১। বিবিধ পচন্দৰ প্ৰশ্নাৱলী
(i) ‘ভূগোল বিজ্ঞান’ শব্দটো তলত উল্লেখ কৰা পণ্ডিতকেইজনৰ ভিতৰত কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ?
(ক) হিৰোডোটাছ
(খ) ইৰাটোছথেনিছ
(গ) গেলিলিঅ’
(ঘ) এৰিষ্ট’টল
উত্তৰঃ ইৰাটোছথেনিছ।
(ii) তলত উল্লেখ কৰা অৱয়ববোৰৰ ভিতৰত কোনটো ‘প্ৰাকৃতিক অৱয়ব’ ।
(ক) বন্দৰ।
(খ) ৰাস্তা বা পথ।
(গ) সমতল।
(ঘ) পানী পাৰ্ক বা নাও-জাহাজ ৰখা ঠাই।
উত্তৰঃ সমতল।
(iii) দুয়োটা শাৰীৰ পৰা শুদ্ধযোৰ মিলোৱা আৰু তলৰ কেইটাৰ কোনটো শুদ্ধ চিন দিয়া ।
| প্ৰথম শাৰী | দ্বিতীয় শাৰী |
| ১। বতৰ বিজ্ঞান ২। জনভূগোল ৩। সমাজ বিজ্ঞান ৪। মাটিবিজ্ঞান | (ক) জনসংখ্যা ভূগোল (খ) মৃত্তিকা ভূগোল (গ) জলবায়ু বিজ্ঞান (ঘ) সামাজিক ভূগোল |
(ক) ১খ; ২গ; ৩ক; ৪ঘ
(খ) ১ক; ২ঘ; ৩খ; ৪গ
(গ) ১ঘ; ২খ; ৩গ; ৪ক
(ঘ) ১গ, ২ক; ৩ঘ; ৪খ
উত্তৰঃ ১গ, ২ক; ৩ঘ; ৪খ।
(iv) তলৰ প্ৰশ্নবোৰৰ কোনটো কাৰণ আৰু ফলাফলৰ লগত সম্পৰ্কীয় ?
(ক) কিয়
(খ) ক’ত
(গ) কি
(ঘ) কেতিয়া
উত্তৰঃ কিয়।
(v) তলৰ বিষয়বোৰৰ কোনটোৱে সময় লগলগাবলৈ চেষ্টা কৰে?
(ক) সমাজ বিজ্ঞান।
(খ) ভূগোল বিজ্ঞান।
(গ) নৃতত্ব বিজ্ঞান ( Anthropology )।
(ঘ) বুৰঞ্জী বিষয়।
উত্তৰঃ বুৰঞ্জী বিষয়।
২। ৩০ টা শব্দত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(i) তোমাৰ পঢ়াশালিলৈ যাওঁতে কি কি সাংস্কৃতিক অৱয়ব লক্ষ্য কৰিছা ? সেইবোৰ একেধৰণৰ নে বেলেগ বেলেগ ধৰণৰ ? এইবোৰক ভূগোল বিজ্ঞানৰ অন্তৰ্ভুক্ত কৰিব পাৰিনে নোৱাৰি ? যদি পাৰি কিয় ?
উত্তৰঃ ৰৰ পৰা পঢ়াশালীলৈ যাওঁতে ৰাস্তা, ঘৰ, হাট-বজাৰ, যান-বাহন আদি বেলেগ বেলেগ সাংস্কৃতিক অৱয়ব দেখা যায়। এইবোৰ মানৱ ভূগোলৰ অন্তৰ্ভুক্ত, কিয়নো এইবোৰ মানুহে সৃষ্টি কৰে।
(ii) তোমালোকে এটা টেনিছ বল, ক্ৰিকেট বল, কমলা টেঙা আৰু কোমোৰা দেখিছা । এইবোৰৰ ভিতৰত কোনটো পৃথিৱীৰ আকৃতিৰ লগত মিলে ? পৃথিৱীৰ আকৃতি বুজাবলৈ এই নিৰ্দিষ্ট বস্তুটো তুমি কিয় বাচনি কৰিছা ।
উত্তৰঃ আমি দেখা টেনিছ বল, ক্ৰিকেট বল, কমলা টেঙা আৰু কোমোৰাৰ ভিতৰত পৃথিৱীৰ আকৃতিৰ সৈতে সম্পূৰ্ণ নহলেও কিছু পৰিমাণে মিল থকা বস্তুটো কমলা। কমলাৰ মেৰুদণ্ডীয় ব্যাস বিষুৱীয় ব্যাসতকৈ অলপ চুটি। পৃথিৱীখন কক্ষপথত ঘূৰণ কৰাৰ বাবে ইয়াৰ বিষুৱীয় ব্যাস মেৰুদণ্ডীয় ব্যাসতকৈ বেছি হয়। সেয়েহে পৃথিৱীৰ আকৃতি বুজাবলৈ কমলা টেঙা উদাহৰণ হিচাপে লোৱা হয় বুলিও শিক্ষাত ভূগোল বিজ্ঞানত সাধাৰণতে ব্যাখ্যা কৰা হয় এইদৰে স্পষ্ট।
(iii) তুমি তোমাৰ স্কুলত ‘বন মহোৎসৱ’ পালন কৰিছিলানে ? আমি কিয় গছ পুলি ৰুব লাগে গছ-গছনিবোৰে কেনেকৈ পৰিস্থিতিৰ ভাৰসাম্য ৰক্ষা কৰে ?
উত্তৰঃ প্ৰতি বছৰে আমি নিৰ্দিষ্ট সময়ত আমাৰ স্কুলত ‘বন মহোৎসৱ’ পালন কৰি আহিছোঁ। পৃথিৱীত জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ বাসস্থান আৰু কৃষিভূমিৰ প্ৰয়োজন বাঢ়ি গৈছে। এই প্ৰয়োজন পূৰণ কৰিবলৈ যাওঁতে প্ৰাকৃতিক অৰণ্যভূমিৰ পৰিমাণ ক্ৰমে হ্ৰাস পাইছে। অৰণ্যভূমি কমি যোৱাৰ ফলত বিশ্বত বিভিন্ন পৰিৱেশিক সমস্যাই দেখা দিছে। ইয়াৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ আদি উল্লেখযোগ্য। জনসংখ্যা বৃদ্ধিৰ ফলত প্ৰাকৃতিক অৰণ্য ধ্বংস হৈ এই সমস্যাসমূহ সৃষ্টি হৈছে। এই সমস্যাসমূহ ৰোধ আৰু নিৰাময়ৰ একমাত্ৰ উপায় হৈছে গছ-গছনি তথা অৰণ্যভূমিৰ পৰিমাণ বৃদ্ধি কৰা। সেয়েহে আমি সকলোয়ে গছ পুলি ৰুব লাগে। গছ-গছনি বৃদ্ধি পালে জলবায়ু জীৱ-জন্তুৰ অনুকূল হয়, গৰা খহনীয়া ৰোধ হয়, মৰুভূমিৰ প্ৰসাৰ কমে, পৃথিৱী সেউজীয়া হয় আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড কমি অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত পৰিস্থিতিক ভাৰসাম্য অটুট থাকে।
(iv) তোমালোকে হাতী, পহু, কেঁচু, গছ আৰু ঘাঁহ দেখিছা । ইহঁত ক’ত থাকে বা ডাঙৰ-দীঘল হয় । ইহঁত থকা মণ্ডলটোৰ নাম কি ? এই মণ্ডলৰ কেইটামান প্ৰধান বৈশিষ্ট্য (features) বৰ্ণনা কৰিব পাৰিবানে ?
উত্তৰঃ আমি আটায়ে হাতী, পহু, কেঁচু গছ আৰু ঘাঁহ দেখিবলৈ পাইছো। এই আটাইবোৰ জীৱ স্থলভাগত থাকে আৰু প্ৰাকৃতিক ভাৱে ডাঙৰ দীঘল হয়। ওপৰত উল্লেখ কৰা জীৱ বিলাক যিহেতু স্থলভাগৰ থাকে সেয়ে এই মণ্ডলটোক স্থলমণ্ডল বুলিও কব পাৰো নতুবা জীৱ-জীয়াই থকা বা বসবাস কৰা মণ্ডলটােক আমি জীৱমণ্ডল বোলা হয়।
জীৱমণ্ডলৰ কেইটামান বৈশিষ্ট্য হ’ল-
(ক) ই-স্থলভাগ, জলভাগ আৰু বায়ুমণ্ডলক সামৰি গঠিত হৈছে।
(খ) এই মণ্ডলটোত বৃহৎ আকাৰৰ জীৱ থকাৰ উপৰিও বহু সৰু সৰু খলি চকুৰে মনিব নোৱাৰা জীৱৰ বাসস্থল।
(গ) প্ৰাকৃতিক পৰিৱেশৰ ভিন্নতাৰ লগে লগে এই মণ্ডলৰ জীৱ বৈচ্যিত্ৰতা বেলেগ হোৱা পৰিলক্ষিত হয়।
(v) তোমাৰ ঘৰৰ পৰা স্কুল পাওঁতে কিমান সময় লাগে ? তোমাৰ স্কুলখন, তোমাৰ ঘৰৰ পৰা ৰাস্তাৰ সিটো পাৰত অৱস্থিত নেকি ? তোমাৰ ঘৰ আৰু স্কুলৰ মাজত অহা-যোৱা কৰোতে সময় আৰু দূৰত্বৰ সম্পৰ্ক কি ? তুমি সময়ক ঠাইলৈ আৰু ঠাইক সময়লৈ ৰূপান্তৰ কৰিব পাৰানে ?
