(ক) অতি চমু প্ৰশ্ন।
১। এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল?
উত্তৰঃ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই বতাহ আৰু পানী প্রতিৰোধী জেকেট আৰু ট্রাওজাৰ পৰিধান কৰিছিল।
২। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উত্তৰঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা ১৮,০০০ ৰ ফুট উচ্চতাত অৱস্থিত
৩। অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?
উত্তৰঃ অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম খুমফুআইচ ফল
৪। নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউণ্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়?
উত্তৰঃ নেপালী সকলৰ জনবিশ্বাসমতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি ‘পু’মৰি শিখৰ ক জানা যায়।
৫। লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়?
উত্তৰঃ লেখক তথা তেওঁৰ সতীর্থই মানস বৰুৱাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিজান চলায়।
(খ) চমু প্ৰশ্ন।
১। হিমানী সম্প্ৰপাতৰ প্ৰলয়ংকৰী ৰূপক প্ৰতিহত কৰি ‘অসম এভাৰেষ্ট অভিযান’ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল?
উত্তৰঃ হিমানী সম্প্রপাতৰ প্রলয়ংকাৰী ধুমুহা অহাৰ পৰিস্থিতিত নিজক মৃত্যুৰ পৰা বচাবলৈ ‘অসম এভাৰেষ্ট অভিযানৰ’ ৯ জনীয়া দলটোয়ে গোলাকাৰ ভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভাঁজ কৰি, অলপ চাপৰি ৰ’ল, যাতে বৰফৰ ধুমুহাটোৱে তেওঁলোকক উৰুৱাই নিব নোৱাৰে।
২। দ্ৰুতবেগী হিমানী সম্প্ৰপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰৰ আছিল?
উত্তৰঃ দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী আছিল চীন দেশৰ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ।
৩/’KHUMBO ICE FALl’ বুলিলে কি বুজা?
উত্তৰঃ খুম্বু হিমবাহৰ পৰা উদ্ভৱ হোৱা বৰফৰ নদীখন ভাঙি খণ্ড-বিখণ্ড হোৱাৰ ফলত স্তূপীকৃত বৰফৰ অসংখ্য প্ৰাচীৰ গঠিত হৈছে। এই স্তূপীকৃত বৰফৰ বিশাল প্ৰাচীৰসমূহক ‘KHUMBU ICE FALL’ বুলি জনা যায়।
৪। কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্ৰেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউণ্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল?
উত্তৰঃ পর্বতাৰােহী নেছিম আখতাৰ বাইটীৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ এক ট্রেকিং অভিযানত অংশ লওঁতে লেখক প্রণয় বৰদলৈৰ মনত এভাৰেষ্ট আৰােহণৰ সপােন ৰােপিত হৈছিল।
৫। প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?
উত্তৰঃ তৰুণ শইকীয়া আৰু মনিষ ডেকা আছিল দুজন প্রথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী।
(খ) দীঘল প্ৰশ্ন।
১। লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্ৰপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল?
উত্তৰঃ লেখক তথা তেওঁৰ সতীৰ্থসকলৰ অনুশীলনৰ অন্তিম পৰ্যায়ত হঠাৎ বৰফৰ পৃষ্ঠভাগত গুমগুমনি শব্দ আৰু তীব্ৰ জোকাৰণি অনুভৱ হয়। এই জোকাৰণি প্ৰায় দুমিনিট ধৰি চলি আছিল আৰু সেয়া এক প্ৰবল ভূমিকম্প আছিল। ভূমিকম্প আৰম্ভ হোৱাৰ লগে লগে দলটোৰ সকলো সদস্য আৰু শ্বেৰ্পাসকলে একে ঠাইত গোট খাই আত্মৰক্ষাৰ চেষ্টা কৰে। তেনে অৱস্থাত কাষৰ পাহাৰৰ ওপৰৰ পৰা প্ৰচণ্ড শব্দ কৰি নাপচে শিখৰৰ ফালৰ পৰা এটা ভয়ংকৰ এভালেন্স নামি আহে। লগতে দাঁতিকাষৰীয়া শিখৰত জমা হৈ থকা বৰফখণ্ডো ভূমিকম্পৰ জোকাৰণিত তললৈ খহি পৰে। ইয়াৰ কিছুক্ষণ পিছতেই এক ভয়ংকৰ বিস্ফোৰণ সদৃশ শব্দ হয়। পিছলৈ ঘূৰি চাই লেখকে বেছ কেম্পৰ পৰা প্ৰায় ২–৩ কিলোমিটাৰ দূৰত অৱস্থিত পু’মৰি শিখৰৰ পৰা এক বিশাল বৰফখণ্ড গতি লৈ নামি অহা দেখা পায়। সেই বৰফখণ্ডে অতি দ্রুত গতিত, মাথো ৭–৮ ছেকেণ্ডমানৰ ভিতৰতে, তেওঁলোকৰ বেছ কেম্পত আঘাত কৰে। ফলস্বৰূপে কেম্পত থকা টেণ্টসমূহ কাগজৰ দৰে উৰি বহু দূৰলৈ ছিটিকি যায়। সেই ভয়ংকৰ দৃশ্য দলটোৱে অসহায়ভাৱে চাই থাকিবলৈ বাধ্য হয়।
তাৰ লগে লগে মৃত্যু দূতৰ দৰে সেই এভালেন্স দলটো থকা স্থানৰ ফালে ধাৱমান হয়। মৃত্যুৰ সম্ভাৱনা অনিবার্য বুলি ভাবি দলটোৰ সকলো সদস্যই গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠু অলপ ভাঁজ কৰি তথাকথিত ‘এভালেন্স পজিশ্যন’ লৈ সাৱধানতা অৱলম্বন কৰে, যাতে টেণ্টবোৰৰ দৰে তেওঁলোককো উৰুৱাই নিব নোৱাৰে। কিছু ক্ষণৰ ভিতৰতে সেই ভয়ংকৰ এভালেন্স তেওঁলোকৰ মূৰৰ ওপৰেদি পাৰ হৈ যায় আৰু এভালেন্সে কঢ়িয়াই অনা বৰফে সকলোকে সম্পূৰ্ণৰূপে পুতি পেলায়। বৰফত পোত যোৱাৰ ফলত উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল যদিও অলপ পিছতে তেওঁলোকে বৰফৰ মাজৰ পৰা মূৰ উলিয়াই থিয় হ’বলৈ সক্ষম হয়। সৌভাগ্যক্রমে, এই ভয়ংকৰ বিপদৰ মাজতো দলটোৰ আটাইকেইজন সদস্যৰ প্ৰাণ ৰক্ষা পৰে।
২। হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?
উত্তৰঃ হিমানী সম্প্রপাতৰ ভয়ংকৰ কৱলৰ পৰা কোনোমতে ৰক্ষা পাই অভিযানকাৰী দলটোৱে নিজৰ বেছ কেম্পলৈ উভতি আহে। কেম্পত উপস্থিত হৈ তেওঁলোকে এক শোকাবহ আৰু বিধ্বস্ত দৃশ্য দেখিবলৈ পায়। প্ৰচণ্ড গতিৰে অহা হিমানী সম্প্রপাতে মাথো কেই ছেকেণ্ডমানৰ ভিতৰতে সমগ্ৰ বেছ কেম্প এলেকা থানবান কৰি পেলাইছিল। দলটোৰ বেছ কেম্পত পতা প্ৰায় ১০টা টেণ্টৰ ভিতৰত ৭ টা মান টেণ্ট বহু দূৰলৈ উৰুৱাই নি বৰফৰ তলত পুতি পেলাইছিল।
এই ভয়ংকৰ দুৰ্ঘটনাত আন দুটা আন্তর্জাতিক অভিযানকাৰী দলৰ সৈতে অহা দুজন চিকিৎসকসহ কেইবাজনো বিদেশী পর্বতাৰোহী আৰু শ্বেৰ্পাই প্ৰাণ হেৰুৱায়। ঘটনাস্থলীত প্ৰায় ২০ গৰাকী পর্বতাৰোহীৰ মৃত্যু হয় আৰু ৫০ জনতকৈ অধিক অভিযানকাৰী গুৰুতৰভাৱে আহত হয়। মৃতদেহসমূহ বেছ কেম্পৰ ওচৰৰ শিবিৰ এলেকাত পৰি আছিল। দলটোৰ সকলো খাদ্যসামগ্ৰী আৰু অত্যাৱশ্যকীয় আহিলা-পাতি সম্পূৰ্ণৰূপে নষ্ট হৈ যায়।
লেখকৰ বেছ কেম্পৰ মেনেজাৰ শৈলেন আৰু অমৰ সেই সময়ত বেছ কেম্পতেই আছিল যদিও পুৱা প্ৰায় ১১ বজাত অনুশীলনকাৰী দলটোক চাহ দিবলৈ বাহিৰলৈ ওলাই যোৱাৰ বাবে তেওঁলোক এই ধ্বংসযজ্ঞৰ পৰা ৰক্ষা পৰে। বেছ কেম্পত উপস্থিত হৈ দলটোৰ চিকিৎসক জগদীশ বসুমতাৰীয়ে তৎক্ষণাৎ আহতসকলৰ চিকিৎসাত মনোনিৱেশ কৰে। আন সদস্যসকলে বৰফে উৰুৱাই নিয়া টেণ্টসমূহ উদ্ধাৰ কৰি ওচৰতে তিৰপাল পাৰি অস্থায়ী ব্যৱস্থা কৰে। পৰিস্থিতিৰ ভয়াৱহতা আৰু ব্যাপক ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি অভিযানকাৰী দলটোৱে ততাতৈয়াকৈ অভিযান সমাপ্ত কৰি উভতি আহিবলৈ সিদ্ধান্ত লয়।
৩। এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল?
