AHSEC Class 11 Assamese Chapter 1 ধনৰ ব্যৱহাৰ পাঠটোৰ উত্তৰ

গোট ১: গদ্য:

ধনৰ ব্যৱহাৰ – সত্যনাথ বৰা

আৰ্হি প্ৰশ্ন (মূল্যাংক-১)

১) কৃপণলোকৰ দুই ধৰ্ম কি কি?

উত্তৰঃ লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।

২) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?

উত্তৰঃ আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰ মূলমন্ত্ৰ ।

৩) দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

উত্তৰঃ আয় অলপ, খৰচ সৰহ সেয়েই দৰিদ্ৰ হোৱোৰ চিন।

৪) মানুহৰ ঋণ কেতিয়া হয় ?

উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।

৫) কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?

উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?

উত্তৰঃ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ল – প্ৰথমে ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্ত, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ, আৰু হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই আনি উপভোগ কৰিব পাৰি। দ্বিতীয়, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি; ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰ ধনেৰে যতোৱা যায়, মানুহ বিপদত পৰিলে ধনেৰে উদ্বাৰ কৰিব পাৰি, আৰু বিদ্যালয়, চিকিৎসালয় আদি থাপন কৰি সৰ্বসাধাৰণৰ উপকাৰ কৰিব পাৰি।

২) কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে ?

উত্তৰঃ কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল অলপ, গতিকে সি সৰহ কামত অলপ ধন যাচে বা মুঠে নিদিবলৈ ফাঁকটি কৰে। সেয়েহে আন মানুহে ধন খৰচ কৰিলে কৃপণে সহিব নোৱাৰে।

৩) লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?

উত্তৰঃ লেখকৰ মতে দয়া বৃওি আৰু অহংকাৰ বা লোভ বৃওি ফলিওৱাৰ বাবে অলপ ধন লাগে।

৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?

উত্তৰঃ কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে আৰু কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে।

৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা ৷

উত্তৰঃ ১। কৃপণ লোকে সঞ্চয় কৰাত উএাৱল আৰু ধোঁৱাখুলীয়াৰ লোকে ক্ষয়ংকৰ কৰাত উএাৱল।

২। কৃপণ লোক খৰচীৰ পক্ষে ধন এটা অসহনীয় বোজা আনহাতে ধোঁৱাখুলীয়াৰ লোক এটা বিষম আহুকাল, তাক খৰচ কৰি অন্ত নকৰে মানে তাৰ মনত সন্তোষ নাই।

১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ৷

উত্তৰঃ অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম । সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰ-কিলক আদৰ বুলি ভাৱে। সিহঁতৰ ভাল-বেয়া বোধ নাই, মান-অপমানৰ জ্ঞান নাই। এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে সি যে আও নিৰ্বোধ তাত এক ধনিষ্ঠাও সন্দেহ নাই ।

২) অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷

উত্তৰঃ

৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা ৷

উত্তৰঃ

8।লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণলোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ৷

উত্তৰ:

৫/”ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ” । – ব্যাখ্যা কৰা

১)সত্যনাথ বৰাৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ সত্যনাথ বৰাৰ জন্ম ১৮৬০ চনত হৈছিল।

২) সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম ‘গীতাৱলী’ আৰু ১৮৮৮ চনত প্ৰকাশ পাইছিল।

৩) ‘বহল ব্যাকৰণ’ কাৰ ৰচনা ?

উত্তৰঃ ‘বহল ব্যাকৰণ’ সত্যনাথ বৰা ৰচনা।

৪) অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম ‘আকাশ ৰহস্য’।

৫) সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম লিখা ৷

উত্তৰঃ সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ হ’ল ‘কেন্দ্ৰসভা’, ‘সাহিত্য বিচাৰ’, ‘সাৰথি’, ‘চিন্তাকলি’ আদি।

৬) সত্যনাথ বৰা ‘জোনাকী’ আলোচনীৰ কিমান চনৰ সম্পাদক আছিল ?

উত্তৰঃ সত্যনাথ বৰা’জোনাকী’ আলোচনীৰ ১৯০১ চনত সম্পাদক আছিল। ১

৭) কিমান চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে ?

উত্তৰঃ ১৯২৫ চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে।

ব্যাখ্যা কৰা – “ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ” -মূল্যাংক ৫

উত্তৰঃ