Might Learn Logo Might Learn

SVN Class 8 Social Science Chapter 8 Answer ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ পাঠটোৰ উত্তৰ

ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

Lesson: 8

১। স্কেল বা মাপনী বুলিলে কি বুজা? ই কেইপ্ৰকাৰৰ আৰু কি কি? প্রতিভাগৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ  মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভপষ্ঠত একে ঠাই দুখনৰ মাজৰ প্রকৃত দূৰত্বৰ অনুপাতেই হ’ল সেই মানচিত্ৰ খনৰ স্কেল বা মাপনী। উদাহৰণ স্বৰূপে, ভূপৃষ্ঠৰ ১০০কিল মিটাৰ দূৰত্বক যদি মানচিত্ৰত ১ছে.মি. ৰ দূৰত্বৰে দেখুওৱা হয়, তেতিয়া মানচিত্ৰত দূৰত্ব আৰু ভূপৃষ্ঠৰ দূৰত্বৰ মাজত যি অনুপাত হ’ব, সেয়াই মানচিত্ৰৰ স্কেল।

মানচিত্র অংকনত ব্যৱহাৰ হোৱা স্কেল তিনি প্ৰকাৰৰ।

১। ভাষা বা উক্তিৰ স্কেল

২। নিৰূপক ভগ্নাংশৰ স্কেল

৩। ৰৈখিক স্কেল

১। ভাষা বা উক্তিৰ স্কেল: এইবিধ স্কেল ভাষা বা উক্তিৰে প্ৰকাশ কৰা হয়। যেনে ১ ছেঃমিঃ = ১০কি.মি.। অর্থাৎ মান চিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব ১ ছেন্টিমিটাৰ, ভূপৃষ্ঠত সেই ঠাই দুখনৰ দূৰত্ব ১০কিল’মিটাৰ।

২। নিৰূপক ভগ্নাংশৰ স্কেল: এইবিধ স্কেল এবিধ বিশেষ ভগ্নাংশত প্রকাশ কৰা হয়। যেনে- ১ঃ ২৫০০০বা ১/২৫০০০। ইয়াত ভগ্নাংশটোৰ লব১-এ মানচিত্র এক একক দূৰত্ব বুজাইছে আৰু হৰ ২৫০০০ এ ভূ-পৃষ্ঠৰ প্ৰকৃত দূৰত্ব ২৫০০০একক বুজাইছে। এইবিধ স্কেলত কোনো দূৰত্বৰ একক ব্যৱহাৰ কৰা নহয়। পৃথিৱীৰ বিভিন্ন ঠাইত দূৰত্বৰ একক বেলেগ বেলেগ হোৱা বাবে একক নোহোৱা অনুপাত বা ভগ্নাংশত এই স্কেল প্রকাশ কৰা হয়।

৩। ৰৈখিক স্কেল: কেতিয়াবা এডাল ৰেখাৰ সহায়ত দুটা দূৰত্বৰ অনুপাত প্ৰকাশ কৰা হয়। এই ৰেখাডালত মানচিত্ৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই ঠাই দুখনৰ মাজৰ দূৰত্বৰ জোখ দেখুৱাই দিয়া হয়। দুডাল সমান্তৰাল অনুভূতিক সৰল ৰেখাক ছেল্টিমিটাৰত ভাগ কৰি ডাগ কাটি দিয়া হয়। প্রতিটো ভাগৰ মুৰে মূৰে ধৰাতলত ভাগ কেইটাই যি দূৰত্ব বুজায় সেইটো জোখ লিখি দি মেপৰ স্কেল প্রকাশ কৰা হয়। এই স্কেলক ৰৈখিক স্কেল বোলা হয়।

২। ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ যিটো ব্যৱস্থাই তথ্য, সংগ্রহ, পৰীক্ষণ, বিশ্লেষণ, প্রদর্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়। ভু-পৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পর্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগলিক তথ্য ব্যৱস্থা এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা।

৩।  মানচিত্র অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা।

উত্তৰঃ এখন সঠিক অর্থপূর্ণ মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সহজ কাম নহয়। এই ক্ষেত্রত প্রয়োজন হোৱা পদ্ধতি আৰু সামগ্রী সম্পর্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্রাচীন মানচিত্র উদ্ধাৰ হৈছে মেছ’প’টেমিয়াত অর্থাৎ বৰ্তমান ইৰাকত। এই মানচিত্র টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। মিছৰতো এনে ধৰণৰ মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্র অংকন কৰিছিল। খ্রীষ্টপূর্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্র অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। তেওঁলোকে পাটৰ কাপোৰত পৰ্বত-পাহাৰ, নদ-নদী, ৰাষ্টা-ঘাট আদি দেখুৱাই মানচিত্র অংকণ কৰিছিল। প্ৰাচীন যুগৰ পণ্ডিত সকলৰ ভিতৰত ট’নেমিয়ে (খ্রীষ্টপূর্ব ৯০-১৬৮) মানচিত্র অংকণৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল। অক্ষাংশ আৰু দ্রাঘিমাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থান নির্ণয় কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাছত কলম্বাছ, ভাস্কো ডা গামা আদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন ঠাই আবিস্কাৰ কৰি পৃথিৱী সম্পর্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰোপত ছপাযন্ত্র আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিবৰ্তন আনিলে।ভাৰতত খ্ৰীষ্টপূর্ব ২৫০০চনৰ পৰাই মানচিত্র অঙ্কণ কৰাৰ প্ৰমাণ পোৱা যায়। ভাৰতৰ ৰজা মহাৰাজাসকলে তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্র তৈয়াৰ কৰিছিল। আমাৰ দেশত ইংৰাজ সকলে প্রথমে বিজ্ঞান সম্মত কৌশলেৰে মানচিত্র প্রস্তুত কৰিছিল। তেওঁলোকেই ১৭৬৭ চনত চার্ভে অৱ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্রতিষ্ঠা কৰিছিল। ১৯শতিকাৰ আৰম্ভণিতে চাৰ্ভেয়ৰ জেনেৰেল উইলিয়াম লেমটনে মানচিত্র অংকণত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল। সম্প্রতি দূৰ সংবেদন প্রযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুত মানচিত্ৰ তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিছে।

৪। ভৌগোলিক তথ্য কি?

উত্তৰঃ ভূ পৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পর্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগলিক তথ্য-ব্যৱস্থা এটা অতি নিৰ্ভৰ যোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা। ইয়াক স্থানিক তথ্য ব্যৱস্থা বুলিও ক’ব পাৰি। মুঠতে যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ পৰীক্ষণ, বিশ্লেষণ, প্রদর্শন আদি কাৰ্য পৃথিবীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়।

৫। মানচিত্র অধ্যয়নৰ উপকাৰিতা কি কি?

উত্তৰঃ  মানচিত্ৰত একোখন ঠাইৰ বিভিন্ন তথ্যবোৰ সাংকেতিক চিহ্ন কিছুমানৰ জৰিয়তে উপস্থাপন কৰা হয়। এই সাংকেতিক চিহ্নবোৰৰ সহায়ত কোনো এখন ঠাইৰ মানচিত্ৰ অধ্যয়ন কৰিলে ঠাইখনৰ প্ৰাকৃতিক আৰু মানবসৃষ্ট উপাদানবোৰৰ বিষয়ে বহু কথা জানিব পাৰি। আজিকালি মানুহে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিবলৈ যায়। এনেলোকে মানচিত্ৰৰ জৰিয়তে ঠাইখনৰ বাট-পথ চিনাৰ লগতে দর্শনীয় ঠাইবোৰৰো আভাস পায়।

৬। দূৰ সংবেদন পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ  কোনো এটা বস্তু, পদাৰ্থ বা ক্ষেত্ৰৰ ওচৰ নচপাকৈ বা স্পর্শ নকৰাকৈ সেই পদার্থ, বস্তু বা ক্ষেত্ৰৰ বিষয়ে বিতং তথ্যপাতি সংগ্ৰহ কৰিব পৰা কৌশলক দূৰ সংবেদন বোলা হয়। দূৰ সংবেদন প্ৰক্ৰিয়াত ভূ-পৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদক ব্যৱহাৰ কৰা হয়। এই সংবেদক ভূ-পৃষ্ঠৰ পৰা বহুত উচ্চতাত আকাশীযান বা কৃত্রিম উপগ্রহত সংস্থাপন কৰা হয়। এই সংবেদকবোৰে ভূ-পৃষ্ঠৰ বিভিন্ন অবয়বৰ বিষয়ে ফটো আৰু তথ্যপাতি যোগান ধৰে।

৭। ছাৰ্ভে অৱ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো কোনে প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ ইংৰাজ বিলাকে ১৭৬৭চনত চার্ভে-অব-ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্রতিষ্ঠা কৰিছিল।

৮। গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা ক’ত ব্যৱহাৰ হয়?

উত্তৰঃ পৃথিৱীৰ যিকোনো অৱস্থান, দিশ, উচ্চতা আদি নিৰূপন কৰিব পৰাকৈ উপগ্রহবোৰে প্ৰেৰণ কৰা সংকেতবোৰ গোলকীয় স্থান নির্ণায়ক যন্ত্ৰৰ যোগেদি পাব পাৰি। সাধাৰণতে মহাসাগৰৰ বিশাল বুকুত জাহাজ চলোৱা, জৰীপ কাৰ্য আদিত কোনো ঠাইৰ সঠিক অৱস্থান নির্ণয় কৰিবলৈ এই ব্যৱস্থাৰ প্ৰয়োগ কৰা হয়

৯। আৰ্হি চিত্র কাক বোলে?

উত্তৰঃ  মানচিত্র অংকণত মাপনী বা স্কেল অপৰিহাৰ্য। স্কেল বা মাপনী নথকা চিত্ৰক আৰ্হি চিত্ৰ বুলি কোৱা হয়

১০। চমুটোকা লিখা—

ভৌগোলিক তথ্য ব্যৱস্থা, 

উত্তৰঃ ভূ পৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগলিক তথ্য-ব্যৱস্থা এটা অতি নিৰ্ভৰ যোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা। ইয়াক স্থানিক তথ্য ব্যৱস্থা বুলিও ক’ব পাৰি। মুঠতে যিটো ব্যৱস্থাই তথ্য সংগ্রহ পৰীক্ষণ, বিশ্লেষণ, প্রদর্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন  স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়।

ভৌগোলিক স্থান নির্ণয়ন ব্যৱস্থা,

উত্তৰঃভৌগলিক স্থান নির্ণায়ক ব্যৱস্থা হ’ল এটা উপগ্রহ নিয়ন্ত্রিত ব্যৱস্থা। ভূ- পৃষ্ঠত ঠাইৰ অৱস্থান অর্থাৎ দ্রাঘিমাংশ, অক্ষাংশ, উচ্চতা আদি আহৰণ কৰিবলৈ এই ব্যবস্থা প্রয়োগ কৰা হয়। মহাকাশত স্থাপন কৰা কৃত্রিম উপগ্রহই নিৰ্দ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি প্ৰয়োজনীয় তথ্য পঠিয়াই থাকে। পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান, দিশ, উচ্চতা আদি নিৰূপণ কৰিব পৰাকৈ উপগ্ৰহবোৰে প্ৰেৰণ কৰা সংকেতবোৰ গোলকীয় স্থান নির্ণায়ক যন্ত্ৰৰ যোগেদি পাব পাৰি। সাধাৰণতে মহাসাগৰৰ বিশাল বুকুত জাহাজ চলোৱা, জৰীপ কাৰ্য আদিত কোনো ঠাইৰ সঠিক অৱস্থান নির্ণয় কৰিবলৈ এই ব্যৱস্থাৰ প্ৰয়োগ কৰা হয়।

দূৰ সংবেদন, 

উত্তৰঃ কোনো এটা বস্তু, পদার্থ বা ক্ষেত্ৰৰ ওচৰ নচপাকৈ বা স্পর্শ নকৰাকৈ সেই পদার্থ, বস্তু বা ক্ষেত্ৰৰ বিষয়ে বিতং তথ্যপাতি সংগ্ৰহ কৰিব পৰা কৌশলক দূৰ সংবেদন বোলা হয়। দূৰ সংবেদন প্ৰক্ৰিয়াত ভূ-পৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদক ব্যৱহাৰ কৰা হয়। এই সংবেদক ভূ-পৃষ্ঠৰ পৰা বহুত উচ্চতাত আকাশীযান বা কৃত্রিম উপগ্রহত সংস্থাপন কৰা হয়। এই সংবেদকবোৰে ভূ-পৃষ্ঠৰ বিভিন্ন অবয়বৰ বিষয়ে ফটো আৰু তথ্যপাতি যোগান ধৰে।

নিৰূপক ভগ্নাংশৰ স্কেল

উত্তৰঃ  নিৰূপক ভগ্নাংশৰ স্কেল: এইবিধ স্কেল এবিধ বিশেষ ভগ্নাংশত প্রকাশ কৰা হয়। যেনে- ১ঃ ২৫০০০বা ১/২৫০০০। ইয়াত ভগ্নাংশটোৰ লব১-এ মানচিত্র এক একক দূৰত্ব বুজাইছে আৰু হৰ ২৫০০০ এ ভূ-পৃষ্ঠৰ প্ৰকৃত দূৰত্ব ২৫০০০একক বুজাইছে। এইবিধ স্কেলত কোনো দূৰত্বৰ একক ব্যৱহাৰ কৰা নহয়। পৃথিৱীৰ বিভিন্ন ঠাইত দূৰত্বৰ একক বেলেগ বেলেগ হোৱা বাবে একক নোহোৱা অনুপাত বা ভগ্নাংশত এই স্কেল প্রকাশ কৰা হয়।

১১। চীনদেশৰ লোকসকলে অতীজতে কি মানচিত্র অংকন কৰিছিল?

উত্তৰঃ খ্ৰীষ্টপূর্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে পাটৰ কাপোৰতপৰ্বত-পাহাৰ, নদ-নদী ৰাস্তা-ঘাট আদি দেখুৱাই মানচিত্র অংকণ কৰিছিল।

১২। মিছৰীয়সকলে কি মানচিত্র অংকন কৰিছিল?

উত্তৰঃ মেছ’ পটেমিয়াৰ দৰে মিছৰতো টেৰাকোটা ফলকত মানচিত্র অংকণ কৰা হৈছিল। তেওঁলোকে নীলনদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্র অংকণ কৰিছিল।

১৩। শুদ্ধ উত্তৰটোত চিন দিয়া—

ক) দ্রাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্র অংকন কৰিছিল—

১। ইৰাট’স্থেনিছে ২। ট’লেমিয়ে ৩। কালৰিটাৰে 

উত্তৰঃ  ট’লেমিয়ে

(খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল—

১। নিৰূপক ভগ্নাংশ ২। ৰৈখিক স্কেল ৩। ভাষাৰ স্কেল

উত্তৰঃ  নিৰূপক ভগ্নাংশ 

গ) আটাইতকৈ প্রাচীন মানচিত্র উদ্ধাৰ হৈছে

১। মিছৰত ২। মেছ’পটেমিয়াত ৩। চীনত

উত্তৰঃ মেছ’পটেমিয়াত

১৪। খালী ঠাই পূৰ কৰা

ক) স্কেল নথকা চিত্রক _______বোলে । 

উত্তৰঃ আৰ্হিচিত্র

খ) মানচিত্র অংকন _______অপৰিহাৰ্য।

উত্তৰঃমাপনী বা স্কেল

গ) _______ত ভূপৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদক ব্যৱহাৰ কৰা হয়।

উত্তৰঃদূৰ সংবেদন প্রক্রিয়া

ঘ) প্রাচীন মানচিত্র _______ত অংকিত কৰা হৈছিল।

উত্তৰঃমেছ’প’টেমিয়াত

ঙ) ইউৰোপত _______আৱিষ্কাৰে মানচিত্র প্রস্তুতিত ব্যাপক পৰিবহণ আনে। 

উত্তৰঃছপা যন্ত্ৰৰ

চ) _______এ ভাৰতত বিজ্ঞানসন্মত মানচিত্র প্রস্তুতিৰ সূচনা কৰে।

উত্তৰঃ ইংৰাজসকলে 

ছ) ভৌগোলিক তথ্যসমূহ_______,_______,_______আদিৰে প্ৰকাশ কৰা হয়।

উত্তৰঃ বিভিন্ন চিএ মানচিএ

জ) স্থানিক তথ্য প্রযুক্তিয়ে প্ৰধানকৈ_______,_______আৰু _______ক সামৰি লয়।

উত্তৰঃ দ্ৰাঘিমাংশ আৰু অক্ষাংশ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects