সামাজিক নৃতত্ত্ব
অনুশীলনী
১। সমাজৰ কি কি বিভিন্ন দিশ সম্পৰ্কে সামাজিক নৃতত্ত্বত অধ্য়য়ন কৰা হয় ?
উত্তৰঃ
২। মানৱ সমাজৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ মানৱ সমাজৰ বৈশিষ্ট্যবোৰ হ’ল-
(১) সমাজ এখন বহু সংখ্যক লোকৰ দ্বাৰা গঠিত হয়।
(২) সমাজত নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা থাকে।
(৩) সমাজ নিৰাকাৰ বা আকাৰ বিহীন। সমাজ এখনৰ কথা অনুভৱহে কৰিব পাৰি।
(৪) সমাজ এখনৰ অন্তৰ্ভুক্ত লোকসকলে একে ৰীতি-নীতি মানি চলে।
(৫) প্ৰত্যেক সমাজতে সমাজখন নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কোনো কৰ্তৃপক্ষ থাকে।
(৬) সংস্কৃতি অবিহনে সমাজ গঠিত হ’ব নোৱাৰে। প্ৰতিখন সমাজৰে একো একোটা সংস্কৃতি থাকে।
(৭) সমাজত একোটা নিৰ্দিষ্ট লক্ষ্য থাকে। এই নিৰ্দিষ্ট লক্ষ্যক সমাজত লোকসকলৰ উমৈহতীয়া স্বাৰ্থও বুলিব পাৰি।
৩। বয়সৰ ভিত্তিত প্ৰতিষ্ঠিত সামাজিক গোটৰ বিষয়ে লিখা।
উত্তৰঃ প্ৰত্যেক সমাজতেই বিভিন্ন আধাৰৰ ওপৰত সামাজিক গোট গঠিত হোৱা দেখা যায়। তেনে গোটসমূহৰ ভিতৰত বয়সৰ আধাৰত প্ৰতিষ্ঠিত সামাজিক গোট বিশেষ গুৰুত্বপূৰ্ণ। এই ধৰণৰ গোটত একে বয়সৰ কিছুমান ব্যক্তিয়ে কোনো বিশেষ উদ্দেশ্য সাধনৰ বাবে একেলগে গোট গঠন কৰে। বিশেষকৈ জনজাতি সমাজসমূহত এই ধৰণৰ গোট স্পষ্টভাৱে দেখা যায়। বিভিন্ন জনজাতিয় সমাজত দেখা ডেকাচাং আৰু গাভৰুচাং বয়সৰ আধাৰত প্ৰতিষ্ঠিত সামাজিক গোট। আয়নগাসকলৰ ডেকাচাং কেৱল ডেকাসকলৰে গঠিত হয়, য’ত প্ৰতিবছৰে নতুন ডেকাসকলক ভৰ্তি কৰা হয় আৰু প্ৰায় তিনি বছৰ ধৰি বিভিন্ন সামাজিক, নৈতিক আৰু ব্যৱহাৰিক বিষয়ে প্ৰশিক্ষণ দিয়া হয়, যাতে তেওঁলোকে সমাজত দায়িত্বশীল নাগৰিক হিচাপে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰে।
৪। আদিম সমাজৰ বৈশিষ্ট্য় লিখা।
উত্তৰঃ আদিম সমাজৰ বৈশিষ্ট্য় হ’ল-
(১) আদিম সমাজৰ লোকসকল সাধাৰণতে নিৰক্ষৰ হয়। তেওঁলোকৰ মাজত কোনো লিপি আৰু লিখিত সাহিত্য নাথাকে।
(২) অৰ্থনীতি সৰল। ব্যৱসায়-বাণিজ্যৰ প্ৰচলন দেখা যায়।
(৩) এওঁলোকে সাধাৰণতে পিছপৰা আৰু আওহতীয়া ঠাইত বসবাস কৰে।
(৪) প্ৰতিৰক্ষা ব্যৱস্থা স্বয়ংসম্পূৰ্ণ।
(৫) ধৰ্ম আৰু যাদুবিদ্যাৰ প্ৰচলন সৰ্বাত্মক।
৫। উন্নত সমাজৰ বৈশিষ্ট্য় লিখা।
উত্তৰঃ উন্নত সমাজৰ বৈশিষ্ট্য় হ’ল-
(১) উন্নত সমাজত শিক্ষাৰ সু-ব্যৱস্থা আছে। এওঁলোকৰ লিপি আৰু লিখিত সাহিত্যও থাকে।
(২) জনসংখ্যা অধিক। সমাজবোৰৰ ভাগবোৰ ডাঙৰ। যেনে- ৰাজ্য, ৰাষ্ট্ৰ, সাম্ৰাজ্য আদি।
(৩) কাৰিকৰী বিদ্যাত আগবঢ়া।
(৪) বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি সমাজত কৰ্মবিভাজন থাকে।
(৫) অৰ্থনীতি জটিল। ব্যৱসায়-বাণিজ্যৰ প্ৰচলন আছে।
৬। সমাজৰ সংজ্ঞা দিয়া।
উত্তৰঃ সমাজবিজ্ঞানী আৰ, এম, মেক্ইভাৰ আৰু চি, পেজৰ মতে, সমাজৰ সংজ্ঞাটো হ’ল ‘ সমাজ হ’ল এটা সামূহিক ব্যৱস্থা য’ত প্ৰচলিত আচাৰ ব্যৱহাৰ, কাৰ্য্যপদ্ধতি, কৰ্তৃত্ব আৰু পাৰস্পৰিক সাহাৰ্য্য, বিভিন্ন গোট আৰু বিভাজন, মানুহৰ আচৰণ আৰু স্বতন্ত্ৰতাৰ নিয়ন্ত্ৰিণ নিহিত হৈ থাকে। ‘
৭। সামাজিক গোট কি? কিহৰ আধাৰত সামাজিক গোটবোৰ গঠিত হয়?
উত্তৰঃ সমাজ ব্যক্তিৰে গঠিত আৰু ব্যক্তিসকলে নিজৰ বিভিন্ন প্ৰয়োজন পূৰণৰ বাবে যিসমূহ গোট গঠন কৰে, সেই গোটসমূহক সামাজিক গোট বুলি কোৱা হয়। সমাজৰ আটাইতকৈ সৰু সামাজিক গোটটো হ’ল পৰিয়াল। প্ৰতিটো সামাজিক গোটৰেই কিছুমান নিৰ্দিষ্ট উদ্দেশ্য, কাৰ্য আৰু স্থায়িত্ব থাকে। এজন ব্যক্তি কিছুমান সামাজিক গোটৰ সদস্য স্বতঃস্ফূৰ্তভাৱে হয়, যেনে— জন্মৰ লগে লগে পৰিয়ালৰ সদস্য হওঁতে হয়; কিন্তু কিছুমান গোটত সদস্যতা স্বেচ্ছাই গ্ৰহণ কৰিব লাগে, যেনে— ৰাজনৈতিক দল বা সংগঠনৰ সদস্যতা।
সামাজিক গোটসমূহ সাধাৰণতে তলত উল্লেখ কৰা বিভিন্ন আধাৰত গঠিত হয়—
(ক) লিংগৰ আধাৰতঃ পুৰুষ আৰু নাৰীৰ ভিত্তিত গঠিত গোট। কিছুমান জনজাতি সমাজত কেৱল পুৰুষ বা কেৱল নাৰীৰ গোট দেখা যায়; যেনে—ডেকাচাং, গাভৰুচাং।
(খ) বয়সৰ আধাৰতঃ একে বয়সৰ লোকসকলক লৈ গঠিত গোট; যেনে—আও নাগাসকলৰ ডেকাচাং, বয়োবৃদ্ধসকলৰ পঞ্জায়ত।
(গ) আত্মীয়তা বা স্বজনতাৰ আধাৰতঃ তেজৰ সম্পৰ্ক বা বিবাহৰ জৰিয়তে গঠিত গোট; যেনে—পৰিয়াল, বংশগোষ্ঠী, গোত্ৰ।
(ঘ) স্থানৰ আধাৰতঃ একেটা অঞ্চলত বাস কৰা লোকসকলৰ গোট; যেনে—চুবুৰী বা গাঁও।
(ঙ) সামাজিক স্তৰৰ আধাৰতঃ উচ্চ-নিম্ন ভেদাভেদৰ ওপৰত গঠিত গোট; যেনে—হিন্দু সমাজৰ জাতি ব্যৱস্থা।
(চ) ৰাজনৈতিক ক্ষমতাৰ আধাৰতঃ ক্ষমতাৰ ভিত্তিত গঠিত গোট; যেনে—মিজোৰামৰ লাখেৰ সমাজৰ ৰাজন্যবৰ্গ, সম্ভ্ৰান্তবৰ্গ আৰু সৰ্বসাধাৰণ।
(ছ) জীৱিকা বৃত্তিৰ আধাৰতঃ একে পেচা বা বৃত্তিৰ লোকসকলৰ গোট; যেনে—কমাৰ, সোণাৰী, ধোবী আদি।
(জ) যাদু-ধৰ্মৰ আধাৰতঃ ধৰ্মীয় বা যাদুবিশ্বাসৰ ওপৰত গঠিত গোট; যেনে—শ্বামান, ডাইনী গোট।
(ঝ) স্বেচ্ছাই গঠিত গোটঃ ব্যক্তিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰা গোট; যেনে—সংঘ, সমিতি, ৰাজনৈতিক দল।
৮। সামাজিক অনুষ্ঠান কি? ইয়াৰ বৈশিষ্ট্য়সমূহ উল্লেখ কৰা।
উত্তৰঃ সমাজত প্ৰচলিত ৰীতি-নীতি, বিশ্বাস, মতবাদ, ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু নিৰ্দিষ্ট কাৰ্যপদ্ধতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা সংগঠিত ব্যৱস্থাসমূহক সামাজিক অনুষ্ঠান বোলা হয়। এই অনুষ্ঠানসমূহ সমাজৰ বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক চাহিদা পূৰণৰ উদ্দেশ্যে গঢ় লৈ উঠে। সমাজ এখন মূলতঃ বিভিন্ন সামাজিক গোট আৰু সামাজিক অনুষ্ঠানৰ সমন্বয়ত গঠিত হয়।
সামাজিক অনুষ্ঠানৰ বৈশিষ্ট্যসমূহ হ’ল—
১) সামাজিক অনুষ্ঠানসমূহ কোনো নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য পূৰণৰ বাবে গঢ় লৈ উঠে।
২) প্ৰত্যেক সামাজিক অনুষ্ঠানৰে নিজস্ব বস্তুকেন্দ্ৰিক প্ৰতীক বা চিহ্ন থাকে।
৩) সামাজিক অনুষ্ঠানসমূহ নিৰ্দিষ্ট নিয়ম-নীতি আৰু বিধি-বিধানৰ ওপৰত আধাৰিত। সদস্যসকলে এই নিয়মসমূহ মানি চলিব লাগে।
৪) বহু সামাজিক অনুষ্ঠান ধৰ্মীয় বিশ্বাস, মতবাদ আৰু আচাৰ-বিধিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে আৰু সিহঁতৰ নিজস্ব কাৰ্যপদ্ধতি থাকে।
৫) কোনো এটা সামাজিক অনুষ্ঠানৰ সফলতা তাৰ সদস্যসকলৰ পাৰস্পৰিক সহযোগিতা আৰু অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে।
৬) সমাজৰ বিভিন্ন প্ৰকাৰৰ চাহিদা পূৰণ কৰাৰ উদ্দেশ্যেই সামাজিক অনুষ্ঠানসমূহ গঢ় লৈ উঠে।
৯। সম্প্ৰদায় কি? ইয়াৰ বৈশিষ্ট্য়সমূহ লিখা।
উত্তৰঃ সম্প্ৰদায় বুলিলে সাধাৰণতে ওচৰা-উচৰিকৈ বসবাস কৰা, প্ৰাত্যহিত জীৱনত মুখামুখি বা নিবিড় সম্বন্ধ ৰক্ষা কৰি বিভিন্ন বন্ধনেৰে বান্ধোন খাই থকা কিছুমান পৰিয়ালৰ সমষ্টিক বুজা যায়।
সম্প্ৰদায় বৈশিষ্ট্য সমূহ হ’ল –
(১) প্ৰত্যেক সম্প্ৰদায়ৰে একাে একোটা নিৰ্দিষ্ট নাম থাকে।
(২) সম্প্ৰদায়ৰ লোকসকলে কোনো এক নিৰ্দিষ্ট এলেকাত বসবাস কৰে।
(৩) সম্প্ৰদায়ৰ লোকসকলে দৈনন্দিন জীৱনত সাধাৰণতে ইজনে সিজনৰ লগত মুখামুখি সম্বন্ধ ৰক্ষা কৰি চলে।
(৪) কােনো সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত পৰিয়াল সমূহৰ জীৱিকা নিৰ্বাহৰ পদ্ধতি সাধাৰণতে একে হয়।
(৫) প্ৰত্যেক সম্প্ৰদায়ৰে নিজস্ব ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আৰু সংস্কৃতি আছে।
১০। মানৱ সমাজ আৰু ইতৰ সমাজৰ মাজত থকা পাৰ্থক্য়সমূহ লিখা।
উত্তৰঃ মানৱ সমাজ আৰু ইতৰ সমাজৰ মাজত থকা পাৰ্থক্য়সমূহ হ’ল-
| মানৱ সমাজ | ইতৰ সমাজ |
|---|---|
| ১। সামাজিক আচৰণবোৰ বা ৰীতি-নীতিবোৰ সৰুৰে পৰা মাক-বাপেক আৰু ওচৰ চুবুৰীয়াই শিকোৱা বাবেহে আয়ত্ব কৰিব পাৰে। | ১। আচৰণবোৰ কোনেও নিশিকোৱাকৈয়ে সহজাত প্ৰবৃত্তিৰ ফলত অনুসৰণ কৰে। |
| ২। যৌন আচৰণ সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত। | ২। যৌন আচৰণ নিয়ন্ত্ৰিত নহয়। |
| ৩। কৰ্মবিভাজন দৈহিক সামৰ্থ্যৰ ওপৰত নিৰ্ভৰশীল। | ৩। কৰ্মবিভাজন জৈৱিক প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল। |
| ৪। মানুহৰ ভাষা আৰু সংস্কৃতি আছে। | ৪। ইতৰ প্ৰাণীৰ ভাষা আৰু সংস্কৃতি নাই |
| ৫। সকলো সময়তে যৌন কৰ্মত নিয়ন্ত্ৰণ হব পাৰে। | ৫। ঋতু অনুযায়ী যৌন কৰ্মত লিপ্ত হয়। |