AHSEC Class 11 Geography Chapter 16 জৈৱ-বৈচিত্ৰ আৰু সংৰক্ষণ Question And Answer

অনুশীলন

১। বিবিধ পচন্দৰ প্রশ্নাবলী

(i) জীৱ-বিচিত্ৰতাৰ সংৰক্ষণৰ প্রয়োজন হৈছে:

(ক) জীৱ-জন্তুৰ কাৰণে

(খ) জীৱ-জন্ত আৰু উদ্ভিদৰ কাৰণে

(গ) উদ্ভিদৰ কাৰণে

(ঘ) সকলো জীৱৰ কাৰণে

উত্তৰঃ (ক) জীৱ-জন্তুৰ কাৰণে

(ii) অসুৰক্ষিত প্রজাতিবোৰ হ’ল:

(ক) যিয়ে আনক ভয় খুৱাই।

(খ) সিংহ আৰু বাঘ।

(গ) সংখ্যাত অতি বেছি।

(ঘ) বিলুপ্তিৰ পথত আগবাঢ়িছে।

উত্তৰঃ (ঘ) বিলুপ্তিৰ পথত আগবাঢ়িছে।

(iii) তলৰ কোনটো উদ্দেশ্যৰ কাৰণে ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্যবোৰ স্থাপন কৰা হৈছে।

(ক) আমোদ-প্রমোদ।

(খ) চিকাৰ।

(গ) পোহনীয়া।

(ঘ) সংৰক্ষণ।

উত্তৰঃ (ঘ) সংৰক্ষণ।

(iv) জৈৱ-বৈচিত্র তলব কোনটো অঞ্চলত অধিক

(ক) ক্রান্তীয় অঞ্চল

(খ) মেক অঞ্চল

(গ) সমমণ্ডলীয় অঞ্চল

(ঘ) মহাসাগৰাবাৰ

উত্তৰঃ (ক) ক্রান্তীয় অঞ্চল

(v) তলৰ কোনখন দেশত বিশ্ব সম্মিলন (Earth Summit) অনুষ্ঠিত হৈছিল।

(ক) যুক্তৰাজ্য (UK)

(খ) মেক্সিকো

(গ) ব্রাজিল

(ঘ) চীনদেশ

উত্তৰঃ (গ) ব্রাজিল।

২। ৩০ টা শব্দৰ ভিতৰত তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া।

(i) জৈৱ-বিচিত্রতা কি?

উত্তৰঃ জৈৱ-বিচিত্ৰতা বুলিলে পৃথিৱীৰ কোনো এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত পোৱা সকলো প্ৰকাৰৰ জীৱ—উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ— তেওঁলোকৰ সংখ্যা, প্ৰকাৰ আৰু বৈচিত্ৰ্যক বুজোৱা হয়। জৈৱ-বিচিত্ৰতা দুটা শব্দৰ সংযোগত গঠিত— ‘জীৱ’ আৰু ‘বিচিত্ৰ’, যাৰ অৰ্থ হৈছে জীৱজগতৰ বৈচিত্ৰ্যতা। ই এটা গতিশীল প্ৰক্ৰিয়া, যি ক্ৰমবিকাশৰ জৰিয়তে সদায় পৰিৱর্তনশীল হৈ থাকে। সেয়েহে পৃথিৱীৰ কোনো নিৰ্দিষ্ট অঞ্চলত থকা জীৱসমূহৰ বৈচিত্ৰ্যকেই চমুকৈ জৈৱ-বিচিত্ৰতা বুলি কোৱা হয়।

(ii) জীৱ-বিচিত্রতাৰ বেলেগ বেলেগ স্তৰবোৰ কি?

উত্তৰঃ জীৱ-বিচিত্ৰতাৰ তিনিটা স্তৰ হ’ল-

(১) অনুবংশিক জৈৱ-বৈচিত্ৰ্য।

(২) প্ৰজাতীয় সম্পৰ্কীয়।

(৩) পৰিস্থিতি তন্ত্ৰীয়-বৈচিত্ৰ্যতা।

(iii) হটস্পটছ (hotspots) মানে কি বুজা?

