Might Learn Logo Might Learn

AHSEC Class 11 Physics Chapter 13 গেছৰ গতিবাদ তত্ত্ব পাঠটোৰ উত্তৰ

গেছৰ গতিবাদ তত্ত্ব

(Kinetic theory of Gases)

13.1 প্ৰমাণ উষ্ণতা আৰু চাপত অক্সিজেন গেছৰ আণৱিক আয়তন তুলনাত গেছটো প্ৰকৃত আয়তনৰ ভগ্নাংশটোৰ নিৰ্ণয় কৰা। অক্সিজেনৰ অণু এটা ব্যাস 3 A বুলি ধৰা।

13.2 কোনো এটা গেছৰ ম’লাৰ আয়তন হ’ল প্ৰমাণ উষ্ণতা আৰু চাপত গেছটোৰ 1 ম’লৰ আয়তন (প্ৰমাণ চাপ = 1 বায়ুমণ্ডলীয় চাপ, প্ৰমাণ উষ্ণতা দেখুওৱা যে এই আয়তন হ’ল 22.4 লিটাৰ।

13.3 চিত্ৰ 13.8 ত দুটা ভিন ভিন উষ্ণতাত অক্সিজেনৰ বাবে P সাপেক্ষে PV/Tৰ দুটা লেখ দেখুওৱা হৈছে।

চিত্ৰ 13.8

(a) ভঙা ৰেখাডালে কি বূজায়?

(b) কোনটো সত্য

(c) লেখ দুটাই y অক্ষৰ যি বিন্দুত লগ লাগিছে তাত PV/T ৰ মান কিমান?

(d) আমি লোৱা অক্সিজেনৰ পৰিমাণ হ’লে লেখ দুটাই y- অক্ষৰ যি বিন্দুত লগ লাগে

তাত ৰ মান একেটাই পালোহেঁতেন নেকি?যদি নাপাওঁ তেন্তে হাইড্ৰজে’নৰ কিমান ভৰৰ

বাবে আমি ৰ একে মান পাম? (এই ক্ষেত্ৰত লেখবোৰ নিম্ন চাপ আৰু উচ্চ উষ্ণতাত অঁকা

হৈছে বুলি ধৰা) দিয়া আৰু হাইড্ৰজে’ন আৰু অক্সিজেনৰ আণৱিক ভৰ ক্ৰমে 2.02 u আৰু 32.0 u, লগতে R = 8.31 J ।

13.4 অক্সিজেন ভৰি থকা চুঙা এটাৰ আয়তন 30 লিটাৰ। গেছৰ উষ্ণতা আৰু তাৰ চাপ 15 atm (ইয়াত চাপ মানে গেজ চাপ বা যন্ত্ৰই দেখুওৱাই চাপ বূজোৱা হৈছে।)। চুঙাটো পৰা কিছু অক্সিজেনওলাই দিয়াৰ পাছত চাপ 11 atm আৰু উষ্ণতা লৈ হ্ৰাস পালে।চুঙাটোৰ পৰা উলিয়াই দিয়া অক্সিজেনৰ পৰিমাণ কিমান? অক্সিজেনৰ আণৱিক ভৰ = 32 u।

13.5 বায়ু বুৰবুৰণি 40m দ’ হ্ৰদ এটা তালিকাৰ পৰা ওপৰলৈ উঠি আহে। বুৰবুৰণিটো প্ৰাৰম্ভিক আয়তন আৰু উষ্ণতা । যদি হ্ৰদৰ পৃষ্ঠত উষ্ণতা হয় তেন্তে পৃষ্ঠত উপনীত হওঁতে বুৰবুৰণিটোৰ আয়তন কিমান হ’ব?

