AHSEC Class 11 Anthropology Chapter 6 সাংস্কৃতিক নৃত্তত্ব পাঠটোৰ উত্তৰ

সাংস্কৃতিক নৃত্তত্ব

অনুশীলনী

১। সংস্কৃতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ ৰবাৰ্ট ৰেড্ ফিল্ডৰ মতে, সংস্কৃতিৰ সংজ্ঞা হ’ল ‘সংস্কৃতি হ’ল কলা আৰু প্ৰকাশিত হােৱা এটা সংগঠিত ৰীতিগত সংকল্পনা। যিটো ঐতিহাসিক মাজেৰে নিৰৱিছিন্নভাৱে প্ৰবাহিত হৈ মানৱ গােষ্ঠীৰ বৈশিষ্ট্য অৱতাৰণা কৰে।’

২। সংস্কৃতিৰ নৃতাত্ত্বিক ধাৰণা কি?

উত্তৰঃ

৩। ই.বি. টাইলৰ সংস্কৃতিৰ সংজ্ঞাটো দিয়া।

উত্তৰঃ ই.বি. টাইলৰ মতে সংস্কৃতিৰ সংজ্ঞাটো হ’ল ‘ সংস্কৃতি অথবা সভ্যতা হৈছে জ্ঞান, বিশ্বাস, কলা, নৈতিকতা বোধ, নিয়ম-কানুন, ৰীতি-নীতি আৰু সমাজ এখনৰ অংগ হিচাপে এজন ব্যক্তিয়ে আহৰণ কৰা সকলো অভ্যাস আৰু কাৰ্য্য়ক্ষমতাৰ সংমিশ্ৰত সমাহাৰ ‘।

৪। ই. বি. টাইলৰৰ সংজ্ঞা অনুসৰি সংস্কৃতিৰ মূল বৈশিষ্ট্য় তিনিটা উল্লেখ কৰা।

উত্তৰঃ ইংৰাজ নৃতাত্ত্বিক পণ্ডিত ই. বি. টাইলৰে ১৮৭১ চনত সংস্কৃতিৰ প্ৰথম বৈজ্ঞানিক সংজ্ঞা দাঙি ধৰিছিল। তেওঁৰ মতে, সংস্কৃতি অথবা সভ্যতা হৈছে জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, নিয়ম-কানুন, ৰীতি-নীতি আৰু সমাজৰ এজন সদস্য হিচাপে মানুহে আহৰণ কৰা সকলো অভ্যাস আৰু ক্ষমতাৰ সমষ্টি। এই সংজ্ঞাৰ জৰিয়তে টাইলৰে স্পষ্ট কৰে যে সংস্কৃতি মানুহৰ সমগ্ৰ জীৱন ধাৰণাৰ সৈতে অঙ্গাঙ্গিভাৱে জড়িত আৰু ই ব্যক্তিগত নহয়, বৰং সামাজিক পৰিসৰত গঢ় লৈ উঠে।

টাইলৰৰ সংজ্ঞা অনুসৰি সংস্কৃতিৰ মূল বৈশিষ্ট্য তিনিটা স্পষ্টভাৱে দেখা যায়। প্ৰথমতে, সংস্কৃতি জন্মগত নহয়; মানুহে সমাজত বাস কৰি শিকি লোৱা বিষয়। দ্বিতীয়তে, সমাজে স্বীকৃতি দিয়া আচৰণ, অভ্যাস আৰু ক্ষমতাসমূহেহে সংস্কৃতিৰ অন্তৰ্ভুক্ত হয়, ব্যক্তিগত জৈৱিক গুণ ইয়াৰ অংশ নহয়। তৃতীয়তে, সংস্কৃতি মানুহৰ চিন্তা-ধাৰা, বিশ্বাস আৰু আচৰণসহ সমগ্ৰ জীৱন পদ্ধতিক প্ৰতিফলিত কৰে, যাৰ জৰিয়তে মানৱ সমাজৰ স্বৰূপ প্ৰকাশ পায়।

৫। সংস্কৃতি আৰু পৰিৱেশৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ সংস্কৃতি আৰু পৰিৱেশৰ মাজত ওতঃপোত সম্পৰ্ক আছে। প্ৰত্যেক সম্প্ৰদায়ৰ সংস্কৃতি সদায় পৰিৱেশৰ লগত খাপ-খুৱাই গঢ় লৈ। পৰিৱেশ বুলিলে মূলত প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশকে বোলা হয়।

প্ৰাকৃতিক পৰিৱেশ বুলিলে কোনো অঞ্চলৰ বিভিন্ন বৈশিষ্ট্য যেনে- জলবায়ু, জান-জুৰি, নদ-নদী, বিল-সাগৰ, ভৈয়াম, পাহাৰ-পৰ্বত, গছ-গছনি বিভিন্ন প্ৰাকৃতিক সম্ভাৰ খনিজ দ্ৰব্য মৰুভূমিৰ মাটিত প্ৰকাৰ উৰ্বৰতা ইত্যাদিক বুজায়। জীয়াই থাকিবলৈ আন প্ৰাণীৰ দৰে মানুহেও প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ-খুৱাই ল’ব লাগে। পৰিৱেশৰ খাপ-খুৱাই চলিবলৈ প্ৰত্যেক সম্পদায়ে কিছুমান নিজস্ব কাৰিকৰী পদ্ধতি উদ্ভাৱন কৰে। এই কাৰিকৰী বিদ্যা উন্নতি কল্পে মানুহৰ সংস্কৃতিৰো উন্নতি হয়। সামাজিক পৰিৱেশ হ’ল সমাজৰ বিভিন্ন সংগঠন হ’ল যেনে- পৰিয়াল, বংশগোষ্ঠী, গোত্ৰ, বিভিন্ন সংঘ ইত্যাদি। সমাজ হ’ল ব্যক্তিৰ সকলৰ সমস্তি সম্পৰ্কে সমাজত পাৰ্য্যমানে ব্যক্তিগত স্বাৰ্থ হানি নোহোৱাকৈ সামাজিক ৰক্ষাৰ বাবে চেষ্টা কৰা হয়।

৬। বস্তুগত আৰু অ-বস্তুগত সংস্কৃতিৰ মাজৰ পাৰ্থক্য় দেখুওৱা।

উত্তৰঃ

বস্তুগত সংস্কৃতিঅ-বস্তুগত সংস্কৃতি
(১)যিবোৰ উপাদানৰ নিজস্ব আকাৰ-আকৃতি আছে আৰু চকুৰে দেখা পোৱা যায় সেই উপাদানবোৰকে বস্তুগত সংস্কৃতিক উপাদান বোলা হয়।

(২) বস্তগত সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ প্ৰত্যক্ষ আৰু সুস্পষ্ট।
(১) যিবোৰ উপাদানৰ নিজৰ আকৃতি নাই, চকুৰে দেখা নাযায়, কিন্তু বুজা যায় অৰ্থাৎ অনুধাৱন কৰিব পাৰি তেনেবোৰ উপাদানক অ-বস্তুগত সংস্কৃতি বোলা হয়।

(২) অবস্তুগত সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ সুস্পষ্ট নহয় বৰং পৰোক্ষহে।

৭। বস্তুগত সংস্কৃতি কি?

উত্তৰঃ যিবােৰ বস্তু পৰি দৃশ্যমান আৰু হাতেৰে স্পৰ্শ কৰিব পাৰি, সেইবোৰক বস্তু সংস্কৃতি বােলে। মানুহৰ মৌলিক প্ৰয়ােজন মূলতঃ তিনিটা যেনে- আহাৰ, বস্ত্ৰ আৰু বাসস্থান। ইয়াৰ বাহিৰেও মানুহে সুখ-স্বাচ্ছন্দ্যে জীৱন ধাৰণ কৰিবলৈ মানুহৰ প্ৰয়ােজন হয় বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি, বাচন-বৰ্তন, আচবাব, আ-অলঙ্কাৰ আদি। এইবােৰকে বস্তু সংস্কৃতি বুলি কােৱা হয় বা বস্তু সংস্কৃতি বুলি আখ্যা দিয়া হয়। অসমীয়া কৃষক সমাজত বস্তু সংস্কৃতি বুলিলে আমি সাধাৰণতে নাঙল-যুঁৱলি, কােৰ-খন্তি, কাচি-কটাৰী, দলিমাৰি, ওখােন, ৰয়না, ঢেঁকী-খুবনি, পাচি-খৰাহি, কুলা-চালনি আদিক বুজোঁ। বস্তুগত সংস্কৃতি অবিগনে কােনো সম্প্ৰদায়ৰ সংস্কৃতি পূৰ্ণ হ’ব নোৱাৰে।

৮। পাৰিপাৰ্শ্বিক অৱস্থা কি? সংস্কৃতিৰ ওপৰত ইযাৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা।

