AHSEC Class 11 Anthropology Chapter 2 মানৱ কংকাল পাঠটোৰ উত্তৰ

অনুশীলনী

১। চমু উত্তৰ দিয়াঃ

(ক) মানৱ কংকালটো কিমানডাল হাড়েৰে গঠিত?

উত্তৰঃ- মানৱ কংকালটো ২০৬ ডাল হাড়েৰে গঠিত।

(খ) মানৱ কংকালৰ লাওখোলাত কিমান টুকুৰা হাড় থাকে?

উত্তৰঃ- মানৱ কংকালৰ লাওখোলাত ২২ টুকুৰা হাড় থাকে।

(গ) লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম লিখা।

উত্তৰঃ- লাওখোলাৰ সৰ্বোচ্চ অংশটোৰ নাম হ’ল শীৰ্ষ।

(ঘ) অনুকপাল অস্থিৰ ডাঙৰ ৰন্ধ্ৰটোৰ নাম কি?

উত্তৰঃ- অনুকপাল অস্থিৰ ডাঙৰ ৰন্ধ্ৰটোৰ নাম হ’ল মহাৰন্ধ্ৰ।

(ঙ) কৰ্ণকোহৰ কোনডাল হাড়ত থাকে?

উত্তৰঃ- কৰ্ণকোহৰ মেমব্ৰেন হাড়ত থাকে।

(চ) স্কন্ধবেষ্টনী কি কি হাড়ৰ দ্বাৰা গঠিত?

উত্তৰঃ- স্কন্ধবেষ্টনী এযোৰ অংশফলক আৰু এযোৰ কণ্ঠস্থিৰ হাড়ৰ দ্বাৰা গঠিত।

(ছ) মানৱ কংকালৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড় কোনডাল?

উত্তৰঃ- মানৱ কংকালৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড় হ’ল উৰ্বস্থি।

২। শ্রোণীবেষ্টনীৰ ইন’মিনেট হাড়ৰ অংশবোৰৰ নাম লিখা।

উত্তৰঃ শ্রোণীবেষ্টনীৰ ইন’মিনেট হাড়ৰ অংশবোৰৰ নাম হ’ল 一

(i) ইলিয়াম শিখৰ।

(ii) ইলিয়াম।

(iii) ত্রিকাস্থি।

(iv) এছিটেবুলাম।

(v) ইস্কিয়াম।

(vi) সংধান।

(vii) অবটুৰেটৰ ৰন্ধ্ৰ।

(viii) পিউবিছ।

৩। দুই মস্তক পার্শ্বাস্থিৰ মাজৰ সীৱনডালৰ নাম কি?

উত্তৰঃ- দুই মস্তক পার্শ্বাস্থিৰ মাজৰ সীৱনডালৰ নাম হ’ল সমমিতাধী সীৱন।

৪। মানুহৰ দাঁত কেইধৰণৰ আৰু এটা দাঁতৰ অংশবোৰ কি কি?

উত্তৰঃ– মানুহৰ দাঁত দুই ধৰণৰ। এটা দাঁতৰ অংশ তিনিটা। সেইকেইটা হ’ল দন্তশিখৰ, গুৰি আৰু মাজৰ অংশ হ’ল শৰীৰ।

৫। ৰাজহাড়ৰ প্ৰথম আৰু দ্বিতীয় কশেৰুকাৰ নাম লিখা।

উত্তৰঃ- ৰাজহাড়ৰ প্ৰথম কশেৰুকাৰ নাম হ’ল আট্’লাছ আৰু দ্বিতীয় কশেৰুকাৰ নাম হ’ল অক্সিছ।  

৬। চমুটোকা লিখাঃ

(ক) কৰোটি

উত্তৰঃ মানৱ লাওখোলাৰ দুটা মুখ্য অংশ হৈছে কৰোটি আৰু মুখমণ্ডল। কৰোটি অংশটো ৮ টুকুৰা হাড়েৰে গঠিত। এই হাড়সমূহ হৈছে— ললাটিকা অস্থি, দুটা মস্তক পাৰ্শ্বাস্থি, দুটা শংখাস্থি, অনুকপাল অস্থি, স্ফেনয়ড অস্থি আৰু এথময়ড অস্থি। ললাটিকা অস্থি, মস্তক পাৰ্শ্বাস্থি আৰু অনুকপাল অস্থিয়ে একেলগে কৰোটিৰ সৰ্বোচ্চ অংশ বা শীৰ্ষ গঠন কৰে।

(খ) বক্ষাস্থি

উত্তৰঃ– মানৱ কংকালত বুকুৰ সোঁমাজৰ সন্মুখলৈ থকা চেপেটা আৰু দীঘল হাড়ডাল হ’ল বক্ষাস্থি। বক্ষাস্থিৰ লগত কামিহাড়বোৰ লগ হৈ এটা সজা (Ribcage) তৈয়াৰ কৰে য’ত হৃদযন্ত্র, হাওঁফাওঁ, মুখ্য ৰক্তবাহিকা আদি সুৰক্ষিত হৈ থাকে। বক্ষাস্থি হাড়ডালৰ তিনিটা অংশ আছে। এই অংশবোৰ হ’ল – ওপৰৰ ডাঙৰ অংশটো হ’ল মেনুব্রিয়াম (Manubrium), মাজৰ অংশ শৰীৰ (body) আৰু তলৰ অংশ জাইফয়ড প্ৰবন্ধ (Xyphoid process)। মেনুব্রিয়াম অংশৰ ওপৰ ফালে কণ্ঠাস্থিৰ লগত বক্ষাস্থি মুৰ দুটা দুয়োপিনে বক্ষাস্থিৰ লগত সংলগ্ন। এজন প্রাপ্তবয়স্কলোকৰ বক্ষাস্থি হাড়ডাল প্রায় ১৭ ছেঃমিঃ হয়।

(গ) ৰাজহাড়

উত্তৰঃ মানৱ কংকালত পিঠিৰ সোঁমাজেৰে লাওখোলাৰ অনুকপাল অস্থিৰ মহাৰন্ধ্ৰৰ তলৰ পৰা শ্ৰেণীবেষ্টনীলৈকে বিস্তৃত হাড়ডালক ৰাজহাড় বা মেৰুদণ্ড বুলি কোৱা হয়। মেৰুদণ্ড এটা একক হাড় নহয়; ই মুঠ ৩৩টা কশেৰুকা (Vertebrae)ৰে গঠিত। এই কশেৰুকাবোৰ এটাৰ ওপৰত এটা সজোৱা থাকে আৰু প্ৰতিটো দুডাল কশেৰুকাৰ মাজত উপাস্থিৰে গঠিত অন্তৰা-উপাস্থি ফলক থাকে, যাৰ ফলত ৰাজহাড় লৰচৰ কৰিব পাৰে। ৩৩ টা কশেৰুকাৰ ভিতৰত ২৪ টা মুখ্য কশেৰুকা লৰচৰযোগ্য আৰু বাকী ৯ টা দৃঢ় কশেৰুকা। প্ৰতিটো কশেৰুকাৰ মাজত থকা ছিদ্ৰৰ মাজেৰে মেৰুৰজ্জু (Spinal Cord) মগজুৰ সৈতে সংযুক্ত থাকে। ৰাজহাড়ৰ প্ৰথম কশেৰুকাক এটলাছ (Atlas) আৰু দ্বিতীয়টোক এক্সিছ (Axis) বুলি কোৱা হয়। সম্পূৰ্ণ ৰাজহাড়ডাল ইংৰাজী ‘S’ আখৰৰ দৰে চাৰিটা ভাঁজযুক্ত।

(ঘ) প্রগতাস্থি

উত্তৰঃ- মানৱ কংকালত বাহু গঠন কৰা হাড় দুডাল হৈছে প্ৰগতাস্থি। প্ৰগতাস্থি হাড় দুডাল দীঘল। এই হাড়ৰ তিনিটা অংশ আছে। এই অংশসমূহ হ’ল 一 ওপৰ মূৰ, তলৰ মূৰ আৰু দুই মূৰৰ মাজৰ দণ্ড। প্ৰগতাস্থিৰ ওপৰ মূৰত মস্তক, গ্ৰীবা, বৃহৎ স্ফীতি, ক্ষুদ্ৰ স্ফীতি আৰু দুই স্ফীতিৰ মাজত বাইছেপীয় খাঁজ থাকে। প্ৰগতাস্থিৰ ওপৰৰ মূৰত থকা অৰ্ধগোলাকাৰ আৰু মসৃণ মস্তকৰ দ্বাৰা হাড়ডাল অংশফলকৰ গ্লিনয়ড গুহিকাত সংলগ্ন। প্ৰগতাস্থি হাড়ডালৰ তলৰ মূৰ বহল আৰু চেপেটা। প্ৰগতাস্থিৰ তলৰ দুই মূৰৰ দুয়োকাষে দুটা অধি-অস্থিকন্দ আছে। ইয়াৰে মানৱ কংকালৰ ভিতৰফালে থকাটো মধ্য়মা অধি-অস্থিকন্দ আৰু বাহিৰৰ ফালে থকাটো পাৰ্শ্ব অধি-অস্থিকন্দ। 

(ঙ) লাওখোলাৰ অগ্রপৃষ্ঠ।

উত্তৰঃ- লাওখোলাৰ অগ্ৰপৃষ্ঠত ললাটিকা অস্থি, নাসিকা অস্থি, জংভিকা, চিবুকাস্থি, কপোলাস্থি, সীৰকা অস্থি, চক্ষুকোটৰ, অশ্ৰুঅস্থি, ৰাইনিয়ন, গ্লেবেলা, নেছিয়ন, ললাট-নাসিকা সীৱন, অন্তৰা-নাসিকা সীৱন, অন্তৰা-জংভিকা সীৱন, ললাট-জংভিকা সীৱন, কপোল-ললাটিকা সীৱন, কপোল-জংভিকা সীৱন আৰু নাসিকা জংভিকা সীৱন এই অংশত দেখা যায়। 

Scroll to Top