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইত জৈৱ-বিচিত্ৰতা একে নহয়। জৈৱ-বিচিত্ৰতা বুলিলে কোনো এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত থকা জীৱসমূহৰ সংখ্যা আৰু প্ৰকাৰৰ বৈচিত্ৰ্যক বুজোৱা হয়। পৃথিৱীৰ কিছুমান বিশেষ অঞ্চল আছে যিবোৰ অন্য অঞ্চলসমূহতকৈ প্ৰজাতিৰ দিশৰ পৰা অধিক ধনী। যিবোৰ ভৌগোলিক অঞ্চলত বিভিন্ন ধৰণৰ অধিক সংখ্যক উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি পোৱা যায়, সেই অঞ্চলসমূহক জৈৱ-বিচিত্ৰতাৰ হটস্পটছ (Hotspots) বুলি কোৱা হয়।

(iv) মানুহৰ কাৰণে জীব-জন্তৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰঃ পৃথিৱীৰ সকলো উপাদান মানৱ জাতিৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ। পৃথিৱীৰ কোনো এটা উপাদান নোহোৱা হ’লে মানৱ সমাজৰ স্বাভাৱিক জীৱন ব্যৱস্থা ব্যাহত হ’ব পাৰে, আনকি মানুহৰ জীয়াই থকাটোও অসম্ভৱ হৈ পৰিব পাৰে। কিন্তু মানৱ জাতি নাথাকিলেও পৃথিৱীৰ আন উপাদানসমূহ বা জীৱ-জন্তুবোৰৰ অস্তিত্বত বিশেষ সমস্যা নোহোৱা হয়। এই কথাই মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক কিমান গভীৰ তাক সূচায়।

জীৱ-জন্তুবোৰ মানুহৰ বাবে এইবাবেই প্ৰয়োজনীয় যে সিহঁতে মানুহৰ দৈনন্দিন প্ৰয়োজনীয় বহুতো বস্তুৰ যোগান ধৰে। খাদ্য, কাপোৰ-কানি, ঔষধ-পত্ৰ, কাঁচামাল আৰু বিভিন্ন ব্যৱহাৰযোগ্য সামগ্ৰী জীৱ-জন্তুৰ পৰাই মানৱ জাতিয়ে লাভ কৰে। ইয়াৰ উপৰি মানুহে উৎপাদন কৰা অথচ ব্যৱহাৰ নোহোৱা বহুতো অপচয় সামগ্ৰী কিছুমান জীৱ-জন্তুৱে ব্যৱহাৰ কৰি পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে। সেয়েহে মানুহ আৰু জীৱ-জন্তুৰ মাজৰ আন্তঃসম্পৰ্ক অতি গুৰুত্বপূৰ্ণ আৰু এৰাব নোৱাৰা।

(v) বাহিৰৰ পৰা অহা প্রজাতি (exotic species) মানে কি বুজা।

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অংশত ভিন্ন ভিন্ন ধৰণৰ জৈৱ-বৈচিত্ৰতা দেখা যায়। কিছুমান প্ৰজাতি কোনো এটা নিৰ্দিষ্ট পৰিৱেশৰ সৈতে খাপ খাই লৈহে জীয়াই থাকিব পাৰে। কেতিয়াবা যেতিয়া কোনো বিশেষ পৰিৱেশত সেই প্ৰজাতিৰ জীয়াই থকাটো কঠিন হৈ পৰে, তেতিয়া সেই প্ৰজাতিৰ জীৱসমূহক অন্য এখন ভৌগোলিক অঞ্চল বা পৰিৱেশলৈ আনি স্থাপন কৰা হয়। এইদৰে নিজৰ স্বাভাৱিক বাসস্থানৰ বাহিৰৰ পৰা আনি ৰখা প্ৰজাতিসমূহক বাহিৰৰ পৰা অহা প্ৰজাতি বা বহিৰাগত প্ৰজাতি (Exotic Species) বুলি কোৱা হয়।

৩। ১৫০ টা শব্দৰ ভিতৰত তলব প্রশ্নবোৰৰ উত্তৰ দিয়া।

(i) জৈৱ-বিচিত্রতাই, প্রকৃতিক আকৃতি দিয়াত (গঠন কৰাত) কি ধৰণৰ ভূমিকা পালন কৰিছে?

উত্তৰঃ পৃথিৱীখন বৈচিত্ৰৰে ভৰপূৰ, আৰু এই বৈচিত্ৰৰ মূল কাৰণ হৈছে জৈৱ-বিচিত্ৰতা। পৃথিৱীৰ পৃষ্ঠৰ বিভিন্ন অংশত ভিন্ন ভিন্ন ধৰণৰ জীৱ-জন্তু আৰু উদ্ভিদ পোৱা যায়, যাৰ ফলস্বৰূপে পৃথিৱীখন সুন্দৰ আৰু বৈচিত্ৰ্যময় হৈ উঠিছে। সেয়েহে প্ৰকৃতিক আকৃতি দিয়াত জৈৱ-বিচিত্ৰতাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি ক’ব পাৰি।

জৈৱ-বিচিত্ৰতা ভিন্ন হোৱাৰ বাবেই পৃথিৱীৰ বিভিন্ন পৰিৱেশত মানুহকে আদি কৰি বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু আৰু গছ-গছনি দেখা যায়। উদাহৰণস্বৰূপে, ভাৰতৰ উত্তৰ-পূৱ অঞ্চল বিশেষকৈ অসম ৰাজ্যৰ কথা উল্লেখ কৰিব পাৰি। অসমৰ মাটিত এক শিঙীয়া গঁড় নামৰ বিশেষ প্ৰাণীটো পোৱা যায়, যি পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়। এই বিশেষ প্ৰজাতিৰ উপস্থিতিয়ে এই অঞ্চলৰ জৈৱ-বিচিত্ৰতাক এক সুকীয়া পৰিচয় দিছে।

একেদৰে কেংগাৰু নামৰ প্ৰাণীটো কেৱল অষ্ট্ৰেলিয়া মহাদেশতহে পোৱা যায়। সেয়েহে অষ্ট্ৰেলিয়া মহাদেশৰ জৈৱ-বিচিত্ৰতাৰ এক বিশেষ স্থান আছে। তেনেদৰে জেব্ৰা আৰু জিৰাফ নামৰ প্ৰাণীবিধ আফ্ৰিকা মহাদেশতহে পোৱা যায়, আফ্ৰিকাৰ বাহিৰে পৃথিৱীৰ আন কোনো ঠাইত এই প্ৰাণীবিধ দেখা নাযায়। এইবোৰ উদাহৰণে দেখুৱায় যে ভিন্ন অঞ্চলত ভিন্ন জৈৱ-বিচিত্ৰতাই সেই অঞ্চলসমূহক এক সুকীয়া প্ৰাকৃতিক আকৃতি প্ৰদান কৰিছে।

উষ্ণ মৰুভূমি অঞ্চলতো জৈৱ-বিচিত্ৰতাৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। এই অঞ্চলত প্ৰধান জীৱ হিচাপে উট পোৱা যায়, যিয়ে মৰুভূমিত বসবাস কৰা মানুহক যান-বাহনৰ সুবিধা দিয়াৰ উপৰিও খাদ্যৰ যোগান ধৰে। মৰুভূমিত পানীৰ অভাৱ থকাৰ বাবে বৃহৎ গছ-গছনিৰ পৰিৱৰ্তে কাঁইটীয়া আৰু জোপোহা গছহে দেখা যায়, যিয়ে সেই অঞ্চলৰ সুকীয়া জৈৱ-বিচিত্ৰতা গঠন কৰিছে। আনহাতে শীতল মৰুভূমিত আকৌ ভিন্ন ধৰণৰ জীৱ-জন্তু আৰু উদ্ভিদ পোৱা যায়, যিয়ে তাত এক বেলেগ ধৰণৰ জৈৱ-বিচিত্ৰ গঢ়ি তোলে।

জীৱ-জন্তুৰ লগতে গছ-গছনিও পৃথিৱীৰ বিভিন্ন অংশত ভিন্ন ভিন্ন জৈৱ-বিচিত্ৰ গঠন কৰাত সহায় কৰে। উদাহৰণস্বৰূপে ক্ৰান্তীয় অঞ্চলত দেখা পোৱা ঘন অৰণ্য আৰু উদ্ভিদ বৈচিত্ৰ্য সমমণ্ডলীয় বা ঘাঁহনি অঞ্চলত দেখা পোৱা নাযায়। এই ভিন্নতাই পৃথিৱীৰ বিভিন্ন অংশক ভিন্ন প্ৰাকৃতিক আকৃতি প্ৰদান কৰিছে।

ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হয় যে পৃথিৱীৰ বিভিন্ন অংশত ভিন্ন ভিন্ন জৈৱ-বিচিত্ৰতা বিৰাজমান। অৰ্থাৎ প্ৰকৃতিক আকৃতি দিয়াত জৈৱ-বিচিত্ৰতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। জৈৱ-বিচিত্ৰতা বেলেগ হোৱাৰ বাবেই বিভিন্ন অঞ্চলত বেলেগ বেলেগ ভূ-আকৃতি, প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু পৰিৱেশ গঢ় লৈ উঠিছে।

অৱশ্যে এইটোও ক’ব লাগিব যে প্ৰাকৃতিক আকৃতি বেলেগ বেলেগ হোৱাৰ বাবেই পৃথিৱীৰ বিভিন্ন ঠাইত ভিন্ন জৈৱ-বিচিত্ৰতা দেখা যায়। যদি গোটেই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ একে হ’লহেতেন, তেন্তে সকলো ঠাইতে একে ধৰণৰ জৈৱ-বিচিত্ৰতাহে পোৱা গ’লহেতেন। সেয়েহে শেষত ক’ব পাৰি যে জৈৱ-বিচিত্ৰতা আৰু প্ৰাকৃতিক গঠনৰ মাজত এক গভীৰ আৰু নিবিড় সম্পৰ্ক আছে, যাৰ ফলতেই পৃথিৱীখন ইমান সুন্দৰ আৰু বৈচিত্ৰ্যময় হৈ উঠিছে।

(ii) জৈৱ-বিচিত্ৰতাৰ ক্ষতিৰ কাৰণে কোনবোৰ কাৰক প্রধানকৈ জগৰীয়া? এই ক্ষতি নির্মূল কৰাৰ কাৰণে কি ব্যৱস্থা লোৱা দৰকাৰ?

উত্তৰঃ জৈৱ-বিচিত্ৰতাৰ ক্ষতিৰ পিছনে বহুতো কাৰক জগৰীয়া। যদিও এই কাৰকসমূহৰ ভিতৰত কিছুমান কাৰকক প্ৰধান বুলি গণ্য কৰা হয়। সেইবোৰ তলত উল্লেখ কৰা হ’ল—

জৈৱ-বিচিত্ৰতাৰ ক্ষতিৰ প্ৰধান কাৰকসমূহঃ

(ক) মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপঃ মানৱ জাতিয়ে নিজৰ আৰু দেশৰ অৰ্থনৈতিক উন্নয়নৰ নামত প্ৰকৃতিৰ সম্পদসমূহ অতিমাত্ৰাত আৰু অবিবেচিতভাৱে ব্যৱহাৰ কৰি আহিছে। অৰণ্য ধ্বংস, খনন কাৰ্য, শিল্প স্থাপন আদিৰ ফলত পৰিৱেশ বিনষ্ট হৈছে আৰু ইয়াৰ প্ৰভাৱ জৈৱ-বিচিত্ৰতাৰ ওপৰত স্পষ্টভাৱে পৰিছে।

(খ) মানুহৰ সামাজিক-অৰ্থনৈতিক অৱস্থাঃ মানুহৰ কাৰ্যকলাপক মূলতঃ দুই ভাগত বিভক্ত কৰিব পাৰি—
(১) দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে জীয়াই থকাৰ তাড়নাত বন ধ্বংস, অবৈধ শিকাৰ আদি কৰি জৈৱ-বিচিত্ৰতাৰ ক্ষতি কৰিছে।
(২) ধনী শ্ৰেণীৰ লোকসকলে অধিক লাভ আৰু অধিক সম্পদ আহৰণৰ লোভত বৃহৎ পৰিসৰত প্ৰাকৃতিক সম্পদৰ শোষণ কৰি জৈৱ-বিচিত্ৰতাক ক্ষতিগ্ৰস্ত কৰিছে।

(গ) বিজ্ঞান আৰু প্ৰযুক্তিৰ অনিয়ন্ত্রিত ব্যৱহাৰঃ বিজ্ঞান আৰু প্ৰযুক্তিৰ নতুন নতুন আৱিষ্কাৰে মানুহৰ জীৱন সহজ আৰু আৰ্থিক উন্নয়নত সহায় কৰিছে যদিও ইয়াৰ অনিয়ন্ত্রিত ব্যৱহাৰে জৈৱ-বিচিত্ৰতাৰ ওপৰত গভীৰ ক্ষতি সাধন কৰিছে। উদাহৰণস্বৰূপে পাৰমাণৱিক আৱিষ্কাৰ আৰু পাৰমাণৱিক পৰীক্ষাসমূহে পৰিৱেশ আৰু জীৱজগতত গুৰুতৰ প্ৰভাৱ পেলাইছে।

(ঘ) জনসংখ্যা বৃদ্ধিঃ বিশেষকৈ অনুন্নত আৰু উন্নয়নশীল দেশসমূহত জনসংখ্যা বৃদ্ধিৰ ফলত অৰণ্য ধ্বংস, বাসস্থানৰ সংকোচন আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত অত্যধিক চাপ পৰিছে, যাৰ ফলত জৈৱ-বিচিত্ৰতাৰ ক্ষতি ঘটিছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top