ক) অতি চমু প্ৰশ্নঃ
১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম- ‘কদমকলি’ ৷
২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হল- ‘মোৰ জীৱন সোঁৱৰণ’ ৷
৩। অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কাক কোৱা হয়?
উত্তৰঃ অসমীয়া সাহিত্যত চুটি গল্পৰ জনক হল- লক্ষ্মীনাথ বেজবৰুৱা ৷
৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম হল- ‘সুৰভি’ ৷
৫। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ ‘বাঁহী’ আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল ৷
গ) চমু প্ৰশ্নঃ
১। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
উত্তৰঃ মালিতা হল- এক আখ্য়ানমূলক গীত। ইংৰাজীত ইয়াক বেলাড বুলি কোৱা হয়।
২। ধনবৰ আৰু ৰতনী কোন?
উত্তৰঃ ধনবৰ আৰু ৰতনী হল এহাল প্ৰেমি-প্ৰেমিকা। য’ত ধনবৰৰ ঘৰ আছিল দিখৌমুখত আৰু ৰতনীৰ ঘৰ আছিল ধনশিৰীমুখত।
৩। ” বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক” – বুলি কোনে কিয় কৈছে?
উত্তৰঃ প্ৰশ্নোক্ত কথাফাঁকি ধনবৰে ৰতনী জোৱাৰ দুখত প্ৰশ্নোক্ত কথাফাঁকি লুইতৰ পাৰত বহি কৈছিল।
৪। ”ৰতনীক তুলিলে মাকে বাপেকে
ধনাইৰ কাল শতৰু কৰি”
– ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?
উত্তৰঃ ধনবৰৰ ঘৰৰ পৰা ৰতনী নিজৰ ঘৰলৈ উভতি যোৱাৰ পিছত ধনবৰৰ বুকু শূন্যতাৰে ভৰি পৰিল। কিয়নো ধনবৰে ৰতনীক ইমানেই ভাল পাইছিল যে ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ স্থান দিছিল। ৰতনী অবিহনে ধনবৰে জীৱনটো জীয়াব নোৱাৰিব বুলি ভাবি ধনবৰে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নিজকে আত্মজাহ দিলে। ৰতনীৰ কাৰণেই ধনবৰে মৃত্যুক আঁকোৱালী লোৱাৰ বাবে ৰতনীক ধনবৰৰ কালশত্ৰু বা কালশতৰু বুলি কোৱা হৈছে।
৫। ” পাৰতে কান্দিছে ধনবৰ দুখীয়া” – ধনবৰে কিয় কান্দিছে?
উত্তৰঃ ৰতনীক হেৰুৱোৱাৰ গভীৰ বেদনাই ধনবৰৰ হৃদয় ভৰি পৰিছে। ধনবৰে ৰতনীক অত্যন্ত ভাল পাইছিল; কিন্তু তাৰ প্ৰেমে পূৰ্ণতা লাভ কৰাৰ আগতেই ৰতনীয়ে তাক এৰি নিজৰ ঘৰলৈ উভতি গ’ল। ৰতনী অবিহনে জীৱন কটোৱা ধনবৰৰ বাবে অসহনীয় হৈ পৰিল। তাৰ অবুজ হৃদয়ে সদায় ৰতনীকেই বিচাৰে, কিন্তু তাক পুনৰ ঘূৰাই আনাটো তাৰ পক্ষে সম্ভৱ নহয়। সেইবাবেই লুইতৰ পাৰত বহি ধনবৰে কান্দিছে।
ঘ) দীঘল প্ৰশ্নঃ
১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা ৷
উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা এটি মালিতা। এই কবিতাটোৰ জৰিয়তে কবিয়ে এক অবিচল আৰু নিৰ্মল প্ৰেমৰ কৰুণ পৰিণতি অতি মাধুৰ্যময় আৰু সাংগীতিক ভাষাত প্ৰকাশ কৰিছে।
ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক–প্ৰেমিকা। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত আছিল। কিছুদিনৰ বাবে মাক-বাপেকৰ সৈতে ৰতনী ধনবৰহঁতৰ ঘৰত থাকিবলৈ আহে। সেই সময়ছোৱাতেই দুয়োৰে মাজত অৰ্থাৎ ধনবৰ আৰু ৰতনীৰ মাজত গভীৰ প্ৰেম হয়। ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ স্থান দিছিল।
এদিন ৰতনী মাক-বাপেকৰ সৈতে নিজৰ ঘৰলৈ উভতি যোৱাৰ পিছত ধনবৰৰ জীৱন শূন্যতাৰে ভৰি পৰে। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি-কান্দি বিলাপ কৰিবলৈ ধৰে। ৰতনী অবিহনে জীৱন ধনবৰৰ বাবে অসহনীয় হৈ উঠে। মনৰ দুখত ৰতনীক সোঁৱৰি সি গভীৰ বেদনাত নিমজ্জিত হয়। শেষত এই বেদনাই তাক লুইতৰ বুকুত আত্মজাহ দিবলৈ বাধ্য কৰে।
এইদৰে কবিতাটোৱে এক অকৃত্ৰিম, নিষ্ঠাবান প্ৰেমৰ কৰুণ আৰু হৃদয়বিদাৰক প্ৰতিচ্ছবি দাঙি ধৰে। এইয়েই ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ সংক্ষিপ্ত বিৱৰণ।
২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?
উত্তৰঃ ধনবৰ দিখৌমুখৰ এজন ডেকা আৰু ৰতনী ধনশিৰিমুখৰ এজনী ষোড়শী গাভৰু। দুয়ো এহাল প্ৰেমিক–প্ৰেমিকা। কবিতাটিত ৰতনীয়ে ধনবৰক এৰি গুচি যোৱাৰ ফলত ধনবৰে যি বিচ্ছেদ-বেদনা অনুভৱ কৰে, সেই কৰুণ বিলাপক কবিয়ে হৃদয়স্পৰ্শীভাৱে চিত্ৰিত কৰিছে।
ৰতনী এবাৰ মাক-দেউতাকৰ সৈতে ধনশিৰিমুখৰ ঘৰ এৰি দিখৌমুখলৈ উজাই আহি ধনবৰহঁতৰ ঘৰত কিছুদিন থাকিবলৈ আহে। এই সময়ছোৱাতেই ডেকা ধনবৰ আৰু যুৱতী ৰতনীৰ মাজত গভীৰ প্ৰেমৰ উন্মেষ ঘটে। কিন্তু এদিন বুকুৰ মাধুৰী হৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূন্য কৰি মাক-বাপেকৰ সৈতে পুনৰ নিজৰ ঘৰলৈ উভতি যায়। ৰতনী গুচি যোৱাৰ পিছত ধনবৰ বিৰহ-বেদনাত শোকাকুল হৈ পৰে। ৰতনীৰ স্মৃতি বুকুত সাৱটি সি দিন-ৰাতি বিলাপ কৰিবলৈ ধৰে। ধনবৰৰ মনৰ অৱস্থা ৰতনীয়ে বুজিলেও তাইৰ মাক-বাপেকে বুজিব নোৱাৰিলে।
ধনবৰে দেখে যে জাক পাতি বগলীবোৰে পাখিত পাখি লগাই উৰি ফুৰিছে, কিন্তু ৰতনী অবিহনে সি যেন উৰিবই নোৱাৰে। পূৱৰ বতাহজাকে ধানগছত ঠোক দি যায়, কিন্তু ৰতনীয়ে ধনবৰৰ জীৱনত শোকৰহে আঘাত দি গ’ল। লুইতৰ বুকুত শিহুৱে টুপাই বুৰ মাৰি কিছু সময় পিছত আকৌ ওলাই আহে, কিন্তু ৰতনী এবাৰ বুৰ মাৰি কেতিয়াও উভতি নাহিল। এইদৰে দুখ আৰু শোকে ধনবৰৰ বুকু সম্পূৰ্ণৰূপে ভাঙি পেলালে। ৰতনী যেন ধনবৰৰ কালশত্ৰু হৈ পৰিল।
ৰতনীৰ অনুপস্থিতিত ধনবৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহি অভিমান আৰু বেদনাৰে ৰতনীক সোঁৱৰি থাকিল। কিন্তু বিৰহৰ অসহনীয় যন্ত্রণাই শেষত তাক লুইতৰ বুকুত আত্মজাহ যাবলৈ বাধ্য় কৰে। অৱশেষত গভীৰ শোকত নিমজ্জিত হৈ ধনবৰে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ দিলে।
৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা ৷
উত্তৰঃ ৰতনী নামৰ এজনী ষোড়শী গাভৰু এবাৰ মাক-দেউতাকৰ সৈতে ধনশিৰিমুখৰ ঘৰ এৰি দিখৌমুখলৈ উজাই আহি ধনবৰহঁতৰ ঘৰত উপস্থিত হয়। এই সময়ছোৱাতেই ডেকা ধনবৰ আৰু যুৱতী ৰতনীৰ মাজত পৰস্পৰৰ প্ৰতি গভীৰ প্ৰেমৰ উন্মেষ ঘটে। কিন্তু এদিন বুকুৰ মাধুৰী হৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূন্য কৰি মাক-বাপেকৰ সৈতে অহা বাটেইৰে পুনৰ নিজৰ ঘৰলৈ উভতি যায়।
ৰতনী গুচি যোৱাৰ পিছত ধনবৰ বিৰহ-বেদনাত শোকাকুল হৈ পৰে। ৰতনীৰ স্মৃতি বুকুত সাৱটি সি অবিৰতভাৱে বিলাপ কৰি থাকে। ধনবৰৰ মনৰ যন্ত্ৰণা ৰতনীয়ে বুজিলেও তাইৰ মাক-বাপেকে সেই কথা বুজিব নোৱাৰিলে। ধনবৰে দেখে যে জাক পাতি বগলীবোৰে পাখিত পাখি লগাই উৰি ফুৰিছে, কিন্তু ৰতনী অবিহনে সি যেন উৰিবই নোৱাৰে। পূবৰ বতাহজাকে ধানগছত ঠোক দি যায়, কিন্তু ৰতনীয়ে ধনবৰৰ জীৱনত কেৱল শোকহে দি গ’ল।
লুইতৰ বুকুত শিহুৱে টুপাই বুৰ মাৰিলেও কিছু সময় পিছত আকৌ ওলাই আহে, কিন্তু ৰতনী কেতিয়াও পুনৰ উভতি নাহিল। এইদৰে দুখ আৰু শোকে ধনবৰৰ বুকু সম্পূৰ্ণৰূপে ভাঙি পেলালে। ৰতনী যেন ধনবৰৰ কালশত্ৰু হৈ পৰিল। ৰতনীৰ অনুপস্থিতিত ধনবৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহি অভিমান আৰু বেদনাৰে ৰতনীক পুনৰ আহিবলৈ আকুলভাৱে অপেক্ষা কৰি থাকিল। কিন্তু ধনবৰ আছিল অতি সাধাৰণ ব্যক্তি। অৱশেষত গভীৰ শোকত ম্ৰিয়মান হৈ ধনবৰে নিজকে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ দিলে।
৪। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দূৰী টিঙতে বহি উটি গ’লে
ৰতনী ধনাইৰে পৰা ৷
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। এই কবিতাফাঁকিৰ জৰিয়তে ধনবৰৰ ঘৰৰ পৰা ভটিয়নী নাৱেৰে ৰতনী নিজৰ ঘৰলৈ উভতি যোৱাৰ পিছত ধনবৰৰ হৃদয়বিদাৰক বিষাদময় মানসিক অৱস্থা সুস্পষ্টভাৱে প্ৰকাশ পাইছে।
ৰতনী কিছুদিনৰ বাবে ধনবৰৰ ঘৰত থাকিবলৈ আহিছিল। সেই সময়ছোৱাতেই দুয়োৰে মাজত গভীৰ প্ৰেমৰ উন্মেষ ঘটে। কিন্তু ধনবৰে ৰতনীক নিজৰ কৰি ল’বলৈ নৌপাওঁতেই তাই মাক-বাপেকৰ সৈতে নিজৰ ঘৰলৈ উভতি যায়। ধনশিৰিৰ ৰতনী ভটিয়নী নাৱেৰে গুচি যোৱাৰ পিছত ধনবৰৰ বুকু শূন্যতাৰে ভৰি পৰে। ৰতনীৰ অনুপস্থিতি ধনবৰৰ বাবে অতি বেদনাদায়ক আৰু অসহনীয় হৈ উঠে। মনৰ গভীৰ দুখত ধনবৰে লুইতৰ পাৰত বহি কান্দি-কান্দি বিলাপ কৰিবলৈ ধৰে। ৰতনী যোৱা নাৱখনৰ টিংটো সেন্দুৰেৰে বোলোৱা আছিল। সেইবাবেই ধনবৰে “সেন্দুৰী টিঙতে বহি উঠি গ’লে, ৰতনী ধনাইৰে পৰা” বুলি বিলাপ কৰি নিজৰ অন্তৰৰ শোক-বেদনাক প্ৰকাশ কৰিছে।
