SVN Class 8 Assamese Chapter 18 Answer বিষয়ীৰ অধোগতি পাঠটোৰ উত্তৰ

বিষয়ীৰ অধোগতি

Lesson: 18

ক্ৰিয়া কলাপ

১। চমু উত্তৰ দিয়া।

(ক) ভট্টদেৱৰ সম্পূর্ণ নাম কি?

উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য।

(খ) কপিল মুনি কোন?

উত্তৰঃ কপিল মুনি হৈছে যদ্যপি পুত্ৰ।

(গ) বিষয়ী শব্দৰ অর্থ কি?

উত্তৰঃ বিষয়ী শব্দৰ অৰ্থ বিষয়াসক্ত।

(ঘ) ভট্টদেৱৰ মাক আৰু দেউতাকৰ নাম কি আছিল?

উত্তৰঃ ভট্টদেৱৰ মাকৰ নাম তৰা দেৱী আৰু দেউতাক নাম ভাৰতী।

(ঙ) ভট্টদেৱে কোনজন গুৰুৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ ভট্টদেৱে দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিল।

(চ) “বিষয়ীৰ অধােগতি” পাঠটি ক’ৰ পৰা লােৱা হৈছে?

উত্তৰঃ “বিষয়ীৰ অধােগতি” পাঠটি (কথা ভাগৱতৰ পৰা) লােৱা হৈছে।

(ছ) বনাগ্নিৰাে তাপ লাগে মানে কি?

উত্তৰঃ বনাগ্নিৰো তাপ লাগে মানে বন পোৰা জুই তাপ লাগে।

(জ) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰঃ অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ।

২। ভট্টদেরে গদ্যত কি কি পুথি লিখিছিল?

উত্তৰঃ ভট্টদেৱে গদ্যত ভাগৱত, পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী।

৩। বিষয়ী কোন? তেওঁলােকক বিষয়ী বােলাৰ কাৰণ কি?

উত্তৰঃ সংসাৰ সুখত আসক্ত লােক সকলক বিষয়ী বােলা হয় । তেওঁলােকক বিষয়ী বােলাৰ কাৰণ হৈছে— তেওঁলােকে সৎ সংগ নলয় , হৰিক উপাসনা নকৰে । মিছা দেহটোক সঁচা জ্ঞান কৰি সংসাৰ সুখত মত্ত হৈ থাকে ।
৪। বিষয়ী সকলৰ নৰক যন্ত্রণাৰ এটি বর্ণনা দিয়া।

উত্তৰঃ বিষয়ী সকলক নৰকলৈ নিওতে পথত কুকুৰে কামোৰে,তপ্ত বলুকাত যাই,ওপৰত আদিতো তাপ কৰে, বনাগ্নিৰো তাপ লাগে, পিঠিত চাবুকে কোবাৱ, খেড়ে মেঢ়াই অগ্নি দেই, আপুনাৰ মাংস কাটি খুৱাৱ,সৰ্পে কামোৰে,বিছায়ে দাংকে, পানীত ডুবাই আদি যন্ত্ৰণা দিয়ে।

৫। “বিৰক্ত নহে-সংসাৰৰ প্ৰতি”–তাৎপর্য লিখা।

উত্তৰঃ বিষয়ী লোকসকল সংসাৰ সুখত আসক্ত। পুত্ৰ – ভাৰ্যাকলৈ তেনে লোকসকলে সুখৰ অনুভৱ কৰে আৰু পুত্ৰ-ভাৰ্যাৰ ভৰণ পোষণকলৈ দেহ নষ্ট কৰে। বৃদ্ধ কালত পুত্ৰ-ভাৰ্যাক পুহিব নোৱাৰা হ’লে সেই পুত্ৰ-ভাৰ্যাই তেওঁলোকক অনাদৰ কৰে তথাপি। তেওঁলোক বিৰক্ত নহয় তেওঁলোক মায়াত বন্দী হৈ থাকে। তেওঁলোকে যে মিছাঁ দেহ এটা লৈ আছে তেওঁলোকে অনুভৱ নকৰে। তেওঁলোকে ভাৱে যে দেহৰ সুখেই সকলো বুলি ভাৱে । তেওঁলোকে অনুভৱ নকৰে যে গোটেই সংসাৰ খন মায়াৰে আবৰা । তেওঁলোক সুখৰ আশাতে জীয়াই থাকিব বিচাৰে আৰু দুখ কষ্ট পালেও এই সংসাৰ প্ৰতি বিৰক্ত হব নোখোজে ।

৬। কোনে কাৰ আগত বিষয়ীৰ জীৱিত কালৰ দুখ-যন্ত্রণাৰ কথা বর্ণনা কৰিছিল?

উত্তৰঃ কপিলে, মাতৃ আগত বৰ্ণনা কৰিছিল।

৭। ভট্টদেৱৰ সাহিত্য কৃতিৰ বিষয়ে লিখা।

উত্তৰঃ ভট্টদেৱ হৈছে অসমীয়া সাহিত্য গদ্য জনক। তেওঁ কথাত বা গদ্যত ভাগৱত, পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰে। অসমীয়া ভাষাত শৰণ-মালিকা, গুৰু বংশাৱলী, প্ৰসংগমালা আৰু সংস্কৃত ভাষাত ভক্তিবিবেক আৰু ভক্তিসাৰ ৰচনা কৰে।

৮ | তাৎপর্য ব্যাখ্যা কৰা—

“পাপার্জিত ধন সবে খাই,

কর্তা মাত্র নৰক যায়।”

উত্তৰঃ এজন লোকে পাপ কৰি ধন আনে। সকলোৱে সেই ধন খায়। কিন্তু পাছত পাপ কৰি ধন অনা জনে নৰকত যায় বুলি কৈছে।

৯। বৃদ্ধ কালত পিতৃ-মাতৃৰ প্রতি আমি কেনেধৰণৰ কর্তব্য পালন কৰিব লাগে?

উত্তৰঃ

ভাষা বিচাৰ

১। পাঠটিত থকা যুৰীয়া শব্দবােৰ বাচি উলিওৱা।

উত্তৰঃ

২। তলত দিয়া শব্দবােৰৰ সমার্থক শব্দ লিখা―

ভাৰ্য্যা– পত্নী।

গৃহ– ঘৰ।

বলুকা-বালিচৰ।

অন্ন– আহাৰ।

সংহৰ–

কুৎচিত-বেয়া দেখা।

আদিত্য-দেৱতা।

অগ্নি-জুই।

মনুষ্য– মানুহ।

৩। আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা—

পাপার্জিত ধন সৱে খাই, কর্তা মাত্র নৰক যাই। এমনে পাপ অনুসাৰে নৰক-ভােগ কৰি মনুষ্যৰ অধত আউঠ কোটি যােনি অনুক্রমে ফুৰি নানা দুখ পায়া পুনু মনুষ্য হয়।

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top