Might Learn Logo Might Learn

AHSEC Class 11 Logic And Philosophy Chapter 10 ভাৰতীয় দৰ্শন পাঠটোৰ উত্তৰ

ভাৰতীয় দৰ্শন

অনুশীলনী

  1. চমু উত্তৰ দিয়াঃ

(a) ‘দৰ্শন’ শব্দটোৰ উৎপত্তি ক’ৰ পৰা হৈছে?

উত্তৰঃ দৰ্শন শব্দটো উৎপত্তি সংস্কৃত শব্দ ‘দৃশ’ ৰ পৰা হৈছে। যাৰ অৰ্থ হৈছ দেখা বা প্ৰত্যক্ষ কৰা।

(b) ভাৰতীয় দৰ্শনৰ মূল শাখা দুটা কি কি?

উত্তৰঃ ভাৰতীয় দৰ্শনৰ মূল শাখা দুটা হৈছে- আস্তিক আৰু নাস্তিক।

(c) ন্য়ায় দৰ্শনৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ন্য়ায় দৰ্শনৰ প্ৰতিষ্ঠাতা মহৰ্ষি গৌতম।

(d) চাৰি আৰ্য সত্য় কোন দৰ্শনৰ অন্তৰ্ভুক্ত?

উত্তৰঃ চাৰি আৰ্য সত্য় বৌদ্ধ দৰ্শনৰ অন্তৰ্ভুক্ত।

(e) বৌদ্ধ দৰ্শন অবৈদিক নে বৈদিক দৰ্শন?

উত্তৰঃ অবৈদিক দৰ্শন।

  1. শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ

(a) চাৰ্বাক দৰ্শন বৈদিক/ অবৈদিক দৰ্শন।

উত্তৰঃ অবৈদিক দৰ্শন।

(b) মহৰ্ষি গৌতম/ পতঞ্জলি/ কপিল মুণি সংখ্যা দৰ্শনৰ প্ৰতিষ্ঠাতা।

উত্তৰঃ কপিল মুণি।

(c) ন্য়ায় দৰ্শনৰ মতে কাৰণ তিনি/ চাৰি/ পাঁচ প্ৰকাৰৰ।

উত্তৰঃ তিনিপ্ৰকাৰৰ।

(d) সংখ্যা দৰ্শনে কাৰণতাবাদৰ অসৎকাৰ্যবাদ/ সৎকাৰ্যবাদ সমৰ্থন কৰে।

উত্তৰঃ সৎকাৰ্যবাদ।

(e) চাৰ্বাক দৰ্শন জড়বাদী/ আধ্যাত্মবাদী।

উত্তৰঃ জড়বাদী।

  1. ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণসমূহ হল-

(1) ভাৰতীয় দৰ্শনত বেদৰ প্ৰভাৱ দেখা যায়।

(2) ভাৰতীয় দৰ্শনত ব্যৱহাৰিক দৃষ্টিভংগী পৰিলক্ষিত হয়।

(3) ভাৰতীয় দৰ্শন হল আধ্যাত্মিক অতৃপ্তিৰ পৰা দাৰ্শনিক তত্বজ্ঞান লাভ কৰাৰ প্ৰয়াাস ভাৰতীয় দৰ্শনত পোৱা যায়।
  1. ভাৰতীয় দৰ্শনৰ প্ৰকৃতিৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতীয় দৰ্শন বুলিলে সত্যজ্ঞানৰ সহায়ত মানুহে জীৱনধাৰা নিয়ন্ত্ৰণ কৰি শুদ্ধ বিচাৰৰ দ্বাৰা পৰিচালিত কৰা বুজায়। ভাৰতীয় দৰ্শন আৰু ধৰ্ম ওতঃপ্ৰোতভাৱে জড়িত। ভাৰতীয় দৰ্শনৰ অ্যতম বৈশিষ্ট্য হৈছে ধৰ্মৰ লগত ইয়াৰ গভীৰ অন্তৰ্নিহিত সম্পৰ্ক। ভাৰতীয় দৰ্শনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ সংশ্লেষণাত্মক দৃষ্টিভংগী। সহনশীলতা, উদাৰতা আৰু সম্প্ৰদায়সমূহৰ মাজৰ পাৰস্পৰিক সম্বন্ধ ভাৰতীয় দৰ্শনৰ অন্যতম বৈশিষ্ট।

  1. ভাৰতীয় দৰ্শনৰ শ্ৰেণীবিভাজন কৰা।

উত্তৰঃ ভাৰতীয় দৰ্শনক দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে সেইকেইটা হল- আস্তিক দৰ্শন আৰু নাস্তিক দৰ্শন।

আস্তিক দৰ্শন– সাধাৰণ অৰ্থত ঈশ্বৰৰ অস্তিত্বত বিশ্বাসীসকলক আস্তিক বোলা হয়। প্ৰধানকৈ বেদৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্ৰদায় গঢ়ি উঠিছে। যিবোৰ সম্প্ৰদায় বেদৰ প্ৰামাণ্যত বিশ্বাসী তেওঁলোকক আস্তিক বুলি কোৱা হয়। সহজ কথাত কবলৈ গলে আস্তিক দৰ্শনেই বৈদিিক দৰ্শন। ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্তই বেদৰ প্ৰামান্য স্বীকাৰ কৰিছে। এই ছয়টা সম্প্ৰদায়ক একেলগে ষড়দৰ্শন বুলি কোৱা হয়। ষড়দৰ্শন বৈদিক বা আস্তিক দৰ্শন। আস্তিক দৰ্শনক দুটা ভাগত ভগোৱা হৈছে। সেইকেইটা হল- বেদানুগত আৰু বেদস্বতন্ত্ৰ।

নাস্তিক দৰ্শন- ঈশ্বৰৰ অস্তিত্বত অবিশ্বাসীসকলক নাস্তিক বোলা। যিবোৰ সম্প্ৰদায়ে বেদৰ প্ৰামাণ্যক স্বীকাৰ নকৰে তেওঁলোকক নাস্তিক বোলা হয়। সহজ কথাত কবলৈ গলে নাস্তিক দৰ্শন হৈছে অবৈদিক দৰ্শন। চাৰ্বাক, বৌদ্ধ, আৰু জৈনসকলে বেদৰ প্ৰামাণ্য অস্বীকাৰ কৰিছে। সেয়েহে এই তিনিটা সম্প্ৰদায়ক অবৈদিক বা নাস্তিক সম্প্ৰদায় হিচাপে অভিহিত কৰা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects