ধনৰ ব্যৱহাৰ – সত্যনাথ বৰা
আৰ্হি প্ৰশ্ন (মূল্যাংক-১)
১) কৃপণলোকৰ দুই ধৰ্ম কি কি?
উত্তৰঃ লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।
২) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?
উত্তৰঃ আয় অনুসৰি খৰচ কৰাই হ’ল অৰ্থ ব্যৱহাৰ মূলমন্ত্ৰ ।
৩) দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উত্তৰঃ দৰিদ্ৰ হোৱাৰ চিন হ’ল অলপ আয়, অধিক ব্যয়।
৪) মানুহৰ ঋণ কেতিয়া হয় ?
উত্তৰঃ উপাৰ্জনতকৈ ব্য়য়ৰ পৰিমাণ সৰহ হ’লে মানুহৰ ঋণ হয়।
৫) কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।
চমু প্ৰশ্নঃ
১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?
উত্তৰঃ ধনৰ প্ৰথম ব্যৱহাৰে – মানুহৰ সুখ-সম্পদ বৃদ্ধিৰ বাবে ভাল খাদ্য, বস্ত্র, বাসস্থান, হাতী-ঘোঁৰা, গাড়ী আদি সংগ্রহ কৰাৰ লগতে সাংসাৰিক সুখৰ বাবে আন আন আহিলা পাতি সমূহো গোটাই লব পাৰি।
আনহাতে ধনৰ দ্বিতীয় ব্য়ৱহাৰে আনৰ উপকাৰ সাধন কৰিব পাৰি। উদাৰহণস্বৰূপেঃ দুখীয়া-দৰিদ্ৰক ভাত, কাপোৰৰ যোগান ধৰাৰ উপৰিও, কোনোবা বিপদত পৰিলে ধনেৰে সহায় কৰি আৰু বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি আনৰ উপকাৰ সাধন কৰিব পাৰি।
২) কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে ?
উত্তৰঃ কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, আৰু যিকোনো কামৰ মূল্য় কম, গতিকে সি সৰহ কামত অলপ ধন যাচে বা মুঠে দিহ নিবিচাৰে। সেয়েহে আন মানুহে ধন খৰচ কৰিলে কৃপণে সহিব নোৱাৰে।
৩) লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?
উত্তৰঃ লেখকৰ মতে সজ আৰু অসজ বৃত্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে। কিয়নো ধন খৰচ নকৰিলে ভাল বা বেয়া একো কামেই কৰিব নোৱাৰে।
৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?
উত্তৰঃ পাঠটিত লেখকে দুটা কাৰণত মানুহে কৃপণালি কৰে বুলি উল্লেখ কৰিছে। কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালি কৰে আৰু কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি ৰাখিবৰ বাবে কৃপণালি কৰে।
৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা ৷
উত্তৰঃ ১। কৃপণ লোকে ধন সঞ্চয় কৰাত উত্ৰাৱল আৰু ধোঁৱাখুলীয়াই ধন খৰচ কৰাত উত্ৰাৱল।
২। কৃপণ লোকে ধনক পূজা কৰে। আনহাতে, ধোঁৱাখলীয়াই ধনক বোজা বুলি ভাৱি বিনা কাৰনত ধন খৰচ কৰিব বাট বিচাৰি থাকে।
দীঘল প্ৰশ্ন।
১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ৷
উত্তৰঃ অশিক্ষিত মানুহৰ মনত ধন খৰচ কৰা এক মহতালিৰ কৰ্ম । সিহঁতে ধনীক ঈশ্বৰ যেন দেখে ঈশ্বৰৰ লগত তুলনা কৰে। ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কু-কৰ্মক ধেমালি বোলে আৰু ধনীৰ মাৰ-কিলক আদৰ বুলি ভাৱে। সিহঁতৰ ভাল-বেয়া বোধ নাই, মান-অপমানৰ জ্ঞান নাই। তেওঁলোকৰ যিহেতু ভাল-বেয়া বোধ নাই, মান-অপমানৰ জ্ঞান নাই, সেয়ে ধন খৰচ কৰিব পৰা লোক মানেই তেওঁলোকৰ মনত প্রতাপী, শক্তিশালী আৰু গণ্যমান্য লোক বুলি বিবেচনা কৰে।
২) অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷
উত্তৰঃ অসজ বৃত্তিধাৰী কৃপণ লোকে সদায় নিজৰ আসল অৱস্থা লুকাই ৰাখে আৰু বাহিৰত অতি খৰচী বা আঢ্যবৃত্তৰ পৰিচয় দিব বিচাৰে। তেওঁলোকৰ অভিলাষ বোৰক আনৰ খৰচত সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। ভাল খোৱাৰ অভিলাষ তেওঁলোকৰ বৰ বৰ, কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত নিমখ ভাত খায়, আৰু আনৰ ঘৰত বহুপদৰ খাদ্য বিচাৰে। নিজৰ কামত যিমান দূৰত হলেও সেই দূৰত্ব খোজেৰে পাৰ কৰে, কিন্তু আনৰ কামত বাহন নাথাকিলে এখোজো আগনাবাঢ়ে বা এখোজো নিদিয়ে।
মুঠতে, তেওঁলোক আনৰ ওপৰত থাকিলে ভালৰো ভাল খাব বিচাৰে, ভালৰো ভাল পিন্ধিব বিচাৰে, কিন্তু নিজৰ খৰচত চলিলে সৰ্বনিম্ন মানৰ খাদ্য আৰু বস্ত্ৰ বাছি লয়। খোৱাৰ-পিন্ধনৰ ক্ষেত্ৰত সদায় ডাংকোপ কথা কয় আৰু নিজৰ আসল অৱস্থা কেতিয়াও প্ৰকাশ নকৰে। ঘৰত সাধাৰণ ভাত খায়, কিন্তু আনৰ আগত মাছে-মঙহে বা ঘিউৰে খাদ্য খোৱা বুলি দম্ভালি মাৰি কথা কয়। মুঠতে অসজ বৃত্তিধাৰী কৃপণ লােক স্বার্থলােভী আৰু কপটীয়া প্ৰকৃতিৰ হয়।
৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা ৷
উত্তৰঃ মানুহে নিজৰ আয় অনুসৰি ব্যয় কৰা উচিত। কম উপার্জন কৰি অধিক খৰচ কৰিলে মানুহ দৰিদ্ৰ হয় আৰু ঋণ ল’ব লগা হয়। লেখকে ঋণক পাপৰ সৈতে তুলনা কৰিছে, কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহও সমাজত লাঞ্ছনা ভুগে, বা ভুগিব লগা হয়। মান-মৰ্যাদা হেৰুৱায় আৰু মনৰ শান্তি নাইকিয়া হয়। ঋণ এক ব্যাধিৰ দৰে; যিদৰে ব্যাধিয়ে শৰীৰ ক্ষয় কৰে, ঋণেও মানুহৰ অৱস্থা ক্ষয় কৰে। ঋণ পৰিশোধ নকৰা অৱস্থাত মানুহ মানসিকভাৱে ক্ষয় হয়।
সেই হেতুকে ঋণক পাপ আৰু ব্যাধিৰ লগত তুলনা কৰা হৈছে। পাপী মানুহৰ দৰে ঋণীও জীৱনত সমস্যাৰ সন্মুখীন হয় আৰু নিয়ন্ত্ৰণহীন ঋণে জীৱনক বিপদগ্ৰস্ত কৰে।
8। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণলোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ৷
উত্তৰ: লেখকৰ দৃষ্টিত কৃপণ মানুহ সেইসকল যি ধনৱন্ত হৈও দৰিদ্ৰৰ যন্ত্রণা অনুভৱ কৰে। সাধাৰণ কথাত তেওঁলোকক “কৃপণ” বা “নিধনী” বুলি কোৱা হয়। ধন থাকোতে, কৃপণে কেৱল লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱাৰ বাবে ধন খৰচ কৰে; নিজৰ সুখ, ভোগ বা পৰোপকাৰৰ বাবে ধন খৰচ কৰিব টান পায়। উত্তম খাদ্য গ্ৰহণ, উত্তম বস্ত্ৰ পিন্ধন, দান-দক্ষিণা কৰা — এই সকলো কৃপণৰ বাবে অপব্যয় বুলি গণ্য। তেওঁলোকৰ দৃষ্টিত ধনৰ মূল্য সকলো ফালৰ কামৰ পৰা বেছি, আৰু কামৰ মূল্য কম।
কৃপণৰ মানত নিজৰ সন্তান বা পৰিয়ালৰ খাৱন-পিন্ধনতো নিজৰ ধন কম খৰচ কৰাৰ দৰে, নিজৰ সুখ-সম্ভোগৰ বাবে বা আনৰ বিপদ-আপদত সহায়ৰ নিমিত্তে ধন খৰচ নকৰে। মুঠতে, ধন থাকিও যি ব্যক্তি নিজৰ সুবিধা আৰু আনৰ উপকাৰৰ বাবে ধন খৰচ নকৰে, সেই ব্যক্তিকেই লেখকে কৃপণ বুলি পৰিচয় দিছে। সেই হেতুকে লেখকে কৃপণৰ ধনক ধন নহয়, লৰাই ওমলা খোলাকটিৰ লগত তুলনা কৰিছে।
৫/”ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ” । – ব্যাখ্যা কৰা
উত্তৰঃ ‘ধন মুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। – এই বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰা দেৱৰ “ধনৰ ব্যৱহাৰ”-পাঠটিৰ পৰা তুলি অনা হৈছে।
সত্যনাথ বৰাদেৱৰ “ধনৰ ব্যৱহাৰ” পাঠত কৃপণ মানুহৰ ধনৰ প্ৰতি ধাৰণাৰ আভাস প্ৰকাশ পাইছে। কৃপণ মানুহে ধন সঞ্চয় কেৱল ধনৰ বাবেই কৰে। তাৰ বাহিৰে তেওঁলোকৰ কোনো অভিপ্রায় নাথাকে। ধনৰ দ্বাৰা যে সুখী বা সুন্দৰ জীৱন যাপন কৰিব পাৰে সেই কথা সিহঁতে নুবুজে। ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে, আৰু ধন চকুৰে চাই থকাই তেওঁলোকৰ পৰম সুখ।
লেখকৰ দৃষ্টিত, পৃথিৱীত এনেকুৱা লোক আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ দৰে আচৰণ কৰে। সাধাৰণতে তেওঁলোকক কৰাইচ, কটকিনা বা কৃপণ বুলি কোৱা হয়। কৃপণৰ ধন, আচলতে ধন নহয়, ল’ৰাই ওমলা খোলাকটিৰ দৰে। ধনৰ সহায়ত ভোজনৰ ভাল বস্তু, পিন্ধিবলৈ ভাল কাপোৰ, থাকিবলৈ ভাল ঘৰ, হাতী-ঘোঁৰা, বাহন, বন্দী-বেটী আদি সাংসাৰিক সুখৰ সামগ্ৰী সংগ্ৰহ কৰিব পাৰি। কিন্তু কৃপণৰ মানত ধনৰ ব্যৱহাৰ এই উদ্দেশ্যত নহয়।
ল’ৰা-ছোৱালীও কৃপণৰ মানত ধনতকৈ হীন। কৃপণে ধন খৰচ হোৱাৰ ভয়ত নিজৰ জীৱনতো দুখ-কষ্ট ভোগ কৰে, আৰু সন্তান-সন্ততিকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্টত ৰাখে। কৃপণৰ বাবে ধন সুখৰ উৎস, ভোগৰ উপায় নহয়। সেই হেতুকে লেখকে কৈছে—স্বয়ং ধনেই কৃপণৰ পৰম সুখ।
অতিৰীক্ত প্ৰশ্নোত্তৰ।
১) সত্যনাথ বৰাৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰঃ সত্যনাথ বৰাৰ জন্ম ১৮৬০ চনত হৈছিল।
২) সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল ?
উত্তৰঃ সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম ‘গীতাৱলী’ আৰু ১৮৮৮ চনত প্ৰকাশ পাইছিল।
৩) ‘বহল ব্যাকৰণ’ কাৰ ৰচনা ?
উত্তৰঃ ‘বহল ব্যাকৰণ’ সত্যনাথ বৰা ৰচনা।
৪) অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম লিখা ৷
উত্তৰঃ অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম ‘আকাশ ৰহস্য’।
৫) সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম লিখা ৷
উত্তৰঃ সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ হ’ল ‘কেন্দ্ৰসভা’, ‘সাহিত্য বিচাৰ’, ‘সাৰথি’, ‘চিন্তাকলি’ আদি।
৬) সত্যনাথ বৰা ‘জোনাকী’ আলোচনীৰ কিমান চনৰ সম্পাদক আছিল ?
উত্তৰঃ সত্যনাথ বৰা’জোনাকী’ আলোচনীৰ ১৯০১ চনত সম্পাদক আছিল। ১
৭) কিমান চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে ?
উত্তৰঃ ১৯২৫ চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে।
৮) সত্যনাথ বৰাই ৰচনাকৰা গীতৰ পুথিখনৰ নাম কি?
উত্তৰঃ গীতাৱলী।
(৯) কোন শ্রেণীৰ লােক সমাজত ‘ধোৱাখুলীয়া’ নাম পায়?
উত্তৰঃ নির্বিচাৰে ধন খৰচ কৰা লােকে সমাজত ‘ধোঁৱাখুলীয়া’নাম পায়।
(১০) কৃপণৰ ধনক লেখকে কি বুলি কৈছে?
উত্তৰঃ কৃপণৰ ধনক লেখকে ‘ল’ৰাই ওমলা “খােলাকাটি’ বুলি কৈছে।
(১১) কৃপণৰ ভাতলৈ আশা কৰা লােকৰ জীৱনক লিখকে কিহৰ জীৱন বুলি কৈছে?
উত্তৰঃ কৃপণৰ ভাতলৈ আশা কৰা লোকৰ জীৱনক লিখকে কুকুৰৰ জীৱন’ বুলি কৈছে।
(১২) সত্যনাথ বৰাক কোনজন ইংৰাজ প্ৰৱন্ধকাৰৰ লগত তুলনা কৰা হয় ?
উত্তৰঃ সত্যনাথ বৰাক ইংৰাজ প্ৰৱন্ধকাৰ ফ্রান্সিচ বেকন বা চেমুৱেল স্মাইলচৰ লগত তুলনা কৰা হয়।