খ) ফুটুকাৰ তলতে যখিনী ছোৱালী ৷
টুকটুক চাপৰি বায়
ধনাইৰ ছাঁতে ৰতনী নাই ঐ
কোনে তাৰ মুখলৈ চায়৷
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।
ৰতনী আঁতৰি যোৱাৰ পিছত ধনবৰৰ বুকু উদং হৈ পৰে। ধনবৰৰ কলিজাৰ টুকুৰা স্বৰূপ ৰতনী দূৰলৈ গুচি যোৱাত সি অত্যন্ত অকলশৰীয়া হৈ পৰে। তাৰ দুখ-বেদনাক বুজনি দিবলৈ কাষত কোনো নাথাকাত এই কবিতাফাঁকিৰ অৱতাৰণা হৈছে।
ধনবৰে সঁচা আৰু পবিত্ৰ অন্তৰেৰে ভাল পোৱা, নিজৰ হৃদয়ত নিগাজিকৈ ঠাই দিয়া ৰতনীয়ে ধনবৰৰ প্ৰেমৰ মূল্য নিদি মাক-বাপেকৰ সৈতে ধনশিৰিমুখলৈ উভতি যায়। ৰতনী গুচি যোৱাৰ পিছত ধনবৰৰ হৃদয় ভাঙি থানবান হয় আৰু মন শূন্য তথা উকা হৈ পৰে। তাৰ বিষাদভৰা মনক সান্ত্বনা দিবলৈ কাষত কোনো নাথাকে। তাৰ লগত থকা ৰতনী বহু দূৰলৈ গুচি যোৱাত ধনবৰ অসহায় আৰু নিৰূপায় হৈ পৰে। সেইবাবেই সি অকলশৰে লুইতৰ পাৰত বহি মনৰ গভীৰ শোকত বিলাপ কৰিবলৈ ধৰে। ৰতনীৰ অনুপস্থিতিত ধনবৰ কিমান শোক-বিহ্বল হৈ পৰিছে, সেই কথাই এই কবিতাফাঁকিৰ জৰিয়তে হৃদয়স্পৰ্শীভাৱে প্ৰকাশ পাইছে।
অতিৰিক্ত প্ৰশ্নঃ
১। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম হল- ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি’, ‘কৃপাবৰ বৰুৱাৰ উভতনি’, ‘বৰবৰুৱাৰ বুলনি’।
২। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ কৃপাবৰ বৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম হল- ‘সুৰভি’, ‘সাধুকথাৰ কুঁকি’, ‘জোনবিৰি’, ‘কেঁহোকলি’।
৩। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি লৰা’, ‘জুনুকা’ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি।
৪। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখন হল- ‘দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত’, ‘শ্ৰী শ্ৰী শংকৰদেৱ’, ‘মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ’।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ কেইখনৰ নাম লিখা ৷
উত্তৰঃ ‘The Religion of Love and Devotion’ ‘শ্রীকৃষ্ণকথা’, ‘কামত কৃতিত্ব লভিবৰ সংকেত’, ‘ভাগৱত কথা’ লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্ৰন্থ।
৬। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল? এই অধিৱেশন ক’ত হৈছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ১৯২৪ চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল। এই অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল।