অনুশীলনী
১। চমু উত্তৰ দিয়াঃ
(ক) কোনটো ভূ-তাত্ত্বিক যুগত মানুহৰ আৱিৰ্ভাব হৈছিল?
উত্তৰঃ কোৱাটাৰনাৰি যুগৰ প্লিষ্ট’ছিন পৰ্য্যায় ভূ-তাত্ত্বিক যুগত মানুহৰ আবিৰ্ভাৱ হৈছিল।
(খ) জাভা মানুহৰ জীৱাশ্ম কোনে আৱিষ্কাৰ কৰিছিল? জাভা মানুহ কোন ভূতাত্ত্বিক যুগত বাস কৰিছিল?
উত্তৰঃ জাভা মানুহৰ জীৱাশ্ম ডুবিয়ে জাভায়ে আবিষ্কাৰ কৰিছিল। জাভা মানুহে মানৱ মধ্য প্লিষ্ট’ছিন ভূতাত্ত্বিক যুগত বাস কৰিছিল।
(গ) চাৰ্লচ ডাৰউইনৰ দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ চাৰ্লচ ডাৰউইনৰ গ্ৰন্থৰ নাম হল ―
(১) ‘Origin of Species’
(২) ‘Descent of Man’s
(ঘ) ‘অষ্টেল’পিথেকাচ আফ্রিকানাচ’ৰ জীৱাশ্ম কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ ৰেমণ্ড ডাৰ্টৈ।
(ঙ) প্লিষ্ট’ছিন ভূ-তাত্ত্বিক যুগক কেইটা ভাগত বিভক্ত কৰা হৈছে? এই ভাগসমূহ কি কি?
উত্তৰঃ প্লিষ্ট’ছিন ভূ- তাত্ত্বিক যুগক তিনিটা ভাগত বিভক্ত কৰা হৈছে ভাগ কেইটা হল―
১। আৰম্ভণি প্লিষ্ট’ছিন যুগ।
২। মধ্য প্লিষ্ট’ছিন যুগ।
৩। শেষ প্লিষ্ট’ছিন যুগ।
২। জৈৱিক বিৱৰ্তন সম্পর্কে এটা চমুটোকা লিখা।
উত্তৰঃ সৰল জীৱৰ পৰা ক্ৰমে জটিল আৰু বৈচিত্ৰ্যময় জীৱৰ উদ্ভৱ হোৱা ধীৰ অথচ নিৰন্তৰ প্ৰক্ৰিয়াক জৈৱিক বিৱৰ্তন বুলি কোৱা হয়। জীৱৰ উৎপত্তিৰ পিছত সময়ৰ লগে লগে বিভিন্ন প্ৰাকৃতিক পৰিৱেশ আৰু ভৌগোলিক পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ জীৱসমূহে ৰূপ, গঠন আৰু বৈশিষ্ট্যত পৰিবৰ্তন ঘটাই আহিছে। সৃষ্টিৰ আদিত উদ্ভৱ হোৱা অতি সৰল জীৱসমূহৰ পৰাই বিভিন্ন সময়ত আৰু বিভিন্ন স্থানত নতুন নতুন জীৱৰ আৱিৰ্ভাৱ হৈছে। এই বিৱৰ্তনৰ প্ৰক্ৰিয়া প্ৰাকৃতিক নিয়মৰ অধীনত ধীৰে ধীৰে চলি আছে। লেমাৰ্ক, ডাৰউইন, ৱাইজমেন আৰু ডি ভ্ৰিচ আদি বিজ্ঞানীসকলে আগবঢ়োৱা তত্ত্বসমূহক একেলগে জৈৱিক বিৱৰ্তন তত্ত্ব বুলি কোৱা হয়।
৩। মানৱ বিৱৰ্তন সম্বন্ধে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ মানৱ বিৱৰ্তনৰ ইতিহাস অতি দীঘলীয়া। পৃথিৱীৰ সৃষ্টিৰ পিছত বহু নিযুত বৰ্ষলৈ মানুহৰ কোনো অস্তিত্ব নাছিল। ভূ-তাত্ত্বিক দিশৰ পৰা স্তন্যপায়ী প্ৰাণীৰ আৱিৰ্ভাৱৰ পিছত প্ৰায় ৩৬–৪২ নিযুত বৰ্ষ পূৰ্বে প্ৰাইমেট নামৰ এটা বৰ্গৰ বিকাশ হয়, যাৰ ভিতৰত বান্দৰ আৰু মানুহ অন্তৰ্ভুক্ত। পিছলৈ প্ৰায় ২৪ নিযুত বৰ্ষ পূৰ্বে প্ৰাইমেটৰ পৰা হ’মিনইড আৰু তাৰ পৰা পুনৰ হ’মিনিডৰ বিকাশ হয়। হ’মিনিডসমূহৰ মগজু ডাঙৰ আছিল আৰু ইহঁতে দুয়ো ভৰিত ভৰ দি খোজকাঢ়িব পাৰিছিল, ফলত হাত দুখন কামত ব্যৱহাৰ কৰিব পাৰিছিল। হ’মিনিডসমূহৰ ভিতৰত উল্লেখযোগ্য দুটা গণ হৈছে অষ্ট্ৰাল’পিথিকাছ আৰু হ’ম’। প্ৰায় ৫–৬ নিযুত বৰ্ষ পূৰ্বে আৱিৰ্ভাৱ হোৱা অষ্ট্ৰাল’পিথিকাছক প্ৰাচীনতম মানৱৰূপ বুলি ধৰা হয়। কালক্ৰমে এই বিৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে আধুনিক মানৱ (Homo sapiens) ৰ উদ্ভৱ ঘটে।
৪। নিয়েন্ডাৰথেল মানৱৰ বিষয়ে লিখা।
উত্তৰঃ ১৮৫৬ চনত জাৰ্মানীৰ ডাছেলডৰ্ফৰ ওচৰৰ নিয়ানডাৰ্থেল উপত্যকাৰ গুহা এটাত, লাওখোলা এটাৰ ওপৰৰ অংশ আৰু কংকালৰ হাড় কিছুমানৰ অৱশেষ আৱিষ্কাৰ হয়। সেই সময়ত জোহান কাৰ্ল ফুলৰট নামৰ এজন শিক্ষকে নিয়ানডাৰ্থেল উপত্যকাত ভূ-তাত্বিক সমল আৰু জীৱাশ্মৰ অৱশেষ কিছুমান সংগ্ৰহ কৰিছিল। তেখেতে সংগ্ৰহ কৰা উক্ত সমলসমূহ, বন বিশ্ববিদ্যালয়ৰ শৰীৰতন্ত্ৰৰ অধ্যাপক হেৰমান স্কাফ হাউছেচক প্ৰদান কৰে। স্কাফ হাউছেনে নিয়ানডাৰ্থেল গুহাত আৱিষ্কাত হোৱা এই অৱশেষবোৰ এক প্ৰাচীন মানৱৰ বুলি মত প্ৰদান কৰে আৰু কেইবাখনো বৈজ্ঞানিক চ’ৰাত এইবোৰৰ প্ৰদৰ্শন কৰে। হাস্কেলিয়ে এই জীৱাশ্মৰ অৱশেষ আধুনিক মানৱ বুলি মত প্ৰকাশ কৰে । বিভিন্ন শৰীৰতত্ত্ববিদে হাস্কেলিক সমৰ্থন কৰিছিল যদিও আয়াৰলেণ্ডৰ কুইনছ কলেজৰ শৰীৰতত্ত্বৰ অধ্যাপক উইলিয়াম কিঙে(William King) ১৮৬৪ চনত আৱিষ্কৃত হোৱা লাওখোলা এটা অধ্যয়ন কৰি ইয়াক এবিধ প্ৰাচীন মানৱ বুলি মত প্ৰকাশ কৰি জিনাছ হ’মৰ এবিধ স্বতন্ত্ৰ প্ৰজাতি নিয়ানডাৰ্থেলেন্ছিছৰ অন্তৰ্ভুক্ত কৰে আৰু শাৰীৰিতত্ত্ববিদসকলে এই নামকৰণ সমৰ্থন কৰে।
৫। লেমার্ক কোন? লেমাৰ্কৰ মতবাদটো বর্ণনা কৰা।
উত্তৰঃ জৈৱ বিৱৰ্তনৰ মতবাদ আগবঢ়োৱা প্ৰথমজন ফৰাচী বিজ্ঞানী লেমাৰ্ক। লেমাৰ্কে আগবঢ়োৱা মতবাদটো তলত বৰ্ণনা কৰা হৈছে―
১। জীৱৰ অন্তৰ্নিহিত আভ্যন্তৰীণ শক্তিৰ বলত সিহঁতৰ আকাৰ বৃদ্ধি হোৱাৰ প্ৰৱণতা থাকে। (ক্ৰমান্বয়ে জীৱৰ আকাৰৰ বৃদ্ধি হয়) অৰ্থাৎ জীৱৰ অন্তৰ্নিহিত শক্তিয়ে সিহঁতৰ শৰীৰৰ অংগ-প্ৰত্যংগ বৃদ্ধি তথা পৰিচালনা কৰে।
২। নতুন প্ৰয়োজনত জীৱদেহত নতুন আৱশ্যকীয় অংগৰ সৃষ্টি হয়।(নতুন প্ৰয়োজনত নতুন অংগৰ সৃষ্টি হয়)।
৩। যদি শৰীৰৰ কোনো অংগ অবিৰতভাৱে বা সঘনাই ব্যৱহাৰ হয়, তেতিয়া সেই অংগৰ অধিক বৃদ্ধি তথা বিকাশ হয়। আনহাতে অব্যৱহৃত হোৱা অংগ ক্ৰমশঃ নিশকতীয়া হৈ আকাৰত হ্রাস হয় আৰু কেতিয়াবা অকামিলা বা অপ্ৰয়োজনীয় অংগ লুপ্ত হৈ যাব পাৰে। এনেদৰে নতুন নতুন জীৱৰ উদ্ভৱ হয়।
৪। জীৱদেহত যি নতুন আৱশ্যকীয় অংগৰ সৃষ্টি, বৃদ্ধি বা বিকাশ হয়; তাকেই আৰ্জিত লক্ষণ বোলা হয়। এই আৰ্জিত লক্ষণ পিতৃ-মাতৃৰ পৰা সন্তানলৈ বংশানুক্ৰমে গতি কৰে। এনেদৰে নতুনকৈ সৃষ্টি হোৱা একোটা লক্ষণ স্থায়ী হৈ পৰে আৰু পুৰুষাণুক্ৰমে চলি থাকে।
৬। ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰটো আলোচনা কৰা।
উত্তৰঃ ডাৰউইনৰ প্ৰাক্’তিক নিৰ্বাচনৰ সূত্ৰটো হ’ল―
(১) অত্যাধিক জন্মহাৰ: সকলো জীৱৰ বংশবৃদ্ধিৰ হাৰ বেছি। প্ৰজননক্ষম অৱস্থালৈকে যিমানবোৰ পোৱালি বাছি থাকে তাতকৈ বহু বেছি সংখ্যক পোৱালি জন্ম হয়। ডাৰউইনে নিজে এই বিষয়ে পৰীক্ষা চলাইছিল।
আনহাতে, জীৱবিলাকৰ বংশবৃদ্ধিৰ হাৰ বেছি হ’লে সেই অনুপাতে খাদ্য বা বাসস্থান উপলব্ধ নহয়। কিন্তু জীৱবিলাকৰ জন্মৰ হাৰ বেছি হ’লেও পৃথিৱীত প্ৰাণীৰ সংখ্যা প্ৰায় একে থাকে কিন্তু মৃত্যুৰ হাৰ বেছি হোৱা বাবেই নিশ্চয় এটা গোষ্ঠীৰ জীৱৰ সংখ্যা কম – বেছি পৰিমাণে প্ৰায় একে থাকে।
(২) জীৱন সংগ্ৰাম: জীয়াই থাকিবলৈ সকলো জীৱই জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’বলগা হয়। প্ৰাকৃতিক পৰিবেশত বৰ্তি থাকিবলৈ জীৱসমূহৰ মাজত প্ৰতিযোগিতা অব্যাহত থাকে। এই প্ৰতিযোগিতাকে ডাৰউইনে সংগ্ৰাম বুলি উল্লেখ কৰিছে। জীৱন সংগ্ৰাম তিনি প্ৰকাৰৰ হ’ব পাৰে। যেনে―
(ক) অন্তঃ প্ৰজাতি সংগ্ৰাম: একে প্ৰজাতিৰ অন্তৰ্ভুক্ত ভিন্ ভিন্ প্ৰাণীসমূহৰ মাজত জীয়াই থকাৰ বাবে যি সংগ্ৰাম চলে, তাকে অন্তঃ প্ৰজাতি সংগ্ৰাম বোলা হয়।
(খ) আন্তঃ প্ৰজাতি সংগ্ৰাম: প্ৰকৃতিত খাদ্য, বাসস্থান আদিৰ বাবে বেলেগ বেলেগ বিভিন্ন প্ৰাণীৰ মাজতে অবিৰতভাৱে যি সংগ্ৰাম অব্যাহত থাকে, তাকে আন্তঃ প্ৰজাতি সংগ্ৰাম বোলে।
(গ) পৰিবেশৰ সৈতে সংগ্ৰাম (Environmental Struggle): বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খাবলৈ উদ্ভিদ বা প্ৰাণীয়ে বিভিন্ন পাৰিপাৰ্শ্বিক পৰিস্থিতিত যেনে― শীত, তাপ, জলবায়ু, খাদ্য, জল, বানপানী, দূৰ্ভিক্ষ, মহামাৰী ব্ৰজপাত, ভূমিকম্প, আগ্নেয়গিৰি উদগিৰণ ইত্যাদি বিভিন্ন প্ৰতিকূল পৰিৱেশত জীয়াই থাকিব লগা হয়।
(৩) বিভিন্নতা তথা বংশগতি (Variation and heredity): একে জৈৱ গোষ্ঠীৰ অন্তৰ্ভুক্ত প্ৰাণীবোৰৰ লক্ষণসমূহ সম্পূৰ্ণৰূপে একে নহয়। ডাৰউইনে লক্ষ্য কৰিছিল একেগোষ্ঠীৰ প্ৰাণীৰ মাজত বিভিন্নতা দেখা যায়। উদ্ভিদ তথা জীৱজগত বৈচিত্ৰ্যময়। ডাৰউইনৰ মতে বিচিত্ৰতা দুই ধৰণৰ হব পাৰে। যেনে―
(ক) অবিৰত বিভিন্নতা। আৰু (খ) বিচ্ছিন্ন বিভিন্নতা।
ডাৰউইনৰ মতামত অনুসৰি অবিৰত বিভিন্নতাই ক্ৰমবিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সকলো প্ৰকাৰৰ বিভিন্নতাই ক্ৰমবিৱৰ্তন প্ৰক্ৰিয়াৰ বাবে উপযোগী নহবও পাৰে। গতিকে ডাৰউইনে বিভিন্নতাক দুটা ভাগত বিভক্ত কৰিছে। যেনে- (ক) উপযোগী বিভিন্নতা (Useful Variation)। আৰু (খ) অপ্ৰয়োজনীয় (অসাৰ) বিভিন্নতা (Useless Variation)
(ক) উপযোগী বিভিন্নতাঃ যিবোৰ বিভিন্নতাই জীৱন সংগ্ৰামত জীৱবোৰে জীয়াই থাকি প্ৰকৃতিত তিষ্ঠি থাকিবলৈ অৰিহণা যোগায়, তেনেধৰণৰ বিভিন্নতাক উপযোগী বিভিন্নতা বোলা।
(খ) অপ্ৰয়োজনীয় বিভিন্নতাঃ যিবোৰ বিভিন্নতাই জীৱক জীৱন সংগ্ৰামত জীয়াই থাকিবলৈ বা প্ৰকৃতিত বৰ্তি থাকিবলৈ কোনো ধৰণৰ সহায় নকৰে, তেনে বিভিন্নতাক অপ্ৰয়োজনীয় (অসাৰ) বিভিন্নতা বোলা।
৭। সংশ্লেষিক সূত্রটো ব্যাখ্যা কৰা।
উত্তৰঃ বিভিন্ন পণ্ডিতে আগবঢ়োৱা জীৱবিজ্ঞানৰ ধৰণা, চিন্তা-চৰ্চা তথা অন্যান্য সূত্ৰসমূহ একত্ৰিত কৰি প্ৰাণীৰ ক্ৰমবিকাশ বা বিৱৰ্তন সম্পৰ্কে থকা তথ্যসমূহৰ সংমিশ্ৰণত জৈৱ বিৱৰ্তনৰ যি বিস্তৃত মতবাদ উপস্থাপন কৰা হৈছে, তাকে আধুনিক সংশ্লেষিক সূত্ৰ বোলা হয়।
৮। বিৱৰ্তনৰ প্ৰক্ৰিয়াসমূহ বর্ণনা কৰা।
উত্তৰঃ বিৱৰ্তনৰ প্ৰক্ৰিয়াসমূহ তলত বৰ্ণনা কৰা হৈছে―
(১) প্ৰাক্’তিক নিৰ্বাচন (Natural selection)
(২) উৎপৰিৱৰ্তন (Mutation)
(৩) অনুবংশিক সম্প্ৰবাহ (Genetic driff)
(৪) জিন প্ৰৱাহ (Gene flow)
(৫) প্ৰজনন প্ৰক্ৰিয়া (Inbreeding)
(১) প্ৰাক্’তিক নিৰ্বাচন: প্ৰাকৃতিক নিৰ্বাচন প্ৰক্ৰিয়াই আনুবংশিক বিচিত্ৰতাৰ সৃষ্টি কৰে। ফলস্বৰূপে অনুপযোগী জিন’টাইপৰ ঠাইত উপযোগী জিনৰ আগমন হয়। কাৰণ প্ৰাকৃতিক নিৰ্বাচন প্ৰক্ৰিয়াত অনুপযোগী লক্ষণবোৰ নিৰ্বাচনত নহয় আৰু বিলুপ্ত হৈ যায়। কিন্তু প্ৰাকৃতিক নিৰ্বাচনে জিন’টাইপৰ ওপৰত পোনপটীয়া প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহয়। কাৰণ জীৱৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খাব পৰা অনুকূলনশিলতাৰ ওপৰত নিৰ্বাচন প্ৰক্ৰিয়াই ক্ৰিয়া কৰে।
(২) উৎপৰিৱৰ্তন: প্ৰজাতিৰ উৎপত্তিৰ আন এটা জীৱতাত্বিক প্ৰক্ৰিয়া হ’ল উৎপৰিৱৰ্তন। ১৯০১ চনত হলেণ্ডৰ উদ্ভিদবিদ হুগ’ ডি ভ্ৰাইচে (Hugo de Vries) উল্লেখ কৰিছিল যে হঠাৎ কোনো কাৰণবশত: কেতিয়াবা স্বত:স্ফূৰ্তভাৱে পুৰণি লক্ষণ এটাৰ ঠাইত নতুন লক্ষণৰ সৃষ্টি হ’ব পাৰে। নতুনকৈ আৱি আৰ্ৱিভাৱ হোৱা লক্ষণটোৰ ফলত জীৱদেহত যি বাহ্যিক লক্ষণ বা চৰিত্ৰৰ বহি:প্ৰকাশ হয় তাকে উৎপৰিৱৰ্তন বোলে।
(৩) অনুবংশিক সম্প্ৰবাহ: উৎপৰিৱৰ্তনৰ ফলত নতুন প্ৰকাৰৰ সৃষ্টি হয়। প্ৰাকৃতিক নিৰ্বাচনৰ ফলত তাৰে কোনোবা এটা প্ৰকাৰ, সেই গোষ্ঠীৰ বৈশিষ্ট্য হৈ পৰে। কিন্তু কোনো অনুকূলন ক্ষমতা নাথাকিলেও কেতিয়াবা কোনো এটা লক্ষণ ঘটনাক্ৰমে এটা গোষ্ঠীৰ বৈশিষ্ট্য হৈ পৰিব পাৰে।এনে পৰিঘটনাকে অনুবংশিক সম্প্ৰবাহ বোলে।। অনুবংশিক সম্প্ৰবাহৰ ফলত জিনৰ বাৰংবাৰতাৰ পৰিৱৰ্তন ঘটি বিৱৰ্তন হ’ব পাৰে। এই প্ৰক্ৰিয়াৰ ফলত কোনো এটা দল বা সমষ্টিত কোনো নিজৰ লক্ষণে ঘটনাক্ৰমে স্থিতি লাভ কৰিব পাৰে, অথবা লুপ্ত হৈ যাব পাৰে।
(৪) জিন প্ৰৱাহ: কোনো কাৰণবংশত: বেলেগ বেলেগ প্ৰজাতিৰ মাজত আন্তঃপ্ৰজনন হ’ব পাৰে। এনেকৈ যেতিয়া দুটা বা ততোধিক প্ৰজাতিৰ মাজত আন্তঃপ্ৰজনন সংঘটিত হয়, তেতিয়া আন্তঃপ্ৰজনন সংঘটিত হোৱা সেই প্ৰজাতিসমূহৰ মাজত জিনৰ আদান-প্ৰদান হয়। জিনৰ এই পাৰস্পৰিক আদান-প্ৰদান প্ৰক্ৰিয়াৰ ফলত জৈৱ বিভিন্নতাৰ সৃষ্টি হয়। প্ৰব্ৰজনৰ ফলত জিন প্ৰৱাহ সংঘটিত হব পাৰে।