AHSEC Class 11 Assamese Chapter 13 বৰগীত: জয় জয় যাদৱ- শংকৰদেৱ পাঠটোৰ উত্তৰ

ক) অতি চমু প্ৰশ্ন।

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?

উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীতটো হ’ল – ‘মন মেৰি ৰাম চৰণহি লাগু’।

২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?

উত্তৰঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম হল- ‘ভক্তি ৰত্নাকৰ’।

৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?

উত্তৰঃ শংকৰদেৱে মুঠতে ছখন নাট ৰচনা কৰিছিল।

৪। বৰগীতবোৰ কি ভাষাত ৰচিত?

উত্তৰঃ বৰগীতবোৰ ঘাইকৈ ‘ব্ৰজাৱলী’ ভাষাত ৰচিত।

৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?

উত্তৰঃ মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, সংসাৰৰ অনিত্যতা হৰিভক্তিৰ মহিমা আদি শংকৰদেৱৰ বৰগীতৰ প্রধান বক্তব্য বিষয়।

খ) চমু প্ৰশ্ন।

১। ‘ শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰদ্বাৰা কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ‘শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দৰ অৰ্থ হ’ল – যাৰ নাম শুনা বা শ্ৰৱন কৰাৰ মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোতা। অন্য় অৰ্থত বেদক উদ্ধাৰ কৰোতা।

২। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা৷

উত্তৰঃ বৰগীতটিত উল্লেখ থকা দুজন অসুৰ হল- মধুৰিপু আৰু মুৰনাশী।

৩। বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?

উত্তৰঃ  ‘মহানন্দ’ মানে পৰম আনন্দ। আনহাতে ‘কন্দ’ মানে মূল। শ্রীকৃষ্ণই হৈছে জগতৰ পৰম আনন্দৰ মূল কাৰণ। সেয়ে শ্রীকৃষ্ণক মহদানন্দ কন্দ’ বুলি কোৱা হৈছে।

৪। শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই মৎস্য় অৱতাৰত প্ৰলয় জলৰ পৰা বেদসমূহ উদ্ধাৰ কৰিছিল।

৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?

উত্তৰঃ ভক্তই যেতিয়া সঁচা অন্তৰেৰে ভগৱানৰ নাম স্মৰণ কৰে বা শ্ৰৱন কৰে তেতিয়া ভগৱানে সকলোকে সেই বিপদৰ পৰা উদ্ধাৰ কৰে। ভগৱান শ্ৰী কৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ নাম শুনা বা স্মৰণ কৰাৰ মাত্ৰকে জগতৰ সকলো বস্তৱেই পৱিত্ৰ হোৱাৰ লগতে সকলো ধৰণৰ বিপদৰ পৰা উদ্ধাৰ হয়।

গ) দীঘল প্ৰশ্ন।

১। শংকৰদেৱৰ ” জয় জয় যাদৱ জলনিধিজা ” বৰগীতটিৰ মূলভাব লিখা ৷

উত্তৰঃ শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে আৰম্ভ হৈছে। বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্রকাশিত হৈছে।

ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ নাম শ্ৰৱণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্র হয়। এইজন ভগৱানেই প্রলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল।

এই জগতৰ জীৱন স্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন মঙ্গলময় শিৱৰূপে বিৰাজমান। শ্রীকৃষ্ণই ৰাক্ষসকলক বধ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবে তেওঁক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয়। বৰগীতটোত শংকৰদেৱে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে। পিতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে। শ্রীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰিছে।

২। বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ ৰচিত ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয়ধ্বনিৰে আৰম্ভ হৈছে। এই বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ নামৰ অপাৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু গভীৰ ভক্তিধাৰা সুন্দৰভাৱে প্ৰকাশ পাইছে।

সাগৰ কন্য়া লক্ষ্মীৰ পতি শ্ৰীকৃষ্ণৰ মহিমা অপাৰ আৰু অসীম। তেওঁৰ পৱিত্ৰ নাম শ্ৰৱণ বা স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তু পৱিত্ৰ হৈ উঠে। এইজনেই সেইজন ভগৱান, যিজনে প্ৰলয়কালীন জলৰ পৰা বেদসমূহ উদ্ধাৰ কৰিছিল শ্ৰীকৃষ্ণ হৈছে এই জগতৰ জীৱনস্বৰূপ— চিৰন্তন, সত্য আৰু সনাতন মঙ্গলময় শিৱৰূপে তেওঁ বিৰাজমান। তেওঁ বিভিন্ন ৰাক্ষস আৰু অসুৰক বধ কৰি পৃথিৱীত শান্তি স্থাপন কৰিছিল। কেশী, মধু, মূৰ আদি অসুৰক নিধন কৰি জগতৰ অন্ধকাৰ দূৰ কৰাৰ বাবেই তেওঁক ‘জগতবন্ধুবিধু’ বুলি অভিহিত কৰা হৈছে।

বৰগীতটোত শংকৰদেৱে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক সৌন্দৰ্যৰো মনোৰম বৰ্ণনা আগবঢ়াইছে। পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ সৌন্দর্যই শৰৎকালীন পূৰ্ণিমাৰ জোনৰ সৌন্দর্যকো চেৰ পেলায়। এইদৰে শ্ৰীমন্ত শংকৰদেৱে বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মহিমা আৰু দিৱ্য ৰূপ গভীৰ ভক্তিৰে প্ৰকাশ কৰিছে।

৩। বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা ৷

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা অতি মনোৰমভাৱে কৰিছে। ‘শাৰদ ইন্দুনিন্দি পৰকাশী’ আৰু ‘জগতবন্ধুবিধু’ আদি শব্দৰ মাধ্যমেৰে শ্ৰীকৃষ্ণৰ অনুপম সৌন্দর্যক উদ্ভাসিত কৰিছে। পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য তুলনাবিহীন। তেওঁৰ ৰূপৰ উজ্জ্বলতাই যেন শৰৎকালৰ জোনৰ সৌন্দর্যকো চেৰ পেলায় আৰু আন্ধাৰ বিনাশ কৰি সমগ্ৰ জগত পোহৰাই তোলে।

৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা৷

উত্তৰঃ বৰগীতটিৰ ভাব-ভাষাৰ সৌন্দর্য অতি মনোগ্ৰাহী। কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত এটি গুৰুত্বপূৰ্ণ দিশ হৈছে কাব্যিক সৌন্দর্য। ভাব, ভাষা, ছন্দ, অলংকাৰ আৰু ব্যঞ্জনাৰ সমন্বয়ৰ মাধ্যমে এই কাব্যিক সৌন্দর্য প্ৰকাশ পায়। বৰগীতটিত ‘জগতজনজীৱন অজন-জনাৰ্দন দনুজদমন দুখহাৰী’ শাৰীটোত ‘জ’, ‘দ’ আৰু ‘ন’ ব্যঞ্জনবৰ্ণৰ পুনৰাবৃত্তিৰ জৰিয়তে অপূৰ্ব ধ্বনিমাধুৰ্য আৰু শ্রুতিমধুৰতা সৃষ্টি কৰা হৈছে। লগতে শৰতকালৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ ৰূপ-সৌন্দর্য অতি মনোৰমভাৱে উপস্থাপন কৰা হৈছে। সেয়ে সাহিত্যিক সৌন্দর্যৰ বিচাৰত এই বৰগীতটি এটি উৎকৃষ্ট সৃষ্টি বুলি গণ্য কৰা যায়।

৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

ক) জগজনজীৱন অজন জনাৰ্দন দনুজদমন দুখহাৰী।

মহানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ৷

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী মন্ত শংকৰ দেৱৰ দ্বাৰা ৰচিত বৰগীত (জয় জয় যাদৱ জলনিধিজা………) বৰগীতটিৰ পৰা তুলি অনা হৈছে। বৰগীতটিত শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য, দেৱত্ব, আৰু পৰমানন্দময় স্বৰূপৰ বন্দনা কৰিছে।

বৰগীতটিত কবিয়ে ভগৱান শ্ৰীকৃষ্ণক জগতৰ জীৱনস্বৰূপ, অসুৰনাশক আৰু দুখ দূৰকাৰী হিচাপে প্ৰতিপন্ন কৰিছে। বৰগীতটিত শংকৰদেৱে শ্ৰীকৃষ্ণৰ ঈশ্বৰীয় গুণ, আনন্দময় স্বৰূপ আৰু বনচাৰী ৰূপৰ মনোৰম বৰ্ণনা কৰা হৈছে।