উত্তৰঃ এভাৰেষ্ট অভিযানৰ সংশয়পূৰ্ণ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা এটা ঘটনাৰ উল্লেখ আছে। অভিযান আৰম্ভ হোৱাৰ প্ৰায় বিশ দিনমান ধৰি দলটোৱে মাছৰ আঞ্জা খাবলৈ পোৱা নাছিল। সেই অভাৱ পূৰণ কৰিবলৈ বেছ কেম্পৰ মেনেজাৰ অমৰ ডেকাই দুদিনমানৰ প্ৰস্তুতি কৰি কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে মাছ অনাৰ ব্যৱস্থা কৰে। দলটোৰ লগত থকা ৰান্ধনিৰ জৰিয়তে থেকেৰাৰে মাছৰ টেঙা ৰান্ধিবলৈও বিশেষ ব্যৱস্থা কৰা হয়। অনুশীলনৰ পৰা উভতি আহি দুপৰীয়াৰ আহাৰত মাছৰ টেঙাৰে ভাত এসাজ পেটপুৰাই খোৱাৰ আশাত অভিযানকাৰী দলটোয়ে জলপান খাই আনন্দেৰে ওলাই গৈছিল।
কিন্তু সেই আশাত হঠাৎয়ে চেঁচা পানী পেলাই হিমানী সম্প্রপাত আহে। প্ৰচণ্ড শক্তিশালী বৰফৰ সেই দৈত্যই তেওঁলোকৰ আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ আৰু ডাইনিং টেণ্টো উৰুৱাই নি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়। ফলস্বৰূপে খাদ্যসামগ্ৰীৰ লগতে কাঠমাণ্ডুৰ পৰা বিশেষভাৱে অনা মাছৰ টেঙাৰ আঞ্জাও সম্পূৰ্ণৰূপে নষ্ট হয়। অতদিনৰ মূৰত জুতি লগাই মাছৰ আঞ্জা খোৱাৰ আশা মুহূৰ্ততে হেৰাই যায়। এই ভয়ংকৰ আৰু শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজতো মাছৰ টেঙা নষ্ট হোৱাৰ এই ঘটনাই লেখকৰ মনত হাঁহিৰ খোৰাক জন্মাইছিল।
৪। প্রয়াত পর্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা-কথোপকশনৰ এটি চমুটোকা যুগুত কৰা।
উত্তৰঃ নেছিম আখতাৰ অসমৰ এগৰাকী অভিজ্ঞ আৰু প্ৰখ্যাত পৰ্বতাৰোহী আছিল। তেওঁ বহু কেইটা ট্রেকিং অভিযানৰ সফল নেতৃত্ব দিছিল। ‘এভাৰেষ্ট সপোন আৰু বিভীষিকা’ পাঠটোৰ লেখক প্ৰণয় বৰদলৈয়ে নেছিম আখতাৰৰ নেতৃত্বতেই নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ এক ট্ৰেকিং অভিযানত অংশ লৈছিল। সেই অভিযানত শুভ্ৰ-কীৰিট পৰিহিত শিখৰৰ মাজেৰে এভাৰেষ্ট শৃংগ তেওঁলোকে দেখা পাইছিল। সেই সময়ৰ পৰাই প্ৰণয় বৰদলৈৰ মনত বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত থিয় হৈ তলৰ পৃথিৱী চোৱাৰ গভীৰ আকাঙ্ক্ষা জন্মে।
পৰৱৰ্তী সময়ত তেওঁ আন কেইবাটাও ট্ৰেকিং অভিযানত অংশ ল’লেও এভাৰেষ্ট আৰোহণৰ সুযোগ নাপালে। বয়স বঢ়াৰ লগে লগে এই সপোনো ধীৰে ধীৰে স্তিমিত হৈ পৰিছিল। তেনে সময়তে নেছিম আখতাৰৰ প্ৰেৰণাসূচক মন্তব্যই লেখকক পুনৰ উদ্যমী কৰি তোলে। নেছিম আখতাৰে প্ৰায়ে ক’বলৈ ধৰে— “দেশৰ অন্য প্ৰান্তৰ পৰ্বতাৰোহীয়ে যেতিয়া পাৰিছে, অসমৰ পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষত থিয় হ’ব নোৱাৰিব কিয়?” অসমৰ পৰ্বতাৰোহীক এভাৰেষ্টৰ শীৰ্ষত থিয় কৰোৱাটো নেছিম আখতাৰৰো এটা সপোন আছিল। সেই উদ্দেশ্যে তেওঁ নিজেই প্ৰাক্-এভাৰেষ্ট অভিযানৰ আয়োজন কৰি পদক্ষেপ লৈছিল।
নেছিম আখতাৰৰ এই প্ৰেৰণামূলক কথা আৰু কৰ্মই প্ৰণয় বৰদলৈৰ মনত নতুন উৎসাহ আৰু দৃঢ় সংকল্প জন্মায় আৰু তেওঁ এভাৰেষ্ট জয় কৰাৰ সিদ্ধান্ত লয়। যদিও পৰৱৰ্তী সময়ত নেছিম আখতাৰৰ অকাল বিয়োগ ঘটে, তথাপিও তেওঁৰ অনুপ্ৰেৰণা বুকুত লৈ প্ৰণয় বৰদলৈয়ে আন পৰ্বতাৰোহী দলৰ সৈতে এভাৰেষ্ট অভিযানত অংশ লয়।
৫। ‘অসম এভাৰেষ্ট অভিযান’ দলটিৰ ওভতনি যাত্ৰা কেনেকুৱা আছিল ব্যাখ্যা কৰা৷
উত্তৰঃ হিমানী সম্প্রপাতৰ ফলত আশ্ৰয় আৰু খাদ্যসামগ্ৰীৰ ঘাটত পৰি ‘অসম এভাৰেষ্ট অভিযান’ দলটোৱে অভিযান তাতেই সামৰি ওভতনি যাত্ৰা কৰাৰ সিদ্ধান্ত লয়। কেম্পত থকা টেণ্টসমূহ ছিন্ন-ভিন্ন হৈ পৰাৰ লগতে ৰচদ-পাতি নষ্ট হোৱাত তেওঁলোক ভোক আৰু পিয়াহে জৰ্জৰিত হৈ পৰিছিল। বছৰজোৰা কঠোৰ প্ৰস্তুতি বিফল হোৱাত দলটোৰ সদস্যসকল মানসিকভাৱেও গভীৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
সোনকালেই দলটোৱে বেছ কেম্পৰ শিবিৰ সামৰি লয় আৰু দুৰ্ঘটনাত আহত হোৱা সদস্যসকলক চাঙী বান্ধি দাঙকোলাকৈ তললৈ নমাই আনে। এই ওভতনি যাত্ৰা আছিল অত্যন্ত কষ্টদায়ক আৰু কৰুণ। বাটত তেওঁলোকে দুৰ্ঘটনাত আহতসকলক সতীৰ্থসকলে চাঙীত বহুৱাই তললৈ আনাৰ হৃদয়বিদাৰক দৃশ্যো প্রত্যক্ষ কৰে। সাধাৰণতে এভাৰেষ্ট বেছ কেম্পৰ পৰা লুকলা নামৰ ঠাইলৈ প্ৰায় দহ দিন লাগিলেও তেওঁলোকে ৫–৬ দিনৰ ভিতৰতে এই বাট সম্পূৰ্ণ কৰে।
অত্যন্ত ক্লান্ত আৰু ভাগৰুৱা অৱস্থাত দলটোৱে গোৰখশ্বেপ নামৰ ঠাইত অৱস্থিত এভাৰেষ্ট এলেকাৰ অন্তিমখন পৰ্যটক নিবাসলৈ সন্ধিয়া সময়ত উপস্থিত হয়। তেতিয়াও বৰফ পৰাৰ প্ৰক্ৰিয়া বন্ধ হোৱা নাছিল। অতিশয় অৱসাদগ্ৰস্ত অৱস্থাৰ বাবে তেওঁলোকে টেণ্টত আশ্ৰয় নলৈ পৰ্যটক নিবাসতেই নিশাটো কটাই পিছদিনা পুৱাই আহাৰ গ্ৰহণ কৰে। তাৰ পাছত শাৰীৰিক আৰু মানসিক দুয়োদিশে বিধ্বস্ত হৈ, তিক্ত অভিজ্ঞতা বুকুত লৈ ‘অসম এভাৰেষ্ট অভিযান’ দলটোৱে নামনিমুৱা ওভতনি যাত্ৰা পুনৰ আৰম্ভ কৰে।