বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া-পক্ৰিয়া
অনুশীলনী
১ . বিবিধ পচন্দৰ প্ৰশ্নবোৰ (Multiple choice questions)
(ক) যদি ভূ-পৃষ্ঠত বায়ুৰ চাপ ১,০০০ মিলিবাৰ হয়, তেতিয়া ভূ-পৃষ্ঠৰ পৰা ১ কিঃমিঃ উচ্চতাত বায়ুৰ চাপ হ’ব:
(১) ৭০০ মিলিবাৰ ।
(২) ১, ১০০ মিলিবাৰ ।
(৩) ৯০০ মিলিবাৰ ।
(৪) ১, ৩০০ মিলিবাৰ ।
উত্তৰঃ (৩) ৯০০ মিলিবাৰ ।
(খ) আন্তঃ ক্রান্তীয় অভিসাৰী মণ্ডলটো সৃষ্টি হয়:
(১) বিষুৱৰ ওচৰত ।
(২) মকৰ ক্ৰান্তীয় ওচৰত ।
(৩) কর্কট ক্রান্তীৰ ওচৰত ।
(৪) সুমেৰু বৃত্তৰ ওচৰত ।
উত্তৰঃ (১) বিষুৱৰ ওচৰত।
(গ) উত্তৰ গোলাৰ্দ্ধত এটা নিম্ন চাপ কেন্দ্রৰ চৌদিশে বতাহৰ গতি হয়:
(১) ঘড়ীৰ কাটাৰ দিশত ।
(২) সমচাপ ৰেখাৰ লম্ব দিশত ।
(৩) ঘড়ীৰ কাটাৰ বিপৰীত দিশত ।
(৪) সমচাপ ৰেখাৰ সমান্তৰালভাৱে ।
উত্তৰঃ (৩) ঘড়ীৰ কাটাৰ বিপৰীত দিশত ।
(ঘ) বায়ুপুঞ্জ গঠনৰ বাবে তলৰ কোনটো অঞ্চলক উৎস বুলি গণ্য কৰিব পাবি?
(১) বিষুবীয় অৰণ্য অঞ্চল ।
(২) হিমালয় পৰ্বতমালা ।
(৩) চাইবেৰিয়াৰ সমভূমি অঞ্চল ।
(৪) দাক্ষিনাত্য় মালভূমি অঞ্চল ।
উত্তৰঃ (৩) চাইবেৰিয়াৰ সমভূমি অঞ্চল ।
2. তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা (প্রতিটো প্রশ্নৰ উত্তৰ ৩০ টা শব্দৰ ভিতৰত হ’ব লাগে)
(ক) চাপ জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়? বতৰৰ মানচিত্র প্রস্তুত কৰোতে কোনো ঠাইৰ চাপ সাগৰ পৃষ্ঠ সাপেক্ষে জোখা হয় কিয়?
উত্তৰঃ চাপ জুখিবলৈ ব্যৱহাৰ একক বিধৰ নাম হল মিলিবাৰ ইয়াক চমুকৈ mb বোলা হয়।
বতৰৰ মানচিত্ৰ প্ৰস্তুত কৰোতে কোনো ঠাইৰ চাপ সাগৰপৃষ্ঠ সাপেক্ষ জোখা হয়, ইয়াৰ প্ৰধান কাৰনবোৰ হল-
১) সমুদ্ৰ পৃষ্ঠ এক স্থায়ী পৃষ্ঠ যাৰ কোনো পৰিবৰ্তন কম সময়ৰ ভিতৰত কেতিয়াও সংঘটিত নহয় অথবা বহু হাজাৰ বছৰ ধৰি সমুদ্ৰ পৃষ্ঠ পৰিবৰ্তন নোহোৱাকৈ থাকে। যদিও ক্তিয়াবা হয় সিও মাত্ৰ হাজাৰ বা লক্ষ্য ভাগৰ এভাগ মান হব, যিয়ে কোনো জোখ মাখত বৰ বিশেষ প্ৰভাৱ বিস্তাৰ নকৰে।
২) দ্বিতীয়তে ভূ-পৃষ্ঠৰ প্ৰায় এক তৃতীয়াংশ ঠাই জলপৃষ্ঠই আৱৰি ৰাখিছে। সেয়ে, জল পৃষ্ঠ সকলো ঠাইতে সহজে পোৱা যায়।
৩) তৃতীয়তে, পৃথিৱীত কোনো ভূ-আন্দোলন হলে সাধাৰনতে স্থলভাগেই বৰ বেয়াকৈ ক্ষতিৰ সম্মুখীন হয়। সেয়ে, সমুদ্ৰ পৃষ্ঠই এক স্থায়ী পৃষ্ঠ হিচাপে গ্ৰহন কৰি গোলকীয় কামবোৰ কৰা হয়।
(খ) যেতিয়া উত্তৰ গোলাৰ্দ্ধত চাপৰ ঢাল উত্তৰৰ পৰা দক্ষিণলৈ অর্থাৎ উপক্রান্তীয় উচ্চ চাপ বলয়ৰ পৰা বিষুবীয় অঞ্চললৈ থাকে, তেতিয়া বায়ু ক্রান্তীয় অঞ্চলত উত্তৰ-পূব বতাহ হৈ বলে কিয়?
উত্তৰঃ বায়ুমণ্ডলত চাপৰ ভিন্নতা থাকিলেই বায়ুৰ গতি সৃষ্টি হয়। সাধাৰণতে বতাহ উচ্চ চাপযুক্ত অঞ্চলৰ পৰা নিম্ন চাপযুক্ত অঞ্চললৈ বয়। উত্তৰ গোলাৰ্দ্ধত যেতিয়া উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা বিষুৱীয় নিম্ন চাপ অঞ্চললৈ চাপৰ ঢাল উত্তৰৰ পৰা দক্ষিণলৈ থাকে, তেতিয়া বায়ুৱে সেই দিশে গতি কৰিবলৈ আৰম্ভ কৰে। কিন্তু ভূ-পৃষ্ঠৰ ওপৰত প্ৰৱাহিত বতাহৰ গতি কেৱল চাপৰ ঢালেই নিয়ন্ত্ৰণ নকৰে; ইয়াক কিছুমান অন্যান্য কাৰকেও প্ৰভাৱিত কৰে। এই কাৰকসমূহৰ ভিতৰত পৃথিৱীৰ আহ্নিক গতিৰ ফলত সৃষ্টি হোৱা কৰিঅলিচ বল অতি গুৰুত্বপূৰ্ণ।
পৃথিৱীয়ে নিজ অক্ষত আহ্নিক গতি কৰাৰ ফলত কৰিঅলিচ বলৰ সৃষ্টি হয়। এই বলে ভূ-পৃষ্ঠৰ ওপৰত গতি কৰা বতাহৰ দিশ সলনি কৰে। উত্তৰ গোলাৰ্দ্ধত কৰিঅলিচ বলৰ প্ৰভাৱত উত্তৰৰ পৰা দক্ষিণলৈ প্ৰৱাহিত বতাহ পূৱ দিশলৈ বিচ্যুত হয়। সেইবাবে উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা বিষুৱীয় নিম্ন চাপ অঞ্চললৈ বৈ অহা বতাহ উত্তৰ-পূৱ দিশৰ পৰা অহা বতাহ হিচাপে অনুভৱ কৰা যায়। সেয়ে ক্ৰান্তীয় অঞ্চলত এই বতাহ উত্তৰ-পূৱ বতাহ ৰূপে বলি থকা দেখা যায়।
(গ) ভূ-কেন্দ্রীক বতাহ কি?
উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২–৩ কিলোমিটাৰ ওপৰৰ বায়ুমণ্ডলীয় স্তৰত ঘৰ্ষণ বলৰ প্ৰভাৱ প্ৰায় নাথাকে আৰু সেই উচ্চতাত বতাহৰ গতি প্ৰধানকৈ চাপৰ ঢাল বল আৰু কৰিঅলিচ বলৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। যেতিয়া এই দুয়োটা বলৰ মাজত ভাৰসাম্য স্থাপন হয়, তেতিয়া বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ নবৈ সমচাপ ৰেখাৰ সমান্তৰালভাৱে প্রবাহিত হয়। এইদৰে চাপৰ ঢাল বল আৰু কৰিঅলিচ বলৰ সমস্থাপনৰ ফলত সৃষ্টি হোৱা আৰু সমচাপ ৰেখাৰ সমান্তৰালভাৱে বোৱা বতাহকেই ভূ-কেন্দ্ৰীয় বতাহ বোলা হয়।
(ঘ) স্থলবতাহ আৰু জলবতাহ বাখ্যা কৰা।
উত্তৰঃ স্থলবতাহ আৰু জলবতাহ সূৰ্য্যৰ উত্তাপত স্থলভাগ আৰু জলভাগ অসমানভাৱে গৰম আৰু চেঁচা হোৱাৰ ফলত সৃষ্টি হয়। দিনৰ সময়ত স্থলভাগ জলভাগতকৈ সোনকালে গৰম হৈ পৰে, ফলস্বৰূপে স্থলভাগত থকা বায়ু উৰ্ধগামী হৈ নিম্ন চাপৰ সৃষ্টি কৰে আৰু সাগৰৰ ওপৰত তুলনামূলকভাৱে উচ্চ চাপ থাকে; এই উচ্চ চাপ অঞ্চলৰ পৰা স্থলভাগত বৈ অহা বতাহক জলবতাহ বোলা হয়। আনহাতে ৰাতিৰ সময়ত স্থলভাগে তাপ সোনকালে বিকিৰণ কৰি অধিক চেঁচা হৈ পৰে আৰু স্থলভাগত উচ্চ চাপ সৃষ্টি হয়, যেতিয়া জলভাগত তুলনামূলকভাৱে নিম্ন চাপ থাকে; সেই সময়ত স্থলভাগৰ পৰা জলভাগলৈ বৈ অহা বতাহক স্থলবতাহ বুলি কোৱা হয়।
৩. তলৰ প্রশ্নবিলাক প্রত্যেকৰে উত্তৰ ১৫০ টা শব্দৰ ভিতৰত দিয়া:
(ক) বতাহৰ গতি আৰু দিশ নিৰ্ণয়কাৰী কাৰকবোৰ আলোচনা কৰা।
উত্তৰঃ গতিশীল বায়ুক বতাহ বুলি কোৱা হয়। বতাহ নিজে নিজে বোৱা নধৰে; কিছুমান বিশেষ ভৌতিক বলৰ প্ৰভাৱত বতাহৰ সৃষ্টি হয়। এই বলসমূহেই বতাহৰ গতি আৰু দিশ দুয়োটাই নিৰ্ণয় কৰে। বতাহৰ গতি আৰু দিশ নিৰ্ণয় কৰা মুখ্য কাৰকসমূহ হল—
১) বায়ুৰ চাপৰ পাৰ্থক্য বা চাপৰ ঢালৰ বলঃ পৃথিৱীপৃষ্ঠৰ সকলো ঠাই একে সময়তে আৰু একে পৰিমাণে উত্তপ্ত নহয়। সূৰ্য্যৰ ৰশ্মি কিছুমান অঞ্চলত অধিক পৰিমাণে পৰে আৰু কিছুমান অঞ্চলত কম পৰিমাণে পৰে। যিবোৰ অঞ্চল অধিক উত্তপ্ত হয়, সেইবোৰ অঞ্চলত বায়ু উৰ্ধগামী হৈ নিম্ন চাপৰ সৃষ্টি কৰে আৰু চেঁচা অঞ্চলত তুলনামূলকভাৱে উচ্চ চাপ থাকে। এই উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বায়ু প্ৰৱাহিত হয় আৰু বতাহৰ সৃষ্টি হয়। এই চাপৰ পাৰ্থক্যৰ বাবেই বতাহৰ গতিৰ আৰম্ভণি ঘটে।
আনহাতে ভূ-পৃষ্ঠৰ গঠনো সকলো ঠাইত একে নহয়। কিছুমান অঞ্চল ঘন অৰণ্যৰে আবৃত, কিছুমান অঞ্চল বালিময় বা শুকান। এই ভিন্ন ভূ-অৱয়বৰ বাবে উত্তাপৰ তাৰতম্য দেখা যায় আৰু ইয়াৰ ফলত বায়ুমণ্ডলত চাপৰ পাৰ্থক্যৰ সৃষ্টি হয়। এই চাপৰ ঢালেই বতাহৰ গতি নিৰ্ণয় কৰে।
২) ঘৰ্ষণ বলঃ বতাহ যেতিয়া ভূ-পৃষ্ঠৰ ওপৰেৰে প্ৰৱাহিত হয়, তেতিয়া ই গছ-গছনি, পাহাৰ-পৰ্বত, অট্টালিকা আদি বিভিন্ন ভূ-অৱয়বৰ সংস্পৰ্শত আহে। এই সংস্পৰ্শৰ ফলত বতাহৰ গতি হ্ৰাস পায় আৰু দিশো কিছু পৰিমাণে সলনি হয়। ভূ-পৃষ্ঠৰ একেবাৰে ওচৰত ঘৰ্ষণ বলৰ প্ৰভাৱ আটাইতকৈ বেছি আৰু এই প্ৰভাৱ সাধাৰণতে ১ ৰ পৰা ৩ কিলোমিটাৰ উচ্চতা পৰ্যন্ত থাকে। আনহাতে সমুদ্ৰ পৃষ্ঠত ঘৰ্ষণ বল কম হোৱা বাবে সাগৰৰ ওপৰত বতাহ অধিক মসৃণ আৰু বেছি গতিত প্ৰৱাহিত হোৱা দেখা যায়।
৩) কৰিঅলিচ বলঃ পৃথিৱীয়ে নিজ অক্ষত আহ্নিক গতি কৰাৰ ফলত বায়ুমণ্ডলৰ ওপৰত এক বিশেষ বলৰ সৃষ্টি হয়, যাক কৰিঅলিচ বল বোলা হয়। এই বলৰ প্ৰভাৱত বতাহ সোজাকৈ নাবৈ বিচ্যুত হয়। উত্তৰ গোলাৰ্দ্ধত বতাহ সোঁফালে আৰু দক্ষিণ গোলাৰ্দ্ধত বাওঁফালে বিচ্যুত হোৱা দেখা যায়। কৰিঅলিচ বলৰ মান মেৰু অঞ্চলত সৰ্বাধিক আৰু বিষুৱ ৰেখাত প্ৰায় শূণ্য হয়। সেয়ে এই বলে বতাহৰ দিশ নিৰ্ণয় কৰাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(খ) পৃথিৱীৰ বায়ুসঞ্চালন দেখুৱাই এটা চিত্র আঁকা। উপক্রান্তীয় উচ্চ চাপ কেন্দ্ৰ ৩০° উঃ অক্ষাংশৰ মাজত গঠন হোৱাৰ সম্ভাব্য কাৰণবোৰ কি কি?
উত্তৰঃ পৃথিৱীক আৱৰি ৰখা বায়ুমণ্ডল বিভিন্ন সময়ত বিভিন্ন ভৌতিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় আৰু ইয়াৰ ফলত বতাহৰ সৃষ্টি হয়। পৃথিৱীৰ উপৰিভাগত কিছুমান বতাহ নিৰ্দিষ্ট দিশ আৰু গতিৰে স্থায়ীভাৱে প্ৰৱাহিত হয়, আনহাতে কেতিয়াবা কোনো নিৰ্দিষ্ট দিশ অনুসৰণ নকৰাকৈও বায়ুসঞ্চালন হোৱা দেখা যায়। এই সমগ্ৰ প্ৰক্ৰিয়াকেই পৃথিৱীৰ বায়ুসঞ্চালন বুলি কোৱা হয়।
উপক্ৰান্তীয় উচ্চ চাপ কেন্দ্ৰ ৩০° উত্তৰ অক্ষাংশৰ মাজত গঠন হোৱাৰ সম্ভাব্য কাৰণসমূহ হল—
১) আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডলত বায়ুৰ উৰ্ধগামী গতি আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডলত সূৰ্য্যৰ ৰশ্মি বছৰৰ সকলো সময়তে প্ৰায় পোনপটিয়াকৈ পৰে। ইয়াৰ ফলত এই অঞ্চলত বায়ুমণ্ডল অধিক উত্তপ্ত হয় আৰু বায়ু উৰ্ধগামী হয়। উৰ্ধগামী বায়ুৰ ফলত ইয়াত নিম্ন চাপৰ সৃষ্টি হয়। এই নিম্ন চাপ পূৰণ কৰিবলৈ ক্ৰান্তীয় অঞ্চলৰ পৰা বায়ু আহি এই অঞ্চলত অভিসাৰিত হয়। এই বায়ু উৰ্ধগামী হৈ প্ৰায় ১৮ কিলোমিটাৰ উচ্চতা পৰ্যন্ত উঠে আৰু তাৰ পিছত উত্তৰ আৰু দক্ষিণ মেৰুৰ দিশে গতি কৰে।
এইদৰে মেৰুমুখী হোৱা বায়ু ৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ ওচৰত আহি জমা হয় আৰু তললৈ নামি আহে। বায়ু নিম্নগামী হোৱাৰ ফলত এই অঞ্চলত উচ্চ চাপৰ সৃষ্টি হয় আৰু ইয়াক উপক্ৰান্তীয় উচ্চ চাপ কেন্দ্ৰ বুলি কোৱা হয়।
২) বায়ুৰ চেঁচা হৈ নিম্নগামী হোৱা প্ৰৱণতা ৩০° উত্তৰ আৰু দক্ষিণ অক্ষাংশত উপনীত হোৱাৰ সময়ত বায়ু ধীৰে ধীৰে চেঁচা হৈ পৰে। চেঁচা বায়ু গধুৰ হোৱা বাবে এই অঞ্চলত তললৈ নামি আহে। বায়ুৰ এই নিম্নগামী গতিৰ ফলত বায়ুমণ্ডলত উচ্চ চাপৰ সৃষ্টি হয়। সেয়েহে এই অক্ষাংশসমূহত উপক্ৰান্তীয় উচ্চ চাপ কেন্দ্ৰ গঠন হয়।
ইয়াৰ উপৰিও হেড্লী কোষ আৰু ফেৰেল কোষ আদিৰ প্ৰভাৱতো পৃথিৱীৰ বায়ুসঞ্চালন প্ৰণালীত উপক্ৰান্তীয় উচ্চ চাপ কেন্দ্ৰৰ গঠন আৰু স্থায়িত্বত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়।
(গ) ক্রান্তীয় ঘূর্ণীবতাহ সমুদ্রপৃষ্ঠত কিয় উৎপত্তি হয়? ক্রান্তীয় ঘূর্ণীবতাহৰ কোন অংশত ধাৰাষাৰে বৰষুণ হয় আৰু বেগী বতাহ ব’বলৈ ধৰে আৰু কিয়?
উত্তৰঃ ক্ৰান্তীয় ঘূৰ্ণীবতাহ সাধাৰণতে সমুদ্ৰপৃষ্ঠতেই উৎপত্তি হয়। ইয়াৰ কাৰণ হল সমুদ্ৰপৃষ্ঠত ক্ৰান্তীয় ঘূৰ্ণীবতাহ গঠনৰ বাবে প্ৰয়োজনীয় সকলো অনুকূল পৰিস্থিতি একেলগে পোৱা যায়। ক্ৰান্তীয় ঘূৰ্ণীবতাহ উৎপত্তি হোৱাৰ প্ৰধান কাৰণসমূহ তলত দিয়া হ’ল—
(১) সমুদ্ৰপৃষ্ঠ এক বিশাল বিস্তৃত অঞ্চল, য’ত হাজাৰ হাজাৰ কিলোমিটাৰ জুৰি কোনো স্থলীয় বাধা নাথাকে। এনে বাধামুক্ত পৰিৱেশত বতাহ সহজে ঘূৰ্ণীয় ৰূপ ল’ব পাৰে। এই সুবিধা স্থলভাগত সহজে পোৱা নাযায়।
(২) ক্ৰান্তীয় ঘূৰ্ণীবতাহ গঠনৰ বাবে সমুদ্ৰপৃষ্ঠৰ উত্তাপ সাধাৰণতে ২৭° ছেলছিয়াচ বা তাতকৈ অধিক হ’ব লাগে। এনে সম আৰু অধিক উত্তাপ কেৱল সমুদ্ৰপৃষ্ঠতেই দীঘলীয়া সময় ধৰি বিৰাজমান থাকে।
(৩) পৃথিৱীৰ আহ্নিক গতিত সৃষ্ট কৰিঅলিচ বল ক্ৰান্তীয় ঘূৰ্ণীবতাহ গঠনত অতি গুৰুত্বপূৰ্ণ। এই বলে বতাহক ঘূৰ্ণীয় গতি প্ৰদান কৰে, যাৰ ফলত ঘূৰ্ণীবতাহৰ সৃষ্টি হয়।
(৪) উলম্ব দিশত বতাহৰ গতিবেগৰ সামান্য তাৰতম্য থাকিলে ঘূৰ্ণীবতাহ গঠনৰ অনুকূল পৰিৱেশ সৃষ্টি হয়। এনে অৱস্থা সমুদ্ৰপৃষ্ঠত বেছিকৈ দেখা যায়।
(৫) এক দূৰ্বল নিম্নচাপ অঞ্চল অথবা নিম্নস্তৰৰ ঘূৰ্ণীয়মান বায়ুপ্ৰবাহৰ উপস্থিতিও ক্ৰান্তীয় ঘূৰ্ণীবতাহ উৎপত্তিৰ বাবে সহায়ক।
(৬) ক্ৰান্তীয় ঘূৰ্ণীবতাহ সমুদ্ৰপৃষ্ঠত উৎপত্তি হোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হল ঘনীভৱন প্ৰক্ৰিয়া। সমুদ্ৰপৃষ্ঠ বায়ুমণ্ডলৰ জলীয় বাষ্পৰ প্ৰধান উৎস। ঘনীভৱন প্ৰক্ৰিয়াৰ জৰিয়তে মুক্ত হোৱা সুপ্ত তাপে ঘূৰ্ণীবতাহক শক্তি যোগান ধৰে। সমুদ্ৰৰ পৰা অহা অহৰহ জলীয় বাষ্পে ঘূৰ্ণীবতাহক সক্ৰিয় কৰি ৰাখে। এই জলীয় বাষ্পৰ যোগান বন্ধ হোৱাৰ লগে লগে ঘূৰ্ণীবতাহ ধীৰে ধীৰে নিশকটীয়া হৈ পৰে। সেয়েহে ক্ৰান্তীয় ঘূৰ্ণীবতাহ সাধাৰণতে সমুদ্ৰপৃষ্ঠতেই উৎপত্তি হয়।
এটা পূৰ্ণাংগ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ কেন্দ্ৰত এক তুলনামূলকভাৱে শান্ত অঞ্চল থাকে, যাক চকু (Eye) বুলি কোৱা হয়। চকুৰ ব্যাস সাধাৰণতে ১৫০ ৰ পৰা ২৫০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। চকুৰ চাৰিওফালে পকনীয়া ৰূপত অতি তীব্ৰ বেগী বতাহৰ সুউচ্চ প্ৰাচীৰ গঠন হয়, যাক চকুৰ প্ৰাচীৰ (Eyewall) বোলা হয়। এই অঞ্চলতেই ধাৰাষাৰে বৰষুণ হয় আৰু বতাহ অতি বেগীভাৱে বহিবলৈ ধৰে।
ইয়াৰ কাৰণ হল এই অঞ্চলত জলীয় বাষ্পৰ পৰিমাণ অত্যধিক আৰু ঘনীভৱন প্ৰক্ৰিয়া অত্যন্ত সক্ৰিয়। অধিক ঘনীভৱনৰ ফলত অধিক শক্তি মুক্ত হয়, যাৰ ফলত বতাহৰ গতিবেগ বৃদ্ধি পায় আৰু বৰষুণৰ পৰিমাণো যথেষ্ট বেছি হয়।