অসমৰ পুৰণি খেল-ধেমালি
ক) অতি চমু প্ৰশ্ন।
১। ‘বিহু’ আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘বিহু আকৌ আহিল’ গ্ৰন্থখন হেম বৰগােহাঞিয়ে ৰচনা কৰিছিল।
২। প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ প্রথম আহোম ৰজাজনৰ নাম আছিল চ্যুকাফা।
৩। ক্ৰীড়া কি?
উত্তৰঃ ক্রীড়া মানে খেল-ধেমালি, আমোদ-প্রমোদ আৰু শাৰীৰিক বিকাশৰ এক মাধ্যম।
৪। বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?
উত্তৰঃ বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি আখ্যা দিয়া হৈছিল- ছু-চু।
৫। চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?
উত্তৰঃ চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কণী যুঁজ, কড়ি-যুঁজ আদি খেলৰ প্ৰচলন আছিল।
খ) চমু প্ৰশ্ন।
১। ঢোপ খেলৰ প্ৰচলন ক’ত,কেনেকৈ হৈছিল বৰ্ণনা কৰা৷
উত্তৰঃ ঢোপ খেলৰ প্ৰচলন প্ৰথমে কেতিয়া, ক’ত আৰু কেনেদৰে হৈছিল সেই বিষয়ে নিশ্চিত তথ্য পোৱা নাযায়। এই খেলৰ জন্ম সম্পৰ্কে স্পষ্ট তথ্য নথকাৰ বাবে কোনেও নিশ্চিতভাৱে ক’ব নোৱাৰে। তথাপি আহোম যুগত ঢোপ খেল বিশেষভাৱে জনপ্ৰিয় আছিল বুলি জনা যায়। ইংৰাজ ৰাজত্বৰ শেষছোৱাত তেজপুৰৰ পৰা প্ৰায় আঠ কিলোমিটাৰ দূৰৰ ঢেকেৰীপাৰ নামৰ বৃহৎ বাকৰিত এই খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল। পিছলৈ কোকৰাঝাৰৰ বিনোদ ব্ৰহ্ম নামৰ এজন খেলুৱৈয়ে ঢোপ খেলক পুনৰ জনপ্ৰিয় কৰাৰ চেষ্টা কৰিছিল যদিও সেই প্ৰচেষ্টা বিশেষ সফল নহ’ল।
২। বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ কি কি?
উত্তৰঃ বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ হল : কুকুৰা যুঁজ, টাংগুটি, মুঠি ভটা, বাঘবােল, মংগল পাঠা, হাতবল, বৈঠাবল, গন্ধহাউ, লালী, ফুর্তি বাগোল্লা, হাফলা, ঘলা, ৰছী টনা, কধৰা টনা, তিনিঠেঙীয়া দৌৰ, টেকেলী ভঙা, থাটি কপটি আদি।
৩। ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা৷
উত্তৰঃ ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম হৈছে- মহ যুঁজ,বাঘ-ভালুকৰ যুঁজ, হাতী যুঁজ আদি।
৪। ইণ্ডিজেনাছ গেমছ কোনে, ক’ত,কেতিয়া অনুষ্ঠিত কৰিছিল?
উত্তৰঃ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত ১৯৮৯ চনত ইন্ডিজেনাছ গেমছ অনুষ্ঠিত কৰিছিল।
৫। ‘ফুলতী-মালতী’ খেল কিদৰে খেলা হয়,পাঠৰ আধাৰত লিখা৷
উত্তৰঃ ‘ফুল-ফুলতী’ খেল অসমীয়া সমাজ জীৱনত যথেষ্ট সমাদৃত এবিধ লোকখেল। এই খেল সাধাৰণতে ছোৱালীসকলেই খেলে। এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয়। প্ৰতিটো শাৰীত সমান সংখ্যক গুটি ৰাখিব লাগে আৰু গুটিৰ মাজৰ ব্যৱধানো সমান হ’ব লাগে। ইয়াৰ পাছত প্ৰতিজন অংশগ্ৰহণকাৰীয়ে গুটিৰ চাৰিওফালে এটা বৃত্ত আঁকিব লাগে। বৃত্ত আঁকোতে কোনো খেলুৱৈয়ে যদি গুটি স্পৰ্শ কৰে, তেন্তে তেওঁক খেলৰ পৰা বাহিৰ হোৱা বুলি গণ্য কৰা হয়। এইদৰে ফুল-ফুলতী খেল খেলা হয়।
গ) দীঘল প্ৰশ্ন।
১। আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল?তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল,তাৰ এটি চমু বৰ্ণনা দিয়া৷
উত্তৰঃ আহোম যুগত অসমত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ খেলৰ প্ৰতি গভীৰ আগ্ৰহ আৰু মোহ আছিল। তেখেতে ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি সাঁতোৰসহ বিভিন্ন জলক্ৰীড়াৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল। খেল উপভোগ আৰু আয়োজনৰ সুবিধাৰ বাবে ৰংঘৰৰ দৰে পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মাণ কৰাইছিল, যিবোৰ ১৫–১৬ হাতৰ শালকাঠৰ খুঁটাৰে তৈয়াৰ কৰা হৈছিল। তেখেতে ক্ৰীড়া বিকাশৰ বাবে বিভিন্ন পৰ্যায়ত বিষয়া নিযুক্তি দিয়াৰ লগতে প্রশিক্ষণশালা গঢ়ি তুলিছিল। সেই সময়ত ৰাজঅভিষেক বা ৰাজপৰিয়ালত পুত্ৰ সন্তানৰ জন্ম উপলক্ষে এসপ্তাহজুৰি ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰা হৈছিল। এই সকলো পদক্ষেপৰ জৰিয়তে স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমত ক্ৰীড়াৰ ব্যাপক উন্নতি আৰু পৃষ্ঠপোষকতা আগবঢ়াইছিল।
২। অসমৰ কড়ি খেলৰ বিষয়ে এটি প্ৰবাদ আছে তাৰ এটি চমু বিৱৰণ দিয়া৷
উত্তৰঃ কড়ি খেল অসমৰ এবিধ পৰম্পৰাগত গ্রামীণ খেল, য’ত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। এই খেল সাধাৰণতে মাঘ আৰু ব’হাগ বিহুৰ সময়ত, বিশেষকৈ ৰঙালী বিহুত অধিক জনপ্ৰিয়। লোকবিশ্বাস অনুসাৰে কড়ি খেলক প্ৰজননৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। কড়ি খেলত যদি কোনো পুৰুষৰ কড়ি ফুটে, তেন্তে তেওঁৰ ভাগ্যোদয় হয় বুলি বিশ্বাস কৰা হয় আৰু অবিবাহিতজনে জিকিলে শীঘ্ৰে বিবাহৰ যোগ মিলে বুলিও কোৱা হয়। অসমীয়া বিবাহ পৰম্পৰাত দৰা-কইনাৰ মাজত কড়ি খেলাৰ প্ৰথাও প্ৰচলিত আছিল, য’ত যিজনে জিকে তেওঁক সংসাৰ চলোৱাত পটু বুলি ধৰা হয়। কোনো কোনো অঞ্চলত সন্তান জন্মৰ আগতে ল’ৰা নে ছোৱালী জন্ম হ’ব সেইটো অনুমান কৰিবলৈও কড়ি খেলাৰ নিয়ম দেখা যায়। লগতে লোকসমাজত প্ৰচলিত প্ৰবাদ অনুসাৰে মাঘ বিহুত কড়ি খেলিলে ধন-সম্পত্তি বৃদ্ধি হয় আৰু ব’হাগ বিহুত কড়ি খেলিলে ধান খেতি ভাল হয় বুলি বিশ্বাস কৰা হয়। সাধাৰণতে এই খেল চাৰিজন খেলুৱৈয়ে একেলগে বা দুটা দলত ভাগ হৈ খেলে, যাৰ ফলত খেলুৱৈসকলৰ মাজত আন্তৰিকতা, সৌহাৰ্দ্য আৰু সামাজিক একাত্মতাৰ ভাৱ বৃদ্ধি পায়।
৩। পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল?
উত্তৰঃ অসমীয়াৰ জাতীয় জীৱনৰ সৈতে ক্ৰীড়াৰ এক দীঘলীয়া ঐতিহাসিক সম্পৰ্ক আছে। পুৰণি কালৰে পৰা বিহুৰ আনন্দ-উল্লাসৰ লগত নানান ধৰণৰ খেল-ক্ৰীড়া অনুষ্ঠিত কৰাটো এক পৰম্পৰা হিচাপে চলি আহিছে। বিহুৰ আনন্দত মতলীয়া কণী যুঁজাৰুসকলৰ কণী যুঁজ খেল আজিও প্ৰচলিত। পুৰণি সময়ত বৰ্তমানৰ দৰে ক্ৰিকেট বা ফুটবল নাছিল; সেই সময়ত মহ যুঁজ, মাল যুঁজ, দৌৰা, তৰোৱাল খেল, শেন মেলা, ঘোঁৰা দৌৰ, কাঁড় খেল আদি খেল অনুষ্ঠিত হৈছিল। ৰংঘৰৰ সন্মুখত হাতী যুঁজ, বাঘ-ভালুকৰ যুঁজ, ঠাই বিশেষে বুলবুলি চৰাইৰ যুঁজ আৰু কড়ি যুঁজো বিহুৰ সময়ত খেলা হৈছিল। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিহু উপলক্ষে হাউ খেল, ঢোপ খেল, টাংগুটি, ঘিলা খেল, লুকা-ভাকু, বুন্দিয়া হাউ, কড়ি খেল, নাও খেল আদি বহুতো লোকখেল অনুষ্ঠিত হৈছিল। সাহিত্যিক হেম বৰগোঁইদেৱে ‘বিহু আকৌ আহিল’ গ্ৰন্থত এই পৰম্পৰাৰ উল্লেখ কৰি শিৱসাগৰৰ বিভিন্ন অঞ্চল আৰু হাজোত বিহু উপলক্ষে কণী যুঁজ, ম’হ যুঁজ, কড়ি যুঁজ, বুলবুলি যুঁজ আদি খেল অনুষ্ঠিত হোৱাৰ কথা বৰ্ণনা কৰিছে। এই সকলোবোৰে প্ৰমাণ কৰে যে বিহু আৰু অসমীয়া সমাজ জীৱনৰ সৈতে খেল-ক্ৰীড়াৰ সম্পৰ্ক অতি গভীৰ আৰু ঐতিহাসিক।
৪। আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি?এই খেল সম্পৰ্কে চমুকৈ লিখা৷
উত্তৰঃ আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলসমূহৰ ভিতৰত শেন মেলা (শেন আৰু কণুৱাৰ খেল) আৰু ম’হ যুঁজ উল্লেখযোগ্য আছিল। শেন মেলাই আহোম যুগৰ ৰজা-প্ৰজা সকলোকে বিশেষভাৱে আমোদ দিছিল। এই খেলৰ বাবে ছয়–সাতখন পথাৰ জুৰি থকা মুকলি স্থানত ‘চৰাইচোং’ স্থাপন কৰা হৈছিল। খেলৰ কেইবাদিন আগৰ পৰা কণুৱা চৰাই ধৰি চৰাইচোঙত মাছ খুৱাই ৰাখিছিল। খেলৰ দিনা কণুৱা চৰাইক ভয় খুৱাই আকাশলৈ উৰুৱা হ’লে, আগৰে পৰা প্ৰশিক্ষণ দিয়া শেনবোৰ মেলি দিয়া হৈছিল। শেনবোৰে কণুৱা চৰাইৰ জাকত সোমাই যুঁজ কৰি কণুৱাক বধ কৰি আকাশত অভিনৱ ভংগীমাৰে উৰি তললৈ নামি অহাৰ দৃশ্য উপভোগ কৰি ৰাইজে অপাৰ আনন্দ লাভ কৰিছিল। এই খেলত কৃতিত্ব দেখুওৱা শেনৰ গৰাকীক বঁটা দিয়াৰ ব্যৱস্থাও আছিল।
ইয়াৰ উপৰিও আহোম যুগত ম’হ যুঁজ খেলো অতি জনপ্ৰিয় আছিল। এই খেল আজিও মৰিগাঁও জিলাৰ আহঁতগুৰিত মাঘ বিহুৰ সময়ত—আয়োজন কৰা হয়। ম’হ যুঁজত কোনো কঠোৰ নিয়ম নাথাকে, কিন্তু বিজয়ী ম’হৰ গৰাকীলৈ ই গৌৰৱ আৰু আত্মসম্মানৰ বিষয় বুলি গণ্য কৰা হয়। যুঁজৰ বহুদিন আগৰ পৰা যুঁজাৰু ম’হক বিশেষ যত্ন লোৱা হয়, খাদ্য় পাতি যোগানত গুৰুত্ব দিয়া হয়। খেলৰ দিনা পথাৰত দুটা ম’হ এৰি দিয়া হয় আৰু যেতিয়ালৈকে কোনো এটা ম’হ পিছুৱা নিদিয়ে, তেতিয়ালৈকে যুঁজ চলি থাকে। এইদৰে শেন মেলা আৰু ম’হ যুঁজ আহোম যুগৰ ক্ৰীড়া সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ আছিল।
৫। ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত? খেলবিধ সম্পৰ্কে চমুকৈ লিখা৷
উত্তৰঃ ঢেমনা অনা খেল অসমৰ বৰপেটা অঞ্চলত প্ৰচলিত এবিধ ঐতিহ্যমণ্ডিত থলুৱা খেল। এই খেল কোনে, ক’ত বা কেতিয়া আৰম্ভ কৰিছিল তাৰ নিৰ্দিষ্ট তথ্য পোৱা নাযায়। সাধাৰণতে এই খেল শীতকালত অনুষ্ঠিত কৰা হয়।
এই খেল দুটা দলৰ মাজত খেলা হয়। প্ৰতিটো দলত সাধাৰণতে চাৰিজনৰ পৰা ১০ জন বা ততোধিক খেলুৱৈ থাকে। খেলৰ সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয় আৰু আহল-বহল মুকলি ঠাইত খেল অনুষ্ঠিত হয়। খেল আৰম্ভ হ’লে এটা দলে বলটো জোৰেৰে ওপৰলৈ দলিয়ায় আৰু আন দলে সেই বলটো শূন্যতেই ধৰিব লাগে। যি দলে প্ৰথমে বল ধৰে, সেই দলৰ এজন খেলুৱৈ মধ্যবৃত্তত থিয় হয়। বিপক্ষ দলৰ খেলুৱৈয়ে বলটো মধ্যবৃত্তত থকা খেলুৱৈজনলৈ উদ্দেশ্য কৰি দলিয়ায়। যদি বলটো তেওঁৰ গাত লাগে, তেন্তে তেওঁক ‘ঢেমনা’ আখ্যা দি বিপক্ষ দললৈ অনা হয়। এইদৰে দুয়ো দলে পালাক্ৰমে খেলি অধিক সংখ্যক ঢেমনা আনিব পৰা দলটোক বিজয়ী ঘোষণা কৰা হয়।
এইদৰে ঢেমনা অনা খেল বৰপেটা অঞ্চলৰ লোকসমাজত অতীতত বিশেষভাৱে জনপ্ৰিয় আছিল।
অতিৰিক্ত প্ৰশ্নঃ
১। বিশ্বৰ সবাতােকৈ জনপ্রিয় খেল কি?
উত্তৰঃ ফুট বল।
২। ছু-চু কোন দেশৰ খেল।
উত্তৰঃ চীন দেশৰ।
৩। কণী যুঁজ সম্পর্কে বিস্তৃত আলােচনা কৰা গ্রন্থখনৰ নাম কি ?
উত্তৰঃ কণী যুঁজ সম্পর্কে বিস্তৃত আলােচনা থকা গ্ৰন্থখনৰ নাম হ’ল ‘বিহু আকৌ আহিল’।
৪। খেল ধেমালিৰ বিষয়ে যতীন বৰুৱাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ বিহু উৎসৱৰ খেলা-ধূলা ।
৫। অসমৰ খেল-ধেমালি আৰু সংস্কৃতিৰ ওপৰত পৰাগধৰ চলিহাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ Aspects of Assamese Culture.
৬। অকল ছােৱালীসকলে খেলা এবিধ খেলৰ নাম লিখা।
উত্তৰঃ ফুল-ফুলতী ।
৭। এচিয়া মহাদেশৰ প্রথম স্পৰ্টচ পেভিলিয়ন কোনটো?
উত্তৰঃ শিৱসাগৰৰ ৰংঘৰ।
৮। চৰাইচোং কি ?
উত্তৰঃ চৰাইচোং হ’ল- ছয়-সাতখন পথাৰৰ মুকলি অঞ্চল।
৯। ম’হ যুঁজ কেতিয়া অনুষ্ঠিত হয় ?
উত্তৰঃ মাঘ বিহুৰ সময়ত।
১০। শিৱসাগৰৰ ৰংঘৰটো কোনে কাক বিক্রী কৰিছিল ?
উত্তৰঃ ইংৰাজসকলে ৰংঘৰটো ১৩০০ টকাত স্থানীয় লােক এজনৰ ওচৰত বিক্ৰী কৰিছিল।