। মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ কিয় বিলোপ ঘটোৱা হৈছে ?

উত্তৰঃ

১২। ন্য়ায়ালয়ৰ ব্য়াখ্য়াই মৌলিক অধিকাৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে ?

উত্তৰঃ

১৩। চমুটোকা লিখাঃ

বন্দী উপস্থাপন, পৰমাধিদেশ, নিষেধাজ্ঞা, উৎপ্ৰেষণ, কৈফিয়ৎ তলবী।

উত্তৰঃ বন্দী স্থাপনঃ এই লেখ অনুসৰি কোনো ব্যক্তিক যদি গ্ৰেপতাৰ কৰা হয়, তেন্তে তেওঁক বিচাৰকৰ সন্মুখত উপস্থিত কৰি গ্ৰেপ্তাৰ কৰাৰ উপযুক্ত কাৰণ দৰ্শাবৰ কাৰণে আটককাৰীৰ ওপৰত আদালতে নিৰ্দ্দেশ দিয়ে। সংশ্লিষ্ট আটককাৰীয়ে উপযুক্ত কাৰণ দেখুৱাব নোৱাৰিলে আটক হোৱা ব্যক্তিজনে মুক্তি লাভ কৰে। ইয়াৰ জৰিয়তে নাগৰিকৰ অধিকাৰ সুৰক্ষিত হয়।

পৰমাধিদেশঃ পৰমিধিদেশ হ’ল চৰকাৰ নাইবা চৰকাৰী বিষয়াক অসাংবিধানিক আইন প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিবৰ বাবে জাৰি কৰা লেখ।

নিষেধাজ্ঞাঃ উচ্চ ন্যায়ালয়ে নিম্ন আদালতবোৰক নিজৰ ক্ষমতাৰ ক্ষেত্ৰাধিকাৰ অতিক্ৰম কৰি কাম কৰাৰ পৰা বিৰত থাকিবৰ বাবে দিয়া নিৰ্দ্দেশ বা লেখক নিষেধাজ্ঞা বুলি কোৱা হয়।

উৎপ্ৰেষণঃ নিম্ন আদালতৰ বিচাৰাধীন হৈ থকা কোনো মোকৰ্দমাৰ সকলো বিৱৰণ আৰু সংশ্লিষ্ট কাগজ-পত্ৰ উচ্চ ন্যায়ালয়ত পঠিয়াই দিবৰ বাবে জাৰি কৰা লেখক উৎপ্ৰেষণ বোলা হয়। কৈফিয়ৎ তলবী:-যদি কোনো ব্যক্তিয়ে অবৈধভাৱে নাইবা কৰ্তৃত্ববিহীনভাৱে কোনো পদবী দখল কৰি থাকে, তেতিয়া আদালতে ব্যক্তিজনক কৈফিয়ৎ তলবীজাৰি কৰিব পাৰে।

এটা শব্দ বা বাক্যত উত্তৰ দিয়া:

১। ২২৬ নম্বৰ অনুচ্ছেদৰ অধীনত কোনখন ন্যায়ালয়ে মৌলিক অধিকাৰ বলবৎ কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে ?

উত্তৰঃ ২২৬নম্বৰ অনুচ্ছেদৰ অধীনত উচ্চ ন্যায়ালয়ে মৌলিক অধিকাৰ বলবৎ কৰাৰ কাৰণে পৰোৱানা জাৰি কৰিব পাৰে ।

২। সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা আছে ?

উত্তৰঃ সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা আছে।

৩। মৌলিক অধিকাৰসমূহ সংবিধানৰ অভিন্ন অংশ ( হয় বা নহয় লিখা )

উত্তৰঃ হয়

৪। মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য নে ?

উত্তৰঃ মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য।

৫। জৰুৰীকালীন অৱস্থাত নাগৰিকে মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে উপভোগ কৰাৰ সুবিধা পায় নে?

উত্তৰঃ জৰুৰীকালীন অৱস্থাত নাগৰিকে মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে উপভোগ কৰাৰ সুবিধা পায় ।

৬। মৌলিক অধিকাৰৰ তালিকাৰ পৰা কোনবিধ অধিকাৰক বাদ দিয়া হৈছে ?

উত্তৰঃ মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে।

৭। সম্পত্তিৰ অধিকাৰটো কোন চনত বাতিল কৰা হৈছে?

উত্তৰঃ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বাতিল কৰা হৈছে ।

৮। সম্পত্তিৰ অধিকাৰটো কোন সংশোধনৰ জৰিয়তে বাতিল কৰা হৈছে ?

উত্তৰঃ সম্পত্তিৰ অধিকাৰটো ৪৪ তম সংশোধনৰ জৰিয়তে বাতিল কৰা হৈছে ।

৯। নাগৰিকে বৰ্তমান কেইবিধ অধিকাৰ ভোগ কৰিব পাৰে ?

উত্তৰঃ নাগৰিকে বৰ্তমান ছয়বিধ অধিকাৰ ভোগ কৰিব পাৰে ।

১০। সম্পত্তিৰ অধিকাৰটো বৰ্তমান কি অধিকাৰ?

উত্তৰঃ সম্পত্তিৰ অধিকাৰটো বৰ্তমান পৌৰ অধিকাৰ ।

১১। মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি নে ?

উত্তৰঃ মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি ।

১২। “অস্পৃশ্যতা বৰ্জন” কোন অধিকাৰৰ অন্তৰ্ভূক্ত ?

উত্তৰঃ “অস্পৃশ্যতা বৰ্জন” সমতাৰ অধিকাৰৰ অন্তৰ্ভূক্ত ।

১৩। মৌলিক অধিকাৰসমূহ অসীম নে ?

উত্তৰঃ মৌলিক অধিকাৰসমূহ অসীম নহয় ।

১৪। শিশুসকলৰ শিক্ষাৰ অধিকাৰ কোন চনত মৌলিক অধিকাৰত অন্তৰ্ভূক্ত কৰিছে ?

উত্তৰঃ শিশুসকলৰ শিক্ষাৰ অধিকাৰ ২০০২ চনত মৌলিক অধিকাৰত অন্তৰ্ভূক্ত কৰিছে ।

১৫। শিশুসকলৰ শিক্ষাৰ অধিকাৰ কোন সংশোধনৰ জৰিয়তে মৌলিক অধিকাৰত অন্তৰ্ভূক্ত কৰি হৈছে ?

উত্তৰঃ শিশুসকলৰ শিক্ষাৰ অধিকাৰ ৮৬ নং সংশোধনৰ জৰিয়তে মৌলিক অধিকাৰত অন্তৰ্ভূক্ত কৰি হৈছে ।

১৬। সংবিধানত কিমান বছৰৰ শিশুসকলক বাধ্যতামূলক বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে?

উত্তৰঃ সংবিধানত ৬ বছৰৰ পৰা ১৬ বছৰৰ শিশুসকলক বাধ্যতামূলক বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

১৭। সমতাৰ অধিকাৰ কোন কোন অনুচ্ছদত সন্নিবিষ্ট আছে ?

উত্তৰঃ সমতাৰ অধিকাৰ ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছদত সন্নিবিষ্ট আছে ।

১৮। স্বাধীনতাৰ অধিকাৰ কোন কোন অনুচ্ছদত সন্নিবিষ্ট আছে ?

উত্তৰঃ স্বাধীনতাৰ অধিকাৰ ১৯নং অনুচ্ছেদৰ পৰা২২নং অনুচ্ছদত সন্নিবিষ্ট আছে ।

Scroll to Top