উপভোক্তাৰ আচৰণৰ তত্ত্ব
1. উপভোক্তা এজনৰ বাজেট সংহতি বুলিলে কি বুজা?
উত্তৰঃ বাজেট সংহতি হ’ল সকলোবোৰ টোপোলাৰ সংগ্ৰহ যিবিলাক টোপোলা উপভোক্তাজনে তেওঁৰ উপাৰ্জনৰ সামৰ্থ্য অনুসৰি প্ৰচলিত বজাৰ দৰত ক্ৰয় কৰিব পাৰে।
2. বাজেট ৰেখা কি?
উত্তৰঃ বাজেট ৰেখা হ’ল সেইবিলাক টোপোলাৰ দ্বাৰা গঠিত যিবিলাকৰ উপভোগৰ ব্যয় উপভোক্তাজনৰ আয়ৰ ঠিক সমান।
3. বাজেট ৰেখাডাল কিয় নিম্নগামী ঢালযুক্ত হয় তাক বর্ণনা কৰা।
উত্তৰঃ এটা সামগ্ৰী ক্ৰয় কৰিব লাগিলে আনটো সামগ্ৰী হ্ৰাস কৰিব লাগিব।কাৰণ উপভোক্তাৰ আয় আৰু সামগ্ৰী দুটাৰ দাম স্থিৰ থাকিব বুলি ধৰি লোৱা হয়। বাজেট ৰেখাৰ ঢালে বাজেট ৰেখাডালত দ্ৰব্যৰ এক একক পৰিৱৰ্তনৰ কাৰণে দ্ৰব্য কিমান পৰিমানৰ পৰিৱৰ্তন হয় তাক নিৰ্ণয় কৰে।
4. এজন উপভোক্তাই দুটা দ্ৰব্য় উপভোগ কৰিব বিচাৰে। দ্ৰব্য় দুবিধৰ দৰ ক্ৰমে 4 টকা আৰু 5 টকা উপভোক্তাজনৰ আয় 20 টকা।
(i) বাজেট ৰেখাৰ সমীকৰণটো লিখা।
উত্তৰঃ বাজেট ৰেখাৰ সমীকৰণটো হ’ল- 4X + 5Y = 20।
(ii) যদি উপভোক্তাজনে তেওঁৰ সমূহ আয় 1 নং দ্ৰব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পৰিমাণৰ 1 নং দ্রব্য উপভোগ কৰিব পাৰিব?
উত্তৰঃ উপভোক্তাজনে তেওঁৰ সমূহ আয় ১ নং দ্ৰব্যত ব্যয় কৰিলে তেওঁ ৫ একক ১ নং দ্ৰব্য উপভোগ কৰিব পাৰিব।
(ii) যদি উপভোক্তাজনে তেওঁৰ সমূহ আয় 2 নং দ্ৰব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পৰিমাণৰ 2 নং দ্রব্য উপভোগ কৰিব পাৰিব?
উত্তৰঃ উপভোক্তাজনে তেওঁৰ সমূহ আয় ২ নং দ্ৰব্যত ব্যয় কৰিলে তেওঁ ৪ একক ২ নং দ্ৰব্য উপভোগ কৰিব পাৰিব।
(iv) বাজেট ৰেখাডালৰ ঢাল কি হ’ব?
উত্তৰঃ বাজেট ৰেখাৰ ঢাল = – (P₁ ÷ P₂) = – (4 ÷ 5)।
(5) যদি দৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ আয় 40 টকালৈ বৃদ্ধি হয় তেন্তে বাজেট ৰেখাডাল কেনেদৰে পৰিৱৰ্তন হ’ব?
উত্তৰঃ যদি দ্ৰব্য দুবিধৰ দৰ অপৰিবৰ্তিত থাকে কিন্তু উপভোক্তাৰ আয় ২০ টকাৰ পৰা ৪০ টকালৈ বৃদ্ধি পায়, তেন্তে বাজেট ৰেখাডাল সোঁফালে সমান্তৰালভাৱে স্থানান্তৰিত (parallel shift) হ’ব। কাৰণ, দৰ একেই থকাৰ বাবে বাজেট ৰেখাৰ ঢাল (–P₁/P₂) একেই থাকিব, কিন্তু আয় বৃদ্ধি পোৱাৰ বাবে উপভোক্তাই দুয়োটা দ্ৰব্য বেছিকৈ কিনিব পাৰিব।
আগতে বাজেট সমীকৰণ আছিল 4X + 5Y = 20, আয় বৃদ্ধি পোৱাৰ পাছত নতুন সমীকৰণ হ’ব 4X + 5Y = 40। সেয়েহে, বাজেট ৰেখাডাল আগৰ ৰেখাৰ সমান্তৰালভাৱে সোঁফালে সৰি যাব আৰু উপভোক্তাৰ ক্ৰয়ক্ষমতা বৃদ্ধি পোৱা বুজাব।
6. যদি 1 নং দ্ৰব্যৰ দৰ আৰু উপভোক্তাজনৰ আয় অপৰিবৰ্তিত অৱস্থাত 2 নং দ্ৰব্যৰ দৰ এক টকা হ্রাস পায় তেন্তে বাজেট ৰেখাডাল কেনেদৰে পৰিৱৰ্তন হ’ব?
উত্তৰঃ যদি ১ নং দ্ৰব্যৰ দৰ আৰু উপভোক্তাৰ আয় অপৰিবৰ্তিত থাকে, কিন্তু ২ নং দ্ৰব্যৰ দৰ ১ টকা হ্ৰাস পায় (অৰ্থাৎ ৫ টকাৰ পৰা ৪ টকালৈ নামি আহে), তেন্তে বাজেট ৰেখাডাল Y-অক্ষৰ ফালে বাহিৰলৈ ঘূৰি যাব (outward rotation)। কাৰণ ২ নং দ্ৰব্যৰ দৰ কমি যোৱাত উপভোক্তাই একে আয়তে বেছি পৰিমাণৰ ২ নং দ্ৰব্য কিনিব পাৰিব, কিন্তু ১ নং দ্ৰব্যৰ সৰ্বোচ্চ পৰিমাণ একেই থাকিব।
আগতে বাজেট সমীকৰণ আছিল 4X + 5Y = 20, কিন্তু নতুন দৰ অনুসাৰে সমীকৰণ হ’ব 4X + 4Y = 20। ফলত X-অক্ষত বাধা বিন্দু (5 একক) একেই থাকিব, কিন্তু Y-অক্ষত বাধা বিন্দু 4 এককৰ পৰা 5 এককলৈ বৃদ্ধি পাব। সেয়েহে, বাজেট ৰেখাডাল ১ নং দ্ৰব্যৰ বাধা বিন্দুত স্থিৰ থাকি ২ নং দ্ৰব্যৰ দিশে বাহিৰলৈ ঘূৰি যাব।
7. যদি দুয়োবিধ দ্ৰব্যৰ দৰ আৰু আয় দুগুণ কৰি দিয়া হয়, বাজেট সংহতিৰ কি হ’ব?
উত্তৰঃ বাজেট সংহতিৰ একো পৰিৱৰ্তন নহয়।
৪. ধৰা হ’ল যদি এজন উপভোক্তাই তেওঁৰ সমূহ আয় ব্যয় কৰে তেন্তে 1 নং দ্ৰব্যৰ 6 একক আৰু 2 নং দ্ৰব্যৰ ৪ একক ক্ৰয় কৰিব পাৰে। দ্রব্য দুবিধৰ দৰ হ’ল ক্রমে 6 টকা আৰু 8 টকা। উপভোক্তাজনৰ আয় কিমান?
উত্তৰঃ উপভোক্তাজনৰ আয় হ’ব 68 টকা।
10. অপৰিৱর্তনীয় অগ্রাধিকাৰ মানে কি?
উত্তৰঃ যিকোনো দুটা টোপোলাৰ ভিতৰত উপভোক্তাজনে সেইটো টোপোলাক অগ্ৰাধিকাৰ দিয়ে যিটো টোপোলাত আনটো টোপোলাতকৈ কমেও এটা দ্ৰব্য বেছিকৈ থাকে আৰু আনটো দ্ৰব্য কম নাথাকে। তাকে অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰ বুলি কোৱা হয়।