এই জগতৰ সকলোৰে জীৱৰ জীৱনস্বৰূপ ভগৱান শ্ৰীকৃষ্ণ অজন, অৰ্থাৎ তেওঁৰ কোনো জন্ম নাই আৰু তেওঁৰ কোনো মৃত্যু নাই। তেওঁ চিৰন্তন, নিত্য আৰু সনাতন। ভগৱান শ্ৰীকৃষ্ণেই জগতৰ সকলোৰে পৰম আনন্দৰ মূল উৎস। তেওঁ মায়াৰ অতীত; মায়াই কেতিয়াও তেওঁক বশ কৰিব নোৱাৰে। অসুৰ আৰু ৰাক্ষসসকলক দমন কৰি তেওঁ মানৱ সমাজক ত্ৰাস আৰু বিপদৰ পৰা উদ্ধাৰ কৰি পৃথিৱীত শান্তি স্থাপন কৰিছিল। সকলোৰে দুখ মোচনকাৰী এইজন পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণই মানৱ ৰূপ ধৰি নন্দৰ পুত্ৰৰূপে অৱতাৰ লৈ নানা লীলাৰে ক্ৰীড়া কৰিছিল আৰু সমগ্ৰ গকুলবাসীক পৰম আনন্দ প্ৰদান কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ সৌন্দৰ্ষকো অতি মনোৰোম ভাৱে প্ৰকাশ কৰিছে শংকৰদেৱে জগতৰ জীৱনস্বৰূপ পীতৱসন পৰিধান কৰা ভগৱান শ্ৰীকৃষ্ণৰ সৌন্দৰ্য শৰত কালৰ জোনতকৈও অধিক বুলি বৰগীতটিত উল্লেখ কৰিছে। তেওঁ অৰ্থাৎ কবি শ্ৰীমন্ত শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণক শৰত কালৰ জোনৰ লগত তুলনা কৰিছে। শৰত কালৰ জোনটোৱে যিদৰে জগতৰ এন্ধাৰ আতঁৰাই পোহৰ বিলাই ঠিক সেইদৰে জগতৰ সকলোকে বিপদৰ পৰা উদ্ধাৰ কৰোতা ভগৱান শ্ৰী কৃষ্ণয়েও সকলোকে বিপদৰ পৰা উদ্ধাৰ কৰি জগতত পোহৰ বিয়পায়।

অতিৰিক্ত প্ৰশ্নঃ

১। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি কি?

উত্তৰঃ শংকৰদেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তি হল- ‘কীৰ্তন ঘোষা’।

২। শংকৰদেৱ ৰচিত চাৰিপ্ৰকাৰৰ গীত কি কি?

উত্তৰঃ শংকৰদেৱৰ দ্বাৰা ৰচিত চাৰি প্ৰকাৰৰ গীত হ’ল- বৰগীত, ভটিমা, টোটয় আৰু চপয়।

৩। শংকৰদেৱ ৰচিত ছয়খন নাট কি কি?

উত্তৰঃ শংকৰদেৱৰ দ্বাৰা ৰচিত ছয়খন নাট হ’ল- পত্নিপ্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিনি হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। চমুকৈ পকাকেৰুপাৰা।

৪। শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ কি কি?

উত্তৰঃ শংকৰদেৱৰ অনুবাদ মূলক গ্ৰন্থ হল- ভাগৱত আৰু ৰামায়ণৰ উত্তৰাকাণ্ড।

৫। শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থ হল- কীৰ্তন ঘোষা আৰু গুনমালা।

৬। শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি?

উত্তৰঃ শংকৰদেৱে ৰচনা কৰা কাব্য়সমূহ হল- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি-ছলন, অমৃত-মন্থন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্র।

৭। শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম লিখা ৷

উত্তৰঃ শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম হল- ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ (সংস্কৃত), নিমি নৱসিদ্ধ সংবাদ আৰু অনাদিপাতন।

৮। শ্ৰীশংকৰদেৱৰ “জয় জয় যাদব জলনিধিজা’ বৰগীতটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ শ্ৰীশংকৰদেৱৰ “জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত ‘বৰগীত’ নামৰ গ্রন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।

৯। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথি এখনৰ নাম কি ?

উত্তৰঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথি এখন হ’ল ‘ভক্তি ৰত্নাকৰ’।

১০। শংকৰদেৱৰ বৰগীতবােৰৰ প্রধান বক্তব্য কি?

উত্তৰঃ মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, সংসাৰৰ অনিত্যতা হৰিভক্তিৰ মহিমা আদি শংকৰদেৱৰ বৰগীতৰ প্রধান বক্তব্য বিষয়।

Scroll to Top