AHSEC Class 11 Advance Assamese Chapter 4 পানেশৈ পাঠটোৰ উত্তৰ

প্ৰশ্নাৱলীঃ

১। পানেশৈক বাপেকে কি বুলি কৈছিল? তাৰ উওৰত পানেশৈয়ে কি ক’লে?

উত্তৰঃ পানেশৈক সাগৰৰ মাজত দেখি বাপেকে তেওঁৰ ঘাটলৈ নাওঁ চপাবৰ বাবে অনুৰোধ জনাইছে। তেওঁ কৈছে যে তেওঁ পানেশৈক ধন সম্পত্তি, আ-অলংকাৰ সকলো দিয়াৰ আগতে খাটলি পীৰাত বহুৱাই ভাত খুৱাব।

তাৰ উত্তৰত পানেশৈয়ে কৈছিল তেওঁ খাটলি পীৰাত বহি ভাতো নাখায় আৰু ধন সম্পত্তিও নালাগে। তেওঁ যেনেকৈ আছে সুখেৰে আছে। মানুহৰ মাজত থকাৰ তেওঁৰ অকণো ইচ্ছা নাই। তাৰ পৰিৱৰ্তে আতঁৰি থকাই উচিত। পানেশৈৰ উত্তৰৰ মাজত মানুহৰ সমাজখনৰ প্ৰতি থকা তেওঁৰ এক বিৰাগ ভাৱ ফুটি উঠিছে।

2। ‘পানেশৈ’ কোন শ্ৰেণীৰ কবিতা ? কবিতাটোত বৰ্ণিত কাহিনীটি বৰ্ণনা কৰা।

উত্তৰঃ ‘পানেশৈ’ এটা ‘বেলাড’ শ্ৰেণীৰ কবিতা।

কবিতাটোত পূৰ্ণ ৰূপ নাই। মাত্ৰ দেখুওৱা হৈছে যে পানেশৈয়ে নীল সাগৰৰ মাজত নাও বাই আছে। তেওঁৰ সোণৰ প্ৰতিমাৰ দৰে ৰূপ দেখি সাগৰপৰীয়া সকল অবাক হৈছে। বাপেকে জীয়েকক দেখি আথে বেথে গৈ তেওঁৰ ঘাটত নাওঁ চপাবৰ বাবে অনুৰোধ কৰিছে।

তাৰ উত্তৰত পানেশৈয়ে কৈছিল তেওঁ খাটলি পীৰাত বহি ভাতো নাখায় আৰু ধন সম্পত্তিও নালাগে। তেওঁ যেনেকৈ আছে সুখেৰে আছে। মানুহৰ মাজত থকাৰ তেওঁৰ অকণো ইচ্ছা নাই। তাৰ পৰিৱৰ্তে আতঁৰি থকাই উচিত। বাপেকক এনেদৰে কৈ পানেশৈ সাগৰৰ মাজৰ পালেগৈ। এনেদৰে তাই সাগৰৰ ঢৌৰ লগত খেলি খেলি সাগৰৰ মাজত খেলিবলৈ ধৰিলে। বাপেক মাকে বহুত মাতিলে পানেশৈক কিন্তু তাই ঘূৰি নাহিল।

এদিন পুৱা সাগৰৰ পাৰত গছ এজোপাৰ তলত পানেশৈৰ মৃতদেহ উদ্ধাৰ হ’ল। দুইফালে পৰি থকা দুই চুলি তাৰিত নিয়ৰৰ টোপাল। কোমল মুখত কোমল সুৰুয কিৰণ। এনেদৰে নিষ্ঠৰ মানুহৰ চলনাত পানেশৈ এই পৃথিৱীৰ পৰা আঁতৰি গ’ল। এনেদৰে অকালতে এগৰাকী গাভৰু জীৱনৰ নাটক খনৰ পৰিসমাপ্তি ঘটিল। নিজানত ফুলা সুগন্ধি গোলাপ নিজানতে সৰি গ’ল।

৩। প্ৰসঙ্গ-সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা

(ক) নপৰে নিশাহ কপালত চোৱা

মৃত্যুৰ কলীয়া ৰেখ,

নিষ্ঠুৰ মানুহ শেষ হ’ল আজি

জীৱন দিনৰ লেখ।

উত্তৰঃ উক্ত কবিটাফাকি আমাৰ পাথ্যপুঠি অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ সন্নিবিষ্ট আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ পানেশৈ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে।

পানেশৈৰ মৃত্যু হোৱাৰ পিছত কবিয়ে পানেশৈৰ জীৱনৰ পৰিসমাপ্তিক বুজাবলৈ উক্ত কথাষাৰ বৰ্ণন কৰিছে।

এদিন মানুহে ৰাতিপুৱাই দেখিলে যে সাগৰৰ পাৰত গছ এজোপাৰ তলত পানেশৈ শুই আছে। চুলিটাৰি দুই ফালে মেলা আছে আৰু মুখত সূৰ্য্যৰ কোমল কিৰণ পৰিছে। পিছত মানুহে ভালকৈ চাই দেখে যে তাই উশাহ লোৱা নাই, তাইৰ ইতিমধ্যে মৃত্যু ঘটিছে। পানেশৈয়ে চিৰকাললৈ বিদায় ললে। মানুহৰ স্বাৰ্থপৰতাৰ বাবে তাই আতৰি গল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top