AHSEC Class 11 Geography Chapter 12 পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন Question And Answer

পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন

অনুশীলন

১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions)

(ক) তলৰ কোনটো কোপেনৰ ‘A’ প্ৰকাৰৰ জলবায়ুৰ কাৰণে গ্রহণযোগ্য?

(১) ১২ মাহে অধিক বৰষুণ।

(২) আটাইতকৈ শীতল মাহটোৰ গড় উত্তাপ ০° ছেলছিয়াছৰ ওপৰত থাকে।

(৩) ১২ মাহৰ ভিতৰত, প্রত্যেক মাহৰে গড় উত্তাপ ১৮° ছেৰে ওপৰত থাকে।

(৪) প্রত্যেক মাহৰ গড় উত্তাপ ১০° ছে. ৰ তলত থাকে।

উত্তৰঃ (৩) ২১ মাহ ভিতৰত, প্ৰত্যেক মাহৰে গড় উত্তাপ ১৮° ছে.ৰ ওপৰত থাকে।

(খ) কোপেনৰ জলবায়ুৰ শ্রেণীবিভাজনক কোৱা হ’য়:

(১) ব্যৱহাৰিক (Applied)।

(২) প্রণালীবদ্ধ (Systematic)।

(৩) জন্মভিত্তিক বা সৃষ্টিধর্মী (Genetic)।

(৪) দৃষ্টভিত্তিক বা দেখি ধাৰণা কৰা বিধৰ (Empirical)।

উত্তৰঃ (৪) দৃষ্টভিত্তিক বা দেখি ধাৰণা কৰা বিধৰ (Empirical)।

(গ) কোপেনৰ পদ্ধতি মতে, ভাবতব অধিক অঞ্চলক ভাগ কৰা হৈছে তলৰ কোনটোবে:

(১) ‘Af’

(2) ‘BSh’

(৩) ‘Cfb’

(৪) ‘Am’

উত্তৰঃ (৪) ‘Am’

(ঘ) তলত দিয়াবোৰৰ কোনটো বছৰত গোলকীয় উত্তাপ বেছি আছিল?

(১) ১৯৯০

(২) ১৯৯৮

(৩) ১৮৮৫

(৪) ১৯৫০

উত্তৰঃ (২) ১৯৯৮

(ঙ) তলৰ চাৰিটা গোটৰ কোনটোৱে আর্দ্র অবস্থাক বুজায়?

(১) A-B-C-E

(2) A-C-D-E

(৩) B-C-D-E

(8) A-C-D-F

উত্তৰঃ (2) A-C-D-E

২. ৩০ টা শব্দৰ ভিতৰত তলব প্রশ্নবোৰৰ উত্তৰ দিয়া।

(ক) কোপেনে জলবায়ুক শ্রেণীবিভাগ কৰিবলৈ, জলবায়ুৰ কোন দুটা উপাদান ব্যবহাৰ কৰিছিল?

উত্তৰঃ কোপেনে পৃথিৱীৰ জলবায়ু শ্ৰেণীবিভাগ কৰিবলৈ মূলত দুটা জলবায়ুৰ উপাদান ব্যৱহাৰ কৰিছিল— উত্তাপ (Temperature) আৰু বৃষ্টিপাত (Precipitation)। এই দুটা উপাদানৰ নিৰ্দিষ্ট মান নিৰ্ধাৰণ কৰি তেওঁ সেইবোৰক উদ্ভিদৰ স্বাভাৱিক বিতৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। উত্তাপ আৰু বৃষ্টিপাতৰ পৰিমাণৰ ভিত্তিত উদ্ভিদৰ বৃদ্ধি আৰু বিস্তৃতি নিৰ্ভৰ কৰে বুলি ধৰি লৈ, কোপেনে এই দুটা উপাদানৰ সহায়ত পৃথিৱীৰ জলবায়ুক বৈজ্ঞানিক আৰু নিৰীক্ষণমূলকভাৱে শ্ৰেণীবিভাগ কৰিছিল।

(খ) জলবায়ুৰ সৃষ্টিধর্মী শ্রেণীবিভাগটো (genetic) কি ধৰণে দৃষ্টধর্মী (empirical) শ্রেণীবিভাগৰ পৰা পৃথক?

উত্তৰঃ জলবায়ুৰ সৃষ্টিধৰ্মী (Genetic) শ্ৰেণীবিভাগ আৰু দৃষ্টিধৰ্মী (Empirical) শ্ৰেণীবিভাগৰ মাজত মূল পাৰ্থক্যটো শ্ৰেণীবিভাগৰ আধাৰ বা ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰে। সৃষ্টিধৰ্মী শ্ৰেণীবিভাগত কোনো অঞ্চলৰ জলবায়ু গঠনৰ পিছফালে কাৰ্যকৰী কাৰকসমূহ—যেনে অক্ষাংশ, সৌৰ বিকিৰণ, বায়ু সঞ্চালন, চাপ বলয়, সমুদ্ৰ সোঁত আদি—বিবেচনা কৰা হয়। অৰ্থাৎ এই শ্ৰেণীবিভাগত “কিয়” আৰু “কেনেকৈ” কোনো বিশেষ ধৰণৰ জলবায়ু সৃষ্টি হৈছে, সেই কাৰণসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়।

ইয়াৰ বিপৰীতে, দৃষ্টিধৰ্মী বা Empirical শ্ৰেণীবিভাগ তথ্য আৰু পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি কৰা হয়। এই পদ্ধতিত বিশেষকৈ উষ্ণতা আৰু বৃষ্টিপাতৰ পৰিমাপ কৰা তথ্য ব্যৱহাৰ কৰি জলবায়ুক ভাগ কৰা হয়, জলবায়ু গঠনৰ মূল কাৰণসমূহত গভীৰভাৱে প্ৰৱেশ নকৰাকৈ। কোপেনে তেওঁৰ জলবায়ু শ্ৰেণীবিভাগত এই দৃষ্টিধৰ্মী পদ্ধতি গ্ৰহণ কৰি উত্তাপ আৰু বৃষ্টিপাতৰ নিৰ্দিষ্ট মান নিৰ্ধাৰণ কৰি, সিহঁতক উদ্ভিদৰ বিতৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰি পৃথিৱীৰ জলবায়ুক শ্ৰেণীবিভাগ কৰিছিল।

(গ) কোনো প্রকাৰৰ জলবায়ুত উত্তাপৰ পৰিসৰ আটাইতকৈ কম?

উত্তৰঃ কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাগৰ মতে- E (মেৰু দেশীয় জলবায়ু) প্ৰকাৰৰ জলবায়ুত উত্তাপৰ পৰিসৰ আটাইতকৈ কম। এই প্ৰকাৰৰ জলবায়ু ৭০° অক্ষৰেখাৰ পৰা মেৰু বিন্দুলৈ পোৱা যায়। এই প্ৰকাৰটো দুটা ভাগত বিভক্ত কৰা হৈছে তুন্দ্ৰা আৰু বৰফস্তুপ। এই জলবায়ুৰ প্ৰভাৱত থকা অঞ্চল বিলাক বছৰৰ সকলো সময়তে বৰফে ঢাকি ৰাখে। উত্তাপৰ পৰিসৰ তেনেই নগন্য হোৱা বাবে এই অঞ্চল সমূহত অধঃক্ষেপনৰ পৰিমাণো অতি কম।

(ঘ) সৌৰচেকা (Sunspots) বৃদ্ধি হ’লে কোন প্রকাৰৰ জলবায়ুৰ অৱস্থা দেখা যায়?

উত্তৰঃ পৃথিৱীৰ জলবায়ুৰ পৰিবৰ্তন হোৱাৰ বহুতো কাৰন আছে। সেইবোৰৰ ভিতৰত সৌৰচেকা এটা কাৰক বুলি জ্যোতিষী মহলে মত দাঙি ধৰিছে। এইবোৰ কলা আৰু শীতল চেকা, যিবোৰ চক্ৰাকাৰ গতিত কম বেছি হয়। বতৰ বিজ্ঞানী কিছুমানৰ মতে সৌৰচেকাৰ পৰিমান বৃদ্ধি হলে পৃথিৱীত শীতল, আৰ্দ্ৰ আৰু অধিক ধুমুহা বতৰৰ উৎপত্তি হয় বুলি মত আগবঢ়াইছে।

৩. ১৫০ টা শব্দত তলৰবোৰৰ উত্তৰ দিয়া।

(ক) ‘A’ আৰু ‘B’ প্রকাৰৰ জলবায়ুৰ অৱস্থাৰ তুলনা কৰা।

(খ) ‘C’ আৰু ‘A’ প্রকাবৰ জলবায়ুত কি ধৰণৰ উদ্ভিদ দেখা যায়?

(গ) ‘সেউজগৃহ গেছ’ বুলিলে কি বুজা? এইবোৰ গেছৰ এখন তালিকা বনোৱা।

Scroll to Top