উত্তৰঃ এই প্ৰশ্নটোৰ উত্তৰ সকলোৰে ক্ষেত্ৰত একে নহয়, কিয়নো সময় আৰু দূৰত্ব ব্যক্তিভেদে বেলেগ বেলেগ হয়। মোৰ ঘৰৰ পৰা স্কুল পাবলৈ প্ৰায় আধা ঘণ্টা সময় লাগে। হয়, মোৰ স্কুলখন ঘৰৰ পৰা ৰাস্তাৰ সিটো পাৰত অৱস্থিত। এই ঘটনাটো আমি এনেদৰেও প্ৰকাশ কৰিব পাৰোঁ—ঘৰ (A) ৰ পৰা স্কুল (B) লৈ খোজকাঢ়ি গ’লে প্ৰায় ৩০ মিনিট লাগে, চাইকেল চলাই গ’লে ১৫ মিনিট আৰু বাছত গ’লে প্ৰায় ৫ মিনিট সময় লাগে। ভূগোল বিজ্ঞানত সময় আৰু দূৰত্বৰ মাজৰ সম্পৰ্কৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰা হয়। সময়ক ঠাইলৈ আৰু ঠাইক সময়লৈ ৰূপান্তৰ কৰা সম্ভৱ। ভূগোল বিজ্ঞানৰ বিভিন্ন অৱয়ব সময় সাপেক্ষে সলনি হয়, ঠিক তেনেদৰে ঠাইভেদেও অৱয়বৰ ভিন্নতা দেখা যায়।
৩। ১৫০ টা শব্দ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।
(i) তুমি তোমাৰ চাৰিওফালে প্ৰক্যেকদিনে লক্ষ্য কৰিছা যে প্ৰাকৃতিক আৰু সাংস্কৃতিক ঘটনাবোৰৰ সদায় বেলেগ । পৃথিৱীত ভিন ভিন উপাদানৰ অৱস্থিতি দেখা যায় । তুমি এতিয়া যুক্তিসহকাৰে ক’ব পাৰিবানে যে ভূগোল বিজ্ঞানে ‘ঠাইৰ পাৰ্থক্য (areal differentiation)’ অধ্যয়ন কৰে ।
উত্তৰঃ ভূগোল বিজ্ঞানৰ সংজ্ঞা অনুসাৰে ক’ব পাৰি যে এই বিষয়টোৱে পৃথিৱীৰ উপৰিভাগত দেখা পোৱা ঠাইভেদে থকা পাৰ্থক্যসমূহ অধ্যয়ন কৰে। বিখ্যাত ভূগোলবিদ ৰিচাৰ্ড হাৰ্টছনে কোৱা মতে, ভূগোল বিজ্ঞানে পৃথিৱীৰ উপৰিভাগৰ ঠাইৰ পাৰ্থক্যবোৰ বৰ্ণনা, ব্যাখ্যা আৰু বিশ্লেষণ কৰে। এই সংজ্ঞাৰ পৰা স্পষ্ট হয় যে ভূগোল বিজ্ঞানৰ মূল বিষয়বস্তু হৈছে ঠাইৰ পাৰ্থক্য।
পৃথিৱীৰ উপৰিভাগ প্ৰাকৃতিকভাৱে সমান নহয়। এটা অঞ্চলৰ সৈতে আন এটা অঞ্চলৰ মাটি, শিলাৰ গঠন আৰু ভূ-প্ৰাকৃতিক বৈশিষ্ট্য একে নহয়। কিছুমান ঠাইত কঠিন শিলা পোৱা যায়, আন কিছুমান ঠাইত কোমল শিলা দেখা যায়। এই শিলাবোৰৰ ওপৰত কাৰ্য কৰা শক্তিসমূহো অঞ্চলভেদে ভিন্ন হয়।
পৃথিৱীখন গোলাকাৰ হোৱাৰ বাবে সূৰ্য্যৰ কিৰণ সকলো ঠাইত একে ধৰণে নপৰে। ফলস্বৰূপে বিভিন্ন অঞ্চলত বিভিন্ন জলবায়ু আৰু প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে মেৰু অঞ্চল অতি ঠাণ্ডা, আনহাতে বিষুৱীয় অঞ্চল গৰম আৰু অধিক বৰষুণপ্ৰৱণ।
প্ৰাকৃতিক পৰিৱেশৰ দৰে সাংস্কৃতিক দিশতো পৃথিৱীৰ উপৰিভাগত যথেষ্ট অসমতা দেখা যায়। কিছুমান অঞ্চলত জনসংখ্যা অধিক ঘন, আন কিছুমান অঞ্চল একেবাৰে জনবসতিহীন। কিছুমান দেশ অৰ্থনৈতিক আৰু সভ্যতাৰ দিশত আগবঢ়া, আন কিছুমান অঞ্চলত এতিয়াও আদিম জীৱনযাপন কৰে।
এই সকলো প্ৰাকৃতিক আৰু সাংস্কৃতিক পাৰ্থক্যৰ বৈজ্ঞানিক অধ্যয়ন, বৰ্ণনা আৰু ব্যাখ্যা ভূগোল বিজ্ঞানে কৰে। সেয়ে যুক্তিসহকাৰে ক’ব পাৰি যে ভূগোল বিজ্ঞানে ঠাইৰ পাৰ্থক্য বা areal differentiation অধ্যয়ন কৰে।
(ii) তোমালোকে ইতিমধ্যে ভূগোল বিজ্ঞান, বুৰঞ্জী, ৰাজলীতি আৰু অৰ্থনীতি বিজ্ঞান, সমাজ অধ্যয়নৰ অংশ হিচাপে পঢ়ি আহিছা । এই বিষয়বোৰক সংহত কৰিবলৈ চেষ্টা কৰা, সিহঁতৰ অন্তৰ্মুখৰ উল্লেখ (high lighting their inerface )।
উত্তৰঃ জ্ঞানৰ শাখা হিচাপে ভূগোল বিজ্ঞান, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান সকলোবোৰেই সমাজ বিজ্ঞানৰ অন্তৰ্গত বিষয়। এই বিষয়সমূহে সমাজৰ বিভিন্ন দিশ যুক্তিসংগত আৰু বৈজ্ঞানিকভাৱে অধ্যয়ন কৰে। এই সকলোবোৰ বিষয়ৰ লগত ভূগোল বিজ্ঞানৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে।
ভূগোল বিজ্ঞানে পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন প্ৰাকৃতিক আৰু সাংস্কৃতিক পৰিঘটনাৰ স্থানিক অধ্যয়ন কৰে। আনহাতে বুৰঞ্জীয়ে এখন দেশ বা অঞ্চলৰ অতীত ঘটনা, ৰাজনীতি বিজ্ঞানে শাসন ব্যৱস্থা আৰু ক্ষমতা গঠন, আৰু অৰ্থনীতি বিজ্ঞানে সম্পদৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে।
ওপৰৰ আলোচনাৰ পৰা বুজা যায় যে প্ৰতিটো বিষয়েই সমাজৰ কোনো নহয় কোনো দিশৰ লগত জড়িত। কিন্তু ভূগোল এনে এটা বিষয় যি এই সকলো বিষয়ৰ মাজত সংযোগ স্থাপন কৰে। প্ৰাকৃতিক পৰিৱেশ অনুযায়ী মানুহৰ জীৱনযাপন, শাসন ব্যৱস্থা আৰু অৰ্থনৈতিক কাৰ্যকলাপ ভিন্ন হয়।
এই সকলো দিশ একেলগে বুজিবলৈ ভূগোল বিজ্ঞানৰ জ্ঞান অত্যন্ত প্ৰয়োজনীয়। সেইকাৰণে বহু পণ্ডিতে ভূগোল বিজ্ঞানক সমাজ বিজ্ঞানসমূহৰ সংযোগকাৰী বা মাতৃ বিষয় বুলি গণ্য কৰিছে।