AHSEC Class 11 Anthropology Chapter 3 জীৱজগতৰ শ্ৰেণীকৰণ পাঠটোৰ উত্তৰ

অনুশীলনী

১। চমু উত্তৰ দিয়াঃ

(ক) জীৱজগতৰ কোনবিধ প্রাণী (স্পেছিছ) ৰ বিষয়ে নৃতত্ত্বত অধ্যয়ন কৰা হয়?

উত্তৰঃ Anthropos.

(খ) অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পোৱা বনমানুহ বিধৰ নাম কি?

উত্তৰঃ গিবন।

(গ) আফ্রিকাত পোৱা দুই প্ৰকাৰৰ বনমানুহৰ নাম লিখা?

উত্তৰঃ চিম্পাঞ্জী আৰু গৰিলা।

(ঘ) এছিয়াত পোৱা দুবিধ বনমানুহৰ নাম লিখা?

উত্তৰঃ গিবন আৰু ওৰাংওটান।

(ঙ) বনমানুহ কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰঃ বনমানুহ চাৰিপ্ৰকাৰৰ সেইবোৰ হল-

১। ওৰাংওটান।

২। গিবন।

৩। গৰিলা।

৪। চিম্পাঞ্জী।

২। গিবনৰ শাৰীৰিক বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰঃ গিবনৰ শৰীৰক বৈশিষ্ট্যবোৰ হ’ল―

১। গিবনৰ উচ্চতা প্ৰায় ১২ ছেন্টিমিটাৰ।

২। গিবনৰ শাৰীৰক ওজন ৫ কিলোগ্ৰামৰ পৰা ৭ কিলোগ্ৰাম হয়।

৩। মগজুৰ ধাৰণ ক্ষমতা মাত্ৰ ৭৬-৯০ ঘন ছেন্টিমিটাৰ।

৪। গিবনৰ গৰ্ভধাৰণৰ সময় প্ৰায় ৩০ সপ্তাহ।

৫। নাকৰ হাড় বহল, চেপেটা তথা ইয়াৰ প্ৰস্থ বেছি।

৩। চিম্পাঞ্জীৰ চাৰিটা শাৰীৰিক বৈশিষ্ট্য কি কি?

উত্তৰঃ চিম্পাঞ্জীৰ চাৰিটা শৰীৰক বৈশিষ্ট্য হ’ল―

১। মতা চিম্পাঞ্জীৰ গড় উচ্চতা ৫ ফুট আৰু মাইকীৰ ৪ ফুট।

২। কাণ ডাঙৰ আৰু কাণৰ লতি নাই।

৩। কৰোটিৰ উচ্চতা বৰ কম। অধ্যাক্ষি সীৰলু দুডাল লগ-লগা যদিও গৰিলাৰ দৰে প্ৰকট নহয়।

৪। ছালৰ বৰণ বগা, ক’লা আৰু মুগা হয়।

৪। প্লেটিৰাইন বান্দৰ আৰু কেটেৰাইন বান্দৰৰ পাৰ্থক্য সমূহ বৰ্ণনা কৰা।

উত্তৰঃ প্লেটিৰাইন বান্দৰ আৰু কেটেৰাইন বান্দৰৰ পাৰ্থক্য সমূহ তলত দিয়া হৈছে―

প্লেটিৰাইনকেটাৰাইন
১। নাকৰ বিন্ধা সন্মুখলৈ অৱস্থিত।১। নাকৰ বিন্ধা তলমুৱা।
২। নাকৰ বিন্ধা দুটাৰ মাজৰ ব্যৱধান বেছি।২। নাকৰ বিন্ধা দুটা ওচৰা-উচৰিকৈ অৱস্থিত আৰু এখন নাসিকা পটৰদ্বাৰা বিন্ধা দুটা পৃথক হৈ থাকে।
৩। দাঁতৰ সূত্ৰ ২:১:৩:৩।৩। দাঁতৰ সূত্ৰ ২:১:২:৩।
৪। কেইটামান আঙুলিত বক্ৰ নখ আছে।৪। আটাইবোৰ আঙুলিতে চেপেটা নখ আছে।
৫। নেজ পৰিগ্ৰাহী।৫। নেজ পৰিগ্ৰাহী নহয়।
৬। নিতম্বৰ তলপিনে কাষ্ঠকটি নাথাকে।৬। নিতম্বৰ তলপিনে কাষ্টকটি থাকে।
৭। বৃদ্ধাংগুলি দীঘল।৭। বৃদ্ধাংগুলি বহু চুটি।
৮। গালত নোম নাথাকে।৮। গালত নোম থাকে।

৫। স্তন্যপায়ী প্রাণীৰ লক্ষণসমূহ উল্লেখ কৰা।

উত্তৰঃ স্তন্যপায়ী প্ৰাণীৰ লক্ষণসমূহ হৈছে―

১। শৰীৰ নোমেৰে আবৃত।

২। উষ্ণ ৰক্তীয় প্ৰাণী।

৩। হাওঁফাঁওৰ দ্বাৰা উশাহ-নিশাহ লয়।

৪। মাকৰ স্তন পান কৰি পোৱালীয়ে পৰিপুষ্টি লাভ কৰে।

৫। আলজিভা আছে।

৬। বহি:কৰ্ণ আছে।

৭। আঙুলিত বক্ৰ নখ বা খুৰা থাকে।

৮। ক্ল’য়েকা নাই।

৬। প্রাইমেটৰ বৈশিষ্ট্যসমূহ বর্ণনা কৰা।

উত্তৰঃ প্ৰাইমেটৰ বৈশিষ্ট্যসমূহ―

১। মগজু তুলনামূলকভাৱে ডাঙৰ আৰু জটিল।

২। চকুৰ কোটৰ হাড়েৰে আবৃত।

৩। প্ৰাইমেটৰ এটা বিশেষ লক্ষণ হ’ল ত্রিবিম দৃষ্টি।

৪। পাকস্থলী সৰল।

৫। দাঁত চাৰিধৰণৰ― আগদাঁত, কুকুৰ দাঁত, প্ৰাক-জামুদাঁত আৰু জামুদাঁত।

৬। প্ৰহস্ত নাইবা পদ অথবা উভয়ৰে বৃদ্ধাংগুলি প্ৰতিমুখী। সেই কাৰণে ইহঁতে প্ৰহস্ত বা পদ অথবা উভয়ৰ দ্বাৰা গছৰ ডালত খামুচি ধৰিব পাৰে।

৭। বক্ৰনখৰ সলনি আটাইকেইটা আঙুলিত নাইবা কেইটামান আঙুলিত নখ আছে।

৮। গৰ্ভধাৰণৰ সময় দীঘলীয়া।

৯। ঘ্ৰাণশক্তি কম।

১০। বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাত ইহঁতে নিজকে খাপ খুৱাই ল’বলৈ সক্ষম হয়।

৭। হ’মিনিডিৰ প্ৰধান লক্ষণসমূহ কি কি?

উত্তৰঃ হ’মিনিডিৰ প্ৰধান লক্ষণসমূহ হৈছে―

১। দুখন ভৰিৰ ওপৰত ভৰ দি সম্পূৰ্ণ পোন হৈ খোজকাঢ়িব পাৰে।

২। মগজুৰ পৰিমাণ অধিক আৰু জটিল।

৩। জীৱনকাল দীৰ্ঘতৰ তথা শৰীৰৰ বৃদ্ধি প্ৰাপ্তিৰ সময় দীৰ্ঘতৰ।

৪। শৰীৰত নোম কম।

৫। স্পৰ্শনোম নাই।

৬। ওপৰ ওঁঠৰ মধ্যাংশত মধ্যমা ৰেখা থাকে।

৭। হাততকৈ ভৰিৰ দৈৰ্ঘ্য বেছি।

৮। পদ তথা প্ৰহস্তৰ আঙুলি ভাজযুক্ত নহয়, অৰ্থাৎ পোন।

৯। পেনিছ হাড় নাই।

১০। ৰাজহাড় চাৰিটা ভাজযুক্ত।

৮। কেটাৰাইন বান্দৰৰ দাঁতৰ সূত্র লিখা।

উত্তৰঃ কেটৰাইন বান্দৰৰ দাঁতৰ সূত্ৰ ২:১:২:৩।

৯। ওৰাং উটানৰ ভৌগোলিক বিস্তাৰ সম্পর্কে লিখা।

উত্তৰঃ ওৰাং উটানৰ ভৌগোলিক বিস্তাৰঃ বৰ্তমান জীৱিত ওৰাং উটান কেৱল বৰ্ণিঅ’ তথা সুমাত্ৰাতহে পোৱা যায়। কিন্তু ইহঁতৰ জীৱাশ্মৰ অৱশেষ অধ্যয়ন কৰিলে দেখা যায় যে এসময়ত বৰ্ণিঅ,’ সুমাত্ৰা, জাভা, দক্ষিণ-পূৱ এছিয়াৰ মূল ভূ-খণ্ডৰ পৰা চীন দেশৰ উত্তৰলৈ ইহঁতৰ বিস্তৃতি আছিল।

আহাৰ: ইহঁতৰ প্ৰধান আহাৰ গছৰ পাত, ফল-মূল

তলত ওৰাং উটানৰ বিষয়ে তলত উল্লেখ কৰা হল―

১। ভৰিৰ দৈৰ্ঘ্যতকৈ হাতৰ দৈৰ্ঘ্য বেছি। অৰ্থাৎ ইহঁতৰ হাতৰ দৈৰ্ঘ্য অতি বেছি। থিয় হৈ থকা অৱস্থাত ইহঁতৰ আঙুলিৰ আগে গুলফাস্থি স্পৰ্শ কৰে।

২। আঙুলীবোৰ দীঘল। বৃদ্ধাংগুলি প্ৰতিমুখী আৰু অতি চুটি। আটাইতকৈ আঙুলিতে চেপেটা নখ আছে। আঙুলিৰ দৈৰ্ঘ্য ১ > ৪ > ২ > ৫ > ১

৩। ইহঁতৰ উচ্চতা ৪ ফুটতকৈ অলপ বেছি। গড় হিচাপে শাৰীৰৰ উচ্চতা প্ৰায় ১২৫ ছেন্টিমিটাৰ। কিছুমান মতা ওৰাং উটান ১.৫ মিটাৰতকৈ ওখ।

৪। যদিও মতা ওৰাং উটানৰ ওজন ৯০ কিলোগ্ৰামতকৈ বেছি কিন্তু গড় হিচাপত মতাবোৰৰ ওজন ৭৫ কিলোগ্ৰাম। মাইকী ওৰাং উটানৰ ওজন ৪১ কিলোগ্ৰামতকৈ কম হোৱা দেখা যায়।

৫। নখ চেপেটা।

৬। কৰোটিৰ তুলনাত মুখমণ্ডল ডাঙৰ। মুখমণ্ডলৰ পাৰ্শ্বপৃষ্ঠ দেখাত ইংৰাজী ‘S’ আখৰটোৰ দৰে। এনে আকৃতিৰ মুখমণ্ডলক চিইনগনেথাছ বোলা হয়।

৭। মতা ওৰাংউটানৰ মগজুৰ পৰিমাণ গড় হিচাপত ৪১৬ ঘন চেণ্টিমিটাৰ।

১০। “মানুহ প্রাইমেটৰ অন্তর্ভুক্ত”-যুক্তি দর্শোৱা

উত্তৰঃ স্তন্যপায়ী শ্ৰেণীৰ প্ৰাণীৰ গণ সমূহৰ ভিতৰত অন্যতম প্ৰাইমেটৰ শ্ৰেণীভুক্ত আটাইবোৰ প্ৰাণীৰে কিছুমান উমৈহতীয়া লক্ষণ আছে। মানুহৰ পদৰ বৃদ্ধাংগুলি আন প্ৰাইমেটৰ নিচিনা প্ৰতিমুখী নহয়। এই লক্ষণটোৰ বাহিৰে মানুহৰ অন্যান্য লক্ষণসমূহৰ প্ৰাইমেটৰ লগত সাদৃশ্য আছে।

প্ৰাইমেটৰ উমৈহতীয়া লক্ষণসমূহ তলত উল্লেখ কৰা হল―

১। মগজু তুলনামূলকভাৱে ডাঙৰ আৰু জটিল।

২। চকুৰ কোটৰ হাড়েৰে আবৃত।

৩। প্ৰাইমেটৰ এটা বিশেষ লক্ষণ হ’ল ত্ৰিবিম দৃষ্টি।

৪। পাকস্থলী সৰল।

৫। দাঁত চাৰিধৰণৰ ― আগদাঁত, কুকুৰ দাঁত, প্ৰাক- জামুদাঁত আৰু জামুদাঁত।

Scroll to Top