বায়ুমণ্ডলত পানীৰ স্থিতি
অনুশীলন
১. বিবিধ পচন্দৰ প্রশ্ন (Multiple choice questions)
(ক) তলৰ কোনটো বায়ুমণ্ডলৰ উপাদান মানুহৰ বাবে আটাইতকৈ প্রয়োজনীয়?
(১) জলীয় বাষ্প ।
(২) নাইট্রোজেন ।
(৩) ধূলিকণা ।
(৪) অক্সিজেন ।
উত্তৰঃ (৪) অক্সিজেন ।
(খ) তলত উল্লেখ কৰা কোনটো প্রক্রিয়াৰ দ্বাৰা জুলীয়া বস্তু বাষ্পলৈ ৰূপান্তৰিত হয়?
(১) ঘনীভৱন ।
(২) স্বাস-প্রশ্বাস ।
(৩) বাষ্পীভৱন ।
(৪) অধঃক্ষেপ ।
উত্তৰঃ (৩) বাষ্পীভৱন ।
(গ) বায়ুৰে যেতিয়া ইয়াৰ পূৰ্ণ ধাৰণ ক্ষমতাব জোখেৰে জলকণা ধবি বাখে তেতিয়া তাক কোরা হয়-
(১) আপেক্ষিক আর্দ্রতা ।
(২) নির্দিষ্ট আর্দ্রতা ।
(৩) পূর্ণ আর্দ্রতা ।
(৪) পৰিগর্ভিত বায়ু ।
উত্তৰঃ (১) আপেক্ষিক আর্দ্রতা ।
(ঘ) তলৰ কোনটো মেঘ আকাশৰ আটাইতকৈ বেছি উচ্চতাত থাকে?
(১) অলকমেঘ ।
(২) স্তৰমেঘ ।
(৩) ঝঞ্জামেঘ ।
(৪) পুঞ্জমেঘ ।
উত্তৰঃ (১) অলকমেঘ ।
২. তলৰ প্রশ্নসমূহৰ উত্তৰ প্রায় ৩০ টা শব্দৰ ভিতৰত লিখা।
(ক) তিনি প্রকাৰৰ অধঃক্ষেপৰ নাম লিখা।
উত্তৰঃ বায়ুমণ্ডলত থকা জলীয় বাষ্প বিলাক ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত ঘনীভূত হৈ জলকনালৈ পৰিনত হয়। জলকনাবোৰ আকাৰত কিছু ডাঙৰ হলে মাধ্যাকৰ্ষন বলৰ প্ৰভাৱত ভূ-পৃষ্ঠত আহি পৰেহি। যাক আমি অধঃক্ষেপন বুলি কওঁ।
তিনি প্ৰকাৰৰ অধঃক্ষেপৰ নাম হ’ল-
(i)তুষাৰ পাত
(ii) বৰষুণ
(iii)শিলাবৃষ্টি
(i) সাধাৰনতে জলীয় বাষ্প ঘনীভৱন হোৱাৰ পিছত সৰু সৰু পানীৰ টোপাল হিচাপে ভূপৃষ্ঠালৈ নামি অহ প্ৰক্ৰিয়াক বৰষুণ বুলি কওঁ।
(ii) ঘনীভূত হোৱা জলীয় বাষ্প বোৰ যেতিয়া ০° ছেণ্টীগ্ৰেডতকৈ কম উত্তাপৰ মাজেৰে পাৰ হৈ আহে তেতিয়া সেই অধঃক্ষেপ বৰফকনাৰূপে ভূ-পৃষ্ঠলৈ নামি আহে আৰু ইয়াকে তুষাৰ পাত বোলে।
(iii) কেতিয়াবা বৰষুনৰ টোপালবোৰ কিছুমান গোলাকৃতিৰ কঠিন বৰফৰ টুকুৰালৈ ৰূপান্তৰিত হৈ ভূ-পৃষ্ঠত পৰেহি আৰু তেনে অধঃক্ষেপনক শিলাবৃষ্টি বুলি কোৱা হয়।
(খ) আপেক্ষিক আর্দ্রতা কি বাখ্যা কৰা।
উত্তৰঃ আপেক্ষিক আৰ্দ্ৰতা বুলিলে কোনো নিৰ্দিষ্ট উত্তাপত বায়ুত বৰ্তমান থকা জলীয় বাষ্পৰ পৰিমাণ আৰু সেই উত্তাপতেই বায়ুৱে সৰ্বাধিক যিমান জলীয় বাষ্প ধাৰণ কৰিব পাৰে, সেই পৰিমাণৰ মাজৰ অনুপাতক বুজায়। বায়ুমণ্ডলত থকা জলীয় বাষ্পক আৰ্দ্ৰতা বোলা হয়, কিন্তু এই জলীয় বাষ্পৰ পৰিমাণ সকলো ঠাইতে সমান নহয় আৰু উত্তাপ অনুসাৰে সলনি হয়। সেয়েহে কোনো এটা নিৰ্দিষ্ট উত্তাপত বায়ুত থকা প্ৰকৃত জলীয় বাষ্পৰ পৰিমাণক, সেই উত্তাপতেই বায়ুৰ সম্পূৰ্ণ জলীয় বাষ্প ধাৰণ ক্ষমতাৰ সৈতে তুলনা কৰি শতকৰা হিচাপে যি মান পোৱা যায়, তাকেই সেই বায়ুৰ আপেক্ষিক আৰ্দ্ৰতা বোলা হয়।
(গ) উচ্চতাৰ লগে লগে বায়ুৰ জলীয় বাষ্প কিয় হ্রাস পায়?
উত্তৰঃ পৃথিৱী পৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা যায়, সিমানেই বায়ুমণ্ডল ক্ৰমে পাতল হৈ পৰে। বায়ুমণ্ডলৰ নিম্নস্তৰত বায়ুৰ ঘনত্ব বেছি থকাৰ লগতে জলীয় বাষ্পৰ মূল উৎসসমূহ— যেনে নদী, সাগৰ, হ্ৰদ আৰু উদ্ভিদ— ভূ-পৃষ্ঠৰ ওচৰতেই অৱস্থিত। ফলত নিম্নস্তৰৰ বায়ুৱে অধিক পৰিমাণৰ জলীয় বাষ্প ধাৰণ কৰিব পাৰে। কিন্তু উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ ঘনত্ব কমি যায় আৰু উত্তাপো হ্ৰাস পায়, যাৰ ফলত বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কমি যায়। সেয়ে উচ্চতাৰ লগে লগে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ ক্ৰমে হ্ৰাস পায়।
(ঘ) মেঘ কেনেকৈ সৃষ্টি হয়? মেঘৰ শ্রেণীবিভাজন কৰা।
উত্তৰঃ বায়ুমণ্ডলত থকা জলীয় বাষ্প যেতিয়া শীতল হৈ ঘনীভূত হয়, তেতিয়া ই অসংখ্য সূক্ষ্ম জলকণা বা বৰফৰ স্ফটিকত পৰিণত হয়। এই জলকণা বা বৰফৰ স্ফটিকবোৰ একেলগে মিলি বায়ুমণ্ডলৰ বিভিন্ন উচ্চতাত ভাহি থাকে আৰু তেনেদৰেই মেঘৰ সৃষ্টি হয়। অৰ্থাৎ বায়ুত থকা জলীয় বাষ্পৰ ঘনীভৱন প্ৰক্ৰিয়াৰ ফলতেই মেঘ গঠন হয়।
মেঘবোৰ ভূ-পৃষ্ঠৰ পৰা বিভিন্ন উচ্চতাত গঠন হয় আৰু আকাৰ, বিস্তৃতি, ঘনত্ব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত একে নহয়। সেয়ে এই বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি মেঘক তলত দিয়া ধৰণে চাৰিটা ভাগত শ্ৰেণীবিভাজন কৰা হৈছে—
(i) অলকমেঘ
(ii) পঞ্জমেঘ
(iii) স্তৰমেঘ
(iv) ঝঞ্জামেঘ
৩. তলৰ প্রশ্নসমূহৰ উত্তৰ প্রায় ১৫০ টা শব্দৰ ভিতৰত লিখা।
(ক) পৃথিৱীত অধঃক্ষেপ বিতৰণৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ পৃথিৱীয়ে ইয়াৰ প্ৰয়োজনীয় সকলো শক্তি সূৰ্যৰ পৰাই আহৰণ কৰে। সূৰ্য্যৰ ৰশ্মিয়েই পৃথিৱীৰ উত্তাপ, বতাহ, বৰষুণ আদি সকলো বতৰীয় উপাদানৰ মূল উৎস। কিন্তু সূৰ্য্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠৰ সকলো ঠাইত একে সময়তে আৰু সমান ভাৱে নপৰে। এই অসমান সৌৰ বিকিৰণৰ ফলতেই পৃথিৱীত অধঃক্ষেপৰ (বৰষুণ) বিতৰণ অসমান হোৱা দেখা যায়।
পৃথিৱীত অধঃক্ষেপ বিতৰণৰ মূল বৈশিষ্ট্যসমূহ তলত পইণ্ট হিচাপে আলোচনা কৰা হ’ল—
(i) সাধাৰণতে নিৰক্ষীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ বৰষুণৰ পৰিমাণ ক্ৰমে হ্ৰাস পায়। নিৰক্ষীয় অঞ্চলত সূৰ্য্যৰ ৰশ্মি পোনপটীয়াকৈ পৰাৰ বাবে উত্তাপ আৰু বাষ্পীভৱন বেছি হয়, ফলত অধঃক্ষেপ বেছি হয়। আনহাতে মেৰু অঞ্চলত সৌৰ ৰশ্মিৰ পৰিমাণ কম হোৱাৰ বাবে অধঃক্ষেপো কম হয়।
(ii) মহাদেশৰ তুলনাত মহাসাগৰত অধঃক্ষেপৰ পৰিমাণ অধিক। কাৰণ মহাসাগৰ হৈছে জলীয় বাষ্পৰ প্ৰধান উৎস আৰু অধিক বাষ্পীভৱনৰ ফলত অধিক বৰষুণ হয়।
(iii) মহাদেশৰ অন্তৰ্ভাগৰ তুলনাত উপকূলীয় অঞ্চলসমূহত বৰষুণৰ পৰিমাণ বেছি হোৱা দেখা যায়। উদাহৰণস্বৰূপে, ভাৰতৰ উপকূলীয় অঞ্চলত মধ্যভাৰতৰ তুলনাত অধিক বৰষুণ হয়।
(iv) পৃথিৱীৰ উপৰিভাগত প্ৰচলিত স্থায়ী বায়ু প্ৰবাহৰ প্ৰভাৱতো অধঃক্ষেপৰ বিতৰণ অসমান হয়। পশ্চিমা বায়ুৰ প্ৰভাৱত ৪৫° পৰা ৬৫° উত্তৰ আৰু দক্ষিন অক্ষাংশৰ মাজত মহাদেশৰ পশ্চিম প্ৰান্তত অধিক বৰষুণ হয়, আনহাতে পূৱ দিশলৈ ইয়াৰ পৰিমাণ ক্ৰমে হ্ৰাস পায়।
(v) পৰ্বত ৰাশিৰ উপস্থিতিৰ বাবেও অধঃক্ষেপৰ বিতৰণ অসমান হয়। উদাহৰণস্বৰূপে, হিমালয় পৰ্বতমালাৰ দক্ষিণ ঢালত মৌচুমী বায়ুৰ বাবে গ্ৰীষ্মকালত ধাৰাষাৰে বৰষুণ হয়, কিন্তু উত্তৰ ঢালত বৰষুণৰ পৰিমাণ অতি কম হয়।
(vi) ঋতুভেদেও অধঃক্ষেপৰ বিতৰণত পাৰ্থক্য দেখা যায়। যেনে— ভাৰতবৰ্ষত গ্ৰীষ্মকালত মৌচুমী বায়ুৰ বাবে অধিক বৰষুণ হয়, কিন্তু শীতকালত বৰষুণৰ পৰিমাণ কম বা সামান্য হয়।
(খ) ঘনীভৱনৰ বিভিন্ন প্রক্রিয়াবোৰ কি কি? নিয়ৰ আৰু হিম সৃষ্টি হোৱা প্রক্রিয়াটো বাখ্যা কৰা
উত্তৰঃ সূৰ্য্যৰ তাপত পৃথিৱী পৃষ্ঠৰ জলৰাশি বাষ্পীভৱন হৈ জলীয় বাষ্পৰ সৃষ্টি হয়। এই জলীয় বাষ্পবোৰ বায়ুমণ্ডলত ভাহি থাকে আৰু বিভিন্ন কাৰণত পুনৰ পানী বা বৰফলৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াকেই ঘনীভৱন বোলা হয়।
ঘনীভৱনৰ বিভিন্ন প্ৰক্ৰিয়াবোৰ তলত পইণ্ট হিচাপে দিয়া হ’ল—
(i) বায়ুৰ উত্তাপ হ্ৰাসঃ যেতিয়া সেমেকা বায়ু ঠাণ্ডা হয়, তেতিয়া ইয়াৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কমি যায়। ফলস্বৰূপে অতিৰিক্ত জলীয় বাষ্প ঘনীভূত হৈ পানীলৈ ৰূপান্তৰিত হয়।
(ii) উৰ্ধ্বপাতনঃ কেতিয়াবা কেতিয়াবা জলীয় বাষ্প পোনপটীয়াকৈ গোটা অৱস্থালৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াক উৰ্ধ্বপাতন বোলা হয়।
(iii) ঘনীভৱন কেন্দ্ৰৰ উপস্থিতিঃ মুক্ত বায়ুত থকা ধূলিকণা, ধোৱা, ধোঁৱা বা সমুদ্ৰৰ পৰা অহা লোনৰ সূক্ষ্ম কণাক কেন্দ্ৰ কৰি জলীয় বাষ্প ঘনীভূত হয়।
(iv) ঠাণ্ডা বস্তুৰ সংস্পৰ্শঃ যেতিয়া সেমেকা বায়ু কোনো ঠাণ্ডা বস্তুৰ সংস্পৰ্শলৈ আহে, তেতিয়াও ঘনীভৱন প্ৰক্ৰিয়া সংঘটিত হয়।
(v) শিশিৰাংকলৈ উত্তাপ হ্ৰাসঃ বায়ুৰ উত্তাপ শিশিৰাংকলৈ নামি আহিলেও ঘনীভৱন ঘটে। সেয়েহে ঘনীভৱন মূলত বায়ুৰ শীতলীকৰণ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল।
এইদৰে ক’ব পাৰি যে বায়ুৰ উত্তাপ হ্ৰাস আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধি হোৱাই ঘনীভৱনৰ প্ৰধান কাৰণ।
নিয়ৰ আৰু হিম সৃষ্টিৰ প্ৰক্ৰিয়া—
নিয়ৰঃ পৰিষ্কাৰ আকাশ, শান্ত বায়ু, অধিক আপেক্ষিক আৰ্দ্ৰতা আৰু দীঘল শীতল ৰাতিৰ পৰিবেশত বায়ুত থকা জলীয় বাষ্প ক্ষুদ্ৰ জলকণালৈ ৰূপান্তৰিত হয়। এই জলকণাবোৰ শিল, উদ্ভিদৰ পাত, ঘাঁহ-বন আদি কঠিন পৃষ্ঠত জলবিন্দু ৰূপে জমা হৈ থাকে। এইদৰে গঠিত জলবিন্দুক নিয়ৰ বুলি কোৱা হয়।
হিমঃ যেতিয়া বায়ুমণ্ডলৰ উত্তাপ ০° ছেলছিয়াচতকৈ কম হৈ যায়, তেতিয়া জলীয় বাষ্প পোনপটীয়াকৈ বৰফ কণালৈ ৰূপান্তৰিত হয়। এই বৰফ কণাবোৰ সূক্ষ্ম স্ফটিকৰূপে পৃষ্ঠভাগত জমা হয়। এইদৰে গঠিত বৰফ কণাক হিম বুলি কোৱা হয়।