উত্তৰঃ পাৰিপাৰ্শ্বিক অৱস্থা বুলিলে সকলাে ধৰণৰ বহিঃঅৱস্থাৰ সমষ্টিক বুজায়। বহিঃঅৱস্থা মূলতঃ দুই প্ৰকাৰৰ হ’ব পাৰে- প্ৰাকৃতিক আৰু সামাজিক। প্ৰাকৃতিৰ বহিঃঅৱস্থা বুলিলে কোনো এক অঞ্চল প্ৰাকৃতিক পৰিবেশৰ কথা বুজায় যাক আমি ভৌগোলিক পৰিৱেশ বুলিও ক’ব পাৰো। আকৌ সামাজিক বহিঃঅৱস্থা বোলোতে সামাজিক পৰিৱেশ যেনে- সমাজত বিভিন্ন সংগঠন, ৰীতি-নীতি, সামাজিক চিন্তাধাৰা আদিৰ বিষয়ে বুজায়।

কোনো এক সম্প্ৰদায়ৰ সংস্কৃতি সদায় পাৰিপাশ্বিক অৱস্থাৰ লগত খাহ খাই থাকে গঢ় লয় ৷ জীয়াই থাকিবলৈ আন প্ৰাণীৰ দৰে মানুহেও প্রাকৃতিক পৰিবেশৰ লগত খাপ খাই চলিব লাগে । পৰিবেশৰ লগত খাপ খাই চলিবলৈ প্ৰত্যেক সম্প্রদায়ে কিছুমান নিজৰ কাৰিকৰী পদ্ধতিৰ উদ্ভাৱন কৰে যাৰ সহায়ত তেওঁলোকে প্রয়োজনীয় সামগ্ৰীসমূহ তৈয়াৰ কৰি লয় ৷ ইয়াকে বস্তু সংস্কৃতি বুলি কোৱা হয় । কোনো সম্প্ৰদায়ৰ বস্তু সংস্কৃতি নিৰ্ভৰ কৰে প্ৰাকৃতিক পৰিবেশৰ সম্ভাৰৰ ওপৰত । মগজুৰ বিকাশৰ কাৰণে মানুহে প্রাকৃতিক পৰিবেশৰ পৰা নানা ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি সিবিলাকৰ সহায়ত জীৱন ধাৰণ কৰিবলৈ সক্ষম হৈছে । মানুহে নিজৰ বুদ্ধি আৰু উন্নত কাৰিকৰী বিদ্যাৰ সহায়ত প্রতিকূল পৰিবেশতো আনায়াসে জীৱন ধাৰণ কৰিব পৰিছে । মুঠতে প্রাকৃতিক পৰিবেশে মানুহৰ সংস্কৃতিৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে ।

৯। সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ সম্বন্ধে কি জানা লিখা।

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশৰ সকলো জীৱৰ নিচিনা মানুহৰো জন্ম হয়। আন আন জীৱৰ দৰে মানুহৰো জীৱন ধাৰণ আৰু বিকাশত প্ৰাকৃতিক পৰিৱেশত নানা ধৰণে প্ৰভাৱ বিস্তাৰ কৰে। সকলো জীৱই প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ-খুৱাই চলিব লাগে। অন্যথা সেই জীৱৰো লোপ পোৱা সম্ভাৱনা অধিক।

জীৱ-জগতত মানুহে কেৱল সংস্কৃতি সৰ্ম্পন্ন জীৱ। অন্য প্ৰাণীবোৰৰ সংস্কতি নাই কাৰণে সেই বোৰে সহজাত জৈৱিক ক্ষমতা বলতে তৃষ্টি থাকিব পাৰে। মগজু বিকাশৰ কাৰণে মানুহে প্ৰাকৃতিক পৰিৱেশৰ পৰা নানা ধৰণৰ সজুঁলি তৈয়াৰ কৰি সেইবিলাকৰ সহায়ত জীৱন-ধাৰণ কৰিবলৈ সক্ষম হৈছে।

পৃথিৱীৰ প্ৰায় সকলো ধৰণৰ পৰিৱেশতে মানুহে বায় কৰে। মানুহে সংস্কৃতি বলত অৰ্থাৎ নিজৰ বুদ্ধি আৰু প্ৰয়ুক্তি বিদ্যাৰ সহায়ত প্ৰাকৃতিক পৰিৱেশৰ কিছু সাল-সলনি কৰি নানা বাধা বিপতিবোৰ আতঁৰাই নিজৰ সুবিধাজনক পৰিৱেশ এটা গঢ় দি ল’ব পাৰে। উদাহৰণস্বৰূপে পাহাৰত থকা মানুহে এঢলীয়া মাটিৰ হাল বাব নোৱাৰে। সেয়েহে তাত কোৰেৰে খাপ-খাপকৈ মাটি কাটি খেতি কৰি অথবা গছ কাটি ঝুম খেতি কৰে। য’ত নদ-নদী নাই তাত পুখুৰি বা নদ খান্দি খোৱা পানী ব্যৱস্থা কৰিব পাৰে। পাহাৰৰ দূৰত অৱস্থিত কাৰখানাৰ পৰা বাহঁৰ নলেৰে পানী যোগান ধৰিব পাৰে। ৰ’দ, বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ প্ৰাকৃতিক পৰিৱেশত থকা নানা সামগ্ৰীৰে যেনে- খেৰ, বাঁহ, বেত, গছ-গছনি আদিৰে ঠকা সাজিব পাৰে। প্ৰাক্ঐতিহাসিক যুগতো মানুহে নানা ধৰণৰ প্ৰাকৃতিক সামগ্ৰীৰে নানা ধৰণৰ সজুঁলি তৈয়াৰ কৰি জীৱন-যাপন কৰা প্ৰমাণ প্ৰত্নতত্ত্ববিদ সকলে দাঙি ধৰিছে। উত্তৰ মেৰু ওচৰত এস্কিমসকলে কলে বায় কৰে। তাত গছ-গছনি পাবলৈ নাই। সেই কাৰণে বৰফৰ টুকুৰাৰে ঘৰ সাজি তাত থাকিবলৈ লয়। গ্ৰীষ্মকালৰ ছয় মাহত মাছ আৰু জন্তু চিকাৰ কৰি যাৰ কালি ছয় মাহৰ কাৰণেও খোৱা যোগান ধৰি লয়। তেওঁলোকে চিকাৰ কৰাৰ কাৰণে হাড়ৰ পৰা সা-সজুঁলি তৈয়াৰ কৰি লয়। কেতি-বাতি সুবিধা নোহোৱাৰ বাবে অষ্ট্ৰেলিয়াৰ কোনো কোনো আদিবাসীয়ে হাবিৰ পৰা আহাৰ সংগ্ৰহ কৰিয়ে জীৱন নিৰ্বাহ কৰে। এই দৰে দেখা যায় যে প্ৰাকৃতিক পৰিৱেশে মানুহে সংস্কৃতিৰ ওপতৰ যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।

১০। ইগ্লু কি?

উত্তৰঃ এস্কিমসকলে বৰফেৰে অৰ্ধগোলাকাৰ ঘৰ সাজি বসবাস কৰে। বৰফেৰে নিৰ্মিত এনে ঘৰক ইগ্লু বোলা হয়।

১১। চমুটোকা লিখা।

(a) বস্তু সংস্কৃতি।

উত্তৰঃ যিবোৰ বস্তু পৰি দৃশ্যমান আৰু হাতেৰে স্পৰ্শ কৰিব পাৰি , সেইবোৰকে ভৌতিক বা বস্তু সংস্কৃতি বোলে। মানুহৰ মৌলিক প্ৰয়োজন মূলক ঃ তিনিটা, যেনে- আহাৰ, বস্ত্ৰ আৰু বাসস্থান। ইয়াৰ বাহিৰেও মানুহে সুখ-স্বাচ্ছন্দ্যে জীৱন ধাৰণকৰিবলৈ মানুহৰ প্ৰয়োজন হয় বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি, বাচন-বৰ্তন, আচবাব, আ-অলঙ্কাৰ আদি। এইবোৰকেই বস্তু সংস্কৃতি বা ভৌতিক সংস্কৃতি আখ্যা দিয়া হয়। অসমীয়া কৃষক সমাজত বস্তু সংস্কৃতি বুলিলে আমি সাধাৰণতে নাঙল-যুঁৱলি, কোৰ-খন্তি, কাচি-কটাৰী, দলিমাৰি, ওখোন, ৰয়না, ঢেঁকী-খুৱলি, পাচি-খৰাহি, কুলা-চালনি আদিক বুজোঁ।

(b) সমাজ সংস্কৃতি।

উত্তৰঃ যিবোৰ বস্তু অনুভৱ কৰিব পাৰি অথচ স্পৰ্শ কৰিব নোৱাৰি সেইবোৰকে অভৌতিক অথবা সমাজ সংস্কৃতি বোলে। অভৌতিক বা সমাজ সংস্কৃতিয়ে সমাজত ৰীতি-নীতি, আদৰ্শ, নিয়ম-কানুন, ধৰ্ম- বিশ্বাস ইত্যাদি বহুতো উপাদান সামৰি লয়। এই উপাদান বোৰৰ উপৰিও প্ৰত্যেক সমাজতে কেতবোৰ সংকট আৰু বৃত্তীয় সংস্কাৰ থাকে। এনে সংস্কাৰ সমূহেৰে সমাজ সংস্কৃতিৰ আৱৰ্ত পূৰ্ণ হৈ থাকে।

Scroll to Top