অনুশীলনীঃ
1. এখন অৰ্থনীতিৰ মূল সমস্যাসমূহ আলোচনা কৰা।
উত্তৰঃ অৰ্থনীতি হৈছে দ্ৰব্য আৰু সেৱাৰ উৎপাদন, বিনিময় আৰু উপভোগৰ সৈতে জড়িত বিষয়। কিন্তু এখন অৰ্থনীতিত সম্পদসমূহ সীমিত বা দুষ্প্ৰাপ্য আৰু মানুহৰ চাহিদা অসীম। এই দুষ্প্ৰাপ্যতাৰ বাবে প্ৰতিখন সমাজে পছন্দ কৰিব লগা হয়। ইয়াৰ ফলত কিছুমান মৌলিক বা কেন্দ্ৰীয় সমস্যাৰ সৃষ্টি হয়।
অৰ্থনীতিৰ মূল সমস্যাসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—
(ক) কি উৎপাদন কৰা হয় আৰু কিমান পৰিমাণতঃ প্ৰতিখন সমাজে সম্ভাৱনীয় বহুতো দ্ৰব্য আৰু সেৱাৰ প্ৰতিটোৰ কিমান পৰিমাণে উৎপাদন কৰিব নে বিলাসী বেছিকৈ উৎপাদন কৰিব। কৃষিৰ দ্ৰব্য বেছিকৈ লাগিব নে ঔদ্যোগিক সামগ্ৰী আৰু সেৱা বেছিকৈ লাগিব। শিক্ষা আৰু স্বাস্থ্যত বেছিকৈ সম্পদৰ ব্যৱহাৰ কৰিব লাগে নে সামৰিক সেৱা নিৰ্মাণত বেছিকৈ সম্পদৰ ব্যৱহাৰ কৰিব লাগিব। প্ৰাথমিক শিক্ষা বেছিকৈ লাগে নে উচ্চ শিক্ষা বেছি লাগে। উপভোগৰ দ্ৰব্য বেছিকৈ লাগে নে বিনিয়োগৰ দ্ৰব্য যিবোৰে ভৱিষ্যতে উৎপাদন আৰু ভোগ বঢ়াব তেনেকুৱা দ্ৰব্য লাগে।
(খ) এই দ্ৰব্যবোৰ কেনেকৈ উৎপাদন কৰা হয়ঃ বিভিন্ন দ্ৰব্য আৰু সেৱাৰ প্ৰতিটো উৎপাদন কৰোঁতে প্ৰতিখন সমাজে কোনটো সম্পদৰ কিমানখিনি ব্যৱহাৰ কৰিব লাগিব সেই সিদ্ধান্তটো ল’ব লাগিব। বেছিকৈ শ্ৰমিক নে বেছিকৈ যন্ত্ৰপাতি ব্যৱহাৰ কৰা হ’ব। সামগ্ৰীবোৰৰ প্ৰতিটো উৎপাদন কৰোঁতে প্ৰাপ্তব্য উৎপাদন কৌশলৰ কোনটো ব্যৱহাৰ কৰা হ’ব।
(গ) এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হয়ঃ অৰ্থনীতিত উৎপাদিত দ্ৰব্যবোৰৰ কোনে কিমান অংশ পায়? অৰ্থনীতিৰ উৎপাদনখিনি অৰ্থনীতিৰ ব্যক্তিসকলৰ মাজত কেনেদৰে বিতৰণ কৰা হ’ব? কোনে বেছিকৈ পাব আৰু কোনে কমকৈ পাব? অৰ্থনীতিত প্ৰতিজনৰ বাবে ভোগৰ নূন্যতম পৰিমাণ নিশ্চিত কৰিব লাগিব নে নালাগে। অৰ্থনীতিত প্ৰতিজনৰ বাবে প্ৰাথমিক শিক্ষা আৰু বুনিয়াদী স্বাস্থ্য সেৱা বিনামূলীয়াকৈ বন্দৱন্ত কৰিব লাগিব নে নালাগে।
গতিকে, প্ৰতিটো অৰ্থনীতিয়ে দুষ্প্ৰাপ্য সম্পদবোৰ বিভিন্ন সম্ভাৱনীয় দ্ৰব্য আৰু সেৱাৰ উৎপাদনত আবন্টনৰ সমস্যা আৰু উৎপাদিত দ্ৰব্য আৰু সেৱাবোৰ অৰ্থনীতিটোৰ ব্যক্তিসকলৰ মাজত বিতৰণেই হ’ল যিকোনো অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা।
2. এখন অৰ্থনীতিৰ উৎপাদন সম্ভাৱনীয়তা বুলিলে কি বুজা?
উত্তৰঃ এখন অৰ্থনীতিত ব্যক্তি যেনেকৈ সম্পদৰ দুষ্প্ৰাপ্যতাৰ সন্মুখীন হয়, তেনেকৈ সমাজো সামগ্ৰিকভাৱে সীমিত সম্পদৰ ভিতৰত নিজৰ অসীম চাহিদা পূৰণ কৰিব লগা হয়। এই সম্পদবোৰ বিকল্প ব্যৱহাৰযোগ্য, অৰ্থাৎ একেটা সম্পদ বিভিন্ন দ্ৰব্য আৰু সেৱা উৎপাদনত ব্যৱহাৰ কৰিব পাৰি। সেয়েহে, কোন দ্ৰব্যত কিমান সম্পদ ব্যৱহাৰ কৰা হ’ব, সেই সিদ্ধান্ত প্ৰতিখন অৰ্থনীতিয়ে ল’ব লাগে।
সীমিত সম্পদ আৰু নিৰ্দিষ্ট প্ৰযুক্তিৰ সহায়ত বিভিন্ন দ্ৰব্য আৰু সেৱাৰ বিভিন্ন সম্ভৱপৰ সংমিশ্ৰণ উৎপাদন কৰিব পাৰি। এইদৰে, নিৰ্দিষ্ট পৰিমাণৰ সম্পদ আৰু প্ৰযুক্তিৰ জৰিয়তে উৎপাদন কৰিব পৰা সকলো সম্ভৱপৰ দ্ৰব্য আৰু সেৱাৰ সংমিশ্ৰণৰ সংগ্ৰহকেই এখন অৰ্থনীতিৰ উৎপাদন সম্ভাৱনীয়তা বুলি কোৱা হয়।
3. উৎপাদন সম্ভাৱনীয়তা সীমাৰেখা কি?
উত্তৰঃ উৎপাদন সম্ভাৱনীয়তা সীমাৰেখা হৈছে এনে এখন ৰেখা যিয়ে এখন অৰ্থনীতিয়ে নিজৰ নিৰ্দিষ্ট সম্পদ আৰু প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰিব পৰা দুটা দ্ৰব্যৰ সৰ্বোচ্চ সম্ভৱপৰ সংমিশ্ৰণ দেখুৱায়। এই ৰেখাডালত থকা প্ৰতিটো বিন্দুৱে সম্পদবোৰ পূৰ্ণভাবে ব্যৱহাৰ কৰি উৎপাদন কৰিব পৰা সংমিশ্ৰণ প্ৰতিনিধিত্ব কৰে। ৰেখাডালৰ তলত থকা বিন্দুৱে সম্পদৰ অপূৰ্ণ ব্যৱহাৰ বা অপচয় বুজায়, আনহাতে ৰেখাডালৰ বাহিৰত থকা বিন্দুসমূহ উপলব্ধ সম্পদ আৰু প্ৰযুক্তিৰে সম্ভৱ নহয়। সেয়েহে, উৎপাদন সম্ভাৱনীয়তা সীমাৰেখাই এখন অৰ্থনীতিত সম্পদৰ সৰ্বোত্তম ব্যৱহাৰৰ সীমা দেখুৱায়।
4. অৰ্থনীতিৰ বিষয়বস্তু আলোচনা কৰা।
উত্তৰঃ পৰম্পৰাগতভাবে অৰ্থনীতিৰ বিষয়বস্তু দুটা প্ৰধান শাখাত বিভক্ত কৰা হয়—ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি। ব্যষ্টিবাদী অৰ্থনীতিত ব্যক্তিগত অৰ্থনৈতিক একক যেনে ভোক্তা, উৎপাদক আৰু প্ৰতিষ্ঠানসমূহৰ আচৰণ অধ্যয়ন কৰা হয়। ইয়াত বিভিন্ন দ্ৰব্য আৰু সেৱাৰ বজাৰত চাহিদা আৰু যোগানৰ ভিত্তিত দাম আৰু পৰিমাণ কেনেদৰে নিৰ্ধাৰণ হয়, সেই বিষয়ে ব্যাখ্যা কৰা হয়। অৰ্থাৎ, ব্যষ্টিবাদী অৰ্থনীতিয়ে ক্ষুদ্ৰ স্তৰত অৰ্থনৈতিক কাৰ্যকলাপৰ অধ্যয়ন কৰে।
আনহাতে, সমষ্টিবাদী অৰ্থনীতিত অৰ্থনীতিক সামগ্ৰিকভাবে অধ্যয়ন কৰা হয়। ইয়াত মুঠ উৎপাদন, মুঠ আয়, মুঠ নিয়োগ, সৰ্বমুঠ মূল্যস্তৰ আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ সহায়ত অৰ্থনীতিৰ সামগ্ৰিক অৱস্থা, উৎপাদনৰ স্তৰ, নিয়োগৰ অৱস্থা আৰু মূল্যৰ পৰিৱৰ্তন আদিৰ কাৰণসমূহ বুজিবলৈ চেষ্টা কৰা হয়। সেয়েহে, অৰ্থনীতিৰ বিষয়বস্তুত ব্যক্তিগত আৰু সামগ্ৰিক দুয়োটা স্তৰৰ অৰ্থনৈতিক কাৰ্যকলাপৰ অধ্যয়ন অন্তৰ্ভুক্ত থাকে।
5. কেন্দ্ৰীয়ভাবে পৰিকল্পিত অর্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মাজত পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ কেন্দ্ৰীয়ভাবে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মাজত পাৰ্থক্য –
(ক) কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ বিপৰীতে, এটা বজাৰ অৰ্থনীতিত, সকলোবোৰ অৰ্থনৈতিক কাৰ্যকলাপ বজাৰৰ জৰিয়তে সংগঠিত হয়। আনহাতে কেন্দ্ৰীয়ভাবে পৰিকল্পিত অৰ্থনীতিত চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই অৰ্থনীতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্যকলাপ পৰিকল্পনা কৰে।
(খ) কেন্দ্ৰীয়ভাবে পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৃৰ্তৃপক্ষই অৰ্থনীতিৰ আটাইবোৰ গুৰুত্বপূৰ্ণ কাম-কাজ পৰিচালনা কৰে। আনহাতে, বজাৰ অৰ্থনীতিত বজাৰৰ দ্বাৰা আটাইবোৰ অৰ্থনাতিক কামকাজ পৰিচালিত হয়।
6. যথার্থ অর্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণ বুলিলে অৰ্থনীতিত থকা বিভিন্ন অৰ্থনৈতিক প্ৰক্ৰিয়া আৰু ব্যৱস্থাবোৰ কেনেদৰে কাম কৰে, তাৰ বৈজ্ঞানিক আৰু বাস্তৱভিত্তিক অধ্যয়নক বুজায়। অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ সমাধান কৰিবলৈ বিভিন্ন বিকল্প প্ৰক্ৰিয়া থাকে আৰু এই প্ৰক্ৰিয়াবোৰে সম্পদৰ আবন্টন আৰু উৎপাদনৰ ফলাফল বেলেগ বেলেগ ধৰণে প্ৰভাৱিত কৰে। যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণত এই প্ৰক্ৰিয়াবোৰৰ কাৰ্যপদ্ধতি, ফলাফল আৰু প্ৰভাৱসমূহ বিশ্লেষণ কৰা হয়।
ইয়াৰ জৰিয়তে আমি বুজিবলৈ চেষ্টা কৰোঁ যে কোনো বিশেষ অৰ্থনৈতিক ব্যৱস্থা বা প্ৰক্ৰিয়াই কেনেদৰে কাম কৰে আৰু সেই প্ৰক্ৰিয়াৰ ফলত অৰ্থনীতিত কেনেধৰণৰ পৰিৱৰ্তন হয়। অৰ্থাৎ, যথাৰ্থ অৰ্থনৈতিক বিশ্লেষণত কোনো অৰ্থনৈতিক ঘটনাৰ বাস্তৱ অৱস্থা আৰু কাৰ্যপ্ৰণালীক বৰ্ণনা আৰু ব্যাখ্যা কৰা হয়, মূল্যায়ন বা মতামত দিয়া নহয়।
7. আদর্শগত অর্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ আদৰ্শগত অৰ্থনৈতিক বিশ্লেষণ বুলিলে অৰ্থনীতিত ব্যৱহৃত বিভিন্ন নীতি আৰু প্ৰক্ৰিয়াবোৰৰ ভিতৰত কোনটো বেছি বাঞ্ছনীয় বা উচিত, তাৰ মূল্যায়নমূলক অধ্যয়নক বুজায়। অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত একাধিক বিকল্প প্ৰক্ৰিয়া থাকে আৰু এইবোৰে সম্পদৰ আবন্টন আৰু উৎপাদনৰ ফলাফল ভিন্ন ধৰণে প্ৰভাৱিত কৰে। আদৰ্শগত বিশ্লেষণত এই প্ৰক্ৰিয়াবোৰৰ ভিতৰত কোনটো সমাজ আৰু অৰ্থনীতিৰ বাবে অধিক উপযোগী বা কল্যাণকৰ, সেইটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা হয়।
অৰ্থাৎ, আদৰ্শগত অৰ্থনৈতিক বিশ্লেষণত কেৱল কোনো ব্যৱস্থাই কেনেদৰে কাম কৰে সেইটো বৰ্ণনা কৰা নহয়, বৰং সেই ব্যৱস্থা উচিত নে অনুচিত, ভাল নে বেয়া, বাঞ্ছনীয় নে অবাঞ্ছনীয়—এইধৰণৰ মূল্যায়ন কৰা হয়। সেয়েহে, কোনো অৰ্থনৈতিক প্ৰক্ৰিয়াৰ কাৰ্যপদ্ধতি বিশ্লেষণৰ সৈতে তাৰ উপযোগিতা আৰু গ্ৰহণযোগ্যতাক বিচাৰ কৰাই আদৰ্শগত অৰ্থনৈতিক বিশ্লেষণৰ মূল লক্ষ্য।
৪. ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য লিখা।
উত্তৰঃ ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য-
(১) ব্যষ্টিবাদী অৰ্থনীতিত আমি বিভিন্ন দ্ৰব্য আৰু সেৱাৰ বজাৰত ব্যক্তিগত অৰ্থনৈতিক প্ৰতিনিধিবোৰৰ আচৰন অধ্যয়ন কৰোঁ। আনহাতে, সমষ্টিবাদী অৰ্থনীতিত আমাৰ মনোযোগ মুঠ উৎপাদন, মুঠ নিয়োগ আৰু সৰ্বমুঠ মূল্যস্তৰৰ নিচিনা সৰ্বমুঠ হিচাববোৰত নিবদ্ধ কৰি অৰ্থনীতিটো সামগ্ৰিকভাবে বুজিবলৈ চেষ্টা কৰোঁ।
(২) ব্যষ্টিবাদী অৰ্থনীতিয়ে বিশেষ উৎপাদন প্ৰতিষ্ঠান, ব্যক্তি, ব্যক্তিগত দান, মজুৰি, আয় আদিৰ বিষয়ে অধ্যয়ন কৰে । আনহাতে, সমষ্টিবাদী অৰ্থনীতিয়ে অৰ্থনীতিৰ সামগ্ৰিক দিশ অধ্যয়ন কৰে ।