13.6 বন্ধ কোঠাৰ এটাৰ ভিতৰত আয়তন উষ্ণতা আৰু বায়ুৰ চাপ 1 atm ।কোঠাটোত থকা বায়ুৰ মুঠ অণুৰ সংখ্যা গণনা কৰা (বায়ুৰ অক্সিজেনৰ, নাইট্ৰ’জেন, পানীৰ বাষ্প আৰু অন্যান্য আটাইবোৰ গেছৰ মুঠ অণুৰ সংখ্যা ধৰিবা)।

13.7 তলত দিয়া ভিন ভিন উষ্ণতাত হিলিয়াম অণু এটা তাপীয় শক্তিৰ গড় মান নিৰ্ণয় কৰা- (i) কোঠাৰ উষ্ণতাত (ii) সূৰ্যৰ পৃষ্ঠৰ উষ্ণতাত (6000 k) আৰু (iii) ত (এয়া তৰা এটা গৰ্ভৰ সাধাৰণ উষ্ণতা)।

13.8 তিনিটা বন্ধু চুঙা প্ৰত্যেকৰে আয়তন, চাপ আৰু উষ্ণতা একে। প্ৰথম চুঙাটোত নিয়ন (একপাৰমাণৱিক) গেছ, দ্বিতীয়টোত ক্ল’ৰিণ (দ্বিপাৰমাণৱিক) গেছ আৰু তৃতীয়টোত ইউৰেনিয়াম হেক্সাফ্ল’ৰিড (বহুপাৰমাণৱিক) গেছ আছে। প্ৰতিটো চুঙাত থকা নিৰ্দিষ্ট গেছৰ অণুৰ সংখ্যা সমান সমান নেকি? তিনিওবিধ চুঙাৰ গেছৰ অণুৰ গড় বৰ্গমূল দ্ৰুতি একে নেকি? যদি নহয় কোনটো চুঙাৰ ক্ষেত্ৰত সৰ্বাধিক?

13.9 কি উষ্ণতাত আৰ্গন গেছৰ অণু এটাৰ গড় বৰ্গমূল দ্ৰুতি ত থকা হিলিয়াম গেছৰ অণু এটাৰ গড় বৰ্গমূল দ্ৰুতি সমান হ’ব?(আৰ্গন আৰু হিলিয়ামৰ পাৰমাণৱিক ভৰ ক্ৰমে 39.9 u আৰু 4.0 u)।

13.10 উষ্ণতা আৰু 2.0 atm চাপত চুঙা এটাত আবদ্ধ হৈ থকা নাইট্ৰ’জেনৰ গেছৰ অণু এটাৰ গড় মুক্ত পথৰ দৈৰ্ঘ্য আৰু সংঘাতৰ কম্পনাংক গণনা কৰা। নাইট্ৰ’জেন অণু এটা মোটামুটিভাৱে 1.0 বুলি ধৰা। সংঘাতৰ সময়ৰ সৈতে অণুটোৱে দুটা ক্ৰমিক সংগাতৰ মাজত অতিবাহিত কৰা সময় তুলনা কৰা (নাইট্ৰ’জেনৰ আণৱিক ভৰ 28.0 u)।

অতিৰিক্ত অনুশীলনী (Additional Exercise)

13.11 এমূৰ বন্ধ আৰু 1m দৈৰ্ঘ্যৰ ঠেক ৰন্ধৰ নলী এডাল আনুভূমিকভাৱে ৰখা হৈছে আৰু নলীডালৰ ভিতৰত 76 m দৈৰ্ঘ্যৰ পাৰৰ আঁহ এডাল আছে। আঁহডালৰ আনটো মূৰত 15 cm দৈৰ্ঘ্যৰ বায়ুৰ স্তম্ভ এটা আৱদ্ধ হৈ আছে। নলীডালৰ বন্ধ মূৰটো তললৈ কৰি যদি তাক হঠাতে উলম্বভাৱে ধৰা হয় তেন্তে কি হ’ব?

13.12 এটা বিশেষ যন্ত্ৰৰ পৰা হাৰত হাইড্ৰ’জেন গেছৰ ব্যাপুন ঘটে। একেটা পৰিৱেশত আন এটা গেছৰ হাৰত ব্যাপন ঘটে। গেছটো চিনাক্ত কৰা।

(পৰামৰ্শঃ এই ক্ষত্ৰত গ্ৰাহামৰ ব্যা ইয়াৰ আৰু হ’ল ক্ৰমে আৰু আণৱিক ভৰৰ গেছ দুটাৰ ব্যাপনৰ হাৰ এই বিধিটো গেছৰ গতিবাদৰ এটা সৰল পৰিণতি।)

13.13 সাম্য অৱস্থাত থকা এটা গেছৰ সমস্ত আয়তনত তাৰ ঘনত্ব আৰু চাপ সমান। এই পৰিৱেশটো বাহ্যিক প্ৰভাৱৰ অনুপস্থিতিতহে সত্য উদাহৰণঃ মাধ্যাকৰ্ষণৰ প্ৰভাৱত থকা গেছৰ স্তম্ভ এটাৰ ক্ষেত্ৰত স্তম্ভটোৰ সকলো সকলো স্থানতে চাপ আৰু ঘনত্ব একে নাথাকে। তেনে স্তম্ভ এটাৰ ক্ষেত্ৰত দেখদেখকৈ উচ্চতাৰ সৈতে ঘনত্ব হ্ৰাস পায়। উচ্চতাৰ ওপৰত ঘনত্ব ঠিক কিদৰে নিৰ্ভৰ কৰে সেই তথাকথিত বায়ুমণ্ডলৰ বিধি্টোৰ পৰা পোৱা যায়-

ইয়াত আৰু হ’ল ক্ৰমে আৰু উচ্চতাত বায়ুৰ ঘনত্ব। বায়ুমণ্ডলীয় বিধিটো ব্যৱহাৰ কৰি জুলীয়া পদাৰ্থৰ স্তম্ভ এটাত সাম্য অৱস্থা লাভ কৰা তলৰ সমীকৰণটোৰ প্ৰতিষ্ঠা কৰা।

ইয়াত P হ’ল গেছৰ ঘনত্ব আৰু P’ কাষৰ মাধ্যামটোৰ ঘনত্ব। হ’ল এড’গেড্ৰ’ৰ সংখ্যা, R গেছ ধ্ৰুৱক) পৰামৰ্শঃ গেছৰ কণিকাৰ আপাত ওজন উলিয়াবলৈ আৰ্কিমিডিছৰ বিধিটো ব্যৱহাৰ কৰা।

13.14 তলৰ তালিকাখনত কেইবিধমান গোটা পদার্থ আৰু জুলীয়া পদাৰ্থৰ ঘনত্ব তুলি দিয়া হৈছে । এই পদার্থবোৰৰ পৰমাণুবোৰৰ আকাৰৰ মোটামুটি মান নির্ণয় কৰা।

(পৰামর্শঃ গোটা আৰু জুলীয়া অৱস্থাত পৰমাণুবোৰ পৰস্পৰৰ সৈতে ‘নিকপকপীয়াকৈ লাগি থাকে’ বুলি ধৰিবা আৰু এভ’গেড্র’ৰ সংখ্যা ব্যৱহাৰ কৰিবা। পিছে এই পদ্ধতিৰে তুমি নির্ণয় কৰা সংখ্যাবোৰ সম্পূর্ণ শুদ্ধ বুলি ধৰি নল’বা। আমি ‘নিকপকপীয়া’ৰ যিটো ধাৰণা লৈছোঁ সেয়া এক যথেষ্ট সৰলীকৃত ধাৰণাহে। সেয়ে , তুমি লাভ কৰা ফলবোৰে আমাক মাত্র এই তথ্যহে দিব যে পাৰমাণৱিক আকাৰবোৰ এংষ্ট্রম পৰিসৰৰ হয়।)

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects