AHSEC Class 11 Advance Assamese Chapter 3 প্ৰিয়তমাৰ চিঠি পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ

১। ‘প্ৰিয়তমাৰ চিঠি’ কোন শ্ৰেণীৰ কবিতা? তাৰ এটি চমু পৰিচয় দিয়া।

উত্তৰঃ ‘প্ৰিয়তমাৰ চিঠি’ কবিতাটো এটা চতুৰ্দশপদী কবিতা। ই এটা অসমীয়া ছনেট। ভাবাদৰ্শৰ ফালৰ পৰা কবিতাটো এটা ৰোমান্তিক কবিতা।

ছনেট হল চৈধ্যটা চৰণত সম্পূৰ্ণ হোৱা কবিতা। বিষয় আৰু ভাবৰ ঐক্য ইয়াৰ মূল কথা। ইয়াৰ চৈধ্যতা শাৰীৰ প্ৰথম আঠটাক অষ্টক আৰু পিছৰ ছটা শাৰীক ষটক বুলি কোৱা হয়। এটা ছনেটৰ এটা বিষয়ৰহে অৱতাৰণা কৰা হয় আৰু বিষয়টো সম্পূৰ্ণকৈ প্ৰকাশ কৰা হয়। ইচো চৰণৰ লগত সিটোৰ অন্তমিল থাকিব লাগিব। সামৰণিত চৰণত ভাৱৰ পূৰ্ণতা অতৰ্কিতে ফূতি উঠিব লাগিব।

৩। প্ৰসঙ্গ-সঙ্গতি দৰ্শাই ব্যাখ্যা কৰাঃ

(ক) তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,

কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায়।

উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুঠি ‘অসমীয়া উচ্চতৰ সাহিত্য সংকলন’ত সানিবিষ্ট হেমচন্দ্ৰ গোস্বামীৰ ‘প্ৰিয়তমাৰ চিঠি’ নীামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে কৈছে যে কবিতা কাননত যিমানেই কবিতা ফুলি নুঠক কিয়। যিমানেই মলয়ত উটি ফুৰি পৃথিৱীত খলক নলগাওঁক কিয়, তেওঁৰ প্ৰিয়তমাৰ চিঠিৰ লগত তাক তুলনাই কৰিব নোৱাৰি। কাৰণ প্ৰিয়তমাৰ চিঠিৰ মাজত যি গীত আছে, বলেগ কবিতাৰ কাব্যগুণে তাক গোন্ধই নাপায়।

আচলতে কবিতাৰ মূল গুণ হল তাৰ ভিতৰত থকা কাব্য। কিন্তু কবিয়ে কৈছে যে এই সংগীত বা কাব্য গুণ তেওঁৰ প্ৰিয়তমাৰ চিঠিৰ তুলনাত একোৱেই নহয়। কাৰণ তেওঁৰ প্ৰিয়তমাৰ চিঠিত যি কাব্যিকতা আছে বা যি গীতিময়তা আছে, অইন কবিতাবোৰে তেনে গীতিময়তা গোন্ধকে পাব নোৱাৰে।

Scroll to Top